Friday, 26 December 2014

নিৰুদ্দেশ:ইন্দ্ৰনীল গায়ন

                                                           ৰূপাংকন : মনোহৰ দত্ত
দিনৰ বাবে নিৰুদ্দেশ হৈছিলো
তোমাৰ চহৰত
খবৰটো বিয়পি পৰিছিল....... !!
এইখিনিতে পাঠকসকলৰ জ্ঞাতে গল্পটোৰ মূল কাহিনীলৈ যোৱাৰ আগতে গল্পৰ চৰিত্ৰ আৰু প্লটটোৰ সৈতে থাউকতে চিনাকি কৰাই দিও:-
স্থান:- গুৱাহাটী আৰু লক্ষীমপুৰ
চৰিত্ৰ:-
(১)
অৰিন্দম চৌধুৰী:- গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাকোত্তৰ মহলাৰ অসমীয়া বিভাগৰ চতুৰ্থ
ষাস্মাসিকৰ ছাত্ৰ|
চখ:- সাহিত্য চৰ্চা, ছবি অঁকা, গান গোৱা, আৰু নিঃসংগতা|
(২)
অনুসূয়া চৌধুৰী:- বয়স-আনুমানিক ২৮ বছৰ, পেছাত শিক্ষয়ত্ৰী|
(৩)
প্ৰাঞ্জল:- অৰিন্দমৰ হোষ্টেল আৱাসৰ কোঠা নং ১১০ ৰ ৰূমমেট|
বিভাগ:- অৰ্থনীতি বিজ্ঞান
পেছা:- কেৱল পঢ়া আৰু পঢ়া|
(৪)
অৰুন্ধতী বৰুৱা:- গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাকোত্তৰ মহলাৰ অসমীয়া বিভাগৰ চতুৰ্থ ষাস্মাসিকৰ ছাত্ৰী|
চখ:- সাহিত্য চৰ্চা, ছবি অঁকা আৰু....(????)|
(৫)
পুষ্পলতা চৌধুৰী :-
অনুসূয়া আৰু অৰিন্দমৰ মাতৃ
(৬)
বিভাস চৌধুৰী:-
পুষ্পলতা চৌধুৰীৰ স্বামী, আৰু লগতে অৰিন্দম আৰু অনুসূয়াৰ পিতৃ
পেছা:- অৱসাপ্ৰাপ্ত কলেজ শিক্ষক (অসমীয়া বিভাগ)
(৭)
ৱাৰ্ডেন:-
এ. টি ১০ হোষ্টেল
এতিয়া আহক, আমি গল্পৰ মূল কাহিনীৰ মাজলৈ সোমাই যাওঁ
সময়: পুৱা ১০ বাজিছে লক্ষীমপুৰৰ পৰা নৈশ বাছেৰে আহি গন্তব্যস্থান গুৱাহাটী মহানগৰীত এয়া অনুসূয়া চৌধুৰীয়ে প্ৰৱেশ কৰিছে|
কাৰণ:- হঠাতে যোৱা দুদিন ধৰি এ. টি ১০ হোষ্টেল আৱাসৰ পৰা এজন ছাত্ৰ অন্তৰ্ধ্যন হৈছে| আৰু সেই ছাত্ৰজনেই হৈছে অনুসূয়া চৌধুৰীৰ একমাত্ৰ ভায়েক অৰিন্দম চৌধুৰী|
পিন্ধনত এযোৰ সাধাৰণ পৰিমাৰ্জিত চেলৱাৰ, কামিজ, অৰু চকুযুৰিত বিষাদৰ এচপৰা ক’লা ৰং| হয়তো দুদিন ধৰি ভালদৰে খোৱা, বোৱা শোৱা, একো কৰা নাই কেৱল একমাত্ৰ ভায়েকৰ চিন্তাত|
ক’ত গৈছে, কি কথা, হোষ্টেল আৱাসৰ কোনোও নাজানে| ফোন ছুইটছ অফ কৰি ৰাখিছে| আগতেও সি তেনেধৰণে কাকো একো খবৰ নিদিয়াকৈ ওলাই যায়, যদিও নিশালৈ ঘূৰি আহে, কাৰণ আনসকলোতকৈ সি কিছু ব্যতিক্ৰম, মানে থকাৰ লাইফ ষ্টাইল| নিঃসংগতা, হৈছে তাৰ চখ| আৰু নিঃসংগতা মানেই কিতাপ পঢ়া, কবিতা লিখা, গল্প, লিখা, আৰু ছবি অঁকা| সেয়াই হৈছে তাৰ জীৱন|
জালুকবাৰী... জালুকবাৰী..
