Friday, 26 December 2014

"ফটো": জাহ্নু ভৰদ্বাজ

                                                                  ৰূপাংকন : মনোহৰ দত্ত
মোৰ পঢ়া মেজৰ সন্মুখৰ দেৱালত বন্ধাই থৈছো মোৰ দেউতাৰ ফটো এখন৷যোৱাবাৰ বন্ধত ঘৰলৈ যাওতে পুৰণি ফটো এলবামৰ মাজত পাইছিলো ফটো খন৷ কিছু সম্পাদনা কৰি ফটোখন ডাঙৰকৈ উলিয়াই আনিছো ষ্টুডিঅ'ৰ পৰা৷ক'লা ফ্ৰেম এটাৰে বন্ধোৱা ফটোখনত বৰ ভাল লাগিছে দেউতাক৷ফটোৰ লগত মোৰ অতি আচৰিত ধৰণৰ সম্পৰ্ক আছে৷বিশেষকৈ দেউতাৰ ফটো বোৰৰ লগত৷সেয়ে এইখন ঘৰত বিচাৰি পাই মই বন্ধাই থৈছোহি ইয়াত৷
মই প্ৰথম বিদ্যালয়লৈ যোৱাৰ দিনা মায়ে শোৱাকোঠাৰ বাকচটোৰ পৰা ফটো এখন উলিয়াই কৈছিল- 'এয়া তোৰ দেউতাৰ৷আজি সেৱা কৰি যা৷'

দেউতা নামৰ অস্তিত্ব যে মোৰ জীৱনতো আছে, সিদিনাহে মই প্ৰথম বাৰৰ বাবে অনুভৱ কৰিছিলো৷ ফটো খনলৈ চাই চাই মই হাত যোৰ কৰি প্ৰণাম কৰিছিলো৷চলচলীয়া চকুযুৰিৰ আঁৰতো মাৰ সুন্দৰ হাঁহিটো যেন মই দেখিব পাইছিলো৷ কিবা এক অসম্ভৱ ভাল লগা ভাৱনা এটাই দিনটোলৈ মোক উৎফুল্লিত কৰি ৰাখিছিল৷
দেউতা আমাৰ ওচৰত নাই৷সৰুৰেপৰাই দেখিছিলো, মায়ে সদায় গধূলি চাকি বন্তি জ্বলাই উঠি নিজৰ শোৱা কোঠাত সোমায় কিছু সময়ৰ বাবে৷সেইখিনি সময় মাৰ একান্তই নিজৰ আছিল৷মই বা দাদা কোনো সেইখিনি সময়ত মাৰ ওচৰলৈ নগৈছিলো৷কিছু সময়ৰ কোঠাটোৰ ভিতৰত থাকি মায়ে চাদৰৰ আচলেৰে চকুদুটা মোহাৰি সদায় ওলাই আহিছিল আৰু চিধা পাকঘৰলৈ গৈ গাখীৰ- চিৰাৰে জলপান যতনাইছিল আমাৰ বাবে৷সদায় নিৰৱেই জলপান খাইছিলো আমি তিনিও৷এদিন গধূলি মই মায়ে গম নোপোৱাকৈ জুমি চাইছিলো মায়েনো সদায় সেইখিনি সময় কোঠাটোত অকলে কি কৰে বুলি৷দেউতাৰ ফটো এখন হাতত লৈ মায়ে তন্ময় হৈ চাই আছিল, এটা টু শব্দও কৰা নাছিল মায়ে৷পৃথিৱীৰ সমস্ত কান্দোনে যেন ভীৰ কৰিছিল মোৰ আশে- পাশে৷কিয় জানো কিবা এটি বুজা নুবুজাৰ ভাৱেৰে মই সিদিনা নিৰৱে ৰৈছিলো৷কিন্তু আচৰিত লাগিছিল- আমাক দেউতাৰ বিষয়ে কাহানিও একো নোকোৱা মায়ে কিয় তেনেদৰে ফটো খনলৈ চাই ৰৈছিল৷মোৰ মনত থকাৰে পৰা মায়ে আমাৰ আগত এটা শব্দও কোৱা নাছিল দেউতাৰ বিষয়ে৷আমি কৌতুহলো প্ৰকাশ কৰা নাছিলো কোনোদিন৷আমাৰ অভ্যস্ত জীৱন যাত্ৰাত দেউতাৰ অস্তিত্ব বা অভাৱ অনুভৱ হ'বলৈ মায়ে দিয়া নাছিল কাহানিও৷
সিদিনাৰ পাছত মই কাহানিও যত্ন কৰা নাছিলো তেনেকৈ চোৱাৰ৷দাদায়ো ডাঙৰ হোৱাৰ লগে লগে মাৰ নিচিনাই ৰহস্যময় হৈ উঠিছিল৷সৰুৰ দৰে মোৰ লগতে সিও আব্দাৰ ধৰা নাছিল দেউতাক আনি দিব লাগে বুলি৷অৱশ্যে লাহে লাহে ময়ো মাক আমনি নকৰা হৈছিলো দেউতাৰ কথা সুধি৷ দেউতাৰ কথা ওলালেই চলচলীয়া হৈ পৰা মাৰ চকুযুৰি মই লক্ষ্য কৰিবলৈ লৈছিলো৷সৰু আছিলো যদিও মাৰ চকুপানী দেখি ভাল পোৱা নাছিলো আৰু সেয়ে তেনে কাম কৰাৰ পৰা লাহে লাহে নিজকে বিৰত ৰাখিবলৈ লৈছিলো৷
তেনেকুৱা সময়তে এদিন মায়ে আমাৰ আগত কৈছিল যে পিছদিনা আমাক, মানে দাদা আৰু মোক লৈ মা ফটো এখন তুলিবলৈ যাব৷আমাৰ সৰুপেটাৰ বজাৰখনৰ পছিমৰ কোণটোত থকা অপৰ্ণা ষ্টুডিঅ'ৰ মালিক আবিৰ মাৰ ছাত্ৰ, গতিকে আমি নিশ্চিত আছিলো যে আবিৰ দাৰ ষ্টুডিঅ'তে গৈ আমি ফটো উঠিমগৈ৷

