Friday, 21 November 2014

পুনৰীক্ষণ-১২ : 'আখৰুৱা'ৰ মে' ২০১৪-ৰ কবিতাৰ পৰ্যালোচনা (প্ৰথম খণ্ড) : জাহ্নু ভৰদ্বাজ

পুনৰীক্ষণ-১২ : 'আখৰুৱা'ৰ মে' ২০১৪-ৰ কবিতাৰ পৰ্যালোচনা (প্ৰথম খণ্ড)
আলোচনা বা সমালোচনা কৰিবৰ জোখাৰে পৰ্যাপ্ত জ্ঞান তথা অধ্যয়ন নাই আমাৰ৷ বিদ্যায়তনিক ব্যস্ততাই সাহিত্যৰ জগত খনৰ পৰা বহু আঁতৰাই ৰাখিছে৷আমাৰ নিজস্ব যোগ্যতাৰ ওপৰত আমাৰ নিজৰে সম্পূৰ্ণ সন্দেহ আছে৷ তথাপি কি সাহসত জানো 'আখৰুৱা'ৰ পুনৰীক্ষণ শিতানৰ দ্বায়িত্ব ল'বলৈ আগবাঢ়িলো! অধমৰ এই ধৃষ্টতা হয়তো অত্যুৎসাহৰ ফল৷
যি কি নহওক, আখৰুৱাৰ মঞ্চত বহুতো কবিতা প্ৰকাশিত হৈছিল যোৱা সময়চোৱাত, আটাইবোৰ কবিতা এই আলোচনাত সাঙুৰি লোৱা সম্ভৱ নহয়৷ মাত্ৰ কিছুসংখ্যক কবিতাহে এই আলোচনাত সাঙুৰি লোৱা হৈছে, আৰু কবিতা বাচনি আমাৰ নিজৰ ৰুচি আৰু মতামত অনুসৰিহে কৰা হৈছে৷সকলো ভুল-ভ্ৰান্তিৰ বাবে মাৰ্জনা বিচাৰিছো৷
কবিতা এটা সাহিত্যৰ সমালোচনাৰ দৃষ্টিৰে কি কি দিশৰ ওপৰত ভিত্তি কৰি সমালোচনা কৰা হয় সেয়া ভালদৰে নাজানো৷কিন্তু ভাৱ আৰু ভাষা নিশ্চয়কৈ দুটা দিশ- এই বিষয়ে নি:সন্দেহ৷আখৰুৱাৰ কবিতাসমূহৰ এটি সামগ্ৰিক আলোচনাহে আগবঢ়াবলৈ লৈছো ইয়াত, উপযুক্ত সাহিত্যিক আলোচনা কৰিবৰ যোগ্যতা হোৱা নাই এথোন৷পৰৱৰ্তী আলোচনাৰ ভাৰ আপোনালোকৰ৷
এইখিনিতে এটা প্ৰাসংগিক কথা উনুকিয়াই দিওঁ- যিকোনো ধৰণৰ লেখনিতে বানান আৰু ব্যাকৰণগত ভুল পাৰ্যমানে নকৰিবলৈ লেখক সকলে নিজাবৱীয়াকৈ যত্ন লোৱা উচিত৷ভাষাৰ শুদ্ধতাই পঠন উজু আৰু উপভোগ্য কৰি তোলে৷আৰু ইয়াৰ অন্যথাই পাঠকৰ মনত বেমেজালি আৰু বিৰক্তিৰো সৃষ্টি কৰিব পাৰে৷
কবিৰ কবিতাত সমাজ সচেতনতা সদায়ে কাম্য৷ 'ৰোমান্টিক' কবিসকলৰ বিৰুদ্ধে থকা চিৰকলীয়া অভিযোগ- 'তেওঁলোক কবিসকল সমাজৰ প্ৰতি উদাসীন আৰু এখন কল্পলোকতহে বাস কৰে'৷কবি- সাহিত্যিকৰ প্ৰতি এই অভিযোগ খন্ডনৰ এই 'আধুনিক' প্ৰচেষ্টা অদ্যপি বৰ্তমান৷ বি টি এ ডি ৰ দুৰ্ভাগ্যজনক ঘটনাৱলীয়ে সমগ্ৰ অসমৰ জনজীৱন যোৱা সময়চোৱাত বিদাৰি গ'ল৷ইয়াৰ প্ৰতিফলন আমি দেখিবলৈ পালো আখৰুৱাৰ বুকুত কিছুসংখ্যক কবিতাত৷
