Tuesday, 28 June 2016

ধাৰাবাহিক উপন্যাসৰ নৱম খণ্ড 22/5/16

ধাৰাবাহিক উপন্যাসৰ নৱম খণ্ড 22/5/16
 ooooooooooooooooooooooooooooooooooo 
পকেটত ভাইব্ৰেচন মুডত থোৱা চেলফোনটোৱে বহু সময় ধৰি তাক কুটকুটাই আছিল ৷ সেয়ে ফোনটো পকেটৰ পৰা টান মাৰি উলিয়াই আনি অন্যমনস্ক ভাবে চকু ফুৰালে । আৰে— তাৰ ফোনত চোন কেইবাটাও মিচ কল ! এটা অচিনাকী নম্বৰৰ পৰা তেৰটা মিচ কল দেখি কৰোঁ নকৰোঁকৈ সেইটো নম্বৰতে ফোন কৰিলে । সিফালৰ পৰা অচিনাকী মাত এটাই তাক সুধিলে –
: “ আপুনি ডাক্তৰ শ্যামকানু নেকি ?”
সি হয় বুলি কোৱাত সেই অচিনাকী মাতটোৱে পুনৰ ক'লে –
: “আপুনি কিছু সময় আগেয়ে পল্টন বজাৰলৈ যোৱা বাচত নিজৰ পইচাৰ বেগটো হেৰুৱাইছিল নেকি ?”
সি হয় বুলি চিঞৰি উঠিল । মানুহজনে তাক পুনৰ কলে –
: “মই পল্টন বজাৰ পুলিচ ষ্টেচনত আপোনাৰ বেগটো লৈ ৰৈ আছো – আপুনি অনুগ্রহ কৰি সোনকালে বেগটো লৈ যাওঁকহি । আৰু পোন্ধৰ মিনিটৰ পাছত মোৰ ট্রেইন আছে । আপুনি আহি নেপালে মই বেগটো পুলিচকে দিব লাগিব । ”
মানুহজনৰ কথা শুনি সিহঁত দুয়োটাই উকিয়াই উঠিছিল । সি সকলো পাহৰি ৰুলীক জোৰকৈ সাৱটি চুমা এটা খাই পেলাইছিল । সকলো মানুহৰ অবাক চাৱনিক অগ্রাহ্য কৰি দুয়োটাই হাতত ধৰি ধৰি দৌৰ মাৰি বাচ এখনত উঠিছিল । কিন্তু সেইদিনা বাচখনেও যেন সিহঁতৰ লগত খেলা কৰিবলৈ বিচাৰিছিল । কইনাৰ খোজেৰে বাচখন অলপ দূৰ আগবাঢ়ে আকৌ ৰৈ যায় । এনেদৰে পাঁচ মিনিট সময় পাৰ হৈ যোৱাত ৰুলীৰ কথা মতেই দুয়োটাই বাচৰ পৰা নামি পুনৰ দৌৰিবলৈ ধৰিলে – পল্টন বজাৰ পুলিচ স্টেচনলৈ । মানুহৰ ভিৰ ফালি দুয়োটাই দৌৰিছে । ৰুলী আগে আগে – সি তাইৰ পিছে পিছে আপ্রাণ দৌৰিছে । ইমান ভিৰতো সিহঁতি পৰস্পৰৰ হাত দুখন এৰি দিয়া নাছিল । শ্যামৰ চকুত আগত সৰগৰ তৰাৰ দৰে নাচি আছিল ৰুলীৰ ফুট ফুটিয়া ফ্রক , কান্ধৰ ওপৰেদি কেৰেচিয়াকৈ লোৱা হালধীয়া বেগটো , তাইৰ মৰাপাটৰ দৰে চুলিখিনি । তাৰ ভাব হৈছিল এনেকৈয়ে যেন সি দৌৰি থাকিব আজীৱন ৰুলীৰ পিছে পিছে । যিমান দৌৰিলেও তাৰ ভাগৰ নালাগিব ! অৱশেষত সি তাৰ পইচাৰ বেগটো ঘুৰাই পাইছিল । বুদ্ধৰ দৰে এজন ব্যক্তিয়ে নিজৰ কাম বন আওকাণ কৰি দুঘন্টা সময় তাৰবাবে বাট চাই ৰৈ আছিল । তাৰ হাতত পইচাৰ বেগটো দি মানুহজন দৌৰ মাৰিছিল নিজৰ ট্রেইন ধৰিবৰ বাবে । তাৰ পৰা টকা পইচা লোৱা দূৰৰ কথা ধন্যবাদ এটা লবৰ বাবেও মানুহজনৰ আহৰি নাছিল । অভিভূত হৈ পৰিছিল সি ! আজিৰ যুগতো যে এনে মানুহ থাকে – সি ভাবিবই পৰা নাছিল । ৰুলীয়ে তাক বিশ্বাস নিয়াইছিল – এয়া সকলো তাইৰ প্রাৰ্থনাৰ ফল । হনুমানে নিজে অৱতাৰ লৈ তাইক সহায় কৰিলে । সি সেইদিনাৰ পৰাই ৰুলীৰ কথাত বান্দৰৰ দৰেই নাচিবলৈও যেন মনে মনে সন্মত হৈ পৰিছিল !