চাৰিদিনৰ পিছত আবিৰ দাই ফটোখনৰ চাৰিটা কপি দি গৈছিলহি আমাৰ ঘৰত৷মায়ে চলচলীয়া চকু মোহাৰি আবিৰদাক চাহ- পানী যাচিছিল৷এখন ফটো বন্ধাই দিবলৈ বুলি আবিৰদাকে পুনৰ দি পঠাইছিল মায়ে৷পিছদিনা বন্ধোৱা ফটোখন দি গৈছিলহি আবিৰদাই৷একেথৰে কিছুপৰ ফটোখনলৈ চাই মাই সেইখন আমাৰ বহা কোঠাৰ আলমাৰীটোত বাহিৰৰ পৰা ভালদৰে দেখা পোৱাকৈ থৈছিল৷আমি বৰ ভাল পাইছিলো ফটোখন চাই৷মাই চকী এখনত বহি মোক লৈ আছিল আৰু কাষতে দাদা থিয় হৈ৷সেয়া মই দ্বিতীয় শ্ৰেণীত পঢ়াৰ সময়ৰে কথা৷
এদিন সন্ধিয়া সময়ত মই আৰু দাদা ওচৰৰ বুবুল হঁতৰ ঘৰলৈ গৈছিলো বুবুলৰ জন্মদিনৰ খানা খাবলৈ মাতিছিল৷তাৰ পৰা উভতি আহি ঘৰত সোমাই দেখিছিলো অচিনাকি মানুহ এজনৰ লগত মায়ে কথা পাতি আছিল৷মানুহজনে আমাক কাষলৈ মাতি নি হাত ফুৰাই ফুৰাই মৰম কৰিছিল ভালদৰে পঢ়িবলৈ কৈছিল৷মায়ে আমাক চিনাকি কৰাই দিছিল তেওঁৰ লগত ভৈৰৱ খুৰা বুলি৷খুৰাৰ লগত কিছুপৰ কথা পাতি দাদা ভিতৰলৈ গৈছিল৷ভৈৰৱ খুৰাৰ কোলাত মই বহি তেওঁক সুধিছিলো তেওঁ কোন হয় বুলি৷তেওঁ কৈছিল যে তেওঁ দেউতাৰ লগৰ৷কিচুপৰ পিছত মায়ে সেই আমাৰ ফটোখনৰ এটা কপি ভৈৰৱ খুৰাক দিছিল৷বুজা নুবুজাৰ মাজত থৰ লাগি থকা মোক অলপ মৰম কৰি ভৈৰৱ খুৰা সিদিনা গুচি গৈছিল৷সুধো নুসুধোকৈ মই মাক সুধিব নোৱাৰিলো কিয় ফটোকপি ভৈৰৱ খুৰাক দিছিল৷মাৰ চলচলীয়া চকু দুটা দেখি মই সেই বিষয়ে কাহানিও একো নুসুধিলো৷
দাদাই উচ্চতৰ মাধ্যমিকৰ পাছত পুনেৰ ফাৰ্গুচন কলেজত নাম লগাইছিল৷ লাহে লাহে ময়ো ডাঙৰ হৈ আহিছিলো৷ভালদৰেই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিলো মই৷অসমৰ ভিতৰত তৃতীয় স্থান পাইছিলো৷মোৰ ৰিজাল্ট দিয়াৰ দিনাখন দোভাগ ৰাতি দৰজাত কাৰোবাৰ টোকৰ শুনি মই দৰজা খুলি দিছিলো৷মোৰ সন্মুখত চিনাকি চিনাকি লগা মুখেৰে মানুহ এজন৷মোৰ পিছে পিছে উঠি অহা মাৰ চলচলীয়া চকুযুৰিলৈ চায়েই মই বুজি পাইছিলো মানুহজন মোৰ দেউতা আছিল৷চুলি অলপ পকাৰ বাদে মই প্ৰথম স্কুললৈ যোৱা দিনাখন মায়ে সেৱা কৰিবলৈ উলিয়াই ফটোখনত দেখাৰ দৰে সাইলাখ একে আছিল তেওঁ৷ ৷দেউতা সেইদিনা অহাৰ সময় আৰু ঢিলা চোলাটোৱে ঢাকি ৰাখিলেওঁ চকামকাকৈ দেখা বেল্টত বান্ধি ৰখা পিষ্টলটোৱে মোক সকলো বুজাই দিছিল যে মোৰ দেউতা প্ৰকৃততে কি আছিল৷একো সোধা নাছিলো মই দেউতাক৷তেওঁহে মোক বহু কথা সুধিছিল৷মই মাথো তেওঁক চাই লৈছিলো হেপাঁহ পলুৱাই৷মা আৰু দেউতা উভয়ে কৈছিল মোক পুৰণি দিনবোৰৰ কথা৷আচলতে তেওঁলোকে নিজেই ভাল লগা সুখৰ মুহূৰ্তবোৰ ৰোমন্থন কৰিছিল, মই আছিলো নিমিত্ত মাত্ৰ৷মা আৰু দেউতাই তেনেদৰে বহি কথা পাতি থাকোতেই মই ৰিজাল্ট ভাল কৰাৰ বাবে সেইদিনা খনেই জেঠায়ে উপহাৰ স্বৰূপে দিয়া অত্যাধুনিক কেমেৰাটোৰে তেওঁলোকৰ ফটো এখন তুলিছিলো৷
