আখৰুৱা গোটৰ জানুৱাৰী/ ২০১৪-ৰ কবিতাৰ পুনৰীক্ষনৰ দায়িত্ব গ্ৰহন কৰি বিশেষ পাতনি নেমেলাকৈ কিছু সংখ্যক কবিতাৰ ওপৰত মই ঢুকি পোৱা ধৰনেৰে পৰ্যালোচনা আগবঢ়ালো ৷ বহু কবিতাই উচ্চমানৰ ৷ কবিতাসমূহৰ পৰ্যালোচনা আগবঢ়াবলৈ পাই যথেষ্ট ভাল লাগিল ৷ পৰ্যালোচনাখিনিৰ গ্ৰহনযোগ্যতা আপোনালোকেহে ক'ব পাৰিব ৷
জ্যোতি পি চি শইকীয়াৰ এই কবিতাটোলৈকে মন কৰক - ভোগালী:
চম্পাদৈ ঐ
খাটি খোৱা দেহা তোৰ ঢেঁকীৰ শব্দৰ ছন্দত আউল নলগাবি ভোগালীনো কেইদিন কঙালীতে জীৱন যায় ৷
- এই কবিতাটোৰ জৰিয়তে কবিয়ে সামাজিক, অৰ্থনৈতিক দিশত হোৱা অৱক্ষয় দেখি যি নৈৰাশ্যবোধ আহে তাকে প্ৰকাশ কৰিছে ৷ ঠিক একেগৰাকী কবিৰে সান্তনা শীৰ্ষক কবিতাত আকৌ কিছু যোগাত্মক বাৰ্তা আহিছে ৷ য'ত সমাজৰ পৰা পোৱা নিৰাশাজনক দৃষ্টিৰ বিপৰীতে কবি বদ্ধপৰিকৰ হৈছে এভৰি যুজাৰ ৷
কবি জাহ্নু ভৰদ্বাজৰ 'ঘা' কবিতাটোত কবিৰ ব্যৱহৃত চিত্ৰ ,প্ৰতীক আৰু কবিৰ ভাৱানুভূতিৰ সবল উপস্থাপনৰ মাজত কবিতাটো সফল হৈছে ৷ ঘা কবিতাত কবিয়ে কৈছে -
যন্ত্ৰনা এটাৰ মোহত -চুই চালো -খুচৰি চালো বাৰম্বাৰ ৷
ই দেখো কৃষ্ণপক্ষৰ জোন / বাঢ়ি আহিছে একলা একলাকৈ ৷পুৰ্নিমাৰ পৰবৰ্তীকৰ্কশ এন্ধাৰ -দুখ আৰু বেজাৰৰ ৷৷ -কবিতাটোত এফালে মহৎ কৌতুহলী স্বপ্নৰ প্ৰকাশ আৰু আনফালে আত্মবিৰোধৰ যন্ত্ৰনা, অনিকেত মনোভাৱ প্ৰকাশ পাইছে ৷একেতা কবিতাতে ফ্ৰয়েদীয় চিন্তা আৰু মনস্তত্বৰ ভাবো প্ৰতিফলিত হোৱা বুলি ক'ব পাৰি ৷
কবি নিশাংক মিলনৰ নিশিগন্ধা কবিতাটোৰ এই শাৰি কেইটালৈ মন কৰক -এতিয়া ভালপোৱাৰ বতৰত / কঠিন ৰ'দত মেলি দিছো
মোৰ অসুখীয়া হৃদয় ৷৷ - আংগিকৰ সফল প্ৰয়োগে কবিতাটোৰ মাধূৰ্য বঢ়োৱা বুলিব পাৰি ৷ তেওঁৰে পৌৰুষ কবিতাটোও এটা অতি উচ্চমানৰ কবিতা বোলাত সম্পুৰ্ন সফল হৈছে ৷
ইন্দ্ৰনীল গায়নৰ ছাঁ কবিতাটোলৈ মন কৰক -খিৰিকীখন খুলি দিছিলো / পুৱতি নিশাতেই বাঁহীৰ সুৰ এটাই
টোপনিবোৰ চেপি ধৰিছিল ৷
গায়নৰ কবিতাটোৰ আংগিক আৰু চিত্ৰকল্পৰ সফল প্ৰকাশ মন কৰিবলগীয়া ৷
নয়ন মনি শৰ্মা ৰিকুৰ 'হয় হজুৰ আমি কুশলে আছো:
হয় হজুৰ দেখিবলৈ মানুহ যদিও আমাৰ শিশুবোৰে পুতলা ঘিণ কৰে সিহঁত আইচক্ৰীম আৰু চকলেটৰ প্ৰেমত নপৰে আমি এন্ধাৰত জুৰুলা হোৱা জোনাকী পৰুৱা ৷ -ইয়াত কবিৰ মনত স্তুপিকৃত মানসিক দ্বন্দ, সমাজৰ প্ৰতি সংশয়, বিশ্বাস অবিশ্বাসৰ সংঘাতে আত্মবিৰোধৰ সৃষ্টি কৰিছে আৰু কবিতাটোৰ প্ৰতীকি ৰুপে সমাজৰ বিৰূদ্ধে প্ৰতিবাদ কৰা বুলি ক'ব পাৰি ৷ একেজন কবিৰে 'কথা' কবিতাত কবিৰ প্ৰতীকৰ ব্যৱহাৰ লেখত ল'ব লগীয়া ৷
