Wednesday, 10 December 2014

আখৰুৱাৰ নৱেম্বৰ/২০১৪-ৰ কবিতাৰ পৰ্যালোচনা: পুনৰীক্ষণ-১৮(প্ৰথম খণ্ড) - পৰ্যালোচক: দাদুল ভূঞা

পোন প্ৰথমে মই আখৰুৱা গোটৰ সকলো সন্মানীয় সদস্যক শ্ৰদ্ধা জনাইছো লগতে আপোনালোকৰ আৰ্শীষ শিৰত লৈ কবিতা পৰ্যালোচনাৰ দৰে গধুৰ দায়িত্ব ভাগ পালন কৰিবলৈ চেষ্টা কৰিছো। কবিতা পৰ্যালোচনা কৰা আমাৰ বাবে যথেষ্ট কঠিন কাম। তথাপি আমাৰ সীমিত জ্ঞানৰে আখৰুৱা “নৱেম্বৰ মাহৰ কবিতা” সমুহ পৰ্যালোচনা কৰিবলৈ আগবাঢ়িছো।
নৱেম্বৰ মাহত বহুতো সুন্দৰ কবিতাই আখৰুৱা গোটটি শুৱনি কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে আমি সকলো কবিৰ কবিতা এই আলোচনাত সাঙুৰি ল'ব নোৱাৰিলোঁ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিলোঁ। কবিতা সমুহ পৰ্যালোচনা কৰিবলৈ যোৱাৰ আগতে কবিতা আৰু কবিৰ সৃষ্টি সম্পৰ্কে পাতনিতে দুই এটি কথা ডাঙি ধৰিবলৈ প্ৰয়াস কৰিছো---
‘কবিতাৰ সত্য,তথ্যৰ সত্য নহয়’। কবিতা তথ্যাতীত এক সত্যৰ অভিব্যক্তি (Poetry is concerned not with fact, but with what transcends fact, poetic s, p. 168)- কবি সকলে সকলো বস্তুৰ পৰা বিশেষ এক প্ৰতিভা বা শক্তিৰে আৱিস্কাৰ কৰি লয় এক চিৰন্তন সত্য। এই চিৰন্তন সত্য আৱিস্কাৰ কৰিবৰ বাবে কবিসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কবি গ্যেটেই কৈছে- “The young poet must do some sort of violence to himself to get out of mere general idea. No doubt, it is difficult, but is very life of art.”
কবিতাৰ সত্য বুৰঞ্জীৰ সত্যৰ দৰে নাঙঠ, উকা নহয়। কবিতাৰ সত্য কবিসকলৰ কল্পনাৰ কিৰণেৰে উজ্জ্বল, প্ৰাণচঞ্চল। কবিসকলে গভীৰ অন্তৰদৃৰ্ষ্টিৰে বিশ্বব্ৰহ্মাণ্ডৰ অন্তৰথলীত প্ৰৱেশ কৰি সত্যৰ মণি-মুকুতা উদ্ধাৰ কৰি আনে। সেই মণি মুকুতা সময়ৰ ৰ’দালিত জিলিকি উঠে। ৰিল্কেৰ ভাষাত “কবিসকল অদৃশ্য জগতৰ মৌমাখি, যিয়ে নেকি অদৃশ্য জগতৰ গোপন কথাবোৰ গুণগুণাই কৈ যায়”।
কবিসকল অলীক জীৱনৰ স্ৰষ্টা বুলি অভিহিত কৰা হয়। কল্পনাৰ সহায়ৰে কবিয়ে আকাশ পাতাল স্বৰ্গ মৰ্ত্য বিচৰণ কৰি ফুৰে। কল্পনাৰে অবাস্তৱ জগতক বাস্তৱতাৰ ৰং দিয়ে। কবিৰ কল্পনা কান্তিৰে সদায় দেখা গছ-পাতো ধুনীয়া হৈ পৰে আৰু সংগীতৰ সুৰৰ ইন্দ্ৰজালত সদায় শুনা কথাটিয়েও মন প্ৰাণ টানি ধৰে। কবি দুৰ্গেশ্বৰ শৰ্মাৰ এটি কালজয়ী কবিতাৰ কেইটিমান শাৰীত এই কল্পনাৰ ৰহণ মনকৰিবলগীয়া-
“সদায় চকুৰে দেখা গছ পাতটিও
ছবিটিত ভাল হৈ পৰে,
সদায় কাণেৰে শুনা সৰু কথাটিও
গীত হলে মন প্ৰাণ টানি ধৰে”।
কবিতাত 'কবিৰ নৈতিকতাবাদ' মতৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি জেমছ উইলচাৰ ৰাস্কিনে মত পোষণ কৰি কৈছিল যে “কবি দাৰ্শনিক, সমালোচক একো নহয়। জীৱনৰ ৰূপ সাৰ্থকভাৱে ৰূপায়ণ কৰাটোৱেই কবিৰ গৌৰৱ। শিল্পী স্বপ্নদ্ৰষ্ট্ৰা, সুন্দৰ স্বপ্নৰ স্ৰষ্ট্ৰা।“ অৰ্থাৎ কবিয়ে কল্পনাৰে অবাস্তৱ জগতক বাস্তৱতাৰ ৰং দিয়ে।