পুৱতি নিশা যাবলৈ ওলাইছিল দেউতা৷পুনৰ মাৰ সেই চলচলীয়া চকুযুৰি দেখি মোৰ মনটো কেনেবা লাগি গৈছিল৷মায়ে ভৰি চুই সেৱা কৰিছিল দেউতাক৷দেউতাই উচুপি উচুপিয়ে আঁকোৱালি লৈছিল মাক৷সেই মুহূৰ্তটোৱো মই বন্দী কৰিছিলো মোৰ নতুন কেমেৰাটোৰে৷অলপ সময় পাছত দেউতাই মোলৈ চাইছিল৷মোৰ মুৰত পিহি পিহি দেউতাই পুনৰ ভালদৰে পঢ়িবলৈ কৈছিল৷হাতত পিন্ধি থকা ৰুদ্ৰাক্ষৰ মালাডাল মোক পিন্ধাই দিছিল দেউতাই৷মোৰ চকুপানী মচি দি দেউতাই কপালত চুমা এটি খাইছিল মোৰ৷তাৰ পাছত তেওঁ পিছফালৰ দৰজাৰে ওলাই আন্ধাৰৰ মাজত বিলীন হৈ গৈছিল৷
তাৰ কিছুসময় পাছতে গিৰিপ গিৰিপ খোজেৰে চৌদিশ কপাই আহিছিল ৰাক্ষসৰ জাকটো৷বুকু কপাই তুলিছিল সেই জোতাৰ ছন্দময় কৰ্কশ শব্দই৷মোৰ ৰিজাল্টৰ বাবে সেইদিনা খন দিনত অভিনন্দন জনাবলৈ অহা মানুহৰ অভাৱ নাছিল৷কিন্তু ৰাতি সেই ৰাক্ষস গালৰ মাজৰ পৰা আমাক বচাবলৈ কোনো আগবাঢ়ি নাহিল৷গোটেই ঘৰটো তচনছ কৰি চোৱাৰ পিছতো একো নাপাই মোক গালি গালাজ আৰু চৰ ভুকু দুটামান মাৰিয়ে সিহঁত যাবলৈ লৈছিল৷এনেতে সিহঁতৰ মাজৰে এটাৰ চকু পৰিছিল বহা কোঠাতে বিছনাৰ ওপৰত থোৱা মোৰ কেমেৰাটোত৷অলপ আগতে তোলা দেউতাৰ সৈতে মাৰ ফটো দুখন দেখা পোৱাৰ পিছত সিহঁত পুনৰ জপিয়াই পৰিছিল আমাৰ ওপৰত৷চাৰিটা জলফাই ৰঙী শিয়ালে মোক অহৰহ চৰ লাঠ মাৰিয়ো একো উলিয়াব নোৱাৰাত অৱশেষত মাক উলিয়াই আনিছিল৷দূৰৰ পৰা অসহায় ভাৱে জুমি থকা এগাঁও মানুহৰ উচুপনি বোৰক তীব্ৰ কৰি, আৰু লেবেজান হৈ পৰা মোক এৰি সিহঁতে মাৰ কাপোৰবোৰ আজুৰি আজুৰি ফালিছিল৷সেই কাপোৰ বোৰেৰেই সিহঁতে মাৰ মুখত সোপা দিছিল৷ মোৰ বাবে সেই সময় হৈ পৰিছিল মৃত্যু সদৃশ৷
জলফাই ৰঙী শিয়াল কেইটা যোৱাৰ বহুসময় পাছত গাঁওৰে জেঠাই দুজনী মানে মাক কিবা কিবি কাপোৰেৰে ঢাকি ভিতৰৰ কোঠালৈ লৈ গৈছিল৷মোৰ কান্দোন বোৰে তেতিয়ালৈ গেঙনিৰ ৰূপ ধাৰণ কৰিছিল৷লেবেজান হৈ পৰি থকা মোক উঠাবলৈ আহিবলৈ কোনেও সাহস কৰা নাছিল৷ওৰে ৰাতি মই তাতেই পৰি ৰৈছিলো৷
তিনিদিনৰ পাছত আমাৰ বাৰীৰ আমজোপাৰ ফেৰেঙণি এটাত ওলমি আছিল মাৰ দেহটো৷

