সুনীল অমিয়
November 18 at 12:26pm · Edited
আখৰুৱাৰ অক্টোৱৰ ২০১৪-ৰ কবিতাৰ পৰ্যালোচনা: পুনৰীক্ষণ-১৭ : পৰ্যালোচক: সুনীল অমিয়
সাহিত্যৰ বিভিন্ন বিভাগৰ ভিতৰত কবিতাৰ বিভাগটোৱেই হৈছে এক স্পৰ্শকাতৰ বিভাগ।কবিতাৰ অনুশীলন কৰিব পাৰি, কিন্তু সহজে কবি হ'ব নোৱাৰি। কিয়নো প্ৰকৃত কবিৰ বাবে অৰ্ন্তদৃষ্টিৰ প্ৰয়োজন। কবিতাৰ বিষয়বস্তু কেউদিশে ভৰি আছে।কবিৰ অৰ্ন্তদৃষ্টি আৰু প্ৰকাশ ভংগীয়ে 'গোস্পদে নভোমণ্ডলম' দেখাৰ দৰে একোটা যুগজয়ী বাৰ্তা কঢ়িয়াই আনিব পাৰে। প্ৰখ্যাত বাংলা কবিয়েও সেই কাৰণেই কৈছে 'সবাই কবি নয়,কেউ কেউ কবি।' অৰ্ন্তদৃষ্টি সম্পন্ন দূৰদৰ্শী কবিৰ কবিতাই দিয়ে অনাগত ভৱিষ্যতৰ আগলি বতৰা, যেনেকৈ দিছিল কবি যতীন্দ্ৰ নাথ দুৱৰাই "পোহৰ" নামৰ কবিতাৰে।
আকাশৰ মেঘ, বৈ যোৱা নদী,উৰি ফুৰা চৰাই আৰু বতাহৰ বেগক কোনো দেশৰ সীমাৰেখাই বন্দী কৰি ৰাখিব নোৱাৰে। তেনেদৰে কবি সাহিত্যিকৰ প্ৰতিভাক কোনো দেশে বন্দী কৰি ৰাখিব পৰা বস্তু নহয়। বৰেণ্য কবি সকলৰ কবিতাৰ ৰসপান কৰাৰ সময়ত পাঠকে বিচাৰ নকৰে,তেঁও কোন দেশৰ কবি। বিচাৰ কৰে কবি গৰাকীৰ অনুভূতি আৰু বৰ্ণনা কৌশল কিমান শক্তিশালী আৰু বিশ্ব মানৱৰ অনুভূতিৰ কিমান খিনি ওচৰ চপা, সেই কথাহে। কবিয়ে অনুভূতিৰ কৰ্মশালাত কল্পনাৰ হাতুৰিৰে গঢ়ি যায় কবিতাৰ দৃষ্টিনন্দন স্বৰ্ণালংকাৰ। ইয়াৰ মুকুতা সদৃশ প্ৰতিটো অৰ্থবহ শব্দই হৃদয় আলোড়িত কৰি তোলে।
কবিতাৰ আটাইতকৈ গুতুত্বপূৰ্ণ দিশটো হৈছে- ইয়াৰ জৰিয়তে অতি সংক্ষিপ্ত আৰু কলাত্মক ভাবে কবিয়ে তেঁওৰ দৃষ্টি আৰু অনুভৱৰ আওতালৈ অহা বিষয়বস্তুক পাঠকৰ সন্মুখত তুলি ধৰিব পাৰে। যিদৰে কবিতা লিখা এটা কষ্টসাধ্য অধ্যাৱসায়, ঠিক সেইদৰেই কবিতাৰ পূনৰীক্ষণ বা পৰ্যালোচনা কৰাটো ততোধিক কষ্টকৰ, মনোবেদনা। এজন প্ৰখ্যাত বিদেশী কবিয়ে (নামটো মনলৈ অহা নাই) এনেদৰে কৈছিল "মই যেতিয়া এটা কবিতা লিখি থাকো, তেতিয়া মই জানো মই কি লিখি আছো, কিন্তু লিখি শেষ হোৱাৰ পিছত, একমাত্ৰ ভগৱানেহে জানে মই কি লিখিছিলো।" মানুহৰ মনক কবিয়ে অটব্য