যশস্বী কবি এজৰা পাউঁণ্ডে কৈছে যেঃ- “Poetry ought to be written as well as prose” অৰ্থাৎ কবিতা গদ্যৰ দৰে লিখিব লাগে। কবিতা আৰু গদ্যৰ ভাষাৰ মাজত পাৰ্থক্য নাই। কবিতা হ’ল মানুহৰ জীৱনৰ কথা। সেইবাবে কবিতাত মানুহে ব্যৱহাৰ কৰা অকৃত্ৰিম কথিত ভাষা ব্যৱহাৰ কৰাৰ সপক্ষে কবিসকলে যুক্তি ডাঙি ধৰিছে। কবিতা সম্পৰ্কে প্ৰখ্যাত কবি ওৱৰ্ডছৱথে কৈছে যে কবিতা হ;ল-“এক মহৎ হৃদয়ৰ প্ৰতিধ্বনিঃ—(Echo of great soul)
কবিতা ব্যক্তিত্বৰ অভিব্যক্তি নহয়, কিন্তু মহৎ সৃষ্টিৰ বাবে বিশাল ব্যক্তিত্বৰ প্ৰয়োজন।কবিৰ ব্যক্তিত্ব তেওঁৰ সৃষ্টিৰ মাজত পানীত চিয়াঁহী বিলীন হৈ যোৱাৰ দৰে বিলীন হৈ যাব লাগিব, পানীৰ উপৰিভাগত তেল উপঙি থকাৰ দৰে উপঙি থাকিব নালাগিব।কবি হৈছে ‘Passage for the transit of work’. কবিসকলে অন্তৰ্দৃষ্টিৰে ৰহস্যময় জগতৰ পৰা একো একোটা সত্য বুটলি আনি সেই সত্যৰ আভাস দিয়ে। এই ক্ষেত্ৰত কবি ভৱেন বৰুৱাই কৈছে-
“এইটো কবিতাৰ ধৰ্মই—
যে ই ঠিক কথা নকয়
বা ই যি হয়
সি ঠিক কথা নহয়।“
(কবিতাঃ-সোনালী ঝাহাজ,)
“Poetry is the most difficult of the arts (Valery)”কবিতাৰ বিৰুদ্ধে দুৰ্বোধ্যতা বা জটিলতা বিভিন্ন সময়ত গোচৰ উথ্বাপিত হৈছে। এই দুৰ্বোধ্যতাক কেন্দ্ৰ কৰি বহু আমোদজনক ঘটনা ঘটা দেখা গৈছে। এজন যুৱকে এদিন ব্ৰাউনিঙৰ এটা কবিতা লৈ ব্ৰাউনিঙৰ কাষ চাপিল। তেওঁক কবিতাটো বুজাই দিব লাগে । কবিতাটো পঢ়ি ব্ৰাউনিঙে দিয়া উত্তৰ শুনি যুৱকজন আচৰিত হ’ল। ব্ৰাউনিঙে ক'লে –“কবিতাটো লিখাৰ সময়ত দুজনে কবিতাটো বুজি পাইছিল- ‘তেওঁ আৰু ভগৱান’। এতিয়া এজনেহে কবিতাটো বুজি পায় সেইজন হ’ল ভগৱান’। ইয়াৰ পৰা ক'ব পাৰোঁ- কবিতাৰ গধূৰ ভাবধাৰা বুজি পাবলৈ ইমান সহজ নহয়। কবিতা বুজি পোৱাটো এক জটিল কলা।
কিছুমান সমালোচকে কয় যে যিবোৰ কবিতা সহজে বুজি পায়, সেই কবিতাৰ আনন্দ গভীৰ নহয়। কবি সমালোচক মেথ্যু আৰ্ণল্ডে কৈছে যে “Excellence dwells in the rocks hardly accessible” অৰ্থাৎ কঠিন শিলৰ মাজতহে উৎকৃষ্টতা পোৱা যায়। উৎকৃষ্ট বস্তুৰ সন্ধান পাবলৈ হ’লে কঠিন শিল ভাঙিব লাগিব।ড° ৰাধাকৃষ্ণণে কৈছে যে ‘অমলেট খাবলৈ হ’লে কণীৰ খোলা ভাঙিবই লাগিব’।
আখৰুৱালৈ নৱেম্বৰ মাহত অহা উচ্চমানৰ কবিতাই আখৰুৱাক এক নতুন গতি দিয়া দেখা গ’ল। এই মাহত গোটত অৰ্ন্তভুক্ত প্ৰায়বোৰ কবিতাই উচ্চ পৰ্যায়ৰ বুলিব পাৰি।এই সকলোবোৰ কবিতা পৰ্যালোচনা কৰাটো আমাৰ বাবে কঠিন শিল ভাঙিবলৈ চেষ্টা কৰা এটি প্ৰচেষ্টাহে। ড° ৰাধাকৃষ্ণণে কোৱাৰ দৰে ‘অমলেট খাবলৈ হ’লে কণীৰ খোলা ভাঙিবই লাগিব’ গতিকে সেই কঠিন খোলা কিমানদুৰ ভাঙিব পাৰোঁ সেইয়া আখৰুৱাৰ সদস্য সকলেহে চালি জাৰি চাব পাৰিব। আমাৰ সম্যক জ্ঞানৰে যিমানখিনি পাৰোঁ কবিতা সমূহ পৰ্যালোচনা কৰিবলৈ চেষ্টা কৰিলোঁ-
