Friday, 26 December 2014

আয়োজন: অনামিকা বৰুৱা

……”চেহঃ, এতিয়াও নাপালেহি দেখোন! দেৰি হৈছে নহয়। ফোন কৰচোন ফোন কৰচোন কোনখিনি পাইছেহি”- ঘডীটোলৈ চাই কৈ উঠিল কণমামাই। ৰক্তিমে আকৌ ফোন লগালে মাকলৈ। নাই নালাগে। সংযোগ সীমাৰ বাহিৰত আছে বুলিহে উত্তৰ আহিছে। উপায় নাপায় মাকক নিবলৈ বাচষ্টেণ্ডত থকা প্ৰণামীৰ ভিনিয়েকলৈ ফোন লগালে-
: ভিনদেউ, মা পালেহি নেকি?
: নাইপোৱা দেখোন। কোনখিনি পাইছেহি তাকো ক’ব পৰা নাই। ফোন লগালেও কাটি কাটি যায়।
: ঠিক আছে বাৰু। আপোনালোকে মিট্টালৰ আগতেই ৰৈ থাকিব। বাচ আহি সেইখিনিতে ৰ’ব। আমি পালোহি। আপোনালোকেও মা আহি পালেই লগে লগে গুচি আহিব।
: অঁ ঠিক আছে।
…… গাডীতে বহি বহি বাটলৈ চাই আছো মা, ভিনিদেউ আৰু মই। তেতিয়ালৈ এখনো বাচ নাই অহা। ইপিনে সময় বাঢ়ি গৈ আছে। এঘাৰ বাজিবৰ হ’ল। ৰ’দো দোকা হৈ আহিছে। ক’ব নোৱাৰাকৈয়ে হুমুনিয়াহ এটা সৰি পৰিল। বুকুখন আকৌ বিষায় উঠিল। এটা এটাকৈ পাৰ হৈ যোৱা দিনকেইটাৰ কথাবোৰ চকুৰ আগত ভাহি উঠিল।
………………………………===================………………………..===================……………….
তাইক ভৰ্তি কৰা বুলি গম পায়েই এওঁলৈ ফোন কৰিলো যাব পাৰিব নেকি বুলি সুধিবলৈ। নাই, তেওঁ নোৱাৰে যাব। কাম আছে। নাইট চুপাৰেতে যাওঁ বুলি ঠিক কৰি অকলেই ওলালো। অহাৰ সময়ত কাৰোবাক নহয় কাৰোবাক পামেই। কাকো নাপালে বাইদেউহঁতকে তিনিচুকীয়া হৈ মোক থৈ যাবলৈ কম। মাক ফোন কৰি ক’লো-" মই নাইট চুপাৰতে যাবলৈ ওলাইছো।" মায়ে ক’লে-" ৰক্তিমে কাৰোবাৰ গাড়ী এখন ঠিক কৰি দিছে গতিকে মাহঁতো আহিব অলপ দেৰিকৈ।" গৈ আছো অকলে অকলে। কিবা কিবি ভাবে তোলপাৰ লগাইছে মনত। বেছি মানুহ নাই বাচত। সেইকাৰণেই চাগে বাটে বাটে ৰখাই মানুহ তুলি তুলি নিছে। আৰম্ভণিৰে পৰাই তাইৰ ইটো সিটো অসুখ লাগিয়ে আছিল। ব্লাড প্ৰেচাৰ বাঢ়িল। শেষৰফালে চুগাৰো ধৰা পৰিল। ইফালে বেবীৰ প’জিচন সলনি হোৱাৰ বাবে তাই কষ্টও পাই আছিল। ডাক্তৰে কৈছিলেই নিৰ্ধাৰিত সময়লৈ ৰ’ব নোৱাৰিব চাগে বুলি। এনেও যিহে শকত তাই! নিজৰ গাটোকে ভালকৈ লৰাব নোৱাৰে। ফোনটো বাজি উঠিল।
: হেল্ল’
: জয়া? তই আহি আছ নেকি?
