Tuesday, 28 June 2016

ধাৰাবাহিক উপন্যাসৰ দ্বিতীয় অধ্যায়

ধাৰাবাহিক উপন্যাসৰ দ্বিতীয় অধ্যায় 
১ 
বুদ্ধং শৰণং গচ্ছামি oooooooooooooooooooooooooo
: “ অই তই ‘কিডনি থিয়ৰী’ জান নে ?” – কান্দি থকা শ্যামক তাৰ চিনিয়ৰ ৰুমমেট তৰুণে সুধিলে । ঢুলঢুলীয়া চকুৰে শ্যামে তৰুণলৈ চালে । মুখত নিৰ্দোষ, নিস্পাপ শিশুৰ সৰলতাখিনি লৈ সি ক’লে –
: “ কি ‘কিডনি থিয়ৰী’ তৰুণদা? মইচোন একো নাজানো ! কোনখন কিতাপত আছে – কোনে পঢ়াইছিল ??”
: “ সেই কাৰণে কন্দা কটা কৰি থাকিব নালাগে । কন্দা কটা কৰি থাকিলে মানুহে বহুবোৰ দৰকাৰি কথা পাহৰি যায় ”- তৰুণে হাঁহি হাঁহি ক’লে ।
শ্যাম পঢ়া শুনাত সদায় সজাগ । যিমান দুখৰ মাজত থাকিলেও পঢ়া কিতাপ এখন হাতত ল’ব পালে তাৰ উশাহ পোৱাৰ দৰে লাগে । কিতাপৰ যোগেদি উশাহ ল’ব পৰা এক অদ্ভূদ ক্ষমতা আছে শ্যামৰ । চকুৰে ধাৰাসাৰ পানী ওলাই থাকিলেও, বুকুখন ফাটি চিটি গলেও হাতত কিতাপ এখন লৈ পঢ়ি যাব পাৰে । কিতাপৰ প্রতিটো শব্দই যেন শ্যামক জীৱন দিয়ে । তাৰ উশাহ আৰু নিশাহবোৰ এই শব্দবোৰৰ লগত বন্ধা আছে । বেছি উশাহ ল’বলৈ হ’লে ,বেচি শব্দৰ লগত মিতিৰালি পাতিবলৈ লাগিব । এতিয়া কিডনি থিয়ৰীৰ কথা নজনাৰ বাবে তাৰ আকৌ উশাহবোৰ চুটি হৈ যোৱাৰ দৰে লাগিল ।
: “তোৰ যদি আজি দুয়োটা কিডনি বেয়া হৈ যায় –এপলক সময়ো চিন্তা নকৰাকৈ কোনে তোক নিজৰ এটা কিডনী দিবলৈ দৌৰ মাৰিব । কেতিয়াবা ভাবিছনে ?” তৰুণে ক’লে ।
সঁচাই সি সেই কথা কেতিয়াও নাই ভবা । কিন্তু সি নিজে জানে যে তাৰ মাক দুজনী আৰু ভনীয়েকৰ বাবে সি এপলকো সময় খৰচ নকৰাকৈ নিজৰ এটা কিয় – দুয়োটা কিডনী দান দিব পাৰিব !!
: “ শুন, এজন ডাক্তৰ হিচাপে তইতো ভালদৰে জান- আমাৰ জীৱন ধাৰণৰ বাবে কিডনী এটাৰ কিমান প্রয়োজন । যকৃত, হৃদপিণ্ড এইবোৰৰ কাম যদি অলপ সময়ৰ কাৰণে বন্ধ হৈ যায় মানুহ নমৰে ; যকৃত, হৃদপিণ্ড বেয়া হলেও তাৰ বেয়া হোৱা অংশ কাটি ঠিক কৰিব পাৰি । কিন্তু কিডনী - একেবাৰে merciless organ । অলপ বেয়া হ’ল মানে জীৱন খতম ! হয় তই মৰিবি , নহয় তই বেলেগৰ কিডনি এটা লগাবি !”
