Monday, 24 November 2014

'পুনৰীক্ষণ' শিতানৰ বাবে নতুন পৰ্যালোচকৰ সন্ধান' : প্ৰশাসকবৃন্দ, আখৰুৱা : literati গোট

প্ৰিয় সতীর্থ-বৃন্দ, 
আখৰুৱা : literati গোট
বিষয় : 'পুনৰীক্ষণ' শিতানৰ বাবে নতুন পৰ্যালোচকৰ সন্ধান

নমস্কাৰ,

গোটৰ সমূহ সদস্যকে জনাব খোজো যে 'আখৰুৱা : literati'-ৰ পুনৰীক্ষণ' শিতানৰ আগন্তুক অক্টোৱৰ আৰু নৱেম্বৰ প্ৰস্তুত কৰা ক্ৰমে সুনীল অমিয় আৰু দাদুল ভূঞাই।
কিন্তু আগন্তুক ডিচেম্বৰ মাহৰ 'পুনৰীক্ষণ'ৰ বাবে পৰ্যালোচক এতিয়াও ঠিক কৰিব পৰা নাই। সেয়ে ডিচেম্বৰ/১৪-ৰ লগতে আগন্তুক মাহ সমূহৰ বাবে নতুন পৰ্যালোচকৰ প্ৰয়োজন হৈছে।
আপোনালোকে জানে যে 'পুনৰীক্ষণ' শিতানৰ এটা মূল লক্ষ্য হৈছে- কবিতাৰ পথাৰত কিছু নতুন সমালোচকৰ সন্ধান কৰা আৰু তেখেত সকলক সমালোচনা সাহিত্যৰ প্ৰতি উৎসাহিত কৰা। সেয়ে আগন্তুক মাহবোৰৰ বাবে গোটৰ সদস্যৰ পৰা আগ্ৰহী পৰ্যালোচকৰ সন্ধান কৰা হৈছে। গতিকে আগ্ৰহী সদস্যই এই আলোচনাত বা প্ৰশাসকবৃন্দৰ বাৰ্তা বাকচত, নিজৰ আগ্ৰহৰ বিষয়ে মুকলি মনে জনাবলৈ অনুৰোধ কৰা হ'ল। তদ্ৰুপ কোনো সদস্যই তেখেতে জনা আন কোনো সদস্যৰ নাম পৰ্যালোচক হিচাপে প্ৰস্তাৱ কৰিব পাৰে। তেনে প্ৰস্তাৱৰ ক্ষেত্ৰত প্ৰস্তাৱিত সদস্য গৰাকীৰ সৈতে গোটৰ হৈ প্ৰশাসকবৃন্দই যোগাযোগ কৰিব।
উল্লেখ্য যে এতিয়ালৈ 'পুনৰীক্ষণ'ৰ পৰ্যালোচক হিচাপে আমাক সহযোগ কৰিছে, গোটৰ নিষ্ঠাৱান সদস্য ক্ৰমে Samudra Kajal Saikia, Diganta Kumar Bhattacharya, Bhaswati Das , Jahnu Bharadwaj , Prakash Bhuyan, Hirákjyóti Báishýá, Mousumee Bori, Indranil Gayan, Kamal Baruah, সুনীল Sunil Amiyo, Dadul Bhuyan , Raju Baruah আদিয়ে। আমি এই সকল সদস্যলৈ ধন্যবাদ জনাইছোঁ আৰু আগলৈও তেখেতসকলৰ সহযোগিতা পোৱাৰ আশা ৰাখিছো।
আখৰুৱাৰ সদস্যসকলৰ উৎসাহেই আমাৰ অনুপ্ৰেৰণা আৰু গোটটোৰ মূল চালিকা শক্তি। আমাৰ বিনম্ৰ অনুৰোধ, 'পুনৰীক্ষণ' শিতান বা অন্য প্ৰসংগতো, যি কোনো প্ৰকাৰৰ দিহা-পৰামৰ্শ আপোনালোক সকলোৱে মুকলি মনেৰে আগবঢ়ায় যেন। আমি বিশ্বাস কৰো - আলাপৰ আদান-প্ৰদানে জ্ঞান, অভিজ্ঞতা বঢ়োৱাৰ উপৰিও অন্তৰংগতা নিশ্চয়কৈ বৃদ্ধি কৰে।
ধন্যবাদ,
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট
১০ নৱেম্বৰ ২০১৪
প্ৰিয় সতীর্থ-বৃন্দ, 
আখৰুৱা : literati গোট

