Monday, 24 November 2014

‘‘আখৰুৱাৰ আগষ্ট ২০১৪-ৰ কবিতাৰ পৰ্যালোচনা’’: পুনৰীক্ষণ-১৫(প্ৰথম খণ্ড) : হীৰকজ্যোতি বৈশ্য

পোন প্ৰথমে পুনৰীক্ষণৰ দৰে এটা গধূৰ দায়িত্ব ল’বলৈ মোক যোগ্য বুলি ভাবি দায়িত্ব অৰ্পণ কৰা বাবে মনোহৰ দত্ত দাদাক ধন্যবাদ যাচিছোঁ। ব্যস্ততা সত্ত্বেও অনেক কষ্টৰ মাজেৰে পুনৰীক্ষণৰ এই সংখ্যাটো যুগুত কৰি উলিয়াইছো যদিও ‘আখৰুৱা’ গোটৰ আস্থা কিমানদূৰ ৰাখিব পাৰিছোঁ সেই লৈ মই সন্দীহান। তাৰ বিচাৰ ‘আখৰুৱা’ৰ সদস্যই কৰিব।
আৰম্ভণিতে মোৰ মনত দোলা দি থকা কবিতা বিষয়ক দুই এটা উনুকিয়াইছোঁ। কবিতা অভিপ্ৰায়ৰ জোখাৰে এক প্ৰকাৰৰ কবিতা আছে য’ত কবিয়ে তেওঁৰ অনুভূতি আৰু চিন্তা যুক্তিসহকাৰে পোনপটীয়াকৈ প্ৰকাশ কৰে(Poetry of discourse) আৰু অইন এক প্ৰকাৰৰ কবিতাত আওপকীয়াকৈ চিত্ৰকল্প, প্ৰতীক আদিৰে ৰূপায়ন কৰে(Poetry of vision)। আধুনিক কবিতাত দ্বিতীয়টোৰ প্ৰাধান্য বেছি বাবে বাছিভাগ লোকে সহজ ভাৱ এটাক প্ৰকাশ কৰিবলৈ কেতিয়াবা অযথা অধিক ব্যঞ্জনাঘন কৰিব যোৱা পৰিলক্ষিত হয়, যিটো অতিকে অবাঞ্চিত। পাঠকে বুজিব পৰাকৈ সহজ বুদ্ধিদীপ্ততাই উত্তম কবিতা সৃষ্টি কৰে। জাৰ্মান দাৰ্শনিক আৰ্থাৰ শ্বপেনৱাৰে কৈছিল- কোনেও মাথামুণ্ড একো বুজিব নোৱাৰাকৈ লিখাৰ সমান উজু কাম আৰু একো নাই। ইয়াৰ বিপৰীতে, গভীৰ ভাবজ্ঞাপক কথা সকলোৱে সহজেই বুজিব পৰাকৈ লিখাৰ সমান টান কাম আন একো নাই।
বৰ্তমান সময়ত ফেচবুকৰ পাতে পাতে তথা কিছুসংখ্যক কাকতত দেখা যায় কবিতাৰ নাম লৈ লিখা ভালেমান প্ৰচাৰমুখী অথচ অতিকৈ অপৈনত ৰচনা। এনেকুৱা অকবিতাৰ ক্ষেত্ৰত কবি নিলীম কুমাৰৰ অকবিতাৰ বিৰুদ্ধে জেহাদৰ প্ৰস্তাৱ প্ৰাসংগিক বুলি ভাবো। তেনেকুৱা ৰচনাৰ বাবে “মনৰ ভাৱ” বা তেনেকুৱা আনুসংগিক নামেৰে এটা নতুন ধাৰাৰ সৃষ্টি কৰি সেইবোৰক কবিতাৰ পৰা পৃথক কৰা উচিত। তেতিয়াহে কবিতাৰ স্থান আৰু গাম্ভীৰ্যতা অটুট থাকিব।
আকৌ, পাঠক ভেদে কবিতা এটাৰ ৰসস্বাদনো ভিন্ন হয়। কবিয়ে যিদৰে অভিজ্ঞতা, অধ্যয়নৰ সমন্বয়ত শৈল্পিক কচৰতেৰে একোটা কবিতা সৃষ্টি কৰে, ঠিক তেনেকৈ কবিতাটোৰ পৰা আচল ৰসখিনি উদ্ঘাটন কৰিবলৈ পাঠকসকলো যথেষ্ট অধ্যয়নপুষ্ট হ’ব লাগিব। এই ক্ষেত্ৰত কবি সমালোচক ভবেন বৰুৱাৰ এটা উক্তি প্ৰণিধানযোগ্য- “পাঠক এজনে যিমানেই সঁচা ব্যক্তিমানৱ হোৱাৰ আধ্যাত্মিক ক্ষমতা আয়ত্ত কৰে সিমানেই তেওঁ কবিতাৰ আদৰ্শ পাঠক হোৱাৰো ক্ষমতা লাভ কৰে। এনে ক্ষমতা বহুতৰে নাথাকে- এনে ক্ষমতা আয়ত্ত কৰিবলৈও বহুতে ইচ্ছা নকৰে। বহুতেই এখন সামাজিক ৰাজহুৱা জগতৰ মাজতেই বাস কৰে। সেই পথ আদৰ্শ কবিতা পাঠকৰ পথ নহয়। সেয়ে আনহাতে, যিমানে এজন মানুহ জাগতিকতা-সামাজিকতাৰ বা গণমানৱৰ সোঁতত উটি যায়- সিমানেই সেই ক্ষমতাৰ পৰাও- কবিতাৰ আদৰ্শ পাঠক হোৱাৰ ক্ষমতাৰ পৰাও তেওঁ দূৰলৈ যায।” কথাখিনি সাংঘাটিক যদিও অতিকে চিন্তনীয়।
