Friday, 26 December 2014

"গধূলি" : জাহ্নু ভৰদ্বাজ

বাচৰ পৰা নামিয়ে চৌপাশে চালো৷কহৰাৰ চ'ক৷চৌদিশে ধাননি পথাৰ৷মুকলি মুকলি লগা অনুভৱ এটাই মুহূৰ্ততে মোক ডুবাই পেলালেহি৷আবেলিটোৱে লাহে লাহে গধূলিটোক বাট এৰি দিছে৷হেলনীয়া হৈ অহা বেলিটিয়ে লাহে লাহে ৰঙচুৱা (নে হেঙুল?) বৰণ লৈছে৷
নতুনকৈ পকী কৰা ৰাস্তাটোৰে খোজ ল'লো৷এই গধূলি সময়কণ মোৰ খুব প্ৰিয়৷নিজৰ নিজৰ লগা অনুভৱ এটাই গধূলিৰ সময়কণক আৱৰি ৰাখে৷
শৈশৱত গোটেই আবেলিটো ৰবাব টেঙাৰে ফুটবল খেলি এই গধূলি সময়কণতে ওচৰৰে পুখুৰীটোত জঁপিয়াই পৰিছিলো আমি আটাইকেইটা৷ঠেলা হেচা, এটাই আনটোক জুবুৰিওৱা আদিৰে আনন্দময় হৈ উঠিছিল গধূলিবোৰ আমাৰ বাবে৷প্ৰায় সদায় দেউতাই হাতত চেকনি এডাল লৈ জিভা কামুৰি আমাক পানীৰ পৰা উঠাইছিল৷ঘৰলৈ আহি জলপান অলপ খায়েই মাৰ লগত তুলসীতলত প্ৰাৰ্থনাৰ বাবে আঠু লোৱাৰ সময় হৈছিল৷
প্ৰসন্ন আৰু প্ৰশ্ৰয়ৰ মিচিকিয়া হাঁহি এটিৰে দেউতাই আমালৈ চাই গোহালিত জাগ দিছিল৷মোতকৈ ডাঙৰ হোৱাৰ সুবাদত দাদাই প্ৰাৰ্থনা কৰাৰ পৰা ৰেহাই পাইছিল আৰু সেইখিনি সময়ত সি দামুৰি কেইটাক ভালকৈ বান্ধিছিল৷ মাৰ ভয়তে জপাই ৰখা দুচকু মেলি মই মাজে মাজে পিৰিক পাৰাককৈ দেউতা আৰু দাদালৈ চাইছিলো৷দেউতাই মন নকৰিলেও দাদাই দেখিছিল আৰু সি ইংগিতেৰে মোক চকু জপাবলৈ কৈছিল৷ মুঠতে গধূলিবোৰ আমাৰ বাবে অতি ভাললগা আছিল৷নিৰাপত্তা আৰু সৰল জীৱনত গধূলিবোৰ আমাৰ বাবে প্ৰিয় সময় আছিল৷
তেনেকুৱা এটা গধূলিতে দেখিবলৈ অতি ভাল লগা মানুহ এজন আমাৰ ঘৰলৈ আহিছিল৷ নিয়মমাফিক ব্যস্ততাবোৰৰ কিছু সালসলনি ঘটিছিল সেইদিনা গধূলি৷সুস্থ সবল মানুহজনক দেখিলেই খেলুৱৈ যেন লাগিছিল৷মানুহজন আমাৰ পাকঘৰতে বহিছিল৷অনন্ত উৎসুকতাৰে আমিও তেওঁনো কোন জানিবলৈ ওচৰতে ৰৈছিলো৷দাদাৰ লগত কিছুপৰ পঢ়া- শুনাৰ বিষয়ে কথা পাতি মানুহজনে মোক কোলাত তুলি লৈছিল৷মানুহজনক কথা সুধিব পাৰি বুলি মোৰ মনতে ভাৱ হৈছিল আৰু সেয়ে বিনাদ্বিধাই মই সুধিছিলো তেওঁনো কোন৷এনেতে সোমাই অহা দেউতাই