: অঁ কণমামা। 
: কোনখিনি পালিহি? অকলে আহিছনে?
: বাচ এৰিছেহে অলপ আগতে। 
: বাৰু আহি থাক। হাস্পতালৰ সন্মুখতে নামিব পাৰিবি একো অসুবিধা নাই। আমি চব আছো ইয়াতে।
: ওঁ ঠিক আছে।
…..ফোন কটাৰ লগে লগে হিন্দী গানৰ প্ৰচণ্ড শব্দই কাণত আঘাত কৰিলেহি। পাছৰ ছিটত দুটা ল’ৰা বহিলহি। হিজুগুৰিত উঠিছে। এটাৰ হাতত মোবাইল এটা যিটোত ফুল ভলিউমত লুংগী ডান্সৰ পৰা আৰম্ভ কৰি আজ ফিৰ তুম পে প্যাৰ আয়া হে লৈকে একেধাৰে বাজি গৈছে। মূৰটো টিংটিঙাই উঠিল। কিছুপৰ দাঁত-মুখ কামুৰি বহি থাকিলো। আৰু নোৱাৰিলোগৈ। মূৰটো ঘূৰাই লৈ ক’লো-
: তোমালোকৰ হেডফোন নাই নেকি?
: নাই।
: নাই যদি মোবাইল বন্ধ কৰা মই অসুবিধা পাইছো।
…….ধমকি খাই গান বন্ধ নকৰিলে যদিও চাউণ্ড কমালে। কণমামাই আকৌ ফোন কৰিলে। বাচখন বৰ লাহে লাহে গৈছে। এনেকৈ হ’লে মোৰ গৈ পাওঁতে আঠমান বাজিব চাগে। তেতিয়ালৈ তাইক অপাৰেচন ৰুমলৈ নিনিলেই হয়। লগেই নাপাম দেখোন! সঁচাই, মাইকী মানুহৰ জীৱনটো বৰ বিচিত্ৰ। একেটা জীৱনতে কেইটা জীৱনৰ মুখামুখি হ’ব লাগে কোনেও ক’ব নোৱাৰে। এনেও বুঢ়ালোকে কৈ গৈছে মাইকী মানুহে এটা জীৱনত তিনিবাৰ মৃত্যুবৰণ কৰিবলগীয়া হয়। বিয়া হওঁতে, সন্তান প্ৰসৱ কৰোঁতে আৰু চিতাত উঠি। দহ মাহ দহ দিন গৰ্ভত ৰাখি, নিজৰ বুকুৰ অমৃত সিঁচি, মৃত্যুকো নেওচি কণমান দেৱশিশুটোক কোলাত লোৱাৰ সুখ প্ৰতিগৰাকীৰ মাতৃৰ বাবে স্বৰ্গপ্ৰাপ্তিৰ দৰেই। যিমানেই কষ্ট নহওক লাগিলে মাতৃ হোৱাৰ সুখ অনন্য। সাত বাজিল। তেতিয়াও বাচখন গৈ পোৱা নাই। কণমামাই ভয় খাইছে মই হেৰালো নেকি বুলি। পাঁচবাৰমান ফোন কৰিলে এতিয়ালৈ। অৱশেষত নামিলো বাচৰ পৰা। কণমামা আৰু ভিনদেও বাহিৰতে ৰৈ আছিল। ৰুম নাম্বাৰ ডিলাক্স-৪। ৰক্তিমৰ বায়েক, বুলু মামী, বাইদেউ, অনুপ কা, ৰক্তিম বহি আছিল। আমিও গৈ সোমালোগৈ। সৰু টিভিটোত বাতৰি দি আছিল। কোনোবা ব্যৱসায়ী এজনৰ হত্যাৰ ঘটনাটোকে ঘূৰাই-পকাই দি আছিল। আমনি লাগিল। তেতিয়ালৈ তাইক অপাৰেচন কৰিব লগা ডাক্তৰজনো অহা নাই। মাহঁতো আহি নাই পোৱা। চাহ একাপ খাবৰ মন