আকৌ, কবিতাৰ লগত আন এটা কথাও জড়িত হৈ থাকে- সমালোচনা। সমালোচনাইহে কবিতাৰ দোষ-গুণ খোচৰি কবিজনক নতুন দিশ দেখুৱাই দিয়ে। মই ভাবো, প্ৰতিজন কবিয়ে কবিতা এটা লিখি প্ৰথমে নিজেই সমালোচনা কৰা উচিত। তেতিয়াহে পৰ্যায়ক্ৰমে কবিতা উন্নত হোৱাৰ আশা কৰিব পাৰি। কবি নীলমণি ফুকনে তেখেতৰ প্ৰথম দুখন কবিতা পুথিত থকা ৫৩ টা কবিতাৰ ৪৪ টাকেই পৰৱৰ্তি সময়ত কবিতা বুলি ক’বলৈও কুণ্ঠাবোধ কৰিছিল আৰু সেইকেইটা বৰ্জন কৰিছিল। ইয়ে কবিজনৰ অত্যাধিক আত্ম-সমালোচনাৰ প্ৰক্ৰিয়াটোকে সূচায়। নতুন কবিসকলে কথাটো গুৰুত্বসহকাৰে লোৱা ভাল।
এতিয়া আহোঁ ‘আখৰুৱা’ৰ কবিতালৈ। আগষ্ট মাহত আখৰুৱাত প্ৰকাশিত বেছিসংখ্যক কবিতাই উচ্চ মানবিশিষ্ট। আখৰুৱাৰ কবিসকল এহাতে যেনেকৈ প্ৰেমৰ ৰসেৰে উদ্বাউল হৈ নিষ্কাম সাধনাত লিপ্ত, তেনেকৈ কোনোৱে গভীৰ ধ্যানেৰে দিছে দাৰ্শনিক সত্যৰ সন্ধান। আকৌ, সমসাময়িক ঘটনাৰাজিৰ প্ৰতি কবিসকল সদা সংবেদনশীল। এনেকুৱা ভিন্নৰুচিৰ ভাৱধাৰাৰে ‘আখৰুৱা’লৈ বহুতো উন্নত কবিতাৰ আগমন ঘটিছে যদিও ব্যক্তিগত সময় তথা পুনৰীক্ষণৰ পৰিসৰৰ ওপৰত লক্ষ্য ৰাখি এজন কবিৰ একোটাকৈ কবিতাৰহে আলোচনা কৰা হৈছে। ফলত বহুতো ভাল ভাল কবিতা আলোচনাৰ পৰা বাদ পৰিছে, যাৰ বাবে মই দুঃখিত।
এই মাহত অসমত সংঘতিত হোৱা এটা ক’লা ঘটনাৰ অভিশাপক কোমল অন্তৰেৰে সামৰি-সুতুৰি মষিমূৰ কৰিছে কবি অনিন্দিতা কলিতাই ‘সমীপেষু’ শীৰ্ষক কবিতাটিত। ঘটনাৰ পীঠস্থান গোলাঘাত জিলাৰ আকাশে বৰষা এজাক বৰষুণলৈ কবিৰ হৃদয়বিদাৰক আহ্বান কবিতাটিৰ বক্তব্য। অসম-নাগালেণ্ড সীমান্তত দুৰ্ভোগ ভুগা অসমীয়া গাওঁখনৰ মানুহৰ অৱস্থাত ম্ৰিয়মান কবিৰ অনুভূতিপ্ৰৱণ হৃদয়ত অংকুৰিত শোক আৰু ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে কবিতাটিত।
“আজি ৰাতি সকলো সাৰে থাকিব
ঘৰবোৰ,গছবোৰ আৰু
আকাশ ভাঙি পৰা গাজনিবোৰ”
মানৱৰ ঔদ্ধত্যত অতীষ্ট কবিৰ এয়া এক প্ৰকৃতিমুখী আহ্বান।
“আমি তোমাৰ স'তে কথা পাতিম
কবিতা আওৰাম
সকলো ধুনীয়া দেখিম”
বৰষুণৰে একাত্মতা কবিৰ কামনা। কবিয়ে দ্ৰষ্টব্যত উল্লেখ কৰা গোলাঘাট জিলাৰ সেই বিশেষ বৰষুণজাক এটা প্ৰতীক। এই প্ৰতীক হিংসা আৰু অন্যায়ৰ বিৰুদ্ধে নিৰপৰাধী জনতাৰ এক উদাত্ত প্ৰতীবাদী কণ্ঠৰ। এই কণ্ঠৰ মাজেৰেই কবিয়ে দেখিছে সপোন অনাগত সময়ৰ ভাল দিনৰ-
“তুমি বৰষি থাকা
আৰু
মই এজাক সপোন সাঁচো
উত্তৰপুৰুষৰ নিদ্ৰাৰ জোখাৰে ৷”
কবিতাটিত যি আদৰ্শবাদ(idealism) প্ৰতিফলিত হৈছে সেয়া আশাবাদী পৰিণাম প্ৰতিষ্ঠাৰ আদৰ্শবাদ।
