Friday, 26 December 2014

'চানেকি' শিতান, নৱেম্বৰ সংখ্যা: জাহ্নু ভৰদ্বাজ

সমীৰ তাঁতীৰ কবিতা মানেই কিছু সন্মোহন, মগ্নতা আৰু সূক্ষ্ম বিশ্লেষণ৷অসমৰ অন্যতম এজন প্ৰতিভাশালী আৰু প্ৰতিষ্ঠিত কবি সমীৰ তাঁতীৰ তলত উল্লেখিত কবিতাটোৱে তেওঁৰ বিষয়ে আমাৰ সাধাৰণ ধাৰণাক কিমানদূৰ প্ৰতিপন্ন কৰিছে তাক বিচাৰ কৰাৰ সামৰ্থ্য আমাৰ নাই৷আৰু কবিতাটো উছৰ্গা কৰা হৈছে নীলমণি ফুকনলৈ - যি কবিতাটোৰ অন্য এটি উল্লেখনীয় দিশ৷ কবিতাটো প্ৰকাশ আলোচনীত প্ৰকাশিত৷
কবিতাৰ দুৰ্বোধ্যতাই সাধাৰণতে পাঠকক কিছু নিৰাশ কৰে৷কিন্তু উক্ত কবিতাটো পঢ়ি নিশ্চয় সকলো পাঠকেই আত্মীয়তা অনুভৱ কৰিব পাৰিব৷অতীতকাতৰতা আৰু এক ধৰণৰ সমূহীয়া দুখৰ ব্যক্তিগতকৰণ আৰু উপলব্ধিয়ে পাঠকক এক অনাবিল আৱেগিক আৰু কঠোৰ বাস্তৱিকতাৰ স্পৰ্শ একেসময়তে দিব পাৰিছে৷কবিতাটোৰ মাজত অসমৰ জনজীৱনৰ সাম্প্ৰতিক(এই সাম্প্ৰতিকতা ঐতিহাসিক ভাৱে গঢ় লোৱা) ক্ষয়ৰোগৰ উপলব্ধি আৰু হুমুনিয়াহৰ আভাস স্পস্ট৷কবিয়ে নিজকে সমূহৰ মাজতে আৱিস্কাৰ কৰিছে, সমূহৰ দুখৰ মাজতে তেওঁ তাৰ পৰা নিবৃ্ত্তি বিচাৰিছে৷কাতৰ প্ৰাৰ্থনাৰ সুৰতো আশাবাদী সুৰ স্পস্ট৷সকলো মংগলময়তাৰ কামনাৰে কবিয়ে কবিতাটোক এক সমাহিত ৰূপ দিছে৷বিষয়বস্তুৰ সৈতে কবিৰ নিজস্ব আত্মীয়তাই পাঠককো উক্ত আৱেগেৰে উদ্বেলিত কৰি তুলিব৷সহজ সৰল কিন্তু বলিষ্ঠ প্ৰকাশ কবিতাটোৰ এক অন্যতম বৈশিষ্ট্য৷ন- কবিসকলৰ বাবে অতি আৱশ্যকীয় এই দিশ৷তদুপৰি মূখ্য বক্তব্য (উদ্দেশ্যৰ) ৰ প্ৰতি একনিষ্ঠতা এক অন্যতম উল্লেখনীয় দিশ৷
কবি সমীৰ তাঁতীৰ কবিতাৰ বিষয়ে অধিক আলোচনা কৰাৰ ধৃষ্টতা আমাৰ নাই৷তলত কবিতাটো উল্লেখ কৰা হ'ল৷
সমীৰ তাঁতীৰ কবিতা
দুখে দহি নিয়া প্ৰতিটো ৰাতি
(নীলমণি ফুকন মান্যবৰেষু)

দুখে দহি নিয়া প্ৰতিটো ৰাতিত 
তোমাৰ সৌন্দৰ্য আৰু দুচকুৰ মিনতিত 
মই আঁঠু কাঢ়ি ভিক্ষা মাগো
মোৰ ঘৰহীন ঈশ্বৰৰ উদং কাঁহীত

এই আন্ধৰুৱা ৰাতি কাৰো ইচ্ছা যেন অথলে নাযায়
কাৰো স্বপ্ন যেন বিফলে নাযায়
অ' মোৰ অন্তৰতমা প্ৰিয়তমা পৃথিৱী

মইতো জানো মোৰ মানুহ আৰু আই মাটিৰ দুখ কিমান
এই নিজান আকাশ আৰু আকলুৱা পানীৰ দুখ কিমান

সেইবাবে তোমাৰ উৰুখা পঁজাৰ সপোনৰ শেতেলিত বহি
ওৰেটো ৰাতি মই কাণ পাতি শুনো সেই নি:সংগতাৰ হাহাকাৰ ধ্বনি
তোমাৰেই গৰিমাৰ পদ দুফাঁকি ৰচি ৰচি

প্ৰতিপাহ ফুলেই যেন এনেকৈ সদায় খিলখিলাই হাঁহি থাকে৷
মোৰ গাঁও আৰু চহৰৰ প্ৰতিটো শিশুৱে যেন এনেকৈ সদায় খিলখিলাই হাঁহি থাকে
প্ৰতিজোপা গছ- বিৰিখ, ফুল- পাত- চৰাই আৰু ধানৰ কাণৰ লতিত
এঙামুৰি দিয়া নিয়ৰৰ টোপাল
যেন এনেদৰে সদায়ে হাঁহি থাকে

সেইবাবে মোৰ প্ৰতিটো বিষণ্ণ সন্ধিয়া
মই তৰি দিওঁ জিলমিল এমুঠি তৰাৱলী তোমাৰে দীঘল চুলিটাৰিত
এই শেৱালি ফুলা আমোলমোলোৱা নিমাখিত ঘাঁহনিত

কিনো দুখৰ দহন অ' মোৰ নিমুৱা ৰাতি
ক'ত হেৰাই যোৱা দুখী আত্মাৰ হুমুনিয়াহ চেপি চেপি

মই সোধো মনে মনে পানী-যুঁৱলিত বহি
কিয়নো এনুৱা তুমি অ' মোৰ প্ৰাণৰ সখী

আছা যে বহি নিজানে- নিৰলে
জোনাকে ধোৱা মোৰ এই মৰম আকলুৱা ৰাতি





No comments:

Post a Comment