Monday, 1 December 2014

আখৰুৱা : literati গোটৰ অনুবাদ কবিতাৰ শিতান: সন্ধান-(পাঁচ) :নিউটন কে. বসুমতাৰী

এইবাৰৰ 'সন্ধান' শিতানত আপোনালোকলৈ আগবঢ়াইছো, গোটৰ অন্যতম সদস্য তথা কবি, অনুবাদক নিউটন কে. বসুমতাৰীয়ে, গোটৰ অনুৰোধত গোটলৈ পঠিওৱা মূল বড়ো ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা 'ডেলফিৰ শৈল দেৱতা' শীৰ্ষক এটি কবিতা।
বিশিষ্ট কবি ড° অনিল বড়োৰ বিষয়ে আপোনালোকে জানে নিশ্চয়। তথাপি উল্লেখ কৰোঁ যে ড° অনিল বড়ো হৈছে বড়ো সাহিত্যৰ বিশিষ্ট কবি তথা সাহিত্যিক। শেহতীয়াকৈ তেখেতে বড়ো কবিতাৰ সংকলন ‘देलफिनि अन्थाइ मोदाइ आरो गुबुन गुबुन खन्थाइ’ৰ বাবে ২০১৩ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছে। তদুপৰি তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ অধ্যাপক।
ধন্যবাদ।
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট
১৫ আগষ্ট ২০১৪
___________________________________________

ডেলফিৰ শৈল দেৱতা

– মূল বড়ো : ড° অনিল বড়ো
অসমীয়া অনূবাদ – নিউটন কে. বসুমতাৰী

শৈল পাহাৰৰ উচ্চতম শিখৰত
শৈল দেৱতাৰ পৌৰাণিক নগৰীত
পৰিব্ৰাজসকলৰ হেতা-ওপৰা
ইয়াৰ প্ৰতিচটা শিলেই ইতিহাসৰ সাক্ষ্য
শিলবোৰে কয় আদিম সভ্যতাৰ সাধুগাথা
এতিয়া দেৱ-দেৱীবোৰ
হৈ পৰিল একো-একোচটা শিল।
সুধিব পাৰা শৈল দেৱতাক
– তোমাৰ ভৱিষ্যত জীৱনৰ কথা
সুধিব পাৰা শৈল দেৱীক
– কি লিখা আছে ভাগ্যত
বৰ্তমান আৰু ভৱিষ্যতৰ
এপল’ৰ কাষত থিয় হোৱা
সৰ্প দেৱতাক মৃত্যুদণ্ডৰে দণ্ডিত কৰি
দিব তোমাক নতুন শপত।
সাধু কোৱা
সাধু কোৱা শৈল দেৱতা
শৈল পাহাৰৰ শিখৰত
শৈল দেৱতাৰ পৌৰাণিক নগৰীত
থিয় হৈছো মই...
আকাশ চুব খোজা
শিলৰ নগ্ন ভাস্কৰ্যবোৰত খেদিত
দেৱতাবোৰৰ প্ৰাচীন ইতিবৃত্ত
কাছমাৰি-ডিমাপুৰে যেনেকৈ
আঙুলিয়াই দিয়ে আমাৰ ইতিহাস।
তেওঁলোকৰ দেৱতাবোৰ
এতিয়া যেন একো-একোচটা শিল
আমাৰ দেৱতাবোৰ
বাথৌ থানৰ পৰা
স্থানান্তৰিত হৈ মন্দিৰত সোমাল।
সাধু কোৱা
সাধু কোৱা শৈল দেৱতা।
_______________________________________

মূল বড়ো কবিতা:

– ड० अनिल बर'नि गुबै बर' रावनि खन्थाइ

''देलफिनि अन्थाइ मोदाइ''

बेसेबा गोजौ
अन्थाइनि हाजो सायाव
अन्थाइ मोदाइनि
गोजाम नोगोरिआव
दाउबायारिनि होंगो दोंगो
थरफ्रोमबो अन्थाइआ
फोरमायो जारिमिन
अन्थाइआ फोरमायो
देदगाथाव सोदोमस्रिनि सल'
दा मोदाइ मोदाइजोआ
जाहैबाय थरफा थरफा अन्थाइ
सों अन्थाइ मोदाइनाव
नोंनि जिउनि उन बुंनाय
सों अन्थाइ मोदाइजोनाव
दा आरो गाबोननि उन बुंथाय।
ए'प'लनि सेराव गसं
जिबौ मोदाइखौ बुथारना
होगोन नोंनो गोदान रादाय।
सल' बुं
सल' बुं
अन्थाइ मोदाइ।
अन्थाइ हाजो सायाव
अन्थाइ मोदाइनि
गोजाम नोगोरिआव
गसंफैदों आं
नख्रां नांगा
अन्थाइनि लंथाइ खाम्फायाव
थोंगोर गसंथिंदों बिसोरनि गोदोमिन
कासमारि डिमाफुरा
जेरै बुंथियो जोंनि जारिमिन
बिसोरनि मोदाइआ
दा जाबाय थरफा थरफा अन्थाइ
जोंनि मोदाइआ
दा बाथौसालिनिफ्राय
सफैबाय थानसालियाव
सल' बुं
सल' बुं
अन्थाइ मोदाइ।
UnlikeUnlike ·  · 139

No comments:

Post a Comment