কবি জোনমণি দাসৰ "অশ্বাৰোহী"ত বাজি আছে এক বিপ্লৱী সুৰ। কবিৰ মনত প্ৰতিধ্বনিত হৈ থকা বিপ্লৱ বাণীৰে কবিয়ে আশ্বাস দিছে উপেক্ষিত দুৰ্বলীসকলক আৰু এই বিপ্লৱী সত্ত্বাক প্ৰতীকি নাম দিছে "অশ্বাৰোহী"।
"ৰৈ ৰৈ টোপনিয়াই থকা
তৰাবোৰ ৰ' লাগি
চাই থাকিবা
মই আহি সিহঁতৰ
টোপনি ভাঙিম"
এই আশ্বাসত আছে এক নিস্বাৰ্থ তথা দৃঢ় প্ৰতিশ্ৰুতি অনাগত ভৱিষ্যতৰ। "ৰৈ ৰৈ টোপনিয়াই থকা
তৰাবোৰ"- এই চিত্ৰকল্পৰে কবিয়ে উচ্চ পদস্থ স্বনামধন্য অথচ নিষ্কৰ্মা লোকক বক্ৰোক্তি(irony) কৰিছে। এই বক্ৰোক্তি নিশ্চয়কৈ সময়োপযোগী।
"যদি কোনোবা নপুংসক ঈশ্বৰৰ
চৰণ চেলেকা ভৃত্যই
মোৰ কথা সোধে,
কবা যে জুইৰ মন্ত্ৰ বিচাৰি তেওঁ
শিলৰ কাষলৈ গৈছে"
"জুইৰ মন্ত্ৰ বিচাৰি শিলৰ কাষলৈ যোৱা" চিত্ৰকল্পই বিপ্লৱৰ আন এক দিশৰ কথা কয়। "জুই" এক সৰ্বনাশী হাথিয়াৰ যদিও ইয়াত অইন এক বক্ৰোক্তিহে দেখা যায়। ঈশ্বৰৰ দয়া পৰৱশ অধপতিত লোকলৈ এয়া বিষয়ীৰ এক পৰোক্ষ ধমক। আকৌ,
"গোলাঘৰত জুই দি
ৰজা দৌল ভাঙিম ! "
এই কবিতাদুফাঁকিত আছে ৰজাৰ সম্পত্তিৰে ৰজাকে নাশ কৰাৰ প্ৰতিস্ৰুতি তথা প্ৰস্তুতি। কবিতাটিৰ সিৰাই সিৰাই মাৰ্ক্সিয় দৰ্শন প্ৰবাহিত হৈ আছে। ইয়াৰ লগতে কবিতাটিত নৈৰাজ্যবাদ(Anarchism)ৰ চাপ নিহিত আছে। প্ৰতিপত্তিশীল লোকৰ চৰম শোষণ প্ৰতিহত কৰাৰ এক অমোঘ বাণী "অশ্বাৰোহী"। শব্দৰ যথাযথ ব্যঞ্জনাময়তাৰে এইটো এটা সুন্দৰ কবিতা।
কবি সাৰদা শ্ৰেষ্ঠৰ "কঙালেই হ'লো আজি" কবিতাটি বিষয়ীৰ জীৱন বোধনৰ বহিঃপ্ৰকাশ। মাতৃৰ কথাৰে গঢ় দিয়া জীৱনটোক লৈ "কঙাল" হ’লেও বিষয়ী যেন পৰিতৃপ্ত।
"আইৰ কথাকে শৰোগত কৰি
জীৱন পথেৰে আগুৱালো
একাষৰিয়াকৈ থৈ দুখৰ কাঁইট ।
আনৰ কথা নুশুনিলো
নিজৰ কথাই শুনি
কঙালেই হ'লো ।
তথাপি আক্ষেপ নাই আজি,
নিজৰ কথা মানি কঙাল হোৱাতোচোন
এক মিঠা আমেজ আছে !! "
