ভাল কবিতা কাক কয় সেয়া বু়জা আৰু উপলব্ধি কৰাটো কবি আৰু পাঠক দুয়োৰে বাবেই গুৰুত্বপূৰ্ণ, কবিতাৰ বৃহত্তৰ আৰু গভীৰতাৰ চেতনাৰ পৰ্যায়টো উপলব্ধি কৰাৰ বাবে। সমস্যাটো হ’ল ভাল কবিতাৰ বিশেষত্ব বা চৰিত্ৰসমূহ তেন্তে কি? বিভিন্ন কবি-সমালোচকে বিভিন্ন সময়ত ভাল কবিতাৰ এক সূত্ৰ দিবলৈ চেষ্টা কৰিছে কবিতাৰ ইতিহাসত। বিভিন্ন সময়ত এই সূত্ৰসমূহৰ paradigm shift ও হৈছে। মানুহৰ সমাজতাত্বিক, অৰ্থনৈতিক, ব্যক্তিগত, সমস্যাসমূহৰ ঊপলব্ধি আৰু সেইসমূহৰ সমাধানৰ প্ৰচেষ্টাসমূহেও ভাল কবিতাৰ সূত্ৰ নিৰ্ণয় প্ৰক্ৰিয়াটোত ভূমিকা বহন কৰি আহিছে। ভাল কবিতাৰ সূত্ৰ নিৰ্ণয় প্ৰক্ৰিয়াটোত অংশ লৈ এক একক আৰু অদ্বিতীয় সিদ্ধান্ত দিব পৰাকৈ মই নিজকে সমৰ্থ বুলি নাভাবো। কিন্তু এই প্ৰক্ৰিয়াটো বুজাৰ প্ৰচেষ্টাত যিখিনি সমস্যাৰ লগত মোৰ পৰিচয় হ’ল তাৰেই দুটামান কথা ইয়াত উনুকিয়াব বিচাৰিছোঁ। অধ্যয়ন, উপলব্ধি আৰু চিন্তাৰ যোগেদি বিভিন্ন চিন্তাৰ যি এক যোগসূত্ৰ তাক এটা পৰ্যায়ত অনুভৱ কৰিব পাৰিলেও, তাক সংঘবদ্ধ আৰু সংহতভাৱে profess কৰিব পৰাকে মই সম্পূৰ্ণ সংজ্ঞাবদ্ধ হোৱাগৈ নাই। তথাপিও এই শিতানৰ এইটো পৰ্যায়ৰ কৰ্ত্তব্যখিনি সমাপনৰ খাতিৰত কিছু কথা কৈ লোৱাটো নিতান্ত প্ৰয়োজনীয় বুলি উপলব্ধি কৰিছোঁ।
ভাল কবিতাৰ সূত্ৰ নিৰ্ণয় প্ৰক্ৰিয়াটোত মূলতঃ দুটা প্ৰধান সমস্যাৰ সন্মুখীন হ’ব লগা হয়- ফৰ্ম আৰু content ৰ সমস্যা। ফৰ্মৰ কথাটোৰ লগত ভাষা, শব্দ চয়ন, প্ৰতীক আদি বিভিন্ন দিশৰ চিন্তা জড়িত হৈ থাকে। আনহাতে content ৰ সমস্যাটো ইয়াতকৈও গভীৰ। কি কি বিষয় কবিতাৰ বিষয় হ’ব পাৰে, তাৰ কেনেধৰণৰ উপলব্ধিয়ে কবিতা এটাক ভাল কবিতাৰ শাৰীলৈ তুলিব পাৰে, সেই ধৰণৰ কথাবোৰ এই চিন্তাৰ ধাৰাটোত পাব পাৰি। কবিতাৰ বিষয়ৰ সমস্যাটোত দুই ধৰণৰ চিন্তা পাব পাৰি। প্ৰথম- কবিতাৰ বিষয়ৰ ক্ষেত্ৰত কবি এজনৰ স্বাধীনতা। সেই স্বাধীনতাখিনি স্বিকাৰ কৰি আমি দ্বিতীয়বিধ চিন্তালৈ আহিব পাৰোঁ। সেয়া হ’ল বিষয়টোৰ গভীৰতাৰ উপলব্ধিৰ সমস্যা। এইখিনিতে কবিতাৰ মাজলৈ সোমাই আহে দৰ্শনৰ চিন্তা। এই চিন্তাৰ পথতে আহে আন এটা সমস্যা, সেয়া হ’ল কবিতা আৰু পাঠকৰ মাজৰ সম্পৰ্কটোৰ সমস্যা আৰু আনহাতে কবি আৰু সমাজৰ সম্পৰ্কটোৰ সমস্যা। কবি আৰু সমাজৰ সম্পৰ্কৰ সমস্যাটোৰ দিশতে আৰু এটা গভীৰ পৰ্যায়ত পাওঁ কবি আৰু তেওঁৰ সত্ত্বাৰ সম্পৰ্কটোৰ সমস্যা।
কবিতাৰ মূল উৎস সংবেদনশীল অনুভূতি। আন আন বাহ্যিক চেতনাসমূহে সেই অনুভূতিক এটা গভীৰতৰ উপলব্ধিৰ পৰ্যায়লৈ লৈ যায়। সেই পৰ্যায়টোতে কবিতাই জীৱনৰ সত্য সমূহৰ আৱিস্কাৰ আৰু উপলব্ধিলৈ লৈ যায়। ভাল কবিতাৰ সমস্যাসমূহৰ ক্ষেত্ৰত এই সত্যৰ আৱিস্কাৰ আৰু উপলব্ধিৰ প্ৰক্ৰিয়াটো গুৰুত্বপূৰ্ণ। কবি আৰু তেওঁৰ সত্ত্বাৰ বা আত্মাৰ সম্পৰ্কটোৰ সমস্যাটোৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথা হৈ পৰে ধৰ্মৰ, আধ্যাত্মিকতাৰ তাৎপৰ্য উপলব্ধিৰ প্ৰশ্নটো। ব্যক্তিগত পৰ্যায়ত যিকোনো সংবেদনশীল মানুহেই জন্ম, মৃত্যু, প্ৰেম, দুখবোধ আদি জীৱনৰ সমস্যাসমূহৰ অনুভৱ কৰিব পাৰে। কিন্তু সেই অনুভৱসমূহ উপলব্ধিৰ পৰ্যায়টোলৈ, সত্যৰ পৰ্যায়টোলৈ লৈ যোৱাৰ দিশত কবি এজনৰ দায়িত্ব অপৰিসীম। কাঁইটৰ মাজৰ পৰা গোলাপ ফুল এপাহ চুই চোৱাৰ, ছিঙি অনাৰ ক্ষেত্ৰত যি ধৰণৰ delicate হাত এখনৰ প্ৰয়োজন হয়, কবিৰ সংবেদনশীলতা সাধাৰণ মানুহৰ সংবেদনশীলতাতকৈ কিয় পৃথক হয় বা হোৱাটো উচিত সেই প্ৰশ্নটোৰ এক সাদৃশ্য আছে। আধ্যাত্মিকতাই জীৱনৰ এই সত্যসমূহৰ গভীৰতাৰ উপলব্ধিৰ দিশত কবি এজনক বাট দেখুৱাব পাৰে।
কবি আৰু সমাজৰ সম্পৰ্কটোৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথাটো হ’ল ইতিহাসবোধ আৰু tradition ৰ ধাৰণাৰ উপলব্ধি। এক গভীৰতৰ ইতিহাসবোধ, য’ত দৰ্শণ আৰু বিশেষতঃ Metaphysics ৰ গুৰুত্বটোৰো এক সম্যক উপলব্ধি কবিচেতনাত বাঙ্ময় হৈ থাকে। এনে ইতিহাসবোধ আৰু tradition ৰ উপলব্ধিৰ অবিহনে সমাজ সম্পৰ্কত কবি এজনৰ অনুভূতি প্ৰতিক্ৰিয়া(reaction)ৰ স্তৰ এটাতে ৰৈ যায়। তেনে অৱস্থাত কবি এজনে এফালে জনতাক এটা পথ দেখুৱাব নোৱাৰে, যি জীৱনৰ গুৰুত্ব উপলব্ধিৰ দিশত এক প্ৰকাৰে