অৰণ্যৰ স'তে ৰিজাইছে, সেয়েহে কবিৰ মনৰ গভীৰতা জোখা বৰ টান। নৱেম্বৰ মাহটোত ভালে খিনি কবিতা আমাৰ এই আখৰুৱা গোটত সন্নিৱিষ্ট হৈছে। সময়ৰ অভাব তথা কৰ্ম ব্যস্ততাৰ বাবে পুণৰীক্ষন শিতানটো আগবঢ়াওঁতে অলপ পলম হৈছে। মই নতশিৰে সদাশয় পাঠক সকলৰ ওচৰত ক্ষমা ভিক্ষা খুজিছো।মোৰ তাকৰিয়া শিক্ষাগত অৰ্হতা তথা ভাষিকভাবে অসমীয়া নোহোৱাৰ বাবে বাক্য গাঁথনি আৰু বানান ভুল হ'ব বুলি মই খাটাং কৈ জানো। গতিকে সদাশয় পাঠকে দায়-দোষ নধৰি, মোৰ এই প্ৰচেষ্টাক আকোৱালি ল'বলৈ টানি অনুৰোধ জনালো।
কবিতাৰ পুনৰীক্ষণ:
এক)
বলিদান : কবি- অনিতা গগৈ
কবিতাটি পঢ়ি এনে লাগিল যেন, কবিৰ মনোজগতত এক দোদুল্যমান ভাবধাৰাই কাম কৰি আছে। দুই এটা বানান ভুল চকুত নপৰাকৈ থকা নাই। যেনে দুঃসাহ নহৈ দুঃসাহস হ'ব লাগিছিল। (বুকুত হুল…ভুল নে? ভুলৰ হুল?) এই বাক্য শাৰী মোৰ বোধেৰে "বুকুত হুল…হুল নে ভুলৰ হুল?" হ'লে চাগে বেছি ভাল লাগিল হেঁতেন।জীৱন মানেই আঘাতৰ গুৰু যন্ৰণা। কবি গৰাকী আঘাত সহিবলৈ ৰাজী, কিন্তু জীৱনক স্বাগতম জনাই, এবাৰ ক'লেই তেওঁ স্ব-বলিদান দিব বুলি কৈছে। মই ধৰি লৈছো জীৱন মানে ইয়াত তেঁওৰ কাংখিত পুৰুষ সত্তা। কবি শব্দ বাহুল্যতাৰ পৰা হাত সাৰিব পৰা নাই। ভৱিষ্যতে তেঁওত পৰা আৰু অনেক মনোগ্ৰাহী কবিতা পাম বুলি আশা ৰাখিলোঁ।
দুই)
বিচ্ছেদ বুৰঞ্জী_৫ : কবি- লোচন কৌশিক
কবিৰ কবিতাত শব্দ বাহুল্যতা লক্ষণীয়, কবিতাটো আৰু অলপ চুটি কৰাৰ থল থাকি গ'ল। তথাপিও কওঁ "নিজম দুপৰীয়া সুহুৰি মাৰি ৰ'দালি জোকাম"এটি ভাল লগা বাক্যাংশ,আৰু তেঁও যে আস্থা হেৰুৱা নাই সেয়াও এটি ভাল দিশ।
তিনি)
অনুভৱত টোপাল-বেদনা : কবি- মালবিকা ব্ৰহ্ম
জীৱনক অতি পুংখানুপুঙ্খ ভাবে নিৰীক্ষণ কৰা অনুভৱৰ ই এক শাব্দিক ৰূপ। 'গৰলপিয়া আকাশ' এটি মনোমোহা বাকাংশ। কবিৰ পৰা আৰু অধিক মনোগ্ৰাহী, জীৱনমুখী কবিতা পঢ়িবলৈ পাম বুলি আশা ৰাখিলো
চাৰি)
ৰংমনৰ মনৰ কথা নামৰ কবিতাটি : কবি- সত্য বি গগৈ
