Sunday, 30 August 2015

কবিতা: "ঘৰ জ্বলাৰ পিছত" কবি:- লোচন কৌশিক

কোনোবাই সুধিলে
ঠিকনা ক'ব পৰাকৈ
এটা ঘৰ আছিল
জ্বলিল...
জ্বলিল
চৰায়ে ঠোঁটত কঢ়িয়াই অনা ৰ'দ
গৰ্ভধাৰন কৰা মুধচ
মই জীৱনত
প্ৰথমবাৰ ভৰি দিয়া পদূলী
পুৰণি বাকচ
আৰু বহু দুখেৰে সাঁচি থোৱা
সেই মেজৰ উকা কাগজবোৰ
এটা উকা কাগজ-
এটা কবিতাৰ শৰীৰ
জ্বলিল
দেৱালৰ সেই পুৰণা ঘড়ী
ওলমি থকা ভগৱানৰ ছবি
আৰু কাষতে মিচিকিয়াই থকা
কলাগুৰুৰ দুটি ওঁঠ
কবিগুৰুৰ দাড়ি
সকলো জ্বলিল……
যেতিয়া মাক তুলসীজোপাৰ কাষত দেখিলোঁ
মই কন্দা নাছিলো
কান্দিছিল টোপাল-টোপাল চকুলোবোৰে
মোৰ সিক্ত দুচকু মচি দি
বোকাত ফুলা পদুম হৈ
স্বতন্ত্ৰ হাঁহিৰে
মায়ে কলে-
বোপা !
এতিয়া তেওঁলোকে মধ্যৰাতিত
শিল নিক্ষেপ নকৰে
আমাৰ খিড়িকীয়ে-খিড়িকীয়ে
মই বুজিলোঁ
আনন্দৰ নিদ্ৰাৰ বাবে
নিজৰে ঘৰ জ্বলিবলৈ দিব লাগে……!!

কবিতা: "বুৰঞ্জী " কবি:- মনোজ নেওগ

''জ্বলাবৰ বাবে আজি নুমাই দিয়া হওঁক চাকিবোৰ''
......
মৌনতাৰ অন্দৰ মহলত যাপন হৈছিল হুকুমনামা
নুমাই দিয়া হ'ল সকলো পোহৰ
''ব্লেক-আউট''
.....
চহৰখনত এতিয়া আন্ধাৰ l
....
কুষ্ঠ ৰোগত ভোগা সময়ৰ ওপৰেদি পাৰ হৈছিল এদল মানুহ
জ্বলি আছিল ফচফৰাচ সপোন
আন্ধাৰ যদিওবা আছিল
অন্ধ নাছিল কোনো...
মন মন্দৰ মন্থনত
মন্দিৰ মুখৰিত
জ্বলি আছিল কঙাল পথাৰৰ বৈভৱ
ধনগুলৈ জুই...
জ্বলি আছিল পেটত কত জনতাৰ ভোক
দেহ জ্বলি আছিল
মুখ সুৱৰ্ণ শিখা
শব্দ জ্বলি আছিল
নি:শব্দ কবিতা
.......
যদিওবা আন্ধাৰ আছিল 
খাৰঘৰটো জ্বলিছিল দপ্-দপকৈ... l

কবিতা: "আহাৰৰ মালিতা" কবি:- মানসজ্যোতি

আকাশৰ কপালত
কোনে দিলে আঁকি
সুমথিৰা বেলি
.
মেঘৰ ঢৌ কাটি
নামি আহে
সেন্দূৰীয়া নদী
.
সূৰ্যমুখীৰ বুকুত জিৰায়
পিয়াহাতুৰ চকু
.
ডাৱৰৰ ঘাটত আজি
পানী নাই
পানী নাই
.
কলহৰ কাণখোৱা
পানীপিয়া চৰাইৰ
জঠৰ ডেউকাত
সুমথিৰাই আহি জিৰায়
.
ডাৱৰৰ ঘাটত আজি
পানী নাই
পানী নাই
.
সোণগুটি শুৱনি
দাৱনী বুকুৰ মেথনী
শুকান আৰু শুকান
ডাৱৰৰ ঘাটত যে আজি
পানী নাই
পানী নাই

