ক্ষমা প্ৰাৰ্থনাৰে কওঁ যে হয়তো ময়েই প্ৰথমজন 'আখৰুৱা'ৰ সদস্য যি অদ্যপি 'আখৰুৱা'ত এটাও কবিতা নিলিখাকৈ 'আখৰুৱা'ৰ কবিতাৰ এটা সূক্ষ্ম পৰ্যালোচনা আগবঢ়াবলৈ লৈছোঁ । পুনশ্চ, চাকৰিৰ হেতুকে সময়ৰ অভাৱত মই মাত্ৰ কেইটামান কবিতাৰহে পৰ্যালোচনা আগবঢ়াবলৈ সক্ষম হৈছোঁ । আশাকৰোঁ আপোনালোকে সেই কথা বুজি মোৰ এই অৱদান গ্ৰহণ কৰিব ।
.
বাপন ক্ৰ'ৰ ''বাদ প্ৰতিবাদ'' কবিতাত নতুনত্বহীন পৰিৱেশ এটাৰ আৱৰণে কবিসত্বাক ঢাকি ৰখা পৰিলক্ষিত হয় । এই উপস্থাপনত মান অভিমানৰ অন্তৰ্ভুক্তিও মন কৰিবলগীয়া-
" মান অভিমান,
সম্বন্ধবোৰো চলে এনেকৈয়ে"
কৌশিক বশ্যসৰ "কবিতা" আৰু দাদুল ভূঞাৰ "অপ্ৰত্যাশিত" শীৰ্ষক কবিতা দুটাত কিছু পৰিমাণে সাদৃশ্য পৰিলক্ষিত হয়- অনিশ্চয়তা আৰু অপ্ৰত্যাশিত ভাৱৰ বুৰবুৰণি । সেয়ে হ'লেও জীৱনৰ গতিময়তাক অনিশ্চয়তাই ঢাকিব পৰা নাই-
"যাও নাযাওকৈ খোজ দিও।
হাতে হাত ধৰি।
তলত দ গৰা।
সন্মুখলৈ ক'ত কি
নাজানো ।" - কৌশিক বশ্যস(কবিতা)আকৌ, ফুলো নুফুলোকৈ ফুলা সপোনৰ অপ্ৰত্যাশিত ভাবে ভাঙি কেনেকৈ বিষাদৰ অৱতাৰণা কৰে সেই কথা কবি ভূঞাই সুন্দৰ শব্দ প্ৰয়োগেৰে চিত্ৰিত কৰিছে-
"বিষাদত উচুপে জীৱনৰ দীঘলীয়া বাট
অপ্ৰত্যশিত ভাৱে সপোন ভাঙে
জীৱনৰ পালতৰা ঘাটত ।" -দাদুল ভূঞা( অপ্ৰত্যাশিত)
সৰল উপস্থাপনেৰে কবি চাৰ্জেন এম মেগোৰ "মোৰ ক'ত ভুল হৈ গ'ল নীলাঞ্জনা'' শীৰ্ষক কবিতাটি প্ৰেমৰ বিৰহেৰে সিক্ত । প্ৰাপ্তিৰ শেষেই কবিক অনুশোচনা আৰু প্ৰেয়সীক হেৰুৱাব নুখুজাৰ বাসনাই অস্থিৰ কৰি তোলা পৰিলক্ষিত হয় ।
কবি মনোহৰ দত্তৰ ''ধূলিৰ মাজৰ ধূলি'' এটা সুখপাঠ্য গভীৰ কবিতা জীৱনবোধ আৰু পোৱা নোপোৱাৰ অস্পষ্ট সমীকৰণেৰে । কবিতাটোত কবিয়ে কাব্যিক অনুভূতিৰে জীৱনৰ কিছুমান অনাৱিস্কৃত সত্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে ।
কবি সুৰেশ বৰাই এটা ব্যংগাত্মক ভাৱক কাব্যিকতাৰে সজাই ''পাঁচ টকাত সুখ'' নাম দিছে । কবিতাটো মূলত এটা কথোপকথন- বন্ধুৰ সৈতে বিষয়ীৰ । কিন্তু কবিয়ে কিছুক্ষেত্ৰত কবিতাটোৰ স্বাভাৱিকতাখিনি অক্ষুণ্ণ ৰাখিব পৰা নাই । দ্বিতীয় স্তৱকটোৰ প্ৰথম ছশাৰী চমু কৰাৰ থল আছিল । জুতি লগাই খোৱা জ্বলা চানাৰ তাগিদাত ওলোৱা চকুপানী আৰু জীৱনৰ নিৰ্মমতাত ওলোৱা বেদনাসিক্ত চকুপানীক একাকাৰ কৰাটোৱেই কবিৰ মূল বক্তব্য হৈছেগৈ-
''ক'চোন; তোৰ বুকুত কিমান দুখ?
