Sunday, 23 November 2014

পুনৰীক্ষণ- ১২: 'আখৰুৱা'ৰ মে' ২০১৪-ৰ কবিতাৰ পৰ্যালোচনা (দ্বিতীয় খন্ড) : জাহ্নু ভৰদ্বাজ


পুনৰীক্ষণ- ১২: 'আখৰুৱা'ৰ মে' ২০১৪-ৰ কবিতাৰ পৰ্যালোচনা (দ্বিতীয় খন্ড) : 

"শব্দ, আজি তোমাৰ দিন।"

        ---- ‘শব্দ’, অজন্তা কুকি

পুনৰীক্ষণ ১২ ৰ দ্বিতীয় খন্ডৰ বাবে আখৰুৱাৰ উৎসাহী বুকুৰ কবিতা কিছুসংখ্যকৰ আলোচনা কৰিবলৈ লৈ এই মূহুৰ্তত এয়াই ক'ম- "শব্দ, আজি তোমাৰ দিন৷" শব্দৰ দিনবোৰৰ সৃষ্টিত আখৰুৱাৰ ভূমিকা অনস্বীকাৰ্য৷উৎসাহ আৰু অবিৰত অনুশীলনে আমাৰ দৰে পাঠকৰ মনলৈ আশাৰ বতৰা কঢ়িয়াই আনে- অদূৰ ভৱিষ্যতে আভিজাত্য আৰু দুৰূহতাৰ পৰা কিছু আঁতৰত অসমীয়া সাহিত্যৰ, বিশেষকৈ কবিতাৰ, এক গণতান্ত্ৰিক পৰিসৰৰ অংশ হ'বলৈ পাম আমিবোৰ৷

মনোহৰ দত্তৰ "হৃদয়, বৰষুণ আৰু মাটি " যোৱা সময়চোৱাত আখৰুৱাত প্ৰকাশিত এটি অন্যতম কবিতা৷

“হৃদয়, বৰষুণ আৰু মাটি”

কৃষ্ণচূড়াৰ ৰঙা পাহিত

মৰম সানি

সৰি পৰে বৰষুণ।

ধলপুৱা মেঘে ঢকা আকাশ।

চৰাইবোৰ কেনি গ'ল

গমকে নাপায়।

আনন্দত আত্মহাৰা মাটি

ৰঙচুৱা হয়।

বৰষুণত তিতা মাটিয়ে

ৰংবোৰ সাবটি ধৰে।

গালে-মুখে টপ টপ

দৰিকণা মৰম।

বাঢ়ি আহে তৃষা

উন্মুক্ত মন পদূলি।

কৃষ্ণচূড়াই বিচাৰি ফুৰে

হৃদয়, বৰষুণ আৰু মাটি।

ইতিপূৰ্বে বহুকেইজন আলোচকে মনোহৰ দত্তৰ কবিতাৰ সুন্দৰ গীতিময়তাৰ বিষয়ে উল্লেখ কৰি গৈছে৷সুন্দৰ আৰু সুষম শব্দৰ ব্যৱহাৰ আৰু সৰল ৰচনাৰীতি এইটো কবিতাটো দেখা যায় যদিও গীতিময়তা অক্ষুণ্ন ৰখাত কবি সম্পূৰ্ণ সফল হোৱা নাই৷কবিতাটোৰ শিৰোনাম দুৰ্বল৷ভাৱ প্ৰকাশত কবিয়ে উজুটি খাইছে৷ মূখ্য বক্তব্য সম্পূৰ্ণভাৱে স্পষ্ট হোৱা নাই৷ প্ৰকৃতিৰ সৈতে একাত্মতা আৰু সৌন্দৰ্যত আত্মহাৰা চিত- আপেক্ষিক দুৰ্বল শব্দচয়ন স্বত্বেও কবিতাটোৰ মাজেৰে চিত্ৰিত হৈ উঠিছে৷

যতি চিহ্নৰ ব্যৱহাৰত কবি সচেতন হোৱা প্ৰয়োজন৷

আমি দত্তদেৱৰ বহুকেইটা সুন্দৰ কবিতা আগতে আখৰুৱাত পঢ়িবলৈ পাইছো৷এই কবিতাটো কিছু দুৰ্বল যদিও পুনৰ সুন্দৰ গীতিময় কবিতা তেওঁৰ পৰা পঢ়িবলৈ পাম বুলি আশা কৰিলো৷