তেওঁ আমাৰ খুৰা হয় বুলি চিনাকি কৰাই দিছিল৷সেইদিনা গধূলিটো মা- দেউতা আৰু খুৰাজন যেন অন্য এখন জগতত আছিল৷ বহুতো বুজিব নোৱাৰা কথাৰ মাজতো মুক্তি বাহিনী, অভিযান, কাচিন, সংগঠন, মহাশয়, আত্মসমৰ্পণ আদি শব্দবোৰ মই বুজিছিলো৷দাদায়ো বুজিছিল নিশ্চয়, আৰু সেয়ে কিছুপৰ পাছতে সি ওচৰৰে নকুলহঁতৰ ঘৰলৈ কেৰম খেলিবলৈ ওলাই গৈছিল৷খুৰাৰ কোঁচত বহিয়ে মই তেওঁলোকৰ কথাবোৰ শুনি ৰৈছিলো৷বুজা- নুবুজাৰ মাজতো মা- দেউতাৰ সেই অচিন ৰূপ মোৰ ভাল লাগিছিল৷
খুৰা জনৰ আহ যাহ চলি আছিল৷নিয়মমাফিক ভাৱেই আমি ডাঙৰ হ'লো৷দাদাই মেত্ৰিক দিলে৷তাৰ ৰিজাল্ট দিয়াৰ দিনা গধূলি সময়ত খুৰা আকৌ আহিছিল৷তেতিয়ালৈ আমি বিনা সংকোচে দেউতা আৰু খুৰাৰ লগত আমাৰ পাকঘৰৰ খোৱা মেজত বহি কথা পাতিব পৰা হৈছিলো৷ সেইদিনা গধূলি দেউতাই খুৰাৰ সন্মুখতে আমাক জীৱনৰ এটা বৰ্নিল অধ্যায়ৰ কথা কৈছিল৷৮৫ চনত চাকৰিত সোমাইয়ো বাদ দি দেউতা ভৰ্তি হৈছিল সংগঠনত৷লিখা- মেলাত কিছু হাত থকা দেউতা সংগঠনৰ প্ৰচাৰ সচিব হৈছিলগৈ৷সংগঠনৰ জীৱনতে দেউতাই মাক লগ পাইছিল৷গহীন আৰু অসম্ভৱ ভাৱে অন্তৰ্মুখী মাৰ প্ৰেমত পৰিছিল দেউতা৷সংগঠনৰ কঠিন জীৱন যাত্ৰাৰ মাজতো অৱশেষত দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল৷
মন্ত্ৰমুগ্ধ হৈ দেউতাৰ কথাবোৰ শুনি থকা আমাক দুয়োকে আচৰিত কৰি এইবাৰ খুৰাই নিজৰ পৰিচয় দাঙি ধৰিছিল৷তেওঁ আছিল মা- দেউতাৰ লগত একেটা কেম্পতে৷ সংগঠনৰ আটাইতকৈ শক্তিশালী বেটেলিয়নৰ কেপ্টেইন খুৰাৰ দেউতাৰ লগত গভীৰ বন্ধুত্ব৷খুৰাই কৈ গৈছিল কেনেকৈ ওচৰৰ ভুটীয়া গাওঁৰ পৰা অনা গাহৰি আৰু মদেৰে মা- দেউতাৰ বিয়াৰ ভোজ দিয়া হৈছিল৷সংগঠনৰ মহাশয়ে ওৰেৰাতি বিহু নাচিছিল খুৰাহঁতৰ লগত৷
অতি আগ্ৰহেৰে কথাবোৰ শুনি থাকিলেও দাদা আৰু মোৰ মুখত ভাহি উঠা কৌতুহলৰ ভাৱটো খুৰাই হয়তো লক্ষ্য কৰিছিল৷পাছৰ সময় কণত কেনেকৈ সংগঠনৰ অন্তৰ্কন্দল আৰু চৰকাৰী বাহিনীৰ সক্ৰিয়তাই সংগঠন দুৰ্বল কৰি পেলাইছিল তাকে কৈ গৈছিল৷আমাক আচৰিত কৰি খুৰাই কৈছিল সেই অভিশপ্ত