আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান' (সাত) অক্টোৱৰ/২০১৪:
বাংলাদেশৰ বহুল আলোচিত আৰু বিতৰ্কিত নাৰীবাদী কবি, সাহিত্যিক তছলিমা নাছৰিণৰ জন্ম হয় ১৯৬২ চনৰ ২৫ আগষ্টত। তছলিমাই ময়মনসিংহ মেডিকেল কলেজত অধ্যয়ন কৰে আৰু তাৰ পৰা ১৯৮৬ চনত এম, বি, বি, এছ ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ চৰকাৰী চিকিৎসক হিচাপে ১৯৯৪ চনলৈ কাম কৰে। তেওঁ ১৯৯৪ চনত এটি গোচৰত জড়িত হৈ, গ্ৰেপ্তাৰ এৰাবলৈ স্বদেশ ত্যাগ কৰিবলৈ বাধ্য হয়। তাৰ পিছৰ পৰাই তেওঁ ভিন্ন দেশত, ভিন্ন সময়ত আশ্ৰয় গ্ৰহণ কৰি আহিছে।
ছাত্ৰী জীৱনত ১৯৮০-ৰ দশকৰ শেষ ভাগত কবি হিচাপে তেওঁৰ পৰিচয় হ'বলৈ ধৰে। নিৰ্বাসিত জীৱন তছলিমাই লেখা-মেলাকেই বৃত্তি বা জীৱিকা হিচাপে গ্ৰহণ কৰে। বিংশ শতাব্দীৰ শেষ ভাগত বিদ্ৰোহী নাৰীবাদী দৃষ্টিভংগী আৰু ইছলাম ধৰ্মৰ সমালোচনাৰ বাবে বিশ্বব্যাপী তেওঁ জনাজাত হৈ পৰে। নিজৰ জন্মভূমি বাংলাদেশ ত্যগৰ পিছত তেওঁ প্ৰতিবেশী বাংলাভাষী ৰাজ্য পশ্চিমবংগত বসবাস কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। কিন্তু ভাৰতীয় ইছলাম ধৰ্মগুৰু আৰু মৌলবাদীৰ প্ৰাণনাশৰ ভাবুকিৰ পিছত ২০০৮ চনত তেওঁ ক'লকাতা পৰিত্যাগ কৰিবলৈ বাধ্য হয়। বৰ্তমান তেওঁ ভাৰততেই বসবাস কৰিছে। তেওঁৰ গ্ৰন্থ সমূহৰ ভিতৰত 'লজ্জা, আমার মেয়েবেলা, দ্বিখণ্ডিত, গোল্লাছুট' ইত্যাদি উল্লেখযোগ্য।
তছলিমাই সত্তৰৰ দশকৰ শেষ ভাগত সাহিত্য জগতত প্ৰৱেশ কৰে কবিতা লিখাৰ মাধ্যমেৰে। ১৯৮১ চনত নিজা উদ্যোগত তেওঁ তেওঁৰ প্রথম কবিতা সংকলন প্রকাশ কৰে, যাৰ নাম 'শিপাত বিপুল ক্ষুধা'। তেওঁৰ কবিতা গীতিময়তাৰে পুষ্ট। আত্মজীৱনিকতা তেওঁৰ কবিতাৰ বৈশিষ্ট। প্ৰথমৰ পৰাই তেওঁৰ কবিতাত যৌনানুষঙ্গ প্ৰৱলভাবে উপস্থিত, যিটো পৰৱৰ্তী সময়ত তেওঁৰ গদ্য ৰচনাতো পৰিদৃষ্ট হয়।
তেনে এগৰাকী নিৰ্বাসিত আৰু বিশ্বখ্যাত কবিৰ কবিতাৰ অনুবাদেৰে অক্টোৱৰ/২০১৪, প্ৰথম সপ্তাহৰ আখৰুৱাৰ 'সন্ধান' শিতান সজোৱা হৈছে। আমাৰ অনুৰোধত তছলিমা নাছৰিণৰ মূল বাংলা কবিতা 'ভুল প্রেমে কেটে গেছে তিরিশ বসন্ত'-ৰ অসমীয়া অনুবাদ আগবঢ়াইছে গোটৰ সক্ৰিয় সদস্য সুনীল অমিয় ডাঙৰীয়াই। সহজ, সৰল ভাষাৰে কবিতা ৰচা কবি সুনীল অমিয়ই ইতিমধ্যে বাংলা কবিতাৰ অসমীয়া অনুবাদ আমালৈ আগবঢ়াইছে। এইবাৰো তেখেতৰ অনুবাদ কবিতাই গোটৰ সদস্য সকলৰ সঁহাৰি পাব বুলি আমাৰ বিশ্বাস। যিহওক, এইখিনিতে সুনীল অমিয় ডাঙৰীয়ালৈ তেখেতৰ অনুবাদ কবিতাটিৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট।
০৫ অক্টোৱৰ ২০১৪
_________________________________
'ভুল প্রেমত পাৰ হ'ল ত্ৰিশটা বসন্ত'
মূল– তছলিমা নাছৰিণ
অনুবাদ- সুনীল অমিয়
ভুল প্রেমত পাৰ হ'ল
ত্ৰিশটা বসন্ত,
তথাপি
কিয় জানো এতিয়াও
হৃদয় টিচটিচাই-
