কবিতা সম্পৰ্কে জ্ঞানগভীৰ আলোচনা কৰিবলৈ আমি অপাৰগ৷ইয়াৰ আগৰ চানেকি শিতানৰ আলোচনাত প্ৰকাশে ভাল কবিতা সম্পৰ্কে অতি গভীৰ, দুৰূহ আৰু অধ্যয়নপুষ্ট আলোচনা কৰিছেই৷ সেয়েহে আমি উক্ত বিষয়ৰ আলোচনাৰ পৰা বিৰত থাকিবলৈ সুযোগ আৰু কাৰণ দুয়োটাই পালো৷চানেকি শিতানৰ দ্বায়িত্ব লোৱাৰ সময়তেই আমাৰ ভাৱ হৈছিল, এনে ধৰণৰ আলোচনা কৰিবৰ বাবে মানসিক, বৌদ্ধিক প্ৰস্তুতি আৰু আগ্ৰহ তথা সামৰ্থ্য আমাৰ নাই৷ তথাপি, এনে এক গুৰুত্বপূৰ্ণ কাম কৰিবলৈ লৈছো, সকলো ধৰণৰ ভুলৰ বাবে ক্ষমাপ্ৰাৰ্থী৷
কবিতা এটাৰ সৈতে (নাইবা যিকোনো পাঠ্যৰ সৈতে) সৃষ্টিকাৰ আৰু পাঠকৰ সম্পৰ্কই (সম্পৰ্কৰ প্ৰকৃতিয়ে) ৰসস্বাদন আৰু অৰ্থোদ্ধাৰত বহু পৰিমাণে প্ৰভাৱ পেলায়৷ সৃষ্টিকাৰ আৰু পাঠকৰ মাজত পাঠ্য (এই আলোচনাৰ ক্ষেত্ৰত নিৰ্দিষ্ট কবিতা) ই সম্পৰ্ক সাধন কৰে৷গতিকে নিৰ্দিষ্ট কবিতাটো (যিকোনো পাঠ্য) কেৱল এক নিস্ক্ৰিয় সৃষ্টি নহয়, অৰ্থোদ্ধাৰত ই এক জটিল আৰু সক্ৰিয় ভূমিকা পালন কৰে৷ এই প্ৰক্ৰিয়াত কবিতাটোৰ (পাঠ্য)ভূমিকাই (সক্ৰিয়তাই) পাঠক আৰু সৃষ্টিকাৰৰ সম্পৰ্কৰ প্ৰকৃতি নিৰ্ণয় কৰে, আনহাতে একেসময়তে সেই সম্পৰ্কই ৰসস্বাদন আৰু অৰ্থোদ্ধাৰত প্ৰভাৱ পেলায়৷ এনে ধৰণৰ এক সম্পৰ্কৰ বাবে পাঠক, সৃষ্টিকাৰ আৰু কবিতা (সৃষ্ট পাঠ্য) কোনো এটাই একক আৰু নিৰপেক্ষ অস্তিত্ব নহয়৷অৰ্থোদ্ধাৰত এই তিনিওটাৰে অনন্য অৰিহনা আছে৷
চানেকি শিতানৰ বাবে 'হাৰমিনিউটিক' ধাৰণাৰ এই অৱতাৰণাৰ প্ৰয়োজন হয়তো মই বাচি লোৱা কবিতাটোৰ উল্লেখে স্পষ্ট কৰিব৷ সাতসৰীত প্ৰকাশিত প্ৰতিষ্ঠিত কবি জ্ঞান পূজাৰীৰ 'প্ৰিয়া অ' প্ৰিয়া' কবিতাটো বাচি লোৱা হৈছে আলোচনাৰ বাবে৷তলত কবিতাটো উল্লেখ কৰা হ'ল৷
প্ৰিয়া অ' প্ৰিয়া
প্ৰিয়া
অ' প্ৰিয়া, তই আমাৰ ঘৰলৈ
নাহিলি কিয়
আলু পুৰি খালো হয়
আৰু তোৰ লগত একেলগে শুলো হয়
মই তোৰ প্ৰপিতামহ৷
আমাৰ বিছনাখন তেজৰ অ' বেলিফুল
খমলা পথাৰখন তেজৰ অ' বেলিফুল
গুলীবোৰ কোনখন দেশৰ
অ' ল'ৰাহঁত
প্ৰিয়া
অ' প্ৰিয়া তই মোৰ ঘৰৰ
তোৰ তেজৰ বিছনাখন মোৰ
তোৰ মুখখন মোৰ
তোৰ আঙুলিবোৰ মোৰ
তোৰ কিতাপবোৰ তোৰ ম'বাইলটো
তোৰ প্ৰেমিকটো তোৰ জিভাখন
তোৰ ওঁঠৰ তিলটোও মোৰ মোৰ
মই তোৰ মাক মই তোৰ পিতাক মই তোৰ
ৰাইজখন৷
তোৰ লগত একেলগে
শুলো হয়
তোৰ তেজৰ বিছনাখন
ভাৰতবৰিষৰ৷
গুলীবোৰ কোনখন দেশৰ
অ' ল'ৰাহঁত?