সত্যৰ ওচৰ চপা হয় আৰু আনফালে কবিচেতনাই ব্যক্তিগত স্তৰ এটাতো মানৱৰ বিশাল আয়তন এটা পৰিধিৰ ভিতৰুৱা কৰি ল’ব নোৱাৰে। তথাকথিত প্ৰগতিবাদী, বিপ্লৱবাদী কবিতা আৰু কবিসমূহৰ সমস্যা সেইখিনিতে। মাৰ্ক্সবাদী চিন্তাধাৰাৰ কবিসমূহৰ সমস্যাও হয় সেইখিনিতে। মাৰ্ক্সবাদৰ বিপদসমূহৰ সজাগতা অবিহনে এই বিধৰ কবিতা এক সাংবাদিকতাধৰ্মী প্ৰচাৰ-পত্ৰিকা অথবা দেৱাল লিখনৰ পৰ্যায়ৰো হ’ব পৰাৰ বিপদ আছে। ইতিহাসবোধৰ গভীৰ উপলব্ধিয়ে এফালে কবিক Metaphysical roots ৰ ওচৰ চপাই নিয়ে আৰু আনফালে ই আধ্যাত্মিকতাৰ উপলব্ধিৰ ফালে লৈ যায়। কালৰ ভিতৰত থাকি কালাতীতৰ সন্ধান আৰু উপলব্ধি এই বিধৰ ইতিহাসবোধৰপৰা আহে। মানৱৰ inner spirit ৰ উপলব্ধিৰ (Outer failures and defeats do not touch the inner meaning of life- Radhakrishnan, An Idealist view of life. Ch: Spirit of Man) উৎসও এয়াই। মনত ৰাখিবলগীয়া কথা এটা হ’ল কবি এজন সময় সাপেক্ষ ৰাজনৈতিক সত্বা নহয়। অনুভূতিৰ সূক্ষ্ম স্তৰবোৰৰ উপলব্ধিয়ে কবি এজনক তাতকৈ গভীৰ পৰ্যায়ৰ এক কালাতীত সত্বা হিচাপেহে পৰিচয় দিয়ে, যি এক প্ৰকাৰে সত্যৰ স্তৰটোৰ উপলব্ধিৰো ওচৰ চপা। কবিতা এটাৰ বিচাৰ মূলত: কবিতা হিচাপেই (দ্ৰঃ ভবেন বৰুৱা, প্ৰসংগ কবিতা)। কিন্তু এই বিচাৰৰ লগত সামগ্ৰিকতা আৰু সাৰ্থকতাৰ প্ৰশ্নটোত চিন্তাৰ আন আন আয়তনবোৰৰ গুৰুত্বও সেয়ে self-explanatory । ইয়াৰ বাহিৰেও কবিতা এটাৰ expression ৰ ক্ষেত্ৰত ভাৱৰ সংগতি, প্ৰতীক বা ৰূপকৰ মৌলিকতা, সূক্ষ্মতা আদি কথাও গুৰুত্বপূৰ্ণ, কবিতা এটা ভাল কবিতা হোৱাৰ দিশত।
‘চানেকি’ শিতানৰ বাবে ‘সাতসৰী’ৰ ছেপ্তেম্বৰ সংখ্যাৰ পৰা কবিতা বিচাৰিবলৈ গৈ প্ৰথমতে হতাশ হ’লো কবিতাৰ মানদণ্ড দেখি। তথাপি এটা কবিতা নিৰ্বাচন কৰা হ’ল। ৰাজীৱ বৰাৰ ‘মুকুতিৰ সন্ধি’। কবিতাটি কিয় নিৰ্বাচন কৰা হ’ল তাকে ক’বলৈ এক দীঘলীয়া পাতনি মেলিব লগা হ’ল। কবিতাটি নিৰ্বাচনৰ ক্ষেত্ৰত কি কি দিশত বিচাৰ কৰা হৈছে তাৰ উত্তৰো পূৰ্বকথন খিনিতে পোৱা যাব। সেয়ে কবিতাটিৰ বিষয়ে মোৰ নতুনকৈ একো ক’বলগা নাই বুলি ভাবো। মই মাথো পূৰ্বকথনৰ চিন্তাখিনিৰ পথেৰে পাঠকসকলক এবাৰ কবিতাটি পঢ়ি চাবলৈ অনুৰোধ কৰিলোঁ। কবিতা পঠনৰ আনন্দ আৰু উপলব্ধি একান্ত নিজৰ। সেইখিনিত মই পাঠকক আমনি কৰিব বিচৰা নাই।