‘আঘোণ মাহ’- অসমৰ সেউজীয়া মাটিত এতিয়া সোণগুটি ধাননি। বাৰিষাৰ বানে কঙাল কৰাৰ পিছত আঘোণ আহিলে কাতিৰ কঙালী পোছাকযোৰ খুলি এবাৰলৈ হ'লেও অসমীয়া খেতিয়কৰ মুখত বিৰিঙি উঠে মিঠা হাঁহি। এই সুখ দুখৰ সন্ধিক্ষণে কবিৰ কবি সত্বা মনত বাৰুকৈয়ে যেতিয়া দোলা দি নাচি উঠে, কবিয়ে আঘোণৰ প্ৰেমত পৰি লিখিব খোজে বানে কঙাল কৰা অসমবাসীৰ দুৰ্দশা অথবা আঘোণৰ সোণালী ধানৰ সোণালী সুভাষ। আঘোণৰ এই পৰশে চুই যোৱা কবি নিৰ্জন নিৰৱ বৰফুকনৰ 'আঘোণ' শীৰ্ষক কবিতাটোৱে যেন তাকেই সুচাব খোজে। কবিয়ে আঘোণৰ বৰ্ননা দি ক'ব খুজিছে---
“আঘোণ”
"ওৰেটো দিন
ৰ'দ সাক্ষী আছিল
দাৱনী সময়ৰ
বানে ধোৱা পথাৰৰ
এভাৰ আঘোণ
চোতালত থলো
টিপচাকিৰ ওৰণিত
আকালৰ উচুপনি"
--কবিয়ে অতি কম কথাৰে আঘোণৰ বৰ্নণা ডাঙি ধৰিছে। এইখিনি কৰিবলৈ যাওঁতে কবিয়ে ব্যৱহাৰ কৰিছে উপমাৰ। কবিতাটো বিভিন্ন উপমাৰে সজাই তুলি কবিয়ে কৈছে ’বানে ধোৱা পথাৰৰ/ এভাৰ আঘোণ/চোতালত থলো/ টিপচাকিৰ ওৰণিত/ আকালৰ উচুপনি’ ইয়াত কবিয়ে বাৰিষাৰ বিষাদ, কাতিমাহৰ আকাল দেখুৱাবলৈ ব্যৱহাৰ কৰিছে সুন্দৰ উপমা। উপমাৰ প্ৰয়োগে কবিতাটোৰ সৌন্দৰ্য বৃদ্ধি কৰা দেখা গৈছে। কবিৰ প্ৰায়বোৰ কবিতাত সুন্দৰ শব্দচয়নৰ লগতে সুন্দৰ উপমা ব্যৱহাৰ কৰা দেখা যায়। কবিৰ আঘোণ শীৰ্ষক কবিতাতো এটা উচ্চমানৰ কবিতা।
কবি জোনমনি দাস, যাৰ কবিতাই পাঠকক দিব পাৰে কবিতা পঢ়াৰ আনন্দ। আখৰুৱাৰ নৱেম্বৰ মাহত তেওঁৰ কবিতাৰ শিৰোনাম আছিল “চহা-পদ্য”। কবিতাটোৰ শিৰোনাম পঢ়িলে আমি ক'ব পাৰো যে কবিতাটোৱে অসমীয়া চহা মানুহৰ এখন সুন্দৰ প্ৰতিচ্ছবি ডাঙি ধৰিছে। কবিয়ে তেওঁৰে ভাষাৰে গাৱলীয়া চহা মানুহৰ জীৱনৰ বৰ্ণনা দিছে এনেদৰে-----
“বাটে বাটে বাটকুৰি বাই
বহু মানুহ আহে আৰু যায়...
মৃত্যুৱেই জীৱনৰ শেষ পৰিণতি
কায়া থকালৈকেহে ছায়া
ছায়া থকালৈকেহে মায়া”
……..খুব সুন্দৰ ভাৱে কবিয়ে এই সংসাৰলৈ বাটকুৰি বাই অহা মানুহৰ জীৱন দৰ্শন বৰ্ণনা কৰিছে। ইয়াৰ উপৰিও মৃত্যুৱেই যেন জীৱনৰ শেষ পৰিণতি এই বাৰ্তা কবিতাটোৰ মাজেৰে প্ৰেৰণ কৰিছে। কবিয়ে গাঁৱলীয়া চহা মানুহৰ জীৱনৰ দুৰ্দশা কবিতাৰ ভাষাৰে বৰ্ণনা দিয়াৰ উপৰিও বাৰিষাৰ বানে কঙাল কৰা খেতিয়কজনৰ দুৰ্দশা কবিতাৰ ভাষাৰে এনেদৰে ডাঙি ধৰিছে--------- “ভোকৰ ভাত পিয়াহৰ পানী দুখ-প্ৰেম-সপোনেই জীৱনৰ জেওৰা খুটি” “ঘাম পেলাই চহাওঁ মাটি বানে মাৰে ভৰা খেতি চবকাত মৰে গৰু......” ......গাঁৱলীয়া হোজা খেতিয়কে বৰ কষ্টৰে জীৱনত পোহৰ বিচাৰি ফুৰাৰ কথাত কবিয়ে শোক প্ৰকাশ কৰি কবিৰ মনত উদিত ভাবধাৰা প্ৰকাশ কৰিছে এনেদৰে “আমি বৰ সৰু মানুহ/ গেবাৰী খাটি খাটি ওৰেটো / জীৱন বিচাৰো পোহৰ”। কবিৰ ‘চহা-পদ্য’ শীৰ্ষক কবিতাটো নিঃসন্দেহে উচ্চ পৰ্যায়ৰ কবিতা।