কবিতাটি অৰ্থব্যক্তিসম্পন্ন(perspicuity)। বিষয়ীৰ মুখে জীৱনৰ এক ঘটনা সাধু কোৱাদি বৰ্ণনা বৰ্ণিত হৈছে। শিৰোনামটোৱে যথাযথভাৱে কবিৰ অভিব্যক্তিখিনি প্ৰতিফলিত কৰিছে। "কঙালেই হ'লো আজি"- ইয়াত হতাশাৰ লগতে এটা আত্মগৌৰৱৰ ভাৱ নিহিত আছে, যিটো কবিতাটিৰ শেষত সুন্দৰকৈ পৰিস্ফুত হৈছে। শব্দৰ ব্যঞ্জনাবিহীন ব্যৱহাৰে কবিতাটিক অতিকে সৰল ৰূপ দিছে। কিন্তু কবিতাটিৰ বৰ্ণনত কিছু দুৰ্বলতা আছে, বিশেষকৈ চতুৰ্থ আৰু পঞ্চম স্তৱক দুটা। গোটেই কবিতাটোত কবিতাতকৈ বেছি সৰল গদ্যৰ গঠন হে পৰিলক্ষিত হয়। কবিতাটো উন্নত কৰাৰ থল আছিল। বিশেষভাৱে কবিয়ে প্ৰকাশভংগীৰ ওপৰত কিছু গুৰুত্ব দি কবিতা সৃষ্টি কৰিলে আগলৈ নিশ্চয়কৈ অধিক মনোগ্ৰাহী হ’ব।
কবি উইল চিদ্দিকুৰ ৰহমান "বাৰিষাৰ ৰাতি" এটা ব্যতিক্ৰমী শৈলীৰ কবিতা। কবিয়ে বাৰিষাৰ বানপানীৰ লগত মানুহৰ আশা-সপোন, সুখ-দুখৰ সম্পৰ্ক স্থাপন কৰিছে। চাৰিটা স্তৱকৰ কবিতাটিৰ প্ৰতিটো স্তৱকতে কবিয়ে এহাতে প্ৰকৃতিৰ তাণ্ডৱ আৰু অন্যহাতে মানুহৰ মনৰ হাহাকাৰৰ ছবি আঁকিছে।
"বাৰিষাৰ ৰাতি
ৰৈ ৰৈ বাজিছিল এটা মাতাল বাঁহী
ডাৱৰে ওফোন্দ পতা আকাশত তেতিয়া
বিজুলীৰ লাহি আঙুলি।"
কবিতাটিৰ স্তৱকে স্তৱকে এটা কৰুণ সুৰ বিদ্যমান। বুকুৰ আপাহত লহপহকৈ বাঢ়ি অহা সপোনবোৰ থানবান হৈ যায় বাৰিষাৰ বানত। সৰ্বহাৰা হয় গাওঁৰ চহা জীৱন। কবিয়ে দুখক সুন্দৰ চিত্ৰকল্পেৰে তুলি ধৰিছে- "চকুলোত বুৰ যায় দুখৰ দোভাগ ৰাতি", যিয়ে সপোন ভঙাৰ বিৰহক অধিক বাস্তৱিক কৰি সীমাহীন বিৰহৰ ছবি এখন আঁকি দিয়ে। শেষৰ স্তৱকত প্ৰকাশ পাইছে সপোন ভঙাৰ পিছতো এই মাটিৰ গাভৰুৰ মনৰ প্ৰচণ্ড শক্তি, যি শক্তি পাতালী গংগাৰ দৰে সদায় গাভৰুহঁতৰ সিৰাই সিৰাই প্ৰবাহিত হৈ থাকে-
"দোপালপিটা বৰষুণত জাকৈয়া গাভৰু এজাক
ৰান্ধনি-বেলিয়ে চুই চাব নোৱাৰা
আখলত সিঁহতৰ তুঁহজুই একুৰা"
সামগ্ৰিকভাৱে চাবলৈ গ’লে বাৰিষাৰ বিৰহ আৰু তাৰ পিছতো অনন্ত আশাৰ ৰেঙনি পাঠকৰ হৃদয়লৈ লৈ যোৱাত কবি সফল হৈছে।
মিতভাষী কবি জ্যোতি পি চি শইকীয়াৰ "অন্তঃসলিলা" শীৰ্ষক কবিতাত নিঠৰুৱাৰ দুখক আত্মীয়কৰণ ধৰণৰ এক ভাৱ প্ৰকাশ পাইছে।
"জীৱন জাঁজৰিত
থিতাপি ল’লি,
বোৱতি সোঁতত
এৰো কেনেকৈ ?"
