Monday, 24 November 2014

"আখৰুৱাৰ জুলাই ২০১৪-ৰ কবিতাৰ পৰ্যালোচনা": 'পুনৰীক্ষণ-১৪' : মৌচুমী বৰি

“আধুনিক কবিতাৰ লক্ষই হৈছে সাধাৰণ কথা কোৱা ভাষাত এটা অসাধাৰণত্ব আনি দিয়া৷ এই ক্ষমতা অতি বিৰল, অতিশয় সাধনালব্ধ৷” ---- কবি অজিৎ বৰুৱা
গোটৰ পদক্ষেপলৈ সঁহাৰি জনাই বিনম্ৰভাবে এইবাৰৰ পুনৰীক্ষণ শিতানটো, পুনৰ যুগুত কৰিবলৈ যত্ন কৰিছোঁ। অজানিতে হ'ব পৰা ভুল-ক্ৰটিৰ বাবে সকলোৰে ওচৰত সদায়ে ক্ষমাপ্ৰাৰ্থী।
আখৰুৱাৰ জুলাই ২০১৪-ৰ, কবিতাৰ ভিতৰত প্ৰাঞ্জল বৰাৰ কবিতা "নিমাতী কন্যা"ত কবিয়ে এজনী কণমানিৰ অৱতাৰণা কৰিছে। পখিলী নামৰ এজনী কণমানিৰ দেউতাকে দৰিদ্ৰতাৰ গ্ৰাসত পৰি তাইৰ শৈশৱটো বন্ধকীত দিয়ে৷ ঠিক এনেকৈয়ে সাৱলীল ভাষাৰে কবিতাটিত পখিলীৰ কাহিনী আগবাঢ়িছে৷”কথাবাহী পখিলী”, “আপদীয়া বৰ্ণমালা” আদিৰ দৰে অলংকাৰ প্ৰয়োগে কবিতাটিক শুৱনি কৰিছে৷কবিতাটিত দুই এটা বৰ্ণাশুদ্ধি চকুত পৰিছে৷যেনে, চাওল-- চাউল (শুদ্ধ)৷কবিৰ কবিতাবোৰত বিষয়বস্তুৰ বাচনিত ভিন্নতা দেখা যায়-- এইয়া কবিৰ বিশেষ কৃতিত্ব৷কবিৰ পৰা আৰু উচ্চমানদণ্ডৰ কবিতা পঢ়িবলৈ পাম বুলি আশা কৰিলোঁ৷
কবি দাদুল ভূঞাৰ "গান এটাৰ দৰে গুনগুনাই থাকা" কবিতাটিত আশাবাদী জীৱনৰ ৰেঙনি দেখিবলৈ পোৱা যায়৷কবিতাত আপ্তবাক্যধৰ্মী সুৰ এটাও আমি শুনিবলৈ পাওঁ যেতিয়া কবিয়ে লিখে – "এৰি অহা দিনৰ ভগ্নস্তূপবোৰৰ পাতনি নেমেলিবা / এবুকু দুখত তিতিলেও গান এটা আঁওৰাবা"
কবি বিশাল দেৱ ৰায়ৰ "চাউলৰ কবিতা" শীৰ্ষক কবিতাটো পঢ়িলে দৈনন্দিন দিন মজুৰি কৰি জীৱন নিৰ্বাহ কৰা এটা পৰিয়ালৰ প্ৰতিচ্ছবি মনলৈ আহে৷ কবিতাটোৰ এটি সুন্দৰ স্তৱক— "পিতাইৰ কোনো জাতি নাই, নাই ধৰ্ম / এক কেজি চাউলেই জাতি, ধৰ্ম, মান/ মোৰ পিতাইৰ স্বাভিমান৷" জীয়াই থকাৰ প্ৰধান সম্বল ভাতমুঠিৰ বাবেই মানূহৰ জীৱন সংগ্ৰাম, কবিয়ে কবিতাটিত “চাউল” প্ৰতীকেৰে সেই বাৰ্তাকে দিছে৷নি:সন্দেহে এটা ভাল কবিতা৷
কবি পলাশ প্ৰান্তিকৰ "নদীৰ নাম বিষাদ" কবিতাত, স্বতস্ফুৰ্ততাই কবিতাটিক সুগঢ়ি কৰিছে৷
কবি জ্যোতি পি চি শইকীয়াৰ "অনুৰণন,,,,,চিৰপ্ৰৱাহমান" কবিতাৰে, ৰ'দালিৰ কবি, অসমীয়াৰ হিয়াৰ আমঠু হীৰুদালৈ কাব্যসুৰীয়া শ্ৰদ্ধাঞ্জলি জনাইছে।৷কবিতাটিয়ে আখৰুৱাৰ চোতালত বৰেণ্য কবিলৈ জনোৱা শ্ৰদ্ধাঞ্জলি, শ্ৰদ্ধাৰ সবিনয় প্ৰকাশ।
