Sunday, 30 November 2014

আখৰুৱা : literati গোটৰ অনুবাদ কবিতাৰ শিতান: সন্ধান-(তিনি) : কবিতা দত্ত গোস্বামী

আখৰুৱা : literati গোটৰ অনুবাদ কবিতাৰ শিতান: সন্ধান-(তিনি)

সচ্চিদানন্দ ৰাওত ৰায়ৰ এটি কবিতাৰ অনুবাদ আমালৈ পঠিয়াইছে গোটৰ সদস্য তথা অনুবাদক কবিতা দত্ত গোস্বামীয়ে।
উল্লেখ্য যে কবিতা দত্ত গোস্বামীয়ে ইতিমধ্যে বহুখিনি ওড়িয়া কবিতাৰ অনুবাদ কৰিছে আৰু এখন অনুবাদ পুথিৰ কাম হাতত লৈছে। অনুবাদ সাহিত্যৰ প্ৰতি তেখেত বিশেষ ভাবে যত্নপৰ, যিটো অসমীয়া সাহিত্যৰ বাবে শুভ লক্ষণ বুলিব পাৰি।
তেনেদৰে গোস্বামীয়ে ওড়িয়া ভাষাত ভূৱনেশ্বৰৰ পূৰ্বাঞ্চল ভাষা কেন্দ্ৰৰ পৰা distinction পোৱা অসমৰ প্ৰথম গৰাকী মহিলা আৰু ওড়িয়াৰ পৰা তেখেতে এতিয়ালৈকে অনুবাদ কৰা ৭ (সাত) খন গ্ৰন্থ প্ৰকাশ হৈছে। ওড়িশাৰ চাৰিওগৰাকী জ্ঞানপীঠ বঁটা প্ৰাপক ক্ৰমে Gopinath Mohanty, Sachianand Rout Roy, Sitakant Mahapatra আৰু Pratibha Ray-ৰ উপন্যাস, কবিতা আদিৰ কবিতা দত্ত গোস্বামীয়ে ইতিমধ্যে অসমীয়ালৈ কিছুখিনি অনুবাদ কৰিছে। আগলৈ তেখেত সকলৰ গ্ৰন্থৰ অনুবাদ কৰাৰ পৰিকপ্লনা তেখেতে যুগুতাই আছে। অসমীয়া সাহিত্যলৈ নি:সন্দেহে এয়া এক ইতিবাচক বাৰ্তা।

যিহওক, আপোনালোকে জানে য সচ্চিদানন্দ ৰাওত ৰায় ১৯৮৬ চনৰ জ্ঞানপীঠ বঁটা প্ৰাপক এগৰাকী বিশিষ্ট উড়িয়া কবি। তেখেতক ১৯৬২ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰাৰ লগতে ১৯৬৩ চনত সাহিত্য একাডেমি বঁটাৰে সন্মানিত কৰিছে।

১৩ মে' ১৯৬৫ চনত কবি ৰায়ৰ জন্ম হৈছিল উৰিষ্যাৰ খুৰডাৰ ওচৰৰ গুৰুগঞ্জত। তেখেত ডাঙৰ হৈছিল বাংলা সাহিত্যৰ শিক্ষা গ্ৰহণ কৰি। তেখেতে গোলাপাল্লীৰ ৰাজ-পৰিয়ালৰ এগৰাকী তেলেগু ৰাজকুমাৰীৰ সৈতে বিবাহ-পাশত আৱদ্ধ হৈছিল।
তেখেতে তেখেতৰ ১১ বছৰ বয়সতেই কবিতা লিখা আৰম্ভ কৰিছিল। তেখেতে ভাৰতৰ স্বাধীনতা আন্দোলনত ভাগ লৈছিল, তেখেত যেতিয়া স্কুলীয়া ছাত্ৰ আছিল। তেখেতৰ সেই সময়ৰ কিছু কবিতাত বৈপ্লৱিক ধাৰণা সন্নিৱিষ্ট হোৱা বাবে, বৃটিচ চৰকাৰে নিষেধ কৰিছিল।

২০০৪ চনৰ ২১ আগষ্টত কটকত তেখেতৰ মৃত্যু হয়।

তেনে এগৰাকী বৰেণ্য ব্যক্তিৰ কবিতাৰে এইবাৰ আমাৰ 'সন্ধান-৩' শিতানটো সজাবলৈ সুযোগ পোৱাটো আমাৰ বাবে এক গৌৰৱৰ কথা।

প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট
০৫ আগষ্ট ২০১৪
_____________________________________________________
মূল ওড়িযা কবিতা :*সচ্চিদানন্দ ৰাওত ৰায় * (Sachidananda Rout ray)
অনুবাদ: কবিতা দত্ত গোস্বামী (Kavita Dutta Goswami)
......................... চিঠি ..............
চিঠি আহে , বহুতো চিঠি
বগা আৰু সেউজীয়া, নীলা হালধীয়া কাগজত
গুণ গুণ মৌমাখিৰ দৰে
সেই চিঠিয়ে আনে যে বৈ
অৰণ্যৰ গন্ধ
তাত হয়তোবা আছে
কোনো দূৰ নদীৰ ছন্দ॥
শান্ত কোনো পুখুৰীৰ টুপ টাপ কথা
এই চিঠিয়ে আনিছে কঢ়িয়াই বহুতো বাৰতা।
ৰাজহংসৰ দৰে ধপ্ ধপিয়া চফা
মনৰ আৱেগ ভৰাই আহিছে
এটি জৰুৰী লেফাফা॥
এই চিঠিৰ উত্তৰত যদি
পঠাব পাৰিলোহেঁতেন...
নৈৰ কাষৰ ধাননিখনিৰ পৰিধিৰ দৰে
বিস্তাৰিত হৈ থকা মোৰ
মনৰ কথাখিনি!!
কিম্বা যদি শৰতৰ ধৱল জোৎস্নাৰ
গুৰ গুৰিয়া হিমকণাৰ আখৰেৰে
পাৰিলোহেঁতেন লিখিব উত্তৰ এবাৰ
তেন্তে হয়তো সেয়াই হ'লহেঁতেন
মোৰ মনৰ সঠিক উত্তৰ॥
কিন্তু যিমানেই লিখিলেও
মনে কিয় বাৰু কয়!!
বাকী কিবা যেন থাকি গ'ল
ক'ৰবাত জানো এটা ফাঁক?
সেয়ে ভাবো, পলাশৰ আবিৰৰ চিয়াঁহীৰে
কদম ফুলৰ ৰেণু ধূলি
মিহলোৱা আছে য'ত
লিখি তাৰ উত্তৰ পঠাওঁ যদি তেওঁলৈ
আকাশে আকাশে ভেদি
জোনাকে জোনাকে!!!!
_______________________________
টোকা: বিশেষ কাৰিকৰী কাৰণত মূল ওড়িয়া কবিতাটো ইয়াত দিব পৰা নগ'ল। আংশিক ভাবে ফটোৰ ৰূপত দিয়া হ'ল। এই অসুবিধাৰ বাবে আমি দু:খিত।
LikeLike ·  · 93

No comments:

Post a Comment