Thursday, 25 December 2014

সাগৰৰ দৰে যদি হয় জীৱন (গল্প) ‪: ‎অনিতা‬ গগৈ



           সাগৰৰ তীৰত বহি ভাল লাগে পৰিণীতাৰ...। পাৰাপাৰহীন পানী মাথো পানী..। সুদূৰত আকাশ চুৱা ঢৌ। নীলিমাৰে মিতিৰালি উৰ্মিমালাৰ ।শান্ত-সমাহিত সাগৰৰ তীৰ। ফেনিল ঢৌবোৰে আহি,একোবাৰত বুৰাই যায়হি দুভৰি ।যেন আমন্ত্রণ জনাই, আহাঁ,আহাঁনা মোৰ বুকুলৈ বুলি...।
ঢৌবোৰৰ সতে উটি অহা সৰু সৰু শামুকবোৰ বুটলি ফুৰা ছোৱালী এজনীক..তাই প্রায়ে লগ পায়,দেখি দেখি চিনাকী যেনেই লগা হৈছেগৈ...।চকুৱে চকুৱে পৰিলে মিচিকিয়াই হাঁহি দেখুৱাই.। মাতিম মাতিম বুলি ভাবিও মতা নহয় তাইৰ। আছলতে.প্রয়োজন নহ'লে কথা নোকোৱাটোৱে তাইৰ স্বভাৱ। কিন্তু,এসময়ত টেপটেপী বুলি তাইৰ জোকোৱা নাম আছিল,অনবৰতে কথা কৈ থকা স্বভাৱটোৰ বাবে। সময়ে কেতিয়া যে কাক কি পাঠ পঢ়াই,জীৱনে কি ৰং দেখুৱাই সেয়া কোনেও নাজানে ।
''বেহেনজী,আইয়ে বহুত দেৰ হৌ গয়ী,মেমচাব ডাতেগী মেৰেকৌ ।''--এৰা সন্ধ্যা লাগি কেতিয়াবাই পাৰ হ'ল,তাই হে নিজৰ মাজত বিলীন হৈ, সময়ৰ জ্ঞান নোহোৱাকৈ বহি আছিল। ব'লা, বুলি কৈ তাই ড্রাইভাৰ জনৰ পিছে পিছে গৈ গাড়ীত উঠিলগৈ। গাড়ীত বহি তাই তাইৰ,হাতবেগটোৰ পৰা নোট বুকখন উলিয়াই ল'লে,কালিলৈ পুৱাৰ কৰিবলগীয়া কামবোৰৰ চকু ফুৰাই চালে। মনত আছিলেই কিন্তু নিজৰ অতি সাৱধানী স্বভাৱৰ বাবেই এনে কৰে তাই....''ৰ'দ পুৱাবৰ কাৰণে মাতিবানো কাক...'' মবাইল হেণ্ডচেটতো অন কৰি তাই নীৰাৰ ক'লটো ৰিচিভ কৰিলে,কালিলৈৰ কবি সন্মিলনখনৰ কথা সোঁৱৰাই দিবলৈ কল কৰিছে । বান্ধৱী নীৰাৰ আমন্ত্রণ ক্রমে তাই যোৱা এসপ্তাহে নীৰাৰ আলহী।সাগৰৰ দৰে যদি হয় জীৱন
নীৰা..নীৰাঞ্জনা মহাপাত্র । পুৰীৰ ছোৱালী ।
অসমত জন্ম, নীৰাৰ মাক অসমীয়া। সৰুৰে পৰা মামাকৰ ঘৰত থাকি পঢ়া নীৰা,পৰীণীতাৰ কলেজীয়া বান্ধৱী। ইতিহাসৰ ছাত্রী নীৰা,খুবেই সাধাৰণ বেশভূষাৰে,সহজতে আনৰ দৃষ্টিৰ অগোচৰেই থাকি যোৱা ছোৱালী । ধূসৰ বৰণৰ অপৰিপাটিকৈ পিন্ধা শাৰীখনেৰে, এসোপামান তেল সানি..টানি টানি বন্ধা বেনীডালেৰে,নীৰাক প্রথম দৰ্শণতে আকৰ্ষণীয় বুলি কোৱা নাযায়। আনহাতে পৰীনীতা,সম্পূৰ্ণ বিপৰীত। সপ্রতিভ,সুন্দৰী প্রাণচঞ্চলা । বন্ধুমহলৰ নয়নৰ মণি। ই্মান বৈপৰীত্যৰ পাছতো সিহঁত দুজনী অভিন্ন হৃদয় বান্ধৱী।
-----''বেহেনজী,মেমচাবনে..আপকে লিয়ে কুছ কাপড়া খৰিদনে কে লিয়ে ব'লি থী।''