কবি ৰশ্মিৰেখা দাসৰ "আবেলিৰ গান" কবিতাত সুৰীয়া সপোনৰ ৰেঙনি দেখিবলৈ পোৱা যায়, কবিয়ে যেতিয়া লিখে -- "আন্ধাৰবোৰ পোহৰলৈ তৰ্জমা কৰি কৰি /আমি পাৰ কৰোঁ প্ৰতিটো বাট/ ভাগৰুৱা দুহাতেৰে আজুৰি আনো নতুন প্ৰভাত"৷
কবিতাৰ গতিময়তা আৰু কাব্যভাৱনাই হৃদয় চুই যোৱা দুটি সৌন্দৰ্যপূৰ্ণ হৃদয়পৰশা কবিতা কবি পূৰ্ণিমা বৰুৱাৰ "পৰিচয়" আৰু কবি মনোহৰ দত্তৰ " মাটি মোৰ জীৱন- মৰণ"৷
কবি নয়ন এম বৰুৱাৰ "দুটা জীৱনৰ ছবি" কবিতাটিত দুটি ভিন্ন বাস্তৱ চিত্ৰণ দেখিবলৈ পোৱা যায়৷দুয়োটি স্তৱকতে কবিয়ে মানৱতাৰ বধ্যভূমিৰ যি চিত্ৰ কবিতাৰে অংকন কৰিছে, তাত কবি সফল হৈছে৷
কবি বাপন ক্ৰৰ শিৰোনাম বিহীন কবিতাৰ ভাববস্তু সুন্দৰ যদিও কবিতাটিক আৰু অলপ ভাল কৰাৰ থল আছিল৷
কবি সাগৰ হাজৰিকাই তেওঁৰ কবিতাত দিঠকৰ নিষ্ঠুৰতা দেখি সপোনকে ভালপায় পেলাইছে, সপোনতে তেওঁ প্ৰিয়জনৰ স'তে লগ হোৱাৰ হাবিয়াস কৰিছে৷কবিয়ে কবিতাটিৰ শিৰোনাম দিয়া নাই৷ কোনো কোনো কবিতাত, কবিতাৰ শিৰোনাম নাথাকিলে কবিতাই পূৰ্ণতা পোৱা যেন নালাগে৷
কবি জোনমণি দাসৰ "চহা মানুহৰ পদ্য" কবিতাটি সাৱলীলভাৱে আগবাঢ়ি নিটোল ৰূপত গঢ় লৈ উঠিছে৷ কবিতাটিত কবিয়ে লিখা মনপৰশা এটি স্তৱক – " আমি সাধাৰণ মানুহ /আকাশত চাং পাতি /মৰীচিকা খেদি খেদি/ আমি অপচয় নকৰোঁ সময় /অথচ আমাৰ চকুটো আছে এখালৈ স্বপ্ন /আমি চহাই মৈয়াই মাটি শইচৰ স্বপ্ন সিচোঁ /মাটিয়েই আমাৰ উশাহ জীৱনৰ প্ৰবাহ"৷ কবিতাটি নিজ ভাৱ-মধুৰতাৰে সুন্দৰ বুলিব পাৰি৷
কবি ছিদ্দিকুৰ ৰহমানৰ "শাওনৰ কজলা মেঘ" কবিতাটিৰ চিত্ৰকল্পই পাঠকক মোহিত কৰে৷ কবিয়ে লিখা ধুনীয়া পংক্তি --- " সজালধৰা কঠীয়াডৰাৰ/ চাওতালী নাচ এটাত / উন্মনা পথৰুৱা হৃদয়৷" আকৌ কবিয়ে লিখিছে—
“শাওণ,
আইৰ শিপিনী হাতেৰে বোৱা
সুখ দুখৰ একেখনি চাদৰ
পিতাইৰ
সপোনৰ বৰঘৰ”
কবিতাটিত ব্যৱহাৰ কৰা অলংকাৰে কবিতাটিক শুৱনি কৰি তুলিছে যদিও কবিতাটিৰ শেষৰফালৰ কাব্যভাৱনাই পাঠকক অকনমান বিবুধিত পেলায়৷
