ৰূপাংকন : মনোহৰ দত্ত
সেউজীয়া ৰঙৰ ৰেলগাড়ীখনে অলপো শব্দ নকৰাকৈয়ে চকুৰ পলকতে প্রীতমক টছিমা চহৰ অভিমুখে লৈ আহিল । টছিমাৰ ইকেবুকুৰ’ ষ্টেচনটোত লাহেকৈ নামি দিলে সি । টছিমা -টকিঅ’ৰ সকলোতকৈ পুৰণি চহৰ । ইয়াতে সগৌৰৱেৰে মুৰ দাঙি থিয় দি আছে “চানশ্বাইন ৬০” অট্টালিকাটো । জাপানৰ সকলোতকৈ ওখ অট্টালিকা । মিছেচ কানেকিৰ কথামতে সি এই অট্টালিকাটোলৈ আহিছে । সিদিনা মিটিঙত কোৱা মিছেচ কানেকিৰ কথাবোৰ আকৌ এটা এটাকৈ তাৰ কাণত বাজি উঠিল - ‘যেতিয়া তোমাৰ মনটো প্ৰচণ্ড নিৰাশাৰে ভৰি পৰে আৰু মৃত্যুহে তোমাৰ সমস্যাবোৰৰ শেষ সমাধান যেন অনুভৱ হয়, তেতিয়াই এই “চানশ্বাইন ৬০” অট্টালিকাটোলৈ আহিবা’। .... জাপানৰ দৰে কৰ্মব্যস্ত চহৰখনত মিছেচ কানেকিৰ বাহিৰে প্রীতমৰ কোনো বন্ধু-বান্ধৱী নাই । মিছেচ য়ুৰিক’ কানেকি প্রীতমৰ ব্যক্তিগত সহায়কাৰী । জাপানৰ সকলোবোৰ মানুহৰ দৰেই মিছেচ কানেকিও সদাব্যস্ত আৰু কৰ্মপ্রিয় । ৰুগ্ম স্বামী আৰু তিনিজনী ছোৱালীৰ মাক মিছেচ কানেকিৰ সংসাৰৰ দায়িত্ব অন্য মহিলাতকৈ বহুত বেছি । তেওঁৰ ডাঙৰ জীয়েক মানসিকভাবে দুৰ্বল । মাজু জীয়ৰীজনীয়ে এটা দুৰ্ঘটনাত ভৰি এখন হেৰুৱাই পংগু জীৱন যাপন কৰিব লগা হৈছে । ঘৰখনত সম্পূৰ্ণ সুস্থ প্রাণী হ’ল মিচেছ কানেকি নিজে আৰু তেওঁৰ দহ বছৰীয়া নুমলীয়া জীয়াৰী য়ুনি ! প্রীতমে জনা মতে য়ুৰিকৰ পতি মি: কানেকিয়ে এটা সময়ত মিনামাতা দ্বীপত এটা ডাঙৰ সাৰ কাৰখানা স্থাপন কৰিছিল । তেওঁ সেই কাৰখানা্ৰ পৰা নিৰ্গত হোৱা আৱৰ্জনাবোৰ সাগৰত পেলোৱাৰ ব্যৱস্থা কৰিছিল । কাৰখানাৰ সেই আৱৰ্জনাবোৰ ইমানেই বিষাক্ত আছিল যে সাগৰৰ পানীৰ লগতে তাত থকা সাগৰীয় জীৱবোৰো বিষাক্ত হৈ পৰিছিল ।বহুতো সাগৰীয় জীৱৰ মৃত্যু হৈছিল ।স্থানীয় লোকৰ নানা প্রতিবাদেও কাৰখানা বন্ধ কৰিব পৰা নাছিল । কাৰখানা বন্ধ নকৰিবলৈ মি: কানেকিয়ে চৰকাৰী বিষয়াক নানা প্রকাৰে উপঢৌকন দি হাত কৰি লৈছিল । বহুত প্ৰতিপত্তিশীল আছিল মি: কানেকি সেই সময়ত! গোটেই পৃথিৱীখনকে যেন কিনি থ’বলৈ পাৰিব - এনে ভাব আছিল তেওঁৰ ! নতুনকৈ বিয়া কৰোৱা য়ুৰিকক নিতৌ দামী দামী উপহাৰেৰে ঢৌৱাই পেলাইছিল । য়ুৰিকই কষ্ট পাব বুলিয়েই তাই কৰি থকা ভাল চাকৰিটো এৰি দিবলৈ কৈছিল । প্রথম সন্তানটি জন্মৰ পিছত তাই চাকৰিটো এৰিয়েই দিছিল । সৰু ছোৱালীজনীৰ জন্মৰ পিছৰে পৰা মি: কানেকিৰ শৰীৰত এটা দুটাকৈ নানা অচিন বেমাৰে দেখা দিবলৈ ধৰিলে ।বহু বছৰ চিকিৎসা কৰিও ভাল নোহোৱাত মিনামাতাৰ পৰা তেওঁলোক টছিমালৈ গুছি আহিল । তেওঁলোকৰ সংসাৰৰ চকৰি এইবাৰ বেলেগ দিশেৰে ঘুৰিবলৈ ধৰিলে । মি: কানেকিৰ সকলো সাঁচতীয়া টকা পইচা তেওঁৰ আৰু জীয়েক দুজনীৰ চিকিৎসাতে খৰচ হ’ল । য়ুৰিক’ই বহুত কষ্টৰে বর্তমানৰ এই চাকৰিটো যোগাৰ কৰিছে । এতিয়া তাইৰ উপাৰ্জনেৰে কোনোমতে সংসাৰখন চলে । মিছেচ কানেকিয়ে প্রীতমক কয় : বুজিছা মি: প্রীতম, এয়া সকলো কৰ্মফল । জীৱন্তে মৃত হৈ বিচনাত পৰি থকা মোৰ পতিয়ে এতিয়াহে বুজিছে যে কৰ্মৰ ফল মানুহে ভোগ কৰিবই লাগিব । প্রকৃততে কাৰখানা্ই বিষাক্ত কৰা সাগৰৰ পানীৰ মাছ খোৱাৰ বাবেই মি: কানেকি চিৰজীৱনৰ বাবে ৰুগ্ন আৰু শয্যাশায়ী হ’ব লগা হৈছে । মিনামাতাত থাকোঁতে সাগৰীয় মাছ নোখোৱাৰ বাবেই য়ুৰিক’ সম্পূৰ্ণ সুস্থ হৈ থাকিল ।