----- নেহী অভী নেহী আপ চলিয়ে। বাদ মে।
এই মুহূৰ্তত পৰীনীতাৰ আৰু ভীৰৰ মাজত সোমোৱাৰ মন নাই। সাগৰৰ তীৰলৈ গ'লে,তাইৰ এনে হয়েই...। কিবা এক অবুজ..ভাৱনাই..তাইক পাহৰাই ৰাখে সকলো ।এনেকৈ ভাৱৰ আন এখন সাগৰ বুকুত কঢ়িয়াই তাই প্রায়ে আনমনা হৈ উঠে। ক্রমে বহু চৰিত্রই আহি ভীৰ কৰে অগা পিছাকৈ।
------''আইয়ে বেহেনজী,হাম ঘৰ আ গয়ে।''
কেতিয়ানো ইমান দূৰ আহি নীৰাৰ ঘৰ পালেহি,তাইৰ খবৰেই নহ'ল।নীৰাও ছাগৈ আহি পালে,বাহিৰৰ বাগিছাৰ ল'ণখনলৈ তাই চাই পঠিয়ালে । শাৰী শাৰী নাৰিকল আৰু বিভিন্ন ফল-মূলৰ বাগিছাৰে এখন বিশাল বাগিছা পুৰুষাণুক্রমে নীৰাৰ সম্পত্তি । মাজৰ সৰুকৈ এখন ফুলৰ বাগিছাৰে এখন সেউজ ঘাঁহনিৰ ল'ন । এটা কৃত্রিম জলপ্রপাত, বিভিন্ন চৰাই দুটামান হৰিণ আৰু এহাল ময়ুৰ নীৰাৰ প্রাকৃতিক জগতখনৰ বাসিন্দা।
নীৰাৰ স্বামী অনন্ত মহাপাত্র উৰিষ্যা চৰকাৰৰ, প্রত্নতত্ব বিভাগৰ এজন বিষয়া । এজন কবি। নীৰাঞ্জনা মহাপাত্র এগৰাকী কথক নৃত্য প্রতিয়সী ।পুৰীৰ এখন বিদ্যালয়ত ইতিহাসৰ শিক্ষয়িত্রী,নীৰাই এখন নৃত্য একাডেমীও পৰিচালনা কৰে। নিঃসন্তান দম্পতীৰ দুঃখবোধৰ কোনো অস্তিত্ব নাই নীৰাঞ্জনা-অনন্তৰ সংসাৰত । দুয়োৰে প্রেমৰ ঘৰ। ভাল লাগে পৰীণীতাৰ।
.
------''পৰী কেনে গ'ল আজিৰ দিনটো ?Sorry dear,আজি খুবেই ব্যস্ততাৰে কটালো । তোক সময়েই দিব পৰা নাই ।''
-----নীৰা, ইমান বেছি Formality কৰিলে,এতিয়াই গুচি যাম মই । একমুহুৰ্তও নৰওঁ জাননে? আজি তোৰ বাহিৰে মোৰ আছেই বা কোন..তইও যদি...।
-----'অস ! বন্ধ কৰ অ' এইজনী,সেই কনমানিজনীয়েই হৈ ৰ'লি আৰু । ডাঙৰ হ'বলৈ নিশিকিলি।'
গৰম গৰম ধ্রুমায়িত কফি কাপ আগবঢ়াই দি নীৰাই ক'লে । দুয়োজনী বহিলো নীৰাৰ লনতে সজাই ৰখা আৰামী চকীত। মৌনতাৰে পাৰ হ'ল কিছুক্ষণ । আছলতে,মৌন প্রহৰবোৰ হয় বাংময়। যেতিয়া বহুকথাই ভাৱ-সাগৰত খলকনি তোলে,হেৰাই যায় মুখৰ ভাষা। প্রায় দহবছৰৰ বিৰতিত,সাক্ষাত হৈছে দুয়ো বান্ধৱীৰ । নাতি-দূৰৰ এজোপা গছৰ ডালত,ময়ুৰ চৰাইহাল বহি আছে।ময়ুৰীজনীয়ে যেন,ময়ুৰটোৰ বুকুতে মূৰ গুজি কানে কানে কিবা কৈছে । ময়ুৰটোৰ উজ্জল ৰংবিৰঙী পাখিবোৰ চিক্ মিকাই উঠিছে। প্রকৃতিজগতত,সকলো কিমান মনোৰম ।সকলো পৰিপুৰক ।
