“কবিতা চিৰঞ্জীৱ।কবিতাই উদ্বোধনলৈ বাট চাই নাথাকে।পাঠতেই আছে তাৰ বোধন মন্ত্ৰ। কবিতা কবিৰ জীৱনমুখিতা। কবিৰ চাৰিত্ৰিক উচ্চাৰণ আৰু দৃঢ়তা। কবিতা লৈয়েই কবিৰ জীয়াই থকা। কবিতাৰেই কবিৰ অদেখাক দেখা, অচিনাকিক চিনাকি। কবিতা কবিৰ উজাগৰৰ সপোন আৰু আটাইতকৈ গভীৰ কান্দোন”।
-----হীৰেন ভট্টাচাৰ্য
মাৰ্চ/২০১৪-ৰ আখৰুৱাৰ কবিতাখিনিৰ বিষয় বস্তুৰ বৈচিত্ৰতাই চোতাল শুৱনি কৰিছে। বিশেষকৈ “ফাগুন মাহ” আৰু “নাৰী দিৱস” উপলক্ষে লিখা কবিতা কেইটাই যেন সোণত সুৱগা চৰাইছে।ব’হাগক আদৰা দুই এটা কবিতাইও ভূমুকি মাৰিছেহি।ফাগুন আহে, পৃথিৱী ৰঙীন হয়।
কবি হিৰক জ্যোতি বৈশ্যৰ “ফাগুনী” কবিতাটিয়ে যেন তাকেই প্ৰকাশ কৰিছে।কবিয়ে লিখিছে—
“ফাগুন আহিল দৌৰি /ইচাট বিচাট মন গহনত /সিঁচি দিলে পয়াৰ-দুলড়ী”।
কবি ৰূপম সাউদেও “ফাগুন”ক কবিতাৰে ধুনীয়াকৈ সজাইছে। কবিয়ে লিখিছে—
“তোৰ উৰুঙা বতাহজাকত/অনুকম্পা জগাই /মৰমবোৰে অন্তৰৰ শূণ্যতা দূৰ কৰি /উদং বুকু ভৰি পৰে অনুৰাগৰ সুবাসেৰে।“
কবি ভাস্কৰ জিৎ নাথেও ফাগুনৰ বিষয়ে একে কথাই কয়। সেয়ে কবিয়ে লিখিছে—
“ফাগুন নহয় এটি মাহ..,
শিমলু,মদাৰ ফুলাৰ নির্মল বতাহ।
দুচকুত ভাহি ৰয় বসন্তৰ আগমন,
গছ-বনৰ কোমল কুঁহি পাতৰ সেউজীয়া মন।
ফাগুন নহয় এটি মলয়া বতাহ..,
পলাশৰ ৰং ছটিওয়াৰ ৰঙীন ধৰা।
শিমলু তুলা হৈ উৰিব ফাগুনৰ বিশালতা,
যত প্রকৃতিয়ে পাব পূর্ণতা”
