Monday, 8 December 2014

আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান' (আঠ) অক্টোৱৰ/২০১৪ : ৰৌচন আৰা বেগম

আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান' (আঠ) অক্টোৱৰ/২০১৪:
বাংলাদেশৰ গৌৰৱ, সুপ্রসিদ্ধ কবি “শামসুৰ ৰহমান”ৰ জন্ম হৈছিল ১৯২৯ চনৰ ২৩ অক্টোবৰত, ঢাকাৰ ‘মাহুত তুলি’ নামৰ ঠাইত থকা ককাকৰ ঘৰত। মেঘনা নদীৰ পাৰত ‘পাহাৰতলি’ নামৰ গাওঁত তেওঁ ডাঙৰ-দীঘল হৈছিল। তেৰজন সন্তানৰ ভিতৰত তেওঁ চতুর্থজন আছিল। ১৯৪৫ চনত মেট্রিক পৰীক্ষাত তেওঁ উত্তীর্ণ হৈছিল আৰু ঢাকা বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী বিষয়ত এম এ কৰিছিল। 
১৯৬০ চনত ‘প্রথম গান, দ্বিতীয় মৃত্যুর আগে’ নামৰ তেওঁৰ প্রথম কবিতাপুথিখন প্রকাশ পাইছিল। ইয়াৰ পাছত তেওঁ থমকি ৰ’ব লগা হোৱা নাই আৰু বাংলা ভাষাত ৬০ খনতকৈয়ো বেচি কবিতাপুথি ৰচনা কৰি থৈ গৈছে। ইয়াৰ বাহিৰেও এখন গল্প সংকলন, চাৰিখনকৈ উপন্যাস আৰু শিশু সকলৰ বাবে উপযোগী হোৱাকৈ লিখা আঠখনকৈ কিতাপ তেওঁ ৰচনা কৰিছিল। আনকি অনুবাদ সাহিত্যৰ ক্ষেত্রটো তেওঁ ৰৈ থকা নাছিল। ‘রবার্ট ফ্রষ্টের কবিতা’ (১৯৬৬), ‘রবার্ট ফ্রষ্টের নির্বাচিত কবিতা’ (১৯৬৮) আৰু ‘খাজা ফরিদের কবিতা’ (১৯৬৮) নামকৰণেৰে কবিতা অনুবাদ কৰাৰ ওপৰিও নাটক ‘হেমলেট’ৰ বাংলা অনুবাদো কৰিছিল।
এইজন গুণী ব্যক্তিৰ ১৯৯০ চনৰ শেষৰ ফালে স্বাস্থ্যৰ অৱনতি ঘটিবলৈ লৈছিল আৰু বৃক্ক বিকল হৈ পৰাৰ বাবে ১৭ আগষ্টৰ দিনা ৭৭ বছৰ বয়সত তেখেতৰ মৃত্যু হৈছিল। তেখেতে লাভ কৰা পুৰস্কাৰসমূহ তলত উল্লেখ কৰা হ’ল।
Adamjee Award (1962), Bangla Academy Award (1969), Ekushey Padak (1977), Swadhinata Dibosh Award (1991), Mitshubishi Award of Japan (1992), Ananda Puroshker from India (1994). TLM South Asian Literature Award for the Masters, 2006.
বাংলাদেশৰ তেনে এগৰাকী খ্যাতিমান কবি, শামসুৰ ৰহমানৰ ১৯৯৫ চনত প্রকাশিত “এসো কুকিল এসো স্বর্ণচাঁপা’ নামৰ কবিতাপুথিৰ পৰা 'হঠাৎ বৃষ্টি এলো' শিৰোনামৰ কবিতাটিৰ অসমীয়া অনুবাদ আমাৰ 'সন্ধান' শিতানলৈ প্ৰেৰণ কৰিছে কবি, অনুবাদক তথা গোটৰ বিশিষ্ট সদস্য ৰৌচন আৰা বেগম মহোদয়াই।