'মই ৰাজপথ' কবি:- ভাস্কৰ জিৎ নাথ

নিথৰ স্পন্দনহীন শৰীৰে সৃষ্টিক সাবটি আজীৱন চিৰ কম্পনহীন মই ৰাজপথ,
পূব-পশ্চিম-উত্তৰ-দক্ষিণ সবাকে সামৰি ৰচোঁ একতাৰ জৰী,জীৱন নদীৰ সু-পথ।
.
মোৰ বুকুতে বহে ভাগৰুৱা জীৱনৰ এটি দুটি আঁউসী নিশা,
কোলাতে শোৱে গৃহহীন নৰ-নাৰীৰ উচ্চ আকাংক্ষা।
.
যেতিয়া সূর্যৰ পৰিধি সামৰি নিশাৰ নিয়ন লাইটবোৰ জ্বলি উঠে,
তেতিয়া নীলা শিয়ালৰ আঘাতত ধর্ষিত হয় মোৰ দেহা।
.
মাজনিশা আজিও শুনো কোনোবা গাভৰুৰ অসহায় আর্তনাদ.....
শুনো পুৱতি নিশালৈকে জাগ্রত মাতৃৰ পুত্র বিচ্ছেদৰ হিয়াভগা কান্দোন।
.
মই ৰাজপথ...,
আপোনাৰ সুখত সুখী,দুখত দুখী,
অপূর্ণ জীৱন যাত্রাৰ ময়ো আপোনাৰ সহযাত্রী।
.
সৌ সিদিনালৈকে বাজি আছিল মোৰ বুকুতে কোনোবা কানাইৰ মোহন বাঁহী,
বাজি আছিল গৰখীয়াৰ মুখত হেঁপাহৰ,আদৰৰ বিহুটি।
.
মই অসহায় হওঁ...
যেতিয়া মোৰ কোলাতে বিস্ফোৰিত হয় জনতাৰ তেজৰঙী সপোনবোৰ,
ঠিতাতে বাগৰি পৰে নিষ্পাপ নির্দোষ মৃতদেহৰ অংশ বোৰ।
.
কিদৰে বুজাওঁ...
কণমানি শিশুটিক,
পিতৃৰ শিৰ কোলাত লৈ অশ্রু মচা পত্নীক।
কিদৰে সান্তনা দিওঁ বৃদ্ধা মাতৃক,
মৃত ভাতৃক সাবটি উচুপি থকা ভগ্নীজনীক।
.
মই আজি মৌন...,
ৰঙা ৰং বোৰ গাত সানি জীৱন্তে হৈ পৰিছো মৃত।
মই নেজানো মোৰ কেতিয়া জন্ম,
বা কেতিয়া হব মোৰ এই যাত্রাৰ অন্ত...।

"ৰজাৰ মাকৰ অশৌচ" কবি-অনিতা গগৈ

ৰজাৰ মাকৰ অশৌচ
উমি উমি জ্বলি আছে তুঁহজুইকুৰা...
এলাপেচা নহয় ৰজাৰ বংশ,
ৰাজমাৱে ল'ৰাপাবৰ অশৌচ
দেশখনেই চুৱা
ৰাইজখনেই শান্তিয়নী খোৱা।
বৰটোপ কামান সাজু কৰা আছে,
হিলৈধাৰীও সাজু আছে শিলামূৰ্তিৰ দৰে
উস! বুলিলেই হ'ল,
টেৱাঁ টেৱাঁ নৌ বুলোতেই
বাজিব ৰংশিঙা।
শান্তিজানৰ পানী বিছাৰি যোৱা ৰ'জাৰ চৰ
নৰীয়াত পৰা বেলিৰ ছাঁতে লাগি ৰ'ল থৰ
চকুৰ পচাৰতে হুৰুসকৈ খঁহি পৰিল গৰা
ৰমলিয়াই ৰমলিয়াই খবৰটো দিওঁ বুলি
দৰবত দিবলৈ 'এখামোচ মাটি'
ঠোঁটতে লৈ উৰা মাৰিল
পানী কাউৰী এটা
ৰজাৰ ঘৰলৈ এফাৰ্লং বাকী...
বতাহজাক বৰকৈ বলিল
বিহসনা কাঁড় এপাট
বতাহতে উৰি আহি...
কাউৰীটোৰ বুকুৰে ওলাই
নগৰখনৰ মাজেৰে সৰকি
খুটা এটা দুফাল কৰি গ'ল
তুঁহজুইকুৰাত
তেজ চিটিকি পৰি
দপ্ দপাই জ্বলিছে জুই...
ৰজাৰ মাকৰ অশৌচ,
ৰজাৰ ঘৰত হুৱাদুৱা
দেশখনেই চুৱা...
কোনফালে চকু দিয়ে চকু ৰজাই ?
ৰমলিয়াই অহা পানী কাউৰীটোৰ দৰে
বাহী শ' হৈ পৰি আছে খঁহা গৰাৰ মাটি...!