--------------------------------------

কবি অনিন্দিতা কলিতাৰ "মা" শীৰ্ষক কবিতাটো মে মাহৰ আখৰুৱাৰ কবিতাসমূহৰ ভিতৰত এটি অন্যতম উল্লেখযোগ্য কবিতা৷

“মা”

নীলকণ্ঠী হৈ পান কৰ

তই প্ৰত্যহৰ গৰল

জীৱন বাঁহীৰ ছিদ্ৰময় দুখতো

অনায়াসে তুলিব পাৰ

সুখৰ ধ্ৰুপদী ৰাগ

তই মদৰূৱা জীৱনৰ

পনিয়লী ওঁঠ

তোৰ আঁচলৰ ছাঁত নিৰ্ভয়ে পাৰ কৰোঁ

বৰদৈচিলা ৰাতি

তোৰ চেনেহ জৰীৰে

অমৃতময় মোৰ

এঙেৰুৱা কলিজাটি

মধুৰতম 'মা' পৰিচয়ৰ বাবে

প্ৰয়োজন জানো হ'বলৈ

মোৰ পিতাইৰ তই অংক-লক্ষ্মী?

অযোনিসম্ভূত হ'লেও

'বাসু' যশোদানন্দন

যিদৰে মমতাময়ী 'এগ্নেছ'ৰ বাবে

সৰ্বসাধাৰণ

তোৰ বৰ্তমানৰ জলাঞ্জলিত

সাজো আমি ভৱিষ্যতৰ সৌধ

মৌ বৰষা কণ্ঠত

পাহৰো যন্ত্রণাৰ বিভূতি

মা,মোৰ মনাকাশ উজলাই থকা

তই এটি জোনাকী শৰ্বৰী ৷

প্ৰথমতেই, ভাৱ আৰু ভাষাৰ সুন্দৰ সমন্বয় এই কবিতাটোৰ এক অন্যতম শক্তিশালী দিশ৷ব্যক্তিগত আৰু সাৰ্বজনীন ক্ষেত্ৰৰ বিচৰণত কবিয়ে সচেতনতাৰ পৰিচয় দিছে৷কবিৰ মাতৃ সম্পৰ্কে ব্যক্তিগত অনুভৱে প্ৰথমাংশ আৱেগিকভাৱে সুন্দৰ কৰি তুলিছে৷এই অনুভৱ বহু পৰিমাণে সাৰ্বজনীন৷ কিন্তু কবিতাটোৰ মূখ্য বক্তব্য কবিতাটোৰ দ্বিতীয় ভাগতহে পৰিস্ফুট হৈ উঠিছে৷

"মধুৰতম 'মা' পৰিচয়ৰ বাবে

প্ৰয়োজন জানো হ'বলৈ

মোৰ পিতাইৰ তই অংক-লক্ষ্মী?"

এই পংক্তিটোৰ শক্তিশালী বিপ্লৱী সুৰ প্ৰণিধানযোগ্য৷কবি ধন্যবাদ আৰু প্ৰশংসাৰ পা্ত্ৰ এই দিশটোৰ অৱতাৰণাৰ বাবে৷ অপ্ৰাকৃতিক মাতৃত্ব(অযোনিসম্ভুত) ত মাতৃ সত্বাই মাতৃত্বৰ প্ৰাপ্য গৰিমা আৰু পৰিসৰ (কবিৰ মতে) লাভ কৰে৷ কিন্তু, আমাৰ বোধেৰে মৈথুন আৰু জনন প্ৰক্ৰিয়াতো, যি সম্পূৰ্ণ প্ৰাকৃতিক (স্বাভাৱিক), মাতৃ আৰু পিতৃ উভয় সত্বাৰ সম- অধিকাৰ, পৰিসৰ আৰু অৱদান থাকে৷অংক-লক্ষ্মী (বা অংক-শায়ী)- এই ধৰণৰ সাংস্কৃতিক নিৰ্মাণ (cultural construct) পুৰুষতান্ত্ৰিক (patriarchal) সমাজ ব্যৱস্থাৰ সহজাত শ্ৰেণী আৰু লিংগবৈষম্য (class and gender hierarchy) অটুত ৰখাৰ চিৰকলীয়া আহিলা অথবা কৌশল৷কিন্তু, নাৰী এগৰাকীৰ "মা" (মাতৃ) পৰিচয় প্ৰাপ্তি এই সাংস্কৃতিক নিৰ্মাণৰ পূৰ্বৰ প্ৰাকৃতিক জনন প্ৰক্ৰিয়াৰ ফলশ্ৰুতি৷

