পুনৰীক্ষণ-১১' : 'আখৰুৱা'ৰ এপ্ৰিল ২০১৪-ৰ কবিতাৰ পৰ্যালোচনা ( প্ৰথম খণ্ড)
ব্যক্তিগত ব্যস্ততাৰ বাবে সময়তকৈ কিছু পলমকৈ, পুনৰীক্ষণ 'আখৰুৱা'ৰ এপ্ৰিল ২০১৪-ৰ কবিতাৰ পৰ্যালোচনা ( প্ৰথম খণ্ড)ভাগ আপোনালোকলৈ আগবঢ়ালো:-
আলোচনা ভাগ আগবঢ়োৱাৰ আগতেই কুৰি শতিকাৰ সাহিত্যত কবি এলিয়টে কোৱা কথা এষাৰ স্মৰণ কৰিছো
“poetry is not a turning loose of Emotion, but an escape from emotion; it is not the expression of Personality, but an escape from personality.
অৰ্থাৎ কবিতাৰ উদ্দেশ্য অনুভূতিৰ পোহাৰ মেলা নহয়, অনুভূতিৰ পৰা পৰিত্ৰাণ পোৱাহে। ই ব্যক্তিত্বৰ পৰা মুক্তি পোৱাৰহে পথ-ব্যক্তিত্ব জাহিৰ কৰাৰ নহয়।
কবিতা কবিৰ প্ৰাণোচ্ছল অনুভূতিৰ একো একোখন ছবি, সাংলকৃত কৰে শব্দ, কবিসকলে কবিতাৰ মাজেৰে অনুসন্ধান কৰে জীৱন, যৌৱন, প্ৰেম, আনন্দ, বিষাদ, নিঃসংগতা, সমাজ বিষয়ক একোখন ছবি, আৰু সেই ছবিবোৰৰ মাজেৰেই প্ৰকাশ কৰে মনৰ অনুভৱবোৰ।
এপিল মাহৰ আখৰুৱা গোটৰ সাহিত্যৰ বাকৰিত ৰচনা কৰা কবিতা সমূহ এই আলোচনাটিত সন্নিৱিষ্ট কৰা হৈছে ।
বিশেষকৈ এই গোটৰ কবিসকলৰ কবিতাত ব্যৱহাৰ হোৱা উপমা, কল্পচিত্ৰ আৰু প্ৰতিকী ব্যৱহাৰৰ পৰা তেওঁলোকৰ গভীৰ অধ্যয়ন মনৰ নিদৰ্শন পোৱা গৈছে।
(১)
নদীখনৰ বুকুত খেলা
পুঠি-খলিহনাই তাৰ বুকুত বাহ সজা
পুৰণি সপোনটোৰ সৈতে
উমলিব ধৰে
"লাডুৱে এইবাৰ ফটা চোলাটোৰে
মোমায়েকৰ ঘৰলৈ যাব নালাগে "
প্ৰায়ে বাতৰি কাকত পঢ়িবলৈ পোৱা উদীয়মান কবি মানসজ্যোতিৰ “ নদী” শীৰ্ষক কবিতাটোত এখন বিষাদৰ ছবি দেখিবলৈ পোৱা গৈছে| বাক সংযমৰ মাজেদি, চিত্ৰময় সম্ভাৱনাক প্ৰতীক ব্যৱহাৰৰ যোগেদি খুব সুন্দৰ ৰূপত প্ৰতিফলিত কৰিছে যদিও, বিশেষকৈ শব্দ- ব্যঞ্জনৰ ব্যৱহাৰত কিছু যতি পৰিছে| আশাকৰো তেওঁ সেই দিশত আগলৈ কিছু গুৰুত্ব দিব|
(২)
পাহৰণিৰ পৰা এটা দিন ধাৰে লৈ
এদিন উভতি যাম তোমাৰ কাষলৈ;
মোৰ নাভিত দো খাই পৰে
প্ৰাচিন কোনো উছৱৰ ৰাতি,
তুমি কোন অনন্তৰ বিভোল বৈভৱ ?
