(কাহিনী--১)
টুনক বিছনাৰ পৰা উঠাই আনি, টুথপেষ্ট অকন লগাই দি টুথ রাছডাল হাতত তুলি দিলে বন্যাই । চকু ভালদৰে মেল খুৱাই নাই টুনৰ । তাইক নিজে কৰিবলৈ দিলে অযথা পলম হ'ব। সেয়ে নিজেই দাঁতকেইটা ব্রাছ কৰাই, বন্যাই চকু মুখ ধোৱাই কোলাত লৈ আনি একেবাৰে খোৱাৰ টেবুলত বহোৱাই, গাখীৰ গিলাছ সমুখত দি পাকঘৰত সোমাল।তন্ময় আৰু হিৰন্ময়ৰ বাবে ব্রেকফাষ্ট্ ৰেডি কৰা, শাহু নয়নতৰাৰ বাবে পুৱাৰ চেনী নিদিয়া চাহকাপ এই সকলোখিনি কৰিহে তাই কিছু সময়ৰ বাবে আজৰি হ'ব পাৰিব। কনমানি টুনৰ ইমান আমনি নাই বুলিহে । তিনিবছৰ হোৱাই নাই তাইৰ। আকৌ, ননদ ধৰিত্রী আৰু দেৱৰ হিৰন্ময়ৰ বাবে টিফিনো ৰেডি কৰিব লাগিব।
কেতিয়াবা তাই নিজেই আছৰিত হয়,কেনেকৈ ইমান কাম চম্ভালি ল'ব পৰা হ'ল । সকলোৰে নানা ওজৰ আপত্তি চম্ভালি, দিনটো বৃত্তৰ পৰিধিত ঐকিক কেন্দ্রবিন্দুৰ দৰে ঘূৰি ফুৰে তাই ।

অথচ তাই যে ঘৰৰ আলাসৰ লাড়ু আছিল । দাদাক বৰ্ণাঢ্য আৰু বায়েক বন্দিতাৰ নয়নৰ মণি আছিল সেইবোৰ দিন মনত পৰিলে তাইৰ চকুলো নিগৰে সংগোপনে। দেখুৱাই চকুলো টোকাৰো অধিকাৰ নাই তাইৰ। কিহতনো জগৰ লাগে, তাই বুজিবই নোৱাৰে। সকলো যেন অসন্তুষ্ট তাইক লৈ। টুনক কৰ্ণফ্লেক্স অকন খুৱাই তাই, শোৱাকোঠা পালেহি ।
তন্ময় বিছনাৰ পৰা উঠিছে। হয়তো বাথৰূমত ।

ধৰিত্রী বিছনাতে, এদিনো কলেজলৈ ব্রেকফাষ্ট কৰি যোৱাৰ সময় নহয় তাইৰ। লৰালৰিকৈ আপেল এটা একামোৰ মাৰি গাড়ীত বহেগৈ। হিৰন্ময় জ'গিং কৰি উভতি আহিছে। শাহু নয়নতৰাও বাৰাণ্ডাত বহিছেহি । খৰধৰকৈ হাতত পুৱাৰ বাতৰি কাকতখনেৰে, তেখেতলৈ একাপ ফিকা চাহ ,দুটা বিস্কুটেৰে সজাই লৈ তাই আগফালৰ বাৰান্দা পালেগৈ । কিয় জানো শাহু আৰু ননদ ধৰিত্রী দুয়ো সদায়ে ৰুষ্ট তাইৰ প্রতি। কাৰণ হিচাপে তাই ভাবে তাহাঁতৰ বিয়াখন বুলি।
পাঁচ বছৰীয়া প্রেমৰ অন্তত,তন্ময়ৰে তাইৰ বিয়া। তাইৰ বাবে তন্ময়ে মাকে পচন্দ কৰা ছোৱালীজনী নাকচ কৰিছল। পুৰনা আঢ্যৱন্ত পৰিয়ালৰ বন্ধু কন্যা মালিনীৰে হ'বলগীয়া বিয়াখন ভাঙি তাইক ঘৰ সোমোৱাত ক্ষুণ্ণ হৈছিল শাহু নয়নতৰা । তদুপৰি তাইৰ ৰিটায়াৰ্ড স্কুল শিক্ষক দেউতাকে তাইৰ বিয়াত সামান্য কিছুহে দিবলৈ সক্ষম হৈছিল। দাদাক বৰ্ণাঢ্যৰ পঢ়াৰ খৰচ তদুপৰি আগৰ বছৰ হৈ যোৱা বায়েক বন্দিতাৰ বিয়াৰ খৰচত সৰ্বশ্রান্ত হোৱা দেউতাকে তাইৰ বিয়াৰ কথা চিন্তাই কৰা নাছিল ইমান সোনকালে।
(কাহিনী--২)
-------কালিলৈ আমাৰ নাটকৰ ফাইনেল ৰিহাৰ্চ । সকলো উপস্থিত হ'বা । আমাৰ নাট্যদলৰ সুনাম অক্ষুন্ন থাকিব লাগিব কিন্তু । আজিলৈ সকলো, এতিয়া ঘৰ। good night everybody,..বনু, ব'লা তোমাক ঘৰত থৈ আহোঁ।
নাট্যদলৰ পৰিচালক all in one নাট্যকাৰ, নিৰ্দেশক তন্ময় দত্তই ক'লে।
------ বলক ।
বন্যা তন্ময় দত্তৰ সৈতে ঘৰলৈ আগবাঢ়িল। তাই অভিনয় নকৰে,গীতহে গায় । অভিনেত্রী বান্ধৱী অনিন্দিতাৰ অনুৰোধত তাই নাট্য দলটিত গীত গাবলৈ সন্মত হৈছিল। ভাল লাগিছিল তাইৰ দলটোৰ প্রনালীবদ্ধ অনুশীলন, ঐক্য তথা আনুগত্য আৰু কলাৰ প্রতি ঐকান্তিকতা । প্রতিজনেই বিভিন্ন কাম কৰে জীৱনৰ পেছা হিচাপে । ছাত্রও আছে চাৰিজনমান। সকলোতকৈ বয়সত সৰু অনিন্দিতা আৰু তাইক সকলোৱে আদৰ কৰে। ভাল লাগে তাইৰ ইমানবোৰ মানুহে অপেচাদাৰী নাট্য দলটিৰ বাবে পেচাদাৰী মানসিকতাৰে, মানে সুশৃংখলিতভাৱে কাম কৰা দেখি। সেয়েহে, কেৱল তিনিবছৰৰ পৰিক্রমাৰে, ''নাট্যৰূপা'' অসমৰ এটি বিখ্যাত নাট্যদল। অসমৰ বাহিৰতো অভিনয় প্রদৰ্শণ কৰি তেওঁলোকে সুনাম কঢ়িয়াইছে।
----- ''বুজিছা বনু,এইবাৰৰ প্রদৰ্শণ আমাৰ,শ্রেষ্ঠ প্রদৰ্শণ হ'ব। ''ৰূপালীম'' জ্যোতিদিৱসত, শ্রদ্ধাঞ্জলী হ'ব।''
পাতলীয়াকৈ পৰা কুঁৱলীৰ মাজে মাজে আগবঢ়া গাড়ীত তন্ময়ৰ কাষত বহি যোৱা বন্যাৰ ভাবত যতি পৰিল।
------ হয়,।
-------কেৱল হয়?
------- তুমি ইমান নীৰৱ কিয়?
------- নাইতো, কওঁ কথা ।
-------ৰূপালীমৰ কোনটো চৰিত্রই তোমাক আকৰ্ষণ কৰে ?