কবি প্ৰকাশ ভূঞাৰ কবিতা “উদাসীন যি বৈভৱ” –সামগ্ৰিকভাৱে উচ্চমানসম্পন্ন কবিতা। কবিয়ে কবিতাটিত লিখিছে—“সৰু সৰু ঢৌ/বৰ বৰ ঢৌ/সৰু বৰ ঢৌ/চেতনাত থৰকাঁছুটি হেৰোৱা/দামুৰী পোৱালীৰ দৌৰ/বিচ্ছিন্ন ঢৌৰ বিভংগতাত/নিসংগ মহাসাগৰ”,ইয়াত "ঢৌ" যেন কোনো এক খবৰ!কবিতাটিত “ঢৌ”ৰ প্ৰতীক মনকৰিবলগীয়া, লগতে “দামুৰী পোৱালীৰ দৌৰ” ৰ দৰে চিত্ৰকল্প বিশেষ মনোমোহা। মুঠতে কবিতাটি বিশেষ ভংগিমাত (ষ্টাইল) লিখা এটা সুন্দৰ কবিতা।
কবি প্লাৱিতা চৌধুৰীৰ কবিতা (কবিতাটিৰ শিৰোনাম কবিয়ে দিয়া নাই) “অস্ফুট গলিটোৰ কানিমুনি এন্ধাৰত ধোঁৱাৰ কুণ্ডলী পকোৱাই...” কবিতাটিৰ আবেদনে পাঠকৰ হৃদয় চুই যায়।কবিয়ে লিখা “পুৰণি মানুহ পুৰণি কথা/এক বেলেগ ধৰণৰ নিচা” স্তৱকটি বিশেষভাৱে সুখপাঠ্য।কবিৰ পৰা পাঠকে অধিক সুখপাঠ্য কবিতা পঢ়িবলৈ দাবী কৰে।
কবি ইন্দ্ৰনীল গায়নৰ “দৈনন্দিন” এটি সুন্দৰ কবিতা। কবিয়ে লিখিছে—“আন্ধাৰ ফালি ফালি/পোহৰ নামে জলঙাৰে” স্তৱকটিৰ প্ৰকাশ শৈলীয়ে এটি সাৰ্থক চিত্ৰকল্পৰ সৃষ্টি কৰিছে। আকৌ কবিয়ে লিখিছে—
“দিনবোৰ আহে আৰু যায় /কাগজৰ টুকুৰাত /বিদ্ৰোহ,নিবনুৱা,ধৰ্ষণ / খবৰবোৰ বেখবৰ হয় /প্ৰাত্যহিকতাৰ দৌৰত” ...হয়, আমি যেন দৈনন্দিন বেখবৰ খবৰবোৰৰ বাবে অসুখী হৈ পৰিছোঁ ।
কবি পূৰ্ণিমা বৰুৱাৰ “খবৰ” কবিতাত প্ৰতীক আৰু উপমাৰ ব্যৱহাৰে কবিতাটিক নিটোল ৰূপ দিছে।
এই পৃথিৱীত ঈশ্বৰ এক পৰম শক্তি যি জনাক আৰাধনা কৰিলে জীৱন-যাপনৰ বাবে একধৰণৰ আধ্যাত্মিক প্ৰেৰণা পোৱা যায়।ঈশ্বৰক দেখা পোৱা নাযায় কিন্তু অস্তিত্ব অনুভৱ কৰিব পাৰি।কবি সাৰদা শ্ৰেষ্ঠাৰ “ঈশ্বৰ আৰু মই” কবিতাটিয়ে তেনে এক ভাৱৰে ইংগিত দিয়া যেন লাগে যেতিয়া কবিয়ে লিখে—
“সঁচাকৈয়ে আছেনে তোমাৰ অস্তিত্ব?”
“তই কি ভাৱ?”