কান্দি দে পটকৈ...
এনেও তোৰ চকুপানী ওলাই আছে...
উটি যাওক তোৰ দুখ''
কবি পূৰ্ণিমা বৰুৱাৰ ''ৰাতি ফুলা ফুলপাহ'' নিৰৱ প্ৰেমৰ এটা অগতানুগতিক কবিতা । কবিয়ে অনুভৱখিনি ব্যঞ্জনাৰে ব্যক্ত কৰিছে যদিও এই ব্যঞ্জনা সম্পূৰ্ণ সফল হোৱা বুলিব নোৱাৰি । কিছুক্ষেত্ৰত অসম্পূৰ্ণ বাক্য/বাক্যাংশ পৰিলক্ষিত হয় । উদাহৰণস্বৰূপে,
''বনফুলৰ মতলীয়া গোন্ধ লৈ অহা
বতাহজাকক নঙলা খুলি দিয়া নহ'ল''
এই দুশাৰী নিজৰ মাজতেই দুটা স্বাধীন শাৰী । এই দুশাৰীৰ লগত আগৰ দুশাৰী-
''তেওঁৰ হাতত থনাই থোৱা
গধূলিগোপালৰ পুলি''
আৰু পিছৰ দুশাৰী-
''চহোৱা মাটিত তেওঁ ৰুই দিলে
গধূলিগোপালৰ পুলি''-ৰ সামঞ্জস্য ৰক্ষা নহ'ল যেন লাগে । যিহেতু স্তৱক একেটাই, এটা শাৰীৰ লগত পৰৱৰ্তী শাৰীৰ সামঞ্জস্য ৰক্ষা কৰাটো দৰকাৰী । হয়তো কবিৰ ভাবখিনি সঠিকভাৱে উপস্থাপিত হোৱা নাই । কবিতাটোৰ শেষৰছোৱাত আকৌ প্ৰেমৰ স্বাভাৱিক ৰসটো ফুটি উঠিছে এক অভিনৱ দৰ্শনৰ মাজেৰে-
''এদিন তেঁৱেই শুধিছিল.'ইমান মৌনতা
কিহৰ বাবে?'
মৌনতাৰেই কৈছিলোঁ,'একো
নোকোৱাকৈয়ে এই সাকোঁ গঢ়া হ'ল
এতিয়া আমাৰ মাজত সাকোঁ হ'বলৈ শব্দ
কিয়নো লাগে?''
সচৰাচৰ দেখি থকা পৃথিৱীৰ সহজাত অথচ অৱহেলিত সত্যক উন্মোচন কৰাই শিল্পীৰ স্বভাৱসুলভ কাম । তেনে স্বভাৱসুলভতাৰেই কবি জোনমণি দাসে উপহাৰ দিছে ''শিল'' শীৰ্ষক এটা উচ্চ স্তৰৰ কবিতা । বিশেষ ব্যঞ্জনাৰ পয়োভৰ নকৰাকৈ কবিয়ে ইয়াত পৃথিৱীৰ আদিম সত্য- শিলৰ নেপথ্যৰ কিছু ৰহস্য উদঘাটন কৰাৰ প্ৰয়াস কৰিছে । কবিতাটোৰ এটা লক্ষণীয় দিশ হৈছে বুৰঞ্জীৰ লগতে জনজীৱনৰ কিছু পৰম্পৰাক শিলেৰে সাঙুৰি একোটা স্পৰ্ষকাতৰ প্ৰশ্নৰ অৱতাৰণা-
''শিলে বুৰঞ্জীৰ কথা কয়
খোদিত শিলালিপিবোৰে কয় সভ্যতাৰ কথা''
আকৌ-
''শিলেও পাৰিছিল কোলা
'কানাই বৰশী বোৱা'
কিছুমান মানুহে শিলৰ লিংগ সাজি
পূজা কৰে শিৱক
শিৱ কি শিলৰ দেৱতা!''