------নাজানো, কিন্তু ৰূপালীমৰ চৰিত্র মোৰ ভাল নালাগে। মায়াব'ৰ প্রেমৰ মূল্য দিব নজনা এজনী ছোৱালী ।
------ বনু, ৰূপালীম এজনী সহজ সৰল কিশোৰী । মূল্য, বিনিময়, প্রতিদান এইবোৰ বুজিব পৰাকৈ তাইৰ ইমান বয়সৰ পৰিপক্কতা অহা নাই, আৰু কি কথাৰ বাবে নো তেনেকৈ মানে, মায়াব'ৰ প্রেমৰ মূল্য নুবুজা বুলি ভাৱ হ'ল তোমাৰ ?
------ মায়াব'ই তাইৰ বাবেই বজোৱা বাঁহীটো কিয়নো শিলত ঠেকেচি ভাঙে তাই ? মই যে কেতিয়াওঁ নোৱাৰোঁ তেনে কৰিব ।
-------তুমিনো কি কৰিলাহেতেন ?,
পথৰুৱা বাটটোৰ একাষৰীয়াকৈ গাড়ীখন ৰাখি, সুধিলে তন্ময়ে ।
-------মই, মই হোৱাহ'লে বাঁহীটো বুকুতে সামৰি ক'লো হেতেন, হেৰ' বাঁহী আজিৰ পৰা তই মোৰ বুকুতে, সপোনৰ সুৰ এটি হৈ বাজিবি। মোৰ মায়াব'ই তোৰ বাবে আৰু মোক নাযায় পাহৰি।
--------আস ! তাৰপিছত ?
------মইতো ৰূপালীম নহওঁ, মায়াব'ই বা ক'ত?
--------বিচাৰিব জানিলে সৰগৰ তৰা হাততে পায়। কিজানিবা তোমাৰ মায়াব' কাষতে আছে,তুমি চাব বিছৰা নাই...।
------ নাই, মই ইমান ট্রেজিক নাটকৰ নায়িকা হ'ব নোখোজো দেই।
--------বনু, সকলো কথা,কোৱাৰ প্রয়োজন আছেনে? বাঁহীৰ মিঠা সুৰ এটি হৈ যদি চিৰদিনৰ বাবে তোমাৰ বুকুতে বাজিব খোজোঁ ? পামনে,সহাঁৰি তোমাৰ ?
স্তব্ধ প্রহৰ,
মৌন মুহুৰ্ত, বাংময় কিছুক্ষণ ।
প্রতিশ্রুতি বহু জনমৰ।

তাই নিজেই বুজা নাছিল,তাইৰ হৃদয়ত ক'ৰ পৰানো আহি এটি চঞ্চল হৰিনা পোৱালীয়ে দেউ দি দি জপিয়াই ফুৰিছিল। ঘৰ পাইও তাই বুজা নাছিল,কেনেকৈ পাৰ হৈছিল সময়। উজাগৰী ৰাতি,ৰিমঝিম এজাক বৰষুণে তাইক বুৰাই ৰাখিছিল। পেখম ধৰি ধৰি নাচিছিল মন-বননিত,এহাল ময়ুৰ ।
তন্ময় দত্ত এজন ব্যৱসায়ী। শিল্পী । এটা সঙ্গীত প্রডাকচন হাউছৰ স্বতাধিকাৰী। 'নাট্যৰূপা' নাট্যদলৰ দলপতি, সু-অভিনেতা।সুন্দৰ ব্যক্তিত্ব। নুবুজাকৈয়ে প্রেমত পৰিছিল তাই। ঘৰতো কোনেও বিশেষ আপত্তি কৰা নাছিল। দেউতাকে সিহঁত তিনিওটা ল'ৰা-ছোৱালীকে স্বাধীনচিতীয়াকৈ গঢ় দিছে।