Monday, 10 November 2014



পুনৰীক্ষণ-৭ (ডিচেম্বৰ’২০১৩): পৰ্যালোচক : মৌচুমী বৰি


"পুনৰীক্ষণ-৭ (ডিচেম্বৰ’২০১৩)" কবি হীৰুদাই কৈ গৈছে – “সকলো কবিতাই মানুহৰ শুভবোধৰ উদ্বোধন ।“ বৰ্তমান ৰাজ্যখনৰ যি অশান্তজৰ্জৰ পৰিস্হিতি তাৰ মাজতো এচাম উদীয়মান কবিৰ কাব্যচৰ্চাই আমাৰ দৰে পাঠকৰ হতাশ মনবোৰক আশ্বাস দিব পাৰিছে যে এতিয়াও পৃথিৱীত “সত্য, শিৱ, সুন্দৰ”ৰ অৱসান ঘটা নাই।কবি নীলমণি ফুকনদেৱে কৈছে—“প্ৰতিটো কবিতাই এটা মানৱিক মুহুৰ্ত।” হৃদয়ৰ পৰশ লাগি থকা প্ৰতিটো কবিতাই এডাল সাঁকোৰে বগুৱাবাই পাঠকৰ হৃদয় পায়গৈ । যিবোৰ কবিতাই পাঠকৰ হৃদয়খনৰ লগতে মন-মগজু আলোড়িত কৰি তুলে সেইবোৰ কবিতাই বোলে ভাল কবিতাৰ লক্ষণ। কবিতাৰ এটি আমোঘ সত্য নবেল বঁটা বিজয়ী কবি ৰবীন্দ্ৰনাথ ঠাকুৰ দেৱে কৈ গৈছে—“ জীৱনে জ্ঞাত এবং অজ্ঞাতসাৰে অনেক মিথ্যাচাৰণ কৰা যায়, কিন্তু কবিতাই কখনো মিথ্যা কথা বলিনি।" কবিতাৰ বাবে এইয়াই যেন সত্য আৰু মাটিৰ চাকিৰ দৰে পৱিত্ৰ ।আখৰুৱাৰ চোতালৰ ডিচেম্বৰ’১৩ ৰ সৰহভাগ কবিতাই আমাৰ দৰে সাধাৰণ পাঠকৰ দৃষ্টিৰে “ভাল কবিতা” বুলিবৰ থল বিচাৰি পাওঁ । কাৰণ কবিতাবোৰ পঢ়ি গলে আমি ভবাৰ দৰে কাব্যচৰ্চাৰ বাবে যি প্ৰতিভা, পৰিশ্ৰম আৰু অধ্যয়ন স্পৃহা লাগে সেই গুণ তেওঁলোকে আহৰণ কৰি পেলাইছে যেন বোধ হয়। কিছুমান কবিতাই যদি সহজেই হৃদয় পৰশিছে, কিছুমান কবিতাৰ আকৌ ভাষাৰ ওৰণি টানি মুখ খন চাবলৈ যতন কৰিব লগা হৈছে ।উল্লেখযোগ্য যে এই শিতানত প্ৰতিজন কবিৰে এটাকৈ কবিতাৰ পৰ্যালোচনা আগবঢ়োৱা হৈছে।আখৰুৱাৰ চোতালত প্ৰথমেই নাম ললোঁ প্ৰতিভাৱান কবি নিশাংক মিলনৰ।কবিজনাৰ “সেঁওতা” কবিতাটো পঢ়ি গ’লে প্ৰতীক আৰু চিত্ৰকল্পৰ অপূৰ্ব সমাহাৰ দেখা যায়।কবিয়ে লিখিছে-“কাৰোবাৰ মুখৰ পৰা ওফৰি অহা তেজ এসোঁতাদলি এটা হৈ দৌৰি যায়,কপালত তেওঁৰ খলকি উঠা সাইলাখ এটা গধূলীৰ হ্ৰদপাৰত সময়ৰ আঙুলিৰ অনন্ত মৌনতা“। 