মুকুতিৰ সন্ধি
কবিঃ ৰাজীৱ বৰা
পটভূমিঃ
‘দিলো লাও গজিল তুৰৈ বগালে ধুন্দুলি
কাউৰী বাহত কুলিয়ে পাৰিলে কণী
জগিল চুঙা-বাদুলি’
মুখঃ
তলাতল অতল ইতিহাসৰ জয়াল হাবিত দিক্ হেৰুৱাই
পঠালি চকুৰে সপোন দেখোঁ-
ইয়াত এদিন কমিব মৰ চৰাইৰ মাত
বাঢ়িব লঘোণীয়াৰ ভাত
এন্ধাৰ খেদা মেল
ঘৰ ভঙাৰ খেল ঘৰ সজাৰ খেল
আওবাট সোঁবাট দীঘল বাটৰ হাজাৰ কেঁকুৰি
হাবিতলীয়া সুৰুঙাত সুৰসুৰাই পাহুৱাল ল’ৰাৰ সুৰ
চোতাল-চুবুৰি চৰ-চাপৰি শদিয়া-ধুবুৰীত মুকুতিৰ শব্দ
খাপৰিৰ তলত আকৌ সপোন আকৌ মাত
যাতনাৰে বন্ধাই বিপদৰ বাট
অস্তিত্ব অধিকাৰৰ অনেক পাত মেলি মেলি
এনি যাওঁ তেনি যাওঁ মৰি যাওঁ মাৰি যাওঁ
পেপুৱাৰ মুখত এটা পূৰঠ নিৰ্ভীক হাঁহি চাওঁ
প্ৰতিমুখঃ
তাৰ পাছত হেৰুৱাইছোঁ
হলৌ হৈ টকৌ বগাইছোঁ জৌ জৌ দুখৰ নিয়ৰ
...তাৰ পাছত খৰাং বতৰ
ক’ৰ পানী ক’লৈ গ’ল টকৌ মৰি মৰু হ’ল
শুকাইছোঁ কুশল-কল্যাণ-আশীৰ্বাদৰ দোকোলটঁকা বান
সুখ সৰিব ভোক গুচিব কৌটিকলীয়া চিকৰা পোক
ছালৰ পৰা এৰাই পৰিব
দুৰ্নিবাৰ নৈ সাগৰ হৈ ধুৱালে জাঁজৰি
পুৰাতন ঘাট মাৰ্ মাৰ্ কাট্ কাট্
ৰাইজৰ ৰোষ ৰাইজৰ দোষ
বঞ্চনাৰ এৰালত বেবাই থকা কণ্ঠ নিগৰি
ওলাই আহিল- বোপাইহঁত কুশলে থাক
সোণসেৰীয়া সপোনৰ মাদকতা
একক ৰঙত দৃষ্টিয়েহে ভিন্নতা আনে
তুমি দেখা ফুল মই বাৰু একেই দেখোঁনে
বেজীৰ জলা চাই কুঠাৰৰ জলাকো নিচিনি
হাজাৰ চকুত সেয়া স্বপ্নবিলাসৰ ৰঙীন চশমা
দুখবোৰ বোৱঁতী পানীৰ ধাৰ
আমি তাতে পালতৰা নাৱৰ নাৱিক
সমুদ্ৰ আশাৰে এৰি যাও শীৰ্ণ নদীৰ সেই শীতল জলাধাৰ
কাৰোবাৰ আঙুলীৰ ঠাঁৰত সিঁচো বঙহৰ তলত শোণিত
মোক খুৱাই যি এদিন লঘোনে আছিল
গৰ্ভাংকঃ
অৱধাৰিতভাৱে নামি অহা যুঁজ
বিয়োগৰ বিশাল অংক
টুটি আহে দুহাতৰ কঠিন খামোচ
নল মৰি গজালি ওলায় সেউজীয়া
পথাৰত ৰণ তয়াময়া
বিমৰ্ষঃ
আকৌ ইতিহাস আকৌ সপোন
আগত চাউলকঠা...
