Thursday, 20 November 2014

পুনৰীক্ষণ-৯ ( ফেব্ৰুৱাৰী, ২০১৪) : ভাস্বতী দাস

বর্তমান সময়ত ফেচবুক জগতত অসমীয়া সাহিত্যৰ বহুল প্রসাৰ আৰু প্রচাৰে অসমীয়া সাহিত্যৰ পৰিধি বিশাল কৰি তুলিছে । এই ক্ষেত্রত ‘আখৰুৱা গোট’ৰ নিঃসন্দেহে যথেষ্ট অৱদান আছে- যিহেতু এই গোটত বহুসংখ্যক উদীয়মান কবি তথা সমালোচকৰ আগমন ঘটিছে । আখৰুৱা গোটৰ ফেব্রুৱাৰী মাহৰ কবিতাৰ পুনৰীক্ষণৰ দায়িত্বভাৰ মোক দিয়াৰ বাবে প্রশাসকবৃন্দলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ । এই গোটত নিষ্ঠাবান আৰু প্রতিভাশালী কবিৰ উপস্থিতি আদৰণীয়। গোটত প্রকাশিত প্ৰায় সকলোবোৰ কবিতাৰেই এটা সুকীয়া সৌন্দৰ্য আছে। ‘CONTINUOUS EVALUATION SYSTEM’, ‘PROJECT WORK’ আৰু 90% ‘ATTENDANCE’ ৰ হেঁচা আৰু মোৰ সামান্য সাধ্যানুসাৰে যিমানখিনি পাৰিছোঁ নিৰ্বাচিত কিছু কবিতাৰ পুনৰীক্ষণ আগবঢ়াবলৈ চেষ্টা কৰিছো ।
জ্যোতি পি চি শইকীয়াৰ প্রতিটো কবিতাৰ গঠনশৈলী অতি সুন্দৰ আৰু ভিন্নসুৰী। তেখেতে তেখেতৰ ‘সম্প্রীতি’ কবিতাটিত জনজাতিৰ মিলনৰ মেলা আৰু সামাজিক বিনিময়ৰ ভূমি 'জোনবিল মেলা'ক লৈ অতি সংক্ষেপে আৰু সাৱলীলভাৱে বৰ্ণনা আগবঢ়াইছে। 'জোনবিল মেলা'ৰ অসমৰ জনজাতীয় সমাজত এক বিশেষত্ব আছে। ট্রব্রিয়ান দ্বীপৰ ‘কুলা-ৰিং’ বিনিময়ৰ দৰে এই জোনবিল মেলা'ত সম্পদ বিনিময়ৰ জৰিয়তে পাহাৰ-ভৈয়ামৰ ভিন্ন জনজাতি কেনেদৰে এক সামাজিক আৰু প্রেমৰ এনাজৰীৰে বান্ধ খাই আছে সেয়া তেখেতৰ কবিতাটিত সুন্দৰভাৱে ফুটি উঠিছে ।
নয়নমণি শৰ্মা ৰিংকু-ৰ ‘দলং’ নামৰ কবিতাটি এটি সুন্দৰ ব্যতিক্রমধৰ্মী কবিতা। কবিতাটিত দেখা যায় এটি আশা– বিশৃংখল পৃথিৱীলৈ পুনৰ ঘূৰি আহিব সুখ, ভালপোৱাৰ সজীৱ দিন। অশান্তি আৰু বৰ্বতাৰ পৰিধি ভাঙি এদিন শান্তি আহিব।
নিৰঞ্জন ভূঞা-ৰ ‘ বিষাদৰ বিশাল পৰ্বত’ কবিতাটিত হেজাৰ কৰ্তব্যৰে বান্ধ খাই থকা কৃষ্ণৰ হৃদয়ৰ গভীৰ বেদনা প্র্ষ্ফুটিত হৈ উঠিছে। “ধৰ্মসংস্থাপনাৰ্থায় সম্ভৱানি য়ুগে য়ুগে”... ধৰ্মৰাজ্য সংস্থাপনৰ গুৰু কৰ্তব্যৰ মাজতো কৃষ্ণই যেন পাহৰিব পৰা নাই আকুল অপেক্ষাৰত প্রিয় পত্নীৰ কথা। মনটোৱে বাৰে বাৰে উৰা মাৰে প্রিয় পত্নীৰ ওচৰলৈ। তেতিয়াই যেন কৰ্তব্যৰ বিশাল পৰ্বতে সোঁৱৰাই দিয়ে ধৰ্মসংস্থাপনৰ কথা। কবিতাটিৰ জৰিয়তে তেখেতে পত্নীক এৰি চাকৰিৰ অৰ্থে দূৰৈত থকা প্রতিজন লোকৰ হৃদয়ৰ বেদনাক চিহ্ন আঁকাৰে অতি সুন্দৰভাবে ফুটাই তুলিছে ।