গধূলিটোৰ কথা৷ প্ৰচন্ড চৰকাৰী অভিযানটোত বুকুৰ তলতে গুলী লগা দেউতাক দাঙি লৈ খুৰাই পলাইছিল ওচৰৰ গাওঁখনলৈ৷বহুদিনৰ পিছত দেউতাৰ আঘাত ভাল হৈছিল যদিও আগৰ দৰে সম্পূৰ্ণ কাৰ্যক্ষম নাছিল দেউতা৷সংগঠনৰ অনুমতিক্ৰমে আত্মসমৰ্পণ কৰিছিল দেউতাই৷মা সেইখিনি সময়ত গৰ্ভৱতী আছিল বাবে সংগঠনে মাকো আত্মসমৰ্পণ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল৷আৰু ঘৰলৈ অহাৰ পাছত দাদাৰ জন্ম হৈছিল৷
সেইদিনাৰ গধূলিটো দাদা আৰু মোৰ বাবে চিৰদিন স্মৰণীয় হৈ থাকিব৷জীৱনৰ ইমান ডাঙৰ সত্য এটাৰ মুখামুখি হৈ আমি কিংকৰ্তব্যবিমূঢ় হৈ পৰিছিলো৷চলচলীয়া চকুৰে দেউতাই দাদাৰ কান্ধত হাত থৈছিল৷আৰু মই, কথাবোৰ ভাৱি চিজিল লগাবলৈ মোক অলপ অকলশৰীয়া সময়ৰ দৰকাৰ হৈছিল৷মা- দেউতাই বুজিছিল৷লাহেকৈ মই পাকঘৰৰ পৰা ওলাই পাছফালৰ দুৱাৰেৰে ওলাই গৈছিলো আমাৰ পুখুৰীটোৰ পাৰলৈ৷অস্তগামী সুৰূযৰ কিৰণে গধূলিটো মায়াময় কৰি তুলিছিল তেতিয়া৷পুখুৰীপাৰৰ নিৰ্জনতাতো শান্ত হ'ব পৰা নাছিলো বহুপৰ৷
আমাৰ গধূলিবোৰ লাহে লাহে সলনি হৈছিল৷দাদাই গুৱাহাটীলৈ গৈ ভোলানাথ বৰুৱা মহাবিদ্যালয়ত নাম লগাইছিল৷ মোৰো টিউচন আদিৰে গধূলিৰ সময়কণ ব্যস্ততাৰেই পাৰ হৈছিল৷তেনেকুৱা সময়তে এদিন গধূলি দেউতা বলিয়াৰ নিচিনা হৈ সোমাই আহিছিল মোৰ কোঠালৈ৷সেইদিনা কোনো টিউচন নাছিল বাবে মই ঘৰতে আছিলো৷মোৰ বিচনাত বহি দেউতাই চলচলীয়া চকুৰে মোলে' চাইছিল৷কিছুপৰ পাছতে হুকহুককৈ কান্দি উঠিছিল দেউতা৷দেউতাৰ হাতত থকা চিঠি খন লৈ মই পঢ়ি চাইছিলো৷সংগঠনলৈ গ'লগৈ দাদা৷সেয়া আছিল সি মা- দেউতাৰ পৰা বিদায় ল'বলৈ দিয়া চিঠি৷কিয় জানো আমাৰ জীৱনৰ অধ্যায়বোৰ ভালদৰে জানিও আমি এজনো সাজু নাছিলো দাদাৰ তেনেকুৱা এটা পদক্ষেপৰ বাবে৷সেইদিনা গধূলিটো আমাৰ অতি নিৰৱতাৰে পাৰ হৈছিল৷
