Tuesday, 28 June 2016

ধাৰাবাহিক উপন্যাসৰ ষষ্ঠ খণ্ড (13/5/16)


ধাৰাবাহিক উপন্যাসৰ ষষ্ঠ খণ্ড (13/5/16)
 00000000000000000000000000 
“আজিকালি ছোৱালীবোৰৰ গৰ্ভপাত কৰাৰ হাৰ বাঢ়িছে – সেই কাৰণে পি চি অ ডি বাঢ়িছে” ! শ্যামে যদি এনেদৰে কয় , তেনে অনুজিতে মৰিয়াই মৰিয়াই তাইৰ মুখৰ পৰাই আগৰ কথাবোৰ বাহিৰ উলিয়াব । তাই সন্মুখৰ ৱালত ওলমি থকা কৃষ্ণৰ আটাই কেইখন ফটোলৈ চাই মনতে এবাৰ সেৱা জনালে ।
: “ আজি কালি বেচি সংখ্যক ছোৱালীয়ে কেৱল জাংক ফুড মানে মেগী ,পিজ্জা, বাৰ্গাৰ এইবোৰ খায়েই জীৱন পাত কৰে । এইবোৰ খাদ্যই পি চি অ ডি ৰ সৃষ্টি কৰে । ৱেষ্টাৰ্ণ কান্ট্রিবোৰত ছোৱালীবোৰৰ এইটো সমস্যাই ৰাষ্ট্রীয় সমস্যাৰ ৰূপ লৈছে । তাত পি চি অ ডি ৰ ওপৰত গৱেষণাও বেচি । ” শ্যামে কৈ গ’ল ‘ “পি চি অ ডি আচলতে ধনী ছোৱালীৰ বেমাৰ ।”
: “ ঠিকেই কৈছা । আমাৰ এই গৰাকীও কম নাছিল তেনে ! এতিয়াও মেগী খায়েই ৰাতিটো পাৰ কৰিব বিচাৰে !” অনুজিতে অজন্তালৈ কেৰাহি কৈ চাই ক’লে ।
অনুজিতে শ্যামৰ আগত তাইৰ বিষয়ে এনেকৈ কোৱাত অজন্তাই বিশেষ লাজ নাপালে - সকাহহে পালে ।
শ্যামলৈ অনুজিতৰ মাকৰ বৰ মৰম । পুতেক বোৱাৰীয়েকৰ বাবে অনা চিৰা , সান্দহৰ টোপোলাটোৰ সদ ব্যৱহাৰ শ্যামেহে কৰে । শ্যামেও ‘আইতা’ “আইতা” কৰি শাহুৱেকৰ পিছে পিছে ঘূৰি ফুৰে। অজন্তাৰ বৰ খং উঠে ।

