চানেকি শিতান: 'প্ৰকাশ' আলোচনীৰ ডিচেম্বৰ/২০১৪ সংখ্যাৰ কবিতা:
আধুনিক কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰ সুপ্ৰয়োগে কবিতাৰ আকৰ্ষণ বৃদ্ধি কৰে আৰু কবিৰ মনৰ ভাব-অনুভূতিৰ গতিপথৰ নিৰ্দেশ কৰে ৷ প্ৰতীকে বহন কৰে কোনো বক্তব্যৰ অন্তৰালত থকা অতিৰিক্ত এটি ধাৰণা ৷ কিছুমান কবিতাত থকা কিছুমান প্ৰতীকি শব্দই পাঠকৰ মনলৈ কঢ়িয়াই আনে কবিয়ে নোকোৱা কিছুমান অনুভূতি অথবা বিষয় ৷ আনহাতে কবিতাত “চিত্ৰকল্প”ই মনৰ চকুৰে দেখা ছবিৰ কথা কয় আৰু সেই ছবিত অনুভৱৰ ৰহণ আৰু শব্দৰ তুলিকাই কোনো এটি ভাব বা বিষয় ফুটাই তোলে ৷
এইমাহৰ চানেকি শিতানৰ বাবে “প্ৰকাশ” আলোচনীৰ ডিচেম্বৰ সংখ্যাৰ পৰা কবি ৰবীন্দ্ৰ বৰাৰ কবিতা “হেমন্তৰ প্ৰতি দুশাৰীমান” কবিতাটি বাছি লোৱা হৈছে ৷এই কবিতাটিত প্ৰতীক আৰু চিত্ৰকল্পৰ অনুপম ব্যৱহাৰ দেখা যায়৷আলোচনালৈ যোৱাৰ আগতে কবিতাটি তলত তুলি দিয়া হ’ল –
“হেমন্তৰ প্ৰতি দুশাৰীমান”
ৰবীন্দ্ৰ বৰা
শীতৰ পুৱাতে কোনে বাৰু
মোৰ খিৰিকিৰ কাঁচত
কুঁৱলিৰে লিখি থৈ গ’ল
চকুপানীৰ এফাঁকি কবিতা
মই তধা লাগি চালো
কুঁৱলিয়ে সাবটিলে আলফুলে
শীতল বতাহজাকক
শৰতে চিকুণাই থৈ যোৱা
নগৰ-চহৰ গাঁও-ভূই সকলোতে
কোনে মনে মনে নিশাৰ এন্ধাৰত
সিঁচি থৈ গ’ল মুঠি মুঠি
নিয়ৰৰ মুকুতা-মণি
হেমন্তৰ হিমে ধোৱা
নৈপৰীয়া গাঁওখনলৈ
ন-কইনাৰ খোজেৰে
ফুট-গধূলিতে নামি আহেচোন
নিবিড় নি:শব্দতা
মই মাথোঁ উলটি চাওঁ
এতিয়াও আছেনে বাৰু
সিখন গাঁৱৰ চোতাল পদুলিত
লখিমীক আদৰাৰ ব্যস্ততা
সোঁৱৰণিৰ বাটেদি উলটি যাওঁ
আকৌ এবাৰ তালৈকে
তোমাৰ ৰঙিয়াল মুখখন চাবলৈ
য’ত এই বতৰতে
কুঁৱলিয়ে খামুচি লয়
গঞাহঁতৰ উচপিচ মনৰ এন্ধাৰ-পোহৰ
হেমন্তৰ কুঁৱলি ফালি
ৰ’দৰ উম লৈ সিহঁতে বাৰু পালেনে
আকাংক্ষিত জীৱনৰ পৰিচয়৷
____________________________________
“হেমন্তৰ প্ৰতি দুশাৰীমান” শীৰ্ষক কবিতাটিত কবিয়ে প্ৰথম পংক্তিত লিখিছে----
“শীতৰ পুৱাতে কোনে বাৰু
মোৰ খিৰিকিৰ কাঁচত
কুঁৱলিৰে লিখি থৈ গ’ল
চকুপানীৰ এফাঁকি কবিতা”
উপৰোক্ত কবিতাৰ পংক্তিত শীতৰ এখন স্পষ্ট ছবি মনৰ মাজত ভাহি উঠে ৷ কবিতাটিত ব্যৱহাৰ কৰা “চকুপানীৰ এফাঁকি কবিতা” শাৰীটোত কবিয়ে চকুপানীক বিষাদ অথবা আনন্দৰ প্ৰতীক ৰূপে ব্যৱহাৰ কৰা যেন বোধ হয়৷
কবিয়ে আকৌ লিখিছে –
“শৰতে চিকুণাই থৈ যোৱা
নগৰ-চহৰ গাঁও-ভূই সকলোতে
কোনে মনে মনে নিশাৰ এন্ধাৰত
সিঁচি থৈ গ’ল মুঠি মুঠি
নিয়ৰৰ মুকুতা-মণি”
উপৰোক্ত পংক্তিত হেমন্তৰ আগমনৰ ছবিখন পাঠকে দেখিবলৈ পায় ৷ নিশাৰ এন্ধাৰত নিয়ৰ পৰে আৰু নিয়ৰৰ টোপালবোৰ মুকুতা-মণিৰ দৰে জিলিকি থাকে ৷ ইয়াত “মুকুতা-মণি” উপমা হিচাপে সুন্দৰকৈ ব্যৱহাৰ কৰিছে৷
“হেমন্তৰ হিমে ধোৱা
নৈপৰীয়া গাঁওখনলৈ
ন-কইনাৰ খোজেৰে
ফুট-গধূলিতে নামি আহেচোন
নিবিড় নি:শব্দতা”
উপৰোক্ত পংক্তিত “ন-কইনা” শব্দৰ ব্যৱহাৰে কবিতাটিক মোহনীয় কৰাৰ লগতে পাঠকে চিন্তাৰ দুৱাৰখন বহলকৈ মেলি দিয়াৰ সুযোগ পায় ৷ হেমন্তৰ হিমে ধোৱা নৈপৰীয়া গাঁওখনলৈ ফুট-গধূলিতে খুব লাহে লাহে, যেন ন-কইনাৰ খোজৰ দৰে নামি আহে নি:শব্দতা; এই নি:শব্দতা খুবেই নিবিড় ঠিক নতুন জীৱনৰ পাতনি মেলা ন-কইনাজনীৰ জীৱনৰ নিবিড়তাৰ দৰে৷
কবিতাটিৰ শেষৰফালে কবিয়ে আপোন চিনাকী গাঁওখনলৈ উলটি গৈছে ৷ এনে এক আঘোণমহীয়া দিনৰ সেইখনি গাঁৱৰ লখিমীক আদৰাৰ ব্যস্ততাৰ কথা সোঁৱৰিছে৷ সোঁৱৰিছে গাঁৱৰ মানুহে পাব বিচৰা জীৱনৰ পৰিচয় ৷
ক'ব পৰা যায় যে কবি ৰবীন্দ্ৰ বৰাৰ “হেমন্তৰ প্ৰতি দুশাৰীমান” কবিতাটিৰ মোহনীয় উপমা আৰু চিত্ৰকল্পৰ ব্যৱহাৰ ন-শিকাৰু কবিসকলৰ বাবে চানেকি হৈ ৰব৷
-মৌচুমী বৰি
ৰংপুৰ, শিৱসাগৰ।
০৮ ডিচেম্বৰ ২০১৪
No comments:
Post a Comment