কবিতাটো অসমৰ পথৰুৱা মানুহৰ সুখ দুখৰ দিনলিপি। বানে গৰকা পথাৰৰ সোণোৱালী আঘোন বিহীন ছবিয়ে উদং কৰা কৃষকৰ মনোদশাৰ সুন্দৰ বিবৰণী। বানানৰ ভুল আৰু শব্দ বাহুল্যতা পৰিলক্ষিত হৈছে। যেনে ভাৰুন নহয় শব্দটো ভৰুণ হ'ব লাগিছিল।
পাঁচ)
লিখা নহ'ল : কবি- সুৰেশ বৰা
কবিতাটি কবিৰ কোমল মনৰ অন্তৰবেদনাৰ এক প্ৰাঞ্জল ছবি। ঋতুৰাণী শৰৎ বা আহিনৰ পিছতে আহে কাতি মাহ, অসমীয়া জনসমাজৰ দুখ দৰিদ্ৰতাৰ জলন্ত ৰূপ।আগন্তুক দুখৰ ভৰে কবি মনক কোঙা কৰিছে। সেয়ে তেওঁ অকপটে স্বীকাৰ কৰিছে, ঋতুৰাণী শৰতক লৈ কবিতা লিখাৰ অপাৰগতা।
ছয়)
প্ৰজন্ম লৈ : কবি- জ্যোতি পি চি শইকীয়া
জ্যোতি পি চি শইকীয়াৰ কবিতাত শব্দৰ মিতব্যয়িতা এটি লক্ষনীয় দিশ। তেখেতৰ কম কথাৰে বহল অৰ্থ। শ্বেৰ-শ্বায়েৰীৰ দৰে চুটি চুটি কবিতাই পাঠকৰ মন চুই যায়।
(সাত)
সুখৰ জীৱন : কবি- দেৱৰাজ কলিতা
জীৱনৰ প্ৰমূল্যবোধৰ এক শাব্দিক ৰূপ। সুখ, দুখ, আশা, আকাংক্ষাৰ মাজতে সীমাবদ্ধ জীৱনৰ জীয়া বিষ-যন্ত্ৰণা।
আঠ)
প্ৰৱাহমান : কবি- প্ৰভাকৰ শৰ্মা নেওগ
ইষ্ট প্ৰেমৰ সফল চিত্ৰায়ণ। বানানৰ ভুল চকুত পৰিছে। কবিৰ পৰা আগলৈ আৰু ভাল কবিতা পঢ়িব পাম বুলি আশা ৰাখিলোঁ।
ন)
নক্সা : কবি : মনোহৰ দত্ত
কবি দত্তৰ কবিতাত উজলি উঠিছে আকাশ প্ৰীতি।অসীম মহাশূণ্যৰ নীলিমা,শুকুলা মেঘৰ আদিগন্ত পৰিভ্ৰমনে সকলোৰে মন উতনুৱা কৰে। কবিনো বাদ পৰে কেনেকৈ? সহজ সৰল শব্দ গাথনিৰ কবিতা।য'ত নাই কোনো অৱগুণ্ঠন।
দহ) কঙালী : কবি- অনিন্দিতা কলিতা
বিশ্বায়ন তথা ভ্ৰান্ত আধুনিকতাৰ মেৰপাকত, আমি পাহৰি গৈ আছো আমাৰ আমিত্ব।আমাৰ সুগভীৰ সংস্কৃতিৰ ইতিহাসৰ পাতৰ পৰা, দিনে দিনে হেৰাই হৈছে স্বৰ্ণাভ পৃষ্ঠা। তিৰ্যকতাৰে পূৰ্ণ এটি ভাল লগা কবিতা।
এঘাৰ)
নাম বিহীন : কবি- প্ৰকাশ ভুঞা
স্মৃতি ধুঁৱলিৰ এক সফল চিত্ৰায়ণ। সুন্দৰ চিত্ৰকল্পৰে সজ্জিত এটি বলিষ্ঠ কবিতা। ভাল লাগিল। কবিৰ পৰা আৰু এনে কবিতা আগলৈ পঢ়িবলৈ পাম বুলি আশা থাকিল।
বাৰ)
কবি- জয়ন্ত জিন্তু লাহন
জয়ন্ত জিন্তু লাহনৰ নাম বিহীন এটি প্ৰেমৰ কবিতা। সপোনৰ মৰীচিকাৰ প্ৰেমত নপৰিবলে, প্ৰেমিকাক সকিয়নি। শব্দ বাহুল্যতাৰ দোষে চুইছে। কবিতা এটা সাধনা। সাধনাৰ থল থাকি গ'ল।