জীৱন -প্ৰভাকৰ শৰ্মা নেওগ

মই জীয়াই আছোঁ।
জীয়াই আছোঁ মই পৰ্বত ভৈয়াম নদী জান জুৰি হৈ
বৃক্ষ গুল্ম শাখা প্ৰশাখাত একাকাৰ হৈ
এমুঠি আবেগ হৈ।
সুৰুজ ব্‌হ্নিত প্ৰজ্জলিত হৈ জীয়াই আছোঁ মই,
বৰষা বিধৌত এটা ফুলকলি হৈ,
শৰত সন্ধ্যাৰ শেৱালি সুবাসৰ সংগী মই
কমোৱা তুলা হৈ উমলি ৰওঁ বতাহত আনমনা হৈ।
তোমাৰ মাজতো জীয়াই আছোঁ মই
এক স্বকীয় মই হৈ,
তুলসি তলতো সেয়া তুমি নহয়, মই
এক অনন্ত প্ৰাৰ্থনা হৈ । 

ব্যস্ততা -ৰঞ্জন বৰ্মন

আজি আকৌ উভতি আহিছোঁ নদীৰ পাৰলৈ
বালি খান্দি বিচাৰিছো এৰি অহা দিনবোৰ
যিবোৰ সময়ৰ পাখি পিন্ধি গুচি গ'ল
বহু দিনৰ আগতেই উভতি নহাৰ বাটেৰে !
.
আপাততঃ আমি বিষম ব্যস্ত
এটি সপোন পূৰ হ'ল কি নহ'ল
দৌৰিব আৰম্ভ কৰি দিওঁ অন্য এটি সপোনৰ পিছে পিছে...
এনেকৈয়ে আমি পাহৰি থাকোঁ হৃদয়ৰ খবৰ সুধিবলৈ
যিয়ে এদিন আমাৰ হাতৰ আঙুলিত ধৰি
বাট বুলাইছিল বকুলৰ তলেৰে !
.
ব্যস্ততাই আমাক এনেদৰে আৱৰি ৰাখে
আমাক মোহাছন্ন কৰিব নোৱাৰে
তলসৰা শেৱালি ফুলবোৰে,
কাকিনি তামোলজোপাৰ ফাঁকেৰে সৰকি পৰা কোমল জোনাকে,
চৰাইৰ চকুৰ ধুনীয়াখিনিয়ে,
অৰণ্যৰ সেউজীয়াই, আকাশৰ বিশালতাই
আনকি আমাৰ বুকুত স্পৰ্শ কৰিব নোৱাৰে
দুৰ্ভগীয়াজনৰ কৰুণ আৰ্তনাদে
এনেকৈয়ে আমি ক্ৰমশঃ স্বাৰ্থপৰ হৈ উঠোঁ
.
আৰু এদিন
সপোনৰ পিছে পিছে দৌৰি আমি ভাগৰি পৰোঁ
সৰোবৰৰ পানীৰ দৰে স্বচ্ছ হৈ পৰে আমাৰ ব্যস্ততাৰ অসাৰতা
নীড়মুখী চৰাইজাকৰ দৰে
আমি তেতিয়া উভতি যাব খুজোঁ অতীতলৈ...
যিবোৰে সময়ৰ পাখি পিন্ধি গুচি গ'ল
বহু দিনৰ আগতেই উভতি নহাৰ বাটেৰে !