ঈশ্বৰৰ প্ৰশ্নত দ্বিধাহীন ভাৱে ক’লো-
তুমি আছা বুলি ভাৱিলেই সাহস পাওঁ
ঈশ্বৰে কেৱল মিচিকিয়াই হাঁহিলে”।
সৰল আৰু সাৱলীল কবিতাটিয়ে নি:সন্দেহে পাঠকক পঠন সুখ দিবলৈ সক্ষম হৈছে।
ঈশ্বৰ বিষয়ক আন এটি কবিতা কবি দাদুল ভূঞাৰ “ঈশ্বৰৰ ভুল...”।কবিতাটিত কবিৰ অভিমান একবিংশ শতিকাত জন্ম লোৱা বাবে।.কবিৰ বাস্তৱৰ ভেজাল পৃথিৱীখনৰ বাবে কবিয়ে পিতৃ-মাতৃ আৰু ঈশ্বৰকে জগৰীয়া কৰিছে। কবিতাটি সুখপাঠ্য।
কবি জ্যোতি পি চি শইকীয়াৰ এটি সুন্দৰ কবিতা “অনুৰণন”। কবিতাটিৰ উপস্হাপন ভাল লাগিছে। কবিতাটি পঢ়িলে এনে লাগে যেন “পখিলা এটাই ফুলৰ মৌ চুহি হঠাতে আঁতৰিহে গ’ল! ”কবিতাটিত ব্যৱহিত উপমাই কবিতাটিক সাৰ্থক ৰূপ দিছে।
আখৰুৱাৰ চোতালত কবি মধু এম কলিতাৰ “আলোকিত উত্তৰকাল” কবিতাটিত পাঠকে আশাৰ ৰেঙনি দেখিবলৈ পাই যেতিয়া কবিয়ে লিখে—
“শূণ্য কাঁহী দাঙি ৰখা মানুহবোৰ /তোমালোক হতাশ নহ’বা./......এদিন এই বাটেৰে নামিব সূৰ্য /গলাই শেষ কৰিব /অভাৱৰ দিনৰ আন্ধাৰ”...কবিতাটিৰ উপস্হাপনত কবি সফল হৈছে।
কবি জাহ্নু ভৰদ্বাজৰ “প্ৰোথিত” কবিতাটিত অন্তৰাত্মাৰ এটি সমাহিত সুৰ শুনিবলৈ পোৱা যায়।কবিতাৰ সুন্দৰ শব্দচয়নে পাঠকক মোহিত কৰে। কবিৰ “মেহগনী বিলাসিতা”, “অপাৰ্থিৱ আৱাহন” , “সমাহিত কিংবদন্তি” আদিৰ দৰে শব্দই কবিতাটিক সুখপাঠ্য কৰি তুলিছে।
এটা ধুনীয়া প্ৰেমৰ কবিতা কবি ভবিতা দাসৰ “এটা আবেলি তোমাৰ নামত”, কবিতাটিৰ “আবেলি” যেন এটি স্মৃতিকাতৰ আবেলি।কবিয়ে লিখিছে—
“তুমি ভয় নাখাবা মোৰ দুচকুলৈ চায় / এইয়া মৰণাস্ত্ৰ নহয়, অসীম ভালপোৱাৰ ভাষা / তোমাৰ বাবেই মোৰ জেতুকাবুলীয়া হাতৰ মুঠিও এমুঠি যন্ত্ৰণা / আৰু সেই আবেলিটো মোৰ বুকুৰ মাজৰ ধন”।
অন্য এটি প্ৰেমৰ কবিতা কবি প্ৰীতিৰেখা দাসৰ “নভবাকৈয়ে ভাল পাই পেলালোঁ তোমাক”...কবিতাটি সৰল অথচ বাঙ্ময়। কবিলৈ এটি সৰু অভিযোগ এই যে তেওঁৰ প্ৰেম বিষয়ক কবিতাৰ বাদে আজিলৈ অন্য বিষয়ক কবিতা পঢ়িবলৈ পোৱা নাই।