দাদুল ভূঞা-ৰ আনবোৰ কবিতাৰ দৰে ‘বা’ই’ কবিতাটি ৰুচিবোধসম্পন্ন আৰু মৰ্মান্তিক। এগৰাকী নিৰ্যাতিতা আৰু সমাজৰ দ্ধাৰা বৰ্জিত বিধবাৰ দুখত জৰ্জৰিত জীৱনৰ মৰ্মান্তিক কাহিনী কবিতাটোৰ জৰিয়তে সুন্দৰভাবে অংকন কৰিছে। তেনেদৰে প্রাঞ্জল বৰা-ৰ ‘সতীত্ব’ শিৰোনামৰ কবিতাটিৰ জৰিয়তেও সতীত্ব হেৰুওৱা এগৰাকী নাৰীৰ বেদনাৰ বিলাপ নিখুঁতভাবে ফুটাই তুলিছে।
শীৰ্ষজ্যোতি বৰাৰ ‘তাই চামেলী মানুহে কয় তাই হেনো বেশ্যা’ কবিতাটিত বেশ্যাৰ নিষিদ্ধ জীৱনৰ শোকাকুল কাহিনী অতি সুগঢ়িতভাবে বৰ্ণনা কৰিছে। নিঃসন্দেহে ই এটি সুন্দৰ কবিতা।
অজন্তা কুকি-ৰ প্রতিটো কবিতাৰেই শব্দৰ ব্যৱহাৰ আৰু গাঠনি মন কৰিবলগীয়া। অতি নিভাজ শব্দৰ গাঠনি তেখেতৰ কবিতাৰ যোগাত্মক দিশ। মাথো কবিতাসমূহৰ একোটালৈ শিৰোনামৰ অভাৱ ৰৈ যায়।
কবি অনিন্দিতা কলিতা-ৰ ‘মোৰ মন যায়’ কবিতাটিত সুন্দৰ এক প্রেমৰ আকুল প্রতীক্ষাৰ সফল প্রকাশ মন কৰিব পৰা যায়। তেখেতৰ কবিতাৰো শব্দৰ গাঠনি আৰু ভাবৰ গভীৰতা অতি মনোৰম।
পলাশ প্ৰান্তিক-ৰ ‘বিজ্ঞান আৰ্শীবাদ নে অভিশাপ ‘ এটি সুন্দৰ কবিতা। বিশ্বায়নৰ যুগত এচাম শ্রেণীয়ে বিজ্ঞানক সম্বল হিচাপে লৈ মাথো শ্রমিক শ্রেণীক শোষণ কৰিছে। কবিতাটিৰ জৰিয়তে অতি সুগঠিত আৰু সুক্ষ্মভাবে সমাজত বিজ্ঞানৰ ঋণাত্মক প্রভাৱৰ বিষয়ে ফুটাই তুলিছে। তেখেতৰ বাকীবোৰ কবিতাও অতি সাৱলীল ।
সৌৰভ শইকীয়া-ৰ ‘গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিলে’ কবিতাটোত দেখা যায় এগৰাকী উচ্চ শিক্ষিত নিবনুৱাৰ সমস্যা। বৰ্তমান সময়ৰ হেজাৰ শিক্ষিতৰ এটি উমৈহতীয়া সমস্যাক সুন্দৰভাৱে কাব্য আকাৰে উপস্থাপন কৰিছে তেখেতে।
উইল চিদ্দিকুৰ ৰহমান-ৰ প্রতিটো কবিতা গঠনশৈলীৰ ফালৰ পৰা গুণবিশিষ্ট।
মনোহৰ দত্ত-ৰ কবিতা অতি সুখপাঠ্য আৰু সাৱলীল। তেখেতৰ ‘শিমলুৰ পাহিত’ কবিতাটিত শিমলুৰ হাঁহিৰ জৰিয়তে চিহ্ন আকাৰে অন্ধকাৰৰ শেষত এটি নতুন পুৱা, এক নতুন আকাংক্ষাৰ কথা অতি সুন্দৰভাৱে প্রকাশ কৰিছে।
ফাগুণৰো এটা নিজস্ব সৌন্দৰ্য আছে। কুশল হালৈ-ৰ ‘আকৌ আহে ফাগুন’ আৰু নন্দন অত্রেয়-ৰ ‘ফাগুণ আছেহি আহি ৰৈ তোমাৰ কথাকে কবলৈ’ নামৰ কবিতা দুটিত ফাগুণৰ সেই সুকীয়া সৌন্দৰ্যৰ কথা সুন্দৰকৈ বৰ্ণনা কৰিছে। আনফালেৰে নিশাংক মিলনৰ ‘ফাগুণ’ নামৰ কবিতাটিত ফাগুণৰেই কৰ্কশ ৰূপ এটি নিখুঁতভাবে উপস্থাপন কৰিছে।
দেৱজ্যোতি মহন্ত-ৰ কবিতাসমূহ লিখনিৰ ফালৰ পৰা সুন্দৰ আৰু শব্দৰ সৰলতা দেখা যায় ।
নয়নমণি কলিতা-ৰ ‘চেকা’ কবিতটোও তেখেতৰ অন্যান্য কবিতাসমূহৰ দৰে লিখিনি সুন্দৰ আৰু মনোৰম।