আখৰুৱা নৱেম্বৰ মাহৰ কবিতা সমুহৰ মাজত কবি মানসজ্যোতিৰ সদ্য মুক্তি প্ৰাপ্ত কবিতা পুথি “নাচৰ পুতলা”ৰ পৰা “গৰখীয়া ডেকাৰ গান” শীৰ্ষক কবিতা পঢ়িবলৈ পাই ভাল লাগিল। কবি মানসজ্যোতিৰ “গৰখীয়া ডেকাৰ গান” শীৰ্ষক কবিতাত অসমীয়া লোক সাহিত্যৰ সৌন্দৰ্য দেখা পোৱা যায়। অসমীয়া লোক সাহিত্যৰ প্ৰধানকৈ তিনি ভাগত ভগাব পাৰি।–‘অনুষ্ঠানমূলক, আখ্যানমূলক আৰু বিবিধ বিষয়ক’। ইয়াৰে ‘বিবিধ বিষয়ক’ গীত সমুহৰ ভিতৰত ‘হালবোৱা গীত’, ’নাও-খেলোৱা গীত’ আৰু ‘গৰখীয়া গীত’ সমূহ অন্তৰ্গত। গৰখীয়া গীত বুলিলে গৰু ম’হ চৰাবলৈ যাওঁতে গৰখীয়া সকলে বিভিন্ন সুৰত গোৱা গীত। মুকলি পথাৰত গৰখীয়া সকলে গোৱা গীত সমূহক ‘গৰখীয়া গীত’ বুলি কোৱা হয়। কবিৰ ‘গৰখীয়া ডেকাৰ গান’ শীৰ্ষক কবিতাত আমি গৰুচৰাবলৈ যাওঁতে এজন ডেকাই গোৱা গানৰ দৃশ্য দেখা পাওঁ। কবি মানসজ্যোতিৰ কবিতাত সমাহিত হৈ থাকে বিভিন্ন চিত্ৰকল্প, অলংকাৰ তথা উপমা। কবিৰ 'গৰখীয়া ডেকাৰ গান' কবিতাটোত গীতী কবিতাৰ কিছু প্ৰভাৱ পৰিলক্ষিত হয়। নিঃসন্দেহে এইটো উচ্চমানৰ কবিতা। আমি গোটেই কবিতাটোকে ইয়াত উদ্ধৃতি কৰি দিলোঁ—
‘গৰখীয়া ডেকাৰ গান’
মিঠা মিঠা মৌপিয়া
পানীখোৱা পানীপিয়া
সৰস্বতী
সৰস্বতী
কমলা কমলা
পুৰঠ জোন
ছাটমৰা বিজুলী
সাউৎ কৰে দিম গিলি
টিকটিকীয়া ৰঙা
কেঁচাসোণ
কেঁচাসোণ
হংসিনী পুৰঠ জোন
মই গৰখীয়া
মই গৰখীয়া
গাখীৰ সনা সেন্দুৰ
ঐ পাগলী
ঐ পাগলী
তোৰ মেঘ আউলী
তোৰ মেঘ বাউলী
গাখীৰ সনা সেন্দুৰ
মই গৰখীয়া
মই গৰখীয়া
কবি -উইল চিদ্দিকুৰ ৰহমানে এটা বিপ্লৱী কবিতাৰে গোটটি শুৱনি কৰিছিল। কবিতাৰ শিৰোনাম আছিল “ফাঁচীকাঠ হ’ব তোৰ শেষ ঠিকনা”। শিৰোনাম পঢ়িয়েই আমি ক'ব পাৰো যে কবিতাটো বিপ্লৱী কবিতা। বৰ্তমান গোটেই ভাৰত তথা বিশ্বতে সন্ত্ৰাসৰ সৃষ্টিকৰা সন্ত্ৰাসবাদী সংগঠন ‘অলকায়াদা’ ‘হুজীৰ’ বিৰুদ্ধে বিপ্লৱ ঘোষণা কৰি কবিয়ে কবিতাটো ৰচনা কৰিছে। ইয়াৰ উপৰিও বৰ্তমান অসমত বাতৰিৰ শিৰনাম দখল কৰা ইচলামীক উগ্ৰপন্থী জেহাদীক লৈ যি হৈ চৈ চলি আছে- তাকে কবিতাৰ বিষয় বস্তু হিচাপে লৈ কবি -উইল চিদ্দিকুৰ ৰহমানে ৰচনা কৰা “ফাঁচীকাঠ হ’ব তোৰ শেষ ঠিকনা” কবিতাটোত কবিৰ জাতীয়তাবাদী ভাবধাৰা প্ৰকাশ পোৱা আমি দেখিবলৈ পাওঁ। ইয়াৰ উপৰিও জেহাদৰ বিৰুদ্ধে বিপ্লৱ ঘোষণা কৰা আমি দেখিবলৈ পাওঁ।কবিতাটো কবিয়ে সাতটা স্তৱকত ভাগ কৰিছে। প্ৰত্যেকটো ভাগতে বিপ্লৱী মনোভাব দেখা পোৱা যায়। কবিতাটোৰ তিনি আৰু চাৰি নম্বৰ স্তৱকত কবিয়ে কৈছে-- (৩)
“জেহাদৰ ধামখুমীয়া
কোনে হেৰুৱাই ভৰিৰ তলৰ মাটি
কাৰ চলনাত মাটিত পুতি থোৱা আছিল
শান্তিৰ বেদ পুথি”
(৪)
“সময়ে সকিয়াই,
হুছিয়াৰ হুজি
আল-কায়দা প্রভৃতি
হুছিয়াৰ চাহনুৰ ছুজেনা
ফাঁচীকাঠ হ’ব তোৰ শেষ ঠিকনা”
.......আকৌ সাত নম্বৰ স্তৱকটিলৈ লক্ষ্য কৰিলে “শংকৰ আজান ফকীৰৰ” দেশৰ কথা মনলৈ আহে। বিভিন্ন জাতি সংস্কৃতিৰ বান্ধ খাই থকা অসম খনৰ কথা মনলৈ আহে।যিখন অসমত জন্ম হৈছে শংকৰ, মাধৱ, আজান ফকীৰৰ যিখন দেশতে একেলগে নামঘৰত ডবা, মছজিদত আজান, মন্দিৰত বাজি উঠে ঘন্টা- তেনেখন দেশত জেহাদীয়ে যি অস্থিৰতাৰ সৃষ্টি কৰিছে তেনে পৰিস্থৃতিৰ প্ৰতি বিক্ষোভ প্ৰৰ্দশন কৰি কবিয়ে কৈছে......