কবি মালবিকা ব্রহ্মৰ কবিতা “অনুভৱৰ টোপাল (৯) বসন্ত” কবিতাটি কণমানি সুখপাঠ্য কবিতা।তেনেকৈ কবি সৌৰভ শইকীয়াৰ “ভীষ্ম” কবিতাটিৰ কথাও কব পাৰি।
কবি কৌশিক ব্যাসাস ৰ “পটিয়সী” আৰু “কবি” নামৰ কবিতাৰ বিশেষ ভংগিমা(Style) মন কৰিবলগীয়া; ইয়াতেই কবিৰ বিশেষ কৃতিত্ব।
কবি ভৈৰৱ চাউদাঙৰ “তিনিটা কবিতা”ইও পাঠকক পঠন সুখ দিবলৈ সক্ষম হৈছে।
কবি মানসজ্যোতিৰ “মাছুৱৈ, খেতিয়ক আৰু নদী” কবিতাটিৰ উপস্হাপন সুন্দৰ। কবিয়ে লিখিছে—
“মাছৰ উজানত /গৰ্ভৱতী হয় মাছৱৈৰ বুকু” ইয়াত “গৰ্ভৱতী” শব্দই সপোন আৰু প্ৰত্যাশাৰ ইংগিত বহন কৰিছে। স্তৱকটিৰ তেনে অৰ্থময়তাই পাঠকৰ হৃদয় চুবলৈ সক্ষম হৈছে।
এগৰাকী নাৰীৰ অনুভৱৰ দৃষ্টিৰে সৃষ্ট কবিতা কবি মনোহৰ দত্তৰ “নাৰী” এটি সুন্দৰ কবিতা। কবিৰ “আমোলমোল আকাশ” কবিতাটিও এটি গানৰ দৰে। অলংকাৰে কবিতাটিক শুৱনি কৰিছে।
কবি জ্যোতি পি চি শইকীয়াৰ “নাৰী দিৱসৰ আঁত ধৰি” লিখা কণমানি কবিতাটিও মনপৰশা।কবিয়ে লিখিছে—“অৰ্ধাকাশ....নহ’লেও কোনো কথা নাই/এমুঠি আকাশতে সাজি লম/জোন বেলি তৰা একান্ত নিজাকৈ...”।
নাৰী বিষয়ক আন এটি মনোমোহা কবিতা কবি নয়ন মণি শৰ্মা ৰিকুৰ “নাৰী”। কবিয়ে লিখিছে—
“তুমি নহ’লে হেৰাই আহিনৰ ঐশ্বৰ্য / ছিগে জীপনি জীৱনৰ / বিপন্ন হয় সকলো সম্ভাৱনা”।
কবি পলাশ প্ৰান্তিকৰ “নাৰী বিজ্ঞাপন জগতৰ সস্তীয়া সামগ্ৰী নহয়” কবিতাটিও সুখপাঠ্য।কবিৰ আন এটি কবিতা “দুখবোধৰ এখন নৈ” কবিতাটি কবিয়ে নিৰুদ্দিষ্ট কবি অৱনী চক্ৰৱতীক লৈ লিখা।সমাজৰ পৰিৱৰ্তন বিচৰা নিৰুদ্দিষ্ট কবি জনাই আজিও যেন নাপালে মূল্যবোধৰ সমাজ!কবিয়ে লিখিছে—
“কবি অৱনী চক্ৰৱৰ্তী দুখবোধৰ নৈখনৰ সিপাৰে
অকলশৰে ৰৈ আছে
ইপাৰৰ মানুহবোৰক চাই চাই-----
একো নোপোৱাকৈ তেওঁ গুছি গ’ল দূৰলৈ, বহুদূৰলৈ
আমি নাম দিলোঁ নিখোঁজ”
কবি প্ৰাঞ্জল বৰাৰ “ৰৌদ্ৰ কামনা” কবিতাটিৰ উপস্হাপন সুন্দৰ।কবিয়ে লিখিছে—