বাইদেউ ক’ত যাব, আহক আহক
অনুসূয়া চৌধুৰীয়ে অলপো পলম নকৰি মহিলাৰ বাবে সংৰক্ষিত ছিটটোত বহি পৰিল| নৈশ যাত্ৰাৰ ভাগৰে যেন তেওঁৰ চকু যুৰি হেচি ধৰিছে| তথাপি.......
ছিটসমূহ সম্পূৰ্ণ হোৱাৰ লগে লগেই ক্ষন্তেকতে বাছখন জালুকবাৰীলৈ বুলি গতি কৰিলে|
অলসভাৱে শৰীৰতো কিছু সময়ৰ বাবে ছিটটোত এৰি দি ভাবিবলৈ আৰম্ভ কৰিলে|
সি ক’ত যাব পাৰে..??
যিমানেই উত্তৰ বিচাৰে, সিমানেই
এই প্ৰশ্নটোৱে চিন্তাৰ কাৰণ বঢ়াই তুলিছে| মই জনাত তাৰতো কোনো শক্ৰ নাই, তেন্তে..???
এইদৰে ভাবি থাকোতেই, বাছখন আহি জালুকবাৰী পালোহি|
বাছৰ পৰা নামিয়ে প্ৰথমে অনুসূয়ায়ে অৰিন্দমৰ ৰূমমেট প্ৰাঞ্জললৈ বুলি ফোনটো লগালে|
-হেল্ল প্ৰাঞ্জল
-হয় হয়, বাইদেউ, কওকচোন
- মই তোমালোকৰ হোষ্টেলৰ ফালে আহি আছো, পাৰিলে তুমি অলপ ওলাই আহাচোন
-ঠিক আছে বা, মই গৈ আছো|
প্ৰাঞ্জল ল’ৰাটো স্বভাৱ চৰিত্ৰৰ ফালৰ পৰা খুবেই ভাল আৰু অন্তত্য মেধাবী| সি পঢ়াৰ বাহিৰে বাকী একো চিনি নাপায়, মানে তাৰ চখ বুলিবলৈ বিশেষ একো নাই| তাৰ সপোন London School of Economics দ্বৰে বিশ্বৰ আগশাৰীৰ সেই বিশ্ববিদ্যালয়ত গৱেষণা কৰাৰ|
প্ৰাঞ্জলো খুব চিন্তিত মনৰে হোষ্টেলৰ গেটৰ ওচৰলৈ ওলাই অহা দেখা গৈছে|
বাইদেউ আহি পালে|
হম্ম, আহি পালো প্ৰাঞ্জল|
অনুসূয়াৰ কান্দোনৰত মুখখনত এক গভীৰ উদ্ৰেক|
সি ক’ত গ’ল, তোমালোক কোনেও নাজানানে..??
বাইদেউ
আমি কোনোও এতিয়ালৈকে কোনো শুংসুত্ৰ উলিয়াব পৰা নাই
সি ক’ত যাব পাৰে, ইতিমধ্যে আমি হোষ্টেল আৱাসৰ সকলো মিলি , আগতে যোৱা ঠাইবোৰলৈ গৈও বিচাৰিছো
সি তাতো নাই|
বাইদেউ, বল’কচোন, আমি হোষ্টেল ৱাৰ্ডেনৰ ওচৰৰ পৰা এপাক আহো| হোষ্টেল কতৃপক্ষই হেনো ইতিমধ্যে জালুকবাৰী থানাত এটা কেছ ৰুজু কৰিছে অৰিন্দম নিৰুদ্দেশ হোৱা বুলি|
ঠিক আছে, ব’লা তেন্তে !!