গৈছিল। খৰধৰৰ কোবত আবেলি চাহ খোৱা নহ’ল। মোৰ হাতত চিপচৰ পেকেটটো দেখি বাইদেৱে খুলি পেলালে। তাকে সকলোৱে এটুকুৰা এটুকুৰা খালে। ডিগবৈৰ পৰা ৰক্তিমৰ চিনাকি পৰিয়াল এটাও আহি ওলাল। আধাঘণ্টামানৰ মূৰত নাৰ্চ এগৰাকী আহি কিবা এটা চাই গ’লহি। আঠবজাত তাইক অপাৰেচন ৰুমলৈ নিবলৈ আহিল। তেতিয়ালৈ মাহঁতৰ দেখাদেখি নাই। আহি আছে হেনো। তাইক স্ট্ৰেচাৰত তুলি ৰুমৰ বাহিৰলৈ উলিয়াওঁতেই মা, প্ৰথম, বনিতা আৰু হীৰা খৰধৰকৈ ওপৰ পালেহি। প্ৰথমক দেখি তাইৰ চকুৰ কোণ দুটা সেমেকি উঠিল। ৰক্তিমে তাইৰ ঔষধৰ টোপোলাকেইটা হাতত ল’লে। কেইবাটাও টোপোলা হোৱা দেখি এটা মই ল’লো। সকলোৰে শুভেচ্ছা-আশীৰ্বাদসহ তাইক লৈ গ’ল অপাৰেচন ৰুমলৈ। বাহিৰত গোটেইবোৰ অপেক্ষাৰত। ক্ষন্তেক আগতে আন এগৰাকীৰ চিজাৰিন হৈ গৈছে। ল’ৰা হৈছে। সেইগৰাকী ৰোগীৰ পৰিয়ালৰ মানুহো ভৰি আছে তাত। কিছু সময়ৰ পাছত প্ৰশান্ত আৰু বগাও আহি ওলাল। বুলু মামীয়ে কেচুঁৱাৰ কাপোৰৰ কথা সুধিলে। আমিতো একো অনা নাই। মামীয়ে ক’লে- “অপাৰেচন হোৱাৰ পাছতেই কাপোৰ বিচাৰিব। এইখিনিততো কোনো কাপোৰৰ দোকান নাই। তহঁতে গাড়ী লৈ টাউনলৈকে আগবাঢ়ি যা। কল্পতৰুখন খোলা পাবও পাৰ। তাৰ পৰাই যি পাৱ লৈ আহিবি।” বাইদেউ, ভিনদেউ আৰু মই নামি আহিলো। ভিনিদেৱে ক’লে- “আলিৰ সিপাৰত থকা দোকানখনত কেঁচুৱাৰ কাপোৰ পাবও পাৰো।” আছে তাত কাপোৰ। দামটোহে বৰ বেছি। উপায়হীনতাত চৰা দাম দি হ’লেও দুযোৰ কাপোৰ, দুখন টাৱেল কিনিলো। হাস্পতালৰ কেণ্টিনতে চাহ একাপ আৰু এগৰোল একোটা খাই আমি আকৌ ওপৰ পালোগৈ। একো খবৰ নাই। অলপ সময়ৰ পাছে পাছে খালি শ্লিপ এটুকুৰা দি ঔষধহে অনুৱাই আছে। ঔষধ আনিবলৈ যাওঁতেই ৯.৪০ত অপাৰেচন থিয়েটাৰৰ দুৱাৰ মেলি সকলোকে দেখুৱালে “ৰঙচুৱা পুতলাটো”ক। প্ৰথমৰ নিচিনা একেই দেখাত। মই খৰধৰকৈ ৰক্তিমক বিচাৰি গ’লো। “কংগ্ৰেচুলচন ৰক্তিম! ল’ৰা” বুলি তালৈ হাতখন আগবঢ়াই দিলো। সিয়ো হঁহি হাঁহি "থেংকইউ" বুলি ক’লে যদিও “ই ল’ৰা” বুলি মৃদু চিৎকাৰ এটা অজানিতে ওলাই আহিল তাৰ মুখেদি। আচলতে প্ৰথম সন্তানটো ল’ৰা