সেইবাৰ ছয়টা দামী দামী ইনজেকচন লোৱাৰ পিছতো অজন্তাৰ শৰীৰত স্থিতি লোৱা অকণমানি প্রাণটো ডাঙৰ নহ’ল বৰঞ্চ সিহঁত দুয়োটাৰে শৰীৰ , মন সকলোতে প্রচণ্ড ঘাঁ লগাই এটুপি তেজ হৈ গলি ওলাই গ’ল !
অনুজিত উন্মাদ হৈ পৰিছিল । বেৰত ওলমাই থোৱা কৃষ্ণৰ ফটোবোৰ এখন এখনকৈ দলিয়াই পেলাইছিল । মাকে মানা কৰাত জোৰেৰে ঠেলা মাৰি আঁতৰাই পঠিয়াইছিল । দুৰ্বল বুঢ়ী মানুহগৰাকী কোনোমতেহে মুখ থেকেচা খাই নপৰাকৈ থাকিল! অজন্তাই ভয়তে ওচৰতে থকা দেওৰেকৰ ঘৰলৈ ঢাপলি মেলিছিল ।
দেওৰেকে নতুনকৈ বিয়া কৰাইছিল । দেওৰেকৰ নতুন কইনা মিলিলৈ অজন্তাৰ অহেতুক আক্রোশ এটা আছিল । তাইৰ সমান ধুনীয়া নহয় যদিও কইনাজনীৰ মুখত এটা কোমলতা আছে । বুকুখনত যেন মাতৃৰ মমত্বৰে ভৰি আছে – এনে লাগে তাইৰ । এইজনী ছোৱালী চকুৰ আগত তাইতকৈ আগেয়ে মাক হ’লে অনুজিতে তাইক কি কৰিব ভাবি নাপায় ! এৰা তায়োতো মাক হ’লহেঁতেন ! হেমন্তৰ সন্তানৰ মাক ! আজি তাইৰ সিদিনা হাঁহি হাঁহি মাৰি পেলোৱা হেমন্তৰ বীৰ্যৰে তাইৰ কোষত গঢ় লোৱা সন্তানটোলৈ মনত পৰি দুটোপাল তপত চকুপানী সৰি পৰিল ! মিলিয়ে সহানুভূতিৰে তাইক সাৱটি ধৰিলে । কিন্তু অজন্তাই মিলিক সাৱটি কন্দাৰ পৰিবৰ্তে ওলোটাই কঠোৰ ভাবে প্রশ্ন কৰিলে –
: “সিদিনা তুমি মোক খাবলৈ দিয়া মাছৰ আঞ্জাখিনিত কি মিলাই দিছিলা ? তুমি পঠিয়াই দিয়া বস্তু খায়েই মোৰ এই অৱস্থা হ’ল !!”
মিলি হতভম্ব হ’ল । কি কথা কয় এই মানুহগৰাকীয়ে ! যি গৰাকী নাৰীৰ দুখ আৰু চকুপানীৰ লগত তাই একাকাৰ হব খুজিছিল –সেই গৰাকী নাৰীয়েই তাইক ইমান ডাঙৰ মিছা অপবাদ এটা সানি দিছে । মিলি মনে মনে আনৰ অপবাদ শুনি বহি থকা ছোৱালী নহয় । তায়ো অজন্তাক টানকৈ কিবা কিবি ক’বলৈ ধৰিলে । শ্যাম সেইদিনা মিলিহঁতৰ ঘৰতে আছিল । সি কোনোমতে দুয়োজনী মহিলাৰ মাজত হস্তক্ষেপ কৰি পৰিস্থিতি সহজ কৰি তুলিলে । অজন্তাই এইটো ছেগতে শ্যামৰ বুকুৰ মাজত সোমাই হিয়ালি জিয়ালি কৈ কান্দিলে । মিলিৰ কিন্তু অজন্তাৰ এই কান্দোন ভেকো ভাওনা যেনহে লাগিল । অজন্তাই কেতিয়াও কোনো শিশুকে মৰম কৰি পোৱা নাই – একোলা লোৱা দূৰৰ কথা ।
মিলিৰ অনুৰোধতে শ্যামে তাইক অনুজিতৰ ওচৰলৈ লৈ গ’ল । অনুজিতে শ্যামক দেখিয়েই চিঞৰ মাৰি উঠিল –
: “ আৰে ডাক্তৰ চাহাব ! আহক আহক – মোৰ বৰবাদি চেলিব্রেট কৰোঁ আহক !” দিনতে মদ খাই অনুজিত মাতাল হৈ আছে । শ্যামে কিবা এষাৰ কোৱাৰ আগতে সি মাত লগালে –