বিধিৰ বিধান ক’ত কেনেকৈ লিখা থাকে সেইয়া আমাৰ বাবে সদায়ে অজানা হৈ ৰয়। কবিয়ে এইষাৰ কথা খুউব সুন্দৰভাৱে উপৰোক্ত পংক্তিত চিত্ৰিত কৰিছে। আকৌ কবিয়ে লিখিছে – “ বাট বিচাৰি পিন্ধি ললো শেষত/ তেওঁৰ নিথৰ ঠিকনা মোৰ দগ্ধ খোজত” ইয়াত “নিথৰ ঠিকনা”ৰ উপমা মনকৰিবলগীয়া । নিশাংক মিলনৰ কবিতা পঢ়ি বুজিবলৈ হ’লে এজন পাঠকৰ বাবে অনুভৱ আৰু বুদ্ধিমত্তা দুয়োটাৰে প্ৰয়োজন হয়।

কবি অনিন্দিতা কলিতা অসমৰ সাহিত্য জগতত সকলোৰে এটি পৰিচিত নাম ।তেওঁৰ দ্বিতীয়খন কাব্য সংকলন “আনকমন লাইফ।” জীৱনৰ প্ৰতি কিবা এক তীব্ৰ অভিমানত যেন সৃষ্টি হৈছে “আনকমন লাইফ” নামৰ কৰুণৰস সমৃদ্ধ কবিতাটি –

“মোৰ লাইফ মোৰ মৰ্জিনোৱাৰোঁ তেনেকৈ ক’বমোৰ লাইফ যন্ত্ৰণাৰ মৰ্জিশুদ্ধ!!”আকৌ, “ওকণি এটা চাচোন আইমূৰতে মৰা আছে নেকিঅঘৈয়া হুলডালপাৰ যদি দে উলিয়াইদুখৰ দানৱটোৰ মোটটো পুৰি পেলাওঁ”

কবিতাটিয়ে “বুঢ়ী আইৰ সাধু”ৰ “কাঞ্চনী” লৈ মনত পেলাই দিয়ে। আকৌ কবিয়ে যেতিয়া লিখে – “বগীঘোঁৰাত উঠি/ৰাজকুমাৰজন আহিব/ঠাইকণ সাৰি থ’/দেখিছনে আই তোৰ ডালিম পকিছে” –এই পংক্তিয়ে “তুলা আৰু তেজা” সাধুটোলৈ মনত পেলাই দিয়ে।কবিৰ কাব্য ভাৱনাত থকা সাধুকথাৰ পৰশে কবিতাটিক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।

কবি অনিন্দিতাৰ কাব্য ভাৱনাৰ স’তে মিল পোৱা যায় আখৰুৱাৰ চোতালৰ অনন্য পথিকৃত কবি মনোহৰ দত্তৰ কবিতা “মাটিৰ মানুহ।” কবিতাটিৰ উপস্হাপনশৈলী ইমান সুন্দৰ, সৰল আৰু পৰিপাটী যে পাঠকে অতি সহজেই কবিতাটিৰ ৰসাস্বাদনত সফল হ’ব পাৰে।তেওঁৰ কবিতাবোৰ “গীতি কবিতা”ধৰ্মী যেন বোধ হয়।

কবি ভবিতা দাসৰ “অনুভৱৰ মালিতা” অন্তৰ পৰশা—“তোমাকেই ভাবো তোমাকেই হেৰুৱাই/দিন গলেও ৰাখো খবৰ/উমানে উমানে/ তুমি ভাবানে তোমাক হেৰুৱাজনে/কিমান হেৰুৱাব পাৰে নিজানে নিজানে” হেৰুৱাজনক উমানে উমানে নিজানে নিজানে বিচৰা অনুভৱে পাঠকৰ অন্তৰতো দোলা দি যায়।

ডাকপখিলা—এতিয়া আমাৰ বাবে মাথোঁ নষ্টালজিয়া। আজি “ডাকপখিলা” ইতিহাস হ’বলৈ লোৱাৰ পৰত কবি জ্যোতি পিচি শইকীয়াৰ পৰা আমি গোটত এটা ধুনীয়া কবিতাৰ আস্বাদ পাবলৈ সক্ষম হৈছো।কবিতাটিৰ শিৰোনাম “মৰমৰ ডাকপখিলীলৈ কৃতজ্ঞতাৰ একলম..” কবিতাত “আঘোনীয়া গাল”ৰ দৰে উপমা মনকৰিবলগীয়া । কবিয়ে লিখিছে—“আজি আলফুলকৈ চুই চালোঁ/এতিয়াও বিবৰ্ণ পৃষ্ঠাৰ ভাঁজে ভাঁজে/সুতলগা উমৰ পয়োভৰ” কবিতাটিত “সুত লগা উম” ৰ দৰে অলংকাৰে কবিতাটিৰ মাধুৰ্য বঢ়োৱাত সহায় কৰিছে।