----- পৰী,জানানে,কালিলৈ অনুষ্ঠানটো লৈ মই খুবেই উৎসাহী। খুবভাল হ'ব ছাবা । মানে আমাৰ নৃত্যাংগনাসকলৰ পৰিবেশণ,মাজে মাজে কবিসকলৰ কবিতা পাঠ,আবৃতি..উস ! মোৰ যে ভাবিয়ে কি শিহৰণ জাগিছে। কিমানদিনৰ বিৰতিত যে তোমাৰ কবিতা মই সমুখত বহি শুনিম...।বহুজন কবিৰ সমাগম হ'ব জানানে ? সকলোৱে নিজৰ নিজৰ প্রাদেশিক ভাষাত কবিতা পাঠ কৰিব । আছলতে মূল অনুষ্ঠানটো কবি-সন্মিলনহে ।মাথোঁ মাজে মাজে বিৰতি, নৃত্যানুষ্ঠান ।অনন্তৰো খুবেই আগ্রহ এই অনুষ্ঠানটোৰ বাবে । কোনাৰকৰ সূৰ্য মন্দিৰ প্রাঙ্গনত এই অনুষ্ঠান ৰখাৰ পৰিকল্পনাও তেওঁৰে। জানানে,ৰজা নৰসিংহদেৱে...(১২৩৮--১২৪১) সাজি উলিওৱা,সূৰ্য দেৱতাৰ প্রতি উৎসৰ্গিত এই মন্দিৰটোত ১৬দশ শতিকালৈ নিয়মীয়াকৈ পূজা-সেৱা হৈছিল। অৱশ্যে প্রাকৃতিক দূৰ্যোগত ক্ষতিসাধন হোৱা মন্দিৰটোত পিছলৈ পূজা বন্ধ হৈ যায়। কিন্তু এতিয়াও,দেশ-বিদেশৰ বহু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্রবিন্দু কোনাৰকৰ সমূদ্রৰ বুকুৰ পৰা উঠি অহা সূৰ্যদেৱতাৰ মনোমোহা বৰ্ণময় সৌন্দৰ্য আৰু শিলৰ শৰীৰ খোদিত কৰি অনামী শিল্পীয়ে গঢ়ি তোলা প্রাণময় নিটোল ভাস্কৰ্যৰ আছে এক অনন্য আকৰ্ষণ । এবাৰ দৰ্শণ কৰি বাঢ়ি যায় তৃষ্ণা বাৰে বাৰে দৰ্শণৰ...হয়তো,এয়ে জীৱন । শিলৰ বুকুতো, প্রাণ ধালি লিখি যায়.. মানুহে, জীৱনৰে গান। সেয়েতো,ধ্বংসপ্রাপ্ত..পূজা সেৱা নোহোৱা এক কথাত পৰিত্যক্ত এটা মন্দিৰৰো ইমান মায়াময় আবেদন । অহ ! অথনিৰে পৰা ময়ে বলকি আছোঁ । তুমি ছাগে বিৰক্ত হৈছা । আছলতে একেলগে ইমান কথা বহুদিনৰ মূৰত কৈছোতো।
-----নাই নাই নীৰা । ভাল লাগিছে মোৰ। আহাঁ শৰতৰ এই গধূলিটো, আমি কেৱল কথাৰে কটাওঁ। বুকু জুৰাই...মন ভৰাই...।
------হাৰে,নোখোৱা নোবোৱাকৈ কেৱল কথা ? নাঃ বাবা,কবি তোমালোক। আমি সাধাৰণ মনুষ্য। আমাৰ ভোক, ভাগৰ আছে। তুমি বহা বাৰু । মই ভিতৰত ৰন্ধাৰ দিহা দি আহোঁ। অনন্তৰো অহাৰ সময় হৈছে।
-----নীৰা,একমিনিট..তুমি যে কৈছিলা তোমালোকৰ ৰাজস্থানৰ কবি বন্ধুজন.. ময়ুৰ হাল যে দিছিল,আহিবনে সেই কবি ? অহাৰতো আছে কথা । ক'বতো নোৱাৰি..। তোমাক লগ কৰাই দিবলৈ মোৰো হেপাঁহ। মানে,ভাল লাগিব তেখেতৰ অনুভূতিপ্রৱনতা তোমাৰ। কি ঠিক প্রেমত পৰি যাব পাৰা...।
-----নীৰা.....Please...!
------পৰী, জীৱন স্থবিৰ নহয়,সময়ৰ সোঁতত আগবাঢ়া। অতীত মৃত। সমূদ্রৰ লহৰত বিসৰ্জন দিয়া। শিলেও কথা কয়,হাঁহে খিলখলাই...শিলৰ বুকুতে প্রাণ পায় নৃত্যৰত ভৈৰৱ । মোৰ প্রাণৰ সখী ত্যাগ কৰা এই সন্যাসী জীৱন ?