(৭)
কুশলে থাওক বৰদোৱা থান
কুশলে থাওক সৰাগুৰি ঘাট
প্রভাতী পখিৰ মাতত সাৰ পাই উঠক
জীৱন আহ্লাদ
কবি তথা অনুবাদক সুনীল অমিয়ৰ কবিতাত আমি দেখা পাওঁ সুন্দৰ সুললিত শব্দ চয়নৰ লগতে সুন্দৰ চিত্ৰকল্পৰ ব্যৱহাৰ। আখৰুৱাৰ নৱেম্বৰ মাহৰ কবিতা সমুহৰ ভিতৰত সুনীল অমিয়ৰ ‘খণ্ডচিত্ৰ” নামৰ কবিতাটো এটা সুখপাঠ্য। কবিয়ে দুটা স্তৱকত কবিতাটোৰ সুললিত ভাবধাৰা সন্নিৱিষ্ট কৰিছে। কবিতাটোৰ ‘প্ৰথম স্তৱকত’ কবিয়ে কৈছে তেওঁ জীৱনত নিবিচৰা সুখবোৰ কোনোবাই যেন মেলি দিছিলহি তেওঁৰ সন্মুখত। তথাপি কবিৰ হৃদয়ত থকা দুখবোৰ যেন আঁতৰি যোৱা নাছিল। সেয়ে কবিয়ে সেই সুখ দেখি তেওঁৰ মনত অসুখৰ সৃষ্টি হোৱা বুলিহে ক'ব খুজিছিল।
(১)
“সিদিনাখন তুমি আন কোনোবা এখন জোনত
উলঙ্গ হৈ মেলি দিছিলা সুখ
মোৰ ভাল নালাগিল সেই ৰূপ
তোমাৰ ভাষাত মোৰ মনৰ অসুখ”
…………..কবিয়ে দ্বীতিয় স্তৱকত সেউজীয়া বিচাৰি চিত্তকাৰ কৰা যেন দেখা যায়।কিয়নো কবি বাস্তৱ জীৱনত নিসংগ হৈ পৰিছে, সেই নিসংগ জীৱনত তেওঁ সেউজীয়া বিচাৰি হাবাথুৰি খোৱা যেন অনুভৱে কবিৰ মনত দোলা দিছে। সেয়ে কবিয়ে কৈছে-
(২)
“নিজান নৈৰ বুকুত বৈ আহে জলস্ৰোত
কাণে কাণে সুধি আছে সেউজীয়াটোক
অই সেউজ তই ক'ত থাক ?”
সৰু সৰু কবিতাৰ মাজেৰে বহল ভাৱধাৰা প্ৰকাশ কৰা কবি জ্যোতি পি.চি.শইকীয়াৰ কবিতা সমূহত আমি দেখা পাঁও বিভিন্ন উপমাৰ সমাহাৰ। কবি জ্যোতি পি.চি শইকীয়াই নৱেম্বৰ মাহত কেইবাটাও কবিতাৰে আখৰুৱা শুৱনি কৰিছিল। তাৰ মাজত “কিছু বিক্ষিপ্ততা” নামৰ কবিতাটিত আমি দেখা পাওঁ আশাবাদী জীৱনৰ সপোন। সংঘাতময় জীৱনত থকা নানা দুখ যন্ত্ৰনাক কিম্বা দুৰ্দশাক বুজাবলৈ কবিয়ে ব্যৱহাৰ কৰিছে ধুনীয়া চিত্ৰকল্প। কবিয়ে দুখময় জীৱনত এমুঠি সুখৰ ৰেঙণি বিচাৰি কাব্যিক ভাষাৰে কৈছে........
“তেজত বুৰ দি
ক’লা কলিজাটোৱে
জামু বৰণ ল’লে ।
হাতত লৈ ভাবিছো
ৰংচঙীয়া হোৱা হ’লে…..।”
কবি মনোহৰ দত্তৰ কবিতা সমূহত আমি দেখিবলৈ পাঁও জীৱনৰ ছন্দ। আখৰুৱা নৱেম্বৰ মাহত তেওঁৰ দুয়োটা কবিতাই উচ্চমানৰ কবিতা। তেওঁৰ ‘যতিৰ ইতি’ কবিতাটিৰ মাজৰে জীৱনক নীৰৱ সাগৰৰ লগত তুলনা কৰিছে। এই নীৰৱ সাগৰৰ মাজত থাকিও প্ৰত্যেকজন মানুহে বিভিন্ন ৰঙীণ সপোন দেখাৰ কথা উল্লেখ কৰিবলৈ গৈ কবিয়ে ব্যৱহাৰ কৰিছে সুমধুৰ চিত্ৰকল্প। কবিৰে ভাষাৰে আমি ক'ব পাৰোঁ-
“যতিৰ ইতি”
বুকুত অলেখ চিত্ৰকল্প
জিলমিলিয়া শব্দ
কবিয়ে আকৌ কৈছে জীৱনৰ ছন্দ, প্ৰতিজন মানুহৰ জীৱনৰ গতি, জীৱনৰ শেষ পৰিণতি কি সেইয়া হয়তো কোনেও নুবজে। এইখিনি কথা বুজাবলৈ কবিয়ে কৈছে---
“জীৱনৰ পৰা জীৱন
ছন্দহীন গতি সুৰহীন
বিৰামহীন যাত্ৰাৰ বাট
যতিৰ ইতি”
আখৰুৱা নৱেম্বৰ মাহৰ কবিতা সমুহৰ মাজত কবি জাহ্নু ভৰাদ্বাজৰ কবিতা "ৰ'দে ওন্দোলোৱা বতৰ" এটি সুখপাঠ্য কবিতা। কবিতাটোত কবিৰ বিপ্লৱী মনৰ ভাৱধাৰা এটি প্ৰকাশ কৰা দেখা যায়, য’ত কবিয়ে বিপ্লৱী কবি ‘অমূল্য বৰুৱা, প'ল' ফ্ৰেইৰী, অম্বিকাগিৰী, বিষ্ণু ৰাভা, মেগন কছাৰী’ দেৱলৈ আন্তৰিক শ্ৰদ্ধা আৰু ক্ষমা প্ৰাৰ্থনা জনাই তেওঁৰ মনৰ ভাব প্ৰকাশ কৰিছে। সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক পৰিস্থিতিত শোষণ, দুৰ্নীতিৰ বিৰুদ্ধে কবি ক্ষোভিত হৈ পৰাৰ উপৰিও বৰ্তমানৰ পৃথিৱীত অনিশ্চয়তাৰ মাজৰে দিন পাৰ কৰাৰ কথা অনুভৱ কৰি কবিয়ে কৈছে—
“ব্যস্ততাৰ অনুসৰ্গত দিন আৰু ৰাতি একাকাৰ কৰি
কিবা এক অনিশ্চয়তাৰ সৈতে পাৰ কৰো সময়বোৰ, নিজকে নিচিনাকৈ৷”
………..এনে দুৰ্দশাৰ মাজত জীয়াই থাকিব লগীয়া হোৱা কাৰণে কবিৰ মনত যি ক্ষোভৰ দাবাগ্নি জ্বলিছে সেই ক্ষোভতে কবিয়ে চিঞৰি চিঞৰি ক'ব খুজিছে.....