সংসাৰৰ ইমানবোৰ সমস্যাৰে জর্জৰিত যদিও পঞ্চলিছ বছৰীয়া মিছেচ কানেকিৰ মুখৰ হাঁহি আৰু প্ৰশান্তি কোনোদিনেই ম্লান হোৱা যেন দেখা নাই প্ৰীতমে । প্রতিদিনেই অফিচত, তাৰ চকুৰ আগতে ঘুৰি ফুৰে প্রচুৰ আশা আৰু প্রাণ প্রাচুৰ্যৰে ভৰা এটা পঞ্চলিছ বছৰীয়া জীৱন ! আৰু সি ! হাঁহিব-কান্দিব নজনা এটা পয়ত্রিছ বছৰীয়া নিৰ্জীৱ যন্ত্র ৷ সি বাৰু কেতিয়া প্রাণখুলি হাঁহিছিল ? বেসুৰীয়াকৈ হ’লেও গান এটা কেতিয়া বাৰু সি গুণ্গুণাইছিল ! ওহোঁ, সি ক’ব নোৱাৰে !! হাঁহি, গান, আশা, আনন্দ এই সকলোবোৰ যেন হেৰাই গৈছে তাৰ জীৱনৰ পৰা ! কি নাই তাৰ ? এজনী সুন্দৰী উচ্চাকাংক্ষী পত্নী আছে । কোম্পানীয়ে দিয়া এটা ধুনীয়া ঘৰ আৰু এটা সুন্দৰ চাকৰি আছে । সকলোৰে চকুত সি এটা সফল আৰু সুখী মানুহ । লহপহকৈ আকাশ চুবলৈ আগবাঢ়ি যোৱা এডাল ওখ বৃক্ষ সি ! কিন্তু আকাশ চুবলৈ যোৱা এই ওখ বৃক্ষই কেতিয়াবা নিজৰে শ্বাস-প্রশ্বাসৰ ধ্বনিত হামখুৰি খাই পৰিব খোজে ! নিজক পোন কৈ ধৰি ৰাখিব নোৱাৰা এডাল যেন দুৰ্বল, লেহুকা বৃক্ষ ! ক’ত হৈছিল বাৰু তাৰ বীজ ৰোপন ? ক’ত খামুচি ধৰি সি আকাশ চুবলৈ আগবাঢ়ি গৈছে ? গেলা বোকা, বানপানী, কণ কণ কেঁচু কুমতিবোৰৰ মাজত সোমাই থকা সেই ঘাই শিপাডালেই জানো তাক এতিয়াও প্রাণ দি থকা নাই ? কিন্তু শিপাডাল ধৰি ৰখা মাটিখিনিক সি কি দিছে ? একোৱেইটো দিয়া নাই !! সেয়ে হয়তো ইমান দুৰ্বল হৈ গৈছে সি ! বানপানীয়ে বছৰি সিহঁতৰ খেতি ধ্বংস কৰি নিয়ে , পুনৰ খেতি কৰে, পুনৰ খেতি নষ্ট হয়, আকৌ খেতিত ধৰে ৷ ক’তবাৰ ঘৰ ভাঙে,ক’তবাৰ ঘৰ সাজে ৷ ক’তা, তথাপিও চোন জীৱনটো এৰি পলায়ন কৰিবলৈ খোজা নাছিল তাৰ দেউতাকে ! ‘ক’ আখৰটোৰ চুক কোণ কেইটাও চিনি নোপোৱা দেউতাকে তাক মাত্র পঢ়িবলৈ কৈছিল । সি ভালদৰে পঢ়ি-শুনি এটা ‘ডাঙৰ’ মানুহ হ’ব । বানপানী, দাৰিদ্র্যতা ,নিৰক্ষৰতা আৰু অন্ধবিশ্বাসে ধ্বংস কৰা জীৱনবোৰক উদ্ধাৰ কৰিবলৈ পাৰিব – এনেদৰে ভাবিছিল হয়তো দেউতাকে । কিন্তু মুখেৰে তাক একো কোৱা নাছিল । কেৱল আশা – আশাৰেই ভৰি আছিল সকলোৰে মন তাৰ ভবিষ্যতকলৈ ! সি যে বৰ চোকা ল’ৰা আছিল । চৰকাৰী বৃত্তি পাইছিল । চুবুৰীয়া সকলোৰে আগত দেউতাকৰ কামিহাড় ওলোৱা বুকুখন ফুলি ওখ হৈ থাকিছিল ! তাৰ দুটা ভায়েক আৰু এজনী ভনীয়েক আছিল । সিহঁত কিন্তু তাৰ দৰে চোকা নাছিল । গতিকে সিহঁতি তাৰ সমান গুৰুত্ব পোৱা নাছিল । না ঘৰত – না বাহিৰত । সিহঁতে বাৰু তাক ঈৰ্ষাৰ চকুৰে চাইছিল নেকি ? নাই, তাৰ অলপো মনত নাই ! তাক খাবলৈ দিয়া কাঁহীখনত এটা কণী আৰু বাকীকেইটাৰ কাঁহীত এফাল কণী পৰিছিল । তাৰ বাৰু বেয়া লাগিছিল নে তেতিয়া? গৰুকেইজনীৰ গাখীৰ কমকৈ ওলাইছিল । “সাৱধান, সেইকণ গাখীৰ তহঁত কোনেও নাখাবি - ডাঙৰ বোপাক দিব লাগিব” ! মাকৰ এই হুংকাৰ শুনি তাৰ ভায়েক ভনীয়েক কেইটাৰ কেনে লাগিছিল- সি নাজানে । তাৰ কিন্তু একো অনুভৱ হোৱা নাছিল । সেয়া তাৰ প্রাপ্য । খুউব চোকা লৰা সি । পঢ়িবৰ বাবে তাৰ মগজটো শক্তিশালী হ’ব লাগে – অন্তৰখন যি হয় হৈ থাকক ! মৰম, আবেগ আদিয়ে তাৰ কেৰিয়াৰ গঢ়ি নিদিয়ে, পৰীক্ষাৰ ভাল ৰিজাল্ট এটাইহে তাক এই পুতিগন্ধময় পৰিবেশটোৰ পৰা উদ্ধাৰ কৰিব পাৰিব । সেই সময়ত সি তেনেকৈয়ে ভাবিছিল !
