এইবাৰৰ সন্ধান শিতানত আপোনালোকলৈ আগবঢ়াইছো ক'লকাতাৰ বাংলা কবি ৰুদ্র গোস্বামীৰ 'অভিরূপকে' শীৰ্ষক মূল বাংলা কবিতাৰ সুনীল অমিয়ই কৰা অনুবাদ 'অভিৰূপলৈ'। যিটো কবিতা আমি ৰুদ্র গোস্বামীদেৱলৈ প্ৰেৰণ কৰিছিলোঁ, তেখেতৰ পৰা প্ৰয়োজনীয় অনুমতি বিচাৰি, যাতে তেখেতৰ কবিতাৰ অনুবাদ আগলৈও আমি 'সন্ধান' শিতানত প্ৰকাশ কৰিব পাৰোঁ। কবিগৰাকীয়ে আমাৰ বাৰ্তা পোৱাৰ পিছত, অতি আনন্দেৰে আমাক অনুমতি দিয়াৰ লগতে সুনীল অমিয় ডাঙৰীয়াই কৰা সাৰ্থক অনুবাদৰ বাবে তেখেতলৈ অভিনন্দন জনাইছে। গোস্বামীদেৱে অনুবাদ কবিতাটো পঢ়ি কৈছে:
"মই বিস্ময়েৰে দেখিলোঁ এটি কবিতাৰ ভাবার্থ, শব্দ আৰু আখৰ অপৰিৱৰ্তিত ৰাখি, তাক নতুন এটি ভাষালৈ ৰূপান্তৰিত কৰাৰ আলৌকিক যাদু।"
যিহওক, 'সন্ধান' শিতানৰ মূল কবিৰ সামান্য পৰিচয় দিবলৈ আমি যত্ন কৰি আহিছো যদিও, এইবাৰৰ কবি ৰুদ্র গোস্বামী ডাঙৰীয়াক আপোনালোকৰ সমুখত পৰিচয় কৰি দিবলৈ অমাৰ হাতত বিশেষ তথ্য নাই। কেৱল ইয়াকেই জনাব পাৰোঁ যে তেখেতৰ ফেচবুক একাউন্ট আছে আৰু 'কবিতার মায়াজাল' আদিৰ দৰে জনপ্ৰিয় বাংলা পৃষ্ঠাত তেখেতৰ কবিতা প্ৰকাশিত হয়। অৱশ্যে কবি ৰুদ্র গোস্বামী ডাঙৰীয়া বৰ্তমান আমাৰ গোটৰ অতিথি সদস্য।
উল্লেখ্য যে ইতিমধ্যে 'সন্ধান' শিতানত সুনীল গঙ্গোপধ্যায়ৰ মূল বাংলা 'কেউ কথা রাখেনি' শীৰ্ষক- সুনীল অমিয়দেৱে কৰা অনুবাদ 'কোনেও কথা ৰখা নাই' কবিতাটি আপোনালোকে আদৰিছে। আশাৰাখিছো, এইবাৰৰ অনুবাদ কবিতাটিয়ে আপোনালোকক নিশ্চয় নতুন সোৱাদ দিব।
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট
৩০ আগষ্ট ২০১৪
_________________________________________
ৰুদ্র গোস্বামীৰ মূল বাংলা কবিতা: 'অভিরূপকে'
অনুবাদ: সুনীল অমিয়
'অভিৰূপলৈ'
শামুকৰ পেটত মুকুতা দেখিছানে?
বাহিৰৰ পৰা কোনেও বুজিব নোৱাৰে
কিমানখিনি অসহায় হৈ সি তাৰ বুকুৰ ভিতৰত বৈ ফুৰিছে অসহ্য যন্ত্রণাৰ লক্ষ লক্ষ ক্ষত!
মই ক্রমশ শামুক হৈ গৈ আছোঁ অভিৰূপ
তোমাৰ সোণোৱালী মুক্তাৰ দৰে স্মৃতি
মাজে মাজে মোৰ আহত ঘা-বোৰক ইমান আটোমটোকাৰিকৈ সাৱটি
থাকে !
মোৰ উশাহ বন্ধ হৈ আহে, নিঃশ্বাস ল'বলৈ কষ্ট হয় ।
সুখৰ স্মৃতিবোৰ যে ইমান নিষ্ঠুৰ হ'ব পাৰে,
ইমানখিনিযে নিঃস্ব কৰি দিব পাৰে এটা সম্পূর্ণ মানুহক !
তোমাক হেৰুৱাই, এইয়া মই প্রথম বুজিবলে শিকিলোঁ।
তোমাক প্রথম যিদিনা দেখিছিলোঁ,
সর্বনাশ যিখিনি হোৱাৰ সিদিনাই হৈছিল।
ভিজা সাগৰৰ পাৰত
খোজকাঢ়ি কাঢ়ি ক্লান্ত
মোক কৈছিলা,
"কষ্ট পাব নালাগে দিয়া।
যাৰ কথা ভাবি ভাবি তোমাৰ ইমান কষ্ট,
খবৰ লৈ চোৱা সিও সুখেৰে থকা নাই।"
তোমাৰ মনত আছে নিঃশ্চয়
সিদিনা দেউতাক দাহ কৰি ঘৰলৈ ওভতিছিলো ।
অভিৰূপ, তুমিয়ে আছিলা সিদিনা মোৰ -
সকলোতকৈ ডাঙৰ আশ্রয়।
সেইয়াই প্রথম মোৰ ভালপোৱাৰ স'তে পৰিচয়।
যিজন নাই, তেঁওক মানি ল'ব পাৰি।
যিজন আছে, যাক দেখা পোৱাৰ সম্ভৱনা আছে-
প্রত্যেকদিনাই নতুনৰ পৰা আৰু নতুন,
আ-ৰু- গাঢ় হৈ উঠে তেওঁ!
