জুলাই মাহৰ 'চানেকি' শিতানৰ বাবে 'প্ৰকাশ'ৰ পৰা কবি নীলিম কুমাৰৰ
'কলম আৰু মানুহজন' শীৰ্ষক কবিতাটি লোৱা হৈছে। বৰ্তমান সময়ৰ অতিশয় জনপ্ৰিয়
কবি নীলিম কুমাৰৰ কাব্যশৈলীৰ এটা স্বকীয় বৈশিষ্ট আছে । আত্মবিশ্লেষণাত্মক
ধাৰাৰে তেখেতে কবিতাৰ মাজত নিজৰ এখন ৰম্যভূমি সাজি লয় যাৰ আৱৰ্তত সোমাই
ৰসাগ্ৰহী পাঠকে পায় এক অপূৰ্ব মজা।
'কলম আৰু মানুহজন' কবিতাটিও কবিৰ তেনেকুৱা এখন জগতৰ মনোৰম সৃষ্টি । কবিতাটিয়ে এটা গভীৰ বাৰ্তা কঢ়িয়াইছে, যিয়ে নতুন কবি নাইবা গল্পকাৰক বাৰুকৈ প্ৰভাৱান্বিত কৰে । সম্পূৰ্ণ কবিতাটি তলত দিয়া হ'ল ।
--------------------
কলম আৰু মানুহজন
কবি- নীলিম কুমাৰ
কলমটো কামুৰি কামুৰি খাই পেলালে মানুহজনে ।
তাৰ পিছত ঘোটঘোটকৈ গিলিলে এগিলাচ পানী ।
যেন এটা বিষৰ টেবলেটহে খালে মানুহজনে ।
তাৰপিছত দেখা গ'ল মানুহজন স্থিৰ হৈছে,
বহিছে, বাতৰি-কাকত পঢ়িছে ।
তাৰ পিছত মানুহজনে ভাবিবলৈ ধৰিলে কলমটোৰ কথা ।
ভাবি ভাবি তেওঁ আকৌ এটা কলমৰ জন্ম দিলে ।
তেওঁ ভাবিলে যদি সকলো ঠিকে থাকে
তেওঁ আৰু কলম নাখায় ।
--------------------
প্ৰথম আৰু দ্বিতীয় শাৰীত কবিয়ে কলম খাই উঠি পানী খোৱাৰ যি চিত্ৰকল্প ব্যৱহাৰ কৰিছে, সেয়া ঠিক বেমাৰত মানুহে টেবলেট খোৱাৰ লেখীয়া-
"কলমটো কামুৰি কামুৰি খাই পেলালে মানুহজনে ।
তাৰ পিছত ঘোটঘোটকৈ গিলিলে এগিলাচ পানী ।"
এয়া কবিৰ সৃষ্টিৰ আঁৰৰ বেদনা(তাড়ণা) যাক কবিয়ে বিষৰ টেবলেটৰ লগত ৰিজাইছে-
"যেন এটা বিষৰ টেবলেটহে খালে মানুহজনে ।"
যেতিয়া দেহত প্ৰচণ্ড বিষ হয়, তেতিয়াহে মানুহ এজনে বিষৰ টেবলেট খোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে আৰু খায় । একেদৰেই, সৃষ্টিৰ প্ৰচণ্ড তাড়ণা জাগিলেহে মানুহ এজনৰ পক্ষে সৃষ্টি সম্ভৱ, যাক কবিয়ে 'কলম খোৱা' চিত্ৰকল্পৰ সহায়ত তুলি ধৰিছে । সুস্থ অৱস্থাত দৰৱ খোৱাটো যেনেকৈ অমূলক, অনুভূতিপ্ৰৱণ হৃদয়ত সৃষ্টিৰ তাড়ণা নাজাগিলেও লিখিবলৈ/সৃষ্টি কৰিবলৈ যোৱাটো অমূলক ।
আকৌ পৰৱৰ্তী শাৰীত দেখোঁ টেবলেটৰ তাৎক্ষাণিক ক্ৰিয়া, যি আচলতে মানুহজন(বিষয়ী)ৰ সৃষ্টিৰ তাৎক্ষাণিক আনন্দ-
''তাৰপিছত দেখা গ'ল মানুহজন স্থিৰ হৈছে,
বহিছে, বাতৰি-কাকত পঢ়িছে ।''
দ্বিতীয় স্তৱকত কবিয়ে লিখিছে-
''তাৰ পিছত মানুহজনে ভাবিবলৈ ধৰিলে কলমটোৰ কথা ।
ভাবি ভাবি তেওঁ আকৌ এটা কলমৰ জন্ম দিলে ।''
প্ৰথম শাৰীটোত বিষয়ীৰ সৃষ্টিৰ ওপৰত আত্ম-সমালোচনাৰ ইংগিত পাওঁ । এনে সমালোচনাৰ তাগিদাত জন্ম হোৱা অসন্তুষ্টিয়ে বিষয়ীৰ সৃষ্টি উন্নত কৰাত নাইবা নতুন সৃষ্টিত উদগনি যোগাইছে (দ্বিতীয় শাৰী)।
