Wednesday, 10 December 2014

আখৰুৱাৰ নৱেম্বৰ/২০১৪-ৰ কবিতাৰ পৰ্যালোচনা: পুনৰীক্ষণ-১৮ (দ্বিতীয় খণ্ড) ---দাদুল ভূঞা

কবি দেৱৰাজ কলিতাৰ “শক্তিৰ মহাপ্লাৱন” শীৰ্ষক কবিতাটোৰ প্ৰথম দুটা স্তৱকত ছন্দ মিলনৰে ভাবভংগী প্ৰকাশ কৰিছে যদিও, পিছৰ স্তৱকত এই ছন্দমিলন দেখা নাযায়। কবিতাটো পদৰ আৰ্হিত ৰচিত। শক্তিৰ মহাপ্লাৱন কবিতাটোত বীৰৰসে প্ৰাধান্য পাইছে। কবিয়ে নিজৰ জীৱনত সফল হ’বলৈ জীৱন যুদ্ধত বীৰৰ দৰে যুঁজি যোৱাৰ পণ লৈছে। সেয়ে কবিয়ে কৈছে-
“শক্তিৰ উৎস মোৰ এই মনটো
বীৰৰ দৰে যুজি যাব মোৰ মন।
ধাৰণ কৰিছো হৃদয়ত দুৰন্ত বল
কেনেকৈ পাৰো ৰাখিব জীৱন ॥”
......কবিয়ে নিজৰ জীৱনটোক সংসাৰৰ প্ৰতিটো বস্তুৰ দৰে ভাল পাব শিকিছে। এনে ধৰণৰ ভাবধাৰাই প্ৰত্যেকজন মানুহক উৎসাহ প্ৰদান কৰা দেখা গৈছে। কবিয়ে জীৱনত কাৰো প্ৰতি আক্ষেপ নকৰি সদায় সত্য পথত থাকি সৎ জীৱন যাপন কৰি জীৱন যুদ্ধত জয়ী হোৱাৰ সপোন দেখিছে। কবিতাটোত ধৰ্মীয় দৰ্শনৰ প্ৰভাৱ দেখা যায। কবিতাটোত সকলো মানুহৰ জীৱনৰ বাবে খুবেই প্ৰয়োজনীয় দাৰ্শনিক ভাৱধাৰা প্ৰকাশ কৰাত কবি সফল হৈছে। কবিৰ ভাষাৰে--- “মই যে ভাল পাওঁ মোৰ হৃদয়ৰে
প্ৰতিটো জীৱ, প্ৰতিটো মানুহক।
নাই মোৰ জীৱনত একো আক্ষেপ
সততা কৰ্ম্মই ধৰ্ম্ম মোৰ জীৱনত ॥”
কবি পলাশ প্ৰান্তিকৰ “তোমাৰ দুচকুত বেলি ফুল ফুলিছে” শীৰ্ষক কবিতাত প্ৰেম বিহীন জীৱনৰ বিষাদ পৰিলক্ষিত হৈছে। কবিয়ে কবিতাটো প্ৰেমত পৰি বিষাদক আঁকোৱালি লোৱা সকলৰ হাতত অৰ্পণ কৰিছে। কবিয়ে প্ৰেমত আঘাত পোৱা ব্যক্তি সকলক কাব্যিক ভাষাৰে প্ৰশ্ন কৰি কৈছে..........
“তুমিও দুখৰ পাহাৰ এখন
বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰিছা নেকি ?”
….পুনৰ কবিয়ে প্ৰেমত আঘাত পোৱা সকলৰ দুখত সমভাগী হৈ সমবেদনা জ্ঞাপন কৰি কৈছে—
“তুমি কি দৰে সহিব পৰা
তপত চকুলো
খৰিকাজাই ফুল
নিদ্ৰাহীন ৰাতিৰ কবিতা
কেতেকী চৰাইৰ মাত”
কবি বিশাল দেৱ ৰায়ৰ “ৰঙাফিটাৰ কবিতা” নামৰ কবিতাত বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ ভাবধাৰা প্ৰকাশ পাইছে। কবিয়ে ৰঙাফিটাৰ মাজেৰে বৰ্ণনা কৰিছে কবিৰ বাস্তৱ অভিজ্ঞতা। কবিয়ে কবিতাত নিজৰ জীৱনত ৰঙাফিটাৰ প্ৰভাৱৰ মাজেৰে সমালোচনা কৰিছে বৰ্তমান আমাৰ সমাজখনৰ এচাম ব্যক্তিৰ চৰিত্ৰক। তাৰ লগতে সমালোচনা কৰিছে বৰ্তমান সময়ৰ অফিচ-কাছাৰী, ৰাজনীতিত চলি থকা লুন্ঠনৰাজ, শোষণ, ভ্ৰষ্টাচাৰ আদিক। কবিয়ে শোষণ নিষ্পেশন, দুৰ্নীতিৰ বিৰুদ্ধে কবিতাৰ মাজেৰে প্ৰতিবাদ কৰা দেখা যায়। ৰঙাফিটাৰ সম্পৰ্কত কবিৰ মনত উদয় হোৱা ভাব কবিয়ে এনেদৰে প্ৰকাশ কৰিছে—
