ধাৰাবাহিক উপন্যাসৰ একাদশ খণ্ড 28/5/16 :
“ অ’ মোৰ মা ! মোৰ মা ! মোৰ মা !!” – শ্যামে হঠাৎ চিঞৰি উঠিল । দুখ লাগিলে তাৰ মুখৰ পৰা স্বয়ংক্রিয় ভাবে ওলাই আহে এই কেইটা শব্দ । শব্দ নহয় যেন তাৰবাবে আত্মাক তৃপ্ত আৰু শান্ত কৰা পৰম মন্ত্র । “মোৰ মা” – এই শব্দ দুটাত কৈ বেছি আবেগ সি ক’তো বিচাৰি নাপায় । এই বয়সত ৰুলীৰ লগত তাৰ প্রেম, ভালপোৱা এক মাদকতা , যৌৱনৰ এক সুতীব্র মোহনীয় আকৰ্ষণ । কিন্তু মাক অৰুণিমাৰ প্রতি তাৰ ভালপোৱা সকলোৰে উৰ্ধত এক অতি মানৱীয় আকৰ্ষণ । পৃথিৱীৰ সকলো আবেগ ,অনুভৱ, জ্ঞান , বিজ্ঞান ,যুক্তি, বিশ্বাসৰ উৰ্ধত এক স্বৰ্গীয় পবিত্র সম্পৰ্ক তাৰ আৰু মাক অৰুণিমাৰ । যি শান্তি সুখ বিচাৰি মানুহে কালাতিপাত কৰে, যি শান্তিৰ সন্ধানত মানুহে বিভিন্ন ধৰণেৰে জীৱনক, জীৱনৰ পৰীক্ষাগাৰত ব্যৱচ্ছেদ কৰাত ব্যস্ত হয় – সেই শান্তি , সেই সুখ সি “মোৰ মা” এই শব্দ দুটা উচ্চাৰণ কৰি পায় ! বিশ্ব চৰাচৰৰ যিকোনো বস্তু, মানুহ , ঘটনা বা পৰিঘটনাৰ বাখ্যা হয়তো সম্ভৱ –কিন্তু তাৰ “মোৰ মা” শব্দ দুটা আওঁৰাই কিয় ভাল লাগে বা মাক অৰুণিমাক কিমান ভালপায় তাৰ বাখ্যা কৰা অসম্ভৱ ! যিদিনাৰ পৰাই সি অৰুণিমাৰ সান্নিধ্যত আহিছে – সেই দিনাৰ পৰাই সি অৰুণিমাক ‘মা’ বুলিয়েই ধাৰণ কৰি আহিছে । মানুহগৰাকীৰ কথা বাৰ্তা চিন্তা চৰ্চা সকলোতে জীৱন দিয়াৰ প্রয়াস, জীৱনক জনাৰ, নিজক জনাৰ অহৰহ প্রচেষ্টা । লাহে লাহে অৰুণিমায়ো তাক হৃদয়ত ধাৰণ কৰিছিল । একলা দুকলাকৈ সি অৰুণিমাৰ হৃদয়ত বাঢ়ি আহিছিল । শীতৰ এটি ঠাণ্ডা দিনত অলপো কষ্ট নোহোৱাকৈ অৰুণিমাই তাক জন্ম দিছিল –তাইৰ বিশাল হিয়াখনৰ পৰা । সাধাৰণতে সন্তানৰ জন্মৰ পিছত মাতৃৰ স্ফীত উদৰ সৰু হৈ যায় । কিন্তু তাক জন্ম দিয়াৰ পিছত অৰুণিমাৰ হৃদয়খন আৰু আৰু অধিক ডাঙৰ , বহল আৰু স্ফীত হৈ পৰিছিল । এনেও ভয়ংকৰ ভাবে ডাঙৰ আছিল অৰুণিমাৰ হৃদয়খন – এতিয়া হৃদয়ৰ সেই বিশালতাই আকাশ চুই যায় ।