You, Indranil Gayan, Hirákjyóti Báishýá, Mousumee Bori and 13 others like this.
Mousumee Bori মোৰ ফালৰ পৰা নতুন পৰ্যালোচকৰ বাবে Junmoni Das আৰু Palash Borah ৰ নামটো প্ৰস্তাৱ কৰিলোঁ ৷
November 11 at 7:30pm · Edited · Unlike · 4

Malabika Brahma Palash Borah tumak 'greenroom' t bisora hoise ! 
November 11 at 7:31pm · Unlike · 4

Malabika Brahma Junmoni Das apuni jotei ase xunkale 'greenroom' t ahibo lage ! 
November 11 at 7:33pm · Unlike · 4
Junmoni Das Kobitar parjyalusana koribo porakoi moi jugya kahaniu nohoi, moi kabow korisu, muk jen ene gadhur daitya nidie,@mausumee bori
November 11 at 7:50pm · Like · 1

Junmoni Das Malabika Brahma Palash Bora dangariyai kobitar parjyalusana val aru antarikotare koribo buli moi biswakh koru, palash bora dangariyak moi xei gadhur daitya vaag kandh pati loboloi moi minoti janalu:-).
November 11 at 7:52pm · Like · 2

Mousumee Bori আমি নেৰিছোঁ কিন্তু দেই @ Junmoni Das,  আমি আশাবাদী.......
November 11 at 8:15pm · Unlike · 2

Manohar Dutta আলোচনাটো সঠিক ভাবেই আগবাঢ়িছে। আশাকৰোঁ 'পুনৰীক্ষণ'-ৰ বাবে নতুন পৰ্যালোচক আমি পাম।
November 13 at 10:42pm · Like · 1

Mousumee Bori নতুন পৰ্যালোচক হিচাপে কৌশিক ব্যাসাসৰ নামটোও মনলৈ আহিলচোন!
November 13 at 11:27pm · Unlike · 2

Jona Nayak সময়ৰ খোজে খোজে 'পুনৰীক্ষণ'ৰ বাবে এই গোটৰ পৰা ন ন পৰ্যালোচক ওলাব বুলি আশা কৰোঁ আৰু মৌচুমী বৰিৰ প্ৰস্তাৱটোলৈ সমৰ্থন জনালোঁ। কাৰণ কবিতাৰ নতুন পৰ্যালোচক গঢ় লৈ উঠাৰ মাজেৰে সামগ্ৰিক ভাবে অসমীয়া কবিতাৰ চৰ্চা অধিক সাৱলীল হ'ব।
তেনেদৰে অন্য এটা প্ৰস্তাৱ এই চেগতে দিব বিচাৰিছো। ’আখৰুৱা’ গোটত সমূদ্ৰ কাজল শইকীয়াদেৱে ইতিমধ্যে কৰা 'পুনৰীক্ষণ'-ৰ কথা পাহৰিব নোৱাৰি। তেখেতৰ কবিতাৰ বিশ্লেষণ নিৰপেক্ষ, সূক্ষ্ম আৰু বৰ পুঙ্খানুপুঙ্খ ৷ তেখেতৰ ব্যস্ততাৰ কথা জানিও প্ৰস্তাৱ কৰোঁ যে তেখেতে যেন তেখেতৰ সুবিধা অনুযায়ী আগন্তুক কোনো এটি মাহৰ আখৰুৱাৰ কবিতাৰ পৰ্যালোচনাৰে আমাক উৎসাহিত কৰে। আমি ভাবো যে Samudra Kajal Saikia দেৱৰ সুগভীৰ পৰ্যালোচনাই নতুন কবিসকলক বহু পৰিমাণে উপকৃত কৰিব ৷
November 13 at 11:29pm · Like · 2

Mousumee Bori একেআষাৰে সমৰ্থন জনালোঁ Jona Nayak, সেই সমালোচনাই মোকো বহুত অনুপ্ৰাণিত আৰু উপকৃত কৰিছিল৷
November 13 at 11:33pm · Like · 2

Malabika Brahma Samudra Kajal Saikia, tumi kora jodi ami bor bhal pam. Jodi 3 months r pisotu diya, xeyao tumar byestotar kotha jani, adori lom. 