: “ ঠিকেই কৈছে । এতিয়া আপুনি মোক কিডনী থিয়ৰীনো কি বস্তু কওঁকচোন !” শ্যামে তৰুণৰ কথাত অধৈৰ্য হৈ ক’লে ।
: “ শুন, আমেৰিকাত এটা কনচেপ্ট আছে _ তোৰ যদি দুয়োটা কিডনি হঠাৎ বেয়া হৈ যায় – আৰু এটা কিডনিৰ প্রয়োজন হয় – তেতিয়া যি এবাৰো প্রশ্ন নকৰাকৈ তোৰবাবে নিজৰ কিডনী এটা দিবলৈ দৌৰ মাৰি আহিব –সেই মানুহহে তোৰ প্রকৃত শুভকাংখী । আৰু আমি যদি কেতিয়াবা কাৰোবাৰ কাৰণে চকুপানী খৰচ কৰিব লগীয়া হয় – সেইজন প্রকৃত শুভকাংখীৰ বাবেহে কৰিব লাগে । এয়াই কিডনি থিয়ৰী !”
শ্যামৰ মগজুত তেতিয়া কিডনি থিয়ৰীয়েও কাম কৰা নাছিল । হৃদয় আৰু মগজুৰ যুদ্ধত সি ক্লান্ত হৈ পৰিছিল । দিবনে বাৰু তাই তাৰ বাবে এটা কিডনি ? নাই , তাই নিজকে খুব ভালপায় । তাৰ বাবে কিডনি দিবলৈ তাইৰ সাহস, সদিচ্ছা একোৱেই নহ’ব । অলপমান মৰম আৰু বিশ্বাস দিব নোৱাৰিলে – কিডনি ক’ত দিব ! কিন্তু তথাপিও সি তাইৰ বাবে কিয় ইমান কান্দিছে ??
: “ অস এই ল’ৰাটোৱে এতিয়াও কান্দি আছে ! কিমান কান্দে আৰু !!!” – বকি বকি সিহঁতৰ বাবে ভাত ৰন্ধা লাৱণ্য বাইদেউ সোমাই আহিল ।
: “পাখৰী ছোৱালী ! ইমান ভাল ল’ৰাটোক এনেকৈ ঠগি কি পাইছে তাই । মৰিব তাই – মই শাওঁ দিছো –মৰক তাই… !”
শ্যামৰ বুকুত যেন কোনোৱাই পাথৰহে দলিয়ালে । সি জাপ মাৰি উঠি লাৱণ্যৰ হাতত ধৰি ক’লে -: “বাইদেউ, আপুনি মোক যিমান গালি পাৰে পাৰক । মই এনেকুৱা এজনী ছোৱালীক ভালপোৱা বাবে চৰিয়াই দিয়ক – কিন্তু ৰুলীক শাওঁ নিদিব বাইদেউ । মই নিবিচাৰোঁ তাই জীৱনত দুখ পাওঁক! প্লিজ বাইদেউ !!”
লাৱণ্যই অবাক হৈ চাই থাকিল শ্যামলৈ । কি ল’ৰা বাৰু এইটো ! তাই আজিলৈকে কিমান ল’ৰা দেখিলে । প্রেমিকাৰ বিশ্বাসঘাটকতা সহ্য কৰিব নোৱাৰি কান্দি কাটি মদ খাই পৰি থাকে । এটা সময়ত প্রাণ ভৰি ভালপোৱা ছোৱালীজনীক অবাইচ মাতেৰে গালি পাৰে – কিন্তু এইটো ল’ৰা শ্যাম কি ধাতুৰে গঢ়া বাৰু ? দুখৰ জুইত জ্বলি জ্বলি মৰিছে – কিন্তু নিজে ভালপোৱা ছোৱালীজনীৰ বিষয়ে এটাও বেয়া শব্দ কোৱা নাই ! শ্যামক বিশ্বাসঘাটকতা কৰা সেই ছোৱালীজনী কি যে মুৰ্খ আৰু দুৰ্ভগীয়া !
( আগলৈ …)

No comments:

Post a Comment