-------নীৰা, সৌদামিনীৰ কথা কোৱা । মই যোৱা ১০ টা বছৰে মাথোঁ কান্দিছো। মোৰ বোৱা নাই চকুলো, হৃদয় শিল হৈছে কিন্তু,কোৱাছোন তুমি...সেই শিলৰ বুকুত ক্ষোদিত হ'বনে ভাস্কৰ্য্? মই বৰ হেপাঁহেৰে,শেষ আশাৰে আহিছো কোনাৰকলৈ...। কিজানিবা মোৰ গোট মাৰি যোৱা বুুকুতো,সূৰ্যৰ হিৰণ্ময় আলোকে প্রাণ-প্রতিষ্ঠা কৰিব পাৰে মোৰ জীৱনৰ শিল্প। কোৱা নীৰা কোৱা কোৱানা.......।
______ দুবন্তজনৰ বাবে খেৰ-কুটাই অৱলম্বন নীৰা। যোৱা সাদিনে তুমি মোৰ পৰা, মোৰ কৌতুহলৰ পৰা সতৰ্কতাৰে আঁতৰি ৰৈছা । কিয় নীৰা, মই জানো নিশ্চয় কিবা সাঁথৰ ভঙাৰ প্রস্তুতি এয়া। মই হাৰি গৈছো নীৰা। জীৱনত ব্যৰ্থ হৈছোঁ বাৰে বাৰে । মোৰ বাবে জীৱন ব্যৰ্থতাৰ অন্য এক নাম। তুমি নিসংকোচে কোৱা। সকলো হেলাৰঙে সহাৰ দৃঢ়তা মোৰ আয়ত্বাধীন।
____পৰী,তুমি অভিজ্ঞা ।উচ্চশিক্ষিতা আধুনিকা স্বাৱলম্বী নাৰী। আজিৰ নাৰী। এনেদৰে ভাঙি নপৰিবা।চোৱা কিছুমান কথা, অলিখিত কিছু বিধান আমাৰ জীৱনৰ নিয়ন্ত্রা।যিবোৰ আমি ইচ্ছানুকূলে পৰিবৰ্তন কৰাটো হাজাৰ প্রচেষ্টাৰেও অসম্ভৱ।নতশিৰে জীৱনৰ নিৰ্দেশ মানি চলাৰ বাহিৰে আমাৰ গত্যন্তৰ নাই। সেইবুলি এনেও নহয় যে সকলো প্রশ্নই অমীমাংসিত হৈ ৰয়। সকলো সময়ৰ হাতত এৰি দিয়া পৰী।কি ঠিক এক লহমাতে আমি জীৱনৰ অযুত প্রহেলিকা পাৰ হৈ পাব পাৰো আমাৰ গন্তব্য।You Know Destiny...।ভাগ্যবিধাতা।
____বাহ!দুয়ো বান্ধৱীৰ দেখিছোঁ পৃথিৱীৰ আৰু একো খবৰেই নাই।পৰী, তোমালোকলৈ কিন্তু,হিংসা লাগিছে মোৰ দেই।মোৰটো এনে বন্ধু নায়েই।মই যে কথা ক’ব নজনা ভূত...।
হুৰমুৰকৈ নীৰাৰ স্বামী অনন্ত কেতিয়া আহিল সচাঁই খবৰ নোহোৱাকৈ বহি ৰৈছিল নীৰা আৰু পৰী।
____ আস! অনন্ত, আহি পায়েই লাগি লৈছা ন ?কোৱা তোমাৰ অনুষ্ঠানৰ খবৰ।একাডেমীৰ পৰা নিমন্ত্রণ পঠিওৱা সকলো কবি আহিবনে..আৰু আমাৰ পৰীৰ বিশেষ আকৰ্ষণ,ৰাজস্থানৰ বিশিষ্ট কবি অমিত পুষ্কৰ?
_____অহ,নীৰা,মই পাহৰিছোৱেই তোমাক এটা সুখবৰ দিয়া হোৱা নাই। অমিত পুষ্কৰে বিয়াত বহাৰ সিন্ধান্ত লৈছে । মানে পৰিয়ালৰ দাবী মানি বলিৰ পঠা হ’বলৈ সাজু হৈছে।হাঃ হাঃ হাঃ Sorry ladies,..just kidding !তোমালোকে বহা মোৰ ডিপান্টমেন্টত কিছু কাম আছে। আহোঁতে পলম হ’ব। পৰী পুৱা লগ পাম ।
ধুমুহাৰ দৰে আহি গুচি গ’ল অনন্ত। প্রাণচঞ্চল মানুহজনক দেখাত কিবা দুঃখবোধ আছে বুলি কোনেও ক’ব নোৱাৰে।অথচ বিয়াৰ পাচতেই এটা পথ দূৰ্ঘটনাত তলপেটত বেয়াকৈ আঘাতপ্রাপ্ত নীৰাই হেৰুৱাইছে তিনিমহীয়া ভ্রূণ,তেওঁলোকৰ প্রথম সপোনৰ সাকাৰ ৰূপ আৰু দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ সক্ষমতা।হতাশাগ্রস্ততাত ভোগা পত্নীৰ বাবে,অনন্তই আনি দিছে এহাল হৰিণ।পুনৰ নীৰাৰ জীৱনত প্রাণ উপচি পৰক বুলি।নৃত্যৰ একাডেমীৰ পৰিকল্পনাও তেওঁৰে।এখন ছাত্রীবিদ্যালয়ত শিক্ষকতা।আকৌ,এখন অনাথ শিশুৰ আশ্রমৰ মুখ্য তত্বাবধায়ক নীৰাই ব্যস্ততাৰ মাজত ভাবিবলৈ সময়ে নাপায় দুখনো কি...?সচাঁই জীৱন যদি হয় প্রত্যাহ্বান তেনেহ’লে প্রত্যুত্তৰ দিয়া।পৰিহাৰ কৰা পলায়নবাদিতা।
