Tuesday, 28 June 2016

ধাৰাবাহিক উপন্যাসৰ সপ্তম খণ্ড (15/5/16)

ধাৰাবাহিক উপন্যাসৰ সপ্তম খণ্ড (15/5/16)
 ooooooooooooooooooooookooooooolooনবজাবি বাঁহী শ্যাম ……
সন্ধ্যা ৭:৩০ বজাত চাৰ্জিকেল ইউনিট ৬ ৰ ডিউটি সামৰি লৰালৰিকৈ কাপোৰ কেইটা বেগত ভৰাই মন্তোষক খাতিৰ কৰিলে শ্যামে ষ্টেচনত নমাই থৈ আহিবলৈ । ট্রেইন আছে ৰাতি ৮:৩০ বজাত । কেনেবাকৈ ট্রেইনখন ধৰিব নোৱাৰিলে সি পুনৰ এটা সপ্তাহ ৰৈ যাব লাগিব তাৰ প্রেয়সী ৰুলীক দেখা পাবলৈ । নাই , তাৰ সিমান ধৈৰ্য নাই । এটা সপ্তাহ কিয় – এটা মিনিট সময় ৰ’বলৈও তাৰ মনটো সৈমান নহয় । পাৰিলে যেন এই ইন্টাৰ্নশ্বিপ – পঢ়া শুনা সকলো বাদ দি খেতি বাতিত ধৰিব আৰু ৰুলীক বিয়া কৰাই চিৰদিন তাইৰ মুখখন হেঁপাহ পলুৱাই চাই থাকিব ! কিন্তু নোৱাৰে সি এনে কৰিব । কাৰণ ৰুলীয়ে সপোনতো খেতি কৰা লৰা এটাক বিয়া কৰোৱাৰ কথা ভাবিব নোৱাৰে । আৰু সিও খন্তেকীয়া আবেগিক মূহূৰ্তত পঢ়া শুনা এৰাৰ কথা ভাবিলেও –চিকিৎসক হৈ মানুহৰ জীৱনটো যন্ত্রণামুক্ত কৰাৰ সপোনটো কেতিয়াও হেৰুৱাব নোখোজে । সেইটো সপোন হেৰাই গলে – সিও হেৰাই যাব ! ডিব্রুগড়ৰ পুৰণা ৰেল ষ্টেচনটোত মন্তোষৰ বাইকৰ পৰা হুৰমুৰকৈ নামি আহিল শ্যাম ।
: “ ভালকৈ যাবি দোস্ত ! ‘ভাবিজী’ক লগ কৰাৰ আনন্দত নিজৰ কাম ধাণ্ডাৰ কথা পাহৰি নাযাবি । সোনকালে ঘুৰি আহিবি ।”
শ্যামে লাজ লাজ ভাবেৰে মন্তোষৰ পিঠিত ঢকা এটা মাৰি ক’লে :
“ তোৰ ভাবিজীয়ে মোক কাম ধাণ্ডা পাহৰিবলৈ নিদিয়ে । চিন্তা নকৰিবি । দুদিন থাকিয়েই মই ঘুৰি আহিম ।”
ৰৈ থকা ট্রেইনখনে শেষ উকিটো মাৰিলে । মন্তোষে থেলা মাৰি শ্যামক ডবাটোত উঠাই দিলে ।