তাৰ দৰে ল’ৰা এটাই মেট্রিক পৰীক্ষাত অষ্টম স্থান পোৱাটো কেৱল সিহঁতৰ অঞ্চলটোৰ বাবেই নহয় – গোটেই অসমৰ বাবেই এটা ডাঙৰ খবৰ আছিল । চৰকাৰ , শুভাকাংক্ষী সকলোৰে সহায় সহযোগিতাত অসমৰ সকলোতকৈ ভাল কলেজখনত পঢ়িবৰ বাবে গুৱাহাটীলৈ ওলাই আহিছিল । সেই যি ওলাই আহিল, তাৰ পিছৰ পৰা সি ঘৰলৈ উভতি যোৱাৰ বাট বিচাৰি পোৱা নাই । ঘৰলৈ উভটি যোৱাৰ বাট বিচাৰি পোৱা নাই নে সেই বাট সি নিজেই বন্ধ কৰি পেলালে – ক’ব নোৱাৰে । আনকি বৰ্নিকাৰ ঘৰখনৰ ওচৰত কেতিয়া সি নিজকে বন্ধকত দিলে তাকো গম নাপালে । বর্ণিকাৰ অভিজাত ঘৰখনৰ লগত তাহাঁতৰ ঘৰৰ কোনো তুলনাই নহয় । ধুনীয়া, পৰিষ্কাৰ কাপোৰ পিন্ধা বৰ্ণিকাৰ মাকৰ লগত নিজৰ মাকক তুলনা কৰি সি হীনমন্যতাত ভুগিছিল । মাকে পিন্ধা লেতেৰা ফটা চাদৰখন, তাত লাগি থকা নিমখ, হালধি আৰু গাৰ পৰা ওলোৱা কেঁচা মাছ, বোকামাটি, গোবৰ আদিৰে মিহলি গোন্ধটোৰ কথা ভাবিলে তাৰ কিবা ঘিণ ঘিণ ভাব এটা আহিছিল ! বেছিভাগ সময় ইংৰাজীতে কথা কোৱা বৰ্ণিকাৰ দেউতাৰ লগত নিজৰ লিখা পঢ়া নজনা দেউতাকক তুলনা কৰিলে মৰি যোৱাৰ সমান লাজ লাগিছিল! সেই যে ঘিণ ঘিণ লগা ভাবটো আৰু সেই অহেতুক হীনমন্যতাই এতিয়া তাৰ অন্তৰখন তুঁহ জুইৰ দৰে উমি উমি জ্বলাই থাকে ।
“চানশ্বাইন ৬০” অট্টালিকাটোৰ ৭ নম্বৰ লিফ্টটোৰে উঠি সি ৬০ মহলত থকা অবজাৰভেটৰিলৈ গ’ল । হয়তু এইখিনি ঠাইতে থিয় হৈ মি: হানিৰুয়ে দুহাত মেলি আকাশলৈ চাই বৌদ্ধ গুৰু মি: ট’ডাক উদ্দেশ্যি কৈছিল : “চেনচেই, তুমি ঠিকেই কৈছিলা - সপোন সদায় সফল হয় যদিহে সেই সপোন সফল কৰিবলৈ আমাৰ ইচ্ছা, বিশ্বাস আৰু দৃঢ় প্রচেষ্টা থাকে...নিজৰ লগতে আনৰো সপোন পূৰণ কৰিবলৈ সদ ইচ্ছা থাকে ।”
মাজে মাজে তাৰ নিজৰ সমস্যাবোৰক অৰ্থহীন দুখবিলাস যেনহে ভাব হয় । সেই বানে গৰকা অসমৰ সৰু গাওঁখনৰ পৰা ওলাই কেনেকৈ গুৱাহাটী – বাংগালুৰু আৰু তাৰপিছত এয়া জাপান পালেহি, ভাবিলে এতিয়া তাৰ নিজৰে কিবা সপোন যেন লাগে । বাংগালুৰুত সি কৰি থকা চাকৰিটো খুবেই ভাল আছিল। বৰ্ণিকায়ো একেটা কোম্পানীতে চাকৰি কৰিছিল । কেৱল তাৰ দৰমহাৰ টকা দুহাত মেলি খৰচ কৰিলেও অসমত থকা তাৰ দুখীয়া পৰিয়ালটোলৈ সৰহীয়াকৈ টকা-পইচা পঠিয়াব পৰা অৱস্থা এটা আছিল । নিজে নগ’লেও মাজে মাজে সি টকা-পইচা অলপ গাঁৱৰ ঘৰলৈ পঠিয়াই আছিল – বৰ্ণিকাই গম নোপোৱাকৈ । কিন্তু বৰ্ণিকাৰ মাক-দেউতাক আৰু ভায়েকক সৰু ,ডাঙৰ অলেখ কাৰণত দি থকা দামী উপহাৰবোৰৰ তুলনাত সেইয়া তেনেই নগণ্য ! বৰ্ণিকাৰ মতে তাইৰ পিতৃ-মাতৃয়ে প্রীতমক পঢ়ি থকাৰ পৰা এই চাকৰিটো পোৱালৈকে সকলো ধৰণেৰে সহায় কৰি আহিছে । তাৰ ডাল দৰিদ্র ঘৰখনেতো তাৰ বাবে একোৱেই কৰা নাই ! সেয়ে প্রীতমে নিজৰ উপাৰ্জনৰ সামান্য অংশও সেইখন ঘৰৰ বাবে খৰচ কৰাৰ প্রয়োজন নাই ! বর্ণিকাৰ কথাবোৰত সিও যুক্তি বিচাৰি পাইছিল ! যুক্তি নে নিজক আভুৱা দিবলৈ এটা সম্বল – সি নাজানে ! তাৰ সহায়ৰ অবিহনেও গাঁৱৰ ঘৰখন চলি আছিল ! বাংগালুৰুত থাঁকোতে তাৰ একমাত্র ভনীয়েকে মাজে মাজে তালৈ চিঠি লিখিছিল। কিন্তু কেতিয়াবা সেই চিঠি সি পঢ়িবলৈ পোৱাৰ আগতেই বৰ্ণিকাই ডাষ্টবিনত