“যাতনাৰ সুদীৰ্ঘ ৰাতিটোৰ / হাতখামুচি ৰৈ আছিল / এন্ধাৰ / ঠিক যেন তৰুণ প্ৰেমিক”.....ইয়াত “তৰুণ প্ৰেমিক”ৰ উপমা মনকৰিবলগীয়া ।আকৌ কবিয়ে লিখিছে—
“ৰাতি জানো স্হিৰ? / এচোতাল ৰ’দৰ স্বপ্নত / স্বপ্নাতুৰ বাটৰুৱা সি”....সুন্দৰ স্তৱক।
কবি নয়নমণি শৰ্মা ৰিকুৱে যেতিয়া “আহক নিলাম কৰোঁ আমাৰ সভ্যতা” নামৰ কবিতাটিত লিখে—
“আহক ৰেহাই মূল্যত বিক্ৰী কৰো / মানৱতা,বিশ্বাস আৰু সৰলতা / বুকুৰ সাহ /মূল্যবোধৰ সততা / মোৰ দেশত এতিয়া ভাত আৰু ভোকৰ সংঘাত /পাপ আৰু পাপীৰ নিবিড় সম্পৰ্ক ইয়াত”
স্তৱকটিয়ে পাঠকৰ হৃদয় চুই যায়।
আজিৰ পংকিলতাৰে ভৰা পৃথিৱীত এচেৰেঙা আশাৰ পোহৰ দেখিবলৈও হাবাথুৰি খাব লগা হয়।কবি অনিন্দিতা কলিতাৰ “সত্য” কবিতাটিত তাৰেই মূৰ্ত প্ৰকাশ ঘটিছে। কবিতাটিৰ শব্দচয়ন সুন্দৰ।কবিৰ কবিতাৰ শেষৰ স্তৱকটি---“.... বৰ্তমান গৱেষণাগাৰত ব্যস্ত সকলো/তৈয়াৰ কৰিবলৈ এটি কৃত্ৰিম আৰু এচেৰেঙা আশাৰ পোহৰ।“
এটি ব্যতিক্ৰমি কবিতা কবি শীৰ্ষজ্যোতি বৰাৰ “অতৃপ্ত আত্মাৰ অপূৰ্ণ আশা”..এনেধৰণৰ কবিতা আখৰুৱাৰ চোতালত প্ৰথম পঢ়িবলৈ পোৱা যেন লাগে।কবিতাটি সুখপাঠ্য।
সদ্যনিখোঁজ মালয়েচিয়ান বিমান যাত্ৰীসকলক উদ্দেশ্যি লিখা কবিতা “শেষ ঠিকনা”, কবি ছিদ্দিকুৰ ৰহমান। কবিতাটিত ব্যৱহাৰ হোৱা “মৌমাখি”, বেগী ঘোঁৰা”, “জোনাকী পৰুৱা” আদিৰ দৰে উপমাই কবিতাটিক নিটোল ৰূপত গঢ় দিছে।কবিয়ে লিখিছে—
"দলদোপ হেন্দোলদোপ / উপত্যকাটোৰে আগবাঢ়ে / ইচ্ছাৰ বেগী ঘোঁৰা এজাক /আদবাটতে থমকি ৰ’ল হঠাৎ”
কবি সুৰেশ বৰাৰ দুটা কবিতা “সুখ” আৰু “ঘৰচিৰিকা”...দুয়োটা কবিতাৰে উপস্হাপন তথা প্ৰকাশ শৈলী অতি সুন্দৰ।কবিয়ে “সুখ” কবিতাটিত অতীতৰ সকলো দুখ পাহৰি ন-জীৱনৰ আৰম্ভণিৰ কথা লিখিছে।কবিৰ “ঘৰচিৰিকা” কবিতাটি অনন্য সুন্দৰ কবিতা।
কবি অজন্তা কুকিৰ কবিতাইও মন চুই যায় (তেওঁ কবিতাৰ শিৰোনাম দিয়া নাই!)