মোৰ মনত দৃশ্যটো স্থায়ী হৈ ৰৈছিল, ঠিক ফটো এখনৰ দৰে৷
তাৰ কিছুদিনৰ পাছত মই চিঠি এখনি পাইছিলো৷দেউতাৰ চিঠি৷সকলো কথা শুনিও প্ৰকাশ্যে একো কৰিব নোৱাৰাৰ দুখত বিধ্বস্ত মানুহ জন চিঠি খনৰ মাজেৰেই জিলিকি উঠিছিল৷মই কান্দিছিলো সেইদিনা বহুপৰ৷অৱশ্যে কিছুদিনৰ পিছত দেউতাৰ আন এখন চিঠি আহিছিল, সেই শিয়াল কেইটাৰ কেম্পটো বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ পৰিকল্পনাৰ কথা লিখিছিল দেউতাই৷চিঠি খনৰ লগতে মা আৰু দেউতাৰ বিয়াৰ ফটো এখন পঠাইছিল দেউতাই৷মই চাই ৰৈছিলো ফটোখন বহুপৰ, তাৰ পাছত কান্দিছিলো মই হুৱাওৰাৱে৷সঁচাকৈয়ে কিছুদিনৰ পাছতে এটা বৃহৎ বিস্ফোৰণত কেম্পটোৰ আটাইবোৰ জোৱান মৰাৰ খবৰ মই কাকতত পাইছিলো৷স্বস্তি পাইছিলো নে দুখ পাইছিলো মই ক'ব পৰা নাছিলো, কিন্তু মই পুনৰ কান্দিছিলো সিদিনা৷
দাদাৰ কথামতেই মই কটন কলেজত নাম লগোৱাৰ সিদ্ধান্ত লৈছিলো৷হোস্টেলত সোমাইছিলো মই৷ইয়ালৈ অহাৰ পাছত মই কিছু মুকলি হৈ পৰিছিলো৷কিন্তু ফটোৰ লগত মই সহজ হ'ব পৰা নাছিলো৷আমাৰ হোস্টেলৰ আদৰণি সভাত আমাক হোস্টেল খনৰে ফটো এখনি ডাঙৰকৈ বন্ধাই উপহাৰ দিছিল৷ঘামি জামি কোনোমতে অধীক্ষকৰ হাতৰ পৰা উপহাৰটো লৈছিলো যদিও খুলি চাব পৰা নাছিলো মই৷
ফটোৰ প্ৰতি ভয় লাগিছিল মোৰ, এতিয়াও লাগে৷প্ৰথম অৱস্থাত পৰাপক্ষত ফটো উঠা বা চোৱাৰ পৰা মই নিজকে বিৰত ৰাখিছিলো ৷নোৱাৰিছিলো মই, অস্বাভাৱিক ভয় আৰু সংকোচত মই মূক হৈ পৰিছিলো৷ তেনেকুৱা সময়বোৰতে মই মাৰ কথা ভাৱিছিলো৷ অৱধাৰিত ভাৱে দেউতাৰ কথাও৷সেই পুৱতি নিশা ওলাই যোৱাৰ আগমুহূৰ্তৰ দেউতাৰ চকুৰ সেই দীপ্তিয়ে এতিয়াও মোক প্ৰেৰণা দিয়ে৷