ইয়াত বিষয়ীৰ আত্মীয়তাত একধৰণৰ বাধ্যতাৰ উমান পাওঁ, যিয়ে অন্য দৃষ্টিত কবিতাটিত ‘বাধ্যতাৰ মৰম’ সূচাইছে। নহ’লে এনেকুৱাও হ’ব পাৰে যে জেষ্ঠ বিষয়ীৰ অতিকৈ কনিষ্ঠজনলৈ এয়া এক মৰমৰ ধমকনি।
"জেতুকাপতিয়া বেথাত
দেচোন লহপহকৈ
গজি উঠক
ফুলি উঠক ।।"
এই চাৰিশাৰীত কবিৰ ক’ৰবাত কিবা এটা ভুল ৰৈ যোৱা যেন লাগে। এই ভুল হয়তো শব্দৰ বাছনি, যতি চিহ্নৰ ব্যৱহাৰ নাইবা শব্দ বিভক্তিৰ প্ৰয়োগত হ’ব পাৰে। "জেতুকাপতিয়া বেথা"- এটা সুন্দৰ চিত্ৰকল্প। কবিতাটিত কাব্যিক লয়ৰ উপস্থিতিয়ে হয়তো অধিক মনোগ্ৰাহী কৰিলেহেঁতেন। তদুপৰি কবিতাৰ ভাৱমূৰ্তি(image)ত এক জঠৰতা(অনিশ্চয়তা) আছে। কবি শইকীয়াৰ পৰা আগলৈ অধিক পূৰঠ কবিতা পাম বুলি আশা ৰাখিলোঁ।
কবি ইন্দ্ৰনীল গায়নৰ "ক’ত সাঁচি থওঁ ইমানবোৰ দুখ" শীৰ্ষক কবিতাটিত "সন্ধ্যা" ৰূপকৰ জৰিয়তে কিছু মৰ্মান্তিক বক্তব্য প্ৰকাশিত হৈছে।
"সন্ধ্যাৰ পিয়লাত চুমুক দি
তেওঁ কি ভাবিব পাৰে-
নীৰৱতাৰ সিপাৰত শিপাইছে
আৰ্দ্ৰ দুযুৰি চকু"
কবিয়ে হয়তো আনুসংগিকভাৱে ইয়াত মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ মনসত্ত্বাটো আঁকিব খুজিছে। কিছুদূৰলৈ কবি সফল হৈছে। সমূখৰ পৃথিৱীত ঘটি থকা লোমহৰ্ষক ঘটনাবিলাকৰ যন্ত্ৰণাত কাতৰ লোকৰ বিননি কবিতাটিত সোমাই আছে। সুন্দৰ চিত্ৰকল্পৰ পয়োভৰ। কবিতাটি দুটা স্তৱকযুক্ত আৰু দুয়োটা স্তৱকতে দুটা ‘নিৰুপায় বাণী’ ( আঃ/ ক’ত সাঁচি থওঁ ইমানবোৰ দুখ)ৰ পুনৰাবৃতি কৰিছে। স্তৱক দুটাৰ আৰম্ভণিত ‘সন্ধ্যা’ সম্পৰ্কিত একোখন দুখৰ ছবি আঁকিছে যদিও এই অংকন কিছু আধৰুৱা যেন বোধ হয়। তাৰ পিছত ‘নিৰুপায় বাণী’ দুটা যেন হঠাতে আৱিৰ্ভাৱ হৈছে, যিয়ে কবিতাটিৰ সৌন্দৰ্য কিছু ম্লান কৰিছে। কবিতাটিত দুখ উপলব্ধিৰ স্ফোৰণ ঘটিছে, কিন্তু সেই দুখ মোচনৰ চেতনা অনুচ্চাৰিত হৈ আছে। দ্বিতীয় শাৰীত সন্ধ্যাক মানৱীয়কৰণৰ এক চেষ্টা দেখা যায়। কবিতাটিত চিত্ৰকল্প আৰু কিছু ব্যতিক্ৰমী শৈলীৰে কবিয়ে সন্ধ্যাত ঘটা বা ঘটি থকা মৰ্মস্তুদ ঘটনাৰ ওপৰত পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে। কবিৰ উপস্থাপন শৈলী আৰু ভাৱগত বিন্যাস অধিক উন্নত হ’ব পাৰিলহেঁতেন।