ব্যংগাত্মক সুৰেৰে কবি Er Newton Konwar Basmtry ৰ ‘শ্ল'গানবোৰ শুই পৰিছে, নজগাবা...’ এটা সুখপাঠ্য কবিতা। দুৰ্নীতি, অনিয়মেৰে জৰ্জৰিত সাম্প্ৰতিক সময়ৰ জ্ঞানী সমাজৰ নিমাত প্ৰতিবাদী কণ্ঠস্বৰক কবিয়ে ইতিকিঙ কৰিছে।
“শ্ল'গানবোৰ শুই পৰিছে, নজগাবা
শইছৰ সুঘ্ৰাণ হেৰুৱাই
স্বাধীন আকাশৰ গান হেৰুৱাই
ভাগৰি পৰিছে শ্ল'গানবোৰ।”
এই প্ৰথম শাৰীতেই বৰ্তমান সময়টোৰ ওপৰত কবিৰ ক্ষোভ প্ৰকট হৈ উঠিছে। “শইছৰ সুঘ্ৰাণ হেৰুৱাই”- এই বাক্যাংশই আমাৰ মনলৈ আনে স্বদেশ-স্বজাতিৰ প্ৰতি মানুহৰ স্বাভাৱিক তান নাইকিয়া হোৱা। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ যেন বেলেগৰ সংস্কৃতি(অপসংস্কৃতি!)লৈ ধাউতি বাঢ়ি গৈ আছে আৰু ফলস্বৰূপে নিজৰ সংস্কৃতিলৈ অসনি সংকেত আহিছে। এনেকুৱা পৰিস্থিতিত নিজৰ শস্য, মাটি খহাই দিব পৰা যিকোনো বহিঃশক্তিৰ বিৰুদ্ধে মাত মতাৰ সাহকণ যেন আমাৰ লোপ পাইছে। যি মানুহৰ সম্পৰ্ক মাটিৰে সতে, তেওঁহে বুজিব পাৰে বিপ্লৱৰ ভাষা। সেয়ে, কবিয়ে লিখিছে-
“শ্ল'গানবোৰ সমাধিস্থ হৈ আছে
গান্ধীজীৰ জিভাত
খান্দিলেই দেখিবা কৃষকৰ কংকাল”
আকৌ,
“বিপ্লৱ মানেই যেন পৃথক ৰাজ্য,
পৃথক জাতি, পৃথক ঘৰ-সংসাৰ...”
এই শাৰীকেইটাত বিপ্লৱৰ এক অনাকাঙ্ক্ষিত তথা বিৰূপ পাৰ্শ্চক্ৰিয়াৰ কথা অৱতাৰণা কৰি কবিয়ে কবিতাটিৰ স্বাভাৱিক সুৰ সলনি কৰিছে। কবিতাটোৰ আদিতে থকা ব্যংগ সুৰ ইয়াতো আছে যদিও ইয়াত এক অতিৰিক্ত কৰুণা অথবা কিছুপৰিমাণে অনুশোচনাৰ ভাৱ সংলগ্ন হৈছে। কবিতাটো আৰু অলপ চুটি হব পাৰিলেহেঁতেন। দুই-এটা স্তৱক প্ৰায় গুৰুত্বহীন যেন লাগিছে। ইয়াৰ ভিতৰত পাঁচ নং স্তৱকটোৰ কথা কব পাৰি। অথবা কবিয়ে তেনেকুৱা দুটা বা তিনিটা স্তৱকৰ বক্তব্যখিনি এক কৰি এটা চুটি স্তৱক সৃষ্টি কৰি কবিতাটিৰ সৌন্দৰ্য দুগুণে চৰাব পাৰে।
কবি মনোহৰ দত্তৰ “প্ৰাণৰো প্ৰাণৰ স্বাধীনতা” শীৰ্ষক কবিতাটিত এফালে স্বাধীনতা লিপ্সা আৰু আনফালে বৰ্তমানৰ স্বাধীনতাৰ এক বেমেজালিময় অৱস্থাৰ কথা উল্লেখ কৰিছে। ১৫ আগষ্টৰ দিনাখন কঠোৰ নিৰাপত্তাৰ মাজত সেনাবাহিনীৰ জকমকীয়া অনুশীলন,জন গন মন... আৰু পতাকা উত্তোলনেই স্বাধীনতা দিৱস। কিন্ত, এয়াই জানো স্বাধীনতা? প্ৰকৃততে আমি স্বাধীন হৈছোনে? সামাজিকভাৱে, ৰাজনৈতিকভাৱে, সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে? কবিয়ে লিখিছে-
“মাথো এটি চৰকাৰী বন্ধৰ দিন
ৰোগী, কয়দীৰ নামত কিছু
সকাহ দিয়াৰ দিন।”
হয়তো এয়াই হৈছে বৰ্তমানৰ স্বাধীনতা দিৱসৰ মৰ্মকথা। কবিতাটিত “স্বাধীনতা” বুলি মানুহৰ ব্যক্তিগত, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক স্বাধীনতা সম্বলিত এক পূৰ্ণাংগ স্বাধীনতাক বুজাইছে। শেষৰ স্তৱকত এনেকুৱা সম্পূৰ্ণ স্বাধীনতা সঁচা অৰ্থত অৰ্জন কৰাত অনিশ্চয়তা প্ৰকাশ পাইছে-
