ৰূপাংকন : মনোহৰ দত্ত
অনুপে আজিও ৰাতিপুৱা দোকানখন খুলি বহিছে আন দিনাৰ দৰেই । শৰৎ কালৰ বিদায় ক্ষণ সমাগত । শৰতৰ মিঠা পৰশে সূৰুজকো স্পৰ্শ কৰিছে । সূৰুজৰ তীক্ষ্ণতা সামান্য হ’লেও কমিছে । কোমল সোণোৱালী ৰ’দ এজাকে ঠাইখন ঢৌৱাই তুলিছে । স্কুল – অফিচৰ সময়, সেয়ে ঠাইখনত ব্যস্ততা কিছু বাঢ়িছে । অফিচলৈ বুলি অহা দুই এজন গ্ৰাহক মাজে মাজে তাৰ দোকানলৈ পান-বিড়ি-চিগাৰেট খাবলৈ আহিছে । সিও সাধ্যানুসাৰে গ্ৰাহকক অপ্যায়িত কৰি গৈছে । তাৰ দোকানত অডিঅ’ প্লেয়াৰ এখন অহৰহ বাজি থাকে তাৰ পছন্দৰ গীত কিছুমান । মন ভালে থকা অৱস্থাত সি গীতৰ তালে তালে গা মূৰ লৰাই লৰাই মগ্ন হৈ থাকে । আজিও তাক দেখি সহজেই ধৰিব পাৰি, তাৰ মন যে আজিও ৰঙীণ হৈ আছে । সি গীতৰ তালে তালে তাৰ গা মূৰ নচুৱাই আছে । সি এনেকৈয়ে আনন্দৰ মাজতে নিজকে ডুবাই ৰাখি ভাল পায় । গ্ৰাহক সকলেও তাৰ এই ৰঙীয়াল স্বভাবটোৰ বাবেই তাৰ দোকানলৈ আহিবলৈ ভাল পায় । গ্ৰাহক সকলে যেন তেওঁলোকে বিচৰা বস্তুৰ লগতে তাৰ পৰা সুখ অকণমানো ফ্ৰীতে পায় ।
তাৰ দোকানৰ কাষতে কৰবী এজোপাত কাউৰী এজনী তাইৰ পোৱালী এটাৰে সৈতে যেন উলাহতে নাচি বাগি আছিল, সিহঁতেও যেন গীতৰ তালে তালে নাচি আছে । কৰবীজোপা হালধীয়া হৈ ফুলিছে । হাঁহিৰ স্বৰ্ণিল আভাৰে কৰবীজোপা জাতিষ্কাৰ হৈ পৰিছিল । এপাকত গীতত মগ্ন হৈ থকা অনুপৰ হঠাতে কৰবীজোপালৈ চকু গ’ল । সি কাউৰী দুটাৰ ধেমালি চাই গা নচুৱাবলৈ পাহৰি গ’ল…পাহৰি গ’ল গীতৰ মাধুৰ্য । এইবাৰ একান্তমনে কাউৰী দুটাৰ খেল চাবলৈ লাগিল । কাউৰীজনীয়ে ইটো ডালৰ পৰা সিটো ডাললৈ জপিয়াই আছে, লগত থকা পোৱালীটোৱেও মাকক অনুসৰণ কৰি মাক যিফালে যেনেকৈ জপিয়াই ঠিক তেনেকৈয়ে সেইফালে জপিয়াই আছে । জীৱনৰ বাটত খোজ দিবলৈ মাক কাউৰীজনীয়ে আদিপাঠ শিকাই আছে নিজৰ পোৱালীটোক । হঠাতে ঘটিল অঘটন এটা । জপিয়াই থকা কাউৰী পোৱালীটো সম্ভৱত অসতৰ্কতাত ডালত খোপনি হেৰুৱাই মাটিত পৰি গ’ল । পোৱালীটো পৰাৰ লগে লগে মাকজনীয়ে কা-কা-কা কৈ গোটেইখন তাল-ফাল লগালে । পোৱালীটোৱেও ইমান ওপৰৰ পৰা পৰি বোধহয় অলপ দুখ পালে । সি কা-কা কৈ পাখি দুখন ধপধপাই উৰিবলৈ চেষ্টা কৰিলে যদিও উৰিব নোৱাৰিলে । ভালকৈ উৰিব পৰাও হোৱা নাই যেন সি । ইফালে মাক কাউৰীজনীয়ে অনৰ্গল চিঞৰি আছে কা-কা-কা আৰু পোৱালীটোৱেও উৰিব নোৱাৰাৰ যাতনাত ধৰফৰাই ধৰফৰাই চিঞৰিছে – কা-কা । দুয়োটাৰ চিঞৰত ঠাইখন ৰজনজনাই উঠিল । অনুপে লক্ষ্য কৰিলে, এটা এটাকৈ হঠাতে ক’ৰবাৰ পৰা কাউৰী এজাক আহি সেইখিনি পালেহি ।
কাউৰীজাকে সেইখিনি পাইয়েই, পোৱালীটোৰ অসহায় অৱস্থা লক্ষ্য কৰি চিঞৰ বাখৰ লগালে । অনুপৰ মন গ’ল সি যেন কাউৰীৰ পোৱালীটো মাকজনীৰ ওচৰত থৈ আহিবগৈ । পিছে সেইকাম কৰিবলৈ মন গ’লেও সি কৰিব নোৱাৰে । ইমানবোৰ কাউৰী তাত সমবেত হৈছে যে পোৱালীটোক ৰক্ষণা-বেক্ষণ দিয়াৰ ক্ষেত্ৰত সিহঁতে যেন চক্ৰবেহুহে সাজিছে । অগত্য সি কাউৰী কেইটাৰ ৰেহ-ৰূপকে চাই থাকিল । কাউৰী কেইটাই সমস্বৰে চিঞৰি যেন পোৱালীটোক উৰিবলৈ উৎসাহিতহে কৰিছে । মাক কাউৰীজনীয়ে চিঞৰি থাকোতে পোৱালীটোৱে প্ৰথমে তাৰ কোমল পাখি দুখন ধপধপাই মাৰি উৰিবলৈ প্ৰয়াস কৰিছিল যদিও পাছলৈ যেন সি উৰাৰ শক্তি হেৰুবাই পেলাইছিল । কিন্তু সমবেত কাউৰী সমাজৰ উদ্গনিয়ে যেন তাৰ মনলৈ আকৌ ঘূৰাই আনিলে, তাৰ শক্তি । সি অদম্য শক্তিৰে আকৌ উৰিবলৈ চেষ্টা কৰিলে । চাওঁতে চাওঁতে এটা সময়ত পোৱালীটো উৰা মাৰি কৰবীজোপাৰ ডালত পৰিলগৈ । পোৱালীটোৱে যেন আজি তাৰ মাকৰ পৰা আৰু তাৰ মিতিৰ-কুটুম্বৰ পৰা জীৱনৰ আদি পাঠ ভালকৈ আয়ত্ত্ব কৰিলে । জীৱনৰ প্ৰথম যুঁজত সি সফল হ’ল । ইমান পৰে কাউৰীৰ অলেখলেখ চাই থকা অনুপে যেন ইমান সময়ে এটা মিলনান্তক নাটিকাহে উপভোগ কৰি আছিল । সি অনুভব কৰিলে, সি নিজেহে যেন এটা বিপদৰ পৰা নিজকে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল । এক বিমল প্ৰশান্তিৰে তাৰ মন ভৰি উঠিল । লগে লগে তাৰ মনলৈ আহিল, কাউৰী ইতৰ প্ৰাণী হ’লেও একতাৰ ক্ষেত্ৰত যেন ইহঁতৰ বোধ শক্তি মানুহতকৈ অলপ হ’লেও বেছি ।
ණসাৰদা শ্ৰেষ্ঠ
No comments:
Post a Comment