নয়নমণি শৰ্মা ৰিকু দেৱৰ তলত উল্লেখিত কবিতাটি এইক্ষেত্ৰত প্ৰণিধানযোগ্য৷
সাপ
এদাল সাপৰ দৰে ঘৃণাই মেৰিয়াই ধৰিছে আমাক
চেপি চেপি নিঃশেষ কৰিছে বুকুৰ সাহ
মানুহ হোৱাৰ দম্ভ
চকুৰ কোণত বিষাদৰ বৰষুণ এজাকে বাৰিষা নমাইছে
ভয়ে ঘৰ বান্ধিছে তাত
এতিয়া লাজৰ ওৰণি টানিছে আকাশে
এদিন হেপাহৰ বিজুলী নাচিছিল য'ত।
ভাৱ আৰু ভাষাৰ আপেক্ষিকভাৱে সুন্দৰ সমন্বয়ে কবিতাটোক এক সৌন্দৰ্য্য প্ৰদান কৰিছে৷কিন্তু কবিতাটোৰ শিৰোনাম লক্ষ্যণীয় ভাৱে দুৰ্বল৷কবিয়ে যতি চিহ্নৰ ব্যৱহাৰ প্ৰায় পৰিহাৰ কৰাত কিছু দুৰ্বলতা আহি পৰিছে কবিতাটোৰ গাঠনিত৷
কিছুক্ষেত্ৰত শব্দ প্ৰয়োগত অসাৱধানতাও আমাৰ দৃষ্টিগোচৰ হৈছে৷ প্ৰথম শাৰীটোত কবিয়ে 'ঘৃণা'ক সাপৰ সৈতে ৰিজাইছে নে 'ঘৃণাই মেৰিয়াই ধৰা' কাৰ্য্যটোক সাপে মেৰিয়াই ধৰাৰ সৈতে ৰিজাইছে স্পষ্ট নহ'ল৷ আমাৰ বোধেৰে কবিয়ে ঘৃণাই মেৰিয়াই ধৰা কাৰ্য্যটোক সাপে মেৰিয়াই ধৰাৰ সৈতে ৰিজাইছে৷ যদি এনে হয়, তেন্তে “এডাল সাপৰ দৰে” প্ৰথম শাৰী কৰি পৰৱৰ্তী শাৰীটোত “ঘৃণাই মেৰিয়াই ধৰিছে আমাক” বুলি উল্লেখ কৰিলে সহজতেই এই অস্পষ্টতা দূৰ হ'লহেঁতেন৷তাৰোপৰি, কবিতাটোৰ ভাৱৰ লগত সংগতি ৰাখি তৃতীয় শাৰীটোত 'মানুহ হোৱাৰ দম্ভ'ৰ সলনি 'মানুহ হোৱাৰ গৌৰৱ' ব্যৱহাৰে অধিক সুষম কৰিলেহেঁতেন বুলি আমাৰ বিশ্বাস৷ দ্বিতীয় পংক্তিৰ পাছত কবিতাটো কিছু আধৰুৱা হৈ ৰোৱা যেনো বোধ হয়৷যেন ততাতৈয়াকৈ শেষ কৰি থোৱাৰ প্ৰৱণতা এটাৰেহে তৃতীয় পংক্তিলৈ, যিটো পংক্তি লক্ষ্যণীয়ভাৱে কিছু শ্লোগানধৰ্মী বা তৰল, কবিয়ে আগুৱাইছে৷
