প্ৰিয সতীৰ্থবৄন্দ,
আপোনালোকক জনাব খোজো যে আখৰুৱা : literati গোটৰ মজিয়াত 'চানেকি' আৰু 'সন্ধান' শিৰোনামৰ দুটি নতুন শিতান খোলাৰ পৰিকল্পনা কৰা হৈছিল|
তাৰেই ফলশ্ৰুতিত গোটৰ সক্ৰিয সদস্য ক্ৰমে Hirákjyóti Báishýá আৰু Prakash Bhuyan-ৰ উদ্যোগত নিৰ্বাচিত কবিতাৰেই আমি আজি 'চানেকি' শিতানৰ শুভ আৰম্ভণি কৰিব বিচাৰিছো| ইতিমধ্যে হীৰকজ্যোতিযে উক্ত কবিতাটো গোটলৈ পঠিযাইছে| সেযে 'প্ৰকাশ' আলোচনীৰ মে' ২০১৪ সংখ্যাৰ উল্লিখিত কবিতাটোৰেই আখৰুৱাৰ 'চানেকি' শিতানটো আনুষ্ঠানিক ভাবে আৰম্ভ হোৱা বুলি ঘোষণা কৰিলোঁ|
আমি আশাবাদী যে 'চানেকি' শিতানটো নিয়াৰিকৈ চলাই নিবলৈ সকলোৱে আন্তৰিকতাৰে আমাক সহযোগ কৰিব|
ধন্যবাদ,
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট।
১ জুন ২০১৪
_______________________________________
Hirákjyóti Báishýá
"প্ৰকাশ" আলোচনীৰ মে' সংখ্যাত প্ৰকাশিত খ্যাতিমান কবি বিকাশ কুমাৰ ভট্টাচাৰ্যৰ এটি কবিতা- "কিমান সৰলৰৈখিক এডাল সৰলৰেখা" এইবাৰৰ "চানেকি" শিতানত দিয়া হ'ল ।
কবিতাটিৰ নামটিয়েই এটা বিপৰীতমুখী প্ৰশ্ন । কবিয়ে অস্থাৱৰ আৰু স্থাৱৰৰ লগত সুন্দৰৰ এটা বিবাদমান সংগতি আৱিস্কাৰ কৰিছে । Philosophical সুৰ এটাৰে অলংকৃত কৰি কবিয়ে কবিতাটিত এটা মনস্তাত্বিক প্ৰশ্ন উত্থাপন কৰিছে ।
___________________________________
কিমান সৰলৰৈখিক এডাল সৰলৰেখা : কবি বিকাশ কুমাৰ ভট্টাচাৰ্য
কিমান সৰলৰৈখিক এডাল সৰলৰেখা?
এতিয়া বক্ৰতাও সৰল নহয়
কেন্দ্ৰৰ অবৰ্তমানত
বীতৰাগ ব'হাগ
বুকু এতিয়া আৰু গুটিমালি ফুলেৰে নোপচে
ছিদ্ৰবিহীন ছন্দায়িত ছুৰিকাঘাত অনন্ত
আমি তথাপি জীয়াই থাকিম;
চিৰ-বৰ্তমান এই বিশ্বাসৰ গণ্ডীত
চিৰায়ত এই আশ্বাসৰ উম লৈ
যে জাগতিক সকলো বস্তুৰে এক কমনীয় কান্তি থাকে
জীৱনৰো
মৃত্যুৰো
আনকি যন্ত্ৰণাৰো
* * *
মই তোমাক গোঁৱাৰৰ দৰে ভাল পালো
শাল-চোমনিৰ জুইকুৰা যেতিয়া ওচৰ চাপি আহে
বেলি যেতিয়া পাটত বহে; অনন্তত যেতিয়া গভীৰ হৈ আহে
এটা কাউৰীৰ ক্ৰন্দন
তেতিয়াও মই তোমাৰ কাষতে থাকোঁ ।
মানুহবোৰে কয় মই কূপমণ্ডুক, মোৰ চিত্তবৈকল্য ঘটিছে...
আথাউনি পানী । আধৰা শৰীৰ । চিত্ত স্থবিৰ । মই হাঁহিব নোৱাৰো
মই কান্দিবও নোৱাৰোঁ । মই ৰূপ-ৰস-গন্ধ অনুভূতিহীন । মই নাভাবো, ভাবিব নোৱাৰোঁ
সেয়ে মই নাই ।
প্ৰৌঢ় বন্ধুৱে কয় বাদ দিয়া যতসৱ তোমাৰ বন্ধ্যা ভাবনা
খোৱা পিয়া স্ফূৰ্তি কৰা । চাৰ্বাক তেওঁ ।
কেনেকৈ পাহৰো মই মোৰ আহ্বায়কক, কেনেকৈ???
বিষাদ বিধুৰ বকুল বুকু
খীণ হৈ অহা স্মৃতি
উপমা উৎপ্ৰেক্ষা
কাৰ্য-কাৰণ ক্ৰমণিকা
কিহলৈ
কিহলৈ ইমান ধুন
তোমাৰ শৰীৰ যেতিয়া তোমাৰ নহয়
তুমি যেতিয়া তোমাৰ নহয়
কিমান সৰলৰৈখিক এডাল সৰলৰেখা
— with Hirákjyóti Báishýá and Prakash Bhuyan.

No comments:
Post a Comment