দাদাৰ ভয়াবহ ভৱিষ্যতৰ সম্ভাৱনাই মূক কৰি পেলাইছিল মা- দেউতাক৷ঘৰখনত সকলো সময়তে কাঁহ পৰি জীণ যোৱা নি:স্তব্ধতা৷কিন্তু মই মন বান্ধি পেলাইছিলো৷অতিশয় সৰৱ হৈ উঠিছিলো মই৷বেছিভাগ সময় ঘৰতে কটাবলৈ লৈছিলো আৰু চিঞৰি চিঞৰি কথা কৈ অথবা গান গাই থাকিবলৈ লৈছিলো৷মোৰ কথামতেই আমাৰ ঘৰলৈ টি ভি আহিছিল৷বাতৰিৰ সময়কণত মা- দেউতা টি ভিৰ সন্মুখত বহিছিলহি৷শংকা আৰু উৎকণ্ঠাৰে ভৰা তেওঁলোকৰ মুখ দুখনে মোক হতাশ কৰি তুলিছিল৷সন্ধিয়াৰ বাতৰিত পাব পৰা অনাকাংক্ষিত যিকোনো সংবাদৰ সম্ভাৱনাত মা- দেউতাৰ গধূলিবোৰ শংকাময় হৈ উঠিছিল৷আৰু লগতে মোৰো৷
বেয়া হোৱা বুলি মিছাকৈ কৈ টি ভি টো মই চিনাকি মজুমদাৰ খুৰাৰ দোকানত বেচি দিছিলো৷মোৰ নিজৰ পাঠ্যপুথিৰ কিতাপবোৰৰ উপৰিও আন আন কিতাপ নিয়মীয়াকৈ কিনিবলৈ লৈছিলো৷মা- দেউতাও পুনৰ আমি শৈশৱত দেখাৰ দৰেই কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী হৈ উঠিছিল৷লাহে লাহে আমাৰ গধূলিবোৰ কিতাপে ভৰাই তুলিছিল৷ঘৰখন নিজম পৰি থাকিলেও আমাৰ মনবোৰ লাহে লাহে সৰৱ হৈ পৰিছিল৷দাদা সংগঠনলৈ যোৱাৰ পৰাই চুবুৰীয়া জেঠা- আতা আদিয়ে আমাৰ লগত সংশ্ৰৱ কমাই আনিছিল৷ এতিয়া আমি লাহে লাহে নিজেই প্ৰস্তুত হৈছিলো গাঁওৰ মাজত থাকিও একধৰণৰ একাকী জীৱন কটাবলৈ৷আমাৰ তিনিওৰে অন্তৰংগতা ক্ৰমাৎ যেন বাঢ়িহে আহিছিল৷আমাৰ গধূলিবোৰ আগৰ নিচিনা নহ'লেও, আৰু দাদা নাথাকিলেও লাহে লাহে উপভোগ্য হৈ উঠিছিল৷
ময়ো ডাঙৰ হ'লো৷হায়াৰ ছেকেন্ডাৰীৰ পাছত ওচৰত ভাল কলেজ নথকাত মই কটন কলেজত নাম লগালো৷পুনৰ এবাৰ গধূলিবোৰ সলনি হৈ পৰিল৷হোষ্টেলৰ জীৱনত গধূলিবোৰৰ বহুদূৰ উপভোগ্য আছিল৷কিন্তু মা- দেউতাৰ চিন্তাই মোক সততে হোষ্টেলৰ গধূলিবোৰৰ আনন্দৰ পৰা আঁতৰাই ৰাখিছিল৷মই জানিছিলো মোৰ অবিহনে মা- দেউতাৰ জীৱনটো পুনৰ একঘেয়ামী আৰু কঠিন হৈ পৰিব৷কিন্তু মই নিৰূপায়৷ দাদাৰ চিঠি মই নিয়মীয়াকৈ পাইছিলো৷সি তাৰ বিপদশংকুল জীৱনটোৰ কথা লিখিছিল, সিহঁতৰ আদৰ্শৰ কথা লিখিছিল৷মা- দেউতাৰ যত্ন ল'বলৈ মোক দঢ়াই দঢ়াই কৈছিল৷ময়ো তালৈ লিখিছিলো - তাক ঘূৰি আহিবলৈ কৈছিলো, মা আৰু দেউতাৰ অৱস্থাৰ কথা কৈছিলো, আমাৰ গধূলিবোৰ সেই আগৰ দৰে যাপন কৰাৰ কথা কৈছিলো৷আমি উভয়ে গধূলিৰ সময়কণৰ প্ৰতি আমাৰ সেই