“যাক বিচাৰি বিচাৰি ভাগৰুৱা
মোৰ দেশৰ জনতা।
ক'ত জানো পাম তোমাক
অ' মোৰ
প্ৰাণৰো প্ৰাণৰ স্বাধীনতা।”
আগৰ কবিতাটোত কোৱাৰ দৰে এইটোৰ ক্ষেত্ৰতো কওঁ যে কবিতাটি চুটি কৰাৰ থল আছিল। কবিতাৰ এনেকুৱা অযাচিত দৈৰ্ঘ্যই ইয়াত অন্তৰ্নিহিত image অথবা ভাবমূৰ্তি তৰাং কৰে।
শাওণৰ পথাৰ মানেই আশা, সপোন আৰু এক অকৃত্ৰিম ব্যস্ততাৰ ছবি এখন আমাৰ মনলৈ আহে। কবি সুৰেশ বৰাৰ ‘শাওণৰ পদ্য’ কবিতাটিত তেনেকুৱা এখন ছবি কবিয়ে অংকন কৰিছে। শাওণত ৰোৱনী-দাৱনীৰ ব্যস্ততাৰ পৰিৱেশটোৰ লগতে প্ৰকৃতিজগতৰ সহজাত ছবি এখন কবিয়ে উপস্থাপন কৰিছে। কবিতাটিত এটা চিনাকি গীতিময়তা আছে যিটো সাধাৰণতে শিশু কবিতাত বাৰুকৈ পৰিলক্ষিত হয়। এই গীতিময়তা প্ৰথমাংশত যিমান নিখুত হৈছে শেষাংশত সিমান নিখুত হোৱা নাই। তলৰ কবিতা দুফাঁকিলৈ মন কৰা যাওঁক-
‘‘শাওণৰ পথাৰতে ৰোৱনীয়ে ন-ভুঁই ৰোৱে,
দেই পোৰা ৰ'দত জিলিকে দেহৰ কেঁচা ঘাম সোঁৱে-বাওঁৱে ।’’
দ্বিতীয় শাৰীত অধিক শব্দৰ পয়োভৰে স্বাভাৱিক গীতিময়তাত ব্যাঘাত জন্মাইছে। আকৌ,
‘‘আকাশত জিলিকে শুকুলা-কলীয়া ডাৱৰ,
শাওণ আমাৰ অতি হেঁপাহৰ |’’
এই দুটা শাৰীত ছন্দৰ লগতে ভাৱৰ বৈসাদৃশ্য আছে। এটা শাৰীয়ে আনটো শাৰীৰ ভাৱনাক তৰাং কৰিছে। কবিয়ে কবিতাটিত বেছি সময় খৰচ কৰা নাই যেন লাগে। আশাকৰোঁ কবি বৰাৰ পৰা আগলৈ অধিক পূৰঠ কবিতা পঢ়িবলৈ পাম।
কৌশিক বশ্যসৰ ‘বাৰ্তালাপ’কবিতাটিত বৃদ্ধাৱস্থাৰ ক্লেশ এক ব্যতিক্ৰমী শৈলীৰে প্ৰকাশিত হৈছে। সৰল বাক্য গাঁথনিৰে কবিয়ে কৈছে যে বৃদ্ধাৱস্থাত দেহৰ আজাৰতকৈ মনৰ আজাৰ বেছি। “বাৰ্ধক্যই সুধিলে বাৰ্ধক্যক”- এই বাক্যাংশৰে বাৰ্ধক্যৰ এক চূ়ড়ান্ত অকলশৰীয়া অৱস্থাক বুজাইছে আৰু ইয়াৰ পৰাই কবিতাটিত আৰম্ভ হৈছে এক ট্ৰেজিক গতি। কবিতাটিত কথোপকথনৰ ভাষাত এক পুৰণি ঠাঁচ বিদ্যমান যিয়ে কবিতাটিৰ অভিব্যক্তিক অধিক বাস্তৱিক কৰিছে। কবিতাটিৰ শেষত কবিয়ে লিখিছে-
“বেমাৰকেইটা আমাৰ আপোন৷
লগে লগে আছে আমাৰ৷
লগে লগে যাব আমাৰ৷
ইমান ধনো ভাঙিব নালাগে বান্ধৈ
ল'ৰা-ছোৱালীহালৰ দৰে
ইহঁতৰ নামত৷দুটা কেপচুল,
তিনিপালি দৰৱ দিলেই
সন্তুস্ট৷বিদ্ৰোহী নকৰিবা
ইহঁতক!”
সংগীহীনতাৰ মাজত সংগীৰ সন্ধান- ঠিক মৰিশালীত পানী বিচৰা ধৰণৰ ভাৱৰ সৃষ্টি কৰি কবিয়ে ইয়াত সচৰাচৰ দেখি থকা এখন কঠীন বাস্তৱৰ ছবি আঁকিছে। বৰ্তমানৰ বস্তবাদী সমাজৰ ওপৰত এয়া কবিৰ কাব্যিক তাচ্ছিল্য।
কবি নিশাংক মিলনৰ দাৰ্শনিক ভাৱ সমৃদ্ধ “ইনচ’মেনিয়া” এটা সুন্দৰ কবিতা। শিৰোনামটো এটা বেমাৰৰ নাম- ইনচ’মেনিয়া নাইবা নিদ্ৰাহীনতা। কিন্তু কবিৰ নিদ্ৰাহীনতাৰ কাৰণ কি?
“নিয়ন লাইটৰ নিয়তিয়ে পৰ দিয়ে
হৃদয়ৰ নোশোৱা নৰক,
আমাৰ হাড়ৰ নেপথ্যত
ওভতনিৰ দৰ্জা কোনে টুকুৰিয়াই?