উপৰোক্ত পংক্তিত এই ক্ষেত্ৰত অংক- লক্ষ্মী আদি ধৰণৰ বৈষম্যমূলক সাংস্কৃতিক নিৰ্মাণৰ গ্ৰহণ আৰু পোষকতা (consumption and absorption) হে দেখা গৈছে৷(বিৰোধ কৰা মানে প্ৰকাৰান্তৰে অস্তিত্ব স্বীকাৰ কৰা বুজায়৷) জনন প্ৰক্ৰিয়াত মাতৃ সত্বা কাৰোবাৰ (কবিৰ মতে পিতাইৰ) অংক- লক্ষ্মী হোৱাৰ প্ৰশ্নই নাহে৷ প্ৰাকৃতিক এই সংসৰ্গত পাৰস্পৰিক পৰিসৰ (mutual space) সমান৷পৰৱৰ্তী সামাজিক- সাংস্কৃতিক নিৰ্মাণ (social and cultural construct) – “অংক-লক্ষ্মী” - এই স্তৰতে প্ৰত্যায়িত কৰি কবি নিজেও উক্ত সাংস্কৃতিক নিৰ্মাণ প্ৰক্ৰিয়াৰ গ্ৰহণকাৰী আৰু অংশ,(যদিও বিৰোধী), বুলিহে প্ৰমাণ কৰিলে৷ পিছৰ পংক্তিটোৰ মাজেৰে কবিয়ে এই বৃত্তৰ মাজৰ পৰা ওলোৱাৰ অসচেতন ক্ষীণ প্ৰয়াস কৰিছে যশোদা আৰু এগ্নেছৰ মাতৃত্বৰ গৰিমা উল্লেখেৰে৷ কিন্তু ব্যক্তিগতভাৱে কবিয়ে নিজ মাতৃৰ মাতৃত্ব তেনে ৰূপত কামনা কৰা নাই৷হয়তো এয়া কবিৰ অসচেতনতা৷আৰু, এনেদৰেই ভাৱ আৰু বিষয়ৰ অৱতাৰণাই সুযোগ দিয়া স্বত্বেও আমি উল্লেখ কৰা বৈষম্যমূলক সাংস্কৃতিক নিৰ্মাণৰ আওঁতাৰ পৰা ওলাই অহাৰ সুযোগ কবিয়ে গ্ৰহণ কৰিব নোৱাৰিলে৷

কেৱল 'বাসু' নামৰ ব্যৱহাৰ আৰু 'দেৱ' অংশৰ পৰিত্যাগে এক সুন্দৰ সচেতনতা দাঙি ধৰিছে৷কবিৰ পৰা আগলৈ এনে বহুতো সুখপাঠ্য সৃষ্টি পঢ়িবলৈ পাম বুলি আশা আমাৰ৷

------------------------------------------

কবি পল্লৱ কুমাৰ নাথৰ কবিতা "দুটা স্তৱক" ইয়াত আলোচনাৰ বাবে লোৱা হৈছে৷

"দুটা স্তৱক"

(ক)

পিতাই

এটা পাহাৰ...

শিলৰ দৰে কঠিন নহয়

জোনাকফলীয়া সপোনবোৰ

মই আগুৱাই যাওঁ তেওঁৰ বাটেৰে।

(খ)

আই

এখন আকাশ...

বিশালতাই তেওঁৰ দুখ

মৰমবোৰ বৰষুণ হৈ সৰে

মোৰ হৃদয়ত সপোনে গজালি মেলে।

এক পৱিত্ৰ সুকোমল অনুভূতিৰে ভৰপুৰ এই দুটি স্তৱক৷ কবিক আখৰুৱালৈ আমি স্বাগতম জনাইছো৷এতিয়া আহো দুয়োটি স্তৱকৰ আলোচনালৈ৷ দুয়োটা পংক্তিৰে তৃতীয় শাৰীত লক্ষ্যনীয় ভাৱে যতি চিহ্ন ব্যৱহাৰ কৰা হোৱা নাই৷ ইয়ে পঠনত কিছু বেমেজালিৰ সৃষ্টি কৰিব পাৰে৷প্ৰথম পংক্তিত 'এটা পাহাৰ'তকৈ 'এখনি পাহাৰ' বুলি উল্লেখ কৰিলে শুৱলা হ'লহেঁতেন৷ একেদৰেই দ্বিতীয় স্তৱকতো 'এখনি আকাশ' বুলি উল্লেখ কৰিলে অধিক শুৱলা হ'ব৷