Ki koy raije ?
November 14 at 12:59am · Like · 2

Malabika Brahma Kaushik Baiswas, kot asa tumi  .. Your attention please..
November 14 at 7:47pm · Like · 1

Malabika Brahma Junmoni Das, ei kam tu tumi kora nai jodio xubharombho iyate kora. Dhori lowa Akhoruwate tumar prothom tu onuxilon hobo .. Tumak ami pariba buli biswax rakhisu babe onurudh jonaisu. 

Kobita keitimanor uporot tumar, ejon pathokor dristire kora nirmoh onubhobei hobo tar porjyalosona.
November 14 at 7:56pm · Like · 1

Kaushik Baiswas Mor man-magaju-chinta-dhaarana tenei aparipakka!nijake ei kaamar baabe jogya hoa buli etiaai bibechana nakaro!haleo mor naamto manaloi anaar baabe Mousumee baaideu aaru Malabika baideuloi dhanyabad thaakil!Mai bhaabo natunei jadi bicharaa hoiche,Junmoni da ba Palash daei ei kaamar baabe uttam byakti haba!duiyoloi buli aami anurodh karicho!antimat koicho, beya naapaijen! Junmoni Das Palash Borah
November 14 at 9:01pm · Edited · Like · 3

Jahnu Bharadwaj that's not fare Kaushik...!!! imaan boholaai meli finaly polaale nohobo.. & etya sobei eneke kole kibaa aasorit laagise & guilt feel o hoise.. kaaron moi nu kihor jugyo hoy ba aasilu.. tenei oporipokko mogojure enei fitaahi maaari koraa jenei hol moi dekhun...
November 14 at 8:09pm · Edited · Like · 1

Malabika Brahma Yes Jahnu .. Kaushik is not being fair ..
November 14 at 8:01pm · Like · 2

Jahnu Bharadwaj moi Nirjon Nirob Borphukon, Palash Borah & Nishanka Milan - ei tinigoraakir naam bixexkoi prostaab korilu..!!! tinio xoktixaali kobi - teulukor aalosonaa o upojukto hobo..!!!
November 14 at 8:03pm · Edited · Like · 4

Kaushik Baiswas Paloa naai Jahnu da!samayat nijei aagbarhi aahi ei diyittwa lam!
November 14 at 8:11pm · Like · 1

Malabika Brahma Kaushik , let akhoruwa be the first white page that you would carry out this experiment. Akhoruwak tene eta monsor rupote ami gorhi tulibo khuju.
November 14 at 8:12pm · Like · 4

Jahnu Bharadwaj hoy - aakhorua onuxeelon r thol houk..!!!
November 14 at 8:13pm · Like · 5

Malabika Brahma Nirjon Nirob Borphukon, Palash Borah, Nishanka Milan k ei bixex su-ghorot bisora hoise dei ..
November 14 at 8:14pm · Like · 4

Palash Borah Moi nowarim.
November 14 at 8:22pm · Like · 1

Jona Nayak to everyone who is hesitating, how do you know you can not do if you don't try?
November 14 at 11:53pm · Unlike · 3

Nirjon Nirob Borphukon ক্ষমা কৰিব ৷
November 16 at 2:40pm · Like

Maanash Jyoti সদায়ে দেখি আহিছো এই গোটটোৱে ছিৰিয়াছভাৱে কাম কৰি আছে। কিন্তু মই সম্পূৰ্ণ ব্যক্তিগত মতামত হিচাপে কও কবিতা পুনৰীক্ষণৰ কাৰ্য এলা-পেচা নহয় । আগ্ৰহ থাকিলেও এই ক্ষেত্ৰত অভিজ্ঞতা আৰু তীক্ষ্ণতা প্ৰয়োজন । গতিকে এয়া প্ৰশাসকে নিজেই তেনে এজন ব্যক্তি ক নিৰ্বাচন কৰক। ইয়াৰ পূৰ্বে যিকেইজনে এই কাম এই গোটত কৰিছে মই ভাবো সেই আটাইবোৰৰ ভিতৰত দুই -এজন এই কামটোত উপযুক্ত নাছিল । গতিকে এই কামটোৰ গুৰুত্ব বুজি যাৰে তাৰে হাতত অৰ্পণ নকৰিব ইচ্ছা থাকিল বুলিয়েই! ভুল কৈছো যদি মই ক্ষমাপ্ৰাৰ্থী
November 16 at 4:16pm · Edited · Like · 1