তেৰ)
কোন বাটেদি যায় কবি : কবি- নিশাংক মিলন
এটি সুন্দৰ কবিতা। কবিতাটিত কবি গৰাকীয়ে কবিৰ মাৰ্গ দৰ্শন কৰিছে। কবিতাটি পঢ়ি মোৰ সুহৃদ বন্ধু নামৰূপৰ ৰাজেন বৰাৰ কবিতাৰ শাৰী কেইটালৈ মনত পৰি গ'ল। "কবি দ্ৰষ্টা,কবি স্ৰষ্টা,কবি ভৱিষ্যত বক্তা"। সুন্দৰ শব্দ বিন্যাস আৰু অলংকৰণেৰে সজ্জিত কবিতা। কবিৰ পৰা আৰু এনে সুন্দৰ কবিতা পাম বুলি আশা ৰাখিলো। পুনশ্চ কওঁ কবিৰ শব্দ নৈপুন্য মন কৰিবলগীয়া, তথাপিও পাঠকৰ ধৈৰ্যৰ পৰীক্ষা নলৈ, শব্দ বাহুল্যতা এৰাই চলিলে ভাল হয়।
চৈধ্য)
দলিত : কবি-জাহ্নু ভৰদ্বাজ
এটি জীৱন মুখী কবিতা। য'ত কবি গৰাকীয়ে নিস্পেশিত উদভ্ৰান্ত জনতাৰ মুখৰ কথাৰে কবিতাত ছবি আঁকিবলে সক্ষম হৈছে। বন্ধ বাট বা দুৱাৰক বৰ্জন কৰি নতুন দুৱাৰ খোলাৰ অমোঘ বাণী বিয়পাই দিছে দিশে দিশে, নিপীড়িত জনতাৰ অন্তৰে অন্তৰে। এটা পৰিমাৰ্জিত শব্দ শৈলীৰ সফল কবিতা। ভাল লাগিল কবিৰ উপস্থাপন শৈলীৰ পাৰদৰ্শিতা। আগলৈ আৰু কবিতা পঢ়িবলৈ পাম বুলি আশা ৰাখিলো।
পোন্ধৰ)
এনেকৈয়ে চলি আছে : কবি- দাদুল ভুঞা
বৰ্তমান সময়ৰ সমাজ ব্যবস্থা তথা ৰাজনৈতিক প্ৰেক্ষাপটত লিখা এটি কবিতা। কোনো আৰ বেৰ নথকা এটি পোনপটীয়া লিখনি। শব্দৰ আধিক্যৰ প্ৰকোপ মন কৰিবলগীয়া।
অকণমান চেষ্টা কৰিলে, কবিতাটো আৰু ধুনীয়া হোৱাৰ থল আছিল।
অৱশেষত এটা কথা ক'বই লাগিব যে,কবিতাৰ পৰ্যালোচনাৰ দৰে তথ্য গধুৰ কাম কৰাৰ,এয়াই মোৰ প্ৰথম চেষ্টা।দত্ত ডাঙৰীয়াৰ আদেশ তথা গোটৰ স্বাৰ্থত,এই গুৰু দায়িত্ব মূৰ পাতি লৈছিলোঁ।নাজানো আপোনালোকে ভবা ধৰণে কামফেৰা সমাধা কৰিব পাৰিছো নে নাই।সদাশয় সদস্য সকলেহে ক'ব পাৰিব,আপোনালোকৰ হাততে আছে গুণাগুণৰ মাপকাঠি।অনিচ্ছাকৃত ভুল বোৰ ক্ষমিব বুলি আশা ৰাখিলোঁ।
শেষত সদৌ অসম কবি সন্মিলৰ কাব্য মন্ত্ৰেৰে মোৰ এই লিখনিৰ মোখানি মাৰিলোঁ
সুন্দৰে যে ফুলাৰ মন্ত্ৰ
অহোৰাত্ৰি মাতে
সেয়েহে আজি ইমান ফুল
প্ৰভাতে প্ৰভাতে!!""
Just now
LikeLike ·
Palash Borah, Indranil Gayan, Hirákjyóti Báishýá and 27 others like this.