“অমূল্যৰ কুকুৰ অথবা মেগনৰ নিশা টোপনি যোৱা ঈশ্বৰবোৰ-
সকলো অস্তিত্বৰ সংগ্ৰামত লিপ্ত,
হেৰাই যায় সকলো ফ্ৰেইৰীৰ নৈ"শাব্দিক সংস্কৃতিত৷
“পুনৰ জাগি উঠে সৃষ্টিৰ স্নায়ু ধুনাধুন কৰি তান্ডৱী হোৱাৰ অকপট ব্যৰ্থতা-
উন্নাসিকতাৰ আৱাহাৱাত
বুকুত বুৰ্লুং- বুথুৰৰ অকম্পিত নিৰৱতা৷
হেৰাই যোৱাৰ বাটটো অতি মসৃণ৷
--ধুনীয়া শব্দচয়নৰে কবিতাটোক উৎকৃষ্টতা প্ৰদান কৰিছে।
কবি সুৰেশ বৰাৰ “শিশু” শীৰ্ষক কবিতাটোত শিশু মনৰ আৱেগৰ ভাবধাৰা প্ৰকাশ পাইছে। কবিয়ে শিশুক এটি চৰিত্ৰ হিচাপে কল্পনা কৰি তেওঁৰ নিজৰ জীৱনটো শিশুৰ লগত তুলনা কৰিছে। কণমানি শিশুটোৰ দৰে তেওঁ দুচকুত হালধীয়া সপোনৰ জিকমিকনি আৰু সংসাৰৰ মায়া-মোহ ত্যাগ কৰি নিজে শিশুৰ দৰে সদায় হাঁহি থাকিব বিচাৰি মনৰ ভাব প্ৰকাশ কৰিছে এনেদৰে—
(১)
#শিশু #
...
দুচকুত জিকমিক স্বপ্ন
মায়া-মোহহীন হৃদয়
মুখত ভূৱন ভুলোৱা
এটি পবিত্ৰ হাঁহি ।
......আকৌ কবিয়ে নৰা পেঁপা শীৰ্ষক কবিতাটিৰ মাজেৰেও নিজৰ শৈশৱ বিচাৰি থকাৰ স্বপ্ন দেখা গৈছে। সোণালী ধাননি পথাৰৰ মাজে মাজে লেছেৰি বুটলি বুটলি নৰা পেঁপা বজাই বজাই কবি উলটি যাব খুজিছে শৈশৱৰ সোণালী দিনবোৰলৈ। কবিতাটোত হিন্দী সাহিত্যৰ প্ৰতিষ্ঠিত কবি সুভদ্ৰা কুমাৰী চৌহানৰ দ্বাৰা ৰছিত কবিতা- “মেৰা নয়া বছপন” শীৰ্ষক কবিতাৰ প্ৰভাৱ দেখা যায়। “মেৰা নয়া বছপন”ত কবিয়ে নিজৰ জীয়েকৰ জৰিয়তে শৈশৱ কাল বিছাৰিছে আৰু ইয়াত নৰা পেঁপা সুৰৰ তথা লেছেৰি বোটলাৰ মাজেৰে কবিয়ে তেওঁৰ শৈশৱ বিচাৰিছে। কবিৰ ভাষাৰে---
(2)
নৰা পেঁপা#
লেছেৰি বোটলাৰ পৰতে
নৰা পেঁপাৰ সুৰ এটি
বিয়পি গ'ল বতাহত
কৰ্ণ পটহত এতিয়াও বাজি আছে
সেই চিনাকী সুৰ...
ভটিয়াই গৈ আকৌ
এবাৰ বিচাৰি পালো
সোণালী অতীত-শৈশৱ
অসমীয়া কাব্য সাহিত্যলৈ উন্নতমানৰ কবিতা উপহাৰ দিয়া কবি ডেইজী অনুৰঞ্জনাৰ কবিতা সমূহ সুন্দৰ শব্দচয়নৰে সুসজ্জিত। “ন-জোন” শীৰ্ষক কবিতাটিত কবিয়ে “ন-জোনৰ পোহৰ বিচৰাৰ উমান দেখা যায়। বসন্তৰঙী মেলানি পোহৰ...কবিৰ মনত তেওঁ বিচৰা পোহৰ সমূহে যেন মেলানি মাগিছে। সেয়ে তেওঁ নতুন জোনৰ অপেক্ষাত বাট চাই ৰৈছে। কবিৰ ভাষাৰে--
“বসন্তৰঙী মেলানি পোহৰ ....