পেলাই দিছিল । এদিন ভনীয়েকৰ চিঠি এখন সি ডাষ্টবিনৰ পৰা উদ্ধাৰ কৰিছিল ! কি লিখা আছিল তাত ? উস্ .. এতিয়াও স্পষ্টকৈ মনত পৰে । ডাষ্টবিনৰ লেতেৰাখিনিয়ে নষ্ট কৰিব নোৱাৰা চিঠিখনৰ কেইশাৰীমান বাক্য : .... ককাইদেউ, তই যদি ঘৰলৈ আহি মৃত্যুমুখী আইজনীক এবাৰ দেখা কৰি যাব নোৱাৰ –তেনে তোৰ খাই শেষ কৰিব নোৱাৰা টকাবোৰ আমালৈ দলিয়াই নাথাকিবি । আমি তোৰ টকা–পইচাৰ অবিহনেও চলি থাকিব পাৰিম । আই-পিতায়ে তোৰ টকা–পইচা একো নিবিচাৰে । কেৱল তোক ,তোৰ সংসাৰখন আৰু তই বিয়া কৰোৱা ছোৱালীজনী এবাৰ চাবলৈ বিচাৰে । তহঁতৰ মুখত এবাৰ আই আৰু পিতা বুলি মতা মাতকেইটা শুনিলে তেওঁলোকৰ অন্তৰখন শাঁত পৰিব । বৌক লৈ তই সোনকালে আহিবি ককাইদেউ ! নহ’লে হয়তো আইক ...! চিঠিখনৰ বাকীবোৰ আখৰ পঢ়িব পৰা অৱস্থাত নাছিল ।
মানুহৰ জীৱনত উচ্চকাংক্ষাৰ হয়তু কেতিয়াও শেষ নহয় । অন্ততঃ বৰ্ণিকাক দেখিলে তাৰ এনেকুৱাই ভাব হয় । মিছেচ কানেকিৰ মতে যি উচ্চাকাংক্ষাত কেৱল নিজৰ সুখ আৰু আনন্দ সোমাই থাকে সেই উচ্চাকাংক্ষাক নিম্নস্তৰৰ আকাংক্ষা বুলিহে ক’ব পাৰি । সচাঁ অর্থত, উচ্চাকাংক্ষা তাকহে বুজা যায় য’ত নিজৰ লগতে অন্য দহজনলৈও সুখ, আনন্দ কঢ়িয়াই অনাৰ ইচ্ছা থাকে । আছিল নে বাৰু তাৰ আন দহজনলৈও সুখ, আনন্দ কঢ়িয়াই অনাৰ ইচ্ছা ! তাৰ দুখীয়া গাঁওখনত থকা বন্ধু বান্ধৱৰ কথা বাদেই -আনকি নিজৰ পিতৃ-মাতৃক সুখ আনন্দ দিয়াৰ চিন্তাও সি কৰা নাছিল । বৰ্ণিকাৰ কথামতেই সি গুৱাহাটীতকৈ বেছি ভাল বুলি ভবা ঠাই বাংগালুৰুলৈ আহিল । বাংগালুৰুতকৈয়ো বেছি ভাল ঠাইৰ সন্ধানত এয়া সি আহি জাপান পালেহি । বৰ্ণিকাই তাৰ লগতে আবেদন কৰি জাপানত চাকৰি নাপালে যদিও নিৰাশ হোৱা নাছিল । কাৰণ তাই আমেৰিকাৰ ভাল কোম্পানী এটা্ত চাকৰি পাই প্রীতম জাপানলৈ যোৱাৰ আগেয়ে আমেৰিকালৈ গৈ চাকৰিত যোগদান কৰিছিল । বৰ্ণিকাৰ কথামতে সি এতিয়া আমেৰিকাৰ নানা কোম্পানীলৈ চাকৰি বিচাৰি আবেদন কৰি আছে । বৰ্ণিকাই নিজেও জাপানলৈ আহিবৰ বাবে চেষ্টা কৰি আছে । মুঠতে যাৰ য’ত চাকৰি আগেয়ে হয় – তাতে সিহঁতে স্থায়ীকৈ সংসাৰ পাতিব ।
----“মি: হানিৰুৰ ব্যৱসায়ত অভাৱনীয় লোকচান হোৱাৰ ফলত আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছিল । অৰ্থৰ অভাৱৰ বাবে পত্নীৰ চকুৰ অসুখৰ চিকিৎসা কৰিব পৰা নাছিল । ফলত তেওঁৰ পত্নীয়ে চকুৰ দৃষ্টি হেৰুৱাই পেলাইছিল । সঠিক যত্নৰ অভাৱত তেওঁলোকৰ একমাত্র সন্তান হাচিটাকি নানা অসুখত ভুগি মৃত্যুপ্রায় হৈ পৰিছিল। হতাশাই আবৰি ধৰা হানিৰুৰ পৰিয়ালটোৱে এদিন আত্মহত্যা কৰাৰ সিদ্ধান্ত ল’লে ।”- মিছেচ য়ুৰিক’ কানেকিয়ে থিয় হৈ সেই ব্যতিক্ৰমী মিটিংখনত গোট খোৱা ২৫ জন মানুহৰ আগত চানশ্বাইন ৬০ অট্টালিকাটোৰ জন্মৰ আঁৰৰ কাহিনীটো কৈ গৈছিল । সেই মিটিঙলৈ অতিথি হিচাপে অহা প্রীতমে খুব মন দি কথাখিনি শুনিছিল । তাৰ মনতো কেইমাহমানৰ পৰা আত্মহত্যাৰ চিন্তা এটা আহি আছে । গ্লানিবোধ, একাকিত্ব আৰু একঘেয়ামী এই জীৱনে তাক অতিষ্ঠ কৰি পেলাইছে । এটা অৰ্থহীন জীৱন তাৰ । শিপা নাই – ঠাল ঠেঙুলি নাই – এডাল ৰসহীন অদৰকাৰী বৃক্ষ সি!