সপোন দেখা প্ৰতিজন লোকেই হয়তো বুকুৰ গোপন কোণত পুহি ৰাখে এটি সূৰ্যমুখী সপোন।কবি মালবিকা ব্ৰহ্মৰ “সূৰ্যমুখী সপোন” কবিতাটিৰ গীতিময়তা আৰু লালিত্যই সকলো পাঠককে পঠনসুখ দিব—“আহ জোনাকী/তই ভগা বীণখনিত পুনৰ তুলিবি সুৰ/লহৰে লহৰে প্ৰাণ পাই নাচক/সূৰ্যমুখী সপোন মোৰ...”।কবি প্ৰীতিৰেখা দাসৰ কবিতা “মোৰ প্ৰেমিক কবিৰ বাবে এটা প্ৰেমৰ কবিতা”..কবিতাটিৰ শিৰোনামে কবি হৰেকৃষ্ণ ডেকাৰ “মোৰ মানুহজনীৰ বাবে এটা প্ৰেমৰ পদ্য” কবিতাটোলৈ মনত পেলাই দিয়ে। কবিতাটিত সৰলতা আৰু বাহুল্যৰ আধিক্য চকুত পৰে যদিও কবিতাটিৰ স’তে পাঠকে একাত্মতা অনুভৱ কৰে।কবিৰ কবিতাৰ জোনাকী বাটলৈ অলেখ শুভেচ্ছা থাকিল।

আজিৰ পৃথিৱীত মানুহ যেন একোটা নিৰ্জন দ্বীপ। কবি মৈত্ৰেয়ী পাটৰৰ কবিতাটি পঢ়িও তেনে অনুভৱ হয়।প্ৰতীক আৰু চিত্ৰকল্পৰ সমাহাৰ ঘটি কবিতাটি ভাবঘন ৰূপত প্ৰকাশ পাইছে। তেওঁৰ উচ্চমান সম্পন্ন কবিতাই আখৰুৱাৰ চোতাল শুৱনি কৰিছে।

সন্তানৰ বাবে মাতৃয়ে কি কি নকৰে? মাকৰ অসীম ত্যাগেৰে সন্তান ডাঙৰ-দীঘল হয়।কবি অজন্তা কুকিৰ “আই” কবিতাত তাৰেই প্ৰতিচ্ছবি ফুটি উঠিছে—“পুহৰ ঠেঁটুৱা জাৰ হওক/আহাৰৰ গেলেপা গৰমেই/ ভাগৰা নেদেখিলো/কাহানিও তোক আই...।” কবিতাটিয়ে পাঠককো আপোন মাতৃৰ অনুভৱেৰে সিক্ত কৰিছে।কবিতাটিত “চেলাজৰী হেন কামৰ পাক”, “শালিকীজুঁটিয়া তাঁত” আৰু “জিকাফুলীয়া মৰমী মুখ”ৰ দৰে উপমা মনকৰিবলগীয়া।

কবি পূৰ্ণিমা বৰুৱাৰ “কবিতা” কবিতাটিৰ ৰোমান্টিকধৰ্মিতাই পাঠকক সহজে চুই যায়।কবিতাটি সাৱলীল আৰু সৰল যদিও ব্যঞ্জনাৰ অভাৱ থাকি যোৱা যেন অনুভৱ হয়।পিছে কবিতাটিত কল্পনা আৰু আবেগৰ উম স্পষ্ট।