কবি দীপাংকৰ পাঠকৰ কবিতা "আধিলৈ লোৱা হিয়াৰ হিচাপ" কবিতাটিৰ প্ৰকাশভংগী আৰু গতিময়তা সাৱলীল৷কবিতাটিৰ জীৱন বিষয়ক এটি সুন্দৰ স্তৱক— " মাটি ডৰাত/ আলি কাটি জালি নিদিয়ালৈকে /হে জীৱন-- তুমি তুমি হৈ থাকা / আৰু মোক খেপিয়াই থাকিব দিয়া তোমাক"
কবি ইন্দ্ৰনীল গায়নৰ " দুটা কবিতা" ক্ৰমে " নিষিদ্ধ নগৰ" আৰু " নিশাৰ ছবি" দুয়োটি কবিতাতে অঁকা চিত্ৰকল্প অতি গভীৰ৷
কবিতাৰ ধ্বনি বুলিলে কবিতা এটাৰ শব্দৰ আঁৰত থকা অৰ্থসমূহ যেতিয়া উপলব্ধি হয়, তেতিয়া বিমল ৰসানুভূতিয়ে পাঠকৰ মনক চমৎকৃত কৰে, সৰল অৰ্থতকৈ অতিৰিক্ত যি বোধে এই চমৎকাৰিত্বৰ সৃষ্টি কৰে সেয়ে হৈছে ধ্বনি আৰু কবিতাৰ বক্ৰোক্তি বুলিলে কোনো বস্তুৰ স্বভাৱ বৰ্ণনা, আৱেদনক্ষম প্ৰকাশভংগী আৰু ৰস সঞ্চাৰ কৰিব পৰা গুণকে বুজা যায়৷কবি নিশাংক মিলনৰ কবিতাত “ধ্বনি” আৰু “বক্ৰোক্তি” দুয়োটাৰে সুন্দৰ প্ৰয়োগ দেখা যায়৷ কবিয়ে “জোৰণ” কবিতাটিৰ আৰম্ভণিত লিখিছে—
“চাৰিটাকৈ ব’হাগ বুকুত বান্ধি
তাই যিদিনা গাভৰু হৈছিল,
মনমৰা মুধচত খলমা বান্ধিছিল এৰি অহা জোনৰ এফাল;
পিতলৰ বতাত সাজি-কাছি সেয়া তাইৰ চকুপানীৰ গুৱামুৰি
পিছে কোনে চায়, কাক দেখুৱায় ?”
কবিতাৰ প্ৰতিটো শাৰীৰ কাব্যৰসে কবিতাটিক সুখপাঠ্য কৰি তুলিছে৷
কবি নিলোৎপলা শৰ্মাৰ "এটি অসমাপ্ত সাধুকথা" কবিতাটিত কল্পনা আৰু বাস্তৱৰ দুটি ভিন্ন ৰূপ দেখিবলৈ পোৱা যায়৷কবিতা লিখাৰ অনুশীলনে কবিতাক সাৰ্থক ৰূপ দিয়ে৷কবিলৈ শুভেচ্ছা থাকিল৷
কবি নয়ন মণি শৰ্মা ৰিকুৰ ব্যস্ত মানুহক লৈ লিখা এটা সুখপাঠ্য সুন্দৰ কবিতা "আপুনি বৰ ব্যস্ত নেকি?" কবিতাটি পঢ়ি গ'লে পোৱা ৰসাল আস্বাদনে পাঠকক সুখী কৰি তোলে৷
তেনেকৈ কবি মালবিকা ব্ৰক্ষ্র্ৰৰ কবিতা "অপমৃত্যু: অনুভৱৰ টোপাল" কবিতাটিত কৰুণ ৰস সৃষ্টি হৈছে৷কবিতাটিৰ প্ৰকাশভংগী সুন্দৰ, সাৱলীল আৰু হৃদয়স্পৰ্শী৷
কবি হীৰকজ্যোতি বৈশ্যৰ কবিতাবোৰত বিষয় বস্তুৰ বৈচিত্ৰতা দেখা যায়৷ কবিৰ "সেইদিন ধৰি" কবিতাটিও বিষয়বস্তুৰ ফালৰ পৰা ব্যতিক্ৰমি, সুন্দৰ কবিতা৷কবিতাটিত পাগলাদিয়াৰ কৰুন কাহিনী বৰ্ণিত হৈছে৷ কবিতাটিৰ এটি সুখপাঠ্য স্তৱক-
“সেই দিন ধৰি অজান্তিমুলুকত
পাগলাদিয়াৰ পাৰৰ
জাক জাক বনপংখী,
তিমিৰ বৈভৱত আশ্ৰিত
কংকালসাৰ সোঁৱৰণি৷
.