ইয়াৰ আগৰ কবিতাটোৰ আলোচনাৰ প্ৰসংগৰ আঁত ধৰিয়ে আমি কওঁ, স্তৱক দুটিৰ ক্ৰম কিছু বিবাদমান৷সাধাৰণ ভাৱে চালে হয়তো (যদি মানৱীয় প্ৰকৃতিৰ দৃষ্টিৰে চাওঁ) আইৰ বিষয়ে পংক্তিটো প্ৰথমতে হ'ব লাগিছিল৷ অৱশ্যে কবিৰ এইখিনি নিজস্ব স্বাধীনতা৷ কিন্তু পিতাই আৰু আইৰ উপস্থাপনত কবিয়ে এক নিৰ্দিষ্ট গন্ডীৰ (stereotype - ৰ যথাযথ অসমীয়া অৰ্থ কি হ'ব জানো!) ভিতৰত থকা যেন বোধ হ'ল৷পিতাইক পাহাৰৰ সৈতে ৰিজনি আৰু আইক আকাশৰ সৈতে, আইৰ ক্ষেত্ৰত "মৰমবোৰ বৰষুণ হৈ সৰে"- যি অংশৰে কবিয়ে চকুপানীৰ এক অস্পষ্ট ইংগিত দিছে- আদি সেই গন্ডীৰ অৱধাৰিত ধাৰণা (stereotypical)৷ ইয়াক অতিক্ৰম কৰাৰ প্ৰচেষ্টাই কবিতাটোক বহু উন্নত কৰিব পাৰিলেহেঁতেন৷ আকৌ আইৰ ক্ষেত্ৰত 'বিশালতাই তেওঁৰ দুখ' বুলি মন্তব্যধৰ্মী শাৰীৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা যথাযথভাৱে প্ৰতিপন্ন কৰাত কবি সফল নহ'ল৷

কবি বানান আৰু ব্যকৰণৰ শুদ্ধতাৰ ক্ষেত্ৰত সচেতন৷ অৱশ্যে 'জোনাকফুলীয়া' হ'ব লাগিছিল৷আৰু কিছু ক্ষেত্ৰত যতি চিহ্ন প্ৰয়োজনীয় আছিল, যিটো ইতিমধ্যে আঙুলিয়াই দিয়া হৈছেই৷ মিতভাষিতা এইটো কবিতাৰ এক সৌন্দৰ্য্য৷

আগলৈ এনেদৰে বহুতো সুখপাঠ্য কবিতা পঢ়িবলৈ পাম বুলি আশা ৰাখিলো৷

--------------------------------------------

আখৰুৱাৰ মে' মাহৰ কবিতাসমূহৰ ভিতৰত যিটো কবিতাৰ শিৰোনামে আমাক আটাইতকৈ বেছি আকৃষ্ট কৰিলে সেইটো হ'ল নিসংক মিলন দেৱৰ 'তিৰাশী'৷ ইয়াৰ কাৰণ নতুনকৈ বাখ্যা কৰাৰ হয়তো প্ৰয়োজন নাই৷আৰু শিৰোনামটিয়েই কবিতাটোৰ বক্তব্য সম্পৰ্কে বহুখিনি আভাষ দি যায়৷ ইতিপূৰ্বে বহুকেইটি পূৰঠ কবিতা আমাক উপহাৰ দিয়া নিসংক মিলন দেৱৰ "তিৰাশী" শীৰ্ষক কবিতাটোৰ আলোচনা কৰিবলৈ যথাসাধ্য চেষ্টা চলোৱা হৈছে৷

“তিৰাশী”

শিলৰ মাতত ৰাতিবোৰে বাগৰ সলায়,

তেজৰ বুকু বিন্ধি

যাঠিৰ জোঙত এটা চেচুক জোন ;

আঠুৰ ঘিলাত তেজৰ পাপ লুকুৱাই,

আলিবাটত তেতিয়া চোৰাং খোজৰ হেন্দোলদোপ;

উদং পথাৰত পৰ দি

আঘোণৰ পাতনিত এটা সন্ধিয়া

শ্বহীদৰ বুকুৰ দৰে,

বৰকাঁহত বাজি ৰোৱা এটা যেন প্ৰাৰ্থনা,

সান্ধ্য আইনৰ দৰে ;

কি নাম দিম এই উদ্ধত দিনক,

বাহনিত ফুচফুচাই পাৰ হোৱা গৰ্ভৱতী ৰাতিৰ সংশয়ক

কাৰ বুৰন্জীয়ে বুকু পাতি লব নষ্ট সময়ৰ এই অনুতাপ ?