আখৰুৱাৰ চোতালৰ এজন অন্যতম কবি প্ৰকাশ ভূঞাৰ “সংযোগ” কবিতাটিত প্ৰতীকৰ ব্যৱহাৰ মনকৰিবলগীয়া। “ধুমকেতুৰ দৰে একোটা ৰাতি/কুকুৰবোৰৰ অবিৰাম ভুকভুকনি/তেজ আৰু ছাঁই আৰু নিমখীয়া মাটি/ফণা মেলি হালিজালি একোটা একোটা বিয়াগোম ফেঁটী ।“কবিয়ে বিপৰ্যয়ৰ দিনবোৰৰ মাজতো যেন সামান্য আশাৰ ৰেঙণি দেখা পাইছে—“কেতিয়াবা সপোনতেও ফুলবোৰ ফুলে/সেইবুলিয়েই কিদৰে উটাই দিওঁ কজলা নদীত ফুলবোৰ”।

আজিকালি মানুহৰ মাজত যে আত্মকেন্দ্ৰিকতা বাঢ়ি গৈছে সেই কথা কবি কৌশিক ব্যাসাসৰ “ঘৰ” কবিতাটি পঢ়ি উপলব্ধি কৰিব পাৰি । কবিতাটিৰ বিষয়বস্তু আৰু ভাৱ খুবেই সুন্দৰ যদিও কবিতাটিৰ সাৱলীলতাত কিবা এক অভাৱ দেখা যায়, কবিতাটি আৰু অলপ ভাল কৰাৰ থল আছিল যেন লাগে।প্ৰতিভাৱান কবি কৌশিক ব্যাসাসৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

আজিকালি সকলো মানুহেই ব্যস্ততাৰ কথা কয়,প্ৰশ্ন হয়, এই ব্যস্ততাৰ মাজেৰে তেওঁলোকে আচল সুখ-আনন্দ পাইছেনে?”আপুনি বৰ ব্যস্ত নেকি..” কবিতাটিত কবি নয়নমনি শৰ্মাই ব্যস্ত মানুহবোৰক প্ৰশ্ন কৰিছে—“বিয়েৰ বাৰৰ থুনুকা ৰাতিবোৰত বিচাৰি পাইছেনে/ হেৰোৱা বাট/ আপুনি সুখৰ অৰণ্যত বাস কৰে/আপুনি সুখিনে সঁচাকৈয়ে।” ব্যস্ততাৰ দোহাই দি আজিৰ মানুহে যে প্ৰকৃত সুখ হেৰুৱাইছে সেইকথা কবিয়ে খুউব সুন্দৰকৈ কবিতাটিত উপস্হাপন কৰিছে। তেওঁৰ কবিতাৰ সুখপাঠ্যতাই পাঠকক মোহিত কৰে।

কবি দেৱজ্যোতি মহন্তৰ কবিতা “মিচেছ বৰুৱা আপুনি সুখী নে” কবিতাটি কথা কবিতাধৰ্মী কবিতা যেন বোধ হয়।মানুহৰ সুখী মুখ এখনৰ সিপাৰে যে অন্য এখন নিসংগ পৃথিৱী থাকিব পাৰে সেই কথা কবিৰ এই কবিতাটিৰ জৰিয়তে খুউব সুন্দৰভাৱে উপলব্ধি কৰিব পাৰি।পৃথিৱীত এনে বহু নাৰী আছে যি আনৰ সুখৰ বাবে নিজৰ সুখ বিসৰ্জন দিছে; কবিয়ে লিখিছে—“আপুনিতো স্বাৰ্থপৰ নাছিল মিচেছ বৰুৱা/আপুনি মাথো প্ৰথম বাৰ হিচাপ কৰিছিল/বেছি সংখ্যক মানুহক সুখী কৰাৰ হিচাপ।” কবি দেৱজ্যোতি মহন্তৰ পৰা আমি আৰু ধুনীয়া ধুনীয়া কবিতা পঢ়িবলৈ পোৱাৰ আশা কৰিলোঁ ।

কবি ৰূপম সাউদৰ “গাঁৱলৈ আহিবা এদিন” কবিতাটিৰ সৰলতা আৰু আবেদনময়তাই পাঠকৰ হৃদয় চুই যায়।চহৰৰ কোলাহলময়তাৰ বিপৰীতে নিৰিবিলি নৈসৰ্গিক শোভাৰে পৰিবেষ্টিত এখনি গাঁৱৰ সুন্দৰ প্ৰতিছবি পাঠকৰ মানসপটত ভাহিঁ উঠে।কবিৰ সাফল্যও সেইখিনিতেই। 