বাউল হাতেৰেই বিচাৰি ফুৰিছো যাক
আন্ধাৰৰ সত্যৰ পৰা
পোহৰৰ প্ৰথম ঘোষনালৈ;
সেই যে আহি এবাৰ চুই দিলা
দেহ জুৰি বাজি ৰ’ল তোমাৰ খোজৰ প্ৰতিধ্বনি,
মুৰ দোৱাই মই শিলৰ বন্দনা হ’ম;
আৰু কোনো কাৰুণ্যৰ এৰাতি
বুকুত তুলি ল’ম
ভালপোৱাই মাতাল কৰা মাটি;
সাম্প্ৰতিক সময়ৰ এজন প্ৰতিভাৱন কবি নিশাংক মিলনৰ কবিতাত আমি সহচৰ দেখিবলৈ পাওঁ অৰ্থ অলংকাৰৰ মননশীল মৌলিকতা| এই মৌলিকতা তেওঁ এক ব্যতিক্ৰমী ৰূপত উপস্থাপন কৰে| বিশেষকৈ আংগিক, প্ৰতীক ব্যৱহাৰ, শব্দ নৈপুন্যতায়ে তেখেতৰ চিত্ৰকল্পতো বিশেষভাৱে প্ৰভাৱ পেলাই|
(৩)
কবি ভৈৰৱ চাউদাঙৰ সেউজীয়াৰ কথাৰে কবিতাটোত উল্লেখিত এই পক্তিটোলৈ যদি আমি চাওঁ
ডেই পুৰি নিয়া ৰ'দে
কোনোদিনে পুৰি
শেষ কৰিব নোৱাৰে- সেউজীয়া
কলম কটা দাৰে
ক'ত বাৰ কাটিলেও
নিচিহ্ন নহয়
এই শাৰীকেইটাত ধ্বনিৰ আৱহ, | কিন্তু এই ধ্বনিৰ ব্যৱহাৰতকৈ মুখ্য হৈছে চিত্ৰকল্পত conceit ধৰ্মী উপমা আৰু ৰূপকৰ ব্যৱহাৰ অতিব সুন্দৰ ৰূপত ফুটাই তুলিবলৈ কবি সক্ষম হোৱা দেখা হৈছে!! এক কথাত এটি সুখপাঠ্য আৰু ধ্ব্নিময় কবিতা|
(৪)
সাম্প্ৰতিক সময়ৰ আন এগৰাকী প্ৰতিভাৱন কবি জ্যোতি পিচি শইকীয়াৰ “দুপৰৰ মালিতা" শীৰ্ষক কবিতাটোলৈ মন কৰিলে আমি দেখা পাম:-
কবিয়ে অৱচেতন মনত তেওঁৰ প্ৰেমিকক লগ পাবলৈ ৰৈ থকাৰ আৱেদনখিনি অতি সুন্দৰ ভাৱে প্ৰকাশ কৰিছে, যেন উভতি অহাৰ আশাৰে বাট চাই থকা অভিমানী হৃদয়ে কাতৰতাৰে অনুৰোধ কৰিছে :-
লৈ যাম তোমাক এদিন
ৰূপালী দুপৰৰ ৰ’দ ঘাই
নৈৰ পাৰলৈ।
বালি-চন্দাৰ চিকমিকনিত
নতুন কৈ
আকৌ এবাৰ
বুকু জুৰুৱায়
নিজকে হেৰুৱাবলৈ ।
নিশ্চিতভাৱে কবিতাটিৰ উপস্থাপনত কবি সফল হৈছে|
(৫)
কবি প্ৰভাকৰ শৰ্মা নেওগৰ “বীৰ গাঁথা” কবিতাটোলৈ মম কৰিলে আমাৰ মনলৈ ভাহি আহিব এজন যুগান্তকাৰী বীৰ পুৰুষৰ কথা, চাওক কবিৰ এই পক্তিটোত তাৰেই নিদৰ্শন পোৱা গৈছে:-
অক্ষয় অব্যয় প্ৰেৰণাৰ উৎস তুমি
পুৱতী পক্ষীয়ে গায় তোমাৰেই গান
আকাশত মেঘে খেলে হাইতাল
তুমি বীৰ, যুগান্তৰৰ অমৰ পুৰুষ।
কবিতাটোত ব্যৱহৃত উপমাই সাৰ্থকতা লাভ কৰিছে|
(৬)
সাম্প্ৰতিক সময়ৰ এগৰাকী প্ৰতিষ্ঠিত কবি অনিন্দিতা কলিতাৰ “ এজাক সপোনে আহি উৰুলি দিবহি কবিতাটোত কবিয়ে ব্যৱহাৰ কৰা উপমা, প্ৰতীক, ব্যঞ্জনে কবিতাটোৰ আৱেদনক সুন্দৰ ৰূপত ফুটাই তুলিছে,| আমি কবিৰ এই পক্তিটোলৈ মন কৰিলেই সেই ছবি স্পষ্ট হৈ পৰিব:
নৈপৰীয়া বিৰিণাই চুমা দি গ’ল
মোৰ পাঁজিসেৰীয়া আঙুলিত
দুমুঠি ৰজাঘৰীয়া অনুগ্ৰহৰ বাবে
তুমি হেনো এৰাসুঁতিত থৈ আহিলা
মোৰ অমৃতৰ কথাটি?