আৰু মাৰ কথাবোৰ! মায়ে কৈছিল প্ৰায়ে
: "কাপুৰুষেহে ভয় কৰে; পুৰুষে ভয়ক জয় কৰে৷"

সেয়ে মই দেউতাৰ ফটোখনি বন্ধাই ৰাখিছো ইয়াত৷মাৰ বাবে পৃথিৱীৰ আটাইতকৈ বীৰ পুৰুষ জনৰ ফটো খনেৰেই মই সেই ভয় জয় কৰিব খোজো৷আৰু এতিয়া মই পাৰিছো, লাহে লাহে৷
Unlike · 
  • প্রাপ্তি প্রিয়া দলে হৃদয়স্পশী। মর্মান্তিক।
  • Jahnu Bharadwaj আটাইলৈ আন্তৰিক ধন্যবাদ৷উৎসাহিত হ'লো৷ ধন্যবাদ Daisy Doley
  • Anupama Borgohain ইমান হৃদয়স্পৰ্শী সঁচা কাহিনী আগতে কেতিয়াও পঢ়া নাছিলোঁ !! মই বাকৰূদ্ধ হৈ গৈছো .... !! জাহ্নু, তোমাৰ সুন্দৰতম ভৱিষ্যত এটাৰ বাবে প্রাৰ্থনা কৰিলোঁ !! মনলৈ অহা মোৰ প্রিয় লেখক ড: ডাইচাকু ইকেডাৰ কবিতা এটাৰ উদ্ধৃতি তোমালৈ বুলি আগবঢ়ালো : Whe...See More
  • Jahnu Bharadwaj পঢ়ি চোৱা আটাইলৈ আকৌ ধন্যবাদ জনালো৷ Daisy Doley বা , লিখি থাকিবা বুলি ক'লে বেছি ভাল লাগিব৷মই নিশ্চয় চেষ্টা কৰিম৷
  • Jahnu Bharadwaj অনুপমা বাইদেউ, আপোনাৰ মৰম আৰু শুভেচ্ছাৰ বাবে অশেষ ধন্যবাদ৷কবিতা 