একেবাৰে ওপৰৰ বাৰ্থত তাৰ চিটটো । ট্রেইনৰ ওপৰৰ বাৰ্থটোত দূৰৰ কথা মাজৰ বাৰ্থটোত শুই যাবলৈও তাৰ ভাল নালাগে । মূৰটো ঘুৰায় । কিন্তু ৰুলীৰ কাৰণে সি সকলো কৰিব পাৰে । গোটেই ৰাতি সি হয়তো ট্রেইনত থিয় হৈ যাব পাৰিব । বেগটো ওপৰৰ বাৰ্থটোলৈ দলিয়াই জোতাযোৰ খুলি ওপৰলৈ উঠিবলৈ লওঁতেই ফোনটো বাজি উঠিল । ৰুলীৰ ফোন হয়তো । মনটো তাৰ আনন্দত নাচি উঠিল । পকেটৰ ভিতৰৰ পৰা ফোনটো উলিয়াই চালে । ৰুলি নহয়চোন ! অনুজিত দাদাৰ ফোন ! কি বা হ’ল ! অজন্তা বৌৰ এইবাৰো কিবা অঘটন হ’ল নেকি ?? লৰালৰিকৈ ফোনটো কাণৰ ওচৰলৈ আনি সি ক’লে ,
: “ অ’ অনুজিত দাদা, …” মুখখন সি ভালদৰে মেলিবলৈ নাপাওতেই অনুজিতৰ অস্থিৰ আৰু ক্রোধিত স্বৰ তাৰ কাণত ভাহি উঠিল ।
: “ ভাইটি, মই শেষ হৈ গ’লো ...বৰবাদ হৈ গ’ল মোৰ জীৱন । ... কি কৰিম মই এই কুকুৰৰ পোৱালীটোক ? চাল্লা সি ডাক্তৰি পঢ়িবলৈ আহে । পি চি অ ডি মোক বুজাবলৈ আহে .. কাটি দুটুকুৰা কৰি দিম মই তাক !!”
অনুজিতে অসংলগ্ন ভাবে কথাবোৰ কলেও শ্যামে লগে লগে কি ঘটনা ঘটিছে বুজি পালে ।
: “অনুজিত দাদা …”
কিবা ক’বলৈ লোৱাৰ আগতেই অনুজিতে পৃথিৱীৰ সমস্ত ডাক্তৰৰ ওপৰত থকা তাৰ বিৰক্তি, অভিযোগ শ্যামৰ ওপৰত উজাৰি গ’ল ! যেন সেই সকলোবোৰ ডাক্তৰৰ কৰ্ম কাণ্ডৰ বাবে শ্যামেই পৰোক্ষ ভাবে জগৰীয়া । ডাক্তৰৰ দোষ মানে শ্যামৰ দোষ । অৱশ্যে ডাক্তৰৰ গুণ মানে শ্যামৰ গুণ নহবও পাৰে !
: “ বুজিছা শ্যাম, ডাক্টৰ হলে এনেকুৱা ডাক্টৰ হবা । এয়াহে ডাক্টৰ !” – অজন্তাৰ দ্বিতীয়বাৰৰ কৃত্রিম গৰ্ভধাৰণৰ বাবে হোৱা প্রচেষ্টাত সফলতাৰ মুখ দেখোঁতে অনুজিতে কৈছিল । প্রতিদিনে পাঁচ, ছয় পেগ মদ খোৱা অনুজিতে মদ খাবলৈ এৰি দিছিল । ঘৰখনৰ প্রতিটো ৰূমৰ বেৰত শিশু কৃষ্ণ আৰু বহুতো ভগৱানৰ ফটোৰ আবিৰ্ভাব হৈছিল । ৰাতিপুৱা বোৱাৰী পুৱাতে গা ধুই ধুতী পিন্ধি প্রতিখন ভগবানৰ ফটোৰ সন্মুখত ধূপ ধূনা জ্বলাই সেৱা কৰা অনুজিতক দেখিলে মাখি এটাও মাৰিব নজনা নিমাখিত প্রাণী যেন লাগে । এইটো অনুজিত যে এসময়ত এক ‘দুধৰ্ষ দেশপ্রেমিক’ আছিল – হত্যা আৰু সন্ত্রাস যিকোনো প্রকাৰে নিজৰ বাবে এখন স্বাধীন দেশৰ সৃষ্টি কৰিবলৈ বিচাৰিছিল, সেই কথা বিশ্বাস কৰিবলৈও কঠিণ লাগে ।
