অনিতাৰ প্ৰথম সন্তানটি ছোৱালী । দ্বিতীয়বাৰৰ বাবে অনিতাই আকৌ গৰ্ভধাৰণ কৰিলে । তাইৰ গা-ভাৰীৰ লক্ষণবোৰ দেখি অভিজ্ঞ মহিলাসকলে ঘোষণা কৰিলে, এইবাৰ ল’ৰাই হ’ব । এনেকুৱা ভৱিষ্যৱাণী শুনিলে অনিতাৰ লগতে পৰিয়ালৰ সকলোৰে মনটো ফৰকাল হয় । পৰিয়ালৰ সকলোৰে মনে-প্ৰাণে আশা কৰিলে – "এইবাৰ ল’ৰা হ’লেই ভাল" । আশা কৰাটোও স্বভাৱিক । প্ৰথম সন্তান ল’ৰা হ’লেও বহুতে আশা কৰে, দ্বিতীয়টি ছোৱালী হওক । ছোৱালী হ’লে ভাল পায়...ছোৱালী নহৈ দ্বিতীয়বাৰ ল’ৰা হ’লেও বেজাৰ নকৰে । প্ৰথমটি কন্যা সন্তানৰ পাছত আকৌ দ্বিতীয়বাৰ কন্যাসন্তান হোৱাতো বহুতে সহজভাবে ল’ব নোৱাৰে । কন্যা মানেই বহুতৰ বাবে আজিও ব’ব নোৱাৰা বোজা । ল’ৰা হোৱাৰ আশাত ঘৰৰ সদস্যসকলেও বিশেষকৈ শাহুৱেকে বিশেষ যতন ল’লে ।
যথাসময়ত অনিতাই কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ দ্বিতীয়বাৰ সন্তান প্ৰসৱ কৰিলে । এই দ্বিতীয় সন্তানটি সকলোৱে আশা কৰাৰ দৰে ল’ৰা নহ’ল, এইবেলিও ছোৱালীয়েই অনিতাৰ কোলা শুৱনি কৰিলে । দ্বিতীয়বেলিকাও কন্যায়েই হোৱাত পৰিয়ালৰ লোকসকল অসন্তুষ্ট হ’ল । কন্যা হোৱা বুলি শুনি ঘৰৰ আন সদস্যসকলৰ কথা বাদেই শিশুটিৰ দেউতাকেও বহু পলমকৈহে প্ৰসূতি আৰু শিশুৰ খৱৰ ল'বলৈ চিকিৎসালয় লৈ গ’ল । এয়াও স্বাভাৱিক, এই মহঙা দিনত দুজনীকৈ ছোৱালী হয়তো কোনেও আশা নকৰে । তাতে সিহঁতৰ পৰিয়ালটো পেটে ভাতে কোনোমতে খাই থকা সাধাৰণ পৰিয়ালৰ লোক । কন্যাহোৱাৰ অপৰাধটো শিশুটিয়ে কৰিছিলেই, তাতে আকৌ এসপ্তাহ মানৰ পাছতেই শিশুটিৰ আগদাঁত চাৰিটাও ওলাল । কথা বুলিলেইতো বতাহ । কথাটো জনাজনি হোৱাত পৰিয়ালৰ লোকসকল বিতত হ’ল । তাতে ভূতৰ ওপৰত দানহ পৰাদি চুবুৰীয়াবোৰৰ বু বু-বা বাই পৰিয়ালৰ লোকসকলক আতঙ্কিত কৰিলে । চুবুৰীয়াৰ বিজ্ঞ কেইজনমানে অভিমত প্ৰকাশ কৰিলে যে, এয়া মুঠেই ভাল লক্ষণ নহয় । সিহঁতৰ ঘৰত কুলক্ষণীয়া ছোৱালী জন্ম পাইছে । পৰিয়াললৈ কঢ়িয়াই আনিছে অশনি সংকেত । সিহঁতৰ পৰিয়াললৈ কেতিয়া কি বিপদ আহে ঠিক নাই । বেচেৰী মাক জনীয়েনো কৰিব কি ! হাজাৰ হওঁক তাইৰেই পেটৰ পোৱালী অকণমানিজনী । নমাহৰ ক’ত আলৈ-আহুকাল, তথা যাতনাবোৰ হেলাৰঙে সহি তাই তাইক জন্ম দিছে । মানুহবোৰৰ এনে নিদাৰুণ কথাোবৰ শুনি ভয়তে পেঁপুৱা লাগিল ! কণমানিটোৰ লগতে নিজৰ পৰিয়ালৰো চিন্তা ! সঁচাকৈয়ে মানুহবোৰে কোৱাৰ দৰেই সিহঁতৰ পৰিয়াললৈ যদি অমানিশা নামি আহে ! যিমানেই মানুহবোৰৰ মুখৰ পৰা অমংগলীয়া কথাবোৰ শুনে সিমানেই তাই শিহঁৰিত হৈ উঠে । অকণমানিজনীৰ অমংগলৰ চিন্তাৰ লগতে পৰিয়ালৰ অমংগলৰ চিন্তাই তাইক প্ৰতি দিনেই খুলি খুলি খাবলৈ ধৰিলে ।