সকলোখিনি জানো পাহৰি যোৱা যায় অভিৰূপ?-
জীৱনৰ ইমানবোৰ দিনৰাতি মই লেখি চোৱা নাই
প্রজাপতি সময় ছিঙা যিমান মুহূর্ত-
লেখি আছো সময় তোমাৰ ফিৰি অহাৰ।
যি দোষত দোষী কৰি
মোক তুমি
সমুদ্র যাপনত ৰাখি গ'লা,
সেই দোষ মোৰ দৰে-
সাধাৰণ ছোৱালীকে শুৱাই অভিৰূপ।
ভালপোৱাৰ এটা দিনও যদি দিছো;
তেন্তে মোৰ আঁচলৰ ৰ'দ ডোখৰ শেষ হোৱাৰ আগতেই
ওভতি আহা।
ইমান ডাঙৰ জীৱন ভাৰ !
মই অকলে অকলে
বৈ ফুৰিব নোৱাৰো অভিৰূপ।
__________ ফিৰি আহা।
______________________________________________________
মূল বাংলা:
'অভিরূপকে'
__________ রুদ্র গোস্বামী।
মুক্তাবিষ্ট ঝিনুক দেখেছ ?
বাইরেটা দেখে কেউ জানতেও পারবেনা
কী অসহায় হয়ে সে তার বুকের ভিতরে
বয়ে নিয়ে চলেছে অসহ্য যন্ত্রণার লক্ষ লক্ষ ক্ষত!
আমি ক্রমশ ঝিনুক হয়ে যাচ্ছি অভিরূপ
তোমার সোনালী মুক্তার মতো স্মৃতি
মাঝে মাঝে আমার আহত ক্ষত গুলোকে
এমন আষ্টেপৃষ্টে জড়িয়ে বসে থাকে !
আমার দম বন্ধ হয়ে আসে, নিঃশ্বাস নিতে কষ্ট হয় ।
সুখের স্মৃতি গুলো যে এতটা নিষ্ঠুর হতে পারে,
এতটা নিঃস্ব করে দিতে পারে একটা সম্পূর্ণ মানুষ !
তোমাকে হারিয়ে, এই আমার প্রথম বুঝতে শেখা ।
তোমাকে প্রথম যেদিন দেখি,
সর্বনাশ যা ঘটবার সেদিনই ঘটেগেছিল।
ভেজা সাগরের পারে হাঁটতে হাঁটতে ক্লান্ত
আমাকে বলেছিলে,
"কষ্ট পেতে নেই মেয়ে।
যাকে ভেবে তোমার এত কষ্ট,
জেনে দেখো সেও সুখে নেই।"
তোমার মনে আছে নিশ্চই ?
সেদিন বাবাকে দাহ করে ফিরছিলাম ।
অভিরূপ, তুমিই ছিলে সেদিন আমার -
সবথেকে বড়ো আশ্রয়।
সেই প্রথম আমার ভালবাসাকে জানা ।
যে নেই তাকে মেনে নেওয়া যায়।
যে আছে, যাকে দেখবার সম্ভবনা -
প্রত্যেক দিন নতুন থেকে আরও নতুন,
আরও গাঢ় হয়ে ওঠে তাকে!
সবকিছু কি ভুলে যাওয়া যায় অভিরূপ ?
জীবনে অতগুলো দিনরাত আমি গুনিনি
প্রজাপতি সময় ছিঁড়ে যতগুলো মুহূর্ত-
গুনে চলেছি তোমার ফিরে আসার।
যে দোষে দোষী করে আমাকে
সমুদ্র যাপনে রেখে গেলে,
সে দোষ আমার মতো -
সাধারণ মেয়েকেই মানায় অভিরূপ।
ভালবাসার একটা দিনও যদি দিয়ে থাকি
আমার আঁচলের রোদ টুকু ফুরোবার আগে
ফিরে এসো।
এতবড়ো জীবনের ভার !
আমি একা একা পারবো না অভিরূপ।
__________ ফিরে এসো।
Manohar Dutta's photo.
Manohar Dutta's photo.
LikeLike ·
Kushal Haloi, Palash Borah, Rumi Borah and 12 others like this.
কচুগুটি ভৰদ্বাজ
Yesterday at 12:54am · Unlike · 1
Rumi Borah অনুপম অনুবাদ।বাঃ!
Yesterday at 12:02pm · Unlike · 2
Mousumee Bori অনুপম
23 hrs · Unlike · 2
সুনীল অমিয় অমলিন মৰম যাঁচিলো, মোৰ অনুবাদ কর্মক মন্তব্য দানেৰে উৎসাহিত কৰাৰ বাবে।
20 hrs · Like
Palash Borah Very fine!
20 hrs · Like · 1
সুনীল অমিয় Thanks Palash
20 hrs · Like · 1
Manohar Dutta

No comments:
Post a Comment