নিৰ্জনতাৰ কোলাহলত বাজি ৰোৱা

সেই পগলা ঘন্টাৰ আৱাজ

মাতাল বুকুত বাগৰি আছে এতিয়াও

লঘোণীয়া এটা কান্দোনৰ বন্দৰ হৈ;

উচুপনিৰ হাতে হাতে জীয়াই আছে এতিয়াও

অৰ্পিতা দিনৰ খঙাল মন্টাজ

উপবাসী সময়ৰ ক্লান্তি হৈ !!


প্ৰথমতেই ক'ম এই কবিতাটো আমাৰ দৃষ্টিত মিলন দেৱৰ নিজৰ আৰু আখৰুৱাৰ মে' মাহৰ কবিতাসমূহৰ ভিতৰত সৰ্বোৎকৃষ্ট সৃষ্টি৷শিৰোনাম আৰু বিষয়বস্তুৰ বিষয়ে আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ৷অসমৰ ইতিহাসৰ এক অন্যতম দুৰ্ভাগ্যজনক ঘটনা ঊনৈশ শ তিৰাশীৰ গণহত্যা৷ ‘তিৰাশী’ যেন অসমৰ ইতিহাসত মানৰ দিনৰ পিছতেই ভয়াবহতা, নৃহংসতাৰ প্ৰতীক- যাক কবিয়ে উল্লেখ কৰিছে 'নষ্ট সময়' বুলি৷

হয়, ‘তিৰাশী’ৰ (নষ্ট সময়ৰ) অনুতাপ কাৰ বুৰঞ্জীয়ে বুকু পাতি ল'ব? এই চিৰন্তন প্ৰশ্নটোৱে নিশ্চয় অসমৰ জাতীয় জীৱনক জোকাৰি থাকিব৷ ( বিষয়ৰ পৰা ফালৰি কাটি আমাৰ নিজস্ব প্ৰশ্ন : এই অনুতাপ প্ৰকৃত অৰ্থত কিমানজনেইবা বহন কৰে?)

এইখিনিত কবিৰ সাহস আৰু চিন্তাৰ মৌলিকতাক সন্মান জনাইছো৷কবিৰ সুন্দৰ বৰ্ণনৰ পিছত বিষয়বস্তু সম্পৰ্কে আমাৰ অধিক আলোচনাই কবিতাটোৰ মৌলিকতা আৰু ভাৱৰ অভিনৱতাক অসন্মান হে কৰিব৷

কবিতাটোৰ আন এটি বিশেষত্বলৈ আহোঁ- সুন্দৰ শব্দচয়ন আৰু উপমাৰ ব্যৱহাৰ৷ তৃতীয় পংক্তিটো সকলোতকৈ আকৰ্ষণীয় পংক্তি৷ দুই এঠাইত অত্যধিক উচ্ছাসৰ ফলত মিতভাষিতাৰ ক্ষেত্ৰত কবি সচেতন হোৱা নাই৷ যেনে :

“উদং পথাৰত পৰ দি

আঘোণৰ পাতনিত এটা সন্ধিয়া

শ্বহীদৰ বুকুৰ দৰে,

বৰকাঁহত বাজি ৰোৱা এটা যেন প্ৰাৰ্থনা,

সান্ধ্য আইনৰ দৰে;” -

'শ্বহীদৰ বুকুৰ দৰে' আৰু 'সান্ধ্য আইনৰ দৰে' এই দুই বাক্যাংশৰ প্ৰয়োজনীয়তা অথবা সম্পৰ্ক যথাযথ ভাৱে ফুটি উঠা নাই৷বৰং কবিৰ মাত্ৰাধিক উচ্ছাসৰ ফল যেনহে বোধ হৈছে৷একেদৰেই 'মাতাল বুকুত বাগৰি আছে এতিয়াও্/ লঘোণীয়া কান্দোনৰ এটি বন্দৰ হৈ' বাক্যাংশত কবিৰ শব্দৰ চাতুৰিৰ প্ৰচেষ্টাহে ফুটি উঠিছে৷

