ধাৰাবাহিক উপন্যাসৰ চতুৰ্থ খণ্ড (8/5/ 16)
oooooooooooooooooooooooooooooooo
: “ কিমাননো আৰু পঢ়া-শুনা কৰি থাক । চাকৰি পাইছ – অলপ জীৱনটো এনজয় কৰ । সোনকালে ভাল লৰা এটা চাই বিয়া হ ।”
ভনীয়েকে তাইৰ কথাৰ উত্তৰ নিদি কেৱল এটা হাঁহি মাৰি থৈছিল । সেই হাঁহিটোৰেই যেন তাইক বুজাই দিছিল অজন্তাৰ দৰে এজনী বুৰ্বক গাধা ছোৱালীক একো কথা কোৱাৰ প্রয়োজন নাই । ভনীয়েকহঁতৰ অবজ্ঞা , মাক দেউতাকৰ হাজাৰ বিজাৰ উপদেশ, গাৱলীয়া ৰীতি নীতি আদিয়ে তাইক জন্ম হৈ ডাঙৰ দীঘল হোৱা ঘৰখনৰ প্রতি বিতশ্রদ্ধ কৰি তুলিছিল ।
অজন্তাই নিজৰ শৰীৰটোৰ বাহিৰে কাকো ভাল নাপায় । অনুজিতকো ভাল নাপায় । অনুজিত তাইৰ বাবে লাহ বিলাস, আৰাম প্রিয়তাৰ সাধন আদিৰ যোগাৰ দিয়া পতি নামৰ এচমকা ৰঙা ৰং মাথো । মাত্র এটা সন্তান জন্ম দিব পাৰিলেই অনুজিতে তাইক পৃথিৱীৰ সকলো লাহ বিলাস , প্রাচুৰ্য্যতাৰে ঢাকি পেলাব ! তাইৰ নিজে কিন্তু সন্তানৰ বাবে ইমান উদ্বাউল নহয় ! কিন্তু অনুজিতে তাইক সন্তান জন্ম দিয়াৰ যন্ত্র হিচাপেহে নিজৰ লগত ৰাখিছে । গতিকে সেই যন্ত্রৰ যি কাম, সেই কাম তাই কৰিবই লাগিব । যন্ত্র এটাই কাম নকৰিলে তাক কেতিয়াও মানুহে নিজৰ লগত নাৰাখে - অজন্তাই সেয়ে প্রাণ টাকি চেষ্টা কৰিছে এটা সন্তান জন্ম দি অনুজিতক সুখী কৰিবলৈ !! ৰাতিপুৱা পাঁচ বজাতে শুই উঠি চাৰি মাইল ৰাস্তাত খোজ কঢ়া , খোৱাৰ নামত এখন শুকান ৰুটি, শাক পাচলিৰ চুপ আৰু খাই বেয়া পোৱা নানা বিধ ফল মূল । এমাহতে তাইৰ ওজন বহুখিনি কমি গ’ল । ডা: মিহিৰ দত্তৰ ওপৰত সিহঁতৰ আশা, বিশ্বাসো দৃঢ় হৈ গৈ আছে । ইতিমধ্যেই ডাক্তৰে কেইবা লাখ টকাৰ কেইবা বিধো টেষ্ট কৰালে । পইচাবোৰ গৈ আছে – যাওঁক – মাত্র সিহঁতৰ কামনাবোৰ পূৰণ হব লাগে । নহলেনো এইবোৰ অজস্র সম্পত্তি কোনে ভোগ কৰিব ! অৱশেষত মিহিৰ দত্তই তাইক হৰমনৰ বেজী দিয়াৰ সিদ্ধান্ত ল’লে । হৰমনৰ বেজী একোটাহঁতৰ দামেই পোন্ধৰ হাজাৰ টকা । তাৰোপৰি প্রতিটো বেজী লোৱাৰ পিছত হোৱা যন্ত্রণাখিনি আছেই । অৱশ্যে চিৰদিনৰ বাবে মাকৰ ঘৰলৈ যাব লগীয়া হোৱা যন্ত্রণাতকৈ এই যন্ত্রণা তাইৰ বাবে কমহে। বেজী লোৱাৰ কেইমাহ মানৰ পিছতে তাই অনুজিতক তাৰ পৰম আকাংখিত খবৰটো দিলে । অনুজিতে পুনৰ তাইক পাটমাদৈ বনালে । এইবাৰ অনুজিতে গাঁৱৰ ঘৰত থকা তাৰ মাকক আনি অজন্তাৰ লগত ৰখাৰ ব্যৱস্থা কৰিলে । অজন্তাই সিহঁতৰ এইটো ঘৰত শাহুৱেকৰ উপস্থিতি বৰ এটা ভাল নাপায় । অনুজিতৰো মাক দেউতাকৰ প্রতি বিশেষ এটা টান নাই । কেতিয়াবা মাক বা দেউতাক পুতেক বোৱাৰীয়েকৰ ওচৰলৈ কিছুদিন থাকিবলৈ আহিলেও অজন্তাই কিবা কিবি অজুহাতত এৰাতিৰ পিছতে তেওঁলোকক গাঁৱৰ ঘৰত থৈ আহিব ক’লে সি কোনো আপত্তি নকৰাকৈ থৈ আহে । এইবাৰ কিন্তু সি মাকক প্রতিটো মূহূৰ্ততে তাইৰ গা ৰখীয়া হৈ থাকিবলৈ লৈ আনিছে । এতিয়া অজন্তাই বাধ্য হৈ শাহুৱেকৰ উপস্থিতি সহ্য কৰিব লগীয়া হৈছে । শাহুৱেকেও অনুজিতক বৰ ভয় কৰে । সৰুৰে পৰা শান্ত সৰল মানুহ গৰাকীয়ে বৰ পুতেক অনুজিতক শাসন কৰিব নোৱাৰিলে । মহা অঘাইটং এই লৰাটোৱে সৰু থাকোঁতে তেওঁক যিমান জ্বলা কলা খুৱাইছিল- ডাঙৰ হোৱাৰ পিছতো সমানেই জ্বলা কলা খুৱাইছে । বিয়াৰ পিছত গাঁৱৰ ধুনীয়া বোৱাৰী এজনী পাই সি কিছু শান্ত হ’ব বুলি ভাবিছিল যদিও, সেই আশা পূৰণ নহ’ল । গাঁৱৰ ছোৱালী যদিও বোৱাৰীয়েকে গাঁৱৰ ঘৰলৈ যাবই নুখুজে । তেওঁকো ভালদৰে মাত বোল নকৰে । অনুজিত নথকা সময়খিনিত তাই নিজৰ ৰুমৰ দুৱাৰ বন্ধ কৰি শুই থাকে । শাহুৱেকে বোৱাৰীয়েকলৈও ভয় কৰে । গোটেই জীৱন কেৱল ভয় কৰি কৰিয়েই পাৰ কৰিছে মানুহগৰাকীয়ে । সৰুতে দেউতালৈ ভয় কৰিছিল । বিয়াৰ পিছত নিজৰ পতিলৈ ভয় ,তাৰপিছত এতিয়া পুতেক বোৱাৰীয়েকলৈ ভয় । অনবৰতে সংকুচিত হৈ থকা মানুহ গৰাকীক দেখিলে যিকোনো সংবেদণশীল ব্যক্তিৰে সহানুভূতিত চকু সেমেকি উঠিব ! তিনিজনী কামকৰা ছোৱালী থাকিলেও নিজ হাতে বোৱাৰীকক বিধে বিধে ৰান্ধি খোৱাবৰ মন কৰে মানুহ গৰাকীয়ে । কিন্তু অজন্তাই শাহুৱেকৰ হাতেৰে ৰন্ধা আজ্ঞা মুখত দিয়েই বিকটাই দিয়ে । ৰন্ধা বঢ়া কৰিবলৈ নিয়োগ কৰা ছোৱালীজনীক মাতি আনি তাই গালি পাৰে –
: “ আনে যদি ৰান্ধিব লাগে , তোক মই ইমান টকা পইচা খৰচ কৰি কিয় ৰাখিছোঁ ? এইবোৰ মুখত দিব নোৱাৰা ‘গাঁৱলীয়া খানা’ মই নাখাওঁ । এনেই মিছাকৈ বস্তুবোৰ নষ্ট কৰে !”