পুৰুষ -নিশাংক মিলন

নিখোজ আঠুৱাৰ চৌহদত
এয়া কাৰ ধোঁৱাৰ শৰীৰ ?
মোৰতো নহয়,
লাওখোলাৰ কব্জা খুলি কোনে
লিৰিকি চাই মোৰ মগজুৰ গোপন তৰল;
হে প্ৰিয়তমা, মোক ভুল নুবুজিবা;
ৰাজহাড়েদি বগাই অহা ফোচঁফোচঁনিৰ মণি
জুনুকা হৈ বাজা দুভৰি
তোমাৰতো নহয়;
প্ৰতিখন দুৱাৰ খুলি উঠাৰ পিছতো
মোৰ আঙুলিত বাজি থাকে এটা টোকৰ;
সকলো ঠিকনা জনাৰ পিছ্তো
মই বাৰে বাৰে যেন হৈ পৰো নিৰুদ্দেশ; 
সুখৰ দৰে সুখীতো মই হ’ব নোখোজো
অথবা দুখৰ দৰে দুখী ;
হয়তো সেয়ে
প্ৰাপ্তিৰ চুড়ান্ত অহংকাৰেৰে গ্ৰহণ কৰিও
মই যুগে যুগে পাহৰি যাও শকুন্তলাক,
হয়তো সেয়ে
মৰ্য্যদাৰ সৰ্বোত্তম প্ৰেমৰ প্ৰাপক হৈও
মই অগ্নিপৰীক্ষা লও জানকীৰ,
বাৰম্বাৰ;
হে সময়, কি বিচাৰি ফুৰো মই ?
কি পাব খোজো মই-
পৃথিৱী, নৰক, স্বৰ্গ নে আকাশ ?
কি হব খোজো মই -
ঈশ্বৰ নে কিন্নৰ ?
অধীশ্বৰ হৈও স্বৰ্গৰ সিংহাসনৰ
মই যাপন কৰো অহল্যাৰ শৰীৰী নিষিদ্ধতা ;
ক’ত স্থবিৰ হব মোৰ আকাংক্ষাৰ প্ৰগতি ?
কি সোৱাদত আঁতৰ হব মোৰ জিভাৰ প্ৰাপ্তোত্তৰ বিস্বাদ ?
কাৰ উত্তাপত গলি মোৰ প্ৰত্যাশাৰ তপত বৰফ
বৈ যাব কাৰ কাষলৈ ??
পানীৰ ভৰত দোঁ খাই পৰে মোৰ সমুদ্ৰ,
শামুকৰ খোলাত লাগি ধৰে ঢৌৰ স্থানু সাঁতোৰ
ডিঙি মেলি চাই ৰওঁ মই সেই নাৰীৰ হৃদয়ত
মোৰ সত্তাৰ ধ্ৰুপদ বৰ্ণালী,
যাৰ নখত খোদিত থাকে মোৰ মৃত্যুৰ নিৰ্ভুল ৰাশি !
দাপোনত মইতো মোক নেদেখো,
দেখো মোৰ সেই দূৰ্দান্ত প্ৰতিৰূপক;
সৰ্বস্ব জয় কৰি আহি 
বাৰে বাৰে পৰাজয় হয় মোৰ যাৰ ওচৰত
সুখৰ ৰঙীন লাটুম ঘুৰাই
মই নিচুকাই থওঁ আত্মাক মোৰ আত্মজ শৰীৰত;
আৰু নিজৰ পৰা লুকুৱাই থওঁ নিজক,
নিজৰ বাবে বিষাদৰ চোৰাং সংগ্ৰহত !!

ভালপোৱাৰ তিনিটা স্তৱক -আলতাফ হুচেইন

(এক)
তাইৰ দুচকুৰ দুফোটা কাজল
মই চুৰ কৰো গোপনে গোপনে
কামিজত কঢ়িয়াওঁ সেউজীয়া,
যদিওবা উত্তাল সাগৰৰ মই দিকহীন নাৱিক
বৰষুণ আজিও মোৰ বাবে এক আজন্ম হেঁপাহ।
(দুই)
এইয়া চোৱা
ধুলিৰ চহৰখনত আকৌ এবাৰ সোণাৰু ফুলিছে
নদীৰ বুকুত শেষবাৰলৈ যেন হেৰাই গৈছে
যন্ত্ৰনাৰ এটি কাতৰ উশাহ
নিসংগতাৰ কিছু ধুসৰিত পৃষ্ঠা।
(তিনি)
সিদিনা হঠাৎ আকাশখন লগ পালো
সুধিলো, ক'ত পোৱা তুমি ইমানবোৰ নীলা
আকাশে উদঙাই দিলে বুকু
দেখুৱাই গ'ল ভালপোৱাৰ অযুত ঠিকনা ।