আমাৰ অনুৰোধ ক্ৰমে ৰৌচন আৰা বেগমে 'সন্ধান' শিতানলৈ অনুবাদ কবিতাটো পঠিওৱাৰ পিছত, আখৰুৱাৰ হৈ তেখেতৰ বিষয়ে অলপ কথা জানিবলৈ আমি যোগাযোগ কৰিছিলোঁ। তেখেতৰ অনুমতি সাপেক্ষে সেই কথোপকথন ইয়াত তুলি দিলোঁ:
আখৰুৱা: আপুনি এগৰাকী অনুবাদক হিচাপে কেতিয়াৰ পৰা আৰু কিয় অনুবাদৰ প্ৰতি আকৃষ্ট হ'ল।
ৰৌচন আৰা বেগম: মই নিজে কবিতা ভালপাবলৈ আৰম্ভ কৰাৰেপৰা অনুবাদ সাহিত্যৰ প্রতি আকৃষ্ট হৈ পৰিছো।
আখৰুৱা: অনুবাদৰ ক্ষেত্ৰত কি ভাষাৰ পৰা, কি কি ভাষালৈ আপুনি অনুবাদ কৰিছে বা কৰিব বিচাৰে।
বেগম: অনুবাদৰ ক্ষেত্ৰত বাংলা আৰু ইংৰাজী এই দুটা ভাষাৰ পৰা অনুবাদ কৰিব বিচাৰো।
আখৰুৱা: আপুনি গল্পৰ অনুবাদ কৰিছে নেকি।
বেগম: গল্পৰ অনুবাদ এতিয়াও নাই কৰা। কবিতাৰ বাহিৰে আন একোতে এতিয়াও ভালকৈ মন লগাব পৰা নাই । চাকৰিৰ বাবে সময় কম। ভবিষ্যতে কৰিম বুলি আশা আছে।
আখৰুৱা: কবিতাৰ অনুবাদ কৰ্মই আপোনাক কিধৰণে আনন্দ দিয়ে।
বেগম: মাতৃভাষাৰ কবিতাৰ দৰেই বুজি পোৱা আন ভাষাৰ সুন্দৰ কবিতা এটিয়ে যেতিয়া মোক অভিভূত কৰি তোলে আৰু মোৰ ভাৱনাৰ জগতত তোলপাৰ লগায়, আনকো সেই আনন্দৰ ভাগ দিবলৈ মন যায়। আৰু ঠিক তেতিয়াই কবিতাটি অনুবাদ কৰাৰ ইচ্ছা জাগে।
আখৰুৱা: কবি হিচাপে নিজক গঢ়িবলৈ অনুবাদ কৰ্মই কোনো প্ৰকাৰে সহায় কৰে নেকি?
বেগম: কবি হিচাপে নিজক গঢ়িবলৈ অনুবাদ কৰ্মই স্বাভাৱিক ভাবেই সহায় কৰে । এইটো সত্য যে যিমানেই কিতাপ পঢ়িম সিমানেই সৃষ্টিৰ তাড়না জাগিব। অনুবাদৰ ক্ষেত্রতো একেই কথা। তাৰোপৰি অনুবাদ কৰ্মই কবিজনক সম্পূর্ণকৈ জানিবলৈকো সহায় কৰিব ।
আখৰুৱা: আখৰুৱা গোটৰ 'সন্ধান' শিতানৰ প্ৰতি আপোনাৰ পৰামৰ্শ জনাব নেকি।
বেগম: 'সন্ধান' নামকৰণেৰে আৰম্ভ কৰা আখৰুৱাৰ এই শিতানলৈ এটাই অনুৰোধ, ই গতিশীলতাৰ আশ্রয় কৰক আৰু এজোপা বটবৃক্ষৰ দৰে হৈ পৰক। মোৰ শুভকামনা সদায়ে থাকিব।
আখৰুৱা: আপোনাৰ সৈতে হোৱা এই কথোপকথনৰ বাবে আপোনাক ধন্যবাদ জনালোঁ।
বেগম: মই গৌৰব অনুভৱ কৰিছোঁ । 'সন্ধান' শিতানৰ সৈতে জড়িত সকলোলৈকে মোৰ ধন্যবাদ থাকিল।