এইখিনি আঙুলিয়াই দিও আমি ক'ব লাগিব যে এই চুটি কবিতাটো মে' মাহটোৰ ‘আখৰুৱা’ৰ কবিতাবোৰৰ ভিতৰত অন্যতম সুখপাঠ্য কবিতা৷কবিতাটোৰ মূখ্য উপাদান স্ব- পৰীক্ষা আৰু স্ব- সমালোচনাৰ ভাৱটোৱে সাম্প্ৰতিক অসমৰ পটভূমিত যেন 'সামূহিক মানসিকতা' (collective mentality) ক প্ৰতিনিধিত্ব কৰিছে৷অৱশ্যে এই ভাৱ আৰু অধিক ব্যাপ্ত কৰাৰ থল নিশ্চয়কৈ আছিল৷
ভৱিষ্যতেও এনেকুৱা অৰ্থপূৰ্ণ আৰু সুষম সৃষ্টি কবিৰ পৰা সকলোৱে আশা কৰে৷
----------------------
চিদ্দিকুৰ ৰহমান দেৱৰ 'বনৰীয়া মানুহ' একেই পটভূমিৰ ওপৰত লিখা আন এটি শক্তিশালী কবিতা৷
“বনৰীয়া মানুহ”
ফটিকাৰ ৰাগীত আকাশখন খহি পৰাৰ উপক্রম হৈছিল
মাতাল বাঁহীৰ সুৰ এটাত মানুহবোৰ দৌৰিছিল হাবিতলীয়া বাট এটাৰে
হাবিখন আগবাঢ়ি আহিছিল মানুহবোৰৰ ফালে
মন আৰু মগজুৰে
নিমিষতে মানুহবোৰ বনৰীয়া হ’ব ধৰিলে
ৰক্তপিপাসু বনৰীয়া মানুহবোৰৰ চিকাৰ এতিয়া
অন্য এজাক নিশকতীয়া মানুহ
মানুহ আৰু মানুহৰ সংঘাত যেতিয়া তুঙ্গত উঠিছিল
ফটিকাৰ ৰাগীত বৰাগী আকাশখনে উচুপি কান্দিছিল
প্ৰথমেই নাম ল'ব লাগিব কবিতাটোৰ শিৰোনামলৈ৷কবিয়ে যেন কবিতাটোৰ মাজেৰে নৃহংসতাক বনৰীয়াৰ সৈতে একাকাৰ কৰিব বিচাৰিছে৷ই প্ৰতিবাদযোগ্য৷'বনৰীয়া' এটা সাংস্কৃতিক অৱস্থা, ই নৃহংসতাৰ সৈতে সংপৃক্ত হোৱাটো জৰুৰী নহয়৷কবিতাটোৰ মূখ্য অংশত ভাৱ আৰু ভাষাৰ শক্তিশালী উপস্থাপনে অৱশ্যে শিৰোনামৰ দুৰ্বলতাক কিছু পৰিমাণে সহনীয় কৰি তুলিছে৷'মাতাল বাঁহীৰ সুৰ' আৰু 'বৰাগী আকাশখন' - সুন্দৰ উপমাৰ ব্যৱহাৰ৷'হাবিখন আগবাঢ়ি আহিছিল মানুহবোৰৰ ফালে' - কবিয়ে হাবিখনেৰে এক ভয়ংকৰ মানসিক আৰু স্থানীয় (mental and spatial) অস্তিত্বক প্ৰতিনিধিত্ব কৰিব বিচাৰিছে৷অন্যহাতে, হাবিৰ বিপৰীতে উচুপি উঠা 'ব'ৰাগী আকাশে' শংকা- অসহায়তাৰ ব্যাপ্তি সুন্দৰকৈ উপস্থাপন কৰিছে৷সহজ সৰল বৰ্ণনাৰে পাঠকৰ 'মন আৰু মগজু' চুবলৈ সক্ষম হৈছে কবি৷আগলৈকো ৰহমান দেৱৰ পৰা এনে সুন্দৰ সৃষ্টি আশা কৰিলো৷
-----------------