“আত্মহত্যা কৰাৰ আগেয়ে শেষ আহাৰ হিচাপে নিজৰ প্রিয় “অডেন” চুপ এবাতি খাবৰ বাবে হাতত থকা শেষ য়েন কেইটা হাতত লৈ হানিৰু ওচৰৰ বজাৰখনলৈ গ’ল । বজাৰখনৰ এটা কোণত তেওঁ লণ্ঠন লৈ জুম বান্ধি থকা মানুহ কিছুমান দেখিলে । শীতৰ সন্ধিয়া । মানুহবোৰে হয়তো গৰম গৰম অডেন খাবৰ বাবে তাত ভিৰ কৰিছে - এই আশাৰে হানিৰু তাত গৈ উপস্থিত হ’ল।”
প্রীতমৰ বাৰু প্রিয় খাদ্য কি ? সৰুতে মাকে ৰন্ধা প্ৰতিটো খাদ্যই তাৰ প্রিয় আছিল ! সি প্রথমবাৰ ঘৰ এৰি গুৱাহাটীৰ হোষ্টেললৈ আহিবৰ দিনা মাকে বৰ যত্নৰে কেইবাবিধো আঞ্জা ৰান্ধিছিল । দেউতাকে বাৰীৰ পৰা নানা বিধ শাক-পাত বুটলি আনিছিল । মাকে ওচৰৰ দলনিখনত জাকৈ মাৰি মাছ ধৰি আনিছিল । সেই মাছ আৰু শাকেৰে মাকে ৰন্ধা আঞ্জাখনৰ তৃপ্তিকৰ সোৱাদ আজিলৈকে সি পাহৰিব পৰা নাই ! এতিয়ালৈকে সি পৃথিৱীৰ বহু ঠাইৰ বহু ভাল খাদ্যৰ জুতি লৈছে । কিন্তু কোনো খাদ্যই তাৰ প্রিয় নহয়! কেৱল মাত্র জীৱন ধাৰণৰ বাবেহে যেন সি খায় ।.... অস্, মৃত্যুৰ আগেয়ে সি যদি মাকৰ হাতেৰে ৰন্ধা এসাঁজ খাদ্য খাবলৈ পালেহেঁতেন !
“মি: হানিৰু উপস্থিত হোৱা স্থানত অডেন বিক্রি হৈ থকা নাছিল । তাত এজন খীণ অথচ প্রচণ্ড ব্যক্তিত্বশালী ব্যক্তিয়ে বক্তৃতা দি আছিল । হানিৰুয়ে সেই খীণ ব্যক্তিজনৰ মাতত থকা প্ৰচণ্ড আকৰ্ষণক উপেক্ষা কৰিব নোৱাৰি কিছু সময় তাত ৰ’ল । সেই বক্তৃতা দি থকা ব্যক্তিজনৰ নাম আছিল মি: জচাই ট’ডা । বৌদ্ধ দৰ্শনে এজন ব্যক্তিৰ মন কিদৰে শক্তিশালী কৰে , জীৱন কিমান আনন্দময় কৰে, সেই বিষয়টোৰ সর্ম্পকে মি: ট’ডাই কৈ আছিল । ভাষণ শেষ হ’লত হানিৰুয়ে মি: ট’ডাক সুধিলে -বৌদ্ধ দৰ্শন যদি ইমানেই শক্তিশালী, তেনে ইয়াক প্ৰয়োগ কৰি মই মোৰ হেৰুৱা সম্পত্তি ঘুৰাই পামনে ? মোৰ পত্নীয়ে চকুৰ দৃষ্টি ঘুৰাই পাবনে ? লৰাটোৰ হৃত স্বাস্থ্য ঘুৰি আহিবনে ? মি: টডা, মই জানো কোনো দৰ্শনেই মোৰ দৰে মানুহক নতুন জীৱন দিব নোৱাৰে ! এইবোৰ কেৱল মানুহৰ মন ভাল লগাবলৈ কোৱা কিছুমান মিছা কথা !”......