“জন্মৰ পৰা মৃত্যুলৈ
সকলোতেই ৰঙাফিটাৰ মেৰপাক ...”
“বিষয়াই ফাইলৰ ৰঙাফিটা নোখোলে,
দেউতাৰ চিন্তা
পেঞ্চনৰ ফাইল আৰু ৰঙাফিটা ...।”
“বিষয়াৰ ডিঙিত ৰঙাফিটা
অফিচৰ ফাইলত ৰঙাফিটা
ৰঙাফিটাই আপোন, ৰঙাফিটাৰেই জীৱন
ৰঙাফিটা আৰু ৰঙাফিটা..”
“মোৰ পৰা আপোনালৈ
আপোনাৰ পৰা সকলোলৈ,
ৰঙাফিটা ...।”
……..কবিতাটো ভালকৈ পঢ়িলে আমি কবিৰ মনৰ ভাবৰ অভিব্যক্তি দেখা পাওঁ।কবিয়ে ৰঙাফিটাক প্ৰতীক হিচাপে লৈ বিভিন্ন ভাব সংলগ্ন কৰা দেখা গৈছে।
কবি সাৰদা শ্ৰেষ্টৰ “পৰম্পৰা” শীৰ্ষক কবিতাত সঁচাকৈ পৰম্পৰাৰ ভাবধাৰা দেখা পোৱা যায়। পৃথিৱীৰ প্ৰত্যেকজন মানুহেই দুখী হৈও আনে খবৰ ভালনে বুলি প্ৰশ্ন কৰিলে ভালেই বুলি উত্তৰ দিয়ে যদিও তেওঁৰ অন্তৰত দুখে বাহৰ পাতে। তথাপিও যেন সেই দুখ আনৰ আগত লুকুৱাবলৈ চেষ্টা কৰি অভিনয়ৰ চলেৰে ভালে থকা নাইবা সুখেৰে জীয়াই থকাৰ ভাবমূৰ্তি প্ৰকাশ কৰা দেখা যায়। এনে এটা জটিল ভাবধাৰাক কবিয়ে সহজে হৃদয়গম কৰি মনৰ ভাব কবিতাৰ মাজেৰে ব্যক্ত কৰিছে, নিজৰ মাজত আনৰ কথোপকথনৰ জৰিয়তে।
“যেতিয়াই তেতিয়াই
উফৰি আহে
আটাইতকৈ জটিল প্ৰশ্ন
কি খৱৰ ?”
“ভালেই…”
উত্তৰটো বৰ সহজ
এটি শব্দৰে সৈতে
মিচিকি হাঁহি এটা সৰি পৰে
“অভিনয় নহয়
নিতৌ ভালে থকাৰ আখৰা কৰা
এয়া এটা প্ৰাচীন পৰম্পৰা”
---কবিয়ে সহজে শব্দৰে তেওঁৰ সন্মুখত থকা ব্যক্তিজনৰ সৈতে কথোপকথন কৰাৰ দৃষ্য চিত্ৰায়িত কৰিছে যদিও তেওঁৰ সন্মুখৰ ব্যক্তিজন উহ্য ৰাখিছে। “হাঁহিৰ চৌপাশে নিগৰি থকা
বিষাদবোৰে লুকাভাকু খেলে
হৃদয়ৰ ইপাৰে সিপাৰে
কোনেও নেদেখে ।”
-কবিয়ে আনে দেখাকৈ হাঁহি আছে যদিও প্ৰকৃততে তেওঁ বুকুত কঢ়িয়াই লৈ ফুৰিছে বিষাদৰ চকুলো। তেওঁৰ হৃদয়ত থকা সেই বিষাদ যেন কোনেও নেদেখে বা নুবুজে বুলি অনুভৱ কৰিছে।
সদৌ শেষত “আখৰুৱা গোটৰ” সন্মানীয় সদস্য সকলে কবিতা পৰ্যালোচনা-‘পুনৰীক্ষণ-১৮ৰ’ ‘প্ৰথম আৰু দ্বিতীয় খণ্ডত’ আমাৰ অজানিতে ৰৈ যোৱা ভূল ভ্ৰান্তি সমুহ আঙুলিয়াই দি আমাক উপকৃত কৰিব বুলি আশা ৰাখি আখৰুৱা গোটৰ উজ্বল ভৱিষ্যত কামনা কৰি নৱেম্বৰ মাহৰ কবিতাৰ পৰ্যালোচনাৰ দায়িত্বভাগ সামৰণি মাৰিলো।
--দাদুল ভূঞা
মানকাচৰ(ধুবুৰী)
০৪/১২/২০১৪

No comments:

Post a Comment