হোৱাৰ বাবে এইবাৰ ছোৱালী আশা কৰিছিল সিহঁতে। তথাপি অপাৰেচনটো সুকলমে হোৱাৰ বাবে সকলো সুখী। কেঁচুৱাক লগে লগে বেবী ৰুমলৈ পঠিয়াই দিলে। তাইক তেতিয়াও উলিয়াই দিয়া নাই। লঘোনে-ভোকে সকলোৱে অপেক্ষা কৰিছে তাই সুস্থ শৰীৰে ওলাই অহালৈ। প্ৰথমে বাৰে বাৰে ৰক্তিমৰ সৈতে বেবী ৰুমলৈ অহা যোৱা কৰি আছে। ফুৰ্তি লাগিছে তাৰ। বেবী ৰুমলৈ গ’লো। ডাঙৰকৈ চিঞৰি নাই কন্দা কণমানিটোৱে। বুকুখন অকণ অকণকৈ উঠা নমা কৰি আছে। এপাকত মায়ে ক’লে তাক দেখোন অক্সিজেন দিছে। ডাক্তৰে “এভৰিথিং অ’কে” বুলি কোৱাত বিশেষ নাভাবিলো কোনেও। এঘণ্টামানৰ মূৰত তাইক উলিয়াই আনিলে। সকলো ঠিকেই আছে। ঘৰাঘৰি উভতিলো সকলো। মই মাহঁতৰ লগতে আহিলো। মামা-মামীক লাহোৱালত নমাই থৈ আহিলো।
……………………….===================………………………..======================…………………….
দিনটো ঠিকে-ঠাকে গ’ল। ফোন কৰি খ-খবৰ ল’লো মাক-পুতেকৰ। ভালে আছে। সন্ধিয়া পাঁচ বজাত বাইদেউৰ ফোন-“ভনী, কেঁচুৱাটোক আদিত্যলৈ ৰেফাৰ কৰিছে উশাহ-নিশাহত প্ৰবলেম আছে হেনো। ভেণ্টিলেচন দিব লাগিব!” ধককৈ উঠিল বুকুখন। কি হ’ল আকৌ! এওঁ ঘৰতেই আছিল সেই সময়ত। দুয়ো ওলালো আদিত্যলৈ। আস্থাত সোমাই তাইক চাই গ’লো। কান্দি কান্দি চকু উখহি আছে তাইৰ। ৰক্তিমৰ বায়েক আছে তাইৰ লগত। তাইক মাত লগাই আমি আদিত্য পালোগৈ। ৰক্তিমক লগ কৰি ডাক্তৰে কি কৈছে সুধিলো। বেবী ডাক্তৰে কি কৈছে সুধিলো। ৰক্তিমে ক’লে-“সকলো ঠিকেই আছে। ডাক্তৰে কৈছে এইবোৰ হেনো ৰুটিন চেকআপ। নিউ বৰ্ন বেবীৰ এনেকুৱা হয়ে । বিশেষ চিন্তা কৰিবলগীয়া নাই। লাংচত অকণমান ইনফেকচন পাইছে। এণ্টিবায়টিক দিলে ঠিক হৈ যাব। যিমানকেইটা পৰীক্ষা কৰিছে সকলো ৰিপৰ্ট নৰ্মেল আহিছে। কাইলৈ দিনটো চালেই গম পোৱা যাব। এতিয়াই ভেণ্টিলেচন দিব নালাগে বুলি কৈছে।” ভালেমানপৰ বহি থাকিলো বেবী ৰুমৰ বাহিৰতে। দূৰৰ পৰাই ৰঙচুৱা পুতলাটোক এবাৰ চাই আহিলো। বুকুখন মোচৰ খাই উঠিল। সি যেন বৰ কষ্টেৰেহে উশাহ লৈ আছে মোৰ তেনে লাগিল। তথাপি ডাক্তৰৰ ভৰষাকে সৰোগত কৰি আমি উভতি