গোটেই ৰাতি অনুজিত আৰু ৰুলীৰ কথা ভাবি ভাবিয়েই সি টোপনি গ’ল । ৰুলীৰ পৰা ফোন কল এটা আহিব আহিব বুলি সি ভাবি আছিল । টোপনিৰ পৰা চকা মকাকৈ সাৰ পায়েই সি ফোনটো চালে – নাই কোনো মিচ কল নাই । ঘড়ীটোলৈ চালে –পুৱা ছয় বাজিল । আনকালে পাঁচ বজাতে ৰুলীয়ে ফোন কৰি হুলস্থূল লগাই দিয়ে । কি হ’ল বাৰু তাইৰ ! আজিকালি ৰুলী যেন এজাক সেমেকা ৰ’দ হৈ পৰিছে । কথা বতৰাত আগৰ উৎসাহ , উচ্ছলতা নাই । সি ফোন কৰিলে হে তাই ফোন কৰে । তাইৰ লগৰ দুই একে তাইক সঘনে নতুন বন্ধু এজনৰ লগত দেখাৰ কথা কৈ থাকে । সি কিন্তু গুৰুত্ব দিয়া নাছিল । কিন্তু আজি কিয় জানো তাৰ মনটো হঠাৎ ৰিক্ত ভাব এটাই জোকাৰি গ’ল । সি লৰালৰিকৈ ৰুলীলৈ ফোন লগালে । বাজি বাজি শেষ হোৱাৰ আগতে ৰুলীয়ে ধৰিলে ফোনটো –
: “ অ’ শ্যাম , পালাহিয়েই নেকি ?” – হামি এটা মাৰি তাই টোপনিৰ জড়তা থকা মাত এটাৰে মাত লগালে ।
: “ আৰে মোৰ চানশ্বাইন জনী – এতিয়া লৈকে শুই আছা ! কিয় তোমাৰ গা বেয়া নেকি ? মই গৈ আছো ৰবা … !” শ্যামৰ চকুত অলপ অভিমান , দুখ আৰু শংকা স্পষ্টকৈ ফুটি উঠিছিল যদিও মুখেৰে সি স্বাভাৱিক হ’বলৈ আপ্রাণ চেষ্টা কৰিছিল ।
: “ অ নাই নাই নাই শ্যাম । মই একেবাৰে সুস্থ । কালি ৰাতি শোৱাত দেৰী হৈ গ’ল অ । এটা কথা শুনাচোন – তুমি আজি হোষ্টেললৈ আহিবলৈ নালাগে । মোৰ লগত বা আছেহি । তোমাক কৈছিলোৱেই বায়ে আমাৰ কথা জানিলে সকলোবোৰ খেলিমেলি কৰি দিব !”
: “ চানশ্বাইন , তুমি কিয় এনেকৈ কৈছা ! মই মাত্র তোমাক লগ কৰিবৰ কাৰণে ছয়ত্রিশ ঘণ্টাৰ ডিউটি একেলেথাৰিয়ে কৰি মাত্র দুদিনৰ বাবে আহিছোঁ !” – শ্যামৰ চকুৰ পৰা এজোলোকা চকুপানী বাগৰি আহিল !