(৭)
সাম্প্ৰতিক সময়ৰ আনএগৰাকী নবীন কবি কৌশিক ব্যাসাসৰ ফটো শীৰ্ষক কবিতালৈ যদি মন কৰো তেন্তে আমি দেখা পাম:-
আজি ফটো এখন উঠিলো৷
তোমাৰ আৰু মোৰ৷
কিমান দিনৰ মূৰত উঠিলো?
নাজানো৷
প্ৰথম ফটো কেতিয়া উঠিছিলো?
বোধহয় ফটো কিয় উঠে
বুজি পোৱাৰ আগতে৷
কবিতাটো আধুনিক Classic ৰচনাৰ এটি সৰল উপস্থাপন| কিন্তু কবিৰ প্ৰায়বোৰ কবিতাতে একঘেয়ামী সুৰ এটা সদায়ে বিৰাজমান , সেইবাবে কবিয়ে সেই ক্ষেত্ৰত কিছু মন কৰিলে নিশ্চয়কৈ সফল হ’ব পাৰিব বুলি ভাবো|
ধন্যবাদেৰে
ইন্দ্ৰনীল গায়ন
নগাঁও, পুৰণিগুদাম
২৬.৫.২০১৪
You, Mousumee Bori, Hirákjyóti Báishýá, Jahnu Bharadvaz and 21 others like this.
ঈশানজ্যোতি বৰা নির্মোহ তথা আপোচবিহীন সমালোচনা
Anindita Kalita আপোনাৰ সমালোচনাৰ দুহাতত মোৰ সৃষ্টিয়ে পূৰ্ণতা পালে ৷ অশেষ ধন্যবাদ জনালোঁ ৷
Mousumee Bori পৰ্যালোচনাটি ভাল লাগিল ইন্দ্রনীল
Anupama Borgohain সুন্দৰ পৰ্যালোচনা !
ndranil Gayan ধন্যবাদ জনাইছো ঈশান, Anindita Kalita ( অনি বা)
Indranil Gayan ধন্যবাদ জনাইছো Mousumee Bori বা, Anupama Borgohain বা|
Sarada Shrestha ভাল লাগিল তোমাৰ পৰ্যালোচনাটি ।
Jyoti Pcsaikia আখৰুৱা গোটৰ পুনৰীক্ষণ কবিতা পৰ্যালোচনাই নিসন্দেহে ইতিবাচক দিশ কঢ়িয়াই আমাক আত্মবিশ্লেষণৰ সুযুগ দিয়ে । খুউব সুন্দৰ পৰ্যালোচনাটিৰ বাবে তোমালৈ অভিনন্দন আৰু ধন্যবাদ ইন্দ্রনীল ।
Indranil Gayan অশেষ ধন্যবাদ জনাইছো Sarada Shrestha বাইদেউ আৰু Jyoti Pcsaikia বাইদেউ|
Malabika Brahma Too good too good too good... Thats all i can say .. Enjoyed thoroughly..
Indranil Gayan Thank you very Much Malabika Brahma ba...
Indranil Gayan সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছো!!