অৱশ্যে তন্ময়ৰ ঘৰখনে বৰ এটা ভাল পোৱা নাছিল। যোৰহাট চিনামৰাৰ পুৰণা আঢ্যৱন্ত পৰিয়ালৰ ডাঙৰ বোৱাৰী, এখন প্রতিপত্তিশীল ঘৰৰ হওক সেয়া বিছাৰিছিল মাক নয়নতৰা দত্তই । স্বামী দিবাকৰ দত্তৰ মৃত্যুৰ পাছত সকলোখিনি তেখেতেই চম্ভালি লৈছে। তিনিখনকৈ চাহ-বাগিছা চম্ভালি,তিনিটা ল'ৰাছোৱালীক মানুহ কৰিছে অকলেই তেওঁ। সেয়ে প্রথম পুত্র তন্ময়ে এজন সাধাৰণ বিদ্যালয় শিক্ষকৰ,দেখাই শুনাইও সাধাৰণ ছোৱালীজনী বিয়া কৰাব বিছৰাত কিছু অসন্তুষ্ট হৈছিল তেখেত। স্বামীৰ বন্ধু এজনৰ একমাত্র কন্যা মালিনীক তেওঁৰ খুবেই মন আছিল বোৱাৰী কৰি অনাৰ,কিন্তু পুতেকৰ মনত দুখ নিদিবৰ বাবেই মৌনতা অৱলম্বন কৰিলে তেওঁ।
(কাহিনী---৩)
বিয়াৰ পিচতহে বন্যাই বুজি উঠিছিল যে,জীৱন মানেই কেৱল এক মধুৰ সপোন নহয়। প্রেম-বিবাহ মানেই সুখী দাম্পত্য,সেয়াও সচাঁ নহয় দেখোন। সুন্দৰ প্রেমৰ অভিনয় কেৱল ৰংগমঞ্চৰ বাবেহে। জীৱন নাটৰ নিৰ্দেশণা যে কাৰো স্ব-নিৰ্দেশিত হ'বই নোৱাৰে,সেয়ে চিৰ- শাশ্বত। বিয়াৰ পূৰ্বে, তাইৰ প্রেমিক তন্ময় আৰু বিয়াৰ পাছৰ স্বামী তন্ময়ৰ মাজত কি আকাশ পাতাল প্রভেদ। তাইৰ প্রতি অনবৰতে ৰুষ্ট হৈ থকা শাহু আৰু ননদৰ গোমোঠা মুখ আৰু তন্ময়ৰ নিস্পৃহতা; অসহ্য তাইৰ।
দেৱৰ হিৰন্ময় সৰুৰে পৰা ঘৰৰ বাহিৰতে থাকি পঢ়া আৰু চাকৰি সংক্রান্তত ঘৰৰ পৰা আতৰতে । কিছুদিনৰ বাবেহে আহে ঘৰলৈ। তাইৰ অচিনাকী যেনেই লাগে । সিহঁতৰ সৰু ঘৰখনৰ প্রাণ-চঞ্চলতাৰ বিপৰীতে তন্ময়ৰ ঘৰৰ গোমা পৰিবেশ,প্রাণহীন যেন লাগে তাইৰ। বিশাল ঘৰখনত ধূ ধূ নীৰৱতা। কামবনত সহায় কৰি দিয়া মানুহবোৰো অনবৰতে সন্ত্রস্ত হৈ ৰয়। বৈবাহিক জীৱনৰ তিনিটা বছৰৰ পিছত, তাইৰ কোলা শুৱাই,জীৱন পূৰ্ণ কৰিলে টুনৰ জন্মই। সময় সচাঁই নৰয়। অহৰহ ধাৱমান নিজস্ব গতিত। আজি, দুইবছৰ আঠমহীয়া টুন তাইৰ জীৱনৰ এক অৱলম্বন। এটা হুমুনিয়াহ কাঢ়ে তাই। কেনেকৈ যে ইমান জটিল হৈ পৰে জীৱনৰ অংকবোৰ, ভাবিলেই আছৰিত লাগে। সৰুতে অংক বেয়া পোৱাৰ বাবে,মাকৰ কম বকনি খাব লগা হোৱা নাছিল তাই। হাইস্কুল শিক্ষান্ত পৰীক্ষাতো কথমপিহে অংকত উত্তীৰ্ণ হৈছিল