Tuesday, 16 December 2014

চানেকি শিতান : হীৰকজ্যোতি বৈশ্য (০৪ আগষ্ট ২০১৪)

০৪ আগষ্ট ২০১৪
বানত বিধস্ত মানুহৰ আৰ্তনাদক এক ব্যতিক্ৰম শৈলীৰে চিত্ৰিত কৰিছে কবি মনোজ বৰপূজাৰীয়ে ''কাঢ়ি নিবলৈ নাথাকে আন একোৱেই'' শীৰ্ষক জুলাই সংখ্যাৰ 'সাতসৰী'ত প্ৰকাশিত কবিতাটিত । কবিতাটি আৰম্ভণিৰ বেলিকা ঠিক যেন এটা চুটিগল্পৰ সমাপ্তিৰ দৃশ্যায়ন- ''কথাখিনি কৈয়ে মানুহজনী ঢলি পৰিল ।'' কথাফাঁকিত সুখৰ প্ৰস্থান, দুখৰ আগমন ধৰণৰ অন্তৰ গধূৰ কৰি তোলা এটা ভাৱ সাঙোৰ খাই আছে ।
বানৰ কবলত সৰ্বস্বান্ত হোৱা গাওঁখনৰ মানুহৰ যেন বানৰূপী দৈত্যটোক দিবলৈ আৰু একোৱেই নাই জীৱনটোৰ বাহিৰে । বান বিধস্ত এগৰাকী তিৰোতা আৰু তাইৰ কোলাৰ কেঁচুৱাটোক কেন্দ্ৰ কৰি কবিতাটো আগবাঢ়িছে । কবিতাটিত ব্যৱহৃত উপমা অতি মনোগ্ৰাহী । সম্পূৰ্ণ কবিতাটি তলত দিয়া হ'ল ।
--------------------
কাঢ়ি নিবলৈ নাথাকে আন একোৱেই
কবি- মনোজ বৰপূজাৰী
কথাখিনি কৈয়ে মানুহজনী ঢলি পৰিল ।
এমাডিমা কেঁচুৱা এটা কোলাত ।
এপিনে প্ৰাণগংগাৰ আৰাও ।
আনপিনে নৈৰ চপৰা-চপৰে গৰা । নে বাট ভেটি
খহি অহা পাহাৰ ।
কাৰ অট্টহাস্যই খেদি আনিছে তাইক ।
কেঁচুৱাৰ বাপেকটো বা এতিয়া ক'ত ।
মাউখে উটি আহি বাচিলনে
চুবুৰিটো ।
গাওঁখন ।
ডাক দিবলৈ কুকুৰা এটাও য'ত নাইকিয়া হ'ল ।
ক'ত আছেগৈ অমৰধামৰ সেই দেৱদূত ।
এৰি থৈ তেজ গন্ধোৱা
চকুলোৰে তিতা শিবিৰ ।
ইমান সম্পদশালীনে এই জীৱন ।
কাঢ়ি নিবলৈ নাথাকে আন একোৱেই ।
কথা এষাৰ ক'ব খুজি মানুহজনীৰ মাত হেৰাল ।
ঢৌ খেলি গ'ল ৰঙামুৱা মুখবোৰৰ
মাজেৰে । বগা আৰু ক'লা সাজবোৰৰ ওপৰেৰে ।
মানুহ কোন । পিশাচ কোন ।
প্ৰেতপুৰীত বসন্তক খেদি বহিছে গ্ৰীষ্ম ।
ৰৈ আছে নৈ । এটি এটি নৰ মাংসপিণ্ড উগাৰি দিবলৈ ।
--------------------
কবিতাটিৰ শিৰোনামটোতে এটা ব্যংগ সুৰ লাগি আছে । তদুপৰি কবিতাটিৰ ঠায়ে ঠায়ে ব্যংগাত্মক খোঁচ মন কৰিবলগীয়া ।
''ক'ত আছেগৈ অমৰধামৰ সেই দেৱদূত ।
এৰি থৈ তেজ গোন্ধোৱা
চকুলোৰে তিতা শিবিৰ ।''
আন এঠাইত-
'' ইমান সম্পদশালীনে এই জীৱন ।
কাঢ়ি নিবলৈ নাথাকে আন একোৱেই ।''
চৰম দুৰ্যোগৰ সময়ত যেতিয়া মানুহৰ জীৱনটোক লৈ টনা আজোৰা লাগে তেতিয়া মানুহেই মানুহৰ বাবে হৈ পৰে কাল- একমাত্ৰ নিজৰ জীৱনৰ স্বাৰ্থত । সেয়ে কবিয়ে এঠাইত লিখিছে-
''মানুহ কোন । পিশাচ কোন ।''
ইয়াৰ মাজেৰে এইটোও প্ৰতিফলিত হয় যে চৰম আতংকৰ সময়ত একাকাৰ হৈ যায় মানুহ আৰু পিশাচ, যিয়ে মানৱকুলৰ এটা আদিম সত্ত্বা সূচাইছে ।
কবিতাটিৰ এটা মন কৰিবলগীয়া দিশ হৈছে প্ৰশ্নসূচক বাক্য/বাক্যাংশৰ শেষত প্ৰশ্নসূচক চিনৰ পৰিৱৰ্তে দাড়িৰ ব্যৱহাৰ । ইয়াৰ লগত জড়িত আছে কবিতাটিৰ ভীতিগ্ৰস্ত পৰিৱেশৰ লগত কবিৰ অন্তৰৰ মিলনাত্মিক অনুভূতিৰে এক ভীতিগ্ৰস্ত বহিঃপ্ৰকাশ । সাধাৰণতে মানুহৰ মনত প্ৰশ্ন উদয় হয় এটা যথোচিত উত্তৰৰ আশাত । কবিতাটিত বৰ্ণিত পৰিৱেশটো এনেকুৱা এটা দুৰ্যোগৰ সময় য'ত যথোচিত উত্তৰ দূৰৰ কথা এটা উত্তৰবিহীন উত্তৰ আশা কৰাটোও মিছা । অৰ্থাৎ মনত উদিত প্ৰশ্ন মনতে মাৰ যোৱা এটা অৱস্থা । ইয়াকে কবিতাটিত বাস্তৱিক ৰূপ দিবলৈ কবিয়ে প্ৰশ্ন কৰিছে ঠিকেই, কিন্তু উত্তৰদাতা কোনো জনপ্ৰাণী নাই বাবে দাড়ি চিহ্নৰে সেই প্ৰশ্নৰ মোখনি মাৰিছে নিজৰ মাজত । যতি চিহ্নৰ এনেকুৱা ব্যঞ্জনাই কবিতাটিৰ কৰুণ ৰসক আৰু অধিক কৰুণ কৰি তুলিছে ।
জনজীৱনৰ বাস্তৱ ছৱি এখন দাঙি ধৰাত কবি নিশ্চিতকৈ সফল হৈছে । মোৰ বোধেৰে বানপানীৰ দৰে দুৰ্যোগ এটাক কবিতাৰে উপস্থাপন কৰিবলৈ কবি মনোজ বৰপূজাৰীৰ এই কবিতাটি নতুন কবিৰ বাবে আৰ্হি হৈ ৰ'ব ।

No comments:

Post a Comment