June 2 at 11:10pm Like

___________________________________
Indranil Gayan June 5 at 10:42pm Edited
'পুনৰীক্ষণ-১১' : 'আখৰুৱা'ৰ এপ্ৰিল ২০১৪-ৰ কবিতাৰ পৰ্যালোচনা ( দ্বিতীয় খণ্ড)____________________________________________________
এন্ধাৰবোৰ গাঢ়
হোৱাৰ লগে লগেই
পোহৰ পিয়াসী মানুহজন
অকলশৰে ক’ৰবালৈ গুচি যায়
সম্ভৱতঃ
তেওঁ
কবি
( ইন্দ্ৰনীল গায়ন)
হোৱাৰ লগে লগেই
পোহৰ পিয়াসী মানুহজন
অকলশৰে ক’ৰবালৈ গুচি যায়
সম্ভৱতঃ
তেওঁ
কবি
( ইন্দ্ৰনীল গায়ন)
Yes
A Poet is one Who tries to leave and one who cannot leave
Who is a poet- Tadeuz Roze Wiez
Who is a poet- Tadeuz Roze Wiez
(১)
এপিল মাহৰ আখৰুৱা গোটত প্ৰকাশিত কবি সাৰদা শ্ৰেষ্ঠৰ “বৈপৰীত্য” কবিতাটোলৈ মন কৰিলে আমি দেখা পাম সাম্প্ৰতিক সময়ৰ এখন তিক্ত ছবি। য’ত কবিয়ে মহানগীয় জীৱনৰ ব্যস্ত পথত সুখ বিচাৰি মৰ্মাহত হৈছে।
মহানগৰৰ এটি ব্যস্ত পথ
তাত সুখ কিনা বেচা হয়
মই সুখ বিচাৰিয়েই গৈছিলো
এঠাইত চকু থৰ হল
ওখ গছ এজোপাত এটি সৰু বিজ্ঞাপন
লিখা আছে....
"এমাহত মদ এৰাওক"
তাত সুখ কিনা বেচা হয়
মই সুখ বিচাৰিয়েই গৈছিলো
এঠাইত চকু থৰ হল
ওখ গছ এজোপাত এটি সৰু বিজ্ঞাপন
লিখা আছে....
"এমাহত মদ এৰাওক"
কবিতাটোৰ উপস্থাপন শৈলী আৰু অধিক মনোগ্ৰাহী কৰাৰ থল আছিল। প্ৰকাশভংগী সাধাৰণ। আশাকৰো কবিয়ে এই ক্ষেত্ৰত আগলৈ মন কৰিব।
(২)
আখৰুৱা গোটৰ আন এগৰাকী কবি চিদ্দিকুৰ ৰহমানৰ "জীৱন ভাটিয়ালী গীত" শীৰ্ষক কবিতাটোৰ জৰিয়তে জীৱনৰ গভীৰ উপলব্ধিৰ কথা সুন্দৰ ৰূপত প্ৰকাশ পাইছে।
এই পক্তিটোলৈ মন কৰিলে সেই ছবি স্পষ্ট হৈ পৰিব:-
ঠিক যেন ভঙা-গঢ়াৰ নিপুণ খনিকৰ,
জীৱনে ওভতি চাই জীৱন।
নিলিখা ইতিহাস হয় জীৱন পাণ্ডুলিপি
পাণ্ডুলিপিত আধা অঁকা ছবিৰ পয়োভৰ
নিশব্দ নিতাল মৰীচিকা গানৰ
নির্লিপ্ত কোলাহল।
ঠিক যেন ভঙা-গঢ়াৰ নিপুণ খনিকৰ,
জীৱনে ওভতি চাই জীৱন।
নিলিখা ইতিহাস হয় জীৱন পাণ্ডুলিপি
পাণ্ডুলিপিত আধা অঁকা ছবিৰ পয়োভৰ
নিশব্দ নিতাল মৰীচিকা গানৰ
নির্লিপ্ত কোলাহল।
(৩)
'আখৰুৱা' গোটৰ আন এজন উদীয়মান কবি হীৰকজ্যেতি বৈশ্য’ৰ "হঠাৎ সপোনত" শীৰ্ষক কবিতাটো এক নিখুত সৃষ্টি৷
