আখৰুৱা : literati গোটৰ অনুবাদ কবিতাৰ শিতান: সন্ধান-(চাৰি) :
স্বৰ্ণকমল, সাহিত্য একাডেমী বঁটা, সৰস্বতী সন্মানেৰে বিভূষিত বাংলা ভাষাৰ এগৰাকী নমস্য কবি সুনীল গঙ্গোপধ্যায়ে স্কুলীয়া জীৱনৰ কথা সুঁৱৰি কৈছিল:
"আমাৰ সময়ত চুবুৰিৰ স্কুলক কেন্দ্ৰ কৰি অন্য এক ধৰণৰ গৰ্ব সৃষ্টি হৈছিল, চুবুৰিৰ ভাল ছাত্ৰ সকলো ভৰ্তি হৈছিল স্থানীয় স্কুলত। মোৰ দেউতা আছিল টাউন স্কুলৰ শিক্ষক। সেই সময়ৰ শ্ৰদ্ধেয় শিক্ষক সকল দৰিদ্ৰ হ'লেও আত্মমৰ্যাদা আৰু আত্মসন্মানৰ অভাৱ নাছিল। এতিয়া 'হাতিবাগান' পাৰালৈ গ'লে স্কুলৰ দুৰ্দশা দেখি দুখ হয়। জৰাজীৰ্ণ চেহেৰা। খুবেই ম্লান হৈ পৰোঁ।"
সেই গৰাকী বৰেণ্য কবিৰ 'কেউ কথা ৰাখেনি' শীৰ্ষক মূল বাংলা কবিতাৰ অসমীয়া অনুবাদ আমাৰ 'সন্ধান' শিতানলৈ বুলি পঠিয়াইছে, আমাৰ গোটৰ নতুন তথা সক্ৰিয় সদস্য আৰু কবি সুনীল অমিয় ডাঙৰীয়াই। তেখেতে ইতিমধ্যে বহুখিনি অসমীয়া কবিতা বাংলালৈ আৰু বাংলা কবিতা অসমীয়ালৈ অনুবাদ কৰিছে। এনে অনুবাদ কৰ্মক উভয় ভাষাৰ মাজত সেঁতু-বন্ধনৰ প্ৰয়াস বুলিব পাৰি। তদ্ৰুপ বিশেষভাবে অসমীয়া কবিতা চৰ্চাৰ ক্ষেত্ৰত এই অনুবাদ কৰ্ম নি:সন্দেহে এক ইতিবাচক পদক্ষেপ।
যিহওক, সুনীল গঙ্গোপধ্যায়ৰ দৰে এগৰাকী বৰেণ্য কবিৰ মূল বাংলা কবিতাৰ সুনীল অমিয়ই কৰা অসমীয়া অনুবাদেৰে, এইবাৰ আমাৰ 'সন্ধান-(চাৰি)' শিতানটো সজাবলৈ সুযোগ পোৱা বাবে আমি গৌৰৱবোধ কৰিছোঁ।
প্ৰশাসকবৃন্দ,
আখৰুৱা : literati গোট
০৯ আগষ্ট ২০১৪
____________________________________________________
মূল বাংলা 'কেউ কথা রাখেনি'--সুনীল গঙ্গোপধ্যায়
অনুবাদ--সুনীল অমিয়
কোনেও কথা ৰখা নাই:
কোনেও কথা ৰখা নাই, তেত্রিছ বছৰ পাৰ হ'ল,
কোনেও কথা নাৰাখিলে,
ল'ৰালিত বৈষ্ণৱীজনীয়ে হঠাৎ বন্ধ কৰি তাইৰ আগমনী গান
কৈছিলে--
'শুক্লা দ্বাদশীৰ দিনাখন অন্তৰাখিনি শুনাই যাব'
তাৰপিছত
কিমান চন্দ্রভূক অমাবস্যা আহি গুছি গ'ল, কিন্তু সেই বৈষ্ণৱী
আৰু নাহিল
পঁচিছ বছৰ প্ৰতীক্ষাত ৰৈ আছোঁ।
মামাহঁতৰ ঘৰৰ মাঝি নাদেৰ আলীয়ে কৈছিল,
'ডাঙৰ হোৱা সোণমইনা
তোমাক মই তিনি প্রহৰৰ বিল দেখুৱাবলে লৈ যাম'
তাত পদুমফুলৰ উপৰত সাপ আৰু ভোমোৰাই
খেলা খেলে!
--নাদেৰ আলী, মই আৰু কিমান ডাঙৰ হ'ম?
মোৰ মাথা যেতিয়া এই ঘৰৰ চাদ ফুটা কৰি আকাশ স্পর্শ কৰিব
তাৰ পিছত তুমি মোক
তিন প্রহৰৰ বিল দেখুৱাবলে লৈ যাবা ?