আন এঠাইত-
''শিলত শিল ঘহি তাহানি ফিৰিঙতি ওপজালোঁ আমি
ফিৰিঙতিয়ে ওপজালে জুইক
শিলেই জুইৰ প্ৰথম পিতা''
১৯৩৩ চনত মুক্তিপ্ৰাপ্ত ''গ্লুমি চানডে'' শীৰ্ষক হাংগেৰিয়ান গানটোৰ আধাৰত কবি নিশাংক মিলনে লিখি উলিয়াইছে একে নামৰ এটা কবিতা । মূল গানটোত প্ৰিয়জনৰ মৃত্যুৰ বতৰা আৰু বিৰহত দগ্ধ হৃদয়ৰ অনুশোচনা এক অদ্ভুত সুৰ-সংগীতেৰে বৰ্ণিত হৈছে যাৰ বাবে গানটো শুনি পৃথিৱীৰ বহু মানুহে আত্মহত্যা কৰিছে বুলি জনা যায় । কবি নিশাংকৰ কবিতাটোতো একেই সুৰ পোৱা যায় । কবিতাটিত শব্দৰ ব্যঞ্জনা মন কৰিবলগীয়া । কবিতাটোৰ প্ৰথমছোৱাত কাৰোবাৰ হত্যা অথবা আত্মহত্যাৰ ইংগিত আছে, মাজৰছোৱাত আছে মৃতজনৰ আপোনজনৰ এটা বিহ্বল মনস্তাত্বিক অৱস্থা আৰু শেষৰছোৱাত আছে অনুতাপত দগ্ধ আপোনজনৰ আত্মহত্যাৰ প্ৰস্তুতি । নিসন্দেহে এইটো কবি নিশাংকৰ এটা সাৰ্থক কবিতা । এনেকুৱা গান, নাটক, ছৱি আদিক আধাৰ হিচাপে লৈ লিখা কবিতা অসমীয়া সাহিত্যৰ বাবে আদৰণীয় ।
বৰপেটীয়া উপভাষাত লিখা কবি জাহ্নু ভৰদ্বাজৰ '' সেই প্ৰৱঞ্চনাৰ সাধুটোৰ জন্মযাত্ৰাত'' শীৰ্ষক কবিতাটো বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিষয়ে এজন সাধাৰণ 'মাটিৰ মানুহ'ৰ স্বতঃফূৰ্ত বহিঃপ্ৰকাশ । কবিতাটিত আদিৰপৰা অন্তলৈকে এটা কৰুণ ৰস বিদ্যমান । কবিতাটোৰ বক্তব্যখিনি অধিক বাস্তৱিক কৰাৰ বাবে কবিয়ে কিছুক্ষেত্ৰত গদ্যৰীতিৰ বহুবল্কিতাৰ আশ্ৰয় লৈছে । হ'লেও কবিতাটিৰ উপস্থাপন আৰু সমৃদ্ধকৰণত কবিৰ আন্তৰিক কষ্ট শলাগিবলগীয়া । কবিতাটিত শব্দৰ ব্যঞ্জনাৰ লগতে ৰূপকৰ ব্যৱহাৰ মন কৰিবলগীয়া-
''আমি নদী এখেন পাৰ হলো,
নদীখেন শান্ত সমাহিত আছিল''
ইয়াত 'নদী' এটা ৰূপক । জাক জাক বাংলাদেশী আহি অসমত থান-থিত লগাৰ পিছত সিহঁতৰ সংহতিটোক বুজাবলৈ কবিয়ে শান্ত সমাহিত এখন নদীক ৰূপক হিচাপে ব্যৱহাৰ কৰিছে । কবিতাটোত ব্যৱহাৰ হোৱা সেউজীয়াৰ আজন্ম হেঁপাহ, চেলপেটী জুক, ৰাতি এটাৰ আন্ধাৰ আদি উপমা অতি মনোগ্ৰাহী হৈছে । কবি ভৰদ্বাজৰ পৰা আগলৈও এনেকুৱা কবিতা আশা কৰিলোঁ ।
কবি প্ৰভাকৰ শৰ্মা নেওগৰ ''আকৌ এবাৰ'' শীৰ্ষক কবিতাটিয়ে 'দুখৰ শেষত সুখ' ঠিক এই ধৰণৰ এটা বাৰ্তা দিছে-
''আকৌ এবাৰ তোমাক স্পৰ্ষ কৰিব শৰতৰ শেৱালী সুবাসে