আপোনালোকে অৰিন্দমক সেইদিনা দেখিছিলে নেকি হোষ্টেলৰ পৰা কেইবজাত ওলাই গৈছিল,
হোষ্টেল ৱাৰ্ডেন:- আচলতে আমি সকলো ছাত্ৰ-ছাত্ৰীৰ ওপৰতে চকু ৰাখিব নোৱাৰো, মই জনাত সি ক্লাছ কৰিবলৈ গৈ আৰু সেইদিনা ওভতি অহা নাছিল|
ব’লক বাইদেই আমি ইয়াত ৰৈ থাকি বৰ এটা লাভ নহ’ব|
ঠিক সেই সময়খিনিতে দেউতাক বিভাস চৌধুৰীয়ে ফোন কৰিছে
হেল্ল:- মাজনী
অ’ দেউতা কোৱা
(কিছু সহজ হৈ কথা পাতিবলৈ চেষ্টা কৰিছে, কাৰণ দেউতাক কিছু পৰিমানে উচ্চ ৰক্তচাপ থকাৰ ফলত কেইদিন মানৰ পৰা অসুস্থ হৈ আছে|)
বাবুক পাইছানে হোষ্টেলত..??
দেউতা, আছে আছে সি ক্লাছলৈ গৈছে.
তুমি ইম্মানকৈ চিন্তা নকৰিবা, তাৰ ফোনটো বেয়া হোৱাৰ বাবেই যোৱা দুদিন ধৰি আমি তাক ফোনত পোৱা নাছিলো.
-অ’ হয় নেকি, ঠিক আছে তেন্তে, আমি বৰ চিন্তাত আছিলো
এতিয়া ৰাখো দে,,
মায়েৰকো খবৰটো দিও|
ফোনটো ৰখাৰ পিছতেই
কিছু সময়ৰ বাবে অনুসূয়া কান্দোনত ভাগি পৰিছিল,
সি কিয় এনেকুৱা খন কৰিছে
ক’ত গ’ল|
ওচৰতে থকা প্ৰাঞ্জলে কও নকওকৈ ক’লে
বাইদেউ আপোনাক তাৰ বিষয়ে মোৰ কিছু ক’ব লগীয়া কথা আছে|
কি প্ৰাঞ্জল??
কোৱা এতিয়ায়ে কোৱা মোক
সি আমাৰ পৰা এনে কি কথা লুকুৱাই ৰাখিছে??
তেন্তে শুনক বাইদেউ
অৰিন্দমে অৰুন্ধতী নামৰ এজনী ছোৱালীক ভাল পাইছিল| তাৰ সহপাঠী| দুয়োটাৰে প্ৰায় চখবোৰ একেই আছিল, চিন্তাধাৰা, অভিব্যক্তি আদি সকলোবোৰ, হয়তো সেইবাবেই খুব কম সময়ৰ ভিতৰতেই সিহঁত ইটোৱে আনটোক খুব ভালপাই পেলাইছিল| এনেকৈয়ে আৰম্ভ হৈছিল.....
প্ৰাঞ্জলে কৈ গৈছিল..............
কিছু ফ্লেছবেক:-
অৰিন্দম আৰু অৰুন্ধতীৰ কাহিনীলৈ:-
সোঁৱৰণীৰ বাটেৰে উভতি যাব পাৰি দূৰ-দূৰণিলৈ,
এইয়াও এক কাহিনী নহয় নে বাৰু..??
ভাল লগা বোৰ কেনেকৈ আৰম্ভ হয়....
এক মদু ঝংকাৰ..... হৃদয়ৰ প্ৰতিটো কোঠাত
যেন পলকতে ভালপোৱাৰ সুবাসৰে ভৰি পৰিব চৌপাশ....
আৰু.....
ওহোঁ, থাকক নেকি...
হম্ম... ঠিক আছে বাৰু....
জানানে এটি গীত লিখিছো, সম্পূৰ্ণ হোৱা নাই, অলপ গুণগুনাওঁ, সুৰটো অলপ চাই দিবাচোন..
আৰম্ভ কৰা..
সৌ আকাশ পোহৰাই যায়....
::::::::::::::::
ৱাহ বৰ ধুনীয়া, তাতোকৈ তোমাৰ কন্ঠ...
দুয়ো দুয়োলৈ চাই নিবদ্ধ হৈ ৰৈছিল আসঃ কি আছে এই চকুযুৰিত.....