যতি চিহ্ন ব্যৱহাৰতো কবি কিছু সচেতন হোৱা প্ৰয়োজন৷

কবিৰ পৰা আগলৈ এনেকুৱা সুন্দৰ সৃষ্টি পাই থাকিম বুলি আশা ৰাখিলো্৷

------------------------------------------

জোনমণি দাসদেৱৰ কবিতাৰ বিষয়ে আলোচনা কৰিবলৈ লোৱাটো আমাৰ বাবে পৰম সৌভাগ্য, আৰু হয়তো ধৃষ্টতাৰ নামান্তৰ৷

মাজুলী 

======

সেই বিস্তীণ্ জলৰাশিৰ বুকুতেই/

পানীৰ এখন প্ৰাচীন পৃথিৱী /

জলৰাশিৰ নিনাদ নে বৰতালৰ ধ্বনিত/ য'ত চৰাইৰ নিদ্ৰা ভাঙে /

বুকুলৈকে বাটকুৰি বাই বাই ঢপলিয়াই আহোঁ/

ছাঁ- পোহৰৰ ছাঁয়া ছবি খেদি খেদি /

পানীৰ ওপৰেদি সপোনতো দিঠকতো ৰণক্লান্ত যুদ্ধাৰ দৰে/

কমলাবাৰী নে গড়মুৰ ?/

মোৰ ওঁঠৰ পানীপিয়াটোৱে বৰকৈ চিঞৰে পিয়াহত /

পানী ক'ত, পানী ?

ক'ত মোৰ পিয়াহৰ প্ৰাচীন পানী??/

ৰ'দে ৰ'দে হাবাথুৰি খাই কিয় বাৰে বাৰে /

মোৰ ছাঁয়াৰ ছাঁয়াই বিচাৰি আহে ইয়ালৈ/

বেলগুৰিৰ বতাহ -বহঁতীয়া ছাঁ/

নাৱৰ টিঙত কঁপি উঠে মোৰ বিষয়ী আত্মাৰ আহুকলীয়া এন্ধাৰ/ 

ব'ঠাৰ চাবে চাবে মোৰ ভিতৰৰ মানুহটোৱে আওঁৰায়/

হাজাৰী ঘোষাৰ পদ:

" মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো:..." /

কি বিচাৰি কিয় আহোঁ ইয়ালৈ?/

থৈ যাব খোজোঁ নেকি ইয়াতে মোৰ হাড়ৰ মাটিৰ হাড়/

কোৱা, হে মোৰ "মায়া- শয্যা মাজে" অন্তলীন হৈ থকা কাণসমনীয়া ছাঁ!**

মাজুলী শীৰ্ষক কবিতাটোৰ পটভূমি মাজুলী- কিন্তু কবিৰ মূখ্য বক্তব্য পৰিস্ফুট নহ'ল৷'বিষয়ী' আত্মাৰ অনুৰাগ- বিৰাগ, দ্বিধা- সংকোচ আদি যদি কবিৰ মূখ্য বক্তব্য আছিল- তেনে শব্দচয়নৰ দুৰ্বলতাই ইয়াক বহু পৰিমাণে ম্লান কৰিলে৷'ওঁঠৰ পানীপিয়া' ৰ দ্বাৰা 'পিয়াহৰ প্ৰাচীন পানী'ৰ অন্বেষণেৰে যদি মানৱ জীৱনৰ সৰ্বপ্ৰকাৰৰ প্ৰাপ্তিৰ আকাংক্ষাক কবিয়ে বুজাব বিচাৰিছে (যিটো আমাৰ সীমাৱদ্ধ জ্ঞানে মাথো অনুমানহে কৰি ল'ব পাৰিলে) তেনে পৰৱৰ্তী পৰ্যায়ৰ স্ব- অন্বষণৰ প্ৰক্ৰিয়া এটা সূচাইছে৷চিৰন্তন মানৱীয় দ্বিধা উপস্থাপনৰ বাবে হয়তো কবিয়ে স্পষ্টতাৰ আশ্ৰয় লোৱা নাই- কিন্তু ই আমাৰ দৰে সাধাৰণ পাঠকৰ বাবে দুৰূহতাৰ সৃষ্টি কৰিছে৷ 

বৰ্ণনৰ দুৰ্বলতা অথবা মাত্ৰাধিক উচ্ছাসৰ কিছু উদাহৰণ দাঙি ধৰিব পৰা যায় :