আকৌ এবাৰ বুটলিবাঁ তলসৰা শেৱালীৰ ফুল''
কবিতাটিত চকুত লগা শব্দৰ ব্যঞ্জনা নাই যদিও দুই এটা সুন্দৰ উপমাই কবিতাটিৰ সৌষ্ঠৱ বঢ়াইছে-
'' ক্লান্ত সূৰ্য অস্ত যায়
সমুখত পুৱাৰ আশ্বাস
ভাগৰি পৰিব নিশা
অৰুণে চলাব ৰথ
পলাই যাব আশাহত স্বাপদৰ দল''
সামগ্ৰিকভাৱে চাবলৈ গ'লে কবিতাটিত বাজি আছে নতুন আশাৰ এটা সান্তনা নাইবা উপদেশবাণী । কবিৰ হৃদয়ত অনুৰণিত হৈ থকা সজ, সত্যৰ অমোঘ শক্তি কবিতাটিত সাৱলীলভাৱে চিত্ৰিত হৈছে-
''ধুমুহা উভতি যাব পোহৰৰ আঘাতত
বসন্তই সানি দিব উৎসৱৰ ৰং''
কবি জ্যোতি পি চি শইকিয়াৰ ''কি নাম দি মাতিম'' শীৰ্ষক কবিতাটিত আজিৰ মহানগৰীৰ অকথিত ৰূপ সিমিত শব্দত প্ৰকাশ পাইছে । শব্দৰ ব্যঞ্জনাৰে এইটো এটা সুখপাঠ্য কবিতা ।
'' হালধীয়া নদীত ভাহি থাকে
এখন জাবৰুৱা মহানগৰীয়া সাগৰ।''
যদিও কবিতাটিৰ শব্দ সিমিত, কবিয়ে ইয়াত মহানগৰীৰ ভালেকেইটা কদৰ্যময় বিষয় অৱতাৰণা কৰাত সক্ষম হৈছে । 'হালধীয়া নদী'ৰে মহানগৰীৰ অশ্লীলতা,নিচাসক্ততা,কপটতা আদি বুজাইছে, 'জাবৰুৱা মহানগৰী'ৰে অপৰিকল্পিত নলা নৰ্দমা, কৃত্ৰিম বান আদিয়ে সৃষ্টি কৰা মহানগৰীৰ সহজলভ্য লেতেৰা অৱস্থাটোক বুজাইছে ।
''ইয়াত মৃত্যু বৰ সহজলভ্য''- কবিতাফাকিৰে মহানগৰীয় জীৱনৰ চৰম নিৰ্মমতাক তাচ্ছিল্য কৰিছে ।
কবিতাটো সুন্দৰ যদিও কবিৰ চিন্তাধাৰাৰে আৰু বেছি সমৃদ্ধ কৰাৰ থল আছিল । কবিতাৰ শিৰোনামটো সঠিকভাৱে খাপ খোৱা নাই যেন লাগে । কবি শইকিয়াৰপৰা আগলৈ আৰু অধিক পূৰঠ কবিতা পাম বুলি আশা কৰিলোঁ ।
কবি নয়নমণি শৰ্মা ৰিকুই ''ৰঙ'' কবিতাটোত জীৱশ্ৰেষ্ঠ মানুহৰ স্বাৰ্থপৰতা, অস্পৃশ্যতা আদিক কাব্যিকতাৰে চিত্ৰিত কৰিছে । এনেকুৱা স্বাৰ্থপৰতাত বন্দী কবিৰ এয়া যেন এক স্বগতোক্তি ।
''মানুহৰ পৃথিৱীত অস্পৃশ্য মানৱতা
ঘৃণাৰ এন্ধাৰত বন্দী আমি''
সাধাৰণ দৃষ্টিত ''ৰঙ'' নামেৰে যদিও এইটো এটা প্ৰতীকী কবিতা, কবিৰ উপস্থাপন শৈলী নিখুত নহয় । কবিতাটোৰ প্ৰথমছোৱা সৰলভাৱে উপস্থাপন কৰি শেষৰ তিনিশাৰী হঠাতে অধিক ব্যঞ্জনাযুক্ত কৰিছে, যাৰ বাবে কবিতাটোৰ স্বাভাৱিক গতিময়তাত ব্যাঘাত জন্মিছে ।
'' তেজৰ সোঁতত বৈ যাব পৰা নাছিল সেই জীৱানু
যি তেজৰ ৰঙ বিচাৰি অস্থিৰ আপুনি
সেই ৰঙা মাথোঁ আপোনাৰ বাবেই নেকি কওঁক ?''