কেতিয়াও এটাও ৰয়্যাল গুলি কিনিব নোৱাৰিলো
লাঠি-লজেন্স দেখুৱাই দেখুৱাই চুপি আছিল লস্কৰহঁতৰ ল'ৰাবোৰে
ভিখাৰীৰ দৰে চৌধুৰীহঁতৰ গেইটত থিয় দি চাইছোঁ
ভিতৰৰ ৰাস-উৎসৱ
অবিৰল ৰঙৰ ধাৰাত
সুবর্ণ কঙ্কণ পিন্ধা
বগা ধপ-ধপীয়া ৰমণী সকলে
কত ধৰণৰ তামাছাত যে হাঁহিছিলে
এজনীৱেও ঘূৰি নাচালে মোৰ ফালে!
দেউতাই মোৰ কান্ধত হাত থৈ কৈছিলে, চাবি, এদিন, আমিও---
দেউতা এতিয়া অন্ধ, আমাৰ একোৱে চোৱা হৈ নুঠিল
সেই ৰয়্যাল গুলি, সেই লাঠি-লজেন্স, সেই ৰাস-উৎসৱ!!
মোক কোনেও ঘূৰাই নিদিব!
বুকুত সুগন্ধি ৰুমাল থৈ বৰুণাই কৈছিল,
যিদিনা মোক সঁচাকে ভালপাবা
সিদিনা মোৰ বুকুতো
এই-ধৰণৰ আতৰৰ গোন্ধ হ'ব!
ভালপোৱাৰ বাবে মই হাতৰ মুঠিত প্রাণ লৈ
দূৰন্ত ষাঁড়ৰ চকুত বান্ধিছো ৰঙা কাপোৰ
বিশ্বসংসাৰ পাত পাত কৰি বিছাৰি আনিছো ১০৮টা নীলা-পদুম
তথাপিও কথা নাৰাখিলে বৰুণাই, এতিয়া তাইৰ বুকুত মাথোঁ মাংসৰ গোন্ধ
এতিয়া তাই যি কোনো এজনী সাধাৰণ নাৰী।
কোনেও কথা নাৰাখিলে, তেত্রিছ বছৰ পাৰ হৈ গ'ল, কোনেও কথা নাৰাখে!
_________________________________________
মূল বাংলা কবিতা:
কেউ কথা রাখেনি – সুনীল গঙ্গোপাধ্যায়
কেউ কথা রাখেনি, তেত্রিশ বছর কাটলো, কেউ কথা রাখেনি
ছেলেবেলায় এক বোষ্টুমী তার আগমনী গান হঠাৎ থামিয়ে বলেছিল
শুক্লা দ্বাদশীর দিন অন্তরাটুকু শুনিয়ে যাবে
তারপর কত চন্দ্রভূক অমাবস্যা চলে গেলো, কিন্তু সেই বোষ্টুমী
আর এলোনা
পঁচিশ বছর প্রতিক্ষায় আছি।
মামা বাড়ির মাঝি নাদের আলী বলেছিল, বড় হও দাদাঠাকুর
তোমাকে আমি তিন প্রহরের বিল দেখাতে নিয়ে যাবো
সেখানে পদ্মফুলের মাথায় সাপ আর ভ্রমর
খেলা করে!
নাদের আলী, আমি আর কত বড় হবো? আমার মাথা এ ঘরের ছাদ
ফুঁড়ে আকাশ স্পর্শ করলে তারপর তুমি আমায়
তিন প্রহরের বিল দেখাবে?
একটাও রয়্যাল গুলি কিনতে পারিনি কখনো
লাঠি-লজেন্স দেখিয়ে দেখিয়ে চুষেছে লস্করবাড়ির ছেলেরা
ভিখারীর মতন চৌধুরীদের গেটে দাঁড়িয়ে দেখেছি
ভিতরে রাস-উৎসব
অবিরল রঙের ধারার মধ্যে সুবর্ণ কঙ্কণ পরা ফর্সা রমণীরা
কত রকম আমোদে হেসেছে
আমার দিকে তারা ফিরেও চায়নি!
বাবা আমার কাঁধ ছুঁয়ে বলেছিলেন, দেখিস, একদিন, আমরাও…
বাবা এখন অন্ধ, আমাদের দেখা হয়নি কিছুই
সেই রয়্যাল গুলি, সেই লাঠি-লজেন্স, সেই রাস-উৎসব
আমায় কেউ ফিরিয়ে দেবেনা!
বুকের মধ্যে সুগন্ধি রুমাল রেখে বরুণা বলেছিল,
যেদিন আমায় সত্যিকারের ভালবাসবে
সেদিন আমার বুকেও এ-রকম আতরের গন্ধ হবে!
ভালোবাসার জন্য আমি হাতের মুঠোয় প্রাণ নিয়েছি
দূরন্ত ষাঁড়ের চোখে বেঁধেছি লাল কাপড়
বিশ্বসংসার তন্ন তন্ন করে খুঁজে এনেছি ১০৮টা নীল পদ্ম
তবু কথা রাখেনি বরুণা, এখন তার বুকে শুধুই মাংসের গন্ধ
এখনো সে যে-কোনো নারী।
কেউ কথা রাখেনি, তেত্রিশ বছর কাটল, কেউ কথা রাখে না!