কোনে টুকুৰিয়াই নিৰন্ন আঙুলিৰে
আমাৰ নাভিৰ নিৰ্জনতা ? ”
যিমানেই আমি আমাৰ হৃদয়ক বুজনি নিদিওঁ কিয়, কিছুমান কথা থাকি যায় জানিবলৈ আৰু বুজিবলৈ। জন্ম আৰু মৃত্যুৰ ৰহস্য ভেদিবলৈ বহু কবিয়ে ইতিমধ্যে চেষ্টা কৰিছে কবিতাৰে। কবি নিশাংক মিলনৰ কবিতাতো তেনেকুৱা বিষয়ৰ প্ৰশ্ন উত্থাপিত হৈছে। উপৰিউক্ত স্তৱকটোত আমি তাৰেই উমান পাওঁ। জন্ম আৰু মৃত্যু সম্বন্ধে কবি সন্দিগ্ধ, উদ্বিগ্ন। কবিয়ে আকৌ কৈছে-
“এই নিদ্ৰা
যি নিজানতকৈও নিজান
হয়তোবা আমাৰ খুন হোৱা প্ৰিয়তমা,
আমাৰ নশ্বৰতাৰ শিৰত
হয়্তোবা অনন্তৰ অন্তিমটো চুমা;”
যদিওঁ এই জীৱন ভোগবাদী, কবিয়ে অচিৰস্থায়ী জীৱনক লৈ শংকিত। উক্ত স্তৱকটোত কবিৰ মৃত্যুভয়ৰ ইংগিত পাওঁ। এই নিদ্ৰা অথবা মৃত্যুৰ কবিয়ে দিয়া উপমা বুদ্ধিদীপ্ত- “হয়তোবা আমাৰ খুন হোৱা প্ৰিয়তমা”। জন্ম-মৃত্যুৰ দুৱাৰদলিৰ বাহিৰত যে শূন্যতাৰ বাদে আন একো নাই তাক কবিয়ে এইদৰে বুজাইছে-
“আমি যেন ব্যাধৰ হাতৰ নিৰীহ তীৰ
অথৰ্ব শূন্যতাই যাৰ অবধাৰিত গন্তব্য”
কবিতাটিত এলবেয়াৰ কেম্যুৰ দৰ্শনৰ প্ৰতিফলন ঘটিছে। কেম্যুৰ উক্তি- “But after the absurd, all is disturbed. The idea that I am, the way in which I behave as if everything had a meaning (even if sometimes, I said nothing had)- all this is quite suddenly negated by the absurdity of a possible death.” আকৌ- “ The absurd helps me with this point: there is no ‘afterwards’.” এয়েই কবি নিশাংক মিলনৰো “ইনচ’মেনিয়া”। কবিতাটিৰ ব্ক্তব্যৰ লগত শিৰোনামটি বেচ মিলিছে। প্ৰকাশভঙ্গী বিমূৰ্ত(abstract)। শব্দচয়ন নিসন্দেহে উচ্চ পৰ্যায়ৰ হৈছে। শব্দৰ অভিধাতকৈ ব্যঞ্জনা অধিক। এটা সুন্দৰ সুখপাঠ্য কবিতা। এনেকুৱা ভয়, অনুভূতি বা ইনচ’মেনিয়াৰ চিকাৰ নোহোৱা মানুহ খুব কমেইহে ওলাব, কিন্তু তাৰ শৈল্পিক বহিঃপ্ৰকাশহে খুব কম। এনেকুৱা ধৰণৰ সহজাত প্ৰবৃত্তিক লৈ অসমীয়াত আৰু অধিক কবিতা লিখা হ’ব লাগে।
যান্ত্ৰিকতাৰ পৃথিৱীত চিৰব্যস্ত মানুহলৈ প্ৰকৃতিৰ সহজাত প্ৰবৃত্তিসমুহৰ পোষকতাৰ আহ্বান জনাইছে কবি পলাশ বৰাই “নিমন্ত্ৰণ” শীৰ্ষক কবিতাটিত। এই ব্যস্ত দুনিয়াত নিয়মমাফিক কৰ্মৰ মেৰপাকত মানুহে পাহৰি গৈছে মানুহ মানুহৰ ঘনত্ব। সেয়ে কবিয়ে আজিৰ মানুহক আহ্বান জনাইছে- “এবাৰৰ বাবে সীমাৰ বাহিৰলৈ যাওঁ আহক”। কবিতাটিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে শিপাই আছে এক প্ৰকৃতিমুখী যাত্ৰাৰ আহ্বান নাইবা প্ৰস্তাৱ-
“আহক আজি বৰষুণ নমাই আনো
বুৰাই পেলাওঁ সকলো অসহজ চোতাল, জীপাল কৰোঁ বন্ধ্যা পথাৰ
এহাত দুহাতকৈ কুটি খাওঁ বুকুৰ দূৰত্ব, ওঁঠত আঁকি লওঁ সম্ভাৱনাৰ সূৰ্য”
আকৌ-
“আহক, খুলি থওঁ দৈনন্দিন পোছাক
এবাৰ ৰাজপথত থিয় হৈ মানুহৰ গান গাওঁ
ভালপোৱাৰ ৰঙেৰে লিখি পেলাওঁ মানুহৰ নতুন ইতিহাস”