তাই। সেয়ে প্রথম বিভাগত, চাৰিটাকৈ বিষয়ত লেটাৰ নম্বৰ পাই নিজৰ চহৰৰ, ঘৰৰ পৰা ওচৰৰ মহাবিদ্যালয় খনতে, তাই কলা শাখাত নাম লগাইছিল। তাই অৱশ্যে, আগৰে পৰাই কলা শাখাত পঢ়াৰ বাবে আগ্রহী আছিল। বিজ্ঞান পঢ়ি তাই সংগীত চৰ্চা ,কিছু লিখা মেলা কৰা এইবোৰৰ বাবে সময় মিলাব নোৱাৰিব বুলি তাইৰ ধাৰনা আছিল। সেয়ে,একানপতীয়াকৈ পঢ়া শুনা কৰাৰ লগতে তাই নিজৰ সুকুমাৰ কলাৰ চৰ্চাও চলাই গৈছিল। মহাবিদ্যালয় সপ্তাহৰ তাই শ্রেষ্ঠ গায়িকা আৰু শ্রেষ্ঠ সাহিত্য প্রতিযোগীৰ সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল।

------ম্মামা...মা,..পোক ।
------ৰ'বা মাইনা গৈছো ।
টুনৰ মাত শুনি বন্যাই ল'ৰালৰিকৈ তাইৰ ওচৰলৈ গ'ল। টুনে আন কাৰো লগতে নাথাকে, হয়তো আত্মীয়তাৰ অভাৱ হৃদয়ঙ্গম কৰিব পাৰে। বহুক্ষেত্রত এটা শিশুৱে ডাঙৰতকৈ বেছি ভালকৈ, মৰমৰ টান অনুভৱ কৰিব পাৰে। টুনে জেঠী এটা দেখি কান্দিছিল। তন্ময়েও জেঠীলৈ ভয় কৰে । হাঁহি উঠে তাইৰ, সামান্য জেঠী এটালৈ ইমান ভয় কৰা দেখিলে। ডাইন'চৰৰ প্রজাতিৰ ক্ষুদ্র সংস্কৰণ যেন লগা ,''জেঠী'' নামৰ এখন নাটক লিখিছিল তাই,তাইৰে এটা গল্পৰ আধাৰত। আন্তঃমহাবিদ্যালয় সপ্তাহত ২য় শ্রেষ্ঠ নাটৰ সন্মান লাভ কৰিছিল। এখন আদৰ্শ ঘৰৰ ৰূপ তুলি ধৰা নাটকখন নাট্যৰূপা দলেও নিজৰ প্রদৰ্শণৰ বাবে লৈছিল আৰু তেনেকৈয়ে তাই নাট্যৰূপাৰ সান্নিধ্যলৈ আহিছিল। পিছলৈ, বান্ধৱী অনিন্দিতাৰ নিমন্ত্রণক্রমে, তাই নাট্যৰূপাৰ সংগীত ব্যৱস্থাপক হিচাপেও যুক্ত হয়। ভাল লাগে তাইৰ।

হেপাহৰ ৰং মোৰ,
উৰে পাখি মেলি,
তোমাৰ সান্নিধ্যৰ,
শুকুলা মেঘালিৰে মিতিৰালি ।
উৰে পাখি মেলি,
তোমাৰ সান্নিধ্যৰ,
শুকুলা মেঘালিৰে মিতিৰালি ।
সকলোকে, খোৱা বোৱাৰ দিহা দি তাই সাজু হ'ল । ''বি' জ্ ইন্টেৰিয়ৰৰ্চ'' । তাইৰ সপোনৰ বাস্তৱ। বহুকষ্টেৰে গঢ়ি তোলা প্রতিষ্ঠান। ১বছৰতে ঠন ধৰি উঠা প্রতিষ্ঠানটি তাইৰ ভৱিষ্যতৰ সোপান। তাইৰনো কি, টুনৰ ভৱিষ্যতেই তাইৰ একমাত্র উদ্দেশ্য জীৱনৰ। জীয়াই থকাৰ এক নিশ্চিত অৱলম্বন !