অজন্তা কুকিৰ বহু ৰাতি হ'ল বহু গভীৰ ৰাতি কবিতাত কবিৰ নাগৰিক যান্ত্ৰিক জীৱনৰ ছবিখন সুন্দৰকে প্ৰকাশ কৰিছে -'নিশাৰ স্তব্ধ চহৰৰ নিথৰ লেম্প পোষ্টৰ চৌদিশে কুৱলী নামিছে ৷
৷৷ ৰংমহলত বন্দী ৰাজকন্যাৰ সপোন ৷৷৷''
প্ৰকাশ ভূঞাৰ পুৰণি কথাবোৰ আৰু কথাবোৰ আছিল বহু পুৰণি কবিতা দুটাত কবি গৰাকীৰ বৌদ্ধিক চিন্তা, প্ৰকাশ শৈলীৰ নৈপুন্যতাৰে প্ৰতীকৰ ব্যৱহাৰত তেওঁক কাব্যিক জ্ঞানৰ গভীৰতা প্ৰকাশ কৰিছে ৷
প্ৰাঞ্জল বৰাৰ 'এটি সপোনৰ যন্ম যন্ত্ৰনা' কবিতাটোত ধৰ্ম, প্ৰেম, সৌন্দৰ্য, বিশ্বাস আদি মুল্যবোধৰ যে অপমৃত্যু ঘটিছে তাক সুন্দৰ শব্দ চয়নৰে প্ৰতীকি ৰুপ দি এটা মেচেজ দিয়াত সফল হৈছে ৷
‘চকু চৰহা নিপাত গ'ল ', নৈ বৈ যায় মনোহৰ দত্তৰ এই কবিতা দুটাত কবিৰ চিত্ৰকল্প আৰু প্ৰতীকৰ সুন্দৰ ব্যৱহােৰ কবিৰ দীপ্ত চিন্তাকে প্ৰতিফলিত কৰিছে ৷ তেওঁৰে লুকাভাকু আৰু পথাৰ কবিতা দুটাটো কবিৰ চিন্তাৰ গভীৰতা অতল যে সেয়া প্ৰতিফলিত কৰিছে ৷
নিৰঞ্জন ভূঞাৰ দহনৰ বোজা,ঘুৰি চাওতে, নিঃসন্দেহে উচ্চমানৰ কবিতা ৷ সৌৰভ শইকীয়াৰ পানচৈৰ সুন্দ শব্দ চয়নে কবিতাটো সুখপাঠ্য কৰিছে ৷
নয়ন মণি কলিতাৰ ভোগী কাব্য নিঃসন্দেহে ভাল কবিতা ৷
দিপাংকৰ বৰুৱাৰ কবিতাও সুন্দৰ ৷
পল্লব কুমাৰ নাথৰ ‘ এটা সপোনৰ মৃত্যু ঘটিল' জৈৱ দেহজ কামনা আৰু প্ৰেমৰ প্ৰত্যক্ষীকৰণ কবিতাটোত ফুটি উঠিছে ৷
Shreersha Jyoti Borar মা কবিতাটোও সুখপাঠ্য ৷
চন্দন জ্যোতিৰ ‘দাগ' কবিতাটোত সুন্দৰ ভাবে কথন শৈলীত কবিয়ে নৈৰাশ্যবাদী ভাবখিনিকে ভালদৰে প্ৰকাশ কৰিছে ৷
সমুদ্ৰ কাজল শইকীয়াৰ ‘ভেলা ' কবিতাটোত আংগিকৰ চমকপ্ৰদ ব্যৱহাৰে কবিতাটোক বিশেষ মাত্ৰা প্ৰদান কৰিলে ৷
পুৰ্নিমা বৰুৱাৰ '' উন্মেষ'' কবিতাটোৰ শব্দ চয়নে কবিতাটোক সুখপাঠ্য কৰিলে ৷
সুৰেশ বৰাৰ লিমাৰিক, বিদ্যা শপত, জোনাক, আপুনি অহংকাৰী বাবেই ইত্যাদি কবিতাবোৰ সুখপাঠ্য হৈছে ৷
মধু এম কলিতাৰ 'হেঁপাহ'ত কবিৰ মনত নতুন পৃথিৱী গঢ়াৰ প্ৰয়াস প্ৰতিফলিত হৈছে ৷
মালবিকা ব্ৰহ্মৰ অতীতৰ বিন্দু শীৰ্ষক কবিতাটো নি সন্দেহে সুখপাঠ্য ৷
মৈত্ৰেয়ী পাটৰৰ 'বেচিজিল' কবিতাত কবিৰ ইতিহাস চেতনাৰ প্ৰকাশৰ লগতে কবি যে চিত্ৰকল্প আৰু প্ৰতীক ব্যৱহাৰত সিদ্ধহস্ত তাক প্ৰমান কৰিছে ৷