ভৰিৰ পৰা মূৰলৈ তিঁতি যায় শিতানত পৰি ৰোৱা গানৰ সুৰ” ---ন জোনৰ পোহৰ বিচাৰি ফুৰা কবিৰ মনত হয়তো এন্ধাৰে দেখা দিছে। সেয়ে কবিয়ে কৈছে
ভৰিৰ পৰা মূৰলৈ তিঁতি যায়
শিতানত পৰি ৰোৱা গানৰ সুৰ”
---ধুনীয়া উপমাৰ সহায়ৰে কবিয়ে অন্তৰৰ নিভৃত কোণত সৃষ্টি হোৱা বেদনা সমূহ সুন্দৰকৈ দাঙি ধৰিছে।
কোনেওতো নাজানে
কাৰ স'তে পাৰ হয় চুবুৰীয়া ৰাতি
সিপাৰত লেটেকুৰঙী বেলি”
কবিয়ে কবিতাটোত প্ৰয়োগ কৰা অলংকাৰ (লেটেকুৰঙী বেলি) শব্দটিয়ে কাব্যিক সৌন্দৰ্যতা বৃদ্ধি কৰিছে যদিও অতিশয়োক্তিয়ে কবিৰ অলৌকিক অনুভৱ শক্তিৰ সাক্ষ্য দিয়াৰ উমান দেখা গৈছে।
কবি মালবিকা ব্ৰহ্মৰ কবিতা “আৱতৰীয়া ফাগুন মোৰ, তোমাৰ শৰতত” নামৰ কবিতাটিত ফাগুন মাহৰ বৰ্ণনা তেওঁৰ প্ৰেমিকৰ আগমনৰ মাজেৰে খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে। কবিৰ কল্পনাৰ কোৱঁৰজনৰ আগমণে কবিক শৰত ঋতুতে মতলীয়া ফাগুনৰ পচোৱাজাকৰ দৰে যেন চুই গৈছে। সেয়ে কবিয়ে কবিতাৰ শিৰোনামতে ক'ব খুজিছে- “আৱতৰীয়া ফাগুন মোৰ, তোমাৰ শৰতত”। কবিতাটোৰ প্ৰথম ভাগত কবিয়ে সংগীবিহীন জীৱনৰ বিৰহৰ কথা উল্লেখ কৰিছে। পিছলৈ কল্পনাৰ কোৱঁৰজন তেওঁৰ কাষত পোৱাৰ লগে লগে তেওঁৰ মন মতলীয়া ফাগুনৰ দৰে হৈছে বুলি অনুভৱৰ কৰণিৰে কবিয়ে মনৰ ভাৱধাৰা প্ৰকাশ কৰিছে এনেদৰে—
“আৱতৰীয়া ফাগুন মোৰ, তোমাৰ শৰতত
ডুব যাওঁ প্ৰগলভ প্ৰেমৰ এক দুৰন্ত নিচাত ৷
এক দুৰন্ত নিচা -
জীৱনৰ প্ৰেমত পুনৰবাৰ পৰাৰ ৷
আৰু গুনগুনাওঁ
’মোৰ ফাগুন আছেহি আজি ৰৈ.... ’
হ'লেওবা
আৱতৰীয়া ফাগুন মোৰ,
তোমাৰ শৰতত ৷৷”
কবি কিৰণ খনিকৰ “আঘোণ আঘোণ গোন্ধাইছে” শীৰ্ষক কবিতাত আঘোণ মাহৰ সাৱলীল বৰ্ণনা প্ৰকাশ পাইছে। কবিয়ে শাওণৰ প্ৰথমজাক বৰষুণতে বৰ আশাৰে সপোন এটা সাঁচিছিল, যি সপোন আঘোণ মাহত তেওঁৰ বুকুত সোণোৱালী ঢৌ হৈ নাচিব, যি সপোনে তেওঁক দি যাব জীয়াই থকাৰ ঠিকনা। এনেধৰৰ বিষয় বস্তুক লৈ কবিয়ে “আঘোণ আঘোণ গোন্ধাইছে” শীৰ্ষক কবিতাটো ৰচনা কৰিছে। “চাৰিমাহৰ শেষতে এটা ভালখবৰ শুনিম” -চাৰিমাহ বুলি কওঁতে কবিয়ে ভুই ৰোৱাৰ পৰা আৰম্ভ কৰি ধান পকাৰ সময় চোৱালৈ অপেক্ষা কৰাৰ কথা বৰ্ণনা কৰিছে।
“আজি তোৰ পদুলিত সন্ধিয়াৰ সোণোৱালী ঢৌ
মই ৰৈ আছোঁ চিকিমিকি সন্ধিয়াৰ আশাত
লখিমি অ’
ঘৰলৈ যাওঁতে মই পুতেৰলৈ কি নিম ??”
………কবিয়ে যেন কৈছে বাৰিষাৰ সেউজীয়া পথাৰ সোণোৱালী হোৱাৰ যি আশা সেইয়া যেন আঘোণৰ পদূলিত। আঘোণ অহাৰ লগে লগে কবিয়ে ষেন সেই আশা পূৰণ হোৱা বুলি অনুভৱ কৰিছে। আৰু বৰ আশাৰে লখিমীক আদৰি নিয়াৰ প্ৰচেষ্টা চলাই কবিয়ে লখিমীক প্ৰশ্ন কৰিছে- “ঘৰলৈ যাওঁতে মই পুতেৰলৈ কি নিম ??”