কবি সুব্ৰতা গোস্বামীৰ "খেল" শীৰ্ষক কবিতাটিত কবিয়ে এক গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিব বিচাৰিছে যদিও ইয়াত কবিৰ অপৰিপক্কতা দেখা যায়।
"চক্ৰবেহু ভাঙিবলৈ অসমৰ্থ
অভিমন্যুৰ হাঁহি
খেলখন তুলাচনিৰ দৰে-
উঠা-নমা কৰে।"
ইয়াৰে প্ৰথম দুশাৰীত চক্ৰবেহুত আৱদ্ধ অভিমন্যুৰ স্বভাৱসুলভ হাঁহিৰে কৌৰৱক ইতিকিং কৰোৱাইছে আৰু পিছৰ দুশাৰীত খেলৰ এক চিৰাচৰিত ধৰ্ম উত্থাপন কৰিছে।আকৌ,
"ক'লা-বগাৰ মাজত
গুটিবোৰ কটা যায়;
এটাৰ পাছত এটা"
ইয়াত যুদ্ধৰ ভয়াৱহতা উনুকিয়াইছে। কবিয়ে হয়তো মহাভাৰতৰ বৰ্তমানৰ প্ৰাসংগিকতা বুজাব খুজিছে, কিন্তু কবি সফল হোৱা বুলিব নোৱাৰি। কবিতাটিত যতি চিহ্নৰ উচিত প্ৰয়োগ হোৱা নাই যেন লাগে, যিটো কবিতাটিৰ আন এক দুৰ্বলতা। কবিতাটিত "ক'লা-বগা" যুৰিয়া শব্দই দুইটা স্তৱকত দুটা ভিন ভিন অৰ্থ বহন কৰিছে। দ্বিতীয় স্তৱকত পাওঁ-
"আকাশৰ অট্টহাস্য;
আৰু
মাজত নিথৰ হৈ ৰয়,
ক'লা-বগা গুটিবোৰ।"
ইয়াত "ক'লা-বগা"ৰে দবা খেলৰ গুটি নাইবা যুদ্ধক্ষেত্ৰৰ মৃত সৈনিকক বুজাইছে। আকৌ, প্ৰথম স্তৱকত দবা খেলৰ গুটিবিলাকৰ অৱস্থানসূচক ক'লা আৰু বগা ঘাটবিলাকক নাইবা যুদ্ধক্ষেত্ৰ খনক বুজাইছে। একে শব্দৰ এনেকুৱা অৰ্থৰ তাৰতম্য গ্ৰহণযোগ্য নহয় যদিও ইয়াত অইন এক দিশৰ সম্ভেদ পাওঁ- যুদ্ধক্ষেত্ৰৰ সৈনিক মানে প্ৰৱল দেশপ্ৰেমিক আৰু মৃত্যুৰ পিছত সিহঁতৰ শৰীৰ মাটিয়ে বুকু পাতি লয়, মানে মাটিত মিলি যায়। সেয়ে কবিয়ে ইয়াত মাটি(যুদ্ধক্ষেত্ৰ) আৰু মৃত সৈনিকক একাকাৰ কৰিছে। এই ব্যঞ্জনাই সৈনিকৰ অকৃত্ৰিম দেশপ্ৰেমক ফুটাই তুলিছে। যতি চিহ্ন আৰু প্ৰকাশভংগীৰ ওপৰত অধিক গুৰুত্ব দি কবিৰ পৰা আগলৈ পূৰঠ কবিতা আশা কৰিলোঁ।
গাওঁৰ অকৃত্ৰিম সৌন্দৰ্যৰ উপস্থাপনেৰে কবি আদ্ৰী হৰিপ্ৰিয়াৰ "মোৰ গাঁও - এমুঠি অনুভৱ " এটা সাৰ্থক কবিতা। প্ৰথম স্তৱকতে গাওঁৰ সতেজ, শান্তিময় পৰিৱেশ এটাৰ ইংগিত দিছে-