কবি কনচেঙ বৰগোহাঁইৰ কবিতা “অনিশ্চয়তাত ডুবি থকা এজাক বতাহ”....ইয়াত এজাক বতাহ যেন অনিশ্চয়তাত ডুবি থকা জীৱনৰ কোনো এক ক্ষণ।কবিয়ে লিখিছে—
“সময়ৰ খৰতকীয়া খোজ/তোৰ মোৰ বুলি কোনো কথা নাই” আকৌ..”আজি এইয়া, কালিলৈ বা কি/বতাহৰ খোজ অদৃশ্য,অনিশ্চয়তাত ডুবি থকা”, কবিতাটি সৰল আৰু ভাৱৰ গভীৰতাই পাঠকক স্পৰ্শ কৰে।
কবি বিকাশ দাসৰ এটি সৰু সুখপাঠ্য কবিতা “সপোনবোৰ শিপাইছে..” কবিতাটিৰ প্ৰথম স্তৱকে আশাৰ কথা ক’লেও পিছৰ স্তৱক দুটা পঢ়িলে হতাশাৰ সুৰ শুনি পোৱা যেন লাগে।
কবি প্ৰাঞ্জল শইকীয়াৰ “পৰিক্ৰমা” কবিতাটিৰ শব্দচয়ন সুন্দৰ।কবিয়ে প্ৰথম স্তৱকত লিখিছে—
“পানীযুঁৱলীত খোদিত কৰিলোঁ এটি সপোন” ইয়াত “পানীযুঁৱলী”ৰ উপমা মনকৰিবলগীয়া। আকৌ দ্বিতীয় স্তৱকত লিখিছে—“মৰিচীকা, তৃষ্ণাতুৰ পথিকৰ অস্বচ্ছ এক অন্তিম ঠিকনা” ...কবিতাটিৰ আবেদনময়তা একে আষাৰে সুন্দৰ বুলি কব পাৰি।
কবি নয়ন এম কলিতাৰ “ব’হাগ” কবিতাটিয়ে পাঠকক ব’হাগৰ বতৰা দিয়ে।দুয়োটি স্তৱকৰে উপস্হাপন অতি সুন্দৰ।কবিয়ে প্ৰথম স্তৱকত লিখিছে—
“বাসন্তী ৰাতি /কোনে বজায় বাঁহী/আবীয়ৈ বুকুত লগায় খলকনি॥“
আকৌ দ্বিতীয় স্তৱকত লিখিছে-
“ নাহৰৰ ছাঁয়াত নে /সোনাৰুৰ হালধীয়াত /ব'হাগ আহি জিৰাই /কেতেকী গোন্ধোৱা ৰাতি /সংগোপনে ব'হাগে /শুকান বুকুৰ নিজানত /তেজৰঙা সপোনৰ ৰং ছটিয়াই॥“
কবি সুস্মিতা দাসৰ কবিতা “এনেকৈয়ে এদিন” ...জীৱনলৈ অহা কিছু বিষাদ, কিছু কেৰোণ যাৰ বাবে হৃদয় ঢাকি অভিনয় কৰিব লগা হয়।কবিতাটিত সৰলতা বিদ্যমান। কবিয়ে লিখিছে—
“ জীৱনটো গৈ থাকিব বোৱঁতী নৈ হৈ / ৰৈ যাব মাথো কিছু চেপা উচুপনি /আৰু মই হৈ উঠিম এদিন এক পৰিপক্ক অভিনেত্ৰী”।কবিৰ পৰা আৰু ধুনীয়া কবিতা পঢ়িবলৈ পোৱাৰ আশা থাকিল।
কবি নিশাংক মিলনৰ “বগলীৰ সাধু” কবিতাটিৰ উপস্হাপন তথা প্ৰকাশশৈলী মনকৰিবলগীয়া।শব্দৰ নৈপুণ্যই কবিতাটিক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে।কবিয়ে “বগলী”ৰ উপমাৰে সন্ন্যাসীৰ বেশ ধৰি সমাজত টিঘিল ঘিলাই থকা সকলকে ইংগিত কৰা যেন লাগে যেতিয়া কবিয়ে লিখে—