মাক অৰুণিমালৈ ফোন এটা কৰিবলৈ লৈ সি ৰৈ গ’ল । এতিয়া মাকৰ ঘৰুৱা বহুত কাম থাকে । সদায় বোৱাৰী পুৱাতে শুই উঠি মাকে সম্পূৰ্ণ এক ঘণ্টা চান্টিং কৰে । পুৱাতে “নাম ম্যহ’ ৰেংগে ক্য” ৰ ধ্বনিৰে গোটেই ঘৰ ছন্দোময় /ঝংকাৰিত হৈ পৰে । তাৰপাছত সকলোকে জগাই পানী খাবলৈ দিয়ে । মুখ হাত ধুই সকলোৱে একেলগে চান্টিং কৰাৰ পিছত সূৰ্যনমস্কাৰ, ধ্যান ,প্রাণায়ম , দিনটোলৈ নিজৰ লক্ষ্যৰ কথা কৈ ভায়েক দুটাক স্কুললৈ পঠিয়ায় –তাৰপিছত দেউতাকক অফিচলৈ । তাৰপিছতো মাকৰ কামৰ অন্ত নহয় ।ঘৰুৱা কামৰ উপৰিও পঢ়া লিখা – নতুবা কাৰোবাৰ ঘৰলৈ চান্টিং কৰিবলৈ, প্রেৰণা দিবলৈ যোৱা আদি কামত ব্যস্ত থকা মাকক তাৰ যেতিয়াই তেতিয়াই ফোন কৰি আমনি কৰিবলৈ ভাল নালাগে । সি ফোনটো উলিয়াই মাকলৈ মেচেজ এটাকে লিখিলে ।
: “মা , মই ভালে ভালে গুৱাহাটী পালোঁহি । কিন্তু মোৰ মনটো খুব বেয়া লাগিছে । আপোনালৈও মনত পৰিছে । মই এতিয়া কি কৰোঁ মা ?”
মাকৰ আগত অন্তৰখন উবুৰিয়াই দি সি শান্তি পায় । সি জানে তাৰ লগত ফোনত কথা পাতক বা নাপাতক – তাৰ মেচেজৰ উত্তৰ দিয়ক বা নিদিয়ক – তাৰ এই বাৰ্তা দেখাৰ লগে লগে মাকে তাৰবাবে চাণ্টিং কৰিব । মাকে চাণ্টিং কৰাৰ লগে লগেই যেন তাৰ জীৱনৰ সকলো বিহ , জটিলতা মধুৰ আনন্দলৈ পৰিণত হয় !! আৰু সেই কথা সি সদায় হৃদয়েৰে উপলব্ধি কৰে । তাৰ বন্ধু বান্ধৱী, অঙহী বঙহী বহুতে তাক এই কথা লৈ উপলুঙা কৰে – নিজৰ জন্মদাত্রী তেজ মঙহৰ মাকজনী থাকোঁতে কিয় আৰু আন এগৰাকী মাকৰ প্রয়োজন তাৰ ! ইটাৰনেল মাদাৰ ! সনাতন তাৰ মাক !
মাকৰ কথা ভাবি থাকোঁতেই কোন সময়ত তাৰ টোপনি আহিল-গমেই নাপালে । ৰুমত কোনোবাই টুকুৰিয়াই থকাত সাৰ পাই ঘড়ী চাই দেখিলে দুই বাজি গ’ল । লৰালৰিকৈ দৰজাখন খুলি দিলে । হাতত টোপোলা এটা লৈ নীৰজ আৰু তাৰ পিছে পিছে খোৱা বস্তুৰ বৃহৎ ট্রেখন লৈ লগৰ লৰা এজন সোমাই আহিল ।
: “দোস্ত তোমাৰ মন ভাল কৰা দৰব লৈ আনিছোঁ । বহা – কি এজনী সাধাৰণ ছোৱালী এজনীৰ কাৰণে মন বেয়া কৰি থাকা !” নীৰজে কথা কৈ কৈ লগত লৈ অনা ব্লেক ডগ নামৰ মদৰ বটলটো উলিয়ালে । দুটা গিলাছত বৰফ ঢালি কল কলকৈ মদ বাকিবলৈ ল’লে ! শ্যামৰ হাতত গিলাছ এটা গুজি দি সি গাবলৈ ধৰিলে :
“দৰ্দ মিন্নত কশে দৱা না হোৱা
মে না আচ্ছা হোৱা, বুৰা না হ্যোৱা”
দিনতে হেঁপাহ পলুৱাই মদ খালে দুয়োটাই সিদিনা । নীৰজৰ লগত পৰি তাৰ মুখৰ পৰাও গালিবৰ শ্বেৰ ওলাবলৈ ধৰিলে ।
“হে খবৰ গৰ্ম উনকে আনে কি
আজ হি ফৰ মে বৰিয়া না হোৱা ”
“ কতৱ কীজে না তচল্লুক হমছে
কুচ নহী তো অদাৱত হী সহী !”