    ফাঁকিৰ বাবেও৷কাহিনীটোৰ আলম হে বাস্তৱৰ পৰা লৈছো, সঁচা কাহিনী নহয় বা৷যি হওঁক, পঢ়ি চোৱা বাবে আৰু সকলোখিনিৰ বাবে আপোনালৈ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ৷Anupama Borgohain
  • Anupama Borgohain তোমাৰ কাহিনীটো সঁচা বুলি ভাবিবলৈ বাধ্য হ'লো ... এয়া তোমাৰ লেখনিৰে শক্তি । পুনৰ শুভেচ্ছা জনালোঁ । তোমাৰ পৰা আৰু গদ্য পঢ়িবলৈ বাট চাই ৰ'লো জাহ্নু !!
  • Indranil Gayan এটা ভাল গল্প| আপ্লুত হ’লো|
  • Manohar Dutta আজি পুৱা কম্পিউটাৰ খুলি ইটো-সিটো চোৱাৰ পিছত আখৰুৱা গোটলৈ আহিলো। সময় তেতিয়া পুৱা ৮/৩০ মান বাজিছিল চাগে। 


    গোটৰ দেৱালত দেখিলো এটা গল্প। শিৰোনাম- "ফটো" আৰু লেখক জাহ্নু ভৰদ্বাজ। জাহ্নুৱে বেছিভাগ সময়তেই কবিতা লিখে। আজি তেওঁ লিখা গল্পটো দেখি পঢ়িবলৈ ল'লোঁ।...See More
  • Jahnu Bharadwaj Manohar Dutta dada- enekua dhorone utsaah jugaai thakile paarim jen laage.. aapunaloi aantorik dhonyobad jonaalu...bhaal laagise xosaake aapunalukor xohaari enedore paai... Dhonyobaad..!!!
  • Jahnu Bharadwaj Indranil aantorik dhonyobaad dei..
  • Mousumee Bori গল্পটোৱে শেষলৈকে টানি লৈ গ'ল৷প্ৰথম পুৰুষত লিখা বাবে লেখকৰ আত্মকথা বুলি ভাৱিছিলোঁ৷গল্পটো হ্ঋদয়স্পৰ্শী হৈছে৷সচাঁয় অতি সুন্দৰ শক্তিশালী গল্প৷
  • Jahnu Bharadwaj Mousumee Bori aantorik dhonyobaad jonaalu aapunaloi...aatmokotha nhy - hoyto hejar jonor jibon kotha eya...
  • Rashmi Rekha Das jiwanta sobi ekhon vahi uthil sokur agot. kobonuwarakoye dukh etai awori dhorile. beautifully written.
  • Raju Das khoob bhaal. besi bhal lagil sarupeta thai khon songyog hoi thoka babe.

No comments:

Post a Comment