"য'তেই শেষ হয়
দুখৰ জোলোঙাটো
ৰিণিৰিণি শুনিব হাঁহিৰ খলকনি
সেয়াই মোৰ গাৱলৈ অহাৰ পোনবাট"
কবিতাটিত গাওঁৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে আৰ্থ-সামাজিক দিশৰো কিছু সমল পোৱা যায়। আকৌ, কবিৰ চিত্ৰকল্পত গাওঁৰ গতানুগতিকতা নতুন ৰঙেৰে উজলিছে। তেনেকুৱা চিত্ৰকল্পৰ নমুনা তলত দিয়া হ'ল-
"মানিকী আইতাৰ মুধচৰে বেলিটো পৰে ঔপৰীয়া আলিটোত"
"দুগালত তাই ফাগুন সানে
কপালত দুপৰৰ বেলি
আৰু সন্ধ্যা ?
সন্ধ্যা পিন্ধে কপাহী জোনৰ দুগদুগী
আচলত তাইৰ পলাশৰ বুটাবছা ৰঙাৰঙা"
কবিতাটো এক দুৰন্ত আশা সঞ্চাৰী। গাওঁৰ সৰল জীৱনত প্ৰকৃতিৰ মানৱীয়কৰণ কবিতাটিৰ এক উল্লেখযোগ্য দিশ। আটাইকেইটা স্তৱকতে এই প্ৰচেষ্টাই দোলা দি আছে।
কবি কমল বৰুৱাৰ "কিজানি" শীৰ্ষক কবিতাটিত এক মেটাফিজিকেল্ ভাৱ প্ৰকট হৈছে। কবিৰ ধ্যান-ধাৰণাৰ গভীৰতাই সহজ শব্দেৰে কবিতাৰ ভাবাৰ্থ পৰিমাৰ্জিত কৰিছে।
"সকলো শেষেই যদি আৰম্ভণিৰ বাটচ'ৰা সাজিলেহেতেন
সকলো আৰম্ভণিয়েই যদি অকাল শেষ নাপালেহেতেন"
কবিতা দুশাৰীত অনিশ্চয়তা সত্ত্বেও অজান আশাৰ ৰেঙনিলৈ এক উৎসুকতা আছে। পৰৱৰ্তি দুশাৰীত আছে কবিৰ মেটাফিজিকেল্ ধাৰণাৰ সাম্ভাব্য মানৱীয় ফলশ্ৰুতি।
"যতি নপৰিলহেতেন কোনো ধুনীয়াৰ
ওখ নহ'লহেতেন দুখেৰে কোনো বন্দীয়াৰ....."
"ধুনীয়া" প্ৰতীকেৰে সকলো ভাল কথা-কামক বুজাইছে। আকৌ, "বন্দীয়াৰ" প্ৰতীকটো কবিয়ে অলপ ধূসৰতাত ৰাখিছে যদিও ইয়াৰে হয়তো অন্যায়ৰ আৱৰ্তত সোমাই পৰা প্ৰতিজন লোকক নিৰ্দেশ কৰিছে। কবিতাটি মিতভাষী হোৱাৰ লগতে ভাৱাৰ্থ গভীৰ। দুই-এটা বানান ভুল হৈ আছে। প্ৰকাশ শৈলী আৰু অলপ উন্নত কৰাৰ থল আছিল।
কবি জয়ন্ত জীন্তু লাহনে "মাছ" কবিতাটিত মানুহৰ চতুৰতাক কবিতা ৰূপ দিছে। নিৰ্বলিৰ ওপৰত বলিৰ চতুৰালিৰ ওপৰত কবিয়ে দৃষ্টিপাত কৰিছে।
"বৰশীত সীহ্ দিওঁ
জীৱন্ত কেঁচু
চলনা কৰোঁ
মাছ ধৰাৰ"
ইয়াত মাছ বুলি সমাজৰ দুৰ্বলী সকলক বুজোৱা হৈছে আৰু বিষয়ী হৈছে সকলো জ্ঞানপুষ্ট মানুহ।
"অঁকৰা মাছবোৰো
বন্দী হয় চলনাত
তাৰপিছত....