একে পটভূমিৰ ওপৰতে লেখা আন এটি ভাল কবিতা হ'ল কৌশিক বাস্যসৰ 'কবিতা'৷

“কবিতা”
এইমাত্ৰ তেওঁলোকৰ গাঁওখন
জ্বলাই দিয়া হ'ল৷
তেওঁলোকৰ দুখত আমি
দুখী হ'ব পৰা নাই৷
আমাৰ মাজৰে কোনোবাই
সহানুভূতি দেখুৱাই
চিঞৰ একোটা মাৰিছে৷
তেওঁলোক সঁচাই তেওঁলোকৰ দুখত দুখী
হৈছেনে নাই ক'ব নোৱাৰি৷
আমাৰ দুখৰ নদী শুকাল নে
আমিও ভিতৰি ভিতৰি
কিবা দুখত দুখীয়েই , তাকো
জনা নাযায়৷
আমাৰ ৰজাৰ চকু নাই৷
হ'লেও তেওঁলোকক লৈ
এটা হৈ চৈৰ সৃস্টি হৈছে৷
তাৰ মাজতে তেওঁলোকে
নিৰৱেই এধানমান আকাশ
বিচাৰিবলৈ আৰম্ভ কৰিছে৷
বাকী থকা দিনকেইটা তেওঁলোকে
তাৰ তলতেই তেওঁলোকৰ গাঁওখন
কেনেদৰে জ্বলাই দিয়া হ'ল সেই কথা
সোঁৱৰি ,কিবা- কিবি মুখৰ ভিতৰতে
বলকি, চকুপানী
টুকি পাৰ
কৰিব৷
কৰিবনে?
অসমীয়া কবিতাৰ অতি শেহতীয়া ছন্দ আৰু কাব্যিকতাৰ প্ৰতি সচেতনতাক আওঁকাণ কৰি সহজ সৰল ভাষাৰে কবিতাটোক কবিয়ে পঠনযোগ্য কৰি তুলিছে৷আৰু বিষয়বস্তুৰ গভীৰতাই কবিতাটোৰ মৰ্য্যাদা বহুলাংশে বৃদ্ধি কৰিছে৷ অত্যধিক পোনপটীয়া প্ৰকাশ কবিয়ে কিছুক্ষেত্ৰত পৰিহাৰ কৰা উচিত৷যেনে- কবিতাটোৰ প্ৰথম শাৰীটোৰ 'সংবাদ- শীৰ্ষ' ধৰ্মীতাই পৰৱৰ্তী অংশৰ আৱেদন কিছু পৰিমাণে হ'লেও হ্ৰাস কৰিছে৷ হয়তো সেইটো শাৰীৰ অৱ্স্থান অলপ পাছতো হ'ব পাৰিলেহেঁতেন৷
কবিৰ কবিতাৰ 'কাব্যিকতা' আৰু 'ফৰ্ম' (form) লৈ কৰা সম্পৰীক্ষা প্ৰশংসাযোগ্য যদিও অধিক অনুশীলনৰ থল আৰু প্ৰয়োজন আছে৷এই ক্ষেত্ৰত এটা শাৰীলৈ আঙুলিয়াই দিছো- "আমাৰ মাজৰে কোনোবাই/ সহানুভূতি দেখুৱাই / চিঞৰ একোটা মাৰিছে৷" গোটেই কবিতাটোৰ বিষয়বস্তু আৰু বৰ্ণনকুশলতালৈ চাই এনে ধৰণৰ দুৰ্বল শাৰী আওকাণ কৰিব পৰা নাযায়৷আমাৰ বোধেৰে অধিক সুষমকৈ বৰ্ণনৰ সুযোগ আছিল৷এই ক্ষেত্ৰত লক্ষ্যণীয়ভাৱে দুৰ্বল আন এটি শাৰী হ'ল : "হ'লেও তেওঁলোকক লৈ/ এটা হৈ চৈৰ সৃস্টি হৈছে৷" সৰল বৰ্ণনৰ প্ৰয়াস প্ৰশংসনীয় যদিও ইয়াৰ আধিক্যই কবিতাটোৰ সুষমতা আৰু