Sunday, 14 December 2014

চানেকি' আৰু 'সন্ধান' শিৰোনামৰ শিতান মুকলি কৰাৰ প্ৰস্তাৱ:

প্ৰিয় সতীৰ্থবৃন্দ,
বিষয়: আখৰুৱা : literati গোটৰ নতুন পৰিকল্পনা: 'চানেকি' আৰু 'সন্ধান' শিৰোনামৰ দুটি শিতান মুকলি কৰাৰ প্ৰস্তাৱ:
আপোনালোকক জনাব খোজো যে আখৰুৱা : literati গোটৰ মজিয়াত 'চানেকি' আৰু 'সন্ধান' শিৰোনামৰ দুটি নতুন শিতান খোলাৰ পৰিকল্পনা কৰা হৈছে। এই শিতান দুটিৰ উদ্দেশ্য হ'ল:
১) চানেকি : প্ৰতিষ্ঠিত অসমীয়া আলোচনী যেনে প্ৰকাশ, সাতসৰী, প্ৰান্তিক আদিত প্ৰকাশিত কবিতাৰ পৰা নিৰ্বাচিত দুই/এটা কবিতা আখৰুৱা : literati গোটৰ মজিয়াত প্ৰকাশ কৰাৰ কথা ভবা হৈছে। এই প্ৰয়াসে গোটৰ আগ্ৰহী সদস্য আৰু কবিক অসমীয়া কবিতাৰ সাম্প্ৰতিক চৰ্চাৰ বিষয়ে কিছু আভাস দিব পাৰিব বুলি ভবা হৈছে। এই দিশত 'প্ৰকাশ' আলোচনীৰ সম্পাদকৰ পৰা আমি ইতিমধ্যে অনুমতি লাভ কৰিছো। আন আলোচনীৰ লগতো যোগাযোগ কৰি প্ৰয়োজনীয় অনুমতি লোৱাৰ যত্ন কৰা হৈছে।
২) সন্ধান : এই শিতানত বাংলা, হিন্দী বা ইংৰাজী ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা নিৰ্বাচিত কবিতা প্ৰকাশৰ কথা ভবা হৈছে। তদ্ৰুপ সম্ভৱ হ'লে অসমীয়াৰ পৰা অন্য ভাষালৈ অনুবাদ কৰা নিৰ্বাচিত কবিতা প্ৰকাশৰ দিহা কৰা হ'ব। যাৰ জৰিয়তে আমি আমাৰ কাব্য-চৰ্চাৰ দিশটো উন্নত কৰিব পাৰিম বুলি ধাৰণা হয়।
এই দিশত আগুৱাবলৈ আপোনালোক সকলোৰে মতামত, পৰামৰ্শ আৰু সহযোগিতা আমি আশা কৰিছোঁ। আপোনালোকৰ সক্ৰিয় অংশগ্ৰহণ অবিহনে এনে পদক্ষেপ সফল নহ'ব। সেয়ে মুকলি মনে বিষয়টো আলোচনা কৰো আহক।
ধন্যবাদ,
প্ৰশাসকবৃন্দ,আখৰুৱা : literati গোট।২৮ এপ্ৰিল ২০১৪

No comments:

Post a Comment