ছটফটাই জীয়াই থকাৰ তাড়নাত"
জীয়াই থকাটোৱেই যেন নিৰ্বলীসকলৰ একমাত্ৰ অভিপ্ৰায় হৈ ৰৈছে। আৰু তাৰেই নিৰ্মমতাৰ মজা লয় বলীসকলে-
"আৰু আপুনি মই ৰং চাও
মাছবোৰৰ যাতনাৰ ।"
কবিতাটিৰ ভাৱাদৰ্শ সুন্দৰ তথা প্ৰাসংগিক যদিও প্ৰকাশভংগী আৰু উন্নত কৰাৰ থল আছিল। কবিয়ে বৰশিৰে মাছ ধৰাটোক প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে আৰু গোটেই কবিতাটিত তাৰেই চৰ্চা হৈছে। মিতভাষেৰে কবিৰ বক্তব্য তাৰেই কেন্দ্ৰত ঘূৰিছে। জয়ন্ত জীন্তু লাহনৰ পৰা আগলৈ অধিক অধ্যয়নপুষ্ট কবিতা পাম বুলি আশা ৰাখিলোঁ।
এইখিনিৰে মই পৰ্যালোচনাটিৰ সামৰণি মাৰিছোঁ। পৰ্যালোচনাটি যুগুত কৰোতে যথেষ্ট কষ্ট কৰা হৈছে যদিও বহুতো অনিচ্ছাকৃত ভুল ৰৈ যোৱাটো স্বাভাৱিক। ভুলবোৰ মাৰ্জনা কৰাৰ লগতে আঙুলিয়াই দিলে উপকৃত হ’ম। লগতে ‘আখৰুৱা’ৰ সদস্যসকলক এই পৰ্যালোচনাৰ দোষ-গুণ দেখুৱাই দিবলৈ অনুৰোধ কৰিলোঁ।
ধন্যবাদ।
-হীৰকজ্যোতি বৈশ্য
০৮/০৯/২০১৪
UnlikeUnlike ·
You, Malabika Brahma, Palash Borah, Indranil Gayan and 15 others like this.
সুনীল অমিয় এটি আটকধুনীয়া পর্য্যালোচনা, আৰু মনোজগতত সাঁচ বহুৱাব পৰা, কষ্টসাধ্য অনুধাৱন কর্ম।
অভিনন্দন হীৰকজ্যোতি।
September 8 at 11:08am · Edited · Like · 1
Pranjal Bora excellent...