চাউলৰ সপোনে কাৰ চাউল মাৰে
সুৰসুৰাই আহে সমৃদ্ধিৰ নৈ
আৰু তাতে বহুতৰ জলকেলি
নিৰ্বহণঃ
ভঙা সপোনৰ শোক-সমদলত আমি শাৰী পোতোঁ
সপোন দেখুওৱা আৰু সপোন ভঙাবোৰে
খিৰিকীৰে আমাৰ মিছিল চাই ব্যস্ত হয় অন্য এক পৰিকল্পনাত
(টোকাঃ মৰ চৰাই- ৰাতি মতা এবিধ ক’লা বৰণৰ চৰাই, যাৰ মাত বৰ ডাঙৰ আৰু মৰ ঔ, মৰ ঔ বুলি মাতে। এই চৰায়ে মাতিলে কাৰোবাৰ মৃত্যু হ’ব বুলি বিশ্বাস কৰা হয়। যমডাকিনী চৰাই।)
You, Malabika Brahma, Hirákjyóti Báishýá, Mousumee Bori and 16 others like this.
1 share
Hirákjyóti Báishýá ভাল কবিতাৰ মৰ্মকথাৰ বিশ্লেষণেৰে প্ৰকাশ ভুঞাই যুগুতোৱা 'চানেকি' শিতানটি নিশ্চয়কৈ সময়োপযোগী হৈছে৷ প্ৰকাশলৈ ধন্যবাদ থাকিল৷
October 19 at 12:30pm · Edited · Unlike · 3
Rousanara Begum পঢ়ি বৰ ভাল পালো। এটা সুন্দৰ লেখনি........।
October 19 at 12:39pm · Unlike · 2
Manohar Dutta আখৰুৱা : literati গোটৰ 'চানেকি' শিতানৰ বাবে প্ৰস্তুত কৰা এই লেখাত, লেখকৰ কবিতাৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশ পাইছে।
এটা কথা প্ৰায়েই শুনা যায় যে সম্প্ৰতি পাঠকৰ তুলনাত লেখকৰ সংখ্যা বৃদ্ধি পাইছে আৰু অধ্যয়নৰ দিশটো দুৰ্বল হৈ পৰিছে। সাধাৰণতে এই কথা ফেচবুকৰ ক্ষেত্ৰত বেছিকৈ ব্যৱহাৰ কৰা হয়। তাকো কবিতাৰ বিষয়ে। কিয়নো ফেচবুকৰ অধিক সংখ্যক লোকেই কবিতা লেখাৰ প্ৰয়াস কৰা দেখা যায়। আমি নিজেও লিখাৰ প্ৰচেষ্টা কৰোঁ।
এতিয়া প্ৰশ্ন হ'ল কিয় এনে হয়? ক'ব পৰা যায় যে লিখাৰ আগ্ৰহ সকলো মানুহৰ অৱচেতন মনত সদায় থাকে। কিন্তু তাৰ চৰ্চা আৰু সেই চৰ্চাৰ দ্বাৰা হোৱা সৃষ্টিক প্ৰকাশ কৰাৰ অৱকাশ বহু পৰিমাণে কম। এই ক্ষেত্ৰত ফেচবুক বা ইণ্টাৰনেটে মানুহক লিখিবলৈ বহু সহায় কৰিছে। সেয়ে আন নহ'লেও ষ্টেটাচ আপডেট দিয়াৰ পিচতেই কবিতাৰ চৰ্চা (ভাল ধৰণৰ নহ'লেও) চলাবলৈ প্ৰায়বোৰ লোকে যত্ন কৰে বুলি ক'ব পাৰি।
সেই অৰ্থত উল্লিখিত লোক সকলৰ সচেতন ব্যক্তি সকলে, যিসকলে গ্ভীৰ ভাবে ইয়াত কবিতাৰ চৰ্চা চলাই যাব বিচাৰে, সেই সকলৰ বাবে এই লেখাটোৱে ভাল কবিতা সম্বন্ধে জানিবলৈ নিশ্চয় সহায় কৰিব।
October 19 at 10:48pm · Like · 4
Sarada Shrestha অতি উত্তম বিশ্লেষণ ....ভাল লাগিল ।
October 20 at 6:08pm · Like · 1
Jyoti Pcsaikia বৰ সুন্দৰ ,ভাল লাগিল ।বুক মাৰ্ক কৰি থৈছো ।
October 20 at 6:25pm · Like · 1
Sãuråv Chäkrâvärthy ইয়াৰ বিষয়ে বহু বেছি কথা নাজানো আৰু আপোনাৰ কবিতাৰ গভীৰতাৰ বিশ্লেষণ খিনি বহু কথা আয়ত্তলৈ আহিল ৷ ধন্যবাদ
October 21 at 12:59pm · Like · 1
You, Malabika Brahma, Hirákjyóti Báishýá, Mousumee Bori and 16 others like this.