সেই দিন ধৰি
পাগলাদিয়াৰ গানবোৰ চৰাই হৈ
টহল দি ফুৰে গংগাপাৰ, সোণকুৰিহা,
বিজুলীঘাট কিম্বা মৰোৱা...”
কবিতাটিৰ উপস্হাপনত কবি সফল হৈছে বুলিবই পাৰি৷কবিলৈ অলেখ শুভেচ্ছা থাকিল৷
কবি প্ৰভাকৰ শৰ্মা নেওগৰ কবিতা "হত্যাকাৰী" শীৰ্ষক কবিতাটো হত্যাকাৰী সকলৰ আত্মকথন যেন বোধ হয়৷কবিতাটিত দুই এটা বৰ্ণাশুদ্ধি দেখা যায়, যেনে, নল'বাঁ-- নল'বা (শুদ্ধ)৷কবিতাটিৰ উপস্হাপন সুন্দৰ৷
কবি সুৰেশ বৰাৰ কবিতা “আপোনাৰ মুখ অকটা গোন্ধায়”-এটি ব্যতিক্ৰমি কবিতা৷ কবিতাৰ আৰম্ভণি খুবেই সুন্দৰ আছিল। কিন্তু কবিতাৰ মূলভাবৰ স’তে সহমত হ’ব নোৱাৰিলোঁ৷
কবি ৰাজু বৰুৱাৰ “তেজ দিব নোৱাৰিলোঁ” এটি সুন্দৰ কবিতা৷ কবিতাৰ আৰম্ভণিয়েই পাঠকক কবিতাটি পঢ়ি যাবলৈ উদুদ্ধ কৰি তোলে৷কবিয়ে লিখিছে – “এটা গোন্ধ নাকত / নহয় বুকুত লগা ৷ সেউজীয়া সময় খিনি /চিলনীয়ে থপিয়াই নিছিলযে /ঠিক তেতিয়াৰ পৰাই গোন্ধটো বিচাৰো৷”
কৌশিক বৈশ্বাসৰ “গধূলীটো” কবিতাটিৰ অনুভৱে পাঠকৰ হৃদয় চুই যায়৷ কবিয়ে লিখিছে— “তাহানি দিনৰ এটি গান /গুনগুনাই বাজি থাকে/ নিৰীহ পখীৰ মাত হৈ” ৷কবিতাটি যেন কোনো এক সোঁৱৰণীৰ বিষাদগাঁথা৷কবিতাটিত ব্যৱহাৰ কৰা “হালধীয়া একুৰা জুই”, “নিৰীহ পখীৰ মাত” আদিৰ দৰে উপমা মনকৰিবলগীয়া৷
কবি মুকুন্দমণি গগৈৰ “দুখ” কবিতাটি একে আষাৰে সৰল বুলি কব পাৰি৷কবিলৈ শুভেচ্ছা থাকিল৷
কবি সাৰদা শ্ৰেষ্ঠাৰ “শিলৰো হৃদয় এখন আছে” কবিতাটিৰ প্ৰকাশভংগী সুন্দৰ হৈছে কিন্তু ক’ৰবাত সামঞ্জস্যৰ অভাৱ থকা যেন লাগে৷
কবি মেৰিলীন দত্তৰ কবিতা “তোমাক বিচাৰি যাওঁতে” কবিতাটি অতিশয় পোনপটীয়া হোৱা বাবে কবিতাৰ সম্পূৰ্ণ ৰূপ দেখা পোৱা নগ’ল৷ঠিক সেইদৰে কবি নয়ন বৰাৰ “প্ৰকৃত প্ৰেম” কবিতাটিৰ ক্ষেত্ৰটো একেখিনি কথাকে ক’ব পাৰি৷দুয়োজন কবিলৈ শুভেচ্ছা থাকিল৷
কবি সুব্ৰতা গোস্বামীৰ “চাকনৈয়া” নামৰ সৰু কবিতাটিৰ উপস্হাপন ভাল হৈছে৷কবিতাটিৰ অনুভৱে পাঠকক চুই যাবলৈ সক্ষম হৈছে৷
শেষত, আখৰুৱাৰ জুলাই/২০১৪ সংখ্যাৰ কবিতাৰ প্ৰতিজন কবিলৈ হিয়াভৰা শুভেচ্ছাৰে পৰ্যালোচনাটি সামৰিলোঁ৷
কৃতজ্ঞতা: আখৰুৱা গোটৰ প্ৰশাসকবৃন্দ প্ৰমুখ্যে গোটৰ প্ৰতিজন সদস্য তথা জুলাই সংখ্যাৰ প্ৰতিজন কবিলৈ অলেখ কৃতজ্ঞতা জনালোঁ ।লেখাটো যুগুতাওঁতে সদায়ে পৰামৰ্শ আৰু উৎসাহ দি অনুপ্ৰাণিত কৰা মনোহৰ দত্ত দাদালৈও বিশেষ কৃতজ্ঞতা থাকিল।
মৌচুমী বৰি
১১ আগষ্ট' ২০১৪
LikeLike · 
  • Jahnu Bharadwaj ভাল নিৰ্মোহ আলোচনা৷গঠনমূলক৷ধ্বনি আৰু বক্ৰোক্তিৰ কথাখিনি ভালদৰে বুজি নাপালো৷
  • Dadul Bhuyan সুন্দৰ আলোচনা।ভাল লাগিল।
  • Subrata Goswami sundar baidew...