------বনু আজি ক'ৰ্টৰ কামখিনি সোনকালেই হৈ যাব। টুনৰ বাবে তোমাৰ ইন্টেৰিয়ৰ্চৰ কাষতে এটা ক্রেচ্ ৰ ব্যৱস্থা কৰিবা ।
-------হ'ব। মই কথা পাতিছো, এগৰাকী মহিলাৰ সৈতে।
------- O.K Good আহাঁ, তোমাক নমাই দি যাম।
-------- No, মোৰ অকলে খোজ পেলোৱাৰ দৃঢ়তা আৰু সাহস দুয়োটাই আছে। You need not to be worry । কোনেও মোৰ বাবে চিন্তা কৰাৰ প্রয়োজন নাই। পুতৌ মোৰ বাবে অসহ্য।
------O.K. fine bye
-----bye....বিদায় ? ইমান সহজ ? হয়তো হয় ।

চকুকেইটা সেমেকি উঠিল তাইৰ। ট্রেজেদি কাহিনী লিখি, পঢ়ি বা নাট্য ৰূপান্তৰতো ট্রেজিক পৰিনতি চাবলৈ বেয়া পোৱা বন্যা বৰুৱা নিজেই এগৰাকী ট্রেজেদী নাটৰ নায়িকা হৈ পৰিল। টুনক কোলাত লৈ, শাহুৱেকক অভ্যাসবশতঃ মাত লগাই, তাই খৰধৰকৈ বাচ ষ্টপেজলৈ খোজ আগবঢ়ালে।
(যৱনিকা )
------- টুন, আজি তুমি মোক নমাই যাবা হাঁ কলেজ যাওঁতে,আহোতেও আনিবা কিন্তু। ------oh maa, Don't Worry...after all তুমি মোৰ মানে,টুন --- The great তৰংগিনী দত্তৰ মা। ৰ'বা ৫মিনিটত মই সাজু।

এটা প্রশয়ৰ হাঁহি বাগৰি যায় বন্যাৰ দু ওঠেৰে। টুন,এটা সপোনৰ বাস্তৱ তাইৰ । কেনেকৈ যে পাৰ হ'ল ২২ টা বছৰ। তন্ময় এতিয়া তাইৰ অতীত ! বিবাহ বিচ্ছেদৰ পাছতেই সকলো সম্পৰ্ক তাই শেষ কৰি দিছে। ফাট মেলা এটা সম্পৰ্ক,এখন ফটা কাপোৰৰ দৰে নহয় কেতিয়াও: টাপলি দি ব্যৱহাৰ কৰিব পৰা।
-------lets go maa, ব'লা ব'লা । মোৰ classলৈ দেৰি হ'ব। আজি কিন্তু মা তোমাক ঘৰত নমাই মই পুনৰ institute লৈ যাব লাগিব। কিছু কাম pending আছে।

কৈ কৈ টুনে গাড়ীখন উলিয়াই আনিলে। টুন মানে তৰংগিনী এখন Technological institute ৰ মুখ্য সঞ্চালক। বন্যাৰো নিজৰ কামৰ লগতে ভালদৰে কাটি যায় সময়বোৰ।
------- ব'লা ।
টুনৰ কাষৰ আসনত বহি বন্যাই ক'লে।
------- ব'লা ।
টুনৰ কাষৰ আসনত বহি বন্যাই ক'লে।
জীৱনৰ নাট ! নিজকে এগৰাকী দক্ষ নাট্যকাৰ বুলি ভাৱ হয় বন্যাৰ। যোগ,বিয়োগ,পুৰণ,হৰণ কৰি কৰি চৰিত্র সমূহৰ সংযোজন ঘটাব পৰা এজন নাট্যকাৰ।জীৱন আগবাঢ়ে নিজৰ গতিৰে। যদি সকলো সুচাৰুৰূপে পৰিচালিত হয়,জীৱন হয় এখন সফল নাট। বিয়োগাত্মক হৈও যোগাত্মক।
(সমাপ্ত)
(সমাপ্ত)