বৌদ্ধ দৰ্শনৰ অধ্যয়নে তাৰ জীৱনৰ আন্ধাৰবোৰ দূৰ কৰিব পাৰিবনে বাৰু ? কি আছে ইয়াত ? মি: হানিৰুৰ দৰে সিও এটা চেষ্টা কৰি চাব নেকি ? প্রীতমে ভাবিলে । নাই- তাক এইবোৰ ধৰ্ম, দৰ্শন একোৰে প্ৰয়োজন নাই । সি এটা আধুনিক মনৰ মানুহ, বিজ্ঞানৰ ভেটিত গঢ় লোৱা তাৰ সংস্কাৰ । অন্ধবিশ্বাসী আৰু দুৰ্বল মনৰ মানুহেহে দৰ্শন, ধৰ্ম আদিৰ ওপৰত নিৰ্ভৰ কৰে ! বৰ্ণিকাই শুনিলে তাক অপমানহে কৰিব । মিছেচ কানেকিয়ে তাক ধৰ্ম আৰু বৌদ্ধ দৰ্শনক একাকাৰ নকৰিবলৈ কৈছিল! বৌদ্ধ দৰ্শনক সি নিজৰ ধৰ্ম হিচাপে লয় নে সুন্দৰ জীৱন যাপন কৰাৰ পথ দেখুওৱা এক পোহৰ বুলি লয় – সেয়া তাৰ নিজৰ কথা । এৰা, সি নো কিমান সবল মানুহ ! তাৰ প্রতিটো কথা বৰ্ণিকাৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে । সি যেন কেৱল এটা অৰ্থ উপাৰ্জন কৰা যন্ত্র । নিজৰ ইচ্ছা অনিচ্ছাৰ ওপৰতো তাৰ অধিকাৰ নাই । অধিকাৰ সাব্যস্ত কৰা শক্তিও সি যে কেতিয়াবাই হেৰুৱাই পেলাইছে ।
“মি: ট’ডাই হাঁহি মাৰি মি: হানিৰুক ক’লে : কেৱল এই তুচ্ছ কথাবোৰ আহৰণ কৰিবৰ বাবে বৌদ্ধ দৰ্শনৰ প্ৰয়োজন নাই । নিজৰ ভিতৰত থকা অপাৰ ধনাত্মক শক্তিক উজ্জ্বীৱিত কৰিবলৈ তথা নিজক চিনি পাবলৈহে মই বৌদ্ধ দৰ্শন অধ্যয়ন কৰাৰ কথা কৈছোঁ । এই দৰ্শনত কোনো যাদুকৰী শক্তি নাই । কিন্তু ইয়াক ভালদৰে অধ্যয়ন কৰি জীৱনটো সেইদৰে যাপন কৰিলে তুমি নিজৰ মাজতে এক প্ৰচণ্ড যাদুকৰী শক্তি বিচাৰি উলিয়াব পাৰিবা । বৌদ্ধ দৰ্শনত কোৱাৰ দৰে নিজৰ লগতে আনৰো শান্তি, আনন্দৰ বাবে চিন্তা কৰি কাম কৰা । তোমাৰ পত্নীয়ে দৃষ্টিশক্তি ঘুৰাই পাব - তোমাৰ পুত্রও সৎ আৰু স্বাস্থ্যৱান হ’ব -তুমি নিজৰ হেৰুৱা সম্পত্তিতকৈ বেছি আহৰণ কৰিব পাৰিবা - এই বিশ্বাস ৰাখি কাম কৰি যোৱা ! মই আশা কৰিছোঁ - এসময়ত তুমি জাপানৰ আটাইতকৈ ওখ অট্টালিকা এটা সাজি তাৰ মালিক হোৱাৰ গৌৰৱ অর্জন কৰিব পাৰিবা ।” কথাখিনি কৈ থাকোঁতে মিছেচ কানেকিৰ চেৰী ফুলৰ দৰে ধুনীয়া মুখখন এক অনিৰ্বচনীয় আনন্দত অধিক উজ্জ্বল হৈ পৰিছিল-“মি: হানিৰুয়ে সেই দিনা আত্মহত্যাৰ চিন্তা বাদ দি কিছু দিনৰ বাবে বৌদ্ধ দৰ্শনৰ সাধনা কৰাৰ সিদ্ধান্ত ল’লে। দিন যোৱাৰ লগে লগে তেওঁৰ মনৰ নিৰাশাবোধো কমি গ’ল । তেওঁৰ পত্নীয়েও বৌদ্ধ দৰ্শনৰ দ্বাৰা জীৱন পৰিচালনা কৰি মনটো শক্তিশালী কৰিবলৈ পাৰিছিল । নিয়মীয়া ঔষধ সেৱন আৰু পৰিশোধিত জীৱন ধাৰণৰ ফলত মিছেচ হানিৰুৰ চকুৰ দৃষ্টি লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে । এতিয়া তেওঁ নিজৰ পুত্রৰো নিয়মিত যত্ন ল’ব পৰা হ’ল । পুত্র হাচিটাকিৰো স্বাস্থ্য ভাললৈ আহিবলৈ ধৰিলে । মি: হানিৰুৰ ব্যৱসায়ত লাহে লাহে ইমানেই উন্নতি হ’ল যে- এদিন তেওঁ সঁচাকৈয়ে জাপানৰ সৰ্ব্বোচ্চ অট্টালিকা “চানশ্বাইন ৬০” নিৰ্মাণ কৰিবলৈ সক্ষম হ’ল । মি: হানিৰুয়ে ট’ডা চেনচেইক লগ পোৱাৰ সেই বিশেষ দিনটোৰ পৰা ৩০ বছৰ পাৰ হ’ল । এই ৩০টা বছৰৰ প্রতিটো দিনেই মি: হানিৰুয়ে ট’ডা চেনচেই কোৱাৰ দৰে নিজৰ বুদ্ধিসত্বাক জাগৰণ কৰিবলৈ সাধনা কৰিছিল । নিজৰ সমস্যাবোৰৰ কেনেকৈ সমাধান কৰিব, তাক শান্ত মগজুৰে চিন্তা কৰাৰ ওপৰিও আনৰ সমস্যাবোৰো গুৰুত্ব সহকাৰে লৈ সমাধান কৰিবলৈ চেষ্টা কৰিছিল । আনৰ সমস্যা সমাধান কৰোঁতেই নিজৰ সমস্যাবোৰনো কেনেকৈ সমাধান হ’ল মি: হানিৰুয়ে গমে্ই নাপালে! “চানশ্বাইন ৬০”ৰ শুভ উদ্ধোধনৰ দিনা অট্টালিকাটোৰ সৰ্ব্বোচ্চ মহলাত উঠি মি: হানিৰুয়ে স্বৰ্গগত গুৰু মি: জচাই ট’ডাক উদ্দেশ্যি কৈছিল : “চেনচেই, তুমি ঠিকেই কৈছিলা - সপোন সদায় সফল হয় যদিহে সেই সপোন সফল কৰিবলৈ আমাৰ ইচ্ছা, বিশ্বাস আৰু দৃঢ় প্রচেষ্টা থাকে...নিজৰ লগতে আনৰো সপোন পূৰণ কৰিবলৈ সদ ইচ্ছা থাকে । মই নিৰ্মাণ কৰা এই আকাশচুম্বী এই অট্টালিকাটো তাৰেই প্রতীক হৈ ৰ’ব চিৰদিন”!