___পৰী বাইদেউ,আহাঁ খোৱা সাজু ।
কেতিয়ানো,নীৰা উঠি গ’ল।কিমান সময় অন্যমনস্কতাৰে,অকলে বহি ৰৈছিল, তাই..দীপাই মতাতহে বাস্তৱলৈ আহিল।দীপা নীৰাৰ সংসাৰৰ সৰ্বময় কৰ্তী।নীৰাৰ লগতে অহা সহায়কাৰী অসমীয়া মহিলা।
____বাৰু ব’লা।
সামান্যভাবে খোৱা বোৱা কৰিলে পৰীণীতাই। অস্বাভাবিকভাবে গহীন হৈ থকা নীৰাইও বিশেষ একো নক’লে।পৰীয়েও নাভাবিলে একো হয়তো কিবা ব্যক্তিগত কথা।
*****************************************
কালিলৈ পুনৰ তেজপুৰলৈ..উভটনি যাত্রা। যোৱা দহটা বছৰে তাই বহু ঠাই ঘূৰিছে।মনৰ শান্তি বিছাৰি কিন্তু সকলো মিছা। সাংঘাটিক এক নিমিলা অংক যেন মন।
এই যাত্রা ব্যতিক্রম।যেন সাগৰত বিলীন হোৱা নদী । সকলো উৎকণ্ঠাৰ উৰ পেলাই সচাঁই জীৱনে তুলি দিলে,তাইৰ দুহাতত জীৱন।এতিয়াও কঁপে বুকু তাইৰ...।কবি সন্মিলনৰ সামৰণিত,অনন্তই কবি অমিত পুষ্কৰক তাইৰে সাক্ষাত কৰাবৰ বাবে লৈ আহিল...।হে,ভগৱান!এয়াও সম্ভৱ?অতীত এনেকৈ আহেনে জীৱন্ত ৰূপত ?
আজি দহবছৰৰ আগৰ অমিতাভ ৰাথোড় আৰু কবি অমিত পুষ্কৰ ইমান একে..ইমান সাদৃশ্য কিদৰে সম্ভৱ ?তাইৰ জীৱনৰ প্রথম প্রেম অমিতাভ..বিশ্ব বিদ্যালয়ৰ সহপাঠী অমিতাভ,যাৰ প্রেমত তাই ঘৰ এৰি গুচি আহিছিল,ঘৰৰ বিনানুমতিত..একো সিদ্ধান্ত নোলোৱা ছোৱালীজনীয়ে জীৱনৰ আটাইতকৈ জটিল সিদ্ধান্ত লোৱাৰ বাবে কাৰো সিদ্ধান্ত লোৱাৰ প্রয়োজনবোধ কৰা নাছিল।ভাগ্যক্রমে তেজপুৰৰ এখন মহাবিদ্যালয়ত অৰ্থনীতি বিভাগৰ প্রৱক্তাৰ চাকৰীটো পাই তাই সকাহ পাইছিল।অমিতাভৰ পঢ়া তেতিয়াও শেষ হোৱা নাছিল।ইতিমধ্যে,অষ্টেলিয়াৰ এখন বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে সুযোগ পোৱা অমিতাভক তাই জোৰকৈয়ে পঢ়িবলৈ যোৱাৰ বাবে বাধ্য কৰিছিল। তিনিটা বছৰহে.চকুৰ পচাৰতে পাৰ হৈ যাব। ঘূৰি অহাৰ পাছত তেওঁলোকে সামাজিকভাবে বিয়া পাতিব।
আস!সচাঁই জীৱনৰ হাতত মানুহ খেলাৰ পুতলা।অষ্ট্রেলিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে ৰাজস্থানৰ মেৱাড়ৰ গাঁৱত থকা,পৰিয়ালৰ একমাত্র ব্যক্তি আইটাকক লগ কৰিবলৈ সিহঁত ওলাইছিল কিন্তু,পৰীণীতাৰ গা খুবেই বেয়া হোৱাৰ বাবে শেষ মুহুৰ্তত অমিতাভ অকলেই ৰাওনা হৈছিল অমিতাভ । সেই যে যোৱা,একেবাৰেই হেৰাই গৈছিল অমিতাভ সিং ৰাথোড় । যেন মিলি গৈছিল শূণ্যত। পাগলৰ দৰে যোৱা দহবছৰে ক’তো বিছাৰি পোৱা নাই কোনেও....। মানসিক ভাৰসাম্য হেৰুওৱাৰ উপক্রম হৈছিল তাইৰ ।