কবিতাত ব্যক্তিমানসৰ ভাৱ-চিন্তাৰ প্ৰতিফলন ঘটে। কবিৰ প্ৰকৃতিমুখী চিন্তা নিশ্চয়কৈ প্ৰকৃতিবিমুখ কুচকাৱাজৰ বিৰক্তৰ পৰাই উদ্ভৱ হৈছে। নাইবা চকুৰ আগৰ পৃথিৱীখনৰ নিৰ্লোভ প্ৰকৃতিবিমুখীতাই কবিক দিয়া অশান্তিৰেই ফল “নিমন্ত্ৰণ”। এটা অতি সৰল সুখপাঠ্য কবিতা। বাক্যগাঁঠনিৰ সৰলতাই ভাবৰ সৰলতাক সুন্দৰকৈ উপস্থাপন কৰাত সহায় কৰিছে। কবিতাটিত চিত্ৰকল্পৰ ব্যৱহাৰে বক্তব্যক অধিক সাৱলীল কৰিছে।
কবি দাদুল ভূঞাৰ "বাঁহফুল ফুলিছে" এটা পৌৰাণিক বিশ্বাস সম্বলিত কবিত। বাঁহগছৰ ফুল ওলোৱাটো, গাওঁ তথা পৰিয়ালৰ কাৰণে এক অভিশাপ বুলি কথিত আছে। বাঁহফুল ফুলিলে অপায়, অমংগল, অসূয়া কাষ চাপে। তেনেকুৱা এটা বিশ্বাসক কেন্দ্ৰ কৰি কবিতাটি উচ্চাৰিত হৈছে। কবিতাটিৰ কেইটামান শাৰী-
“বাঁহফুল ফুলিছে
দুর্ভিক্ষ নামিছে
এন্দুৰে কুটি কুটি খাইছে
পিতাইৰ সপোন”
“গাঁওখনত ঢলি ঢলি
মৰিছে মানুহ”
“চৌ-কাঠত ওলমিল
ফৰিংফুটা আকাশৰ জোন”
“বাৰী তিৰোতাৰ কান্দোন
পিতৃহীন,মাতৃহীনৰ কান্দোন
কেৱল কান্দোন আৰু কান্দোন”
কবিতাটি এক চূড়ান্ত দুখ আৰু নিৰাশাৰ ভাবেৰে জৰ্জৰিত। চাৰিওফালে যেন ঘোৰ অমানিশা। বৰ্তমানৰ আধুনিক যুগত এনেকুৱা লোকবিশ্বাসৰ প্ৰাসংগিকতা তেনেই নগন্য যদিও বৰ্তমান সমাজত ঘটি থকা অন্যায়, নিপীড়ন, হত্যা, হিংসা ঠাহ খাই থকা কালটোক বুজাবলৈ কবিয়ে বাঁহফুলক প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। এই সামাজিক, পাৰিবাৰিক তথা ব্যক্তিগত কন্দল আদি নাশ কৰাটো যেন অসম্ভৱ হৈ পৰিছে, যাৰ বাবে হয়তো কবিমানসত ঘনিভূত হৈছে অইন এক কন্দলময় ভাৱনা- যে কবিয়ে ভাবিবলৈ বাধ্য হৈছে এই অসূয়া চাগে হ’বলগীয়াই আছিল...! এনেকুৱা এক সংঘাতময় মনৰ প্ৰতিফলন- "বাঁহফুল ফুলিছে"। কবিতাটিৰ প্ৰকাশভংগী যথাযথ যদিও ভাবাদৰ্শত এক জটীলতা পৰিলক্ষিত হয়। ই কবিতাটোৰ দুৰ্বল দিশ। তদুপৰি, বাঁহফুলাৰ পৰিবেশটোও কবিয়ে অন্ধকাৰত ৰাখিছে। মাথো বাঁহফুলাৰ পিছৰ দুৰ্ভাৱনাখিনিহে বৰ্ণিত হৈছে। যদি বাঁহফুলাৰ পৌৰাণিক বিশ্বাসটোক কবিয়ে আংগিকৰ সহায়ত বৰ্তমান সময়ৰ লগত ৰজিতা খুৱাবৰ যত্ন কৰিলহেঁতেন, তেতিয়া চাগে এটা উৎকৃষ্ট কবিতা আমি পালোহেঁতেন। কবি ভূঞাৰ পৰা আগলৈও ভাল কবিতা আশা কৰিলোঁ।
কবি সুনিল অমিয়ৰ "ঘৰ" এটা সুন্দৰ আৰু ভাৱগত বিন্যাসেৰে শক্তিশালী কবিতা। কবিতাটিত যদিও সৰল প্ৰেমৰ প্ৰকাশ ঘটিছে, প্ৰকাশভংগী তথা শব্দৰ ব্যঞ্জনাত কিছু জটিলতা আছে। কবিতাটিত শব্দৰ কাব্যিক ব্যঞ্জনা চকুত লগা।
"তাই চৰাই হোৱাৰ হেঁপাহত
বুকুৰ বাওঁফালে আকাশ পাতি ললে।
দুই-চাৰি দিন খুচি অনুসৰি মফৰফৰালে ডেউকা আৰু কলে,
তাইক হেনো এজোপা গছ লাগে।"
আকৌ,
"মই নিজৰাৰ পানীলৈ চাই ক'লো,
"নদী আৰু নাৰীৰ বহমানতাত কোনো পাপ নাথাকে।"
শেষৰ শাৰীটো কবিৰ হয়তো সংঘাতময় প্ৰেমৰ এক ব্যতিক্ৰমী স্বগতোক্তি। নদী আৰু নাৰীক কবিয়ে একাকাৰ কৰিছে। কথাষাৰত এটা সান্ত্বনাৰ ভাৱ আছে। হয়তো বিদাৰিত প্ৰেয়সীলৈ কবিৰ এয়া আন্তৰিক উছাহ বাণী। কবিতাটিত কিছু অৰ্থবহ কথোপকথন আছে। আটাইকেইটা কথোপকথনৰ মূল বক্তব্যত এক নিভাজ প্ৰেমে উক্ দিয়ে-