আহিলো। পাছদিনা আবেলিলৈ তাক ভেণ্টিলেচন দিলে। ৰক্তিমৰ বৰ কষ্ট হৈছে। মাক এঠাইত, পুতেক এঠাইত। ৰক্তিমক ক’লো –“পাৰা যদি তাইকো আদিত্যলৈ লৈ আঁহা।” ৰুম এটা পাই তাইকো তাইলৈ লৈ আহিল। চতুৰ্থ দিনা কেঁচুৱাৰ বহুখিনি উন্নতি হোৱা বুলি শুনি মনটো অলপ পাতল পাতল লাগিল। ইফালে ঘৰ এৰি যাবও নোৱাৰো। ইহঁত দুয়োটাৰে পৰীক্ষা চলি আছে। পঞ্চম দিনা ভেণ্টিলেচন এৰুৱাই পুতলাটোক গাখীৰ খাবলৈ দিলে। ক্ৰমাৎ সি ভালৰ পথত। আৰু দুদিনৰ পাছতেই ৰিলিজ দিব পাৰিব হেনো। নিশালৈ সকলোৱে শান্তিৰে দীঘলকৈ উশাহ ল’লে।
……………………….===================…………………………======================…………………
…..বাচ এখন আহি ৰোৱা দেখি মই আগবাঢ়ি গ’লো। নাই এইখন বাচত ৰক্তিমৰ মাক নাই। পাঁচমিনিটৰ পাছতেই আৰু এখন বাচ আহি ৰ’লহি। মাক বাচৰপৰা নমা দেখিয়েই মই হাতত ধৰি টানি আনিলো আমাৰ গাড়ীখনৰ ফালে মায়ে লগত ভকত এজন লৈ আহিছে। কণমামালৈ ফোন লগালো-“মা আহি পালে। আমি গৈ আছো। বিছমিনিটত পাই যাম। আপোনালোকে তামোল-পানৰ লগতে তেল-চাকিও কিনিব।” মালৈ চাই বেয়া লাগিল। বেচেৰীজনী ৰাতিপুৱাই ইয়াৰপৰা গৈছে। আকৌ খৰধৰকৈ লেঠা মাৰি ভকত বিচাৰি আনিছে। কোনোবাই গাড়ী এখন লৈ যাওক বুলি দিহা দিয়া হ’লে চাগে ইমান দেৰি নহ’ল হয়। বহুকথা নাজানেও। গুইজান ঘাটৰ তিনিআলি পালোগৈ। আগৰ গাড়ী দুখন তাতে ৰৈ আছে। মটৰ চাইকেলত আন দুজন মানুহ। আলোচনা কৰি গাড়ীকেইখন মূল ঘাটৰপৰা আঁতৰি ইটো ঘাটলৈ আহিল। ৰক্তিমে গাড়ীখন ৰখাই আন মানুহখিনিৰ সৈতে অলপ আগবঢ়ি গ’ল। ঠাই এটুকুৰা চাই দা-কোৰ লৈ গ’লহি। ৰক্তিমৰ মাকে কলপাত এখনত তামোল-পান মেৰিয়াই টোপোলা এটা কৰিলে। মাটি এটুকুৰা কিনিব লাগিব বুলি মুখৰ ভিতৰতে ভোৰভোৰালে। আগবাঢ়িব নোখোজা ভৰিদুটা ঠেলি ঠেলি ৰক্তিমৰ গাড়ীখনৰ কাষ পালোগৈ। তেতিয়ালৈ কান্দোন সামৰি নিশ্চুপ হৈ বহি আছে ৰক্তিমৰ বায়েক জীনাই। দুৱাৰখন মেলোতেই চকু ফাটি ধাৰাষাৰে বৈ আহিল চকুপানী। নাজানিছিলো মোৰ কঠুৱা হিয়াখনত ইমান চকুপানী ক’ত লুকাই আছিল! কঁপা কঁপা হাতেৰে চুই চালো