"সেই বিস্তীণ্ জলৰাশিৰ বুকুতেই/

পানীৰ এখন প্ৰাচীন পৃথিৱী "

আৰু

"ছাঁ- পোহৰৰ ছাঁয়া ছবি খেদি খেদি /

পানীৰ ওপৰেদি সপোনতো দিঠকতো ৰণক্লান্ত যুদ্ধাৰ দৰে" –

উভয় কাব্যাংশতে কবি বক্তব্য আৰু উদ্দেশ্যৰ স্পষ্টতা ৰক্ষা কৰাতকৈ বৰ্ণনৰ জটিলতা আৰু শব্দৰ চাতুৰিৰ প্ৰচেষ্টাৰ প্ৰতি অধিক মনোযোগী যেন বোধ হ'ল৷

বানান আৰু বাক্য গাঠনিৰ প্ৰতি সচেতনতা কাম্য৷যতি চিহ্নৰ বাদেও আন চিহ্ন ব্যৱহাৰে কবিতাটোৰ গাঠনিৰ সৌন্দৰ্য হ্ৰাসহে কৰিছে৷এইখিনি উল্লেখ কৰিও কবিৰ গভীৰ জীৱনমুখীতাৰ শলাগ ল'বই লাগিব৷আখৰুৱাৰ মঞ্চই আপোনাৰ নিচিনা প্ৰতিস্থিত শক্তিশালী কবিৰ পৰা আগলৈ সৰ্বাংগসুন্দৰ কবিতা দাবী কৰে৷

-------------------------------

এইখিনিতে আমি আমাৰ আলোচনা সমাপ্ত কৰিবলৈ লৈছো৷আখৰুৱাৰ বুকুত বহুতো কবিৰ নতুন আগমন আৰু তেওঁলোকৰ নিয়মীয়া চৰ্চা আশাৰ দিশ৷এই আলোচনাত মাত্ৰ কিছুসংখ্যক কবিতাহে সাঙূৰিব পৰা গ'ল৷বহুসংখ্যক সুন্দৰ কবিতাক এই আলোচনাত ল'ব পৰা নগ'ল৷আমাৰ আলোচনাই যদি আখৰুৱাৰ কবি আৰু পাঠকবৃন্দক সামান্য হ'লেও উপকৃত কৰে, তেন্তে আমি কৃতাৰ্থ হ'ম৷

সকলো ধৰণৰ ভুল- ত্ৰুতি, সীমাৱদ্ধতাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী৷আখৰুৱাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো্৷

----- জাহ্নু ভৰদ্বাজ

(Jahnu Bharadwaj June 12 at 6:02pm · Hyderabad · Edited)

 — with Malabika Brahma and 5 others

_______________________________________________________________________________________.

UnlikeUnlike · 

You, Ajanta Kuki, Hirákjyóti Báishýá, Prakash Bhuyan and 16 others like this.

Hirákjyóti Báishýá Borhia alochona..val lagil..

June 12 at 7:56pm · Like · 1

Anindita Kalita Jahnu Bharadwajলৈ অশেষ ধন্যবাদ ৷ তেওঁৰ সুন্দৰ বিশ্লেষণে 'মা' কবিতাটিক অধিক অৰ্থবহ কৰি তুলিলে ৷ হয়,বিৰোধ কৰা মানে প্ৰকাৰন্তৰে অস্তিত্ব স্বীকাৰ কৰা বুজায় ৷ নিজ মাতৃৰ উপৰিও আন দুগৰাকী বিদুষী মহিলাক মই মা সম্বোধন কৰোঁ ৷ আৰু তাৰবাবে মই কিছু সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিলোঁ ৷ উক্ত পৰিবেশত মই বাধ্য হৈ কবিতাটিৰ জৰিয়তে মোৰ বিদ্ৰোহৰ বহিঃপ্ৰকাশ কৰিছিলো ৷ ফলশ্ৰুতিত প্ৰকাৰন্তৰে অস্তিত্ব স্বীকাৰ কৰিবলগীয়াত পৰিছিলোঁ ৷

June 12 at 10:01pm · Edited · Like · 2

Mousumee Bori 

June 12 at 9:58pm · Like · 1

Jahnu Bharadwaj Anindita Kalita আপোনাৰ ব্যক্তিগত কথা সাঙোৰ খাই পৰিল যদি মাৰ্জনা বিচাৰিছো৷কিন্তু এতিয়া আপোনাৰ 