শেষৰ শাৰীদুটাত এটা সম্ভাৱনা প্ৰকট হৈছে-
''তেওঁ ভাবিলে যদি সকলো ঠিকে থাকে
তেওঁ আৰু কলম নাখায় ।''
ইয়াৰ অৰ্থ এয়াই যে যদিহে বিষয়ীৰ অন্তৰত বিষ নুঠে, মানে সৃষ্টিৰ তাড়ণা নাজাগে, বিষয়ীয়ে আৰু 'কলম নাখায়', মানে সৃষ্টি কৰিবলৈ মানস নকৰে । কিন্তু নিশ্চিতকৈ ক'ব পাৰি যে যিহেতু সমাজ ঠিকে নাই, চৌপাশৰ বাতাবৰণ ঠিকে নাই, তেনে স্থলত সংবেদনশীল কবিৰ মন ঠিকে থাকিব নোৱাৰে ।
সামগ্ৰিকভাৱে চাবলৈ গ'লে এইটো এটা প্ৰতীকী কবিতা য'ত 'কলম' বুলি কবিয়ে সৃষ্টি অথবা অনুভূতিপ্ৰৱণ হৃদয়ৰ শৈল্পিক বহিঃপ্ৰকাশক সূচাইছে আৰু মানুহজন বুলি কবিয়ে তেনেকুৱা অনুভূতিপ্ৰৱণ হৃদয়ৰ অধিকাৰী সকলো মানুহক সূচাইছে । কবিতাটি গভীৰ ভাৱযুক্ত তথা নতুন কবিৰ বাবে উপদেশমূলক । নিজৰ সৃষ্টিৰে উন্নতিৰ শিখৰত উঠা লোকসকলক চালে আমি কবিতাটিৰ মৰ্মকথাখিনিয়ে উপলব্ধি কৰিবলৈ পাওঁ । কবি নীলিম কুমাৰ নিজেই তাৰ এটা উদাহৰণ । অসমৰ আন এজন বিশিষ্ট কবি, সাহিত্যিক নীলমণি ফুকনেও কৈছে যে তেখেতৰ প্ৰত্যেকটো কবিতাৰ অন্তৰালত থাকে তীব্ৰ যণ্ত্ৰণা । আকৌ এঠাইত তেখেতে কৈছে, ''....মই সদায় মোৰ কবিতাটোৰ লগত আন কবিৰ কবিতা এটা তুলনা কৰি চাওঁ । পৃথিৱীৰ শ্ৰেষ্ঠ কবিতাবোৰৰ সৈতে তুলনা কৰিলে মই অনুভৱ কৰোঁ, তেনে এটা স্তৰলৈ মই উঠি যাব নোৱাৰিলো ।....এই ক্ষেত্ৰত বিবেকেও মোক প্ৰভাৱিত কৰে । সেয়েহে মই নতুনকৈ কিবা কৰিলেই সদায় আত্মসমালোচনা কৰিবলৈ লওঁ ।''
নতুন কবিসকলে এইখিনি কথা হৃদয়ঙ্গম কৰা উচিত । তেহে অসমৰ নতুন কবিতাই এটা নতুন আৰু উন্নত ধাৰা সৃষ্টি কৰিব পাৰিব ।
কবি নীলিম কুমাৰৰ 'কলম আৰু মানুহজন' নিশ্চয়কৈ এটা আত্ম-বিশ্লেষণাত্মক কবিতা, কিন্তু ইয়াৰ লক্ষণীয় দিশ এইটোৱেই যে ই আত্ম-কেন্দ্ৰিক নহয় আৰু ইয়েই হৈছে আধুনিক কবিতাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট ।

- Mousumee Bori Bhal lagil bislekhan
- Hirákjyóti Báishýá Dhanyabad Mousumee Bori ba..
- Manohar Dutta Hirákjyóti-ৰ কবিতাৰ নিৰ্বাচন আৰু কবিতাৰ আলোচনা, উভয় দিশতে যথেষ্ট সফল বুলিব পাৰি। নীলিম কুমাৰৰ 'কলম আৰু মানুহজন' কবিতাৰ আলোচনা কৰোতে হীৰকে স্বকীয়তা বৰ্তাই ৰাখিব পাৰিছে।
- Manohar Dutta এইখিনিতে মাননীয় সদস্যবৃন্দক জনাব খোজো যে 'চানেকি' শিতানটো সজাবলৈ গোটৰ অন্য সদস্যই যদিহে আগ্ৰহ কৰে, শিতানটো সজাব পাৰে। কেৱল আগতীয়াকৈ প্ৰশাসকবৃন্দৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ কৰিলোঁ।
No comments:
Post a Comment