Thursday, 25 December 2014

চানেকি শিতান: 'সাতসৰী'ৰ ডিচেম্বৰ/২০১৪ সংখ্যাৰ কবিতা: মৌচুমী বৰি



বিতাৰ প্ৰধান কাম ৰস সৃষ্টি কৰা৷কবিতাই জ্ঞান দিব পাৰে, উপদেশ দিব পাৰে, নীতিবচন শুনাবও পাৰে। লগতে দিব পাৰে অলৌকিক আনন্দ৷ এই আনন্দকে সংক্ষিপ্তভাবে “কবিতাত ৰস” বুলি কব পাৰি৷ ৰস অবিহনে কাব্য হ’ব নোৱাৰে৷ বিশ্বনাথ কবিৰাজে “সাহিত্য দৰ্পণ”ত কৈছে যে ৰসাত্মক বাক্যই হ’ল কাব্য৷ ৰসহীন কাব্যত অলংকাৰ শোভাহীন আৰু অৰ্থহীন৷ কবিতাত ৰস হ’ল “সৌন্দৰ্যবোধৰপৰা ওপজা মনৰ এটি অতিজাগতিক আনন্দময় অৱস্হা” এই অৱস্হালৈ যেতিয়া কবিয়ে পাঠক অথবা শ্ৰোতাক তুলি নিব পাৰে তেনে কবিতাকহে সফল কবিতা বুলি দাবী কৰিব পাৰি ৷
সাধাৰণতে কবিতাত ৰস কোনখিনিত সোমাই থাকে ওপৰে ওপৰে চালে বুজা নাযায়। কিন্তু একোটি শব্দৰ আঁৰত থকা অৰ্থসমূহ যেতিয়া উপলব্ধি হয়, তেতিয়া বিমল ৰসানুভূতিয়ে মনক চমৎকৃত কৰে৷ এই চমৎকাৰিতাকে “কবিতাত ধ্বনি” বুলি কোৱা হয়৷ কবিতাৰ অৰ্থই কেতিয়াবা পাঠকৰ হৃদয়ত বহুত সময়লৈকে অনুৰণন তুলি থাকে! এই অনুৰণিত হৈ থকা অনুভৱেই হ’ল ধ্বনি৷
কবিতাই ৰস সৃষ্টিৰে যেতিয়া পাঠকৰ হৃদয় স্পৰ্শ কৰে, তেতিয়া শোক, দুখ, ক্ষুধা-তৃষ্ণা আদি সকলো জাগতিক অনুভূতি লুপ্ত হৈ পৰে৷ থাকে মাথোন এক সীমাহীন আনন্দৰ অনুভূতি৷তেনে এক ৰস আৰু ধ্বনি মাধূৰ্যৰে সমৃদ্ধ ডিচেম্বৰ সংখ্যাৰ “সাতসৰী”ত প্ৰকাশিত কবি মৃদুল হালৈৰ এটি কবিতা “বিষাদৰ কাব্য”৷ “চানেকি” শিতানৰ বাবে এই কবিতাটিকে এইবাৰ বাছি লোৱা হৈছে৷ কবিতাটিত বিষাদৰ উপস্হিতি থাকিলেও আনন্দময় সৰগীয় প্ৰেমৰ আভা দেখিবলৈ পোৱা যায়৷
কবিতাটি তলত তুলি দিয়া হ’ল ---
“বিষাদৰ কাব্য”
কবি: মৃদুল হালৈ
মোৰ আটাইবোৰ আঙুলিতে কাঁইট
সোমাই থকাৰ পাছতো
মই তোমাৰ মূৰত হাত বুলাই দিওঁ
সময়ে দুফালকৈ কটা
কলিজাটো খামুচিও
তোমাক চুমা যাচোঁ
মোৰ হাড় আৰু মঙহৰ এই শৰীৰটো
চোঁচৰাই লৈ ফুৰিলেও
মই তোমাৰ ওচৰত পোন হৈ থিয় হওঁ
মই কেনেকৈ তোমাৰ চকুপানী চাওঁ
মই কেনেকৈ তোমাৰ উচুপনি শুনো
তোমাৰ বুকুত মেঘ
তোমাৰ চকুত বেলিৰ বৃথা বিদায়ৰ
আয়োজন
তোমাৰ চুলিত আন্ধাৰৰ নিদাৰুণ আৰোহণ
এই একোকেই মই নাচাওঁ
ঘুমটি যোৱাৰ পাছতো
মোৰ মুখত এডোখৰো
ছায়া নাথাকক বুলি
মই মোৰ সকলোবোৰ খিৰিকী খুলি থওঁ
মোৰ চকুত নিমখ ভৰি আছে
মোৰ স্বপ্নৰ বাটত পাতবোৰ সৰিছে
তোমাক একোকে নেদেখুৱাওঁ
কেৱল নিজকে কাটি কাটি
পোহৰৰ চোলা চিলাওঁ
গলি যোৱা দিনৰ টোপালবোৰেৰে
মোৰ শেঁতা শৰীৰ বোলাওঁ
সকলো সামৰি সকলো পাহৰি
তোমাৰ কাষলৈ যাওঁ
নিজতকৈও ওখকৈ তোমালৈ ভালপোৱা গোটাওঁ
তোমাৰ চকুত ৰাতিৰ অস্হিৰ
খোজৰ নিচান
কোৱা মই কেনেকৈ চাওঁ
মই নিজক পাহৰি পেলাওঁ
মই নিজত নিজাৰ পৰি যাওঁ
অথচ তোমাক মনত ৰাখোঁ
নিতৌ নতুন গঢ়েৰে তোমাক গঢ়িব খোজোঁ
দিনৌ কতবাৰ নিজকে গঢ়োঁ-ভাঙো
চকুৰ নিয়ৰ আৰু
গাৰ ধূলিবোৰ মচোঁ
চিকুণটো হৈ
মই তোমাৰ কাষতে থাকিব খোজোঁ
সকলো হেৰুৱাই আহি
তোমাৰ মাতটোকে মাতিব খোজোঁ
আৰু তুমি মোক কোৱা
আজিও মই নিজৰ জীৱনটোকে জী আছোঁ
মই বৃথাই মোৰ সপোনৰ বোজা
বঢ়াইছোঁ
মোৰ ভঙা ডিঙিৰ সিৰবোৰ ফালি
মইনো কেনেকৈ ক’ম
মই ন-কৈ তোমাতে গজি উঠিব খুজিছোঁ
তোমাৰ স্নেহ আৰু উশাহেৰে
কুমলীয়া বতাহৰ আগবোৰ চুই চুই
আপোনমনে বাঢ়ি আহিব খুজিছোঁ
দিনৌ মোৰ মন খান্দিছোঁ
শিলবোৰৰ ফাটেৰে
তোমালৈ জুমি চাইছোঁ…
দিনে দিনে শেঁতা হৈ অহা জোনটোৱে
মোক দেখি আছে
_____________________
ধন্যবাদ সহকাৰে,
মৌচুমী বৰি
ৰংপুৰ, শিৱসাগৰ
১৪ ডিচেম্বৰ ২০১৪

No comments:

Post a Comment