"তাই ফুলি থকা ফুলনি এখন দেখুৱাই
প্রশ্ন কৰিলে,
__কি নাম?
__গোলাপ।
এযোৰ তৰুণ তৰুণীক দেখুৱাই সুধিলে,
__কি নাম?
__প্রেম।
তাৰপিছত এটা তমীঘৰাৰ ফালে আঙুলিৱাই সুধিলে,
__কি নাম?
__ঘৰ।"
শেষৰ কথোপকথনত বিষয়ীৰ এক যুগ্ম জীৱনৰ আকাঙ্ক্ষাৰ ইংগিত পোৱা যায়। নিৰাশাবাদী জীৱনৰ এক সোণালী আশাৰ কবিতা "ঘৰ"। কবিয়ে সচেতনভাৱে ব্যৱহাৰ কৰা ব্যঞ্জনাময় শব্দবোৰৰ মাজত মাটি, প্ৰকৃতিৰ প্ৰতি স্বাভাৱিক মোহ বিদ্যমান হৈ আছে, যিয়ে কবিতাটিক এটি সুন্দৰ প্ৰেমৰ কবিতা হিচাপে সোণত সুৱগা চৰাইছে। মাটি, প্ৰকৃতি আৰু মানুহৰ প্ৰেমৰ সহজাত সৌন্দৰ্যৰ উপস্থাপনেৰে এইটো এটা নন্দনতাত্ত্বিক(aesthetic) কবিতা বুলিব পাৰি।
কবি মালৱিকা ব্ৰহ্মৰ "অনুভবর মৃত্যু-গাথা : প্রেম" শীৰ্ষক কবিতাটিত এক গতানুগতিক প্ৰেমে ভুমুকি মাৰিছে।
"পৃথিবীৰ পৰিধি ভাঙি বিয়পি পৰা
শুভ্র নীলা আকাশ
বন্ধালা তোমাৰ বুকুতে মোৰ ঘৰ
সেয়া ঘৰ তো নাছিল মোৰ
শেৱালি-বকুলৰ গোন্ধেৰে আমোলমোলোৱা
আশিয়ানা হে যেন মোৰ ৷"
বিষয়ীৰ সহজ প্ৰেমে বাট বিচাৰে প্ৰিয়তমৰ সপ্ৰেম হৃদয়ত। ইয়াত প্ৰিয়তমৰ অদৰ্শনত প্ৰেয়সীৰ যি প্ৰেমগাঁথা নাইবা প্ৰেমাসক্তি উপস্থাপিত হৈছে, সেই হিচাপে কবিতাটিক পূৰ্বৰাগ বুলিব পাৰি। ই প্লেট'নিক প্ৰেমৰ সমাৰ্থক। কবিতাটিত কিছু উন্নত চিত্ৰকল্প ব্যৱহৃত হৈছে।
"মনত পৰিলে আহিবা
মোৰ গাঁবলৈ
অলিয়ে-গলিয়ে ফুৰোতে
ভগ্নাৱশেষ বোৰ দেখিব পাৱা
ধুলিৰ চামনিত মোৰ প্রেমৰ উত্তাপ তেতিয়াও থাকিব"
কবিৰ বক্তব্য ঠিকেই প্ৰকাশিত হৈছে, কিন্তু বানান আৰু যতি চিহ্নৰ ওপৰত কবিয়ে চকু দিয়া উচিত। কবিতাটিত প্ৰেমৰ এক প্ৰকৃতিমুখী আহ্বান মন কৰিবলগীয়া।
কবি প্ৰাঞ্জল বৰাৰ "পুৰাতন প্ৰেম" কবিতাটিত ব্যৱহৃত তৃতীয় পুৰুষ "তেওঁ"ৰ পৰিচয় কিছু অস্পষ্টতাত ৰাখিছে। কবিয়ে প্ৰেমৰ এক মায়াজাল আঁকিছে যদিও প্ৰেমৰ বহিঃপ্ৰকাশ কৰাৰ প্ৰয়োজনবোধ কৰা নাই।
"মই খুলি দিওঁ মোৰ আভ্যন্তৰ
তেওঁৰ বাবে
যদিও মই তেওঁৰ প্ৰেমিক নহয়
তথাপি উশাহৰ দৰেই আদিম
আমাৰ প্ৰেম"
হয়তো এয়া বিষয়ীৰ গোপন প্ৰেমৰ অকপট স্বীকাৰোক্তি। বিষয়ীৰ প্ৰেমৰ ওপৰত প্ৰেয়সী আস্থাহীন নাইবা অজ্ঞাত যদিও এই লৈ বিষয়ীৰ খেদ নাই। কবিতাটিৰ প্ৰথমাংশৰ তুলনাত কিছু বিপৰীত আৰু অধিক গাঢ় উপমাৰে তৃতীয় স্তৱকত প্ৰেমৰ গভীৰতা মুখৰিত হৈছে-
"পোহৰৰ দৰেই সৰলৰৈখিক
তেওঁৰ দৃষ্টি
ধুই নিয়ে মোৰ সমস্ত ক্লান্তি
কোনো সৰ্বশ্ৰান্ত কৃষকৰ চকুত
নিটালে জিৰণি লোৱা তেওঁ যেন
শচ্যৰ গৰ্ভৱতী সপোন,
প্ৰৌঢ় পূজাৰীৰ বুকুত বাজি ৰোৱা
সান্ধ্য আৰতিৰ মৃদু গুঞ্জন
কিন্তু তেওঁ মোৰ প্ৰেমিকা নহয় !"