‘ আন ’ বুলি তাই কাক উদ্দেশ্য কৰিছে , সেই কথা হোজা শাহুৱেক গৰাকীৰো বুজি পাবলৈ অসুবিধা হোৱা নাছিল । তাইৰ মুখৰ ‘গাঁৱলীয়া খানা’ শব্দটো শুনিলে ৰান্ধনি পদুমীৰো হাঁহি উঠে । তাই ভুৰ ভুৰ কৰি আন দুজনী কামকৰা ছোৱালী সবিতা আৰু কাজলক কয়-
: “এনে টাউনৰ ছোৱালীজনী তেওঁ । আমাৰ একেখন গাঁৱৰেই ছোৱালী । মই দেখিছো নহয় বাইদেউৰ মাকৰ ঘৰ । যিহে ভঙা চিঙা ঘৰ ! এতিয়া টাউনত থকা লৰাৰ লগত বিয়া হৈ কথাই প্রতি ‘গাঁৱলীয়া’ ‘গাঁৱলীয়া’ কৈ থাকে !”
সবিতায়ো কয় –
: “শাহুৱেক আৰু আমাৰ আগতহে বাইদেৱে ৰজা হৈ দেখুৱায় । গিৰিয়েকৰ আগত কিন্তু নিগনিৰ দৰে ভয়ে ভয়ে থাকিব লাগে । চাৰে ভালেই নাপায় বাইদেউক ! মই যে চাৰৰ নিচিনা মানুহলৈ বহুত টকা থাকিলেও বিয়া নহওঁ দেই !”
সিহঁতৰ কথাৰ সুৰ লাহে লাহে বেলেগ ফালে ঢাল লয় । আমন জিমনকৈ বহি থকা অনুজিতৰ মাকলৈ সিহঁতৰো দুখ লাগে।
: “আইতাজনী যে ইমান ভাল । এনেকুৱা এজনী শাহুৱেককো ইমান বেয়াকৈ ক’ব পাৰে বেটিয়ে । মই কিন্তু এনেকুৱা শাহু এজনী পালে ভৰি ধুই পানী খাম ।” পদুমীৰ অনবৰতে অজন্তাৰ ওপৰত খং উঠি থাকে!
সেইবাৰ ছয় সপ্তাহত আল্ট্ৰা ছন’গ্রাফী কৰি আহি অজন্তা বিচনাতে পৰি আছিল । পেটতো অলপ বিষাইছিল । অনুজিতক ক’লে হুলস্থূল লগাই দিব । সেয়ে তাই ভাবিলে শ্যামকে ফোন কৰি কথাটো ক’ব । লৰাটো বৰ সহজ আৰু চিধা । তাই এনেকুৱা লৰাক আঙুলিৰ আগত উঠ বহ কৰোৱাব পাৰে । ক’ত লৰাক তাই হাতৰ আঙুলিৰে নচুৱাইছিল । কিন্তু বিয়া হ’ব লগা হ’ল এনে এটা লৰাৰ লগত যাক হাতৰ আঙুলি দূৰৰ কথা , গাৰ সমস্ত শক্তি প্রয়োগ কৰিও লৰ চৰ কৰিব নোৱাৰে । এয়াই নাৰী জীৱনৰ ভাগ্য বুলি তাই ভাবে !
শ্যামক অনুজিতেও ভাল পায় । কিয় ভালপায় তাই বুজি নাপায় । দুটা সম্পূৰ্ণ বিপৰীত চৰিত্রৰ মানুহ । বিজ্ঞানৰ কিতাপত থকা দুটা বিপৰীত মেৰুৰ মাজত আকৰ্ষণৰ শক্তি থকাৰ কথাটো তাইৰ মনত পৰে । এৰা এই আকৰ্ষণৰ সূত্রৰ বাবেই হয়তো অনুজিতে শ্যামক ইমান ভালপায় । (আগলৈ ....)
No comments:
Post a Comment