ধনমণি কলিতাৰ ‘দেউতাৰ সপোন ধান' কবিতাটোত কবিৰ চিত্ৰকল্পৰ লগতে বাস্তৱ চেতনা আৰু ক্ষণভংগুৰ সমাজৰ প্ৰতি কবিৰ তীব্ৰ পুতৌৰ ভাৱ প্ৰকাশ পাইছে ৷
অনিন্দিতা কলিতাৰ: জীৱন: কবিতাত কবি গৰাকীৰ মনৰ গভীৰতালৈ শিপাই যোৱা বাস্তৱ চেতনাত জীৱন সম্পৰ্কীয় উপলব্ধিক সুন্দৰ প্ৰকাশ ব্যঞ্জনাৰে অৰ্থৱহ কৰি তুলিছে ৷
হীৰকজ্যোতি বৈশ্যৰ ‘ইহলোকৰ কথা' কবিতাটোত কবিয়ে বিশ্বাস আৰু অবিশ্বাসৰ দোমোজাত থাকিও একপ্ৰকাৰ মাৰ্ক্সীয় দৰ্শনৰে কবিতাটোক প্ৰতিবাদৰ ভাষা হিচাপে গ্ৰহন কৰিছে ৷
পলাশ প্ৰান্তিকৰ ‘ ছহীদ গুলজাৰ হুছেইন,' কবিতাটোত কবিৰ দেশপ্ৰেমৰ ভাৱধাৰা প্ৰকাশ হৈছে ৷
কৌশিক বিশ্বাসৰ ‘নাটক, এটা সুন্দৰ কবিতা ৷
ৰাজু বৰুৱা০১ মাৰ্চ ২০১৪
Like · · March 1 at 4:38pm

Malabika Brahma, Indranil Gayan, Mousumee Bori and 12 others like this.
Indranil Gayan পুনৰীক্ষন (৮) সহজ সৰল এটি সুন্দৰ পৰ্যালোচনা পঢ়ি আপ্লুত হ’লো| ধন্যবাদ জনাইছো Raju Baruah দালৈ|
March 1 at 6:09pm · Like · 1
Raju Baruah Indranil আনন্দিত হ'লো
March 1 at 6:15pm · Like · 1
Malabika Brahma 'Punorikkhon'.. Nijeo eta xukhpathyo likhoni hoi pore, nijor gunot. Etiyaloke agborhuwa proti tu 'Punorikkhon' ei protijon punorikkhokor nija boishitor babe xubdor hoi pore. Raju, porhi bhal palu.. Tumar jotnor xolag loisu iyate...
March 1 at 6:31pm · Like · 3
Raju Baruah Malabika Brahma baideu, aantorik dhanyabad jonaisu dei
March 1 at 6:51pm · Like · 1
Jyoti Pcsaikia খুউব সহজ সৰল সুন্দৰতাৰে সজোৱা পুনৰীক্ষন ৮ পঢ়ি অভিভুত হ'লো । ৰাজু বৰুৱালৈ ধন্যবাদ আৰু অভিনন্দন থাকিল।
March 1 at 8:20pm · Like · 1
Raju Baruah ধন্যবাদ জ্যোতি শইকীয়া
March 1 at 8:43pm · Like · 1
Anindita Kalita Dhanyabaad Raju .. eman sundarkoi porjyalochana aagborhaai utsaahita kora babe.
March 2 at 7:44am · Like · 1
Raju Baruah ধন্যবাদ অনিন্দিতা
March 2 at 10:09am · Like · 1
Palash Prantik গঠনমুলক পৰ্যালোচনাই কবিতাক ৰসাল আৰু প্ৰাণবন্ত কৰি তোলে । ধন্যবাদ ৰাজু বৰুৱা
March 6 at 5:51am · Unlike · 2
Raju Baruah ধন্যবাদ পলাশ ভাই
March 6 at 9:41am · Like
No comments:
Post a Comment