বহুতেই মদৰ নিচাত নিজৰ দুখবোৰ পাহৰি পেলায় । কিন্তু শ্যামে নোৱাৰিলে । ৰুলীৰ প্রতি তাৰ ভালপোৱা মদৰ নিচাতকৈয়ো তীৱ্র । হাজাৰ বটল মদেও তাৰ ৰুলীৰ প্রতি থকা ভালপোৱাৰ নিচাৰ লগত ফেৰ মাৰিব নোৱাৰিব । ৰুলীয়ে নিজ মুখেৰে তাক যেতিয়ালৈকে “ তোমাক ভাল নাপাওঁ” বুলি নকয় –তেতিয়ালৈকে সি ৰুলীৰ প্রেমৰ নিচাত আকণ্ঠ ডুব গৈ থাকিব ! সি সদায় কৃতজ্ঞ ৰুলীৰ প্রতি । প্রেমৰ নামত তাইৰ পৰা পোৱা অমৃতময় মূহূৰ্তখিনি লৈ সি চিৰজীৱন সুখী হৈ থাকিব !
টিং টং কৈ ফোনটোৰ সংকেত এটা বাজি উঠাত সি ফোনটো চালে । মাকে এটা দীঘলীয়া মেচেজ লিখিছে তালৈ :
“মোৰ শ্যাম ,মাদাৰ টেৰেচাই কৈছিল : মানুহ স্বাৰ্থপৰ , যুক্তিহীন আৰু অবিবেচক হ’লেও তেওঁলোকক ভাল পাব লাগে । তুমি যদি নিস্বাৰ্থ ভাৱে কিবা ভাল কাম কৰি আছা তেতিয়াও মানুহে তোমাৰ কামত স্বাৰ্থৰ গোন্ধ পাব , তথাপিও কিন্তু ভাল কাম কৰিবলৈ নেৰিবা । তুমি যদি সফল হোৱা , বহুত মিছা বন্ধু আৰু সঁচা শত্ৰুৰ সন্মুখীন হ’বা – তথাপিও সফলতাৰ চিৰিত উঠি যাবলৈ নেৰিবা । আজি তুমি কৰা ভাল কাম মানুহে কালিলৈকে পাহৰি যাব । তথাপিও ভাল কাম কৰি যাবা । সততা আৰু স্পষ্টবাদী স্বভাৱৰ বাবে বহু সময়ত তুমি আঘাত পাব লগা হ’ব পাৰে । তথাপিও সৎ আৰু স্পষ্টবাদী হ’বা । তোমাৰ বহু বছৰৰ সাধনাৰ অন্তত গঢ়ি উঠা এটা কাম বা প্ৰতিষ্ঠা খন্তেকতে তচনচ হ’ব পাৰে । তথাপিও গঢ়াৰ সাধনা নেৰিবা । সহায়ৰ প্রয়োজন হোৱা লোকক সহায়ৰ হাত আগবঢ়াবলৈ যাওঁতে তেওঁলোকে যদি তোমাক আক্ৰমণহে কৰে । তথাপিও তুমি তেওঁলোকক সহায় কৰিবা । পৃথিৱীক তোমাৰ সৰ্বশ্রেষ্ঠ অৱদান দিয়া । তোমাৰ কষ্ট হ’ব –তথাপিও পৃথিৱীখনক তোমাৰ সৰ্বশ্রেষ্ঠ অৱদান দি যোৱা ।
******** (আগলৈ ..)

No comments:
Post a Comment