“সোণচেলেকি নিৰ্বাণ পোৱা আপুনি হেনো /ৰূপান্তৰৰ জঁটাধাৰী /চুলিৰ পাকত হেনো ছিন্নমস্তা জাহ্নৱী!” আকৌ কবিয়ে লিখিছে—“...সংগ্ৰামৰ মহেন্দ্ৰক্ষণত এদিন জুই হ’ব সি / আত্মপ্ৰাপ্তিৰ কঠিন বৰ্ম পিন্ধি হয় বৃহন্নলা নহয় গান্ডীৱধাৰি /সেইদিনটোলৈ অপেক্ষা কৰক মহাশয় /গণিকাৰ প্ৰাৰ্থনাৰ ধোঁৱাই আৰু ঘোলা নকৰে/ ঈশ্বৰৰ খিৰিকীমুখ /দেৱদাসীৰ খোলা চুলিত আলিঙ্গনৰ উপনিষদ পঢ়ি / পুৰুষ হোৱাৰ আখৰাত ঈশ্বৰ আৰু/কেতিয়াও নহ’ব চিৰকাপুৰুষ ।
এইখিনিতে ক'ব খোজো যে- কবিতাৰ এগৰাকী সাধাৰণ পাঠকৰ দৃষ্টিভংগীৰে মাৰ্চ মাহৰ কবিতা খিনিৰ পৰ্যালোচনা আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। জীৱনত প্ৰথম বাৰৰ বাবে আখৰুৱাৰ মজিয়াত ডিচেম্বৰ/২০১৩-ৰ কবিতাৰ পৰ্যালোচনা কৰাৰ পাছত সকলোৰে উৎসাহ, সহযোগিতা আৰু অনুপ্ৰেৰণাই পুনৰ বাৰ পৰ্যালোচনাৰ বাবে আগবাঢ়িবলৈ সাহস যোগালে। গতিকে গোটৰ পদক্ষেপলৈ সঁহাৰি জনাই বিনম্ৰভাবে শিতানটো যুগুত কৰিবলৈ যত্ন কৰিছোঁ। অজানিতে হ'ব পৰা ভুল-ক্ৰটিৰ বাবে সকলোৰে ওচৰত সদায়ে ক্ষমাপ্ৰাৰ্থী।
কৃতজ্ঞতা: আখৰুৱা গোটৰ প্ৰশাসকবৃন্দ প্ৰমুখ্যে গোটৰ প্ৰতিজন সদস্য তথা মাৰ্চ সংখ্যাৰ প্ৰতিজন কবিলৈ অলেখ শুভেচ্ছা আৰু কৃতজ্ঞতা জনালোঁ ।লেখাটো যুগুতাওঁতে সদায়ে পৰামৰ্শ আৰু উৎসাহ দি অনুপ্ৰাণিত কৰা মনোহৰ দত্ত দাদালৈও বিশেষ কৃতজ্ঞতা থাকিল। শেষত সকলোলৈ ৰঙালী বিহুৰ ওলগ জনালোঁ।....
মৌচুমী বৰি০৮/০৪/১৪
Unlike · You, Malabika Brahma, Indranil Gayan, Prakash Bhuyan and 25 others like this.

Indranil Gayan পুনৰীক্ষণ পঢ়ি আপ্লুত হ’লো| প্ৰতিটো কবিতায়ে সুন্দৰভাৱে পৰ্যালোচনা কৰিচে| এই চেগতে মৌচুমী বালৈ অশেষ ধন্যবাদ জনাইছো|April 8 at 10:53pm · Like · 1
Jyoti Pcsaikia আখৰুৱাৰ প্রতিতো কবিতাকে বাখৰুৱাকে এটি নিটোল পৰ্য্যালোচনাৰ মাজেৰে আগবঢ়াায় কবিতা প্রেমী সকলক আপ্লুত কৰি গ'ল ।মৌচুমীলৈ লগতে আখৰুৱালৈ বহুত বহুত ধন্যবাদ ।April 9 at 12:10am · Like · 1