ঘৰৰ সৈতে সকলো সম্বন্ধ তাই নিজেই ছিন্ন কৰিছিল।মাকৰ মৃত্যুৰ পাছত কেৱল ককায়েক বৌৱেকহে আছিল।কোনেও তাইৰ খবৰ লোৱাৰ আহৰি নাছিল। সেই বিপদৰ সময়ত তাইৰ কাষত আছিল তাইৰ কলেজীয়া দিনৰ বান্ধৱী নীৰাঞ্জনা ।তাইৰ সকলো দায়িত্ব কান্ধত লৈ তাইক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিছিল।নীৰাই তাইৰ শুশ্রষাৰ বাবে ব্যৱস্থা কৰি দিছিল এগৰাকী শুশ্রষাকাৰীণী সৌদামিনীক।তাইৰ অসুস্থ অৱস্থাতে অলক্ষিতে তাইৰ গৰ্ভত বাঢ়ি আহিছিল এটি জীৱন।কিন্তু বহু দেৰি হৈছিল..তাইৰ শাৰিৰীক অসুস্থতাৰ বাবে সেই সন্তানৰ জন্ম সুকলমে হোৱাটো সম্ভৱপৰ নাছিল। মাতৃ অথবা সন্তান । এনে সিদ্ধান্ত তাৎক্ষণিকভাবে ল’বলৈ নীৰা আৰু সৌদামিনী বাধ্য হৈছিল। শেষলৈ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল পৰীণীতাৰ। মনৰ সুস্থিৰতাৰ ওপৰতো বহু নিৰ্ভৰশীল আছলতে স্বাস্থ্য।নীৰাঞ্জনা আৰু সৌদামিনীৰ মৰম ,সুশ্রুষাৰে তথা চিকিৎসক সকলৰ চিকিৎসাত,এটি কন্যাসন্তানৰ মাক হৈছিল পৰী। দুখবোৰ যেন লানি পাতি আহে..বগুৱা বায় আহে.,ইটোৰ পাছত সিটোকৈ। জন্মৰে পৰা সংক্রমণত ভোগা কেচুৱাটোৰ জীৱনকাল আছিল মাত্র ৫ দিনৰ। মাক হৈও মাতৃত্বৰ বোধ হোৱাৰ পূৰ্বেই, অকলশৰে ৰৈ গ'ল পৰী।
তাৰপাছত পাৰ হৈ গৈছিল দিনবোৰ । জীৱনেতো কাৰো অনুমতি নলয় আগবাঢ়িবৰ বাবে। তাইৰো দিনবোৰ পাৰ হৈছিল গতানুগতিকভাৱে। তাৰমাজতে,তাই খবৰ পাইিছিল নীৰাঞ্জনাৰ বিয়াৰ,কটকৰ শহুৰৰ ঘৰলৈ গুচি যোৱাৰ আগতে নীৰা আৰু অনন্ত আহিছিল তাইৰ কাষলৈ। দঢ়াই দঢ়াই তাইৰ পৰা প্রতিশ্রুতি লৈ ভাগি নপৰি জীৱনত আগবঢ়াৰ বাবে।লগতে যিকোনো প্রয়োজনতে,তেওঁলোকৰ বাবে সংযোগ ৰাখি চলিবৰ বাবে।
নাই,তাই আতৰি আহিছিল সকলোৰে পৰা,জীয়াই থাকিব লাগে বাবেইহে যেন জীয়াই আছিল। মহাবিদ্যালত শিক্ষকতা কৰিছিল যদিও,কিবা এক গতানুগতিকতা..এক নৈমিত্তিকতা মাথোঁ। অশান্ত মনৰ শান্তিৰ বাবে যিকোনো অজুহাততে গুচি গৈছিল ক'ৰবালৈ । প্রকৃতিৰ বুুকুত,লোকালয়ত ক'তো যেন নাই সেই শান্তি। সকলোৰে পৰা বিছিন্ন হৈ একাকীত্বৰ মাজত বিলীন হৈ তাই আশ্রয় লৈছিল কিতাপৰ মাজত। তুলি লৈছিল কলম। আগতে চখতে কবিতা লিখা তাইৰ, এতিয়া কবিতা হৈ পৰিছিল জীৱন । কবিতা লিখিবলৈ লৈয়ে তাই এৰিব পাৰিছিল, মুঠিয়ে মুঠিয়ে নিদ্রাহীনতাৰ বাবে ব্যৱহাৰ কৰা এল্-জ্যুলাম।
ইতিমধ্যে কবি হিচাপে তাইৰ কিছু নাম হৈছিল। বিভিন্ন সন্মিলণ অনুষ্ঠানবোৰলৈ যাবলৈ তাই নিজকে জোৰ কৰি বাধ্য কৰিছিল। বহু লোকৰ সংশ্রৱলৈ আহিছিল যদিও তাই কাৰো সৈতে সংস্পৰ্শ গঢ়ি উঠা নাছিল । কেৱল নীৰাই বিছাৰি আহিছিল বান্ধৱীক। কৈছিল,'জীৱনলৈ প্রত্যাৱৰ্তন কৰা,পৰী'। কৰিছিল। বহুখিনি জীৱনমুখী হৈছিল তাই। পুনৰ বিছাৰিছিল হেৰাই যোৱা সুৰবোৰ। ছিঙি যোৱা তাঁৰবোৰ জোৰা লগোৱাৰো প্রয়াস নকৰা নহয়। এদিন তাই নীৰাক সুধিছিল,সৌদামিনীৰ কথা। কিয় জানো তাইৰ বৰকৈ মনলৈ আহিছিল,তাইৰ বেয়াদিনবোৰত ছাঁৰ দৰে থাকি যত্ন লোৱা ছোৱালীজনীৰ কথা। আছলতে,অপৰাধবোধ হৈছিল তাইৰ এনেদৰে সৌদামিনীৰ কথা পাহৰি পেলোৱাৰ বাবে।
নীৰাৰ পৰা তাই গম পাইছিল,কলিকতাৰমিশ্যেনেৰী আশ্রম এখনৰ চিকিৎসালয়ত,এগৰাকী চিকিৎসাকৰ্মীৰ চাকৰিত যোগ দিয়াৰ কথা কিন্তু ব্যক্তিগতভাৱে লগ পোৱাৰ কথা ভবা নাছিল। বহুদিনেইতো পাৰ হৈ গ'ল, প্রায় দহবছৰ। এটা যুগ যেন। এদিন নীৰাৰ হঠাতে অহা নিমন্ত্রণটো তাই বিশেষ একো নভবাকৈয়ে মানি ল'লে।
