এইবাৰৰ অনুবাদ প্ৰয়াস: মালৱিকা ব্ৰক্ষ্ম
'Your children are not your children. They are the sons and daughters of Life's longing for itself. They came through you but not from you and though they are with you yet they belong not to you.'
Khalil Gibran
— with Malabika Brahma.'Your children are not your children. They are the sons and daughters of Life's longing for itself. They came through you but not from you and though they are with you yet they belong not to you.'
Khalil Gibran
আখৰুৱা' গোটত 'সন্ধান' নামৰ এটি নতুন শিতান খোলাৰ কথা ভবা হৈছিল, য'ত মূলত: অনুবাদ কবিতা প্ৰকাশ কৰা হ'ব বুলি আমি জনাইছিলো।
সেই মৰ্মে 'সন্ধান' শিতানলৈ গোটৰ সদস্য মালৱিকা ব্ৰক্ষ্মই পঠিওৱা এটি অনুবাদ কবিতাৰে 'সন্ধান' শিতানটো মুকলি কৰিবলৈ লৈছো।
আমি আশা ৰাখিম কবিতাটোৰ অনুবাদ সম্বন্ধে গোটৰ মাননীয় সদস্য সকলে মতামত জনাব।
ধন্যবাদ,
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট।
০৯ জুলাই ২০১৪
_________________________________________________________
--- : বিষয় : সন্তান : ---
খলিল জিব্ৰানৰ মূল কবিতা 'On Children'-ৰ মালৱিকা ব্ৰক্ষ্মই কৰা অনুবাদ প্ৰয়াস।
=======================
তোমালোকৰ সন্তান, ঠিক তোমালোকৰ নিজৰ নহয়।
সিহঁত জীৱনমুখী আকুলতাৰ সতি-সন্তান।
সিহঁত তোমালোকৰ মাধ্যমেৰে এই ধৰালৈ আহে হয়, উৎস কিন্তু তোমালোক নহয়।
আৰু এইটোও জানিবা যে সিহঁত তোমালোকৰ লগত আছেহে, তোমালোকৰ নহয় সিহঁত ।
হিয়া ওপচাই মৰম দিব পাৰা সিহঁতক তোমালোকে, কিন্তু তোমালোকৰ চিন্তা-ধাৰা নহয়।
কিয়নো, সিহঁতৰ নিজস্বতা আছে, আছে নিজস্ব চিন্তা-ধাৰা।
সিহঁতৰ বসতিও তোমালোকৰ লগত শাৰীৰিক ভাবেহে, সিঁহতৰ আত্মাৰ ওপৰত তোমালোকৰ কৰ্তৃত্ব অসাৰ।
কাৰণ, সিহঁতৰ আত্মা চলে ভৱিষ্যতক কেন্দ্ৰ কৰি,
য'ত তোমালোক ভ্ৰমিবতো নোৱাৰাই, আনকি সপোনতো বিচৰণ অসম্ভৱ।
তোমালোকে কেৱল সিহঁতৰ এজন হ'বলৈ যত্ন কৰা ভাল।
সিহঁতক তোমালোকৰ দৰে একোজন বনোৱাৰ প্ৰচেষ্টা সততে দূৰতেই ৰাখা।
যথাৰ্থতে ইয়াৰ কাৰণো এটাই - জীৱন উজাই যায়, ভটিয়াই নহয়।
ঠিক যেন এখন ধনু তোমালোক ।
আৰু তোমালোকৰ সন্তানবোৰ!
যেন ধনুৰ পৰা নিৰ্গত একো একোডাল উৰ্দ্ধমুখী জীয়া শৰ।
ধনুৰ্ধৰজনাই তো ঠিকেই দেখে, অনিশ্চিত সময়-বাটত জীৱনে পেলোৱা খোজ।
আৰু সেইমতে তোমালোকক পাৰ্যমানে বেঁকা কৰি তেওঁ এৰি দিয়ে শৰবোৰ
আৰু সুনিপুণ ভাবে সিহঁতে যেন সেই খোজৰ চাপ অনুসৰণ কৰিয়ে পৃথিৱী চুমে।
মোৰ প্ৰাৰ্থনা,
তোমালোকৰ ধনুৰ দৰে ভাজ ল'ব পৰা ক্ষমতা যেন কৰুণাময় হয়।
কিয়নো,
সেই নেদেখা ধনুৰ্ধৰজনাই- যিমান ভালপায় উৰি যোৱা শৰবোৰক,
সিমানেই ভালপায় ধনুখনকো, যি ধীৰ আৰু স্থিৰ।
_________________________
On Children
Kahlil Gibran
Your children are not your children.