সৌন্দৰ্য্য বহু ম্লান কৰিছে৷ অসহায়তা, স্ব- সমালোচনা আৰু স্ব- পৰিহাস, দুৰ্ভাগ্যজনক ঘটনাৱলীৰ প্ৰতি সচেতনতা আৰু সহজাত সাহিত্যিক নিৰাপদ দূৰত্বৰ পৰা বিশ্লেষণ - এই কবিতাটিৰ অন্যতম বৈশিষ্ট্য৷ সবাতোকৈ সৰল আৰু শক্তিশালী শাৰীটো হ'ল : "আমাৰ ৰজাৰ চকু নাই৷" সামৰণি দুৰ্বল যেন বোধ হ'ল৷
ভাৱ আৰু ভাষাৰ ক্ষেত্ৰত অধিক অনুশীলনৰ প্ৰয়োজন আছে৷বাস্যসৰ আখৰুৱাত প্ৰকাশিত অন্য বহুকেইটি কবিতা উপৰোক্ত কবিতাটোতকৈ উন্নত যদিও আলোচনাৰ বিষয়বস্তুৰ প্ৰয়োজনত উক্ত কবিতাটো লোৱা হৈছে৷ গতিকে আগলৈকো কবিৰ পৰা সুখপাঠ্য কবিতা আশা কৰিলো৷
-----------------------
প্ৰভাকৰ শৰ্মা নেওঁগদেৱৰ ‘ক্ৰন্দন’ শীৰ্ষক কবিতাটো একেটা বিষয়বস্তুৰ ওপৰত ৰচিত অন্য এটি উল্লেখনীয় কবিতা৷
“ক্ৰন্দন”
(বি টি এ দিৰ মৃতকসকলক সুৱঁৰি)
মোৰ বুকুখন উকা কৰি সিহঁত গুচি গ'ল
মোৰ মাটি বালিত তেজ মাংস একাকাৰ কৰি
লুটুৰি পুতুৰি হৈ সিহঁত গ'লগৈ।
সিহঁতৰো সপোন আছিলে
আগত এমুঠি ভাত, মুৰৰ ওপৰত এখনি চালৰ
সিহঁতেও প্ৰেম কৰিছিল, কান্দিছিল, হাঁহিছিল
কেতিয়াবা কল্পনাত মুগ্ধ হৈ আকাশখনলৈ চাই ৰৈছিল।
সিহঁতে কেতিয়াবা শিশু হৈ উমলিছিল মোৰ বুকুত
ঠেঁহ পাতিছিল, জেদ ধৰিছিল, লুকাচুপি খেলিছিল
কেতিয়াবা মাতৃ, কেতিয়াবা পত্নী, কেতিয়াবা ভগ্নী
কেতিয়াবা পিতৃ, কেতিয়াবা ভাতৃ হৈ
মৰমতে খামুচি ধৰিছিল মোৰ চোতালৰ এমুঠি ধুলি।
আজি সিহঁত নাই।
কিছুমান বিভৎস সপোনে সিহঁতক বিচাৰি পালে
সৰা পাতৰ দৰে সৰি পৰি গ'ল সিহঁতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ সপোনবোৰ
মোক কন্দুৱাই থৈ সিহঁত গুচি গ'ল।