সেয়ে এই যাত্রা । প্রায় পাঁচ বছৰৰ পিছত,দুয়ো বান্ধৱীৰ সাক্ষাত। এখন কবি সন্মিলনো এক উপলক্ষ। আছলতে,কিছু জীৱনৰ কিছু অবুজ সাঁথৰ ভাঙিবৰ বাবেও তাইৰ প্রয়োজন নীৰাৰ। নীৰাৰ জীৱনতো ঘটি গৈছে বহু অঘটন কিন্তু....কিছু উত্তৰ অবিহনে তাইৰ বাবে যে জীৱন কিয়,মৃত্যুও সহজ নহয়। সেয়ে,অহাৰ আগদিনা তাই প্রশ্নবোৰেৰে সৈতে নীৰাৰ মুখামুখি। নীৰাৰ দুয়োখন হাতত হাতত লৈ তীক্ষ্ণ দৃষ্টিৰে তাই সুধিলে,'' কোৱা সৌদামিনীৰ কথা।'' নীৰা যেন সাজু আছিল। খুলি দিলে তাইৰ সন্মুখত এখন কোনোদিনে নপঢ়াকৈ থকাৰে সম্ভাৱনা থকা কিতাপৰ,কিছু প্রয়োজনীয় পঢ়িবলগীয়া পৃষ্ঠা।
তাৰপিছত,এয়া সকলোকে মাত লগাই আহি সাগৰৰ তীৰত,বহি আছে তাই। মানুহেৰে ভৰি থকা বীচতো,অকলশৰীয়াকৈ। কিয় হয় এনে কোনে ক'ব ?
কিয় তাইৰ পৰা বিদায় লৈ যোৱা অমিতাভ,তাইৰ প্রাণৰ অমিতাভ পতিত হৈছিল এক জটিল মানসিক ৰোগত ...?
মেৱাড়ত,হোৱা নাছিল কোনো উন্নত চিকিৎসা। তাইক কোনেও দিয়া নাছিল খবৰ। দিবই বা কিয়,কোনেও নাজানাছিল,তাইৰে অমিতাভৰ সম্পৰ্ক,কেৱল অমিতাভৰ বাহিৰে। অথচ,অমিতাভে হেৰুৱাইছিল পূৰ্বৰ সকলো স্মৃতি। প্রায় ৫টা বছৰ কেৱল আসুৰিক চিকিৎসাৰ বলি হোৱা অমিতাভক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰিছিল। এজন খ্রীষ্টান পাদুৰী চাহাবে। তেখেতৰ বদ্যান্যতাত কলিকতাৰ এখন মানসিক চিকিৎসালয়ত প্রায় দুবছৰ চিকিৎসাৰ পিছত, পঞ্চাচ শতাংশ সুস্থ হৈছিল। অমিতাভ। মনৰ ভাব প্রকাশি যতে ততে লিখিছিল কবিতা। নিজৰ স্বাক্ষৰ কৰিছিল ''অমিত পুস্কৰ''। এগৰাকী নাৰ্চৰ তত্বাৱধানত ক্রমাৎ সুস্থ হৈ উঠা, অমিতক নাৰ্চ গৰাকীয়ে কিছু পৰিৱৰ্তনৰ বাবে লৈ আহিছিল, পুৰী কোনাৰকলৈ। কোনাৰকৰ সূৰ্যমন্দিৰ দৰ্শণৰ বাবে আহোঁতে, কি এক সংযোগত পৰিচয় হৈছিল উৰিষ্যা চৰকাৰৰ পৰ্যটন বিভাগৰ বিষয়া,অনন্ত মহাপাত্রৰ সৈতে। পিছদিনা, অনন্তৰ অনুৰোধ ৰক্ষা কৰি তেওঁলোক উপস্থিত হৈছিলগৈ অনন্ত আৰু নীৰাঞ্জনা মহাপাত্রৰ ঘৰত। অমিত পুষ্কৰ আৰু সৌদামিনীক দেখি চমকি উঠিছিল নীৰা। আৱেগিক হৈ উঠিছিল সৌদামিনীও। নাই, অমিত আৰু অমিতাভৰ মাজত কোনো যুগসূত্রৰ সম্ভাৱনীয়তা সৌদামিনীৰ জ্ঞাত নাছিল। কাৰণ অমিতাভ সিং ৰাথৌড়ৰ কেৱল নামহে শুনিছিল তেওঁ। তদুপৰি অমিত পুষ্কৰ আৰু অমিতাভ ৰাথোড় দুজন ভিন্ন ব্যক্তিত্ব। নীৰাই সৌদামিনীৰ পৰা জানিছিল অমিতে অতীত পাহৰি গৈছে। এয়া যেন তেওঁৰ পুনৰ জন্ম। হয়তো কেতিয়াবা ঘূৰি আহিব পাৰে সেই অতীত জীৱন্ত হৈ যদি,অতীতৰে হয় যুক্ত,কিবা প্রকাৰে। হয় যদি সম্ভৱ, অতীতত বিচৰণৰ। তদুপৰি কেৱল এক সম্ভাৱনাহে এয়া। হয়তো ভালো হ'ব পাৰে নতুবা পুনৰ হেৰাই যাব পাৰে অমিত।
আস...! চিৎকাৰ কৰি উঠিল পৰীণীতাই। নাই নালগে থাকক। সকলো আগবাঢ়ি যাওক। সকলো নদীৰে গন্তব্য সাগৰ,কিন্তু সকলোৱে বিলীনৰ সক্ষমতা নাৰাখে। বাটতে হেৰাই যায়। প্রকৃতিৰ অপাৰ বিষ্ময় ! বিষ্ময়কৰ জীৱন !