এই ৰিজনী কিছু উদ্ভট যদিও ইয়াত প্ৰেমক এক কল্পনাতীত উচ্চ স্থানত প্ৰতিস্থা কৰিছে। প্ৰেয়সীয়ে কবিৰ মনত সাধনাৰ সমল হিচাপে ধৰা দিছে। সেই ফালৰ পৰা ই এক প্লেট’নিক প্ৰেম। প্ৰেয়সীৰ দৈহিক সৌন্দৰ্যত মুগ্ধ হৈ নাথাকি তাৰ আদৰ্শেৰে জগতৰ সকলো বস্তৰ মাজত সৌন্দৰ্যৰ উপলব্ধি কৰাই প্লেট’নিক প্ৰেমৰ মূল কথা। ডাণ্টে-বিয়েট্ৰিছ, ৱৰ্ডছৰ্থ-লুছি আদি এই শ্ৰেণীৰ প্ৰেমিক। কবি প্ৰাঞ্জল বৰাৰ কবিতাটিতো একেই সুৰ বাজি আছে। কিন্তু শেষৰ স্তৱকটোত কবিৰ উপমা তুলনামুলকভাৱে দুৰ্বল-
"ইতিহাসৰ পাতত বগাই ফুৰা
প্ৰস্তৰ যুগৰ মই এক অঘৰী পশুপালক
বৰষুণত তিতি থকা তেওঁ
এডৰা সিক্ত ঘাঁহনি"
ইয়াত বিষয়ী নিজে পশুপালক হৈছে আৰু প্ৰেয়সীক সিক্ত ঘাঁহনিৰ ৰূপ দিছে। প্ৰস্তৰ যুগৰ অঘৰীয়ে পোহনীয়া পশুক চেনেহৰ ঘাঁহনি খোৱাত বাধা দিয়াটো বা নিদিয়াটো নিশ্চয়কৈ এটা অনিশ্চিত ধাৰণা। কবিৰ পৰা আগলৈ আৰু সাৰ্থক কবিতা আশা কৰিলোঁ।
(আগলৈ...)
-হীৰকজ্যোতি বৈশ্য
০৮/০৯/২০১৪
UnlikeUnlike ·
You, Malabika Brahma, Mousumee Bori, Subrata Goswami and 15 others like this.

Manohar Dutta ‘‘আখৰুৱাৰ আগষ্ট ২০১৪-ৰ কবিতাৰ পৰ্যালোচনা’’: পুনৰীক্ষণ-১৫(প্ৰথম খণ্ড) Hirákjyóti Báishýá-ই গোটলৈ আগবঢ়াইছে।

অনিন্দিতা কলিতাৰ ‘সমীপেষু’
Er Newton Konwar Basmtry ৰ ‘শ্ল'গানবোৰ শুই পৰিছে, নজগাবা...’
মনোহৰ দত্তৰ “প্ৰাণৰো প্ৰাণৰ স্বাধীনতা”
সুৰেশ বৰাৰ ‘শাওণৰ পদ্য’
নিশাংক মিলনৰ “ইনচ’মেনিয়া”
দাদুল ভূঞাৰ "বাঁহফুল ফুলিছে"
সুনিল অমিয়ৰ "ঘৰ"
মালৱিকা ব্ৰহ্মৰ "অনুভবৰ মৃত্যু-গাথা : প্রেম"
প্ৰাঞ্জল বৰাৰ "পুৰাতন প্ৰেম" - আদি কবিতাৰ পৰ্যালোচনাৰে হীৰকজ্যোতি বৈশ্যই তেওঁৰ প্ৰথমটো পদক্ষেপত যথেষ্ট কষ্ট কৰিছে। হীৰকলৈ আন্তৰিক শুভেচ্ছা থাকিল।
September 8 at 11:06am · Like · 2

Subrata Goswami খুব সুন্দৰ আলোচনা। পঢ়ি ভাল পালো হীৰক।তোমালৈ শুভকামনা।
September 8 at 5:24pm · Like · 1

Hirákjyóti Báishýá অশেষ ধন্যবাদ মনোহৰ দা আৰু সুব্ৰতালৈ
September 8 at 11:04pm · Like · 1

Pranjal Bora নিৰপেক্ষ আৰু নিখুঁত পুনৰীক্ষণ। 'পুৰাতন প্ৰেম' শীৰ্ষক কবিতাটিক লৈ মই নিজেও সন্দিহান হীৰক। শেষৰ স্তৱকটি লিখোতে মই অপ্ৰয়োজনীয়ভাৱে এটা leap ল'লো। মই কবিতাটো পুনৰ লিখিবলৈ যত্ন কৰিম। ধন্যবাদ থাকিল তোমালৈ।
September 9 at 9:36am · Like · 1

Malabika Brahma I am impressed at your fair literal analysis Heerak ..

I always love reading introduction in every porjyalosona in this forum. A lot of things i find there to learn from.
September 9 at 5:45pm · Like · 2

Mousumee Bori সূক্ষ্ম পৰ্যবেক্ষণ৷বহুত ভাল লাগিল৷
September 9 at 5:46pm · Like · 1

Anindita Kalita হীৰকৰ পুনৰীক্ষন পঢ়ি আপ্লুত হ'লো ৷ সুন্দৰভাৱে পৰ্যালোচনা কৰি আমাৰ জ্ঞানৰ ভঁৰাল চহকী কৰাৰ বাবে ধন্যবাদ ৷
12 hrs · Like · 1

Hirákjyóti Báishýá অশেষ ধন্যবাদ @প্ৰাঞ্জল দা, মালবিকা বা, মৌচুমী বা, অনিন্দিতা বা ৷ আপোনলোকৰ মন্তব্যত উৎসাহ পালোঁ৷
6 hrs · Like

No comments:

Post a Comment