শিৰোনাম শক্তিশালী৷কিন্তু শিৰোনামৰ লগতে (যদিও বন্ধনীৰ ভিতৰত) "বি টি এ দিৰ মৃতকসকলক সুৱঁৰি" - শাৰীটোৰ উল্লেখে পাঠকৰ পৰিসৰ কিছু পৰিমাণে হ্ৰাস কৰিছে৷সামৰণিত উল্লেখ কৰিব পৰা গ'লহেঁতেন৷ যতি চিহ্নৰ ব্যৱহাৰত কবিয়ে মন দিয়া উচিত বুলি আমাৰ বোধ হয়৷এই ক্ষেত্ৰত সহজ উদাহৰণ স্বৰূপে আমি দ্বিতীয় পংক্তিটোলৈ আঙুলিয়াম৷একেদৰেই প্ৰথম পংক্তিৰো প্ৰথম শাৰীটোৰ পিছত যতি চিহ্নৰ ব্যৱহাৰ আৱশ্যকীয় আছিল৷ গোটেই কবিতাটোতে ঠাইবিশেষে যতি চিহ্নৰ ব্যৱহাৰ পৰিহাৰ কৰা দেখা গৈছে৷এই ক্ষেত্ৰত কবিয়ে মন দিব বুলি আশা কৰিলো৷
সহজ সৰল ভাষা আৰু আৱেগিক প্ৰকাশে কবিতাটোক আকৰ্ষণীয় কৰি তুলিছে৷হিংসাত্মক ঘটনাৱলীৰ বলি হোৱা সকলৰ প্ৰতি কৰুণ সহমৰ্মিতাৰ সুৰ কবিতাটোৰ মূখ্য বক্তব্য৷ কবিয়ে বহুক্ষেত্ৰত কাব্যিকতা বোজাই ৰাখিব পৰা নাই ৷তাৰোপৰি সামূহিক দুৰ্যোগ এটাৰ বলি হোৱা সকলৰ লগত কবিৰ সহমৰ্মিতাৰ মাজেৰে নিজস্ব সত্বাৰ উপস্থিতি প্ৰতিপন্ন কৰাৰ প্ৰচেষ্টাই কিছু পৰিমাণে কবিতাটোৰ আৱেদন হ্ৰাস কৰিছে৷ "মোৰ বুকুখন উকা কৰি সিহঁত গুচি গ'ল" আৰু "মোক কন্দুৱাই থৈ সিহঁত গুচি গ'ল" -আৰম্ভণি আৰু শেষৰ এই শাৰী দুটাত আমি উল্লেখ কৰা দিশটো বৰকৈ পাঠকৰ দৃষ্টিগোচৰ হ'ব৷ কবিতাটোৰ বিষয়বস্তুৱে পৰিসৰ আৰু সুযোগ দিলেও সামগ্ৰিকভাৱে গোটেই কবিতাটোতে কবিতাৰ সহজাত লালিত্য, সুষমতা আৰু আকৰ্ষণ কবিয়ে শক্তিশালীভাৱে বোজাই ৰাখিব পৰা নাই৷
সাধাৰণ অমনোযোগিতাৰ ফলত কিছুমান ভুল হোৱা যেন বোধ হৈছে৷ উদাহৰণস্বৰূপে- "সিহঁতৰো সপোন আছিলে" নহৈ "সিহঁতৰো সপোন আছিল" হে হ'ব লাগিছিল৷ "বিভৎস" নহৈ "বীভৎস" হ'ব লাগিছিল৷আৰু কিছুমান এনেকুৱা ভুল আছে, যিবোৰ ঠাইৰ অভাৱৰ বাবে ইয়াত আঙুলিয়াই দিয়াটো সম্ভৱ নহয়৷ বানান আৰু ব্যাকৰণগত শুদ্ধতাৰ প্ৰতি কবিয়ে মনোযোগ দিলে সুষম আৰু সৰ্বাংগসুন্দৰ সৃষ্টি আমি আশা কৰিব পাৰো৷
-------------------------
জ্যোতি পি চি শইকীয়াৰ “পূৰ্ণাহুতি” একেটা বিষয়বস্তুৰ ওপৰতে লিখিত আন এটি কবিতা৷

“পূৰ্ণাহুতি”
চৌপাশে
পিয়াপি দি আছে
মৃত্যুৰ বিভীষিকা ।
আততায়ীৰ
ক’লা ছাঁয়া দেখি
ফেঁচা,হুদুয়েও তাপ মাৰিলে ।
নৃশংসতাক
হাত বাউলি কোনে মাতে ?