হঠাৎ সপোনত মই দৰিকণা হ'লো কালি
স্বাধীন হোৱাৰ নিচান এৰিলোঁ উমলি-জামলি
শিয়ালৰ দৰে মই হোৱাঁ দিব নোৱাৰো
বাঘৰ দৰে গেঙৰিবও নাজানো
য'তেই বৰশী দেখো
আলসুৱা টোপ নেফানেফ কৰোঁ
স্বাধীন হোৱাৰ নিচান এৰিলোঁ উমলি-জামলি
শিয়ালৰ দৰে মই হোৱাঁ দিব নোৱাৰো
বাঘৰ দৰে গেঙৰিবও নাজানো
য'তেই বৰশী দেখো
আলসুৱা টোপ নেফানেফ কৰোঁ
হঠাৎ সপোনত মই দৰিকণা হ'লো
অতিকৈ বাউলি হ'লো কালি
বিলুপ্তিৰ পথত আজি৷
অতিকৈ বাউলি হ'লো কালি
বিলুপ্তিৰ পথত আজি৷
কবিয়ে আগলৈও এনে ধৰণৰ সুন্দৰ কবিতাৰে গোটৰ মজিয়া সমৃদ্ধ কৰি যাব বুলি আশা কৰিলো৷
(৪)
আখৰুৱা গোটৰ আন এগৰাকী প্ৰতিভাৱন কবি নয়নমণি শৰ্মাৰ "বজাৰ" শীৰ্ষক কবিতাটো এক অভিনৱ সৃষ্টি৷৷
সভ্যতাৰ পোছাকত দুখৰ ছাঁ
হাউলি পৰা ৰাজহাড়
আমি বিক্ৰী কৰিছো আমাৰ তেজ আৰু পিতাইৰ ঘাম
হাউলি পৰা ৰাজহাড়
আমি বিক্ৰী কৰিছো আমাৰ তেজ আৰু পিতাইৰ ঘাম
আজি পুনৰবাৰ নিজকে বিক্ৰী কৰিছো চয়তানৰ হাতত
এটা হালধীয়া সপোন গলি হেৰাই যোৱাৰ পৰত ।
এটা হালধীয়া সপোন গলি হেৰাই যোৱাৰ পৰত ।
প্ৰকাশশৈলী,আৰু শব্দ সংযমত কবি অতিকৈ সুস্পষ্ট।
(৫)
উদীয়মান কবি প্ৰকাশ ভূঞাৰ উত্তৰপুৰুষলৈ শীৰ্ষক কবিতাটোত বিষয়বস্তু আৰু আংগিকৰ সু-সমন্বয় লক্ষ্যণীয়।
সপোনত মই কাহানিবাই মৰা
দুজন বন্ধুৰ মুখ দেখো
আকাশত এজাক কাউৰীয়ে ৰমলিয়ায়
দুজন বন্ধুৰ মুখ দেখো
আকাশত এজাক কাউৰীয়ে ৰমলিয়ায়
আলহী আহিব চাগে,আলহী
পৰিব্ৰাজক অনন্ত সময়ৰ
স্বপ্নৰ দুৰন্ত ডাকোৱাল
পৰিব্ৰাজক অনন্ত সময়ৰ
স্বপ্নৰ দুৰন্ত ডাকোৱাল
আৰু
এক অনিশ্চিত প্ৰত্যাশাৰে
আমিবোৰ ৰৈ আছোঁ
এক অনিশ্চিত প্ৰত্যাশাৰে
আমিবোৰ ৰৈ আছোঁ
কবিৰ পৰা আমি সুন্দৰ সৃষ্টি আশা কৰিব পাৰো নিশ্চয়।
(৬)
কবি মনোহৰ দত্তৰ প্ৰায়বোৰ কবিতায়েই এক গীতি কবিতা, যেন শব্দ আৰু ছন্দৰ মাজৰ সাংগীতিক সুৰৰ ব্যঞ্জন ।ঠিক সেইদৰে “দৰিকণা সপোনৰ কবি” শীৰ্ষক কবিতালৈও যদি মন কৰো, সেই ছবি সুস্পষ্ট ৰূপত দেখা পোৱা যাব।
পুখুৰীৰ পানীত ব'হাগ
তপত ৰ'দৰ দুপৰীয়া
জুইয়ে পোৰা আকাশ।
তপত ৰ'দৰ দুপৰীয়া
জুইয়ে পোৰা আকাশ।
তিৰবিৰ তিৰবিৰ
দৰিকণা সপোন।
দৰিকণা সপোন।
বতাহে কোবাই যায়
পানীৰ আচল
ঢৌৱে ঢৌৱে নাচে
বাখৰুৱা মন।
