Sunday, 30 November 2014

সন্ধান (দুই) :অনুবাদ প্ৰয়াস: জোনা নায়ক

'সন্ধান' শিতান (২):


আখৰুৱা : literati গোটৰ 'সন্ধান' শিতানত এইবাৰ নিকি জিওভানিৰ মূল ইংৰাজী কবিতা 'A Poem Of Friendship'- জোনা নায়কে (Jona Nayak) কৰা অনুবাদ 'বন্ধুত্বৰ এটি কবিতা'-ৰে এই বাৰৰ 'সন্ধান' শিতান (২) আপোনালোকলৈ আগবঢ়ালোঁ।
দেখা যায় যে অনুবাদ সাহিত্যৰ প্ৰতি ধাউতি আমাৰ খুবেই কম। সেই দিশৰ পৰা এনে অনুবাদ কবিতাই বিশ্ব-সাহিত্যৰ স'তে আমাক পৰিচয় কৰাই দিয়াত প্ৰচুৰ সহায় কৰিব পাৰে। সেয়ে আগলৈও গোটৰ সদস্যৰ পৰা অনুবাদ কবিতা পোৱাৰ আশা ৰাখিলোঁ, যাতে 'সন্ধান' শিতানটো নিয়মীয়াকৈ প্ৰকাশ কৰিব পৰা যায়।
আমাৰ অনুৰোধত গোটৰ নিষ্ঠাৱান সদস্য জোনা নায়কে পঠিওৱা এই কবিতাটোৱে পাঠকক নিশ্চয়কৈ আকৰ্ষিত কৰিব বুলি ভাবো। জোনা নায়কলৈ ধন্যবাদেৰে-
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট
৩০ জুলাই ২০১৪
____________________________________________
বন্ধুত্বৰ এটি কবিতা:
(মূলঃ নিকি জিওভানি # অনুবাদ : জোনা নায়ক )

আমি প্ৰেমিক
উষ্ম আলিঙ্গনৰ বাবে নহয়,
দুয়োৰে মাজত
প্ৰেম আছে বাবেইহে আমি প্ৰেমিক
আমাৰ বন্ধুত্ব
অকল হাঁহিবোৰ ভগোৱাৰ বাবেই নহয়
বৰঞ্চ
পৰস্পৰৰ সান্নিধ্যত
চকুলোবোৰে বাট হেৰুৱায়
সেয়ে আমি বন্ধু
তোমাৰ আৰু মোৰ ভাৱবোৰ একে,
সেই কাৰণে নহয়
মই তোমাক কাষত বিচাৰো
ক'ব নোৱাৰা শব্দৰ মৌনতা ভগাবলৈহে
সততে তোমাৰ অভাৱ অনুভৱ কৰো,
আমি একেলগে কি কৰো
তাৰ বাবে নহয়
তোমাৰ সংগত
মই যে মোক আকৌ বিচাৰি পাওঁ,
সেই কাৰণে…
_____________________________
A Poem Of Friendship
We are not lovers
because of the love
we make
but the love
we have
We are not friends
because of the laughs
we spend
but the tears
we save
I don't want to be near you
for the thoughts we share
but the words we never have
to speak
I will never miss you
because of what we do
but what we are
together
Written by Nikki Giovanni
— with Jona Nayak and Malabika Brahma.
LikeLike ·  · 128
  • Palash Borah Fantastic
  • Jona Nayak আপোনালোকৰ এই সুপ্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে মোক ভাগ লবলৈ সুযোগ দিয়া বাবে আন্তৰিক ধন্যবাদ জনাইছো ৷
  • Manohar Dutta এইখিনিতে আমেৰিকাৰ প্ৰখ্যাত কবি Nikki Giovanni-ৰ বিষয়ে কিছু কথা নেটৰ পৰা উদ্ধৃত কৰিলোঁ:

    Nikki Giovanni is a world-renowned poet, writer, commentator, activist, and educator. Over the past thirty years, her outspokenness, in her writing and in lectures, has brought the eyes of the world upon her. One of the most widely-read American poets, she prides herself on being "a Black American, a daughter, a mother, a professor of English." Giovanni remains as determined and committed as ever to the fight for civil rights and equality. Always insisting on presenting the truth as she sees it, she has maintained a prominent place as a strong voice of the Black community. Her focus is on the individual, specifically, on the power one has to make a difference in oneself, and thus, in the lives of others.
  • Malabika Brahma Lovely Jona  .. A job smoothly done ..
  • Jona Nayak Malabika thank you for the help 
  • Manohar Dutta হয় MalabikaJona Nayak-এ হয়তো ঠিকেই কৈছে। কিয়নো সহযোগ কৰাজনৰ শলাগ লোৱাটো ভাল কথা। তদ্ৰুপ পৰস্পৰৰ এনে সহযোগিতাই গোটলৈ ভাল পৰিৱেশ আনিব পাৰিব বুলি ভাবো।
  • Indranil Gayan ভাল লাগিল, সুন্দৰ পদক্ষেপ|
    4 hrs · Like

No comments:

Post a Comment