যিহওক, এইখিনিতে ৰৌচন আৰা বেগমৰ এই আন্তৰিক সহযোগিতাৰ বাবে আখৰুৱা গোটৰ পৰা তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আশাকৰোঁ গোটৰ সকলোৱে এইবাৰৰ অনুবাদ কবিতাটি আদৰি ল'ব।
প্ৰশাসকবৃন্দ, 
আখৰুৱা : literati গোট।
১০ অক্টোৱৰ ২০১৪
_____________________________________
শামসুৰ ৰহমানৰ মূল বাংলা কবিতা 'হঠাৎ বৃষ্টি এলো' 
অনুবাদ: ৰৌচন আৰা বেগম
~~হঠৎ বৰষুণ আহিল~~
হঠাৎ আজি আবেলি চাৰিও দিশ অন্ধকাৰত ডুবাই বৰষুণ আহিল।
শত সহস্র আৰবী ঘোঁৰাৰ পদশব্দত মনত পৰিল তোমালৈ
আৰু মনলৈ আহিল বহু বছৰ আগৰ কথা।
তেতিয়া মই কৈশোৰৰ দেওনা পাৰ হোৱা ডেকা আৰু
মোৰ বাবা আছিল জীৱিত। 
মই কেতিয়াবা আবেলিপৰত বিচনাত গা এৰি, হাতৰ তলুৱাত থুঁতৰিটো থৈ
বাইজীৰ নুপুৰৰ দৰে মদিৰ বৰষুণৰ শব্দ শুনি বাহিৰলৈ চাই থাকোঁ।
এই দৃশ্য অহস্যকৰ আছিল বাবাৰ বাবে ।
বিৰক্তিৰ খোচত তেওঁ ভাবিছিল--
তেওঁৰ পুতেকৰ মূৰত শাওণৰ আকাশ আৰু 
বৰষুণৰ অজস্র বিপদজনক অঙঠা সোমাই পৰিছে। 
আজিও মই বাবাৰ বৰষুণৰ দিনৰ চকুৰ জুই পাহৰিব পৰা নাই।
আজি অন্ধকাৰময়, চপচপিয়া আবেলি বৰষুণ পৰা দেখি 
যুগৰ আগৰ বাবাৰ চকুৰ ফিৰিঙতি আৰু তোমাৰ দৃষ্টিৰ বিদ্যুতলৈ মনত পৰিল।
মোৰ মৃত পিতা আজিৰ এই দৃশ্যৰপৰা সোনকালে দূৰলৈ আঁতৰি গ’ল 
তোমাক প্রধান ভূমিকা পালন কৰিবলৈ দি।
এই উতলা বতাহত এতিয়া তুমি মোৰ, একাকীত্বৰ অধিশ্বৰী।
বৰষুণৰ অন্তৰংগ সুৰ শুনোতে শুনোতে দেখো 
এইমাত্র গা ধুই তুমি থিয় দিছা মোৰ শয্যাৰ কাষত, 
চুলিৰ ভিজা সুগন্ধিত মই মাতাল,
তোমাৰ চুলিৰ জুৰিটো মোৰ গোটেই মুখত আৰু তুমি 
মোৰ মুখত চুমুক দিছা 
মহিমাৰ শিখৰত মোক তুলি দি।
বৰষুণ থামিছে; এতিয়া কোঠাত নিৰৱতা, 
আমজাদী সৰোদৰ সুৰ। ক’তো তুমি নাই। শীতল পানীৰে গা ধুই
তুমি এতিয়াও অহা নাই মোৰ কাষলৈ। 
এনেদৰে নাহিবাও কোনোদিনে। এই মুহূর্তৰ বৰষুণহীনতাত মোক
শাসন কৰিছে বাবাৰ বর্ষাকালীন চকুৰ জুঁইয়ে;
জলজ অন্ধকাৰত অকলশৰীয়া কোঠাটোত মই ভীষণ পুৰি গৈছো।
_____________________________
মূল বাংলা কবিতা:
~~হঠৎ বৃষ্টি এলো~~
হঠাৎ আজ বিকেলে চারদিক অন্ধকারে ডুবিয়ে বৃষ্টি এলো। 
শত শত আরবি ঘোড়ার পদশব্দে মনে পড়ল তোমাকে
