Monday, 15 December 2014

'চানেকি' শিতান : ৩০ জুন ২০১৪ : হীৰকজ্যোতি বৈশ্য

জুন মাহৰ 'সাতসৰী'ৰ মূল বিষয় আছিল 'ফুটবল সাহিত্য' । বিষয়ৰ লগত সংগতি ৰাখি এই সংখ্যাৰ কবিতাসমূহো মূলত ফুটবল বিষয়ৰ । ভালেকেইজন নামী কবিৰ কবিতাৰে এইবাৰৰ 'সাতসৰী'খন সজোৱা হৈছে । তাৰ মাজৰ পৰা 'আখৰুৱা' গোটৰ 'চানেকি' শিতানৰ বাবে কবি বিজয় শংকৰ বৰ্মনৰ 'হুকমাৰ স্তৱক' শীৰ্ষক কবিতাটি বাছি লোৱা হৈছে ।
তলত সম্পূৰ্ণ কবিতাটি দিয়া হ'ল ।
***************
হুকমাৰ স্তৱক
(কবি- বিজয় শংকৰ বৰ্মন)
হুকমাৰ গা চুই
আবেলিৰ ৰ'দজাক
সদায়
আমাৰ মুখত পৰিছিল
আমি সানি লৈছিলোঁ সেই গোন্ধ
উশাহত
আমাক টানি ৰাখিছিল হুকমাই
হুকমা আছিল
আমাৰ আপোন পৃথিৱী
খূপাৰ জুইত সেকি
টেপুল কৰা হুকমাই
আমাক
গ'ল দিবলৈ শিকাইছিল
গ'ল ভেটিবলৈ শিকাইছিল
পাছ দিবলৈ শিকাইছিল
শিকাইছিল ছল-চাতুৰী
হে'ড-হেণ্ড অথবা ফাউল
তথাপি আমাক
উমনি দি ৰাখিছিল
কোঁহ ফাটি ওলাই নোযোৱালৈকে
আমাক কাষৰতে ৰাখিছিল
হুইছেল
ৰঙীণ জাৰ্ছিৰ মায়াজাল
নম্বৰৰ বাহাদুৰি
উদ্দাম যৌৱনৰ ছন্দ
ধ্ৰুপদী গতিশিল্প
ক'লা-বগাৰ ছিম্ফনী
ভূগোলৰ ভু
হয়তো সন্ধ্যা নামিল
হুকমাও ওলমি ৰ'ল
পাছবাৰীত
পাহাৰৰ জুপুৰিবোৰ
জুয়ে গোপনে গিলি থোৱা
অথবা
পথাৰত এদিন একেলগে
কিৰীলি পৰা শিশুহঁত
মানুহৰ শদেহ হৈ
নৈয়েদি ভাহি অহা দেখি
এনে লাগে
যেন
উকিয়াই মাতিম
দগধা গোৰত যদি
বাৰীৰ হুকমাবোৰ ফাটি যায়
ফাটি
ঘুগুলা ওলাই যায়
সিহঁতক উকিয়াই মাতিম
মোৰ বুকুলৈ মাতিম
বাৰে বাৰে ফাটি
আকৌ জোৰা লগা
মোৰ চামৰাৰ কলিজাটো
সিহঁতক দেখুৱাই দিম
***************
কবি বিজয় শংকৰ বৰ্মন নলবৰীয়া হোৱা হেতুকে কবিতাটিৰ শিৰোনামতে এটা থলুৱা নলবৰীয়া শব্দ- 'হুকমা'ৰ ব্যৱহাৰ দেখা গৈছে, যাৰ অৰ্থ- ৰবাব টেঙা । এটা সময় আছিল যেতিয়া গাওঁৰ ল'ৰাবিলাকে পথাৰত ৰবাব টেঙাৰে ফুটবল খেলিছিল, ৰবাব টেঙাতেই একমনা হৈ আছিল ল'ৰাসৱ বিশেষকৈ দুপৰীয়া-আবেলিৰ সময়খিনি । তেনেকুৱা এটা পটভূমিতে কবিতাটিৰ আৰম্ভণি । কবি নিজেও তেনেকুৱা শৈশৱ পাৰ কৰি অহা এজন ।
কিন্তু সময় সদায় একে নাথাকে । চতুৰ্থ স্তৱকত কবিয়ে লিখিছে-
"হয়তো সন্ধ্যা নামিল
হুকমাও ওলমি ৰ'ল
পাছবাৰীত"
কবিয়ে সযতনেৰে ইয়াত 'সন্ধ্যা' শব্দটি ব্যৱহাৰ কৰিছে । ই এটা দ্ব্যৰ্থক শব্দ । যদিও 'সন্ধ্যা' এটা সময়বাচক শব্দ, ইয়াৰ দ্বাৰা সময়ে আনি দিয়া ব্যস্ততা, আধুনিকতাৰ মেৰপাক ইত্যাদিবোৰ উপস্থাপিত হৈছে, যাৰ বাবে এলাগি হৈ পৰিছে অতীতৰ ৰবাব টেঙা(হুকমা)ৰ পৃথিৱীখন ।
শেষৰ স্তৱক দুটা কবিৰ গ্ৰামীণ মানসিকতাৰ মৰ্মান্তিক উপলব্ধি । মৃত মানুহৰ শৱ দেহ দেখি কবিয়ে সিহঁতৰ জীৱন নিজৰ লগত সাঙুৰি লৈছে, সিহঁতৰ শৈশৱ যেন কবিৰ লগতে পথাৰত হুকমা খেলি পাৰ হৈছে । বাস্তৱৰ নিৰ্মমতাত উপায়ান্তৰ কবিৰ প্ৰাচীন সত্ত্বা এনেদৰে ব্যক্ত কৰিছে-
"বাৰে বাৰে ফাটি
আকৌ জোৰা লগা
মোৰ চামৰাৰ কলিজাটো
সিহঁতক দেখুৱাই দিম"
কবিতাটিৰ ভাষা অতি সৰল আৰু সাৱলীল, যাৰ বাবে যিকোনো মানুহে অতি সহজে কবিতাটোৰ বক্তব্যখিনি বুজি পোৱাত সুবিধা হৈছে ।

UnlikeUnlike ·  · 102

No comments:

Post a Comment