বিশাল দেৱ ৰায় "কবিতা নুবুজালৈ আপুনি কবি, যিদিনাই কবিতাক সম্পূৰ্ণকৈ বুজি পাব সিদিনাৰ পৰা আপুনি কবিতা লিখিব নোৱাৰিব" - কথাষাৰৰ সত্যতা আছে । তেনেক্ষেত্ৰত এজন কবি হিচাপে আপোনাৰ এই পৰ্যালোচনা যথেষ্ঠ উন্নতমানৰ । বিশেষকৈ প্ৰথমভাগৰ কিছু কথাই মন চুই গ'ল ।
(সমালোচনা সাধাৰণতে এজন কবিৰ বিষয়বস্তু নহয়, তথাপি আপুনি সফলতাৰে কৰি দেখুৱাইছে, পাঠক হিচাপে আমাৰ বাবে সেয়াই বহুত)
November 18 at 12:45pm · Edited · Like · 3
Maanash Jyoti প্ৰথম হিচাপে থিকেই আছে । "সমালোচনা" এটা ঋণাত্মক শব্দ । তাতকৈ আমি আলোচনা বা পৰ্যালোচনা বুলিলে বেছি ভাল হ'ব যেন লাগে । সমালোচনা কৰা কবিৰ গুণ নহয়
November 18 at 12:49pm · Edited · Unlike · 3
Jahnu Bharadwaj aapunaloi oxex dhnyobaaad... apunar prosesta, maanoxikota aaru xohojug - xokolure baabre srodddha xohokaare dhonyobaad jonaalu.....!!
November 18 at 12:46pm · Unlike · 2
Nirjon Nirob Borphukon মন চুই গ'ল ৷ আশা কৰো ডিচেম্বৰ মাহটোৰো আপুনি পৰ্যালোচনা কৰিব ৷
November 18 at 2:41pm · Unlike · 3
Anindita Kalita অশেষ ধন্যবাদ ৷
November 18 at 2:50pm · Unlike · 2
সুনীল অমিয় অশেষ ধন্যবাদ যাচিলোঁ
বিশাল দেব ৰায়
মানস জ্যোতি...See More
November 18 at 6:19pm · Edited · Like · 1
Jyoti Pcsaikia সুন্দৰ উন্নতমানৰ পৰ্যালোচনা ।সুনীল অমিয়লৈ অভিনন্দন ও আখৰুৱালৈ ধন্যবাদ থাকিল ।
November 18 at 8:44pm · Unlike · 2
সুনীল অমিয় ধন্যবাদ যাচিলোঁ বাইদেউ
November 18 at 9:19pm · Like
Sarada Shrestha আপোনাৰ কবিতাৰ পৰ্যালোচনা পঢ়ি ভাল লাগিল । কবিতাৰ এটা সুস্থ সমালোচনা আগবঢ়োৱা বাবে আপোনালৈ ধন্যবাদ, দাদা ।
November 18 at 10:27pm · Unlike · 2
Subrat Mahanta অভিনন্দন সুনীল দা ..
November 18 at 10:30pm · Unlike · 2
সুনীল অমিয় তোমালোক দুয়োকে হৃদয়ৰ আলিঙ্গন যাচিলোঁ সাৰদা আৰু সুব্ৰত
November 18 at 11:24pm · Like · 2
Manohar Dutta অশেষ ধন্যবাদ সুনীল অমিয় ডাঙৰীয়া আপোনাৰ সহযোগিতাৰ বাবে।
এইটো অনস্বীকাৰ্য যে কবিতাৰ পুনৰীক্ষণ বা পৰ্যালোচনা এটা জটিল কাম। সেয়ে আপোনাৰ পৰা জানিব বিচাৰিম:...See More
November 19 at 1:42pm · Like · 3
Moyurie Dutta মন চুই গ'ল । উপকৃত হ'লো ।
November 19 at 2:34pm · Unlike · 2
Mousumee Bori পৰ্যালোচনাটি ভাল লাগিল৷ অভিনন্দন জনালোঁ৷
November 20 at 11:48am · Like · 1
সুনীল অমিয় ধন্যবাদ যাচিলোঁ
মৌসুমী বৰী
ময়ুৰী দত্ত ডাঙৰীয়ানী
November 20 at 7:23pm · Edited · Like · 1
সুনীল অমিয় মনোহৰ দত্ত ডাঙৰীয়া অসুবিধাৰ সন্মুখিন হৈছোঁ অলপ।
সেয়া পিছে পৰে জনাম।
November 20 at 7:26pm · Edited · Unlike · 1
Raju Das ব্যতিক্ৰম আলোচনা, ভাল লাগিল সুনীল অমিয়
November 21 at 7:08am · Like · 1
সুনীল অমিয় ধন্যবাদ Raju Das
November 21 at 8:13am · Like · 1
Nishanka Milan xundar
November 23 at 11:38am · Unlike · 1
No comments:
Post a Comment