অনুভৱ জানিব পাৰি একেসময়তে ৰোমাঞ্ছিত আৰু অভিভূত অনুভৱ কৰিছো৷ধন্যবাদ আপোনালৈ৷ ,,,,,, Hirákjyóti Báishýá & Mousumee Bori আন্তৰিক ধন্যবাদ৷

June 16 at 9:43am · Like · 2

Anindita Kalita আপোনাৰ বক্তব্যৰ বাবে ধন্যবাদ Jahnu Bharadwaj..মোৰ প্ৰায়ভাগ কবিতা নিজস্ব অভিজ্ঞতাৰ পৰা লিখা ৷ সেয়ে এনেকুৱা কথাবোৰ সাঙুৰ খাই পৰে ৷

June 16 at 10:29am · Like

Nirjon Nirob Borphukon অতি সুন্দৰ বিশ্লেষণ ।

June 16 at 5:25pm · Like · 2

Sarada Shrestha আগৰবাৰৰ দৰেই পুলকিত হৈছোঁ...তোমাৰ বিশ্লেষণ পঢ়ি । এনে নিৰ্মোহ বিশ্লেষণে কবিতাৰ প্ৰতি পাঠকক আৰু অধিক আগ্ৰহাম্বিত কৰিব ...ই ধূৰুপ ।

June 16 at 6:22pm · Like · 2

Jyoti Pcsaikia ইমান সুন্দৰ নিৰ্মল পানীৰ দৰে বিশ্লেষণ ,যেন আখৰৰ কোন পাকত ভুৰুকাত হাতী ভৰোৱাদি হেঁচি থোৱা ব্রহ্মান্ড খন সমুখত উজাৰি দিছে....।আখৰৱা আৰু জাহ্নু ভৰদ্বাজলৈ অভিনন্দন।

June 16 at 6:45pm · Edited · Like · 3

Jahnu Bharadwaj আপোনালোকলৈ অশেষ ধন্যবাদ৷ Nirjon Nirob Borphukon,Sarada Shrestha,, Jyoti Pcsaikia

June 16 at 11:37pm · Like

Anamika Baruah সুন্দৰ, গঠনমূলক বিশ্লেষণে পুনৰীক্ষনৰ সফলতাৰ কথাকে কৈছে। সাৱলীল আৰু নিৰপেক্ষ বিশ্লেষণ খুবেই আকৰ্ষণীয় হৈছে। আশা ৰাখিছো এনে ধৰণৰ আলোচনাৰ পৰা কবিসকল উপকৃত হ'ব। জাহ্নুক অন্তৰেৰে অভিনন্দন জনাইছোঁ। আগলৈকো তোমাৰপৰা এনে বিশ্লেষণ পোৱাৰ আশা কৰিলো।

June 22 at 9:26pm · Like · 1

Nishanka Milan সুন্দৰ আলোচনা.....ভাল লাগিল.....এনে সুন্দৰ পৰ্য্যালোচনা উপহাৰ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জনালো...

June 23 at 1:36pm · Like · 1

Manohar Dutta 'পুনৰীক্ষণ-১২'-ৰ পৰ্যালোচক Jahnu Bharadwaj-ৰ পৰ্যালোচনা সুন্দৰ আৰু সৱ্ল হৈছে। ইয়াত সন্নিৱিষ্ট কবিতা সমূহৰ আলোচনাই সকলোকে নিশ্চয় সহায় কৰিব।


যিহওক, পৰ্যালোচক গৰাকীয়ে মোৰ কবিতা “হৃদয়, বৰষুণ আৰু মাটি”-ৰ বিষয়ে আগবঢ়োৱা পৰ্যালোচনাত কিছু নতুন দিশৰ উমান পালোঁ। চেষ্টা কৰিম আগলৈ অধিক উন্নত ৰচনা শৈলীৰে কবিতা ৰচিবলৈ।

June 26 at 8:32pm · Like · 1

Likhan Nil Konwar অতি সজ প্ৰচেষ্টা Jahnu Bharadwaj ডাঙৰীয়া ! আগলৈও এনে আলোচনা আশা কৰিলো- এনে ন কবিসকলক বৰ উপকাৰ কৰিব - আপোনাৰ শলাগ লৈছোঁ ...

June 27 at 12:34am · Like · 1

Dhanmoni Kalita val likhiso....jahnu

June 27 at 9:59pm · Like

LikeLike · 

Anupama Borgohain, Mousumee Bori, Kushal Haloi and 2 others like this.

No comments:

Post a Comment