: “এইবোৰ চব বেপাৰী । ফালি পেলোৱা তোমালোকৰ ডাক্তৰী কিতাপ পত্র ! এনেই মানুহক ঠগিবৰ বাবেহে এইবোৰ কিতাপ পত্র । একো কৰিব নোৱাৰা তোমালোকে !”
: “ ডাক্তৰবোৰো মানুহহে দাদা । ভগবান নহয় …” শ্যামে সৰুকে মাত লগাওতেই অনুজিতে পুনৰ গৰ্জি উঠিল –
: “ডাক্তৰবোৰ মানুহ নহয় – পিশাচ ! আৰু ভগবান –নাম নল’বা মোৰ আগত সেই কণাটোৰ !!”
শ্যামে এইবাৰ একো নকৈ মনে মনে থাকিল । কিছু সময়ৰ পিছত অনুজিতে পুনৰ ক’লে –
: “শ্যাম , কোৱাচোন আছেনে এনে কোনোবা ডাক্তৰ যি সঁচাকৈ চিকিৎসা কৰিব পাৰে – এই ‘পি চি অ ডি’ নে কি বোৰৰ !”
‘পি চি অ ডি’ – এই শব্দটো কৈ অজন্তালৈ কট মটকৈ চালে সি । তাই ভয়তে কুচি মুচি হৈ পৰিল । মদ খাবলৈ ল’লে যেতিয়া তাইৰ ওপৰত সামান্য অজুহাততে মাৰ কিলো পৰিব । ক’ৰ পৰানো কি হৈ যায় – ভাবি নাপায় তাই !
: “দাদা, বৌৰ বডিটোৱে ফিটাচ ৰিজেকচন কৰি আছে । আপোনালোকে অলপ সময় বাট চাওক । বৌৰ বডিটোক এডজাষ্ট হ’বলৈ দিয়ক । তাৰ পিছত ট্রিটমেন্ট কৰি লাহে ধীৰে আগবাঢ়ক ।”
: “ফাল্টু কথা নকবা । আমাতকৈ পিছত বিয়া কৰোৱা ভাইটোৰে লৰা ছোৱালী হ’বৰ হ’ল । বয়সো ৰৈ নাথাকে নহয় … ”- অনুজিতে গেঙেৰী মাৰি ক’লে ।
শ্যামৰ হঠাৎ মন গ’ল তাৰ মাক অৰুণিমাই দিয়া দৰ্শনৰ জ্ঞান অলপমান অনুজিতক দিবৰ বাবে । সি ক’লে –
: “দাদা, এই পৃথিৱীত কিমানবোৰ অনাথ ল'ৰা ছেৱালী আছে ..সিহঁতৰ এটাকে তুলি তালি ললেও চোন আপোনাৰ পিতৃ হোৱাৰ ইচ্ছা পূৰ্ণ হ’ব !”
অনুজিত জাঙুৰ খাই উঠিল –
: “পাগল হৈছা নেকি তুমি ? ক’ৰ অনুজিত চলিহা আৰু ক’ৰ কেও কিছু নথকা , তেজ মঙহৰ পৰিচয় নোহোৱা অনাথ লৰা এটা ! মোৰ তেজ, মঙহ , মোৰ জিন, মোৰ ক্রমজম নহলে এই পৃথিৱীত মোৰ অস্তিত্ব ক’ত থাকিব !!!”
: “It is the heart that is important অনুজিত দাদা !”- শ্যামেও হাৰ নামানিলে । কি ঠিক মাকে সদায় কৈ থকা বাক্য শাৰীয়ে যদি কেনেবাকৈ অনুজিতৰ দৰে বৰ্বৰ, নিষ্ঠুৰ ব্যক্তি এজনৰ চিন্তাধাৰা সলাই দিয়ে !
শ্যামলৈ অলপ খঙেৰে চাই মুখেৰে কিবা এটা ভুৰভুৰ কৰি অনুজিত ওলাই গ’ল ৰুমৰ পৰা । আইতাকক সেৱা এটা কৰি শ্যামো গুচি আহিল সিহঁতৰ ঘৰৰ পৰা । আজি তাৰ ৰুলীৰ লগত দীঘলী পুখুৰীৰ পাৰত থকা Café Coffee Day ত বহি কফি খোৱাৰ কথা আছে । (আগলৈ ....)

No comments:

Post a Comment