1 share
Hirákjyóti Báishýá ভাল কবিতাৰ মৰ্মকথাৰ বিশ্লেষণেৰে প্ৰকাশ ভুঞাই যুগুতোৱা 'চানেকি' শিতানটি নিশ্চয়কৈ সময়োপযোগী হৈছে৷ প্ৰকাশলৈ ধন্যবাদ থাকিল৷
October 19 at 12:30pm · Edited · Unlike · 3
Rousanara Begum পঢ়ি বৰ ভাল পালো। এটা সুন্দৰ লেখনি........।
October 19 at 12:39pm · Unlike · 2
Manohar Dutta আখৰুৱা : literati গোটৰ 'চানেকি' শিতানৰ বাবে প্ৰস্তুত কৰা এই লেখাত, লেখকৰ কবিতাৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশ পাইছে।
এটা কথা প্ৰায়েই শুনা যায় যে সম্প্ৰতি পাঠকৰ তুলনাত লেখকৰ সংখ্যা বৃদ্ধি পাইছে আৰু অধ্যয়নৰ দিশটো দুৰ্বল হৈ পৰিছে। সাধাৰণতে এই কথা ফেচবুকৰ ক্ষেত্ৰত বেছিকৈ ব্যৱহাৰ কৰা হয়। তাকো কবিতাৰ বিষয়ে। কিয়নো ফেচবুকৰ অধিক সংখ্যক লোকেই কবিতা লেখাৰ প্ৰয়াস কৰা দেখা যায়। আমি নিজেও লিখাৰ প্ৰচেষ্টা কৰোঁ।
এতিয়া প্ৰশ্ন হ'ল কিয় এনে হয়? ক'ব পৰা যায় যে লিখাৰ আগ্ৰহ সকলো মানুহৰ অৱচেতন মনত সদায় থাকে। কিন্তু তাৰ চৰ্চা আৰু সেই চৰ্চাৰ দ্বাৰা হোৱা সৃষ্টিক প্ৰকাশ কৰাৰ অৱকাশ বহু পৰিমাণে কম। এই ক্ষেত্ৰত ফেচবুক বা ইণ্টাৰনেটে মানুহক লিখিবলৈ বহু সহায় কৰিছে। সেয়ে আন নহ'লেও ষ্টেটাচ আপডেট দিয়াৰ পিচতেই কবিতাৰ চৰ্চা (ভাল ধৰণৰ নহ'লেও) চলাবলৈ প্ৰায়বোৰ লোকে যত্ন কৰে বুলি ক'ব পাৰি।
সেই অৰ্থত উল্লিখিত লোক সকলৰ সচেতন ব্যক্তি সকলে, যিসকলে গ্ভীৰ ভাবে ইয়াত কবিতাৰ চৰ্চা চলাই যাব বিচাৰে, সেই সকলৰ বাবে এই লেখাটোৱে ভাল কবিতা সম্বন্ধে জানিবলৈ নিশ্চয় সহায় কৰিব।
October 19 at 10:48pm · Like · 4
Sarada Shrestha অতি উত্তম বিশ্লেষণ ....ভাল লাগিল ।
October 20 at 6:08pm · Like · 1
Jyoti Pcsaikia বৰ সুন্দৰ ,ভাল লাগিল ।বুক মাৰ্ক কৰি থৈছো ।
October 20 at 6:25pm · Like · 1
Sãuråv Chäkrâvärthy ইয়াৰ বিষয়ে বহু বেছি কথা নাজানো আৰু আপোনাৰ কবিতাৰ গভীৰতাৰ বিশ্লেষণ খিনি বহু কথা আয়ত্তলৈ আহিল ৷ ধন্যবাদ
October 21 at 12:59pm · Like · 1
No comments:
Post a Comment