আর মনে এলো অনেক বছর আগেকার কথা।
তখন আমি কৈশোরের বেড়া-ডিঙানো যুবা এবং 
আমার বাবা ছিলেন জীবিত। 
আমি কোনো কোনো বিকেলবেলা বিছানায় গা এলিয়ে, 
হাতের তালুতে থুতুনি রেখে বাইজির ঘূঙুরের মদির আওয়াজের মতো
বৃষ্টির শব্দ শুনতে শুনতে তাকিয়ে থাকতাম বাইরে।
এই দৃশ্য অহস্য ছিল বাবার কাছে ।
বিরক্তির হুলে কাতর তিনি ভাবতেন--
তার ছেলেটার মাথায় শ্রাবণের আকাশ আর 
বৃষ্টির অজস্র বিপদজনক জুঁ ঢুকে পড়েছে। আজো আমি
বাবার বৰ্ষাকালীন চোখের আগুন ভুলতে পারি নি।
আজ অন্ধকারময়, সপসপে বিকেলে বৃষ্টিপাত দেখে যুগপৎ 
আমার বাবার চোখের ফুলকি এবং তোমার দৃষ্টির বিদ্যুৎ মনে পড়ল।
আমার প্রয়াত পিতা আজকের দৃশ্য থেকে তাড়াতাড়ি দুরে সৰরে দাঁড়ালেন 
তোমাকে প্রধান ভূমিকা দান করে।
এই উতল হাওয়ায় এখন তুমি আমার, একাকিত্বেৰ অধিশ্বরী।
বৃষ্টির অন্তরংগ সুর শুনতে শুনতে দেখি 
এইমাত্র গোসল সেরে তুমি এসে দাঁড়িয়েছ আমার শয্যার পাশে, 
চুলের ভেজা সুগন্ধে আমি মাতাল,
তোমার চুলের ঝর্ণাধারা আমার সারা মুখে আর তুমি 
আমার মুখ চুম্বন করছো আমাকে 
মহিমার চূড়ায় পৌঁছে দিয়ে।
বৃষ্টি গেছে থেমে; এখন ঘরে নীরবতা, 
আমজাদী সরাদের সুর। কোথাও তুমি নেই। শীতল জলে গা ধুয়ে
তুমি আদৌ আসো নি আমার কাছে। 
এভাবে আসবেও না কোনোদিন। আমাকে এই মুহূর্তে বৃষ্টিহীনতায় 
শাসন করছে আমার বাবার বর্ষাকালীন চোখের আগুন;
জলজ অন্ধকারে একলা ঘরে আমি ভীষণ পুড়ে যাচ্ছি।

Palash Borah, Mousumee Bori, Sarada Shrestha and 9 others like this.

Palash Borah Dhuniya anubad!
October 11 at 12:07am · Like · 3

Rousanara Begum বাংলাদেশৰ সুপ্রসিদ্ধ কবি শামসুৰ ৰহমানৰ মূল বাংলা কবিতা 'হঠাৎ বৃষ্টি এলো'ৰ মোৰ অসমীয়া অনুবাদ “হঠৎ বৰষুণ আহিল”, আখৰুৱাৰ অনুবাদ কবিতাৰ শিতান 'সন্ধান'ত প্রকাশ পোৱাৰ বাবে সন্ধানৰ সৈতে জড়িত সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ।
October 11 at 4:32pm · Unlike · 4

Neelabh Sourav ভাল লাগিল।‌ সুন্দৰ অনুবাদ।‌
October 13 at 9:10am · Like · 1

No comments:

Post a Comment