কবি শৰ্মাৰ পৰা আগলৈও অধিক সাৰ্থক কবিতা আশা কৰিলোঁ ।
.
এইখিনিতে আলোচনাটো মোখনি মাৰিছোঁ । আগতেও উল্লেখ কৰিছো যে চাকৰিৰ ব্যস্ততাৰ বাবে বহু পলমকৈ মোৰ আলোচনাটো আগবঢ়ালো যদিও নিসন্দেহে বহুতো ভাল ভাল কবিতা এই আলোচনাৰ পৰা বাদ পৰিছে, যাৰ বাবে মই অতিকে দুঃখিত ।
শেষত, মোৰ ভুল-ত্ৰুটি মাৰ্জনা কৰিব বুলি আশা ৰাখিলোঁ । ধন্যবাদ ।

-
Sourav K Dutta ভাল লাগিল ৷ পৰ্যালোচকৰ সূক্ষ্ম দৃষ্টিভংগী সুন্দৰকৈ প্ৰতিফলিত হৈছে ৷
-
Manohar Dutta 'আখৰুৱা'ৰ জুন ২০১৪-ৰ কবিতাৰ পৰ্যালোচনা পূনৰীক্ষণ-১৩ প্ৰস্তুত কৰি গোটলৈ প্ৰেৰণ কৰা বাবে Kamal Baruah ডাঙৰীয়াৰ শলাগ লৈছো। এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে নিজৰ কৰ্মক্ষেত্ৰৰ গুৰুদায়িত্ব পালন কৰাৰ উপৰিও সাহিত্য চৰ্চাৰ দিশত আত্মনিয়োগ কৰা বাবে তেখেতলৈ আন্তৰিক ধন্যবাদ জনাইছো।
কমল বৰুৱাৰ পৰ্যালোচনা নিশ্চয় সুন্দৰ হৈছে। অৱশ্যে তেখেতে আশা কৰা ধৰণে বহুখিনি কবিতা পৰ্যালোচনাত সামৰিব নোৱাৰিলে বাবে তেখেতে দুখ প্ৰকাশ কৰিছে। সেইটো স্বাভাৱিক যদিও আগলৈ তেখেতে নিশ্চয় এনেদৰে পৰ্যালোচনা আগবঢ়াবলৈ আগবাঢ়ি আহিব।
দৰাচলতে, কবিতাৰ পৰ্যালোচনা এটি জটিল বিষয়। 'আখৰুৱা' গোটৰ মজিয়াত কবিতাৰ পৰ্যালোচনাৰ তেৰটা খণ্ড গোটৰ নিষ্ঠাৱান সদস্য সকলৰ সহযোগিতাত প্ৰকাশ কৰিবলৈ আমি সক্ষম হৈছো। এয়া এক আনন্দৰ বিষয় যদিও আগন্তুক সময়ৰ বাবে আমাৰ সমুখত যথেষ্ট প্ৰত্যাহ্বান আছে। সিবোৰ নেওচি সকলোৰে সহযোগত আমি যাতে সময়ত 'পুনৰীক্ষণ' শিতানটো প্ৰকাশ কৰিবলৈ সক্ষম হ'ব পাৰো, তাকেই কামনা কৰোঁ।
এইখিনিতে জনাও যে আগন্তুক পূনৰীক্ষণ-১৪ প্ৰস্তুত কৰাৰ দায়িত্ব লৈছে গোটৰ সক্ৰিয় সদস্য Mousumee Bori-য়ে।
সেয়ে পূনৰীক্ষণ-১৫-ৰ বাবে পৰ্যালোচক ঠিক হ'বলৈ বাকী আছে। আশাকৰোঁ গোটৰ কোনো আগ্ৰহী সদস্যই এই দিশত আমাক নিশ্চয় সহযোগ কৰিব। -
-
-
Jyoti Pcsaikia সুন্দৰ গঠনমুলক কবিতাৰ পৰ্যালোচনাটি পঢ়ি আপ্লুত তথা খুউব উৎসাহিত হ'লো। শ্রীমান কমল বৰুৱালৈ ধন্যবাদ ও আখৰুৱালৈ কৃতজ্ঞতা জনালো ।
-
-
-
Nishanka Milan bhal lagil...
No comments:
Post a Comment