আপোনাৰ কুশল কামনা কৰি, কবি:- উৎপল জোনাক হাজৰিকা

এটা বৃত্ত অংকন কৰা হ'ল
চিটিকণিৰ দৰে উফৰি পৰা
ভাৱৰ অণুবোৰ লানিপাতি থিয় হ'ল
অদৃশ্য এটা কেন্দ্ৰবিন্দুক সাবতি
হাতবোৰ মিলি গ'ল।
সঁচা মিছাৰ আঁত নাই
একো ৰং নোহোৱা এটা ৰং
আপোনাৰ কুশল কামনা কৰি
কেনভাচত হেলান দি
ভাঁজ এটাই ককবকায়

এই এটা হেন্দোলনি পাৰ হ'লেই পানীবোৰ থমকি ৰব, কবি:-ভাৰ্গব জ্যোতি বৰা

পানীত মুখ চাই
কাচোঁনমতী সিপাৰলৈ যাব
ইয়ালৈ নাহিবি কানাই
কাচোঁনমতীৰ গা ধুৱা ঘাট
অ' কাচোঁনমতী মমডাল তোৰ নুমাই গ'ল
আৰু এটি চৰায়ে মোক উৰুৱাই নিলে
নিতাল অৰণ্যৰ মাজেৰে এয়া এখন নৈ:শব্দৰ ৰে'ল
আৰু শেতেলীত তেতিয়া এখন যুঁজ
ঢলং পলং ৰাতি কঢ়িয়াই
সেই গোপন গধূলি
ইয়ালৈ নাহিবি কানাই
কাচোঁনমতীৰ গা ধুৱা ঘাট

কবিতা, কবি:কৌশিক বাস্যস

ধূলিতেই ধেমালি কৰি ফুৰা
নিবোকা অংকটোক
নামাৰিবলৈ
যি ঈশ্বৰে
বাধা দিয়ে
চয়তানক
আন্ধাৰৰ পোতাশালৰ পৰা
ভাপ হৈ উৰি যাবলৈ
সত্ত্বাৰ সত্ত্বাক
নামানি
ভাৱলেশহীন অসত্ত্বা হৈ
নঘটা ঘটনা গুঠি গুঠি
উপহাৰ দিয়ে
স্বপ্নৰ নোপজালয়ত
সেই ঈশ্বৰলৈ বুলিয়েই
ঈশ্বৰৰ
অনাদি অপেক্ষা

*হীৰু দাক সুঁৱৰি* কবি:-অনিন্দিতা

খিৰিকীৰ সিপাৰে শোকৰ উপত্যকা
ভোগধনীত উবুৰি খাই পৰিছেহি
শব্দব্ৰহ্ম
আমি মূঢ়মতি
কৰিছো মিনতি
মেলি দিয়া তোমাৰ দুহাত-ব্যাকুল
ৰ'দ আহক
গান আহক
ফুল ফুলক
দেশ ভাঙি অহা
তৰুণ কবিৰ
ঠুনুকা কলমত
গঢ়ি উঠক
সুগন্ধি পখিলাৰ স্তুতি তোটক ৷

হীৰু দা... কবি: সুব্রত মহন্ত

তেওঁৰ কামিজটো
এতিয়াও উৱলি যোৱা
জোনাকৰ জখলা
বগাই তেওঁ
আপোন পাহৰা ..
কবিবোৰ যেতিয়া
কবিতা হয় ..
আবেগৰ জুমুঠিত
জ্বলি ৰয়
অলেখ কবিতা ..
তেওঁৰ দৰেই সিহঁতো
অকলশৰীয়া 