Manohar Dutta ধন্যবাদ Maanash Jyoti, আপোনাৰ বক্তব্যৰ বাবে।

কবিতাৰ গোট হিচাপে 'পুনৰীক্ষণ' শিতানটোৰ জৰিয়তে প্ৰয়াস কৰা হৈছে যাতে কিছু নতুন পৰ্যালোচক গঢ়ি উঠে। সেয়ে কোনোটো ক্ষেত্ৰত পুনৰীক্ষণৰ দুৰ্বলতা থাকিব পাৰে আৰু এনে প্ৰয়াসৰ জৰিয়তেই সময়ত দুৰ্বলতাবোৰ নিশ্চয় আঁতৰিব। আমাৰ এই প্ৰচেষ্টাৰ লক্ষ্য তেনেদৰেই স্থিৰ কৰা হৈছে।

লগতে ক'ব বিচাৰোঁ যে সমালোচক হিচাপে যিসকল অভিজ্ঞ, তেনে লোকে গোটৰ কবিতাৰ পৰ্যালোচনা কৰিবলৈ নাহে। সাধাৰণ ভাবে কাকত/আলোচনীৰ পাততো কবিতাৰ পৰ্যালোচনাৰ দিশটো দুৰ্বল বা পৰ্যালোচক অতি তাকৰ।

প্ৰশাসক, 
আখৰুৱা : literati গোট।
November 16 at 11:56pm · Edited · Like · 3

Maanash Jyoti হয় সেইটো সঁচা কিন্তু সেই বুলিয়েই সকলোকে এনেকুৱা এটা গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব দিব নালাগে কিয়নো এটা মন্তব্যয়ো এজন যোগ্য কবিক হতাশ কৰিব পাৰে আনহাতে অযোগ্যজনৰো শিকিবলগীয়া থাকি যাব । কাৰণ কবিতাৰ পৰ্যালোচনাৰ বাবে প্ৰথমে ক্ষেত্ৰ এখনতকৈ প্ৰচুৰ অধ্যয়নৰহে বেছি প্ৰয়োজন @ প্ৰশাসক
November 17 at 12:12am · Edited · Unlike · 3

Manohar Dutta Maanash Jyoti, আপোনাৰ বক্তব্য আদৰণীয়। 

এইটো ঠিকযে কবিতাৰ পৰ্যালোচনাৰ দৰে এটা গধুৰ দায়িত্ব মূৰ পাতি লৈ প্ৰতি গৰাকী নতুন পৰ্যালোচকে নিজৰ নিজৰ ক্ষমতা অনুযায়ী পৰ্যালোচনাৰ কামখিনি কৰিবলৈ যত্ন কৰিছে। লগতে ৰৈ যোৱা ভুলবোৰৰ বিষয়ে তেখেতসকলে যথা সময়ত জানিছে। আমা...See More
November 17 at 12:39am · Edited · Like · 3

Maanash Jyoti ঠিক আছে সমলোৱে যি ভাল বুলি ভাবে !
November 17 at 1:12pm · Unlike · 1

Manohar Dutta @ Maanash Jyoti 'পুনৰীক্ষণ'ৰ বিষয়ে আপুনি আগবঢ়োৱা মতামতৰ বাবে আপোনালৈ পুনৰ ধন্যবাদ থাকিল। আমিও বিচাৰো শিতানটো যিমান সম্ভৱ উন্নত হওক। আপুনি কোৱাৰ দৰে আগবঢ়াৰ ক্ষেত্ৰত আপোনাৰ দৃষ্টিত যদিহে কোনো উপযুক্ত লোক আছে- প্ৰশাসকক জনালে গোটৰ পৰা তেখেতৰ সৈতে যোগাযোগ কৰা হ'ব। 

কথা হ'ল গোটৰ কামবোৰ যিহেতু স্বেচ্ছামূলক কাম, সেয়ে কিছু কাৰিকৰী অসুবিধা আছে। তদ্ৰুপ বৰ্তামানৰ 'পুনৰীক্ষণ'-ক লৈ কোনো সদস্য যদিহে সন্তুষ্ট নহয় আৰু তেখেতৰ কবিতা 'পুনৰীক্ষণ' শিতানত সামৰি লোৱাটো নিবিচাৰে প্ৰশাসকক জনালে সেইমতে ব্যৱস্থা লোৱা হ'ব বুলি আগতেই ঘোষণ কৰা হৈছে।
November 17 at 7:39pm · Like · 3

No comments:

Post a Comment