শ্যামৰ কথাক গুৰুত্ব নিদি তৃতীয়বাৰো বৰ লৰালৰিকৈ আন এজন বিখ্যাত স্ত্রীৰোগ বিশেষজ্ঞৰ ওচৰলৈ দৌৰ মাৰিছিল অনুজিত । আগৰ ৰিপৰ্ট আৰু অনুজিতৰ ব্যৱহাৰ দেখিয়েই ডা: ডোগ্গল নামৰ চতুৰ ডাক্তৰজনে নিজৰ কৰ্ম পদ্ধতি ঠিক কৰি লৈছিল । তেওঁ অনুজিতৰ টকাৰ পাহাৰটো ঢাহি মুহি খহাব পৰাকৈ নানাবিধৰ আৰু পৰীক্ষা নিৰীক্ষা কৰিলে । অৱশেষত তেওঁ কৃত্রিম ভাবে অজন্তাৰ গৰ্ভত অনুজিতৰ বীৰ্য সোমোৱাই অজন্তাক গৰ্ভৱতী কৰাৰ সিদ্ধান্ত ল’লে । সেই সময়ত অনুজিতে ফোন কৰি শ্যামৰ পৰামৰ্শ বিচাৰিছিল । শ্যামেনো কি ক’ব । সি এটা সৰু আৰু অনভিজ্ঞ ডাক্তৰ । MBBS পাছ কৰি এবছৰ ইনটাৰ্নশ্বিপ কৰি শেষ কৰিছেহে । তাৰোপৰি শ্যামৰ পৰামৰ্শ অনুজিতে যে নামানে , সেই কথাও সি জানে । কেৱল জনাব লাগে বাবেই বা পিছত কিবা এটা গণ্ডগোল হলে দোষাৰোপ কৰিবলৈ কাৰোবাক লাগে বাবেই শ্যামক কথাবোৰ সুধিলে ।
: “দাদা , ডা: ডোগ্গল অভিজ্ঞ মানুহ । তেওঁ নিশ্চয় আপোনালোকক সঠিক পৰামৰ্শই দিছে । আগবাঢ়ক আপোনালোক । মোৰ শুভকামনা থাকিল ।” – শ্যামে কৈছিল ।
: “চাবা , এইবাৰ কিবা গণ্ডগোল হ’লে মই ডাক্তৰক গুলীয়াই দিম । জেলত যাব লগীয়া হলেও যাম ।”-
অনুজিত যিমানহে বৰ্বৰ ,সি সঁচাকৈয়ে ডাক্তৰক গুলীয়াই দিব - শ্যামে ভাবিলে । তাৰ মনত পৰিল এবাৰ অনুজিতে কাজিৰঙাৰ পৰা পিকনিক খাই আহোঁতে ৰাস্তাত শুই থকা দুজন মগনীয়াৰ ওপৰদি গাড়ী চলাই দিছিল ।
: “ মাছৰ পেটুৰ দৰে পেৰেককৈ মানুহ কেইটাৰ পেটৰ নাড়ী ভুৰু ওলাই আহিছিল !” –বৰ গৌৰৱেৰে অনুজিতে শ্যামক কৈছিল । শ্যাম শিয়ঁৰি উঠিছিল । মাক অৰুণিমাক এই কথা ক’ব নে নক’ব সি ভাবি পোৱা নাছিল । সি জানে অনুজিতৰ কথা ক’লে মাকে তাক অনুজিতৰ সুমতি হ’বৰ বাবে প্রাৰ্থনা কৰিবলৈ ক’ব । লগতে তাক অনুজিতৰ দৰে মানুহক সহায় নকৰিবলৈও দঢাই দঢাই ক’ব । কিন্তু সি যে অনুজিতহঁতক কি পৰিস্থিতিত সহায় কৰিবলৈ বাধ্যত পৰে কেনেকৈ মাক অৰুণিমাক বুজাব !! (আগলৈ ....)

No comments:

Post a Comment