September 8 at 9:24am · Like
কচুগুটি ভৰদ্বাজ পূৰঠ আৰু গঠনমূলক আলোচনা৷'অৰ্থব্যক্তিসম্পন্ন(perspicuity)' ৰ ওপৰত অলপ সবিশেষ জানিবলৈ মন আছে- পাছত আহি ভালদৰে আকৌ পঢ়িম৷হীৰক, ভাল আলোচনা কৰিছা৷এনে আলোচনাই নিশ্চয় উৎসাহ আৰু প্ৰেৰণা দিয়ে৷ 'কনিষ্ঠ' হ'ব লাগিছিল, মাজতে ক'ৰবাত আছে বানানটো৷
September 8 at 9:25am · Like · 2
Manohar Dutta জোনমণি দাসৰ "অশ্বাৰোহী"
সাৰদা শ্ৰেষ্ঠৰ "কঙালেই হ'লো আজি"
উইল চিদ্দিকুৰ ৰহমানৰ "বাৰিষাৰ ৰাতি"
জ্যোতি পি চি শইকীয়াৰ "অন্তঃসলিলা"
ইন্দ্ৰনীল গায়নৰ "ক’ত সাঁচি থওঁ ইমানবোৰ দুখ"
সুব্ৰতা গোস্বামীৰ "খেল"
আদ্ৰী হৰিপ্ৰিয়াৰ "মোৰ গাঁও - এমুঠি অনুভৱ "
কমল বৰুৱাৰ "কিজানি"
জয়ন্ত জীন্তু লাহনৰ "মাছ" - আদি কবিতাৰ আলোচনাৰে হীৰকজ্যোতি বৈশ্যই উপস্থাপন কৰা পুনৰীক্ষণ-১৫ (দ্বিতীয় খণ্ড) নিশ্চয়কৈ এক গভীৰ প্ৰচেষ্টাৰ ফল। বানানৰ কিছু ভুল নিশ্চয় আছে, সিবোৰ পৰ্যালোচকগৰাকীয়ে সুবিধানুযায়ী শুধৰালে ভাল হ'ব।
হীৰকলৈ (Hirákjyóti Báishýá) ধন্যবাদ থাকিল।
September 8 at 10:51am · Like · 4
Subrata Goswami ধন্যবাদ হীৰক।মই আগলৈ নিশ্চয় ভুলবোৰ শুধৰাম।
September 8 at 5:28pm · Like · 1
Hirákjyóti Báishýá আটাইলৈ অশেষ ধন্যবাদ জনাইছো। আপোনালোকৰ প্ৰেৰণাত মোৰ কস্ত সাৰ্থক হোৱা যেন বোধ কৰিছো।
September 8 at 11:45pm · Like · 2
Hirákjyóti Báishýá জাহ্নু দা, বিলম্বৰ বাবে দুঃখিত। প্ৰকাশ শৈলীৰ জোখাৰে ৰচনা এটা যেতিয়া পাঠকৰ বাবে বুজাত উজু হয়, সেই ৰচনাক অৰ্থব্যক্তিসম্পন্ন নাইবা perspicuity বুলি কোৱা হয়। এই ৰচনাত লেখকৰ অভিষ্ট উদ্দেশ্য অকপটে সৰল আৰু ব্যঞ্জনামুক্ত ভাৱে প্ৰকাশ কৰে।(উৎসঃ সাহিত্য আৰু সংজ্ঞা- ড° প্ৰফুল্ল কটকী)
September 8 at 11:55pm · Like · 5
Dadul Bhuyan সুন্দৰ আলোচনা সঁচাই ভাল লাগিল।
September 9 at 12:26am · Like · 1
Malabika Brahma Very fair n critical analytic work Heerak ... I appreciate your devoted effort here which is a learning experience for us too., thank you .,.
September 9 at 5:47pm · Like · 1
Mousumee Bori সুন্দৰ পৰ্যালোচনা৷
September 9 at 8:45pm · Edited · Like · 2
Hirákjyóti Báishýá বহুত বহুত ধন্যবাদ আপোনালোক সকললৈ৷
September 11 at 4:59pm · Like · 2
অপু দলৈ এটি গঠনমূলক পৰ্য্যালোচনা ।
Yesterday at 6:02pm · Unlike · 2
Indranil Gayan সুন্দৰ পৰ্যালোচনা হিৰক|
Yesterday at 10:58pm · Unlike · 2
Hirákjyóti Báishýá ধন্যবাদ @অপু দলৈ, ইন্দ্ৰনীল দা
20 hrs · Like · 1
Sarzen R. Mego সহজ-সৰল সুন্দৰ সমালোচনা আগবঢ়ালা হীৰক । পঢ়ি আল্পুত হ'লো ।
10 hrs · Like · 1
Hirákjyóti Báishýá ধন্যবাদ চাৰ্জেন দা
2 hrs · Like
No comments:
Post a Comment