অনিতা নীলিমাহঁতৰ চুবুৰীতে থাকে । নীলিমাই শুনিছিল অনিতাই দ্বিতীয়বাৰ কন্যা সন্তানটি জন্ম দিয়াৰ কথা । প্ৰসূতি আৰু সদ্যজাত শিশুটিৰ খবৰ ল’বলৈ তাই সময়হে উলিয়াব পৰা নাই । ব্যক্তিগত খণ্ডৰ কোম্পানী এটাত চাকৰি কৰে তাই । ঘৰুৱা জঞ্জাল মাৰি ৰাতিপুৱাই ওলাই যায় দুখে ভাগৰে সন্ধিয়াহে আহি ঘৰ সোমায় । ভালকৈ জিৰণি লোৱাৰো সুযোগকণ নাপায় । ঘৰ সোমোৱাৰ পাছতো আকৌ ঘৰুৱা জঞ্জাল মাৰোতেই যায় তাইৰ । চুবুৰীয়াৰ সুখ দুখৰ সমভাগী হ’বলৈ তাই তেনেকৈ আহৰিয়েই নাপায় । সেয়ে একান্তই প্ৰয়োজন নাথাকিলে তাই সাধাৰণতে কাৰো ঘৰলৈ নাযায় । অনিতাৰ ছোৱালী হোৱা বুলি তাই খৱৰ পাইছিল যদিও আজি যাম কালি যাম বুলিও সময় উলিয়াব পৰা নাছিল । ক’ব নোৱাৰাকৈয়ে দহটা দিন কেনেকৈ পাৰ হ’ল নীলিমাই ধৰিবই নোৱাৰিলে । সময়বোৰ যে কাঁড় পাট যোৱাদি কোনফালে সৰকি যায় ততেই ধৰিব নোৱাৰি ! হস্পিতালততো খৱৰ কৰিব পৰা নগ’লেই, ঘৰতো তাই খৱৰ কৰিবলৈ ইমান দিনে সময় উলিয়াব পৰা নাই । নিজৰ ওপৰতে কেতিয়াবা তাইৰ বিৰক্তি উপজে । এনেকৈ থাকিলে তাইৰ আৰু নহ’ব, সুবিধা পালে যাম বুলি ভাবি থাকিলে যে তাইৰ এবছৰতো যাবলৈ সময় সুবিধা উলিয়াব নোৱাৰিব সেয়া খাটাং । সেয়েহে ব্যস্ততাৰ মাজতেই সময় উলিয়াই এদিন সন্ধিয়া কামৰ পৰা আহি নিজৰ কৰিব লগীয়া দুই এটা কাম সামৰি অনিতাৰ ঘৰ পালেগৈ । তাই অনিতাৰ ওচৰলৈ গৈ দেখিলে অকনমানি জনী গভীৰ নিদ্ৰাত নিমগ্ন । কণমানিজনী তেনেকৈ শুই থকা দেখি তাইৰ ভাব হ’ল এয়া যেন কোনোবা দেশৰ অকণমানি পৰী । অকণমান হাত-ভৰিৰে অকণমানি মুখখন ইমান মৰমলগা ! ধুনীয়া অনিতাৰ মুখখনৰে সৈতে কণমানিজনীৰ যেন বহুতো সাদৃশ্য আছে ! অনিতাৰ ওচৰলৈ গৈ প্ৰসূতি আৰু শিশুৰ স্বাস্থ্যৰ খৱৰ ল’লে । তাই কথাৰ মাজতে অনিতাক কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি তাকো জানিব বিচাৰিলে । অনিতাই জনালে, তাই বা কণমানিটিও সম্পূৰ্ণৰূপে সুস্থ, কোনো ফালৰ পৰাই কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই । নীলিমাই সন্তুষ প্ৰকাশ কৰিলে । তায়ো দেখি অনুমান কৰিছে মাক জীয়েক দুয়ো সুস্থই । অকণমানিজনীৰ বাবে তাই অকনমানি কাপোৰ এযোৰ লৈ গৈছিল । অকণমানিলৈ বুলি মাকৰ হাততে কাপোৰসাজ তুলি দিলে । কথা প্ৰসংগত অনিতাই নতুনকৈ হোৱা সমস্যাৰ কথা ভাঙিপাতি নীলিমাক জনালে । তাইৰ কণমানিটোৰ তলৰ পাৰিৰ দাঁত দুটা গজিছে, আৰু কাষৰ দুটাও দুই এদিনতে সম্ভৱ ওলাব । এসপ্তাহতে দাঁত ওলোৱা বুলি শুনি তাই প্ৰথমে আচৰিত হৈছিল । নিজে যেতিয়া