পানীৰ আচল
ঢৌৱে ঢৌৱে নাচে
বাখৰুৱা মন।
(৭)
উদীয়মান কবি ছাৰ্জেন ৰাভা মেগোৰ "নিৰ্জন দুপৰীয়া তিৰোতাজনী" শীৰ্ষক কবিতালৈ যদি মন কৰো আমি দেখা পাম:-
নিজৰ ল'ৰা-ছোৱালী হাললৈ ছুৱেটাৰ গুঁঠি গুঁঠি
নিৰ্জন দুপৰীয়া তিৰোতাজনী
অতীত নামৰ নৈখনৰ পাৰলৈ যায়
নিৰ্জন দুপৰীয়া তিৰোতাজনী
অতীত নামৰ নৈখনৰ পাৰলৈ যায়
শেলুৱৈ গজিবলৈ আৰম্ভ কৰা
স্মৃতিৰ শিল এচটাত বহি
অকলে অকলে বহু সময় কটায়
স্মৃতিৰ শিল এচটাত বহি
অকলে অকলে বহু সময় কটায়
কবিতাটোৰ ইংগিতময়িতা আৰু উপস্থাপনশৈলীত কবি সফল হৈছে।
(৮)
আখৰুৱা গোটৰ আন এগৰাকী প্ৰতিভাৱন কবি জাহ্ন ভৰদ্বাজৰ বিলাপ শীৰ্ষক কবিতাটোলৈ মন কৰিলে:-
আমিবোৰ সেই একেটা শৃংখলতে আৱদ্ধ
অথবা সেই একেটা বৃত্তীয় পথত অগ্ৰসৰ!
অথবা সেই একেটা বৃত্তীয় পথত অগ্ৰসৰ!
ক'ৰবাত কেনিবা আমিৰ মাজত
মই বিচাৰি পাও মোক৷
সেয়া প্ৰাপ্তিৰ আনন্দ নে হেৰুওৱাৰ দুখৰ মুহূৰ্ত
ঠিৰাং কৰিব নোৱাৰো!
মই বিচাৰি পাও মোক৷
সেয়া প্ৰাপ্তিৰ আনন্দ নে হেৰুওৱাৰ দুখৰ মুহূৰ্ত
ঠিৰাং কৰিব নোৱাৰো!
কবিতাটোত কবিৰ ভাৱৰ গভীৰতা,অৰ্থপূৰ্ণ শব্দচয়ন মনোগ্ৰাহী।কবিৰ পৰা আগলৈও ভাল কবিতা আশা কৰিলোঁ|
'আখৰুৱা'ৰ দিগন্তত উদিত হওঁক নতুন দিবাকৰ। হে আখৰুৱা গোটৰ কবিসকল '
তোমাক স্বাগতম সৃষ্টিৰ পথাৰলৈ । ন- ন সৃষ্টিৰে উজ্বলাই তোলা আখৰুৱাৰ চোতাল|
ধন্যবাদেৰে
ইন্দ্ৰনীল গায়ন
নগাঁও, পুৰণিগুদাম
৫.৬.২০১৪
:সমাপ্ত:
Subrata Goswami Hirakjyoti baishya he hobo..kashyap nhoi..
Subrata Goswami Hoi...pohri val palu...alochona ti..
Jahnu Bharadvaz bhaaaal laagil..
Jyoti Pcsaikia অভিনন্দন ইন্দ্রনীল ! অপুৰ্বকৈ সজাইছা কবিতাৰ পৰ্যালোচনাটি ।
Manohar Dutta ব্যক্তিগত ব্যস্ততাৰ মাজতো কবিতাৰ পৰ্যালোচনা 'পুনৰীক্ষণ-১১' প্ৰস্তুত কৰা বাবে Indranil Gayan-লৈ গোটৰ পৰা ধন্যবাদ জনাইছো।
আশা ৰাখিছো আগলৈ ইন্দ্ৰনীলে এনেদৰে গোটলৈ নিশ্চয় অৰিহণা আগবঢ়াব।
Konseng Borgohain মই ভাবো কবিতা পর্য্যালোচনা এটা বৰ জটিল কাম । কিন্তু, ইন্দ্রনীলে বৰ সুন্দৰকৈ কামটো সমাধা কৰিছা । ভাল লাগিল ।
Anindita Kalita সুন্দৰ নীল ৷ আপ্লুত হলোঁ ৷
No comments:
Post a Comment