মাথো তুমি আৰু তুমি....
(এনেকৈয়ে পাৰ কৰিছিল সিহঁতে ভাল লগা সময়বোৰ, তাৰ মাজতে পৰীক্ষা, ছেমিনাৰ আদিতো দুয়োটায়ে খুব ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল|)
অৰুন্ধতী চাও এইফালে আহা:-
হম্ম, কোৱা..
কিবা এটা লিখিছিলো, মানে কবিতা,
ঠিক আছে চাও দিয়া:-
“হৃদয়ৰ পৰা হৃদয়লৈ কিমান যোজন বাট
যিদৰে প্ৰতিটো পল অপেক্ষাৰে গণি গণি.....
:::::::::
খুব সুন্দৰ অনুভৱী কবিতা
তুমি একো লিখা নাই, ওহোঁ, নাই
এই মাহতে বিহু সংখ্যাৰ বাবে গল্প এটা পঠাম বুলি ভাবিছিলো, যদিও এতিয়ালৈক একো আৰম্ভ কৰিব পৰা নাই:
চেষ্টা কৰাচোন, পাৰিবা তুমি|
ঠিক আছে বাৰু,
ব’লা ক্লাছৰ সময় হ’ল|
:::::::::::::
যোৱা দুদিন ধৰি তোমাক লগ পোৱা নাই, ইমান ব্যস্ত আছানে?? ক্লাছলৈও অহা নাই, হোষ্টেলতো নাই, ক’ত গৈছিলা তুমি??
- ঘৰলৈ গৈছিলো
-কিয়
- কিয়, মানে ঘৰলৈ গ’লেও মই তোমাক জনাই থৈ যাব লাগিব, মোৰ কাম আছিল বাবে গৈছিলো| বছ !!
অৰুন্ধতী, তোমাৰ কি হৈছে, কিয় জানো আজি কিছু দিনৰ পৰা তুমি যেন সলনি হৈছা, কিয় এনে কৰিছা..??
অহ, প্লিজ, অৰিন্দম...
মোৰ হাতত সিমান সময় নাই
বাৰ্ষিক ষাস্মাসিকৰ চুড়ান্ত পৰীক্ষাৰ ৰুটিন ইতিমধ্যে দিছে, আৰু মাত্ৰ ২০ দিন বাকী আছে|
ইয়াৰ পিছতেই আমাৰ জীৱনটো কিছু সলনি হ’ব, কোন ক ’ত যাব কোনে জানে..??
মানে..??
কি ক’ব খুজিছা অৰুন্ধতী
ছিম্পল, মানে
প্ৰত্যেকৰে নিজশ্ব একোটা সপোন থাকে, সেই সপোন পূৰ কৰিবলৈ সকলোৱে চেষ্টা কৰিব|
আজিৰ পৰা তুমি তোমাৰ ঠাইত
আৰু মই মোৰ ঠাইত !!
::::::::::::
বাইদেউ অৰিন্দমে এই কথাখিনি কেৱল মোক হে জনাইছিল, কাৰণ সি মোক প্ৰতিটো কথায়ে কয়|
অনুসূয়ায়ে যেন এটা প্ৰস্তুৰমূৰ্তিৰ দৰে ৰৈ গৈছিল, আৰু কান্দিছিল.. তাক মই কিমান মৰম কৰো, সি মোক এই কথাবোৰ কিয় জনোৱা নাছিল, মই তাক অলপ হ’লেও বুজাব পাৰিলো হয়|
বাইদেউ, সি মোক প্ৰায়ে কৈছিল ঘৰৰ ভিতৰত সকলোতকৈ আপোনাক সি ভয় কৰে| হয়তো সেইবাবেই এইকথাবোৰ লুকুৱাই ৰাখিছিল|
একো চিন্তা নকৰিব, বাইদেউ, তাক আমি ঘূৰাই পাম, হয়তো মন ভাল লগাবৰ বাবে আমাক নজনোকৈ সি ক’ৰবাত ফুৰিবলৈও যাব পাৰে|
কিন্তু ফাইনেল পৰীক্ষালৈ মাজত মাত্ৰ আৰু ১৫ দিন আছে?? সি ক’ত যাব পাৰে||
মোৰ কিন্তু ভয় হৈছে, তাক যদি আমি হেৰুৱাই পেলাও তাৰ ডায়েৰীখন|| হয় হয়, সি সদায়ে ডায়েৰী লিখিছিল|
প্ৰাঞ্জল, ব’লাচোন তোমালোকৰ কোঠালৈ, মোৰ বৰ ভয় হৈছে সি একো নকৰিবলগীয়া কাম কৰা নাইতো !!