কবি কৌশিক ব্যাসৰ “ছাঁ- পোহৰ” শীৰ্ষক কবিতাত কবিয়ে জীৱনত কাৰোবাক হেৰুৱাই তেওঁৰ জীৱনৰ পোহৰ হেৰুৱাৰ কথা চিত্ৰায়ণ কৰিছে। কবিতাৰ শিৰোনাম পঢ়িলে আমি ক'ব পাৰো যে- পোহৰ আছে বাবেই ছাঁ আছে। কবিয়ে জীৱনত যি পোহৰ পূৰ্ণিমাৰ জোনৰ দৰে বিচাৰিছে সেই পোহৰ হয়তো কবিৰ জীৱনত ছাঁযা সদৃশ ভাবেহে পৰিছে। সেইযে কবিয়ে উল্লেখ কৰিছে--
“আঙুলিৰ ফাঁকেদি
সৰি পৰিছিল সময়৷”
“লাইটলৈ বুলি
উভতি গৈছিল৷”
ক'ৰবাত কেনেবাকৈ / কোনোবাই কাৰোবাক / হেৰুৱাইছিল”-কবিয়ে কোনে কাক হেৰুৱাইছে কথাটো উহ্য ৰাখিছে যদিও কবিতাটোৰ প্ৰথম অংশত তেওঁ নিজে ছায়াৰ মাজত পোহৰ বিচাৰি থকাৰ উমান দেখা পাওঁ।
কবি প্ৰকাশ ভূঞাৰ ‘বেলিৰ দৰে, নদীৰ দৰে’ এটা সুখপাঠ্য কবিতা। কবিৰ কবিতা সমূহত ব্যৱহাৰ কৰা চিত্ৰকল্প মন কৰিবলগীয়া। বেলিৰ দৰে, নদীৰ দৰে দুয়োটা চিত্ৰকল্পই কবিতাটো সৌন্দৰ্য বৃদ্ধি কৰিছে। কবিয়ে এই পৃথিৱীৰ পৰা বিদায় লোৱাজনক কবিতাটিৰ জৰিয়তে শ্ৰদ্ধা জ্ঞাপন কৰি তেওঁলোকৰ কৰ্মৰাজি ‘বেলিৰ দৰে পোহৰ' হৈ থাকিব বুলি উল্লেখ কৰিছে। ইয়াৰ উপৰিও নৈৰ দৰে সদায় বৈ থাকিব বুলি মনৰ ভাৱ প্ৰকাশ কৰিছে। সেইয়ে কবিয়ে কৈছে---
“তোমালোকৰ খোজবোৰ
বালিচৰত এতিয়াওঁ পৰি আছে
তোমালোকৰ খোজবোৰৰ
যুগন্ধৰী স্থাপত্য”
………এই পৃথিৱীৰ পৰা বিদায় লোৱা মহত্ত ব্যক্তিসকলক যুগন্ধৰী স্থাপত্যৰ লগত তুলনা কৰি কবিয়ে পুনৰ কৈছে-
“বালিচৰৰ নিৰ্জন দুপৰবোৰত
তোমালোকৰ সোণালী পতাকা
আৰু উজ্জ্বল শিৰবোৰলৈ
আজিও মোৰ মনত পৰে”
…..কবিয়ে যেন তেওঁৰ দুচকুত ভাঁহি থকা প্ৰিয় ব্যক্তি সকলক কাহানিও পাহৰিব পৰা নাই সেয়ে তেওঁৰ প্ৰিয় ব্যক্তিসকল স্বৰ্গগামী হৈও তেওঁৰ মনত প্ৰতিনিয়ত দোলা দি থাকে বুলি উল্লেখ কৰি শ্ৰদ্ধা নিবেদন কৰিছে।
হাউলী ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থত প্ৰকাশিত কবি অনিন্দিতা কলিতাৰ কবিতা “মই জানকী”ত কবিয়ে ৰামায়ণৰ চৰিত্ৰ জনক ৰজাৰ জীয়েক সীতাক লৈ বৰ্ণনা কৰিছে যদিও বৰ্তমান আমাৰ সমাজত চলি থকা অন্ধ বিশ্বাস তথা নাৰীজাতিৰ ওপৰত পুৰুষৰ বিশ্বাসহীনতাক ৰজিতা খুৱাই কবিতাতো সুন্দৰ উপমাৰ সহায়ৰে কবিৰ মনত সৃষ্টি হোৱা ভাবধাৰাক সুন্দৰ বৰ্ণনাৰে প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও কবিয়ে পুৰষজাতিক ধোৱা তুলসীৰ পাতৰ লগত তুলনা কৰি কবিয়ে পুৰুষতান্ত্ৰিক সমাজক যেন প্ৰশ্ন কৰিছে….
.
“কিয় সৰ্বদা পুৰুষ জাতি ধোৱা তুলসী পাত ?”
……..কবিয়ে শেষত সমাজৰ মাজত নাৰী জাতিৰ প্ৰতি থকা অবিশ্বাস আতঁৰাবলৈ সমাজৰ প্ৰতিজন লোকক প্ৰশ্ন কৰিছে—
“ওলাবনে কাহানিবা কোনো দিবলৈ জানকীৰ নিমিত্তে যুদ্ধ ??”
কবি বিক্ৰম আদিত্যৰ “জীৱন” শীৰ্ষক কবিতাত কবিয়ে কম পৰিসৰত মানৱ জীৱনৰ বন্দনা গাইছে। কবিতাটোত ব্যৱহৃত যতি চিহ্ন মন কৰিবলগীয়া। কবিয়ে মৃত্যুৰ ঠিকনাতহে জীৱনক বিচাৰি পাওঁ বুলি কৈ মনৰ ভাব প্ৰকাশ কৰিছে এনেদৰে...
“জীৱন ! মোৰ মৃত্যুৰ ঠিকনাত তোক পাওঁ; ভাল লাগে ! ……..কবিয়ে জীৱনত বিচাৰি ফুৰা আশা আকাংক্ষাবোৰ দুখৰ চকুলো আৰু সপোনত বকুল হৈ ফুলাৰ কথা প্ৰকাশ কৰি তেওঁৰ মনত উদিত হোৱা ক্ষোভ প্ৰকাশ কৰিছে এনেদৰে……..
“তই মোৰ চকুলো আৰু সপোনত বকুল হৈ ফুলিছ!!"(আগলৈ)

No comments:

Post a Comment