“চানশ্বাইন ৬০” অট্টালিকাটোৰ ৬০ মহলাৰ ওপৰৰ পৰা প্রাকৃতিক দুৰ্যোগ আৰু যুদ্ধই বিধ্বস্ত কৰিব নোৱাৰা ধুনীয়া দেশখনলৈ চাই প্রীতমে নিজৰ মনৰ ভিতৰতে এবাৰ উচ্চাৰণ কৰিলে : “সপোন সদায় সফল হয় যদিহে সেই সপোন সফল কৰিবলৈ আমাৰ ইচ্ছা, বিশ্বাস আৰু দৃঢ় প্রচেষ্টা থাকে....নিজৰ লগতে আনৰো সপোন পূৰণ কৰিবলৈ সদ ইচ্ছা থাকে ।”
প্রীতমৰনো সপোন কি আছিল ! ভাল উপার্জনৰ এটা সুন্দৰ চাকৰি, যাতে সি আৰু বৰ্ণিকাই বিলাস বহুল জীৱন এটা কটাব পাৰে – সেই সপোন হয়তো তাৰ পুৰ্ণও হৈছে । কিন্তু সি জানো সফল হৈছে ? প্রাণহীন, আনন্দ ৰহিত এটা লঠঙা সপোনহে সি দেখিছিল নেকি ? নাই, নাই – তাৰ সপোন কেতিয়াও সফল হোৱা নাই ! সি বাৰু কোনোবা দিনা নিজৰ ভায়েক ভনীয়েক কেইটাৰ সপোনৰ কথা ভাবিছিল নে ? নিজৰ গাঁও, নিজৰ ৰাজ্যখনৰ কথা ভাবিছেনে ? ছি: কিমান যে সংকীৰ্ণ তাৰ এই জীৱন! মাকৰ মৃত্যুৰ খবৰ পোৱাৰ দিনাই তাৰ জাপানলৈ যোৱাৰ টিকট আছিল । বৰ্ণিকাই কৈছিল : মৃত্যু হোৱা মানুহৰ বাবে জীয়াই থকা মানুহে নিজৰ ভৱিষ্যতটো ধ্বংস কৰিব নালাগে । চৰাই চিৰিকটিয়েও উৰিব পৰা হ’লে, নিজে খুটি খাব পৰা হ’লে মাক দেউতাকক এৰি থৈ নিজৰ বাঁহ সাজে – এয়া প্রকৃতিৰে নিয়ম । তুমিও প্রকৃতিৰ নিয়ম পালন কৰা ।... এৰা, সি প্রকৃতিৰ নিয়ম পালন কৰিলে – কিন্তু মানুহৰ নিয়ম পালন কৰিবলৈহে পাহৰি গ’ল !
আজি তিনিবছৰে সি বিবাহিত হৈয়ো অবিবাহিতৰ দৰে থাকিব লগীয়া হৈছে । আমেৰিকাত সি দুই এটা চাকৰি পাইছে যদিও বৰ্ণিকাৰ পচন্দ নোহোৱাৰ বাবে যাব পৰা নাই । বৰ্ণিকায়ো জাপানত চাকৰি গোটাবলৈ পৰা নাই । গতিকেই সি এটা বিৰক্তিকৰ একাকী জীৱন কটাব লগীয়া হৈছে। বৰ্ণিকাই তাৰ দৰে একাকিত্ব অনুভৱ কৰে নে নকৰে, সি নাজানে । তাইৰ দেশী-বিদেশী অসংখ্য বন্ধু আছে । আবেগ নামৰ অৰ্থহীন অনুভূতি এটাৰ বাবে তাই সময় খৰছ নকৰে । এজনী আধুনিক , বাস্তৱবাদী ছোৱালী তাই । প্রীতমৰ লগত একেলগে থাকি সংসাৰখন আগবঢ়াই নিয়া - এটি কণমানি শিশু এইখন ধৰালৈ আনিবলৈ বিচৰা - এইবোৰ তাইৰ বাবে অৰ্থহীন আবেগ । “আমি দেখোন ইটোৱে সিটোক সদায় দেখিয়েই আছো – কথাও পাতি আছো । আৰু কেইটামান বছৰ ধৈৰ্য ধৰিবলৈ নোৱাৰানে? তোমালোক সৰু ঠাইৰ মানুহবোৰৰ মনবোৰো বহুত সৰু হে । কেৱল ঘৰ-সংসাৰ আৰু লৰা-ছোৱালী – তাৰ বাহিৰে বেলেগ একো চিন্তা কৰিব নোৱাৰা নেকি?” বৰ্ণিকাৰ এনেবোৰ কথাত সি নিৰ্বাক হৈ ৰয় । মিছেচ কানেকিৰ সান্নিধ্যলৈ অহাৰ পিছত সি অনুভৱ কৰিছে – সঁচাকৈয়ে সি বেলেগ একো কথাই চিন্তা কৰিব নোৱাৰা স্বাৰ্থপৰ মানুহ । জীৱনত কৃতকাৰ্য হোৱাৰ দৌৰত সি মাটিৰ পৃথিৱীখনৰ পৰা ইমান দূৰলৈ গুচি গৈছে যে তাৰ নিজৰ অন্তৰ খনৰ লগতো যোগসূত্র নোহোৱা হৈ গৈছে । সেয়ে তাৰ অন্তৰখনে নিতৌ তাৰ লগত বিদ্রোহ কৰে । এই কথাখিনি কোনোবা এটা মূহূৰ্তত সি মিছেচ কানেকিক কৈছিল । মিছেচ কানেকিয়ে তেওঁৰ সংসাৰৰ ইমানবোৰ সমস্যাৰ মাজতো কিদৰে ইমান আশাবাদী আৰু সুখী হৈ থাকিব পাৰে তাকো সি জানিবলৈ বিচাৰিছিল । তেতিয়াই তেওঁ তাক নিছিৰণ ডাইচনিনৰ বৌদ্ধ দৰ্শনৰ কথা কৈছিল । প্রতিমাহৰ এটা দেওবাৰে অনুস্থিত হোৱা “যাদেনকাই” অৰ্থাৎ বৌদ্ধ দৰ্শনৰ আলোচনা সভা এখনলৈয়ো মিছেচ কানেকিয়ে প্রীতমক অতিথি হিচাপে নিমন্ত্রণ কৰিছিল । সেই মিটিঙতে মিছেচ কানেকি আৰু অন্য সদস্যসকলৰ বক্তব্য শুনি প্রীতমে বৌদ্ধ দৰ্শনৰ মাহাত্ম্য নিজ চকুৰে উপলব্ধি কৰিবলৈ আজি “চানশ্বাইন ৬০” অট্টালিকাটোলৈ আহিছে । ....