কাৰ ইঙ্গিতত স্তব্ধ হয়
জীৱন ??
আইৰ অমঙ্গলৰ বাবে
মুখাধাৰী সন্তানৰ
নৰমেধ যজ্ঞত এতিয়া
ৰক্তৰ পূৰ্ণাহুতি ……।
কবিতাটোত কবিৰ মূখ্য বক্তব্য শক্তিশালী আৰু সুন্দৰকৈ পৰিস্ফুট হৈ উঠিছে৷কিন্তু কাব্যিকতাৰ ক্ষেত্ৰত কবিয়ে আপোচ কৰা পৰিলক্ষিত হৈছে৷হয়তো আৱেগ আৰু ক্ষোভৰ সহজাত বহি:প্ৰকাশে উক্ত কবিতাটোত শইকীয়াৰ কবিতাৰ সহজাত বৈশিষ্ট্য- পৰিশীলিত ভাষা আৰু সুন্দৰ কাব্যিকতা বোজাই ৰখাত সহায় কৰা নাই৷ ভাৱ আৰু ভাষা আপেক্ষিকভাৱে সৰল আৰু সুন্দৰ, কিন্তু এক ধৰণৰ শ্লোগানধৰ্মীতা কবিতাটোত ফুটি উঠিছে৷কঠোৰ সমালোচনাৰ আধিক্যতকৈ কিছু পৰিমাণে হ'লেও স্ব- অন্বেষণ নাইবা স্ব- সমালোচনাৰ অৱতাৰণাই এই শ্লোগানধৰ্মীতা কিছু পৰিমাণে হ্ৰাস কৰাত কবিক সহায় কৰিলেহেঁতেন৷ বহুক্ষেত্ৰত আৱেগৰ অত্যধিক বহি:প্ৰকাশে বৰ্ণন দুৰ্বল কৰি তুলিছে৷ উদাহৰণ স্বৰূপে: "আততায়ীৰ/ ক’লা ছাঁয়া দেখি/ ফেঁচা, হুদুয়েও তাপ মাৰিলে।"
অধিক অনুশীলন আৰু এনে ধৰণে নিজৰ সহজাত Comfort Zone ৰ পৰা আঁতৰৰ বিষয়বস্তুৰ অৱতাৰণাৰে কবিয়ে ন ন সুখপাঠ্য কবিতা আমাক উপহাৰ দিব বুলি আশা ৰাখিলো৷
---------------
(আগলৈ)
--- জাহ্নু ভৰদ্বাজ
 — with Siddiqur Rahman and 6 others.
LikeLike · 
  • Kaushik Baiswas bor vaal paalo.Nijor kobitat enekua khut nijeo bisaari paao!eiye aamak aaguaaboloi utsaah dibo!
  • Nayanmani Sarmah Riku ভাল লাগিল । প্ৰেৰণা পালো । এনেকুৱা সমালোচনাই যিকোনো সৃষ্টিকেই উন্নীত কৰিব পাৰে ।
  • Anindita Kalita বহু কথা শিকিবলৈ পালো ৷ ভাল লাগিল ৷
  • Hirákjyóti Báishýá Kathor athasa gyansamriddha aalochona!
    Sundor.
  • Nirjon Nirob Borphukon ভাল লাগিল ।
  • Jyoti Pcsaikia আখৰুৱাৰ কাব্যিকতাৰ পথাৰত ইমান সুন্দৰ গঠনমুলক পৰ্যালোচনা ।কবিতাৰ সুক্ষ্ম বিশ্লেষণে নজনা কথা বহুতো শিকাই পৰিপক্ক হবলৈ অনু্প্রেৰণা দি গ'ল । আখৰুৱা আৰু জাহ্নু ভৰদ্ৱাজলৈ আন্তৰিক ধন্যবাদ ও অভিনন্দন জনালোঁ ।
  • Mousumee Bori সুন্দৰ গঠনমুলক শক্তিশালী পৰ্যালোচনা ।
  • Jahnu Bharadwaj আটাইলৈ আন্তৰিক ধন্যবাদ জনালো৷সাধ্যানুসাৰে আলোচনাটি আগবঢ়াবলৈ যত্ন কৰিছিলো, আপোনালোকৰ প্ৰতিক্ৰিয়াই উৎসাহিত কৰিছে৷
  • Dhanmoni Kalita val alosona kariso toi..!