কণমানিজনীক পৰীক্ষা কৰি চালে তেতিয়া তাই পতিয়ন যাবলৈ বাধ্য হ’ল । তাই আগে পিছে শুনিছে, কিছুমান শিশুৰ খুব সোনকালেই দাঁত গজে । কিছুমানৰ জন্মতেই গজে বুলিও তাই শুনিছে । কিন্তু কেতিয়াও এনে ঘটনা নিজে পোৱাহে নাছিল । প্ৰথমে শুনি আচৰিত হ’লেও তাই এই বিষয়তো বৰ বিশেষ চিন্তা কৰিব লগীয়া কথা বুলি নাভাবিলে । ভীত হোৱা অনিতাক প্ৰবোধ দিয়াৰ মানসেৰে “হ’ব পাৰে কেতিয়াবা কিছুমানৰ ক্ষেত্ৰত এনেকুৱা, এয়া সাধাৰণ কথা” – বুলি তাই সাধাৰণভাবেই ক’লে । তাইৰ অভিমত জানিব পাৰি অনিতাই বিভিন্ন মানুহৰ মুখ-বাগৰি অহা কথাবোৰ তাইক জনালে । মানুহৰ অভিমতবোৰ জানিব পাৰি তাই অধিক আচৰিত হ’ল । এই সামান্য বিষয়টোক লৈ মানুহবোৰৰ মনত সৃষ্টি হোৱা অহৈতুক ভ্ৰান্ত ধাৰণাৰ বিষয়ে জানিব পাৰি তাই মৰ্মাহত হ’ল । বিজ্ঞানৰ এই জয়জয় ময়ময় অৱস্থাতো এই মানুহবোৰে কি যে এক ভ্ৰমবোৰ কঢ়িয়াই লৈ ফুৰে ! অন্ধবিশ্বাসৰ বলি হৈ অকাৰণতে এটা পৰিয়াললৈ সহজে বিয়পাই দিয়ে বিষবাষ্প । তাই বুজালে, এয়া এটা প্ৰাকৃতিক পৰিঘটনাহে মাথোন বা এয়া মাত্ৰ এক শাৰিৰীক বৈসাদৃশ্যহে । মানুহবোৰৰ মনত উদয় হোৱা শংকাবোৰ মাথো একো একোটা ভ্ৰমহে । এইবোৰক লৈ যাতে তাই মূৰ নঘমায় তাৰ বাবে তাইক সতৰ্ক কৰি দিলে । তাই মহাভাৰতৰ উদাহৰণ দি বুজালে – “মহাভাৰতৰ শ্ৰষ্টা বেদব্যাসৰ হেনো জন্মতেই দুপাৰি দাঁত লৈ জন্ম হৈছিল । তেওঁ দেখোন তেওঁৰ কৃতিৰ বাবে আজিও বিখ্যাত হৈ থাকিল । কিজানি তোমাৰ ছোৱালীয়ে অমংগল কঢ়িয়াই অনাৰ সলনি ভৱিষ্যতে মংগলৰ বতৰাহে তোমালোকলৈ কঢ়িয়াই আনে । অমংগলৰ চিন্তা বাদ দি তাইক উপযুক্ত সময়ত উপযুক্ত শিক্ষা দিয়া । আজিৰ যুগত এইবোৰ অমূলক কথা চিন্তা কৰি নিজৰ বিপদ চপাই নানিবা” । কথাখিনি কৈ নীলিমাই অনিতাৰ মুখলৈ চালে । অনিতাৰ মুখত কিছু আগতে দেখা বেদনাৰ ছাঁ লাহে লাহে আঁতৰি গৈছে, তাৰ ঠাইত এক প্ৰশান্তিৰ জিলিঙনি চকু মুখত বিয়পি পৰিছে । অনিতাই আনন্দমনেৰে ক’লে – “বাইদেউ, আপুনি ইমান ধুনীয়াকৈ কথাখিনি মোক বুজাই দিলে । বৰ ভাল লাগিল । এনেকৈ মোক কোনেও আজিলৈকে বুজাই নিদিলে । এইকেইদিন হুলবোৰে মোক বেয়াকৈ বিন্ধি আছিল । আপোনাক অশেষ ধন্যবাদ । অনিতাৰ পৰা বিদায় লৈ নীলিমা ঘৰলৈ ওভতিলে । ইতিমধ্যে ৰাতিৰ আকাশত কাঁচিজোন ওলাইছিল । তাই আকাশখনলৈ চালে । তৰাৰে ভৰা আকাশখন সাৱটি লৈ গৰ্বেৰে জোনটোৱে যেন তাইলৈ চাই তেতিয়া মিচিকিয়াই হাঁহিছিল । তাই অনুভব কৰিলে তাইৰ হিয়াখনৰ চুক কোণবোৰো এক বিমল প্ৰশান্তিত যেন পোহৰ হৈ উঠিছে ।
ණ সাৰদা শ্ৰেষ্ঠ
০৫.০৮.১৪
No comments:
Post a Comment