কবি হীৰকজ্যোতি বৈশ্যৰ “দুটি প্ৰেমৰ কবিতা”ৰ প্ৰথম স্তৱকটিৰ উপস্হাপনশৈলী সুন্দৰ হৈছে, কবিয়ে লিখিছে – “সন্ধিক্ষণৰ বৰষুণ/ফাগুনি উষ্মাৰে আকোৱালি লৈছো/প্ৰতিটো টোপাল/আশা-/জানোচা মই উন্মাদৰ স্বীকৃতি পাওঁ” কিন্তু কবিৰ দ্বিতীয় প্ৰেমৰ কবিতাৰ স্তৱকটিৰ উপস্হাপন শৈলীত কিবা এটাৰ অভাৱ থাকি যোৱা যেন লাগে।কবি হিৰকজ্যোতি বৈশ্যৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।

আপোনজনৰ “বিচ্ছেদ” যেন এক গভীৰ বিষাদ মাথোঁ ।এনে এক অনুভৱে প্ৰতিজন পাঠককে সিক্ত কৰি যাই, যেতিয়া পাঠকে কবি অনুভৱ আকাশৰ “বিচ্ছেদ” কবিতাটি পঢ়ি চায়।

ডিচেম্বৰ সংখ্যাৰ আখৰুৱাৰ চোতালৰ এটি সুন্দৰ কবিতা কবি জাহ্নু ভৰদ্বাজৰ “গোহাঁই কমল আলিৰ এটা কবিতা।” কবিয়ে যেতিয়া কয় –“এন্ধাৰ আৰু কুঁৱলীৰ মাজত/নিজান পথাৰখনে কথা পাতে/আকাশখনৰ সৈতে/তৰাবোৰৰ সৈতে”—কবিতাৰ এই অনুভৱী চিত্ৰময়তাই পাঠকৰ হৃদয় চুই যায়।ঐতিহাসিক গোহাঁই কমল আলিটোৰ সৈতে কবিৰ অনুভৱ নিহিত হৈ কবিতাটিক সুখপাঠ্য কৰি তুলিছে।কবিয়ে লিখিছে—

“চিলাৰায় আৰু গোহাঁই কমল,পৰাক্ৰম আৰু যুদ্ধযাত্ৰা;এলাগী আলিটোৰে পৰিচয় সন্ধানী যাত্ৰা!মূৰ্ত মৌনতাত মই টুকুৰিয়াই চাওঁইতিহাস;আৰু নিজক!”কবি গকুল দেউৰীৰ কবিতা “সুখৰ নাৱৰীয়া হৈ আহিছিলোঁ” আৰু কবি ৰংমন দাসৰ “তোক পাহৰিব খুজিছো অ’ মোৰ হেৰুৱা দিনৰ বাসন্তী জোনাক” –দুয়োটা কবিতাই সৰু কবিতা অথচ সৰল আৰু অৰ্থপূৰ্ণ।দুয়োজন কবিৰ পৰা আখৰুৱাৰ চোতালত আৰু ধুনীয়া সাৰ্থক কবিতা পঢ়িবলৈ পাম বুলি আশা কৰিলোঁ ।কবি প্ৰাঞ্জল বৰাৰ “কচাইখানা” কবিতাটিৰ বিষয়বস্তু সুন্দৰ আছিল কিন্তু কবিতাটিৰ উপস্হাপনত কিবা এটাৰ অভাৱ দেখা যায়।কবিতাটিত আকৌ এবাৰ হাত ফুৰালে ই যে এটা সাৰ্থক কবিতাৰ ৰূপ পাব ই ধুৰূপ।কবি কনচেঙ বৰগোহাঞি দেৱে তেওঁৰ প্ৰিয়তমা পত্নীৰ জন্মদিনত “আজি তোমাৰ জন্মদিন” নামেৰে লিখা কবিতাটি আখৰুৱাৰ চোতালত পঢ়িবলৈ পোৱাৰ সৌভাগ্য হ’ল।বাহ্যিকতাৰে যে প্ৰেমক জুখিব নোৱাৰি, প্ৰেম এক স্বৰ্গীয় অনুভূতি সেই কথা কবিয়ে খুব সুন্দৰকৈ কবিতাটিত উপস্হাপন কৰিছে। কবিৰ ভাষাত –