প্রতাৰক পুৰুষে
আঙুলি চুলে
শিলৰ শৰীৰ ব্যাপি
নিজৰাৰ পানী বয় ।
এতিয়াও কিয় জানো
কল কল শব্দ শুনো
নির্জন ব'হাগ,
মাঘ-চ'ত-
ভুল প্রেমত পাৰ হৈ গ'ল
ত্ৰিশটা বসন্ত,
তথাপিও
তথাপিও
বিশ্বাসৰ ৰ'দত পুৰি নিজকে এঙাৰ কৰোঁ।
প্রতাৰক পুৰুষ সকলে
এবাৰ মাতিলেই
পাহৰি যাওঁ
এৰি অহা সজল ভৈৰৱী
পাহৰি যাওঁ মেঘালী আকাশ,
শেষ নোহোৱা দীঘল ৰাতি।
এবাৰ মাতিলেই
সকলো পাহৰি
আগুৱাও ভৰি
নতুন ভুলৰ প্রতি
এবাৰ ভালপালেই
সকলো পাহৰি
কান্দি উঠে অমল বালিকা।
ভুল প্রেমত ত্ৰিশটা বছৰ গ'ল
আৰু যাব সহস্র বছৰ,
তথাপিও বোধ নহ'ব নির্বোধ বালিকাৰ।
_________________________
মূল বাংলা কবিতা:
ভুল প্রেমে কেটে গেছে তিরিশ বসন্ত
– তসলিমা নাসরিন
ভুল প্রেমে কেটে গেছে তিরিশ বসন্ত, তবু
এখনো কেমন যেন হৃদয় টাটায়-
প্রতারক পুরুষেরা এখনো আঙুল ছুঁলে
পাথর শরীর বয়ে ঝরনার জল ঝরে।
এখনো কেমন যেন কল কল শব্দ শুনি
নির্জন বৈশাখে, মাঘ-চৈত্রে-
ভুল প্রেমে কেটে গেছে তিরিশ বসন্ত, তবু
বিশ্বাসের রোদে পুড়ে নিজেকে অঙ্গার করি।
প্রতারক পুরুষেরা একবার ডাকলেই
ভুলে যাই পেছনের সজল ভৈরবী
ভুলে যাই মেঘলা আকাশ, না-ফুরানো দীর্ঘ রাত।
একবার ডাকলেই
সব ভুলে পা বাড়াই নতুন ভুলের দিকে
একবার ভালোবাসলেই
সব ভুলে কেঁদে উঠি অমল বালিকা।
ভুল প্রেমে তিরিশ বছর গেল
সহস্র বছর যাবে আরো,
তবু বোধ হবে না নির্বোধ বালিকার ।
You, Palash Borah, Indranil Gayan, Mousumee Bori and 18 others like this.
Palash Borah Birat bhal lagil. Teo r kabita porha nasilo...
October 6 at 7:34am · Unlike · 3
Malabika Brahma Palash tumar montobyoi amak bohut utxahito korise. Akhoruwar xitan Xondhanor je eyai uddesyo ..
October 6 at 8:21am · Unlike · 2
কচুগুটি ভৰদ্বাজ ভাল লাগিল সঁচাকৈ৷সুন্দৰ অনুবাদ৷
October 6 at 8:23am · Unlike · 3
Sarada Shrestha আপ্লুত হৈছোঁ । অতি সুন্দৰ অনুবাদ ....
October 6 at 10:54am · Unlike · 2
সুনীল অমিয় সদৌটিলৈ ধন্যবাদ যাচিলোঁ
বন্ধুবর্গ আৰু সদাশয় পাঠক, 'টাটায়' বাংলা শব্দটোৰ পৰিবর্ত্তে মই অসমীয়াত 'টিচটিচাই' বুলি শব্দটোৰ প্রয়োগ কৰিছোঁ।...See More
October 6 at 8:49pm · Unlike · 2
Mousumee Bori আপ্লুত হ' লো
October 7 at 8:43pm · Like · 2
Rousanara Begum তসলিমা নাছৰিণৰ কবিতাটি পঢ়িছো। অনুবাদ কবিতাটি সুন্দৰ হৈছে।
October 8 at 8:18am · Edited · Unlike · 3
সুনীল অমিয় হৃদয়ৰ আলিঙ্গন যাছিলোঁ মৌশমী বৰী আৰু ৰৌছন আৰা বেগম ডাঙৰীয়ানী
October 7 at 9:52pm · Like · 1
Indranil Gayan সুন্দৰ আলোচনা৷
October 7 at 10:28pm · Like · 2
সুনীল অমিয় হৃদয় পৰশ যাচিলোঁ ইন্দ্রনীল
October 7 at 11:36pm · Like
No comments:
Post a Comment