ৰাজু বৰুৱা, জাহ্নু ভৰদ্বাজ, কৌশিক বাস্যস, সুৰেশ বৰা- এওঁলোকৰ কবিতাৰ শব্দ গাঠনি, ভাবধাৰা অতি উন্নতমানৰ। তেখেতসকলৰ প্রত্যেকটো কবিতাৰ মাজত নতুন নতুন বৈশিষ্ট মন কৰিবলগীয়া।
ইন্দ্রনীল গায়ন-ৰ ‘অতীত’ কবিতাটিত কম শব্দৰ ব্যৱহাৰেৰে অতি সাৱলীল ভাষাৰে সুন্দৰ আৰু বহল অৰ্থ ফুটাই তুলিছে। একেখিনি কথাই মৈত্রেয়ী পাতৰ-ৰ ‘দৈনন্দিন’ নামৰ কবিতাটি আৰু ধনমণি কলিতাৰ ‘বিদায়’ কবিতাটিৰ ক্ষেত্রতো প্রযোজ্য ।
প্রীতিৰেখা দাস-ৰ কবিতাৰ ভাষা অতি সুন্দৰ। তেখেতৰ বেছিভাগ কবিতাৰ মাজত প্রেমৰ সুন্দৰ উপস্থাপন বৈশিষ্টপূৰ্ণ।
পূৰ্ণিমা বৰুৱা-ৰ ‘তুমি সূৰ্যোদয়ৰ দৰেই’ আৰু কিৰণ খনিকৰ-ৰ ‘ভোক’ শীৰ্ষক কবিতা দুটিৰ উপস্থাপন অতি সুন্দৰ।
মধু এম. কলিতা-ৰ ‘অৱশেষত’ সকলো অথলে গ’ল’ শীৰ্ষক কবিতাটি এটি সচাঁ ঘটনাৰ আধাৰত লিখা সুন্দৰ আৰু ব্যতিক্রমীধৰ্মী কবিতা।
চাৰ্জেন আৰ. মেগো-ৰ ঠিকনা শীৰ্ষক তেখেতৰ শেহতীয়া কবিতাটি নিঃসন্দেহে এটি সুন্দৰ উপস্থাপন। বিশ্বায়ন ব্যৱস্থাৰ সমালোচনাৰে অতি সুন্দৰভাবে তেখেতে কবিতাটি উপস্থাপন কৰিছে।
ৰশ্মিৰেখা দাস আৰু ভবিতা দাস-ৰ কবিতাৰ মৰ্মাৰ্থ অতি গভীৰ আৰু মনোৰম।
প্রভাকৰ শৰ্মা নেওগ-ৰ “তুমি” আৰু ৰিতুৰাজ বৰুৱা-ৰ ‘দৈনন্দিন’ শীৰ্ষক কবিতা দুটি- গাঠনি, শব্দ ইত্যাদি সকলো দিশৰ পৰাই উৎকৃষ্ট মানৰ।
মালবিকা ব্রহ্ম-ৰ ‘জীৱন জীপাল’ নামে কবিতাটিত অভাৱ, লাঞ্ছনা, প্রৱঞ্চনা, প্রতাৰণাৰে ভৰি থকা জীৱন এটি পাৰ হৈ অহাৰ পিছতো জীৱন জীয়াৰ আদম্য হেঁপাহ থকা এজনী ছোৱালীৰ দিনলিপি তেখেতে অতি সুন্দৰভাবে অংকণ কৰিছে।
স্বপ্না ভটাচাৰ্য শৰ্মা-ৰ ‘অনুভৱ’ শীৰ্ষক কবিতাটি সুন্দৰ আৰু ভিন্নসুৰী কবিতা।
হিৰকজ্যোতি বৈশ্য আৰু নিশাংক মিলন-ৰ কবিতা ক্রমে ‘নিসংগতাৰ সৈতে মানুহ’ আৰু ‘মেডুচা’ দুটি তাৎপৰ্যপূৰ্ণ আৰু লিখনিৰ ফালৰ পৰাও উৎকৃষ্টমানৰ কবিতা।
‘আখৰুৱা গোট’ৰ প্ৰায়খিনি কবিতা উচ্চমানবিশিষ্ট। কবিতাসমূহৰ পৰ্যালোচনাৰ যোগ্যতা মোৰ নাই। তথাপি দায়িত্ব দিছে বাবে যোৱা ফেব্ৰুৱাৰী মাহৰ গোটত প্রকাশিত প্রত্যেকজন কবিৰেই একোটাকৈ কবিতাৰ পৰ্যালোচনা আগবঢ়াবলৈ যত্ন কৰিছো যদিও, মই জানো ইয়াত মোৰ যথেষ্টখিনি আসোঁৱাহ ৰৈ গৈছে। এইক্ষেত্রত যিহেতু মোৰ অভিজ্ঞতা নিচেই কম আৰু বানানৰ ক্ষেত্রতো মোৰ বহুখিনি ত্রুটি ৰৈ যায়- তাৰবাবে ক্ষমা বিচাৰিছো। কোনোবা কবিৰ কবিতা পৰ্যালোচনাৰ বাবে ভুলক্রমে যদি থাকি গ’ল, তাৰবাবেও ক্ষমা বিচাৰিছো।