“তুমি জুমি চোৱা/তৰাফুলেৰে সজাইছো হৃদয়/প্ৰেমেৰে আঁকিছো দিনৰ আকাশ অনুৰাগ/একাত্মাই এটি সদ্যজাত হৈ/তোমাৰ জন্মদিনত বাঢ়ি আহক/হাতত হাত ধৰি বসন্ত,অনন্ত বসন্ত”..কবি ইন্দ্ৰনীল গায়নৰ “কীট” কবিতাটিৰ আবেদনময়তাই পাঠকৰ হৃদয়ৰ গভীৰত টুকুৰিয়াই যায়।কবিতাটিৰ বিষয়বস্তুত বিশেষ নতুনত্ব দেখা পোৱা নাযায় যদিও কবিতাৰ গঠনত সাৰ্থকতা বিচাৰি পোৱা যায়।কবি সুৰেশ বৰাৰ কবিতা “লগে ভাগে মিলিজুলি থাকিলে”, কবি সৌৰভ শইকীয়াৰ কবিতা “মই এজাক বতাহ বিচাৰিছিলোঁ/তুমি এজাক ধুমুহা দিলা” আৰু কবি ৰাজু বৰুৱাৰ “এজনী আঁকৰী ছোৱালীৰ স্মৃতিত” লিখা কবিতাকেইটি সৰল আৰু সুখপাঠ্য।কবি মানসজ্যোতিৰ “চেণ্ডেল” কবিতাটিয়ে পাঠকৰ হৃদয়ত বিজুলীৰেখাৰ দৰে আনন্দৰ সঞ্চাৰ কৰিবলৈ যেন সক্ষম হৈছে –“ওৰেটো বাট/তোমাক কঢ়িয়ালো/ভগৱানৰ চৰণলৈ মই যাব নোৱাৰিলো” কবিতাটি সৰল কিন্তু ইয়াৰ অৰ্থময় অনুভৱ গভীৰ, কবিৰ কৃতিত্বও তাতেই।কবি কিৰণ খনিকৰৰ “বলুকাত বিৰহৰ বাতৰি” কবিতাটিৰ “ব” আখৰেৰে লিখা ছন্দসজ্জাই চমক সৃষ্টি কৰিছে, এইয়া যেন কবিৰ বিশেষ কৃতিত্ব ।কবিৰ পৰা এনেধৰণৰ আৰু কবিতাৰ ৰসাস্বাদন কৰিব পাৰিলে নথৈ আনন্দিত হ’ম।কবি সাগৰ হাজৰিকাৰ “ভোক” কবিতাৰ মৰ্মস্পৰ্শী অনুভৱে পাঠকৰ হৃদয় চুই যাই, যেতিয়া কবিয়ে লিখে—বৰ নিকৰুণ,বৰ ভয়াল /এটা হৃদয় কপোঁৱা শব্দ "ভোক"/ সৰ্বহাৰাৰ নিশকতীয়া দেহত চিৰায়ত আচোঁৰ..