ব’লক, ব’লক বাইদেউ....
:::::::::::::::::::::::::::
বাইদেউ তাৰ টেবুলত চাওকচোন আছানে ডায়েৰীখন
নাই প্ৰাঞ্জল, নাই দেখোন টেবুলত
তেন্তে ক’ত যাব পাৰে,
ইফালে সিফালে দুয়ো বিচাৰি ফুৰোতেই
হঠাতেই অনুসূয়ায়ে সি শোৱা বিছনাখনৰ গাৰুটো উঠাই দিয়াৰ লগে লগেই
ডায়েৰীখন চকুত পৰিল:-
লগে লগে অনুসূয়ায়ে ডায়েৰীখন মেলি ল’লে
প্ৰথম পৃষ্ঠাতে হাঁহিমুখীয়া অৰিন্দমৰ ফটো এখনৰ সৈতে কিছু কথা লিখা আছিল”-
“ Life is a Platform
You can wait for a Second
DREAM
Will Carry your life
Nothing to Loose For a Moment…..”
হঠাতে অনুসূয়ায়ে চকুৰে দুধাৰি চকুলো বৈ আহিছিল, কিবা এটা এজন অজান আশংকায়ে মনটোক দুৰ্বল কৰি তুলিছে|
প্ৰতিটো পৃষ্ঠাতেই খুব সুন্দৰ কথা, আৰু কবিতাৰে লিপিবদ্ধ কৰি ৰাখিছে মনৰ অনুভৱবোৰ !!
এটা পৃষ্ঠাত এনেদৰে লিখা আছিল:-
এটা দিন
এটা ৰাতি
আহত সময়ৰ হাতত ধৰি
হয়তো এনেকৈয়ে গুছি যাব পাৰি
নিঃসংগ নদীৰ বুকুত প্ৰিয়তম সুহৃদৰ ঠিকনা বিচাৰি !!
এনেদৰেই গৈ গৈ ডায়েৰীখনৰ এটি পৃষ্ঠাত অনুসূয়াৰ চকু থৰ হৈ গৈছিল:-
মাথো চিঞৰি চিঞৰি কান্দিছিল
কি কৰিলি তয়
কিয় কৰিলি এনেকুৱা
মা, দেউতা, মোৰ কাৰণে অলপো চিন্তা নকৰিলি
প্ৰাঞ্জলে একো বুজি পোৱা নাছিল,
সি লগে লগে চিঞৰি উঠিল
বাইদেউ কি লিখা আছে তাত
আপুনি কিয় এনেকুৱাখন কৰিছে
চাওঁ মোক দিয়কচোন ডায়েৰীখন:-
প্ৰাঞ্জলে আওৰাই গৈছিল:-
এদিনৰ বাবে নিৰুদ্দেশ হৈছিলো
তোমাৰ চহৰত
খবৰটো বিয়পি পৰিছিল
শুনিছিলো
মোক বিচাৰি তুমিও আহিছিলা
কিন্তু
বহু পলমকৈ
তেতিয়ালৈ
হয়তো
মই
জাহ গৈছিলো
নদীৰ বুকুত|
২৫/১২/২০১১
অৰিন্দম, এয়া কি কৰিলি, কিয় এনেদৰে গুছি গ’লি|
এনেদৰে গুছি গ’লি.....
হয়...
অৰিন্দম গুছি গৈছিল কোনেও নেদেখা এখন অজান দেশলৈ
বিঃদ্ৰঃ :- এতিয়াও হয়তো সজীৱ হৈ আছে অৰিন্দমে এৰি থৈ যোৱা
কবিতা, গল্প, আৰু ছবিবোৰ....
: সমাপ্ত:
-ইন্দ্ৰনীল গায়ন with - Anupama Borgohain
Unlike · 

No comments:

Post a Comment