  • Palash Borah Samu parjyalosana. ..kintu xundar hoise.
  • Jyoti Pcsaikia সুন্দৰ গঠন মুলক পৰ্যালোচনা ।প্রেৰণাদায়ক আলোচনাটিৰ বাবে মৌচুমী তোমালৈ ধন্যবাদ আৰু আখৰুৱালৈ শুভকামনা জনালোঁ ।
  • Siddiqur Rahman আপোনাৰ চিন্তালব্ধ আৰু গঠনমূলক আলোচনাই মোহিত কৰিলে।আখৰুৱা প্রমুখ্যে আপোনালৈ ধন্যবাদ থাকিল।
  • সুনীল অমিয় সুন্দৰ আৰু
    গঠনমুলক আলোচনা, পিছে বর্ণশুদ্ধি দুটামান চকুত পৰিল। যেনে (ব্ৰক্ষ্র্ৰ) ব্রহ্ম হ'ব লাগিছিল আৰু (উপস্হাপন) উপস্থাপন হ'ব লাগিছিল নেকি
  • Mousumee Bori হয়, মবাইলৰ মাল্টিলিংক কি বৰ্ডত টাইপ কৰোঁতে শুদ্ধকৈ লিখিব নোৱাৰিলোঁ৷ সুনীল অমিয়৷
  • Mousumee Bori আপোনালোকৰ বহুমূলীয়া মন্তব্যই মোক আনন্দিত কৰাৰ লগতে উৎসাহিত কৰিলে৷সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ৷
  • Indranil Gayan Mousumee বা, পুনৰীক্ষণৰ পৰ্যালোচনা গঠনমূলক হৈছে| আপ্লুত হ’লো|
  • Malabika Brahma Aan keibaror dorei tumar gothonmulok xomalosona ti onupreronadayok hoise. Byakigoto bhabe moi dhonyo manisu mur bhule- xuddhoi kora rosonak sthan diyar babe.. Monot xahox disa.. 
  • Mousumee Bori  Malabika Ba তেনেকৈ কিয় কয়----
  • Mousumee Bori কবিতাৰ ধ্বনি বুলিলে কবিতা এটাৰ শব্দৰ আঁৰত থকা অৰ্থসমূহ যেতিয়া উপলব্ধি হয়, তেতিয়া বিমল ৰসানুভূতিয়ে পাঠকৰ মনক চমৎকৃত কৰে, সৰল অৰ্থতকৈ অতিৰিক্ত যি বোধে এই চমৎকাৰিত্বৰ সৃষ্টি কৰে সেয়ে হৈছে ধ্বনি।
    বক্ৰোক্তি মানে বেঁকাকৈ কোৱা কথা৷বক্ৰোক্তিক কবিতাত যেতিয়া ব্যৱহাৰ কৰা হয়, সৌন্দৰ্য সৃষ্টিৰ কথা মনত ৰাখিহে কৰা হয়৷ যেনে " বেলি ওলালে" বুলি ক' লে পোনপটীয়া বাৰ্তা কিন্তু " আন্ধাৰ আঁতৰি গ' ল" বুলি কলে বক্ৰোক্তি৷কাব্যত আওপকীয়া কৌশলে সৌন্দ ৰ্য সৃষ্টি কৰে৷সকলো অলংকাৰৰ ভেটিও হ' ল বক্ৰোক্তি৷

    ডo কৰবী ডেকা হাজৰিকাৰ "কবিতাৰ ৰূপ ছাঁয়া" কিতাপত এইখিনি কথা আছে৷ Jahnu Bharadwaj
  • Hirákjyóti Báishýá val lagil alosonati...
  • Nishanka Milan xundar alosana

No comments:

Post a Comment