পাঁচদিনতে মৃত বুলি চিকিৎসকে ঘোষণা কৰা শিশুটোও আজি দহবছৰে জীয়াই আছে। উশাহ লৈ আছে...অনাথ আশ্রমৰ চিকিৎসালয়ত। পৰীৰ দুৰ্ভাগ্য দেখি প্রাণে নসহা সৌদামিনীয়ে মাতৃৰূপে গ্রহণ কৰিছিল সেই মৃতস্বৰূপ সন্তানৰ সকলো দায়িত্ব। অন্ততঃ যিমানদিন জীৱন থাকে,মাতৃৰ উম দিব সেই মানৱ-শিশুক।
আহ ! ক'ত লুকাই থাকে নাৰীৰ হৃদয়ত এনে অপত্য স্নেহ !... নীৰাই সকলো জানিও সাহ সঞ্চয় কৰিব পৰা নাছিল তাইক জনোৱাৰ বাবে। সেয়ে ভাবিছিল, ইমানদিনে এক সু-সম্পৰ্কৰে বান্ধ খোৱা কবি অমিত পুষ্কৰ আৰু পৰীণীতাক সাক্ষাত কৰোৱাৰ কথা। কিন্তু, এই যে জীৱন ! মানুহ কেৱল পুতলা ।
অমিতৰ প্রেম হৈছিল সৌদামিনীৰে,হয়তো ঠিক প্রেম নহয় এক আকৰ্ষণ। ইমানদিনে, কাষে কাষে ৰৈছে সেই নাৰী। স্বাভাৱিক। অমিতৰ আইটাকৰ ইতিমধ্যে মৃত্যু হৈছে। বিশেষ সম্বন্ধ নৰখা মাহীমাকে আগবাঢ়ি আহি ঠিক কৰিছে বিয়াৰ যা- যোগাৰ।
এটোপাল চকুলো বৈ আহিল তাইৰ...। নাই নালাগে। কিহৰ দুখত কান্দিব তাই। জোৰেৰে চকুকেইটা মোহাৰি দি সুদূৰৰ দিগবলয়লৈ পঠিয়ালে তাই...।
------ ''দিদিমণি... দিয়া তোমাৰ হাতত,মেহেন্দী আঁকি দিওঁ।"
শামুক বোটলা ছোৱালীজনী, পিছফালৰ পৰা আহি মাত লগালেহি তাইক। আজি তাইৰ হাতত অন্যান্য পোহাৰৰ লগতে মেহেন্দী বোলোৱা যতন। অন্যমনস্কতাৰে দুয়োখন হাত আগবঢ়াই দিলে তাই।
---- মাগ' কি সুন্দৰ হাত তোমাৰ দিদিমণি। সৌভাগ্যৱতী তুমি,এনে নৰম গোলাপী হাত বহু কম নাৰীৰ হয়। কোৱা কি নক্সা তোলোঁ...?

পাৰিবা তুমি সূৰ্য আকিব ? সাগৰৰ বুকুৰ পৰা উঠি অহা সূৰ্য। সাগৰত জিৰণি লোৱা সূৰ্য ? সাগৰৰ বুকুত বহি ,জীৱনৰ দিনপঞ্জী লিখা সূৰ্য ? পাৰা যদি আঁকা তুমি... বিশাল সাগৰ । কত জোৱাৰ ভাটা বুকুত লৈও কি শান্ত, সমাহিত সাগৰ । কোনে জানে কিমান অশান্ত, বুজাৰ কি উপায় ? আকাঁ তুমি, সাগৰৰ বুকুত উদিত সূৰ্য,মোৰ দুহাতত। যদি হয় হওক, সাগৰৰ দৰে মোৰ জীৱন।
(সমাপ্ত)

No comments:

Post a Comment