They are the sons and daughters of Life's longing for itself.
They come through you but not from you,
And though they are with you yet they belong not to you.
You may give them your love but not your thoughts,
For they have their own thoughts.
You may house their bodies but not their souls,
For their souls dwell in the house of tomorrow,
which you cannot visit, not even in your dreams.
You may strive to be like them,
but seek not to make them like you.
For life goes not backward nor tarries with yesterday.
You are the bows from which your children
as living arrows are sent forth.
The archer sees the mark upon the path of the infinite,
and He bends you with His might
that His arrows may go swift and far.
Let your bending in the archer's hand be for gladness;
For even as He loves the arrow that flies,
so He loves also the bow that is stable.

-
-
-
Manohar Dutta অনুবাদ সাহিত্য কৰ্ম সম্বন্ধে প্ৰখ্যাত অনুবাদক Edith Grossman-ৰ কথাৰে:
Why Translation Matters argues for the cultural importance of translation and for a more encompassing and nuanced appreciation of the translator’s role. As the acclaimed translator Edith Grossman writes in her introduction, “My intention is to stimulate a new consideration of an area of literature that is too often ignored, misunderstood, or misrepresented.” -
-
-
Malabika Brahma Thank you very much Manohar Dutta da for selecting this humble effort of mine, though i am not sure if at all i could justify such a great poetry. It is simply a translation of my feelings and understanding as i was reading it.
-
Malabika Brahma ঈশানজ্যোতি বৰা, Gakul Deori, Indranil Gayan, Mousumee Bori, Sarada Shrestha and all who read and liked it .. Thank you all .. I appreciate your encouragement..
-
Manohar Dutta Malabika Brahma মানদণ্ডৰ বিষয়টো সমালোচক সকলে ক'ব পাৰিব। কিন্তু গোটৰ পৰা আমি যি উদ্যোগ লৈছো, তাত অনুবাদ সাহিত্যক উৎসাহিত কৰিব বিচৰা হৈছে। এনেয়ে গোটেই বিশ্বজুৰি অনুবাদ সাহিত্যৰ প্ৰতি উদাসীনতা আছে বুলি কোৱা হয়।
ঠিক তেনেকৈ অসমীয়া সাহিত্যত অনুবাদ সাহিত্য দুৰ্বল বুলিব পাৰি। তাতোধিক কথাটো হ'ল ফেচবুকৰ কবিতাৰ গোট সমূহত তথা আখৰুৱাত অনুবাদ কবিতাৰ অভাৱ আৰম্ভণিৰ পৰাই দেখি আহিছো। সেয়ে অনুবাদ কৰ্মক উৎসাহিত কৰা আৰু চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যতহে আমি 'সন্ধান' শিতানটো যুগুতোৱাৰ চেষ্ট কৰিছো। কাৰণ সঠিক দিশত অনুবাদ সাহিত্য চৰ্চা কৰিলে সৃজনশীলতা বৃদ্ধি হয় বুলি ভিন্নজনে কয়।
গতিকে এই ক্ষেত্ৰত গোটৰ মাননীয় সদস্য সকলৰ সহযোগিতা বিচাৰিলোঁ।
তদ্ৰুপ 'বিষয় : সন্তান' শীৰ্ষক তোমাৰ কবিতাটোৰ যোগ্যজনে আলোচনা কৰিব বুলি আশা ৰাখিলোঁ। -
-
-
Malabika Brahma Yes Palash..no doubt.. It is such a powerful and inspirational work by Kahlil Gibran..
-
Palash Borah Yes...m agree with you. His Prophet is nothing but a philosophical journey towards life....
-
-
-
-
-
Malabika Brahma Achyot Kumar Borah, mur bhabanubad tu moi akhoruwat agoteo post korisilu, hoitu porhise iyate. Aaneo koribo pare, moi obogoto nohoi.
-
-
Malabika Brahma Manjit , Manohar Dutta dai bujuwar dorei iyat gorh diyar orthot banowa xobdo tu byabohar kora hoise. Hoitu gorh diya xobdo tur byabohar besi upojukto hol heten..
-
-
Manohar Dutta 'সন্তান' কবিতাটো Malabika Brahma-ই আগতে 'আখৰুৱা'ত দিয়া নাই।
আনপিনে আখৰুৱাত ইতিমধ্যে প্ৰকাশিত অনুবাদ কবিতা 'সন্ধান' শিতানৰ বাবে লোৱা নাই।
No comments:
Post a Comment