: “ কি যে লৰা তুমি!! মই তোমাক জানো কৈছিলোঁ আহিবলৈ ? শুনাচোন আমি কাইলৈ লগ হ’ম – চাৰি বজাত চিচিডি দীঘলী পুখুৰীত হ’ব ?” ৰুলীয়ে তাক ক’লে । শ্যামে “নহ’ব” বুলি চিঞৰি ক’বলৈ বিচাৰোঁতেই ৰুলীয়ে ফোনটো কাটি দিলে । পুনৰ ফোনটো লগাবলৈ লৈ সি থমকি ৰ’ল । কি কৰিব সি ? কলৈ যাব ? নগাঁৱলৈ যাবগৈ নেকি ? নাই যোৱা মাহত সি দুবাৰ গুৱাহাটীলৈ অহাৰ বাবে আতাকে বহুত গালি পাৰিছিল । ইমান ঘনাই কিয় আহি থাকিব লাগে ? মা-মণিকে খং কৰিছিল বহুত । নাই সি নগাঁৱলৈ নাযায় । ইতিমধ্যে ষ্টেচনত সোমোৱা ট্রেইনখনৰ পৰা সি উদাস ভাবে নামি পৰিল । ভৰিত আনবাৰৰ দৰে চঞ্চলতা , চকুত তিৰবিৰণি নাই ! ষ্টেচনৰ পৰা অলপ আগলৈ খোজকাঢ়ি গৈ এখন সৰু চাহৰ দোকান এখনৰ ওচৰত ৰ’ল । কলৈ যাব সি ? এই চহৰৰ তাৰ প্রিয় স্থান চি চিডি দীঘলী পুখুৰীত অকলে ঘন্টাৰ পিছত ঘণ্টা সময় পাৰ কৰিব পাৰে । কিন্তু চিচিডি খুলিবলৈ এতিয়াও বহুত সময় আছে । দুপৰীয়া বাৰ বজাৰলৈকে সি কি কৰিব ? পুনৰ সি ভাবিলে – তাৰ লগৰ নীৰজৰ ওচৰলৈকে যাব । নহলে অনুজিতহঁতৰ ঘৰলৈকে যাব নেকি ? হঠাৎ তাৰ মনত পৰিল - মল্লিকালৈকে ফোন এটা কৰা যাওঁক । মল্লিকাৰ লগত কথা পাতি তাৰ মনটো বেচিহে বেয়া লাগিল ।
দোকানীজনে দিয়া চাহৰ গিলাচটোত খৰকৈ দুটা সোহা মাৰি গিলাচটো দলিয়াই দি নীৰজলৈ ফোন এটা কৰিলে । নীৰজ হাইস্কুলত তাৰ লগত একেলগে পঢ়িছিল । পঢ়া শুনাত সি বৰ এটা ভাল নাছিল । সদায় ক্লাচত প্রথম হোৱা শ্যামলৈ তাৰ অপাৰ শ্রদ্ধা আৰু বিস্ময় আছিল । শ্যামৰ সফলতাত সবাতোতকৈ সুখী হোৱা লৰাটো আছিল নীৰজ । শ্যামে মেডিকেলত চিট পোৱাৰ দিনা নীৰজে লগৰ সকলোকে মিঠাই বিলাইছিল। পূৰ্বপুৰুষ বিহাৰৰ যদিও নীৰজ সম্পূৰ্ণ অসমীয়া লৰা হৈ পৰিছিল । দুবাৰতো মেট্রিক পাচ কৰিব নোৱাৰি দেউতাকৰ দৈ আৰু মিঠাই ব্যৱসায়ত সহায় কৰিবলৈ লাগি গৈছিল । পঢ়া শুনাৰ দৰে ব্যৱসায়ত কিন্তু সি অসফল নহ’ল । দেউতাকৰ ব্যৱসায় ওপৰলৈ উঠাই সি এতিয়া গুৱাহাটীত নিজাকৈ এখন ল’জ খুলিছে। নীৰজৰ ল’জত থাকিলে শ্যামে ভাড়া দিৱ নালাগে – মানে নীৰজে ভুলতো শ্যামৰ পৰা ভাড়া নলয় । এই কাৰণেই শ্যামে নীৰজৰ ল’জত নাথাকে । আজি তাৰ উপায় নাইকীয়া অৱস্থা হৈছে । এখন বিচনাত তাৰ শৰীৰটো ধাচকৈ পেলাবলৈ মন গৈছে । কোনোবা এজন বন্ধুক সাৱটি ধৰি হুক হুককৈ কান্দিবলৈ মন গৈছে । তাৰ মাত শুনিয়েই নীৰজে বাইক ষ্টাৰ্ট কৰি তাক লৈ আনিবলৈ উদ্যত হ’ল । তাৰ ‘নাই’ , ‘নালাগে’ আদি একো কথাই সি শুনিবলৈ ৰাজী নহ’ল । (আগলৈ ...)

No comments:

Post a Comment