Saturday, 29 August 2015

বৰষুণৰ এৰাতি : কবি:- ডেইজী অনুৰঞ্জনা

মেঘফুলৰ পাহিত
বৰষুণে কাটিছে
বতাহৰ উৰুলি
বিজুলী উচাহেৰে ঢৌ খেলি নাচিছে
সপোনৰ সোণালী ধাননি !
ইয়াতেই এদিন
বিজুলী পিছলিছিল;
পিয়াহত চাটি-ফুটি ফুৰা বুকুত
জিলমিলাই উঠিছিল
হেঙুল হাতৰ গোন্ধ
আলফুলীয়া আঙুলিৰে
বুকুখন চুলেই বুজিবি
লেঙলেঙকৈ বাঢ়ি অহা উশাহৰ
কিমান যে লৰা-ঢপৰা...
আস!
পানীফুলৰ পোছাকত কি যে
মোহলগা মায়া !
কানাই ঐ,
তোৰ উথপথপ ডেউকাত
আছেনে এতিয়াও
এৰাতিৰ বৰষুণৰ চিন?
মোৰ বুকুত যে
আজিও উজাই
ভাগৰুৱা ভালপোৱা !

তিনিটা স্তৱক : কবি:-দেবব্রত বৰুৱা

১)
ক্ৰুদ্ধ আকাশ
আদিম পৃথিৱী
বুকুত জীয়াঢল
২)
কথাবোৰ বতাহ
বতাহবোৰ সুহুৰি
পাইনৰ ফুল
৩)
মাংসৰ বজাৰ
উদং জেপ
নিৰ্বান প্ৰাপ্তি

ফেচবুক বাবা -প্রভাকৰ শৰ্মা নেওগ

তোলপাৰ কৰি ফেচবুক ৰাখোঁ মই ফেচবুক বাবা,
নহলেযে মই ফেচবুক ডুবিব তেতিয়া মজাটো পাবা।
ফেচবুকত মই কমেন্ট নিদিলে পৃথিৱী ধ্বংস হ'ব,
জুকাৰবাৰ্গৰ ফেচবুক চাইট ৱেবতে মলঙি যাব।
কমেন্টেৰে মই ইতিহাস ৰচোঁ কতযে মহান কাম,
নিজকে জহাই কমেন্টেৰে মই ইতিহাস ৰচি যাম।
য'তে থাকো মই যেনেকৈয়ে থাকোঁ তোমাক জনাই যাম।
নিজা ঢোল বাই ফেচবুকীয়াৰ মগজু গলাই যাম।
পুৱাই পুৱাই কাম হ'ল মোৰ ফেচবুকত বাণী দিয়া,
সেই বাণীৰে জীৱন সজোৱা হগা মুতা এৰি দিয়া।
চক্ৰেটিছৰ দৰে চহা ভাও ধৰি তিৰ্য্যক মন্তব্য কৰি
সৰ্বজান্তা হৈ মতামত দিওঁ নিজ ৱাল চাহ কৰি।
লাইকত জীৱন, লাইকত মৰণ, লাইক যে হেৰোৱা ধন,
মইহে কিন্তু লাইক নিদিওঁ কাকো কথাটো কৰিবা মন।
খবৰ কাগজত প্ৰকাশ পোৱা নিজ কবিতাৰ ছবি
ফেচবুক ফালি যশস্যা কৰিম বাধা যে নিদিবা তুমি।
আনফ্ৰেণ্ড কৰাটো ডাঙৰ বতৰা, নিজক জাহিৰ কৰি
গাই যাওঁ মই নিজৰেই গান লাইক কৰিবাদেই তুমি।
ফটোচপ কৰি বৰ ভাল পাওঁ এচ এল আৰ কেমেৰা ধৰি
মোৰ মহিমাৰ অন্ত নেপাবাঁ বোলা জয় জয় হৰি।

কবি:-শৈলজানন্দ খনিকৰ

দুখৰ ডুলিত
ইলুটি-সিলুটি
সাতলুটি ।
একঁকাল
এবুকু
মূধচো ডুবিল ।
.
ৰজাই মেলি বহিছে হাট ।
ধন খালে
ধান খালে
জিজিয়া লগালে
এদেউ
দুদেউ
লোটা নিবৰ চেও
জোৰ পুৰি পালেহি হাত ।
.
খোৱাই খাইছে
খোলে খোলে
নোখোৱাৰ
এখোলো নাই ।
মাত্ৰ
এচলু পানী
শান্তিয়নী (!!)
পাবিহকনে হেৰ'
শুকাই মৰা জাত
সুখৰ চাউলমুঠি !!
.
দুখৰ ডুলিত
কেতিয়া যে
পুৱাব ৰাতি !!