ভাস্বতী দাস।
আখৰুৱা : literati গোট।
১৬ মাৰ্চ, ২০১৪
Like ·

  • Indranil Gayan, Mousumee Bori, Raju Baruah and 16 others like this.


  • Jahnu Bharadvaz কৌশিকৰ উপাধিটো বাস্যস হে, বিশ্বাস নহয়৷বাৰু, ভাল পৰ্যালোচনা৷সুন্দৰ৷
    March 16 at 9:35pm · Like ·  2


  • Kaushik Baiswas
    March 16 at 9:37pm · Like ·  1


  • Bhaswati Das ক্ষমা কৰিব । শুধৰাই দিছো ।
    March 16 at 9:39pm · Like ·  2


  • Bhaswati Das ধন্যবাদ মোৰ ভুল আঙুলিয়াই দিয়া বাবে Jahnu Bharadvaz । এনেকুৱা সৰু-ডাঙৰ ভুল হয়তো বহুত ৰৈ যাব পাৰে । আঙুলিয়াই দিলে ভাল পাম ।
    March 16 at 9:46pm · Like ·  1


  • Indranil Gayan সহজ সৰল ভাষাৰে অতি উন্নতমানৰ পৰ্যালোচনা| Bhaswati Das লৈ আন্তৰিক শুভেছা আৰু কৃতজ্ঞতা জনাইছো|
    March 16 at 9:59pm · Like ·  1


  • Raju Baruah অতি সুন্দৰ পৰ্যালোচনা
    March 16 at 10:12pm · Like ·  1


  • Bhaswati Das ধন্যবাদ Indranil Gayan দা আৰু Raju Baruah দা ।
    March 16 at 10:36pm · Like ·  1


  • Ajanta Kuki xunor aru xawolil xomaluchona
    March 16 at 11:29pm · Edited · Like ·  1


  • Maanash Jyoti hundar hamolosona. obosiye moi o ata kobita ai got t post korisilu. bodh hai homalosokak akarshan koribo pora nohol
    March 16 at 11:34pm · Like ·  1


  • Bhaswati Das ধন্যবাদ Ajanta Kuki বাইদেউ ।
    March 17 at 12:34am · Like


  • Bhaswati Das Maanash Jyoti .... আপোনাৰ প্রায়ভাগ কবিতা মই আগত পঢ়িছো । আপোনাৰ প্রতিটো কবিতা সুসংগঠিত আৰু সাৱলীল । হয়তো ভুলক্রমে আপোনাৰ কবিতাটি পৰ্যালোচনাৰ বাবে ৰৈ গ'ল । তাৰবাবে ক্ষমা বিচাৰছো ।
    March 17 at 12:48am · Like


  • Mousumee Bori পৰ্যালোচনাটি ভাল লাগিল Bhaswati
    March 17 at 9:24pm · Like ·  1


  • Bhaswati Das Mousumee Bori baa.. thanks...
    March 17 at 10:07pm · Like ·  1


  • Jyoti Pcsaikia আপোনালৈ লগতে আখৰুৱালৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালো ভাস্বতী দাস । বৰ সুন্দৰ আখৰুৱা -৯ৰ পৰ্য্যালোচনা আগবঢ়ালে।আপ্লুত হ'লো।
    March 18 at 6:46pm · Like ·  1


  • Bhaswati Das ধন্যবাদ Jyoti Pcsaikia বাইদেউ ।
    March 18 at 7:14pm · Like


  • Dadul Bhuyan অতি সুন্দৰ আলোচনা আগবঢ়ালে,ভাল লাগিল আলোচনাটো।
    March 18 at 7:34pm · Like


  • Bhaswati Das ধন্যবাদ Dadul Bhuyan দাদা ।
    March 18 at 7:38pm · Like ·  1

No comments:

Post a Comment