আজন্ম মোহৰ কথা জানিছিলো৷মোৰ চিঠিবোৰত যদি গুৱাহাটীৰ কৰ্কশ গধূলি অথবা শুক্ৰেশ্বৰ ঘাটৰ মায়াময় গধূলিৰ বৰ্ণনা আছিল, বহুদিনৰ মূৰত অহা তাৰ চিঠিবোৰত আছিল ভুটান পাহাৰৰ ধুনীয়া গধূলিবোৰৰ বৰ্ণনা৷কিন্তু আমি উভয়ে দুৰ্বাদলভাৱে আমাৰ সেই আজন্ম চিনাকি গধূলিৰ গোন্ধ বিচাৰি স্মৃতিৰ বাটেৰে উজাই গৈছিলো অহৰহ৷দেউতাৰ স'তেই আত্মসমৰ্পণ কৰা খুৰাৰ সংগঠনলৈ প্ৰত্যাৱৰ্তনে তাৰ সেই বাসনা আৰু তীব্ৰ কৰি তুলিছিল৷মোলৈ একেটা খামৰ ভিতৰত দুখনকৈ চিঠি আহিবলৈ লৈছিল৷
ইতিমধ্যে মই উচ্চ শিক্ষাৰ বাবে হাইদৰাবাদ বিশ্ববিদ্যালয়ত নাম লগাইছিলো৷বিশ্ববিদ্যালয়ৰ দিনবোৰত প্ৰায়েই গধূলি মই দাদা আৰু খুৰাৰ চিঠিবোৰ মেলি লৈছিলো৷তাত মোৰ হোষ্টেলত অসমীয়া বুজি পোৱা কোনো নাছিল৷মোৰ লগ- সংগও তেনেকৈ নাছিল৷তাত খুৰা বা দাদাৰ চিঠি মুকলিকৈ পঢ়িলেও বিপদৰ সম্ভাৱনা নাছিল৷নিজৰ মানুহবোৰৰ পৰা ইমান দূৰত থাকিও দাদা আৰু খুৰাৰ চিঠি, মা- দেউতাৰ চিঠিবোৰৰ মাজেৰেই মই প্ৰকৃত 'মই' জনক লগ পাইছিলো নিতে৷গধূলিবোৰ চিঠিবোৰৰ সৈতেই পাৰ হৈছিল৷দিনটোৰ যান্ত্ৰিকতা গধূলিৰ এইখিনি আপোন সময়ে নিতে পাহৰাই ৰাখিছিল৷
তেনেকুৱা গধূলি এটাতে দাদাৰ চিঠি এখন পাইছিলো৷আমাৰ ঘৰৰ ওচৰতে থকা মাটিখিনিত, য'ত আমি শৈশৱত সদায় ফুটবল খেলিছিলো, তাতে প্ৰাথমিক বিদ্যালয় এখন আৰু পুথিভঁৰাল এটা স্থাপন কৰাৰ তাৰ বহুদিনৰ সপোনৰ কথা লিখিছিল৷
আগতে বহুবাৰ শুনিছিলো যদিও চিঠিত লিখা তাৰ সেই সপোনটোৰ কথাই ভৱাই তুলিছিল৷মই সংকল্প লৈছিলো গাঁওলৈ ঘূৰি অহাৰ, দাদাৰ সপোনটো পূৰণ কৰাৰ৷মা- দেউতাৰ লগত কথা হৈছিলো৷আনন্দৰে সন্মতি জনাইছিল তেওঁলোকে৷
সেইমতেই অসমলৈ বুলি টিকট কৰি ৰেলগাড়ীত উঠি দিছিলো পৰহি৷ আৰু আজি এয়া নিকটৱৰ্তী কহৰাৰ চ'কত বাছৰ পৰা নামি ঘৰলৈ বুলি খোজ লৈছো৷প্ৰতিটো খোজতে আজন্ম চিনাকি এই গধূলিটোৱে সোঁৱৰণিৰ বুকুলৈ হাতবাউলি দি মাতিছে৷
গধূলিৰ শেষ পোহৰকণে মোৰ মনটো উদ্ভাষিত কৰি তুলিছে৷
------ জাহ্নু ভৰদ্বাজ
Unlike · 

No comments:

Post a Comment