কবি ৰশ্মিৰেখা দাসৰ “আক্ষেপ” কবিতাটি একেআষাৰে সুখপাঠ্য বুলি ক’ব পাৰি । আজিৰ পৃথিৱীৰ যান্ত্ৰিকতাৰ বাবেই যেন কবিৰ আক্ষেপ। কবিয়ে লিখিছে—“কংক্ৰিটৰ জুইয়ে কলিজা পুৰে ছাই হৈ শীতবোৰ আকাশত উৰে ।হেৰুৱা হৃদয়ৰ সুবাস কঢ়িয়াই এতিয়া কুঁৱলিও নসৰে ..”এই যান্ত্ৰিকতাৰেই অন্য এক প্ৰকাশ দেখা পাওঁ কবি নিৰঞ্জন ভূঞাৰ কবিতাত যেতিয়া কবিয়ে লিখে—“ব্যস্ততাৰ উষ্ম বতাহে/শুহি লোৱা ৰসৰ স’তে/উৰি যায়/আৱেগৰ জীপাল বস্ত্ৰ/ভাল পাইছিলো নে/বেয়া পাইছিলো তোমাক/নাপাহৰিলোহেঁতেন/যদি নহলোহেঁতেন /বৰ্তমান মই যন্ত্ৰ” কবিতাটিৰ উপস্হাপনশৈলী আৰু অলপ ভাল কৰিব পৰাৰ থল আছিল যেন অনুভৱ হয়।বাঁহীৰ সুৰনো কাৰ ভাল নালাগে! আখৰুৱাৰ চোতালৰ এটি ধুনীয়া কবিতা ছাৰযেন আৰ মেগ’ৰ “ব্ৰাংছি”; ৰিছিৰ অভিশাপত অভিশপ্ত বিজুলী বাঁহৰূপী ব্ৰাংছি, যি ব্ৰাংছিয়ে কঁপাই তুলে আকাশৰ নীলা, নিশাৰ নিৰ্জনতা, যাৰ সুৰে উজ্বলাই বহুতৰ মুখৰ হাঁহি, বহুতৰ চকুৰ পাহি..কিন্তু কবিৰ দুখ আধুনিকতাই ব্ৰাংছিৰ জনপ্ৰিয়তাত আঁচোৰ পেলালে।কবিতাটি সুখপাঠ্য আৰু সাৱলীল।কবি ওচমান গনি, যি জন কবিৰ বিষয়ে মনোহৰ দত্ত দাদাই ইতিমধ্যে আখৰুৱাৰ চোতালত সবিশেষ জনাইছে। তেওঁ “অমৰজ্যোতি” কবিতাত স্বাৰ্থপৰতাই মানুহ তথা এখন দেশক কিমান তললৈ লৈ যাব পাৰে তাৰে চিত্ৰণ কৰি মানুহক আত্মস্বাৰ্থ ত্যাগি কৰ্মেৰে জীৱন আলোকিত কৰিবলৈ আহ্বান জনাইছে । তেওঁ লিখিছে —

“সকলো স্বাৰ্থ ত্যাগ কৰামন-আত্মা এক কৰাপৰমাত্মাৰ সন্ধান লৈকৰ্ম জীৱন ধৰাকৰ্মময় জীৱনেহেপৃথিৱী আলোকিত কৰে।“কবি ওচমান গনিলৈ অলেখ শুভেচ্ছা থাকিল।বি:দ্ৰ: এগৰাকী সাধাৰণ কবিতা পাঠকৰ দৃষ্টিভংগীৰে ডিচেম্বৰ মাহৰ কবিতা খিনিৰ এটা পৰ্যালোচনা আগবঢ়াবলৈ চেষ্টা কৰিলোঁ ।যিহেতু কবিতাৰ পৰ্যালোচনা আগতে কেতিয়াও কৰা নাই গতিকে গোটৰ পদক্ষেপলৈ সঁহাৰি জনাই বিনম্ৰভাবে শিতানটো যুগুতোবালৈ যত্ন কৰিছোঁ।অজানিতে হ'ব পৰা ভুল-ক্ৰটিৰ বাবে সকলোৰে ওচৰত সদায়ে ক্ষমাপ্ৰাৰ্থী ।কৃতজ্ঞতা: আখৰুৱা গোটৰ প্ৰশাসকবৃন্দ প্ৰমুখ্যে গোটৰ প্ৰতিজন সদস্য তথা ডিচেম্বৰ সংখ্যাৰ প্ৰতিজন কবিলৈ অশেষ শুভেচ্ছা আৰু কৃতজ্ঞতা জনালোঁ । লেখাটো যুগুতাওঁতে পৰামৰ্শ আৰু উৎসাহ দি অনুপ্ৰাণিত কৰা মনোহৰ দত্ত দাদালৈও বিশেষ কৃতজ্ঞতা থাকিল।

মৌচুমী বৰি
৩১ জানুৱাৰী ২০১৪
___________________________________________________________________________

টোকা: পুনৰীক্ষণ-৬ (নৱেম্বৰ’২০১৩) পৰ্যালোচনা সময় মতে আহি নোপোৱা বাবে পুনৰীক্ষণ-৯ প্ৰকাশ কৰা হ'ল।
প্ৰশাসকবৃন্দ,

আখৰুৱা : literati গোট৩১ জানুৱাৰী ২০১৪

No comments:

Post a Comment