‘চানশ্বাইন ৬০’ অট্টালিকাত মি: হানিৰু আৰু বৌদ্ধ দৰ্শনৰ যোগসূত্রৰ সন্ধান শেষ কৰি সন্ধিয়া প্রীতম ঘৰলৈ আহিল । তাৰ খুব ভোক লাগিছিল । ৰন্ধা বঢ়া কৰাত প্রীতমৰ কোনোদিনেই এলাহ নাই । আজি কিন্তু তাৰ এবাতি চুৰুহা খাবলৈহে মন গ’ল । ইনষ্টেন্ট “অডেন” চুপটো বাচনত গুলি লৈ মাইক্ৰৱেভত ভৰাই দিলে । ৫ মিনিট সময় লাগিব । সেই সময়খিনিতে প্রীতমে হাতযোৰ কৰি “নাম ম্যহ’ ৰেংগে ক্য” (অৰ্থাৎ মই এই বিশ্বব্রক্ষ্মাণ্ডৰ ৰহস্যময়তাক প্রণাম কৰো ।জন্ম আৰু মৃত্যুৰ এই চক্র –কৰ্ম আৰু তাৰ ফলাফলত বিশ্বাস কৰো )- এই শব্দকেইটা তিনিবাৰ আওৰালে – মিছেচ কানেকিহঁতৰ দৰে ।
শোৱাৰুমৰ বিচনাত বহি অডেন চুপ খাই থাকোঁতে অকলশৰীয়া প্রীতমে ভাবিলে : মই মোৰ জীৱনটো এনেদৰে শেষ হৈ যাবলৈ নিদিওঁ । জীৱনৰ নতুন অৰ্থ বিচাৰি উলিয়াম । আনৰ বাবে - অন্ততঃ নিজৰ গাওঁখনৰ বাবে চিন্তা কৰিম । কথাবোৰ ভাবি থাকোঁতেই টিট্ টিট্ কৰি বিচনাৰ কাষৰ টেবুলখনত মুখ মেলি পৰি থকা বগা ৰঙৰ ধুনীয়া অত্যাধুনিক টেবটোত বৰ্ণিকা্ৰ ভিডিঅ’ কল বাজি উঠিল । প্রতিদিনৰ দৰে আজিও বৰ্ণিকাই তাক চাকৰিৰ কথাই প্রথমে সুধিলে । তাৰ অসফলতাত আনদিনাৰ দৰেই তাচ্ছিল্য কৰিলে । অন্যদিনা প্রীতমে নীৰৱেই বৰ্ণিকাৰ তাচ্ছিল্য শুনি যায় । যেন আমেৰিকাত ভাল চাকৰি এটা গোটাব নোৱাৰাটো তাৰহে দোষ! কিন্তু আজি প্রীতমে বৰ্ণিকাক আচৰিত উত্তৰ এটা দিলে: “মই আৰু আমেৰিকালৈ চাকৰি বিচাৰি আবেদন নপঠিয়াওঁ । ইয়াত এতিয়া মই কৰি থকা প্ৰজেক্টটো সম্পূৰ্ণ হলেই অসমলৈ ঘুৰি যাম । অসমত মোৰ বাবে চাকৰি এটা যোগাৰ কৰিবলৈ কঠিন নহ’ব হয়তো । চাকৰি নাপালেও মই ইমানদিনৰ অভিজ্ঞতা আৰু আৰ্জনেৰে কিবা এটা ভাল কাম কৰিব পাৰিম ”। বৰ্ণিকাৰ প্ৰত্যুত্তৰৰ বাবে প্ৰতীক্ষা নকৰি সি ভিডিঅ’ কলটো কাটি দিলে । চুৰুহাখিনি খাই শেষ কৰি বাতিটো ডিছৱাশ্বাৰ মেচিনটোত ভৰাই থৈ আহিল । তাৰপিচত সি বৰ্ণিকালৈ এটা বাৰ্তা লিখিলে – “তুমি যদি সঁচাকৈয়ে মোৰ জীৱনৰ পথত লগৰী হ’বলৈ বিচাৰা, তেনে অসমলৈ আহিবা । আমি দুয়ো মিলি আমাৰ নিজৰ জন্মভূমিখন ধুনীয়া কৰিম । সংসাৰ, লৰা-ছোৱালী এইবোৰ কথাৰ বাহিৰে কিছু বেলেগ কথা চিন্তা কৰিম – আনৰ সুখ আনন্দৰ বাবেও চিন্তা কৰিম”।
বাৰ্তাটো পঠিয়াই সি পৰম বিশ্বাস আৰু আনন্দৰে হাতযোৰ কৰি “নাম ম্যহ’ ৰেংগে ক্য” বুলি একান্ত মনে আওৰাবলৈ লাগিল । সি অনুভৱ কৰিলে -তাৰ অন্তৰ গহ্বৰত বন্দী হৈ গুজৰি গুমৰি থকা অশান্ত সিংহটো যেন আজি এখন বহল আকাশৰ তলত, এখন বিশাল অৰণ্যত মুক্ত ভাবে বিচৰণ কৰিবলৈ ওলাই আহিছে ....
__________________________________________________
চেনচেই : (জাপানী ভাষাৰ শব্দ) গুৰু বা শিক্ষক
No comments:
Post a Comment