সহজ সৰল শব্দচয়ন আৰু অনুপম আংগিক কবিতাটোৰ অন্যতম বিশেষত্ব৷৷আৰু, মই ইতিপূৰ্বে উল্লেখ কৰা 'হাৰমিনিউটিক' ধাৰণাৰ প্ৰয়োজনীয়তা এতিয়া সঠিককৈ (আমাৰ দৃষ্টিত) ক'ব পৰা যায়৷ আপাতদৃষ্টিত সংগতি বিহীন, আধুনিক ধাৰাৰে প্ৰভাৱিত - কাব্যাংশ কিছুমান, কিছুমান শব্দ আৰু অৰ্থৰ অচিন আৰু আচৰিত খেলাৰ মাজেৰেও অসমৰ শেহতীয়া (সমগ্ৰ পৃথিৱীৰ ক্ষেত্ৰতে সাধাৰণীকৰণ কৰিব পৰা যায়) সামাজিক অৱস্থাৰ অসাধাৰণ উপস্থাপন কৰিবলৈ কবি সক্ষম হৈছে৷ এই ক্ষেত্ৰত অৱশ্যে সৃষ্ট কবিতাটোৰ আৰু পাঠকৰ নিজস্ব আৰু একক ভূমিকাৰো অপৰিহাৰ্য্য অস্তিত্ব স্বীকাৰ কৰাটো প্ৰয়োজনীয়৷ সৃষ্টিকাৰৰ লগতে পাঠকৰ বৰ্ণিত বিষয়বস্তু সম্পৰ্কে সম্যক জ্ঞান আৰু একাত্মতা,, আৰু সচেতন ভাবে শৃংখলিত নকৰা শব্দচয়ন, বিষয়বস্তুৰ লগত কিছু অচিন আৰু আচৰিত উক্তি (প্ৰিয়া, আলু পুৰি খোৱা, প্ৰেমিক, জিভাখন, ওঁঠৰ তিল) আদিয়ে অন্য দুটা উপাদান (সৃষ্ট পাঠ্য আৰু পাঠক ) ৰ অপৰিহাৰ্যতা আৰু ভূমিকাৰ ইংগিত কৰে৷
সাধাৰণ কিছুমান দিশলৈ আঙুলিয়াই দিয়েই মই চানেকি শিতানৰ এই আলোচনাটো সামৰিব বিচাৰিছো৷পাঠকৰ নিজস্ব পৰিসৰ আৰু ভূমিকা মূখ্য ধৰ্তব্য৷নতুন কবিসকলৰ বাবে প্ৰধানত: আয়ত্ব কৰিবলগীয়া দিশসমূহ হ'ল শব্দৰ ব্যৱহাৰ, মিতভাষিতা, আৰু বিষয়বস্তু৷
-- জাহ্নু ভৰদ্বাজ
সৰুপেটা, বৰপেটা৷
You, Hirákjyóti Báishýá, Mousumee Bori, Sarada Shrestha and 11 others like this.
Kaushik Baiswas mor bar bhaal laagichil kabitato parhi---'Gulibor konkhan dekhar o laraahat!'...aaponar 'chaaneki'o sundar hoiche Jahnu da!
Yesterday at 6:27pm · Unlike · 3
Hirákjyóti Báishýá বৰ্তমান সময়ৰ এজন বিশিষ্ট কবি জ্ঞান পূজাৰীৰ কবিতাৰ আলোচনাৰে এইবাৰৰ চানেকি শিতানটো নিশ্চয়কৈ সুন্দৰ হৈছে৷ জাহ্নু দালৈ অশেষ ধন্যবাদ৷
Yesterday at 7:11pm · Unlike · 4
Palash Borah Xundar!
Yesterday at 7:11pm · Unlike · 3
Prakash Bhuyan নতুন চিন্তাৰ সংযোজনেৰে সুন্দৰ আলোচনা । ভাল লাগিল
Yesterday at 9:09pm · Unlike · 3
No comments:
Post a Comment