  • Sarada Shrestha বৰ সুন্দৰ হৈছে ....আলোচনাটি । আপ্লুত হৈছোঁ ....
    এইখিনিতে মই এটা কথা দৃষ্টিগোচৰ কৰিব খুজিলোঁ (অপৰাধ হলে ক্ষমিব) । প্ৰভাকৰ শৰ্মা নেওঁগ দেৱৰ ক্ৰন্দন কবিতাত ব্যবহৃত হৈছে এটি শব্দ "লুকা চুপি" । এই শব্দটিৰ সলনি লুকাভাকু শব্দটিৰ ব্যৱহাৰ কৰাহ'লে কবিতাটি কিঞ্চিত হলেও শুৱলা হ'লহেঁতেন বুলি মই ভাবোঁ । লুকা চুপি হিন্দী শব্দ, আনহাতে লুকাভাকু নিভাঁজ অসমীয়া শব্দ । নিজৰ ভাষাত শব্দৰ আকাল হলে অন্য ভাষাৰ পৰা শব্দ ধাৰ কৰাত আপত্তিৰ থল নাথাকে । নিজৰ ভাষাত ইমান সুন্দৰ সৰল আৰু সহজ শব্দ থাকোতে আন ভাষাৰ শব্দৰ ব্যৱহাৰ কেতিয়াবা দৃষ্টিকটু লাগে ।
    June 9 at 4:19pm · Edited · Like · 3
  • Jahnu Bharadwaj হয়, সাৰদা বা - আপুনি ঠিকেই কৈছে৷আমাৰ নিভাঁজ অসমীয়া শব্দটো থাকোতেনো কিয় আন এটা ভাষাৰ শব্দ ব্যৱহাৰ কৰিব লাগে৷'লুকাভাকু' বা আমি শৈশৱত কৈছিলো 'কুক্ ভা' বুলি - এনেবোৰ শব্দ ব্যৱহাৰ কৰিলে অধিক শুৱলা হ'ব৷অসাৱধানতাবশত: মোৰ দৃষ্টিত পৰা নাছিল৷ আঙুলিয়াই দিয়াৰ বাবে আৰু আলোচনাটি পঢ়ি চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ৷ Sarada Shrestha
  • Prabhakar Sarma Neog Sarada Shrestha - আপোনাৰ পৰামৰ্শৰ বাবে অশেষ ধন্যবাদ। মই মোৰ ব্লগত শব্দটো "লুকা-ভাকু" কৰি দিম।
    প্ৰসংগতে Jahnu Bharadvaz-অকো ধন্যবাদ জনালোঁ তেখেতৰ বিশ্লেষণ আৰু সমালোচনাৰ বাবে।
  • Anamika Baruah সুন্দৰ গঠনমূলক পৰ্যালোচনা। ভাল লাগিল জাহ্নু 
  • Siddiqur Rahman আখৰুৱাৰ 'পুনৰীক্ষণ' প্রচেষ্টা, জ্ঞানগভীৰ সমালোচনা তথা সমালোচকৰ গঠনমুখী পৰামৰ্শই ভাল কবিতা সৃষ্টিৰযে সহায়ক হব সি নিশ্চিত।তদুপৰি,আখৰুৱা গোটে ইতিবাচক চিন্তাধাৰাৰ বাবে এক সুকীয়া মাত্রা লাভ কৰি কৰছে।
  • Indranil Gayan ভাল লাগিল|
LikeLike · 

No comments:

Post a Comment