Pranjal Saikia প্রথমতেই মই মৌচুমী বা তথা আখৰুৱালৈ কৃতজ্ঞতাপূৰ্ণ ধন্যবাদ জ্ঞাপন কৰিছো । অতি সাৱলীল তথা নিয়াৰিকৈ আগবঢ়োৱা এই সংখ্যাৰ পুনৰীক্ষণ শিতানটি পঢ়ি আপ্লুত তথা মুগ্ধ হ'লো ।আখৰুৱা গোটৰ 'পুনৰীক্ষণ' শিতানটি এটা অতি গুৰুত্বপূৰ্ণ তথা উল্লেখযোগ্য শিতান । এই শিতানটিৰ যোগেদি লিখনিসমূহৰ যি পৰ্য্যালোচনা এই গোটত কৰা হয় তাৰপৰা আমি যথেষ্ট পৰিমানে উপকৃত হওঁ । আৰু যাৰবাবে লিখনি সমূহ পৰৱৰ্তী সময়ত অধিক সবল তথা উন্নত মানদণ্ডৰ হোৱা দেখা গৈছে । যিটো এটা শুভ সংকেত । 'আখৰুৱা'ৰ দীৰ্ঘায়ু কামনা কৰিলো ।April 9 at 2:25pm · Unlike · 2
Mousumee Bori অশেষ ধন্যবাদ মন্তব্যৰ বাবে Indranil , Pranjal , Jyoti PcsaikiaApril 9 at 3:19pm · Like · 1
Pranjal Bora April 9 at 10:10pm · Like · 1
Mousumee Bori Thanks Pranjal April 9 at 10:17pm · Like
Jahnu Bharadvaz এটি সুন্দৰ পৰ্যালোচনা৷উৎসাহিত কৰিলে৷পুনৰীক্ষণৰ জয়যাত্ৰা অব্যাহত হৈ ৰওক এনেদৰেই৷April 10 at 11:30am · Like · 1
Mousumee Bori Thanks JahnuApril 10 at 9:15pm · Like
Sarada Shrestha মাৰ্চ মাহৰ পুণৰীক্ষণ পঢ়ি আপ্লুত হৈছোঁ । একে আষাৰে ক'বলৈ গলে ...এক নিৰ্মোহ পৰ্য্যালোচনা। এনে পৰীক্ষণে কবিতাৰ নতুন দিশবোৰ উন্মোচিত কৰি কবিসকলক নতুন উৎসাহেৰে কাব্য চৰ্চা কৰাত উৎসাহিত কৰিব ।April 10 at 9:50pm · Like · 2
Mousumee Bori ধন্যবাদ সাৰদা বা, আপোনালোকৰ মন্তব্যই ভৱিষ্যতে আৰু ভালকৈ লিখিম বুলি ভাবিবলৈ উৎসাহিত কৰিছে.... Sarada ShresthaApril 10 at 10:15pm · Like
Dadul Bhuyan ভাল লাগিল পঢ়ি।এই আলোচনাই নৱ প্রজন্মৰ প্রতিজন কবিক প্রেৰণা যোগাব।April 10 at 10:46pm · Like · 1
Mousumee Bori ধন্যবাদ Dadul BhuyanApril 11 at 11:35am · Like
Malabika Brahma Dhuniya moushumi .. Tumar pora axa korar dorei punor eti xorol aru xundor porjalusona palu..April 14 at 5:00pm · Like · 1
Mousumee Bori Thank you Malabika baApril 14 at 10:18pm · Edited · Like
Palash Prantik মাৰ্চ মাহৰ পুনৰীক্ষণ পঢ়ি আপ্লুত হৈ পৰিছো, ইমান কম ভাষাত সুন্দৰকৈ গঠনমুলক আলোচনাই এটা ইতিবাচক দিশ ৰচনা কৰিলে । পুনৰীক্ষণে কবিতাক সজীৱ কৰে আৰু নতুন উতসাহেৰে লিখিবলৈ অনুপ্ৰাণিত কৰে । ধন্যবাদ মনচুমি বৰি ।April 21 at 6:52pm · Like · 1
Mousumee Bori Thanks Palash Prantik for your valuable comment.April 21 at 9:20pm · Like
No comments:
Post a Comment