Monday, 8 December 2014

বিষয়: 'সন্ধান' শিতানৰ বুনিয়াদী দিশ

প্ৰতি
মাননীয় সদস্যবৃন্দ,
আখৰুৱা : literati গোট।
বিষয়: 'সন্ধান' শিতানৰ বুনিয়াদী দিশ
আপোনালোকক বিনীত ভাবে জনাব খোজো যে আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান'-ৰ ওপৰত যোৱা ২ চেপ্তেম্বৰ ২০১৪-ত গোটত হোৱা আলোচনালানিৰ ভিত্তিত 'সন্ধান' শিতান যুগুতোৱাৰ ক্ষেত্ৰত কেইটামান বুনিয়াদী দিশ প্ৰস্তুত কৰা হৈছে। সেয়া হ'ল:
১) ফেচবুকত অসমীয়া সাহিত্যৰ চৰ্চা আৰু বিকাশৰ লক্ষ্যত, কবিতাৰ অনুবাদৰ জৰিয়তে আখৰুৱা গোটৰ 'সন্ধান' শিতান প্ৰস্তুত কৰাৰ প্ৰয়াস কৰা হৈছে। সেয়ে অনুবাদৰ ক্ষেত্ৰত মূল কবিতাৰ ভাবাৰ্থ যিমানখিনি সম্ভৱ অক্ষুণ্ণ ৰখাৰ প্ৰতি দৃষ্টি দিয়া হ'ব। কিয়নো এনে চৰ্চাৰ জৰিয়তে সামগ্ৰিক ভাবে অনুবাদ সাহিত্যৰ প্ৰতি আমাৰ আগ্ৰহ জন্মিব আৰু অন্যান্য ভাষা সাহিত্যলৈকো আমাৰ উৎকণ্ঠা বাঢ়িব।
২) অসমীয়াৰ পৰা আন ভাষালৈ অনুবাদ কৰা কবিতা গোটত প্ৰকাশ কৰিলে সদস্যসকলৰ বুজাত অসুবিধা হ’ব পাৰে। সেয়ে আন ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰাৰ দিহা কৰা হ'ব। অৱশ্যে অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব পৰা যাব।
৩) কেনে ধৰণৰ কবিতা অনুবাদৰ বাবে আমি নিৰ্বাচন কৰিম সেই বিষয়ে গোটৰ পৰা কোনো ধৰণৰ বাধ্যবাধকতা নাথাকিব যদিও উচ্চ মানদণ্ডৰ কবিতা অনুবাদৰ বাবে যত্ন কৰা হ'ব।
৪) আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান'-ৰ প্ৰকাশৰ সময়সীমা সাপ্তাহিক হ'ব।
৫) সময়ে সময়ে অনুবাদ সাহিত্যৰ ভিন্ন দিশ- গোটত আলোচনা কৰা হ'ব।
৬) অনুবাদৰ ক্ষেত্ৰত গোটৰ প্ৰশাসকে হস্তক্ষেপ নকৰে যদিও উল্লিখিত দিশ সমূহ যাতে পালন কৰা হয় তালৈ প্ৰশাসকে দৃষ্টি দিব।
৭) 'সন্ধান' শিতানৰ বাবে গোটৰ সদস্যই অনুবাদ কৰা কবিতা সদস্যগৰাকীয়ে প্ৰশাসকৰ চাট বাকচত বা duttamanohar@gmail.com-এই ই-মেইল ঠিকনালৈ পঠিয়াব পাৰিব। গোটৰ মজিয়াত সদস্যই অনুবাদ কবিতা দিব পাৰিব যদিও তেনে কবিতা 'সন্ধান' শিতানৰ বাবে গ্ৰহণ কৰা নহয়। আনপিনে প্ৰাপ্ত অনুবাদ কবিতাৰ আধাৰত গোটৰ প্ৰশাসকে 'সন্ধান' শিতান প্ৰস্তুত কৰি, গোটত উপস্থাপন কৰিব।
ধন্যবাদ।
ইতি 
প্ৰশাসকবৃন্দ, 
আখৰুৱা : literati গোট।
৩০ চেপ্তেম্বৰ ২০১৪

No comments:

Post a Comment