তাক। নিথৰ হৈ শুই আছে। কণমানি গালদুখনত ঘাঁ লাগি আছে। নাকে-মুখে তেজৰ চেঁকুৰা! মূৰত এমূৰ চুলি। এই যেন চকু মেলি চাব! আৰু চাই থাকিব নোৱাৰি আঁতৰি আহিলো। মা গৈ জীনাৰ লগত বহিলগৈ। তামোল-পানৰ টোপোলাটো ভকতজনক গতাই ৰক্তিমৰ মাকো গাড়ীত বহিলগৈ। আকৌ কান্দোনৰ ৰোল উঠিল। অনু কাই আহি ক’লে- “আৰু খান্দিব নোৱাৰি। হাড় ওলাইছে। ইয়াৰ কাপোৰ-কানি কি আছে দে।” কণমামাই ক’লে-“ কাপোৰবোৰ পুতিব নালাগে, জ্বলাই পেলা।” কামখিনি সামৰিব খুজিও মানুহখিনি ৰৈ গ’ল। ৰক্তিমৰ ককায়েক-বৌয়েক আহি পোৱা নাই। ইফালে সময় গৈ আছে। ১২.৩০ মানত তেওঁলোক আহি পালেহি। জীয়াই থাকোঁতে কোনোদিনে একোলা ল’বলৈ নোপোৱা পুতলাটোক শেষবাৰৰ বাবে এবাৰ কোলাত ল’লো। চকুপানীৰে তাক বিদায় দিলো। গুইজানত হাত-ভৰি তিয়াই সকলো গাড়ীত উঠিল। মই উভতি চালো। আৰু কোনোদিনে নদীৰ বুকুত বেলি মাৰ যোৱা চাবলৈ ইয়ালৈ নাহোঁ………জীয়াই থাকিবলৈকে ইমানবোৰ আয়োজন!!!!!
Unlike · 
  • Anupama Borgohain ভাল লাগিল অনামিকা ! বহুত দিনৰ মুৰত তোমাৰ দীঘল লেখা এটা পঢ়িলো .. সঁচাই ভাল লাগিল !!
  • Anamika Baruah ধন্যবাদ Anupama, প্ৰতিটো শব্দয়েই একোটা তেজৰ টোপাল। মাত্ৰ এমাহ আগৰ জীয়া ঘটনা এইয়া। মোৰ ভণ্টীয়ে হেৰুৱাইছে তাইৰ কলিজাৰ টুকুৰাটোক পাঁচদিনতে। আমি কোনেও মানি ল'ব পৰা নাই কথাবোৰ। তথাপি দিনবোৰ গৈ আছে....
  • Manohar Dutta হয় Anamika Baruah, এইবোৰ অতিকৈ অসহনীয়। দুখ-যন্ত্ৰণা হজম কৰিব পাৰিলেও এনে কথা মচি পেলোৱা কঠিন।
    মোৰ তলত এজনী ভন্টী আছিল। যাক মই আজিও পাহৰিব পৰা নাই। তাই তেতিয়া কিজানি চাৰিবছৰীয়া আছিল, যেতিয়া আমাক এৰি গুছি গৈছিল।
  • Anupama Borgohain অনামিকা ঘটনাটো সঁচা বুলি জানি বৰ দুখ লাগিল ! কণমানিৰ আত্মাই শান্তি পাওঁক- লগতে তোমালোকৰো জীৱনৰ সকলো দুখ সহজভাৱে ল’ব পৰাকৈ মানসিক শক্তি বৃদ্ধি হ ওঁক - তাকা কামনা কৰিলো !!!!
  • Jahnu Bharadwaj কি বুলি কওঁ ধৰিব পৰা নাই৷ভগৱানে কুশলে ৰাখক বাকী সকলোকে৷

No comments:

Post a Comment